Browsing Category
অসম
লিডুৰ অবৈধ কয়লা খনিত ইজনৰ পাছত সিজন শ্ৰমিকৰ কৰুণ মৃত্যু
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৫ ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ অবৈধ কয়লা খনিত কাম কৰিবলৈ যোৱা জিলাখনৰ মাকুম অঞ্চলৰ শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণ নামৰ প্ৰায় ২৪ বছৰীয়া যুৱকজন এমাহৰো অধিক কাল সন্ধানহীন হৈ থকাৰ বিষয়ে ১২ ফ্ৰেব্ৰুৱাৰীৰ ’আমাৰ অসম’ত বিতংকৈ প্ৰকাশিত বাতৰিয়ে কেওদিশে আলোড়ন তুলিছে৷ ইতিমধ্যে এই বাতৰিয়ে অন্যান্য ছপা আৰু বৈদ্যুতিন মাধ্যমৰ শিৰোনামা দখল কৰা পৰিলক্ষিত হৈছে ৷ লিডুৰ টিৰাপ কলিয়ৰীৰ লালমাটিত কয়লাৰ অবৈধ খননৰ সময়ত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত জিলাখনৰ বৰডুমচাৰ কাৰ্তিক গোৱালা আৰু মাকুমৰ পশ্চিম…
লখিমপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষৰ আলি আঃয়ে লৃগাং উদযাপন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৫ ফেব্ৰুৱাৰীঃ মিচিং জনগোষ্ঠীৰ হিয়াৰ আমঠু আলি আঃয়ে লৃগাঙৰ সোণালী জয়ন্তী বৰ্ষ আজি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত উত্তৰ লখিমপুৰ কেন্দ্ৰীয় আলি আঃয়ে লৃগাং উদযাপন সমিতিয়ে লখিমপুৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে৷ তদুপলক্ষে বৰিমূৰিত থকা উত্তৰ লখিমপুৰ মিচিং কলা কৃষ্টি বিকাশ কেন্দ্ৰ আৰু মূৰং অকুমত আজি পঞ্চাশখন পতাকাৰে কাৰ্যসূচী অনুষ্ঠিত হয়৷ আজি লৃগাং উপলক্ষে উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা দুপৰীয়া উদ্বোধন কৰে বিধায়ক মানৱ ডেকাৰ পত্নী ৰাজশ্ৰী ডেকাই৷…
তেজপুৰত পথদুৰ্ঘটনাঃ নিহত ঢকুৱাখনাৰ যুৱক
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৫ ফেব্ৰুৱাৰীঃ আজি কাহিলি পুৱাতে তেজপুৰত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথত সংঘটিত এক শোকাবহ দুৰ্ঘটনাত এজন যুৱক নিহত হৈছে৷ আৰক্ষীসূত্ৰই প্ৰকাশ কৰা অনুসৰি, লখিমপুৰৰ ঢকুৱাখনা নিবাসী শিক্ষক তথা নাৰ্ছাৰীৰ ব্যৱসায়ৰ স’তে জড়িত ধীৰু ডেকা (৩৮)ই তেওঁৰ নাৰ্ছাৰীৰ বাবে নগাৱঁৰ পৰা ফুলৰ পুলি লৈ এএছ০৭বিচি৫৮৮৬নম্বৰৰ মেজিক বাহনখনৰে উভটি আহি থকা অৱস্থাত আজি কাহিলি পুৱা প্ৰায় ৪-৩০ বজাত তেজপুৰৰ শালনীবাৰীত বিপৰীত দিশৰ পৰা আহি থকা এএছ১২চিচি ১২৮৯ নম্বৰ মালবাহী বলেৰ’ পিকআপ বাহনখনৰে মুখামুখি সংঘৰ্ষ লাগে ৷ ফলত মেজিকবাহনখনৰ চালকৰ আসনত থকা…
