Browsing Category

অসম

সুৰাপায়ী গাড়ীচালকৰ বিৰুদ্ধে কঠোৰ হ’ব লক্ষীমপুৰ প্ৰশাসন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১০ ফেব্ৰুৱাৰীঃ  লখিমপুৰ জিলা পথ সুৰক্ষা সমিতিৰ সভাখন আজি উপায়ুক্তৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত হৈ যায়। সভাখনিত সভাপতিত্ব কৰে উপায়ুক্ত সুমিত সত্তৱানে। উক্ত সভাত জিলাখনত সংঘটিত হোৱা দুৰ্ঘটনাসমূহৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়। জিলা পথ সুৰক্ষা সমিতিৰ সদস্যসকলে দুৰ্ঘটনা সংঘটিত হোৱা ঠাইসমূহ পৰিদৰ্শন কৰি পোৱা দুৰ্ঘটনাৰ কাৰণসমূহ সভাত দাঙি ধৰে আৰু এই কাৰণসমূহ নিৰাময় কৰিবৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক উপযুক্ত পদক্ষেপ লবলৈ জিলা উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে। সংশ্লিষ্ট বিভাগীয় তথ্য অনুসৰি বিগত জানুৱাৰী মাহত…

তেজপুৰতো এনপিএছ বাতিলৰ দাবীত কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ণ কৰ্মচাৰীৰ

শতাব্দ প্ৰতনিধি‍, তেজপুৰ, ১০ ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি চমুকৈ এনপিএছ বাতিলৰ দাবীত আজি তেজপুৰতো কৰ্মচাৰী সকলে কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়েণেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷  উল্লেখ্য যে প্ৰতিবাদী কৰ্মচাৰীসকলৰ এই এদিনীয়া কৰ্ম-বিৰতিৰ ফলত আজি তেজপুৰ ন্যায়িক  আদালতৰ লগতে  শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰো কামকাজ স্তব্ধ হৈ পৰে ৷ কাৰ্যালয় এৰি ৰাজপথত  প্ৰতিবাদ সাব্যস্ত কৰা কৰ্মচাৰী সকলে নতুনকৈ প্ৰৱৰ্তিত ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি বাতিল কৰি পুৰনি পেন্সন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰে ৷ এইয়া নিজৰ প্ৰাপ্য অধিকাৰ বুলি দাবী জনাই…

তেজপুৰৰ যুৱকৰ মৃত্যুকলৈ ৰহস্য

 শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১০ফেব্ৰুৱাৰীঃ তেজপুৰ সদৰ থানাৰ অধিনৰ তথা বৰঘাট আৰক্ষী চকী অন্তৰ্গত বৰগুৰিৰ ৰাজহুৱা শ্মশানত এজন লোকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ লোৱাৰ সময়তে একাংশ লোকে তেওঁৰ মৃত্যুকলৈ গভীৰ সন্দেহ ব্যক্ত কৰাত মৃতদেহ দাহৰ পৰিৱৰ্তে উঠাই অনা হ'ল শ্মশানৰ পৰা৷উল্লেখযোগ্য যে, আজি বয়লি বৰগুৰিৰ ৩৭ বছৰীয়া মলয় দাসৰ মৃতদেহ সৎকাৰৰ বাবে শ্মশানত  উপস্হিত হৈছিল পৰিয়াল-আত্মীয়সহ স্হানীয় শতাধিক লোক৷ সেই সময়তে ৰাইজে মলয়ৰ মৃতদেহত বিভিন্ন ক্ষতস্থান দেখি লোকজনক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰে৷প্ৰণিধানযোগ্য যে, বিবাহিত  মলয়ৰ পত্নী…

