Browsing Category
অসম
তেজপুৰ কন্যা মহাবিদ্যালয়ত ‘অচিন গ্ৰন্থৰ সহচৰ্য’ শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠান সম্পন্ন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৪ ফেব্ৰুৱাৰী : নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ পৰিবেশ সৃষ্টিৰ মানসেৰে তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত আজি 'অচিন গ্ৰন্থৰ সহচৰ্য ' ব্লাইণ্ড ডেট উইথ বুক' শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচী সম্পন্ন হয়।এই ব্যতিক্ৰমী কাৰ্যসূচীত ছাত্ৰীসকলক ৰোমাঞ্চকৰ সময় অতিবাহিত কৰিবলৈ যায় এখন ৰহস্যমূলক কিতাপ লৈ যিখন কাগজত মেৰিয়াই থোৱা থাকে যাতে সেই শিৰোনামটোৰ লগতে কিতাপখনৰ লেখকজনো দৃষ্টিগোচৰ নোহোৱাকে থাকে ৷ কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৃষ্টিশীলভাবে পঢ়াৰ…
“কড়োৱা চচ” অহা ১৬, ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত পশ্চিমবংগৰ গোবৰডাংগাত মঞ্চস্থ হব
শতাব্দ, লক্ষীমপুৰ, ১৪ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ ফুলবাৰীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ নাট্য গোষ্ঠীৰ হিন্দী নাটক “কড়োৱা চচ” অহা অহা ১৬, ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত পশ্চিমবংগৰ গোবৰডাংগাৰ ৰবীন্দ্ৰ নাট্য সংস্থা, খাটুৱা চিত্ৰপট নাট্য গোষ্ঠী আৰু খাটুৱা শিল্পাঞ্জলী নাট্য দলে আয়োজন কৰা ৰাষ্ট্ৰীয় নাট সমাৰোহ,২০২৩ত মঞ্চস্থৰ বাবে নিমন্ত্ৰণ জনাইছে৷ এই ৰাষ্ট্ৰীয় নাট মহোৎসৱ কেইটিত মঞ্চস্থৰ বাবে নিমন্ত্ৰণ লাভ কৰা হিন্দী নাটকখনৰ পৰিচালনা দয়াল কৃষ্ণ নাথৰ, ৰচনা কুশল ডেকাৰ৷ নাটকৰ হিন্দী ৰূপান্তৰ ৰবি বার্মাৰ৷ ভাওনাৰ ফুচুৰি শিল্পীৰ লগতে ভাৰতৰ লোক নাটকৰ…
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত পৰ্যটন বিষয়ক আলোচনা
উত্তৰ লখিমপুৰ, ১৪ ফেব্ৰুৱাৰীঃ লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত পৰ্যটন উদ্যোগত আজি নিয়োগৰ সম্ভাৱনাৰ ওপৰত এক দিনজোৰা আলোচনা চক্ৰ অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ যুৱ টুৰিজিম ক্লাৱৰ উদ্যোগত আৰু উত্তৰ লখিমপুৰৰ চেণ্টাৰ ফৰ টুৰিজিম ষ্টাডিজৰ সহযোগত এই আলোচনা চক্ৰৰ আয়োজন কৰা হয়। আলোচনা চক্ৰখন উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই। আলোচনা চক্ৰৰ উদ্দেশ্য ব্যাখ্যা কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ যুৱ টুৰিজিম ক্লাৱৰ সমন্বয়ক অধ্যাপক অনিৰ্বাণ পাটগিৰীয়ে। চেণ্টাৰ ফৰ টুৰিজিম ষ্টাডিজৰ পৰা জাকিৰ হুছেইনে সমল ব্যক্তি হিচাপে…
পূৱ তেলাহীত হিতাধিকাৰীক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল যোগানত ঠিকাদাৰৰ হেমাহী
এজেণ্টে এতিয়াও কৰ্তন কৰে হিতাধিকাৰীৰ চাউল
বুঢ়া চাপৰিৰ প্ৰথম দিনা উচ্ছেদত ৬৯১ টা ঘৰ উচ্ছেদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ১৪ ফেব্ৰুৱাৰী : আজিৰে পৰা আৰম্ভ হৈছে প্ৰশাসনীয় ভাবে শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ ৰাজহ চক্ৰ অন্তৰ্গত তথা নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ বুঢ়া চাপৰি বন্য প্ৰাণী অভয়াৰণ্যত উচ্ছেদ অভিযান। আজি চলা এই উচ্ছেদ অভিযানত বন্যপ্ৰাণী অভয়াৰণ্যখনৰ মুঠ ৬৮২হেক্টৰ অৰ্থাৎ ৫১৩০বিঘা ভূমি বেদখল মুক্ত কৰা হয়৷ ইয়াৰে ভিতৰত লংকে টাপুত ৬৩০হেক্টৰ বনভূমি বেদখলমুক্ত কৰা হয়৷ ইয়াত ৫৬৩ঘৰ আৰু ২৪৪৪জন বেদখলকাৰীক উচ্ছেদ কৰা হয়৷ আনহাতে,বেটনিত ৭৬টা পৰিয়ালৰ ৩০৪জনক আৰু কমলাগড়ত চলোৱা উচ্ছেদ অভিযানত মুঠ ছয়শ ৫২হেক্টৰ ভূমি বেদখলমুক্ত কৰা…