বৰপেটাত তেজপুৰ ইউনাইটেড আৰ্টিষ্টৰ “মুৰৰ সন্ধানত” সফল মঞ্চায়ন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৫ ফেব্ৰুৱাৰীঃ "মুখা" বৰপেটাৰ ৰূপালী জয়ন্তীবৰ্ষ উপলক্ষে বৰপেটা জিলা পুথিভঁৰালত ১২ ফেব্ৰুৱাৰীত মঞ্চস্থ "মুৰৰ সন্ধান"ত নাটকত ৰাইজৰ বিপুল সঁহাৰি লাভ কৰে। ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক খ্যাতিৰে ৰাইজৰ মাজত পৰিচিত বৰ্ষীয়ান নাট্যকাৰ পৰিচালক ঐশ্বৰ্য কাকতিৰ ৰচনা আৰু পৰিচালনাত, ইউনাইটেড আৰ্টিষ্ট তেজপুৰৰ দ্বাৰা নিবেদিত উক্ত নাটকত ভ্ৰাম্যমাণ থিয়েটাৰৰ এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী চিমি গোস্বামীৰ লগতে তেজপুৰৰ জ্যেষ্ঠ অভিনেতা প্ৰদীপ শমা, ৰাজীৱ শৰ্মা, দিব্যজ্যোতি কোঁচ(জোন), অবনি বৰা, উজ্জ্বল শইকীয়া, দেৱাশিস কৌশিক, ভাৰ্গৱ…
স্বাস্থ্য বিভাগৰ পৰীক্ষাত প্ৰশ্ন কাকত ফাদিলৰ ঘটনা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৫ নৱেম্বৰঃ অৱশেষত ৰঙাঘৰৰ ভাত খাব লগা হ'ল স্বাস্থ্য বিভাগৰ পৰীক্ষাত প্ৰশ্ন কাকত ফাদিল কৰা মৰিগাঁওৰ দুই দম্পতীয়ে। লখিমপুৰ আৰক্ষী অধীক্ষকে আজি এই কথা সংবাদ মেল যোগে অৱগত কৰে। যোৱা ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰিছিল মৈৰাবাৰীৰ নাচিমা বেগমে। লখিমপুৰৰ উজ্জ্বলপুৰ হাইস্কুলত পৰীক্ষা দিছিল নাচিমাই। কৌশলেৰে পৰীক্ষা কেন্দ্ৰ লৈ নিয়া মোবাইলেৰে প্ৰশ্ন কাকতৰ ফটো তুলি তেও ভাইৰেল কৰিছিল। সেই নিশাই লখিমপুৰ আৰক্ষীয়ে নাচিমা আৰু স্বামী মফিজুদ্দিন আহমেদক…
তেজপুৰৰ বুঢ়া ডাঙৰীয়া থানৰ পালনামত ভক্তিপ্ৰাণৰ লানি নিছিগা সোঁত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ ফেব্ৰুৱাৰী : তেজপুৰৰ নিকটৱৰ্তী গটঙা পাঠকৰ চুবুৰীত অৱস্থিত অতি মাহাত্ম্যৰে পূৰ্ণ কেন্দুগুৰি আঞ্চলিক বুঢ়া ডাঙৰীয়া থানৰ বাৰ্ষিক পালনামৰ আজিৰ পৱিত্ৰ দিনটোত পুৱাৰ পৰা অগণন ভক্তিপ্ৰাণ ৰাইজৰ ভীৰ পৰিলক্ষিত হয়। হাতে হাতে ধূপ, নৈবেদ্য আৰু খিচিৰি ভোগৰ সামগ্ৰী কঢ়িয়াই লৈ মাহাত্ম্যৰে পূৰ্ণ থানখনত দহসহস্ৰাধিক ভক্তিপ্ৰাণ ৰাইজৰ সমাগম ঘটাৰ পিছত সমগ্ৰ অঞ্চলটো যেন বৈকুণ্ঠ নগৰীলৈ পৰিণত হয়। উল্লেখ্য যে, জনবিশ্বাস আৰু মাহাত্ম্যৰে পূৰ্ণ এই থানখনলৈ নিতৌ ভক্তিপ্ৰাণ ৰাইজৰ আগমন ঘটা আৰু ভক্তি অঞ্জলি প্ৰদান কৰাৰ পিছত…
