Browsing Category
অসম
প্ৰাক্তন ছাত্ৰ নেতা-ক্ৰীড়া সংগঠক-বিশিষ্ট সমাজকৰ্মী-জাতীয় বীৰ ভূমিৰ প্ৰতিষ্ঠাপক খগেন গগৈৰ আকস্মিক বিয়োগ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,লখিমপুৰ ১২ ফ্ৰেব্ৰুৱাৰীঃ বলিষ্ঠ কন্ঠৰে আকাশ বতাহ কঁপাই তোলা লখিমপুৰ জিলাৰ সংগ্ৰামী সত্ত্বা জাতীয় বীৰ ভূমিৰ প্ৰতিষ্ঠাপক, অসম আন্দোলনৰ নেতা ,সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক, ক্ৰীড়া সংগঠক, বিশিষ্ট সমাজ কৰ্মী, ভাৰত ৰত্ন ভূপেন হাজৰিকা দেৱে আধাৰ শিলা স্হাপন কৰা লখিপুৰ কৃষ্টি ভৱনৰ নিৰ্মাতা খগেন গগৈৰ যোৱা ৰাতি প্ৰায় ৮:১৫ মিনিটত আকস্মিক ভাবে হৃদয় যন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু মুখত পৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৬ বছৰ। মৃতুৰ পিছত খগেন গগৈৰ…
বাংলাদেশৰ “দক্ষিণ এছিয়া সাহিত্য-সংস্কৃতি বিষয়ক সন্মিলন – ২০২৩” ত তেজপুৰৰ কবি – সাহিত্যিক নাজু হাতীকাকতি বৰুৱাৰ লগতে…
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১১ ফেব্ৰুৱাৰীঃ বিশ্ব শান্তি আৰু সম্প্ৰীতিৰ লক্ষ্যৰে বাংলাদেশস্থিত সাপ্তাহিক ব্ৰজকথা আৰু এফসাকল বাংলা দেশে যোৱা ৬ ফেব্ৰুৱাৰীত আয়োজন কৰা "দক্ষিণ এছিয়া সাহিত্য-সাংস্কৃতি বিষয়ক সন্মিলন- ২০২৩" আন্তজাৰ্তিক সাহিত্য উৎসৱত ভাৰতবৰ্ষৰ এটি সাহিত্যিকৰ দলে অংশ গ্ৰহণ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেজপুৰৰ কবি-সাহিত্যিক নাজু হাতীকাকতি বৰুৱাৰ লগতে, পূৰ্মিমা দেৱী, ধীৰেণ বৰা, ধনসিং টেৰাং, টংক কোঁৱৰ, অমৰ দাস, প্ৰীয়াশা দাস, লুইচ বিষ্টা, ললিত লোহাৰ, আব্দুল খালিক, সুষ্টাফিজুৰ ৰহমান, তাৰা বাহাদুৰ, জ্ঞান চেত্ৰীয়ে…
ঐতিহ্যমণ্ডিত বাৰচহৰীয়া ভাওনা উপলক্ষে মানসী শৰ্মাৰ সুৰ আৰু কন্ঠৰ আকৰ্ষণীয় শ্ৰাব্য গীত উন্মোচন বিধায়ক পদ্ম হাজৰিকাৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১১ ফেব্ৰুৱাৰীঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰচহৰীয়া ভাওনা মহোৎসৱ উপলক্ষে জামুগুৰি হাটৰ জীয়ৰী বিশ্বনাথৰ বোৱাৰী সু-কণ্ঠি গায়িকা মানসী শৰ্মাৰ সুৰ আৰু কণ্ঠত "আমাৰ বাৰচহৰীয়া" শীৰ্ষক এটি আকৰ্ষণীয় গীত প্ৰস্তুত কৰি উলিওৱা হৈছে। কালি বাৰচহৰীয়া ভাওনা মহোৎসৱৰ মুল কাৰ্যালয়ত এই বিশেষ শ্ৰাৱ্য গীতটি বিশিষ্ট ব্যক্তিৰ উপস্থিতিত শুভ মুক্তি দিয়া হয়।উদযাপন সমিতিৰ সভাপতি তথা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই আনুষ্ঠানিক ভাৱে মুকলি কৰা এই শুভ অনুষ্ঠানত উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ভৱ গোস্বামী, সম্পাদক…
মৃত নে জীৱিতঃ লিডুৰ অবৈধ কয়লা খনিত পুনৰ সন্ধানহীন যুৱক
