Browsing Category
অসম
তিনিচুকীয়াৰ গুইজানত নৱনিৰ্মীত শ্বহীদ ভৱন উদ্বোধন কৰিলে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ ফেব্ৰুৱাৰীঃ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আজি তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গুইজান বজাৰত নৱনিৰ্মীত গুইজান শাখা ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱন উদ্বোধন কৰে৷ বিহু, ঝুমুৰ, মিছিং বিহুকে আদি কৰি একাধিক সাংস্কৃতিক দলৰ লগতে বহু সংখ্যক স্থানীয় ৰাইজৰ সৈতে আছুৰ কৰ্মীসকলে ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকজনক আদৰণি জনোৱাৰ পাছত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ অন্তত শংকৰজ্যোতি বৰুৱাই ফিটা কাটি শ্বহীদ ভৱনটো উদ্বোধন কৰে ৷ অনুষ্ঠানত জিলা আছুৰ…
তেজপুৰৰ এটিএমত পোষ্টাৰঃআদানীয়ে সকলো টকা লৈ গ’ল!
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৯ফেব্ৰুৱাৰীঃ “এটিএমত টকা নাই,আদানীয়ে সকলো টকা লৈ গ’ল”! আজি তেজপুৰৰ এটিএমত এনেদৰে কোনো অজ্ঞাতলোকে আঁৰি দিয়া পোষ্টাৰক কেন্দ্ৰকৰি ব্যাপক চৰ্চা চলিছে চহৰখনত৷উল্লেখযোগ্য যে,চহৰখনৰ আদালত চাৰিআলিত থকা ষ্টেটবেংকৰ এটিএমত এনেদৰে এখন পোষ্টাৰ মাৰি থোৱা দেখিবলৈ পায় বহুসংখ্যক লোকে৷পাছত এই বিষয়ে জানিব পাৰি আৰক্ষীয়ে এই পোষ্টাৰ ফালি আতৰাই নিয়ে৷এই পোষ্টাৰ সমূহ কোনে আৰিলে সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই য’দিও শেহতীয়াকৈ বৃহৎ পুঁজিপতি আদানীয়ে ষ্টেটবেংক আৰু এল আইচিৰ পৰা বৃহৎ পৰিমানৰ ঋণ লাভকৰা বিষয়টোৰ ক্ষেত্ৰত উদ্ভৱ হোৱা…
শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত হোটেল মেনেজমেন্ট আৰু হস্পিতেলিটিৰ ওপৰত কেৰিয়াৰ কাউন্সিলিং সম্পন্ন
শতাব্দ প্ৰতিনিধি, তেজপুৰ ৯ ফেব্ৰুৱাৰীঃ আমাৰ ভৱিষ্যত প্ৰজন্মৰ আৰ্থিক সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰি অহা বিভিন্ন আঁচনি আৰু অহা শৈক্ষিক অনুষ্ঠান সমূহৰ ভিতৰত শেহতীয়াকৈ হোটেল মেনেজমেন্ট আৰু হস্পিতেলিটি বিভাগটোৱে সাম্প্ৰতিক সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ সময়তে আজি শোণিতপুৰ জিলাৰ উপায়ুক্তৰ সভাকক্ষত তেজপুৰৰ বিভিন্ন প্ৰান্তৰ ১২ খনকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ প্ৰায় তিনিশতাধিক শিক্ষাৰ্থীক এই নিৰ্দিষ্ট বিষয়টিৰ কেৰিয়াৰ কাউন্সিলিং কৰা হয়। নয়দাস্হিত নেচনেল কাউন্সিল অৱ হোটেল মেনেজমেন্ট এণ্ড…
তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত নিচা মুক্তি উপচাৰ সুবিধা (এ টি এ এফ) উদ্ঘাটন
শতাব্দ প্ৰতিনিধি, তেজপুৰ ৯ ফেব্ৰুৱাৰীঃ সামাজিক ন্যায় আৰু অধিকাৰীক মন্ত্ৰালয়ৰ মুখ্য বিষয় "নিচা মুক্ত ভাৰত" ৰ তত্বাৱধানত ভাৰ্চুৱেল মাধ্যমত সমগ্র দেশতে আজি ২৫ টাকৈ নিচা মুক্তি উপচাৰ সুবিধা (ATAF) কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয়। এই কেন্দ্ৰ স্থাপনৰ অংশ হিচাপে আজি তেজপুৰস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানটো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এটা কেন্দ্ৰ স্থাপন কৰা হয়। পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত এই কেন্দ্ৰীয় অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰিয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যনন্দ ৰায়ৰ লগতে ডা০ বীৰেন্দ্র কুমাৰ, কেন্দ্ৰীয় সামাজিক…