দীৰ্ঘদিনীয়া অচলাৱস্থাৰ অন্তত পুনৰ গঠন তিনিচুকীয়া পৌৰসভা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ ফেব্ৰুৱাৰী : দীৰ্ঘদিনীয়া অচলাৱস্থাৰ অন্তত আজি ৪৮ দিনৰ মূৰত পুনৰ গঠন হ’ল তিনিচুকীয়া পৌৰসভা ৷ উল্লেখ্য যে বিগত বৰ্ষৰ এপ্ৰিল মাহত জয়ন্ত বৰুৱাক পৌৰপতি আৰু নৱনীতা আগৰৱালক উপ-পৌৰপতি হিচাপে লৈ গঠিত হৈছিল তিনিচুকীয়া পৌৰসভা ৷ কিন্তু দিন বাগৰাৰ ল’গে ল’গে ৰাজনৈতিক হস্তক্ষেপ আৰু ক্ষমতাকেন্দ্ৰিক যুঁজত পৌৰসভাৰ কামকাজ স্থবিৰ হৈ পৰে ৷ নিকা ভাৱমূৰ্তিৰ পৌৰপতি জয়ন্ত বৰুৱাই তিনিচুকীয়াৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণৰ কথামতে উঠা বহা নকৰাৰ বাবেই তেওঁক আঁতৰাই নিজৰ পচন্দৰ মানুহক পৌৰপতিৰ চকীত বহুৱাৰ বাবে মন্ত্ৰী…
আলি-আয়ে-লৃগাংঃ ১৫ ফেব্ৰুৱাৰীত লখিমপুৰ জিলাত স্থানীয় বন্ধ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ ফেব্ৰুৱাৰী: মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং উপলক্ষে লখিমপুৰ জিলা দণ্ডাধীশে ১৫ ফেব্ৰুৱাৰীৰ দিনা জিলাখনত স্হানীয় বন্ধৰ দিন ঘোষণা কৰিছে৷ এই সম্পৰ্কত জাৰী কৰা নিৰ্দেশ অনুযায়ী উক্ত দিনটোত আলি-আয়ে-লৃগাং উপলক্ষে জিলাখনৰ সকলো চৰকাৰী, অৰ্দ্ধ-চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বেংক সমূহ বন্ধ থাকিব।
ৰাজ্যৰ দশমখন কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ পাঠদানৰ অনুমোদন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ ফেব্ৰুৱাৰী : চলিত বৰ্ষৰ পৰাই ৰাজ্যৰ দশমখন চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম মুকলিত অনুমোদন জনাইছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)-এ। নৱনিৰ্মিত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ ২০২৩-২৪ চিকিৎসা শিক্ষাবৰ্ষৰ পৰা চিকিৎসা বিজ্ঞানৰ পাঠদান আৰম্ভ কৰিবলৈ আয়োগে অনুমতি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এনএমচিৰ বিশেষজ্ঞ দলে শেহতীয়াকৈ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আকস্মিক পৰিদৰ্শনৰ অন্তত নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিকে ধৰি বিভিন্ন দিশত সন্তুষ্ট হৈ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি আয়োগৰ…
চিলাপথাৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ কৰ্মশালা
ধেমাজি, ১৪ফেব্ৰুৱাৰী: অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত তথা চিলাপথাৰৰ চায়েন্স কলেজৰ সহযোগত আজি মহাবিদ্যালয়খনত কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন হয়। চায়েন্স কলেজৰ উদ্ভিদ বিজ্ঞান বিভাগৰ Mushroom culture unit IQAC আৰু Women Empowerment Cell ৰ সহযোগত কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজিয়ে এই প্ৰশিক্ষণ- কৰ্মশালা অনুষ্ঠিত কৰে। কৰ্মশালাত সম্পদ ব্যক্তিৰূপে উপস্থিত থাকে subject matter specialist, Plant Protection অভিলাসা কৌশিক বৰঠাকুৰ। এই কৰ্মশালাত চিলাপথাৰৰ এগৰাকী কাঠফুলাৰ সফল খেতিয়ক প্ৰসন্ন বৰা উপস্থিত থাকি…
মালয়েছিয়াত শাস্ত্ৰীয় নৃত্যৰে অসমলৈ সুনাম তেজপুৰৰ বিশিষ্ট নৃত্যশিল্পী দলৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৪ ফেব্ৰুৱাৰী : তেজপুৰৰ বিশিষ্ট নৃত্যশিল্পী ড০ প্ৰতিভা শৰ্মাৰ নেতৃত্বত তেজপুৰৰ নৃত্যশিল্পীৰ দল এটাই সুদূৰ মালয়েছিয়াৰ এক বিশেষ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰি দেশৰ লগতে অসমলৈ সুনাম কঢ়িয়াই অনা এক সংবাদে তেজপুৰবাসীক আহ্লাদিত কৰি তুলিছে ।উল্লেখ্য যে, ভাৰত বৰ্ষৰ স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু জি ২০ ৰ লগত সংগতি ৰাখি হিন্দুস্থান আৰ্ট এণ্ড মিউজিক চোছাইটি আৰু মালয়েছিয়াৰ উচ্চায়ুক্তৰ সৌজন্যত আৰু কুৱালালামপুৰৰ নেতাজী সুভাষ চন্দ্ৰ বসু ইণ্ডিয়ান কালচাৰেল চেণ্টাৰৰ সহযোগত যোৱা ৪ ফেব্ৰুৱাৰী…