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ লালমাটিত অবৈধ কয়লা খনিত ২ জন শ্ৰমিকে কৰুণভাৱে অকাল মৃত্যুক সাবটি লোৱা ঘটনাৰ দিনচেৰেক পাছতে পুনৰ অবৈধ কয়লা খননত নিয়োজিত তিনিচুকীয়াৰ এজন প্ৰায় ২৪ বছৰীয়া যুৱক সন্ধানহীন হোৱাৰ বাতৰি পোৱা গৈছে ৷ পত্নী আৰু একমাত্ৰ আঢ়ৈ বছৰীয়া পুত্ৰক এৰি শ্ৰম কৰি ধন ঘটাৰ মানসেৰে বিগত ডিচেম্বৰত জনৈক ’কমল চাহাব’ বুলি পৰিচিত ব্যক্তিজনৰ অধীনত কয়লা খনিত শ্ৰমিক হিচাপে কাম কৰাৰ বাবে ৰাওনা হৈছিল জিলাখনৰ মাকুম অঞ্চলৰ শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণ ৷ সপ্তাহ, দহদিনৰ…
সুৰাপায়ী গাড়ীচালকৰ বিৰুদ্ধে কঠোৰ হ’ব লক্ষীমপুৰ প্ৰশাসন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১০ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলা পথ সুৰক্ষা সমিতিৰ সভাখন আজি উপায়ুক্তৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত হৈ যায়। সভাখনিত সভাপতিত্ব কৰে উপায়ুক্ত সুমিত সত্তৱানে। উক্ত সভাত জিলাখনত সংঘটিত হোৱা দুৰ্ঘটনাসমূহৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়। জিলা পথ সুৰক্ষা সমিতিৰ সদস্যসকলে দুৰ্ঘটনা সংঘটিত হোৱা ঠাইসমূহ পৰিদৰ্শন কৰি পোৱা দুৰ্ঘটনাৰ কাৰণসমূহ সভাত দাঙি ধৰে আৰু এই কাৰণসমূহ নিৰাময় কৰিবৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক উপযুক্ত পদক্ষেপ লবলৈ জিলা উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে। সংশ্লিষ্ট বিভাগীয় তথ্য অনুসৰি বিগত জানুৱাৰী মাহত…
তেজপুৰতো এনপিএছ বাতিলৰ দাবীত কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ণ কৰ্মচাৰীৰ
শতাব্দ প্ৰতনিধি, তেজপুৰ, ১০ ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি চমুকৈ এনপিএছ বাতিলৰ দাবীত আজি তেজপুৰতো কৰ্মচাৰী সকলে কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়েণেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে প্ৰতিবাদী কৰ্মচাৰীসকলৰ এই এদিনীয়া কৰ্ম-বিৰতিৰ ফলত আজি তেজপুৰ ন্যায়িক আদালতৰ লগতে শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰো কামকাজ স্তব্ধ হৈ পৰে ৷ কাৰ্যালয় এৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰা কৰ্মচাৰী সকলে নতুনকৈ প্ৰৱৰ্তিত ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি বাতিল কৰি পুৰনি পেন্সন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰে ৷ এইয়া নিজৰ প্ৰাপ্য অধিকাৰ বুলি দাবী জনাই…
তেজপুৰৰ যুৱকৰ মৃত্যুকলৈ ৰহস্য
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১০ফেব্ৰুৱাৰীঃ তেজপুৰ সদৰ থানাৰ অধিনৰ তথা বৰঘাট আৰক্ষী চকী অন্তৰ্গত বৰগুৰিৰ ৰাজহুৱা শ্মশানত এজন লোকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ লোৱাৰ সময়তে একাংশ লোকে তেওঁৰ মৃত্যুকলৈ গভীৰ সন্দেহ ব্যক্ত কৰাত মৃতদেহ দাহৰ পৰিৱৰ্তে উঠাই অনা হ'ল শ্মশানৰ পৰা৷উল্লেখযোগ্য যে, আজি বয়লি বৰগুৰিৰ ৩৭ বছৰীয়া মলয় দাসৰ মৃতদেহ সৎকাৰৰ বাবে শ্মশানত উপস্হিত হৈছিল পৰিয়াল-আত্মীয়সহ স্হানীয় শতাধিক লোক৷ সেই সময়তে ৰাইজে মলয়ৰ মৃতদেহত বিভিন্ন ক্ষতস্থান দেখি লোকজনক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰে৷প্ৰণিধানযোগ্য যে, বিবাহিত মলয়ৰ পত্নী…