দৰংমহাবিদ্যালয় আৰু তেজপুৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহ 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১০ ফেব্ৰুৱাৰীঃ অসমৰ উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰংমহাবিদ্যালয়ত আজিৰে পৰা ১৬ ফেব্ৰুৱাৰীলৈ অতি উল্লাস পূৰ্ণ ভাৱে আৰম্ভ হৈছে "মহাবিদ্যালয় সপ্তাহ" ।আজি প্ৰথম দিনটোতে শিক্ষাৰ্থী বাহিনীৰ মাৰ্চপাষ্ট আৰু অধ্যক্ষ ড০ পলাশ মণি শইকীয়াৰ দ্বাৰা পতাকা উত্তোলনৰ পিছত  উলিওৱা হয় এক আকৰ্ষণীয় বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা। দৰংমহাবিদ্যালয়ৰ শৈক্ষিক উপাধ্যক্ষ পূৰ্ণানন্দ পাৱেই আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা এই দৃষ্টিনন্দন শোভাযাত্ৰাত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি - সংস্কৃতি,…

তেজপুৰত সাপ্তাহিক বাতৰিকাকত গণকণ্ঠৰ প্ৰস্তাৱনা সংখ্যা উন্মোচন

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১০ফেব্ৰুৱাৰীঃ ঐতিহ্যমণ্ডিত চহৰ তেজপুৰৰ পৰা গণকণ্ঠ নামৰ এখন সাপ্তাহিক বাতৰিকাকত পাইছে৷ আজি দিনৰ ১০বজাত তেজপুৰ সাহিত্য সভা ভৱনত কাকতখনৰ প্ৰস্তাৱনা সংখ্যাটো উন্মোচন কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই৷ জ্যেষ্ঠ সাংবাদিক পুলক কুমাৰ ডেকাই আঁতধৰা গাম্ভীৰ্যপূৰ্ণ উন্মোচনী সভাখনৰ আৰম্ভনিতে যোৱা নিশা পৰলোকপ্ৰাপ্তি ঘটা তেজপুৰৰ এগৰাকী বিশিষ্ট মহিলা তথা সাহিত্যকাণ্ডাৰী পদ্মনাথ গোঁহাঞিবৰুৱাৰ জী নাতিনী মৃণালী চেতিয়াৰ স্মৃতিত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়৷ ৰাজ্যখনৰ বিশিষ্ট সাহিত্যিক তথা লেখক নগেন শইকীয়া, মনোজ…

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন উপদেষ্টা,শিক্ষাবিদ-সুলেখিকা মৃণালী চেতিয়াৰ বিয়োগ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১০ ফেব্ৰুৱাৰীঃ তেজপুৰৰ সমাজ জীৱনত এক ৰিক্ততাৰ সৃষ্টি কৰি সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ জী নাতিনী তথা তেজপুৰৰ শৈক্ষিক, সাহিত্য, সামাজিক জগতৰ নেতৃস্থানীয় মহিলা, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ  প্ৰাক্তন সভানেত্ৰী, মৃণালী  চেতিয়া আৰু নাই৷ তেজপুৰৰ সমাজ জীৱনক উকা কৰি যোৱা নিশা প্ৰায় ১০-৩০ বজাত তেজপুৰৰ এখন নাৰ্ছিং হ’মত পৰলোক প্ৰাপ্তি ঘটে বিদূষী মহিলা গৰাকীৰ৷ এই খবৰে‍ বিদূষী মহিলা গৰাকীৰ গুণমুগ্ধ সকলোকে ম্ৰিয়মান কৰি তুলিছে। উল্লেখযোগ্য যে, বাৰ্দ্ধক্যজনিত কাৰণত অসুস্থ হৈ চাৰি ফেব্ৰুৱাৰীৰ পৰা…

তিনিচুকীয়াৰ গুইজানত নৱনিৰ্মীত শ্বহীদ ভৱন উদ্বোধন কৰিলে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ ফেব্ৰুৱাৰীঃ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আজি তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গুইজান বজাৰত নৱনিৰ্মীত গুইজান শাখা ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱন উদ্বোধন কৰে৷ বিহু, ঝুমুৰ, মিছিং বিহুকে আদি কৰি একাধিক সাংস্কৃতিক দলৰ লগতে বহু সংখ্যক স্থানীয় ৰাইজৰ সৈতে আছুৰ কৰ্মীসকলে ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকজনক আদৰণি জনোৱাৰ পাছত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ অন্তত শংকৰজ্যোতি বৰুৱাই ফিটা কাটি শ্বহীদ ভৱনটো উদ্বোধন কৰে ৷ অনুষ্ঠানত জিলা আছুৰ…

তেজপুৰৰ এটিএমত পোষ্টাৰঃআদানীয়ে সকলো টকা লৈ গ’ল!

