Browsing Category
অসম
বুঢ়া চাপৰিৰ প্ৰথম দিনা উচ্ছেদত ৬৯১ টা ঘৰ উচ্ছেদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ১৪ ফেব্ৰুৱাৰী : আজিৰে পৰা আৰম্ভ হৈছে প্ৰশাসনীয় ভাবে শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ ৰাজহ চক্ৰ অন্তৰ্গত তথা নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ বুঢ়া চাপৰি বন্য প্ৰাণী অভয়াৰণ্যত উচ্ছেদ অভিযান। আজি চলা এই উচ্ছেদ অভিযানত বন্যপ্ৰাণী অভয়াৰণ্যখনৰ মুঠ ৬৮২হেক্টৰ অৰ্থাৎ ৫১৩০বিঘা ভূমি বেদখল মুক্ত কৰা হয়৷ ইয়াৰে ভিতৰত লংকে টাপুত ৬৩০হেক্টৰ বনভূমি বেদখলমুক্ত কৰা হয়৷ ইয়াত ৫৬৩ঘৰ আৰু ২৪৪৪জন বেদখলকাৰীক উচ্ছেদ কৰা হয়৷ আনহাতে,বেটনিত ৭৬টা পৰিয়ালৰ ৩০৪জনক আৰু কমলাগড়ত চলোৱা উচ্ছেদ অভিযানত মুঠ ছয়শ ৫২হেক্টৰ ভূমি বেদখলমুক্ত কৰা…
দীৰ্ঘদিনীয়া অচলাৱস্থাৰ অন্তত পুনৰ গঠন তিনিচুকীয়া পৌৰসভা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ ফেব্ৰুৱাৰী : দীৰ্ঘদিনীয়া অচলাৱস্থাৰ অন্তত আজি ৪৮ দিনৰ মূৰত পুনৰ গঠন হ’ল তিনিচুকীয়া পৌৰসভা ৷ উল্লেখ্য যে বিগত বৰ্ষৰ এপ্ৰিল মাহত জয়ন্ত বৰুৱাক পৌৰপতি আৰু নৱনীতা আগৰৱালক উপ-পৌৰপতি হিচাপে লৈ গঠিত হৈছিল তিনিচুকীয়া পৌৰসভা ৷ কিন্তু দিন বাগৰাৰ ল’গে ল’গে ৰাজনৈতিক হস্তক্ষেপ আৰু ক্ষমতাকেন্দ্ৰিক যুঁজত পৌৰসভাৰ কামকাজ স্থবিৰ হৈ পৰে ৷ নিকা ভাৱমূৰ্তিৰ পৌৰপতি জয়ন্ত বৰুৱাই তিনিচুকীয়াৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণৰ কথামতে উঠা বহা নকৰাৰ বাবেই তেওঁক আঁতৰাই নিজৰ পচন্দৰ মানুহক পৌৰপতিৰ চকীত বহুৱাৰ বাবে মন্ত্ৰী…
আলি-আয়ে-লৃগাংঃ ১৫ ফেব্ৰুৱাৰীত লখিমপুৰ জিলাত স্থানীয় বন্ধ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ ফেব্ৰুৱাৰী: মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং উপলক্ষে লখিমপুৰ জিলা দণ্ডাধীশে ১৫ ফেব্ৰুৱাৰীৰ দিনা জিলাখনত স্হানীয় বন্ধৰ দিন ঘোষণা কৰিছে৷ এই সম্পৰ্কত জাৰী কৰা নিৰ্দেশ অনুযায়ী উক্ত দিনটোত আলি-আয়ে-লৃগাং উপলক্ষে জিলাখনৰ সকলো চৰকাৰী, অৰ্দ্ধ-চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বেংক সমূহ বন্ধ থাকিব।
ৰাজ্যৰ দশমখন কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ পাঠদানৰ অনুমোদন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ ফেব্ৰুৱাৰী : চলিত বৰ্ষৰ পৰাই ৰাজ্যৰ দশমখন চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম মুকলিত অনুমোদন জনাইছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)-এ। নৱনিৰ্মিত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ ২০২৩-২৪ চিকিৎসা শিক্ষাবৰ্ষৰ পৰা চিকিৎসা বিজ্ঞানৰ পাঠদান আৰম্ভ কৰিবলৈ আয়োগে অনুমতি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এনএমচিৰ বিশেষজ্ঞ দলে শেহতীয়াকৈ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আকস্মিক পৰিদৰ্শনৰ অন্তত নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিকে ধৰি বিভিন্ন দিশত সন্তুষ্ট হৈ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি আয়োগৰ…
চিলাপথাৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ কৰ্মশালা
ধেমাজি, ১৪ফেব্ৰুৱাৰী: অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত তথা চিলাপথাৰৰ চায়েন্স কলেজৰ সহযোগত আজি মহাবিদ্যালয়খনত কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন হয়। চায়েন্স কলেজৰ উদ্ভিদ বিজ্ঞান বিভাগৰ Mushroom culture unit IQAC আৰু Women Empowerment Cell ৰ সহযোগত কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজিয়ে এই প্ৰশিক্ষণ- কৰ্মশালা অনুষ্ঠিত কৰে। কৰ্মশালাত সম্পদ ব্যক্তিৰূপে উপস্থিত থাকে subject matter specialist, Plant Protection অভিলাসা কৌশিক বৰঠাকুৰ। এই কৰ্মশালাত চিলাপথাৰৰ এগৰাকী কাঠফুলাৰ সফল খেতিয়ক প্ৰসন্ন বৰা উপস্থিত থাকি…
মালয়েছিয়াত শাস্ত্ৰীয় নৃত্যৰে অসমলৈ সুনাম তেজপুৰৰ বিশিষ্ট নৃত্যশিল্পী দলৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৪ ফেব্ৰুৱাৰী : তেজপুৰৰ বিশিষ্ট নৃত্যশিল্পী ড০ প্ৰতিভা শৰ্মাৰ নেতৃত্বত তেজপুৰৰ নৃত্যশিল্পীৰ দল এটাই সুদূৰ মালয়েছিয়াৰ এক বিশেষ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰি দেশৰ লগতে অসমলৈ সুনাম কঢ়িয়াই অনা এক সংবাদে তেজপুৰবাসীক আহ্লাদিত কৰি তুলিছে ।উল্লেখ্য যে, ভাৰত বৰ্ষৰ স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু জি ২০ ৰ লগত সংগতি ৰাখি হিন্দুস্থান আৰ্ট এণ্ড মিউজিক চোছাইটি আৰু মালয়েছিয়াৰ উচ্চায়ুক্তৰ সৌজন্যত আৰু কুৱালালামপুৰৰ নেতাজী সুভাষ চন্দ্ৰ বসু ইণ্ডিয়ান কালচাৰেল চেণ্টাৰৰ সহযোগত যোৱা ৪ ফেব্ৰুৱাৰী…
আজি বুঢ়াচাপৰিত চলিব উচ্ছেদ অভিযান
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৩ফেব্ৰুৱাৰীঃ শোণিতপুৰ জিলা অন্তৰ্গত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰথম সংযোজন হিচাপে ৪৪.০৬বৰ্গ কিলোমিটাৰ সামৰি আজি চূড়ান্ত নটিফিকেচন জাৰি কৰিছে ৰাজ্য চৰকাৰে৷ৰাজ্যচৰকাৰৰ পৰিবেশ আৰু বন বিভাগৰ সচিবে জাৰি কৰিছে এই চূড়ান্ত নটফিকেচন৷উল্লেখযোগ্য যে ১৯৭২ৰ বন্যপ্ৰাণী সংৰক্ষণ আইনৰ ৩৫(৪)নম্বৰ ধাৰা অনুসৰি নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অধীনষ্ঠ আৰু শোণিতপুৰ জিলাৰ তেজপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত এই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ এই অংশ ২০০৮ত ব্যঘ্ৰ প্ৰকল্প হিচাপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত হৈ আছিল৷পাছত ২০১৬ত বন্যপ্ৰাণী…