দৰংমহাবিদ্যালয় আৰু তেজপুৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১০ ফেব্ৰুৱাৰীঃ অসমৰ উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰংমহাবিদ্যালয়ত আজিৰে পৰা ১৬ ফেব্ৰুৱাৰীলৈ অতি উল্লাস পূৰ্ণ ভাৱে আৰম্ভ হৈছে "মহাবিদ্যালয় সপ্তাহ" ।আজি প্ৰথম দিনটোতে শিক্ষাৰ্থী বাহিনীৰ মাৰ্চপাষ্ট আৰু অধ্যক্ষ ড০ পলাশ মণি শইকীয়াৰ দ্বাৰা পতাকা উত্তোলনৰ পিছত উলিওৱা হয় এক আকৰ্ষণীয় বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা। দৰংমহাবিদ্যালয়ৰ শৈক্ষিক উপাধ্যক্ষ পূৰ্ণানন্দ পাৱেই আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা এই দৃষ্টিনন্দন শোভাযাত্ৰাত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি - সংস্কৃতি,…
তেজপুৰত সাপ্তাহিক বাতৰিকাকত গণকণ্ঠৰ প্ৰস্তাৱনা সংখ্যা উন্মোচন
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১০ফেব্ৰুৱাৰীঃ ঐতিহ্যমণ্ডিত চহৰ তেজপুৰৰ পৰা গণকণ্ঠ নামৰ এখন সাপ্তাহিক বাতৰিকাকত পাইছে৷ আজি দিনৰ ১০বজাত তেজপুৰ সাহিত্য সভা ভৱনত কাকতখনৰ প্ৰস্তাৱনা সংখ্যাটো উন্মোচন কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই৷ জ্যেষ্ঠ সাংবাদিক পুলক কুমাৰ ডেকাই আঁতধৰা গাম্ভীৰ্যপূৰ্ণ উন্মোচনী সভাখনৰ আৰম্ভনিতে যোৱা নিশা পৰলোকপ্ৰাপ্তি ঘটা তেজপুৰৰ এগৰাকী বিশিষ্ট মহিলা তথা সাহিত্যকাণ্ডাৰী পদ্মনাথ গোঁহাঞিবৰুৱাৰ জী নাতিনী মৃণালী চেতিয়াৰ স্মৃতিত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়৷ ৰাজ্যখনৰ বিশিষ্ট সাহিত্যিক তথা লেখক নগেন শইকীয়া, মনোজ…
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন উপদেষ্টা,শিক্ষাবিদ-সুলেখিকা মৃণালী চেতিয়াৰ বিয়োগ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১০ ফেব্ৰুৱাৰীঃ তেজপুৰৰ সমাজ জীৱনত এক ৰিক্ততাৰ সৃষ্টি কৰি সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ জী নাতিনী তথা তেজপুৰৰ শৈক্ষিক, সাহিত্য, সামাজিক জগতৰ নেতৃস্থানীয় মহিলা, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰাক্তন সভানেত্ৰী, মৃণালী চেতিয়া আৰু নাই৷ তেজপুৰৰ সমাজ জীৱনক উকা কৰি যোৱা নিশা প্ৰায় ১০-৩০ বজাত তেজপুৰৰ এখন নাৰ্ছিং হ’মত পৰলোক প্ৰাপ্তি ঘটে বিদূষী মহিলা গৰাকীৰ৷ এই খবৰে বিদূষী মহিলা গৰাকীৰ গুণমুগ্ধ সকলোকে ম্ৰিয়মান কৰি তুলিছে। উল্লেখযোগ্য যে, বাৰ্দ্ধক্যজনিত কাৰণত অসুস্থ হৈ চাৰি ফেব্ৰুৱাৰীৰ পৰা…
