Browsing Category
অসম
স্বাস্থ্য বিভাগৰ পৰীক্ষাত প্ৰশ্ন কাকত ফাদিলৰ ঘটনা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৩ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেওবাৰে লখিমপুৰ জিলাৰ বিভিন্ন স্থানৰ পৰীক্ষাকেন্দ্ৰত স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা অনুষ্ঠিত হয়৷ উক্ত পৰীক্ষাত লখিমপুৰৰ এটা কেন্দ্ৰৰ পৰা এখন প্ৰশ্নকাকত ফাদিল হোৱাৰ সন্দেহত আজি লখিমপুৰ আৰক্ষীয়ে সুদূৰ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ পৰা দুই স্বামী-স্ত্ৰীক আটক কৰি লখিমপুৰ সদৰ থানাত সোধপোচ অব্যাহত ৰাখিছে৷ ধৃত নাছিমা বেগমে দেওবাৰে লখিমপুৰ সদৰ থানাৰ অন্তৰ্গত তথা লীলাবাৰীৰ উজ্জ্বলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাকেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ মহিলা…
ডিগবৈ প্ৰেছ ক্লাবৰ দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ ফেব্ৰুৱাৰীঃ ডিগবৈ প্ৰেছ ক্লাবৰ দ্বি-বাৰ্ষিক অধিবেশন উপলক্ষে কবিতাৰ গুঞ্জনেৰে দেওবাৰে মুখৰিত হৈ উঠে ডিগবৈ প্ৰেছ ক্লাবৰ বাকৰি ৷ প্ৰায় অৰ্ধশতাধিক কবিয়ে অংশগ্ৰহণ কৰা ’মাঘৰ এটি কবিতাৰ দিন’ শীৰ্ষক কবি সমাৰোহখন সঞ্চালনা কৰে বিশিষ্ট কবি নিৰূপমা গোস্বামীয়ে। বিশিষ্ট সাহিত্যিক পুণ্য শইকীয়াই উদ্বোধন কৰা অনুষ্ঠানটোত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতা, সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওঁগ বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে তনুশ্ৰী শৰ্মাই বায়ন দীপাংকৰ শৰ্মাৰ…
তেজপুৰত সদৌ অসম গৰিয়া-মৰিয়া-দেশীয় জাতীয় পৰিষদৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১২ ফেব্ৰুৱাৰীঃ অসমীয়া জনজীৱনৰ বা অসমীয়া জাতিৰ অন্যতম অংগ গৰিয়া-মৰিয়া-দেশীয় জাতীয় পৰিষদৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি পুৱাৰ পৰা উল্লাস পূৰ্ণ পৰিৱেশৰ মাজেৰে আৰম্ভ হয় তেজপুৰ চহৰৰ নিকটৱৰ্তী শইকীয়া চুবুৰী মুছলিম গাঁৱত। উল্লেখ্য যে, গৰিয়া-মৰিয়া-জাতি পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু পৰোৱা আঞ্চলিকৰ সহযোগত অনুষ্ঠিত এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু সাংস্কৃতিক অনুষ্ঠানেৰে শুভাৰম্ভ হয়। ইয়াৰ পিছতেই বিভিন্ন প্ৰান্তৰ বিশিষ্ট আমন্ত্ৰিত অতিথিৰ উপস্থিতিত অনুষ্ঠিত হোৱা…
তেজপুৰৰ গৰিমামণ্ডিত ত্ৰিমূৰ্তি উদ্যানত সোঁৱৰণি সাহিত্য-সাংস্কৃতিক বৰ্ষ ২০২৩ৰ সফল সমাপ্তি