পুডুচেৰিত অসমৰ শোণিতপুৰৰ মহিলা দললৈ শ্ৰেষ্ঠ দলৰ সন্মান
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৩ ফেব্ৰুৱাৰীঃ কালি সমাপ্ত হোৱা ৩৮ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শোণিতপুৰ জিলাৰ তেজপুৰৰ গৰৈমাৰীত অৱস্থিত এছ এছ বি দল টিয়ে সোণ-ৰূপ আৰু ব্ৰঞ্জৰ কেবাটাও পদকেৰে শোণিতপুৰৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে যো৩১০ফ্ৰেব্ৰৱাৰীৰ পৰা ১২ফ্ৰেব্ৰুৱাৰী লৈ পুডুচেৰিৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাত অসম জীয়ৰী তাচিন বেগম, সবিতা ৰামচিয়াৰি আৰু সীমা কানজীয়াই ৩ টাকৈ সোণ, অভিজিত কলিতা,অমিত প্ৰধান আৰু বিনোদ দাসৰ দলটিয়ে ব্ৰঞ্জৰ লগতে অভিজিত কলিতাই একক শাখাত…
আন্তঃজিলা টাগ অফ ৱাৰ প্ৰতিযোগিতা শোণিতপুৰৰ ৰঙাপৰা মহাবিদ্যালয়ৰ মহিলা দলৰ চেম্পিয়নৰ খিতাপ অৰ্জন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৩ ফেব্ৰুৱাৰীঃ কামৰূপ টাগ অফ ৱাৰ সন্থাৰ উদ্যগত আৰু অসম টাগ অফ ৱাৰ সন্থাৰ তত্বাৱধানত কামৰূপৰ মিৰ্জাত যোৱা ১১ আৰু ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা "১১সংখ্যক সদৌ অসম আন্তঃ জিলা টাগ অফ ৱাৰ প্ৰতিযোগিতা২০২২-২০২৩"ত শোণিতপুৰ জিলাৰ ৰঙাপৰা মহাবিদ্যালয়ৰ মহিলাৰ দলটিয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত আজি ৰঙাপৰা মহাবিদ্যালয় কৰ্তৃপক্ষই অধ্যক্ষ ড০ ৰঞ্জন কলিতাৰ নেতৃত্বত দলটিক উষ্ম আদৰণি জনায়। উল্লেখ্য যে, অসমৰ বিভিন্ন জিলাৰ পুৰুষৰ ১০ টি দল আৰু মহিলাৰ ৯ টি দলে উক্ত প্ৰতিযোগিতাত…
লখিমপুৰত একেদিনাই এখন ফাৰ্মত সোতৰ হাজাৰ কণী উৎপাদন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৩ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ চিয়াজুলীৰ বোকানলাত ২০১৯ বৰ্ষত কণী উৎপাদনৰ বাবে স্থাপন কৰা ‘মহাবলী লেয়াৰ প'ল্ট্ৰী ফাৰ্ম’খনে এতিয়া দৈনিক ১৭ হাজাৰকৈ কণী উৎপাদন কৰিছে যদিও সেইমতে উপযুক্ত মূল্য লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ বৰ্হিঃৰাজ্যৰ পৰা অহা কণীয়ে এই থলুৱা কণী উৎপাদকলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ উল্লেখ্য যে চিয়াজুলীৰ বোকানলাত উচ্ছ শিক্ষিত যুৱক দেৱজিৎ ছেত্ৰীয়ে ২০১৯ বৰ্ষত এই ফাৰ্মখন আৰম্ভ কৰি শেহতীয়াকৈ উক্ত ফাৰ্মখনত ২০ হাজাৰ মূৰ্গী প্ৰতিপালন কৰি আছে৷ ২ কোটি ৫০ লাখ টকাৰ ঋণ লৈ লকডাউনৰ…