তেজপুৰ কন্যা মহাবিদ্যালয়ত ‘অচিন গ্ৰন্থৰ সহচৰ্য’ শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠান সম্পন্ন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৪ ফেব্ৰুৱাৰী : নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ পৰিবেশ সৃষ্টিৰ মানসেৰে তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত আজি 'অচিন গ্ৰন্থৰ সহচৰ্য ' ব্লাইণ্ড ডেট উইথ বুক' শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচী সম্পন্ন হয়।এই ব্যতিক্ৰমী কাৰ্যসূচীত ছাত্ৰীসকলক ৰোমাঞ্চকৰ সময় অতিবাহিত কৰিবলৈ যায় এখন ৰহস্যমূলক কিতাপ লৈ যিখন কাগজত মেৰিয়াই থোৱা থাকে যাতে সেই শিৰোনামটোৰ লগতে কিতাপখনৰ লেখকজনো দৃষ্টিগোচৰ নোহোৱাকে থাকে ৷ কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৃষ্টিশীলভাবে পঢ়াৰ…
“কড়োৱা চচ” অহা ১৬, ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত পশ্চিমবংগৰ গোবৰডাংগাত মঞ্চস্থ হব
শতাব্দ, লক্ষীমপুৰ, ১৪ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ ফুলবাৰীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ নাট্য গোষ্ঠীৰ হিন্দী নাটক “কড়োৱা চচ” অহা অহা ১৬, ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত পশ্চিমবংগৰ গোবৰডাংগাৰ ৰবীন্দ্ৰ নাট্য সংস্থা, খাটুৱা চিত্ৰপট নাট্য গোষ্ঠী আৰু খাটুৱা শিল্পাঞ্জলী নাট্য দলে আয়োজন কৰা ৰাষ্ট্ৰীয় নাট সমাৰোহ,২০২৩ত মঞ্চস্থৰ বাবে নিমন্ত্ৰণ জনাইছে৷ এই ৰাষ্ট্ৰীয় নাট মহোৎসৱ কেইটিত মঞ্চস্থৰ বাবে নিমন্ত্ৰণ লাভ কৰা হিন্দী নাটকখনৰ পৰিচালনা দয়াল কৃষ্ণ নাথৰ, ৰচনা কুশল ডেকাৰ৷ নাটকৰ হিন্দী ৰূপান্তৰ ৰবি বার্মাৰ৷ ভাওনাৰ ফুচুৰি শিল্পীৰ লগতে ভাৰতৰ লোক নাটকৰ…
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত পৰ্যটন বিষয়ক আলোচনা
উত্তৰ লখিমপুৰ, ১৪ ফেব্ৰুৱাৰীঃ লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত পৰ্যটন উদ্যোগত আজি নিয়োগৰ সম্ভাৱনাৰ ওপৰত এক দিনজোৰা আলোচনা চক্ৰ অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ যুৱ টুৰিজিম ক্লাৱৰ উদ্যোগত আৰু উত্তৰ লখিমপুৰৰ চেণ্টাৰ ফৰ টুৰিজিম ষ্টাডিজৰ সহযোগত এই আলোচনা চক্ৰৰ আয়োজন কৰা হয়। আলোচনা চক্ৰখন উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই। আলোচনা চক্ৰৰ উদ্দেশ্য ব্যাখ্যা কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ যুৱ টুৰিজিম ক্লাৱৰ সমন্বয়ক অধ্যাপক অনিৰ্বাণ পাটগিৰীয়ে। চেণ্টাৰ ফৰ টুৰিজিম ষ্টাডিজৰ পৰা জাকিৰ হুছেইনে সমল ব্যক্তি হিচাপে…
পূৱ তেলাহীত হিতাধিকাৰীক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল যোগানত ঠিকাদাৰৰ হেমাহী
এজেণ্টে এতিয়াও কৰ্তন কৰে হিতাধিকাৰীৰ চাউল