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৯ফেব্ৰুৱাৰীঃ “এটিএমত টকা নাই,আদানীয়ে সকলো টকা লৈ গ’ল”! আজি তেজপুৰৰ এটিএমত এনেদৰে কোনো অজ্ঞাতলোকে আঁৰি দিয়া পোষ্টাৰক কেন্দ্ৰকৰি ব্যাপক চৰ্চা চলিছে চহৰখনত৷উল্লেখযোগ্য যে,চহৰখনৰ আদালত চাৰিআলিত থকা ষ্টেটবেংকৰ এটিএমত এনেদৰে এখন পোষ্টাৰ মাৰি থোৱা দেখিবলৈ পায় বহুসংখ্যক লোকে৷পাছত এই বিষয়ে জানিব পাৰি আৰক্ষীয়ে এই পোষ্টাৰ ফালি আতৰাই নিয়ে৷এই পোষ্টাৰ সমূহ কোনে আৰিলে সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই য’দিও শেহতীয়াকৈ বৃহৎ পুঁজিপতি আদানীয়ে ষ্টেটবেংক আৰু এল আইচিৰ পৰা বৃহৎ পৰিমানৰ ঋণ লাভকৰা বিষয়টোৰ ক্ষেত্ৰত উদ্ভৱ হোৱা…

শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত হোটেল মেনেজমেন্ট আৰু হস্পিতেলিটিৰ ওপৰত কেৰিয়াৰ কাউন্সিলিং সম্পন্ন 

শতাব্দ প্ৰতিনিধি, তেজপুৰ ৯ ফেব্ৰুৱাৰীঃ আমাৰ ভৱিষ্যত প্ৰজন্মৰ আৰ্থিক সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰি অহা বিভিন্ন আঁচনি আৰু অহা শৈক্ষিক অনুষ্ঠান সমূহৰ ভিতৰত শেহতীয়াকৈ হোটেল মেনেজমেন্ট আৰু হস্পিতেলিটি বিভাগটোৱে সাম্প্ৰতিক সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ সময়তে আজি শোণিতপুৰ জিলাৰ উপায়ুক্তৰ সভাকক্ষত তেজপুৰৰ বিভিন্ন প্ৰান্তৰ ১২ খনকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ প্ৰায় তিনিশতাধিক শিক্ষাৰ্থীক এই নিৰ্দিষ্ট বিষয়টিৰ  কেৰিয়াৰ কাউন্সিলিং কৰা হয়। নয়দাস্হিত নেচনেল কাউন্সিল অৱ হোটেল মেনেজমেন্ট এণ্ড…

তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত নিচা মুক্তি উপচাৰ সুবিধা (এ টি এ এফ) উদ্ঘাটন

শতাব্দ প্ৰতিনিধি, তেজপুৰ ৯ ফেব্ৰুৱাৰীঃ সামাজিক ন্যায় আৰু অধিকাৰীক মন্ত্ৰালয়ৰ মুখ্য বিষয় "নিচা মুক্ত ভাৰত" ৰ তত্বাৱধানত ভাৰ্চুৱেল মাধ্যমত সমগ্র দেশতে আজি ২৫ টাকৈ নিচা মুক্তি উপচাৰ সুবিধা (ATAF) কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয়। এই কেন্দ্ৰ স্থাপনৰ অংশ হিচাপে আজি তেজপুৰস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানটো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এটা কেন্দ্ৰ স্থাপন কৰা হয়। পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত এই কেন্দ্ৰীয় অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰিয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যনন্দ ৰায়ৰ লগতে ডা০ বীৰেন্দ্র কুমাৰ, কেন্দ্ৰীয় সামাজিক…