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১২ফেব্ৰুৱাৰীঃ সাংস্কৃতিক নগৰি তেজপুৰত ২০১৫ তে গঢ় লৈ উঠা সাহিত্য সাংস্কৃতিক বৰ্ষ সোঁৱৰণিয়ে আজি উদযাপন কৰিলে সোঁৱৰণি বৰ্ষ ২০২৩। ৰাজ্যখনৰ ১২৩ গৰাকীকৈ খ্যাত অখ্যাত নবীন, প্ৰবীণ সাহিত্য-শিল্পী কলাকুশলী তথা বিভিন্ন ক্ষেত্ৰত অনবদ্য বৰঙনি আগবঢ়োৱা লোকক সম্বৰ্দ্ধনা আৰু বঁটা প্ৰদানৰে অনুষ্ঠিত হয় এই অনন্য কাৰ্যসূচী৷ ৰাজ্যখনৰ বোলছবি তথা নাট্যক্ষেত্ৰৰ বৰ সৰাণী চেতনা দাস, বিশিষ্ট অভিনেতা অৰুণ নাথ, কৌতুক অভিনেতা অমুল্য কাকতি, তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, মৎস্যগন্ধাৰ অভিনেত্ৰী নয়নমণি শইকীয়া, লেখিকা সমাৰোহ…
তেজপুৰৰ সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি স্মৃতি বিজড়িত শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ “অন্তৰংগ নাট্য সন্ধ্যা”
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১২ ফেব্ৰুৱাৰীঃ যিকোনো পৰিৱেশত য'তে ত'তে যে নাটক কৰিব পাৰি সেইকথা কালি নিশা প্ৰতিপন্ন কৰি তেজপুৰৰ একাংশ ৰুচীশীল দৰ্শকক মুগ্ধ কৰি তুলিলে দীৰ্ঘদিন ধৰি ৰাজ্যখনত এক সুস্থ সাংস্কৃতিক ধাৰা অব্যাহত ৰখা গুৱাহাটীৰ নাট্য আৰু সাংস্কৃতিক অনুষ্ঠান "সূৰ্য্য" ই। উল্লেখ্য যে, সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ স্মৃতি বিজড়িত তেজপুৰৰ শতবৰ্ষ গৰকা অসমীয়া ক্লাবে চাৰিখনকৈ ছুটি নাটকেৰে কালিৰে পৰা দুদিনীয়াকৈ আয়োজন কৰা "অন্তৰংগ নাট্য সন্ধ্যা" শীৰ্ষক অনুষ্ঠানত কালি প্ৰথম দিনটোত গুৱাহাটীৰ "সূৰ্য্য" ই নিবেদন কৰে দুখনকৈ…
তেজপুৰত অমৃতসৰোবৰ আঁচনিক কেন্দ্ৰ কৰি ক্ষুব্ধ ৰাইজ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১২ফেব্ৰুৱাৰীঃ তেজপুৰ চহৰৰ নিকটৱৰ্তী এখন গোপচাৰত সম্প্ৰতি বালিপৰা উন্নয়নখণ্ডৰ অধীনত চৰকাৰৰ অমৃতসৰোবৰ আঁচনি ৰূপায়ণ কৰিবলৈ ওলোৱাকলৈ স্হানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইতিমধ্যে ইয়াক লৈ ৰাইজে সভা অনুষ্ঠিত কৰি এই বিষয়ে শোণিতপুৰৰ উপায়ুক্তকো লিখিতভাবে সবিশেষ অৱগত কৰি সেই অংশত অমৃত সৰোবৰ আঁচনিখন ৰূপায়ণৰ পৰিকল্পনা বন্ধ কৰাৰ বাবে আহ্বান জনাইছে৷ উল্লেখযোগ্য যে, তেজপুৰৰ নিকটৱৰ্তী ডিপোতা অঞ্চলত চেপেটিয়নী নামৰে এক বৃহৎ গোপচাৰ আছে৷ বাৰিষা এই অংশৰে অতিৰিক্ত পানী বৈ যোৱাৰ লগতে ৰাইজৰ পশুধন…
প্ৰাক্তন ছাত্ৰ নেতা-ক্ৰীড়া সংগঠক-বিশিষ্ট সমাজকৰ্মী-জাতীয় বীৰ ভূমিৰ প্ৰতিষ্ঠাপক খগেন গগৈৰ আকস্মিক বিয়োগ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,লখিমপুৰ ১২ ফ্ৰেব্ৰুৱাৰীঃ বলিষ্ঠ কন্ঠৰে আকাশ বতাহ কঁপাই তোলা লখিমপুৰ জিলাৰ সংগ্ৰামী সত্ত্বা জাতীয় বীৰ ভূমিৰ প্ৰতিষ্ঠাপক, অসম আন্দোলনৰ নেতা ,সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক, ক্ৰীড়া সংগঠক, বিশিষ্ট সমাজ কৰ্মী, ভাৰত ৰত্ন ভূপেন হাজৰিকা দেৱে আধাৰ শিলা স্হাপন কৰা লখিপুৰ কৃষ্টি ভৱনৰ নিৰ্মাতা খগেন গগৈৰ যোৱা ৰাতি প্ৰায় ৮:১৫ মিনিটত আকস্মিক ভাবে হৃদয় যন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু মুখত পৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৬ বছৰ। মৃতুৰ পিছত খগেন গগৈৰ…
বাংলাদেশৰ “দক্ষিণ এছিয়া সাহিত্য-সংস্কৃতি বিষয়ক সন্মিলন – ২০২৩” ত তেজপুৰৰ কবি – সাহিত্যিক নাজু হাতীকাকতি বৰুৱাৰ লগতে…
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১১ ফেব্ৰুৱাৰীঃ বিশ্ব শান্তি আৰু সম্প্ৰীতিৰ লক্ষ্যৰে বাংলাদেশস্থিত সাপ্তাহিক ব্ৰজকথা আৰু এফসাকল বাংলা দেশে যোৱা ৬ ফেব্ৰুৱাৰীত আয়োজন কৰা "দক্ষিণ এছিয়া সাহিত্য-সাংস্কৃতি বিষয়ক সন্মিলন- ২০২৩" আন্তজাৰ্তিক সাহিত্য উৎসৱত ভাৰতবৰ্ষৰ এটি সাহিত্যিকৰ দলে অংশ গ্ৰহণ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেজপুৰৰ কবি-সাহিত্যিক নাজু হাতীকাকতি বৰুৱাৰ লগতে, পূৰ্মিমা দেৱী, ধীৰেণ বৰা, ধনসিং টেৰাং, টংক কোঁৱৰ, অমৰ দাস, প্ৰীয়াশা দাস, লুইচ বিষ্টা, ললিত লোহাৰ, আব্দুল খালিক, সুষ্টাফিজুৰ ৰহমান, তাৰা বাহাদুৰ, জ্ঞান চেত্ৰীয়ে…
ঐতিহ্যমণ্ডিত বাৰচহৰীয়া ভাওনা উপলক্ষে মানসী শৰ্মাৰ সুৰ আৰু কন্ঠৰ আকৰ্ষণীয় শ্ৰাব্য গীত উন্মোচন বিধায়ক পদ্ম হাজৰিকাৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১১ ফেব্ৰুৱাৰীঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰচহৰীয়া ভাওনা মহোৎসৱ উপলক্ষে জামুগুৰি হাটৰ জীয়ৰী বিশ্বনাথৰ বোৱাৰী সু-কণ্ঠি গায়িকা মানসী শৰ্মাৰ সুৰ আৰু কণ্ঠত "আমাৰ বাৰচহৰীয়া" শীৰ্ষক এটি আকৰ্ষণীয় গীত প্ৰস্তুত কৰি উলিওৱা হৈছে। কালি বাৰচহৰীয়া ভাওনা মহোৎসৱৰ মুল কাৰ্যালয়ত এই বিশেষ শ্ৰাৱ্য গীতটি বিশিষ্ট ব্যক্তিৰ উপস্থিতিত শুভ মুক্তি দিয়া হয়।উদযাপন সমিতিৰ সভাপতি তথা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই আনুষ্ঠানিক ভাৱে মুকলি কৰা এই শুভ অনুষ্ঠানত উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ভৱ গোস্বামী, সম্পাদক…
মৃত নে জীৱিতঃ লিডুৰ অবৈধ কয়লা খনিত পুনৰ সন্ধানহীন যুৱক
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ লালমাটিত অবৈধ কয়লা খনিত ২ জন শ্ৰমিকে কৰুণভাৱে অকাল মৃত্যুক সাবটি লোৱা ঘটনাৰ দিনচেৰেক পাছতে পুনৰ অবৈধ কয়লা খননত নিয়োজিত তিনিচুকীয়াৰ এজন প্ৰায় ২৪ বছৰীয়া যুৱক সন্ধানহীন হোৱাৰ বাতৰি পোৱা গৈছে ৷ পত্নী আৰু একমাত্ৰ আঢ়ৈ বছৰীয়া পুত্ৰক এৰি শ্ৰম কৰি ধন ঘটাৰ মানসেৰে বিগত ডিচেম্বৰত জনৈক ’কমল চাহাব’ বুলি পৰিচিত ব্যক্তিজনৰ অধীনত কয়লা খনিত শ্ৰমিক হিচাপে কাম কৰাৰ বাবে ৰাওনা হৈছিল জিলাখনৰ মাকুম অঞ্চলৰ শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণ ৷ সপ্তাহ, দহদিনৰ…