ঐশ্বৰ্য্য কাকতিলৈ “জীৱনজোৰা লোককৃষ্টি সাধনা বঁটা”
শতাব্দ প্ৰতিনিধি, তেজপুৰ ৯ ফেব্ৰুৱাৰীঃ নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰাপক তেজপুৰৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট্যকাৰ-পৰিচালক, ঔপন্যাসিক, প্ৰাবন্ধিক ঐশ্বৰ্য্য কাকতিলৈ সদৌ অসম সাংস্কৃতিক সুৰক্ষা পৰিষদে আগবঢ়াইছে ২০২৩ বৰ্ষৰ "জীৱনজোৰা লোককৃষ্টি সাধনা বঁটা"। উল্লেখ্য যে, অহা ২৬ ফেব্ৰুৱাৰীৰ দিনৰ ১ বজাত "ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যাণ", অসম চৰকাৰৰ সহযোগত গুৱাহাটীস্থ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ মাধৱদেৱ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত এক মননশীল অনুষ্ঠানত বিশিষ্ট নাট্য আৰু কথাশিল্পী গৰাকীক আনুষ্ঠানিক ভাৱে এই…
দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ৰ বুজাবুজি চুক্তি সম্পন্ন
শতাব্দ প্ৰতিনিধি, তেজপুৰ ৯ ফেব্ৰুৱাৰীঃ অসমৰ উত্তৰ পাৰৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ে কালি তেজপুৰ মহাবিদ্যালয়ৰ আলোচনা কক্ষত এখনি বুজাবুজিৰ চুক্তি সম্পাদন কৰে৷ তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতি কমল হাজৰিকাৰ সভাপত্বিত অনুষ্ঠিত সভাত দৰং মহাবিদ্যালয়ৰ অধক্ষ্য ডঃ পলাশ মণি শইকীয়াই বক্তব্য প্ৰদান কৰি কয় যে- তেজপুৰৰ দুয়োখন মহাবিদ্যালয় একেলগে কাম কৰিলে দুয়োখন মহাবিদ্যালয় উপকৃত হোৱাৰ লগতে দুয়োখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হব৷ বৰ্তমানৰ নতুন শিক্ষানীতিত এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব…
লখিমপুৰ ৰেলৱে ষ্টেচনত চলন্ত ৰেলত অচিনাক্ত মৃতদেহ উদ্ধাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৯ ফেব্ৰুৱাৰীঃ আজি পুৱতি নিশা প্ৰায় ৯.৩০ বজাত উত্তৰ লখিমপুৰ ৰেলৱে ষ্টেচনত এজন লোকৰ এটা মৃতদেহ উদ্ধাৰ হয়৷ প্ৰত্যক্ষদৰ্শী আৰু আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি ডেকাৰগাঁও-মুৰ্কংচেলেক অভিমুখী উজনিমুৱা যাত্ৰীবাহী ৰেলখন আজি পুৱা ৯.৩০ মান বজাত উত্তৰ লখিমপুৰ ৰেলৱে ষ্টেচনত ৰখোৱাৰ সময়তে ৰেলৰ চিটত মৃত অৱস্থাত এজন লোকৰ মৃতদেহ উদ্ধাৰ হয়৷ বৰ্ষীয়ান লোকজনক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই৷ ৬০ উদ্ধৰ্ৰ লোকজনে এটা চাৰ্ট আৰু চুৰিয়া পৰিধান কৰি আহিছিল৷ সকলোৱে সন্দেহ কৰা অনুসৰি প্ৰচণ্ড ঠাণ্ডাৰ প্ৰকোপতে অচিনাক্ত বৰ্ষীয়ান…
বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত যুৱ-ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি লখিমপুৰ, ৯ ফেব্ৰুৱাৰীঃ আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে লখিমপুৰ বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয় সন্মুখত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ প্ৰতিবাদতে আজি সংগঠনটোৱে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ অসম শক্তি বিতাৰক কোম্পানী লিমিটেডে প্ৰতি ইউনিটত ৩০ পইচাকৈ বিদ্যুৎ মাচুল বৃদ্ধিৰ বাবে জাননী জাৰি কৰি উক্ত হাৰত উপভোক্তাৰ পৰা মাচুল সংগ্ৰহ কৰাৰ প্ৰতিবাদতে আজি সংগঠনটোৱে এনে কাৰ্যসূচী গ্ৰহণ কৰে৷ দুপৰীয়া প্ৰায় ১২ বজাত…
এমাহে ছীল অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ লীলাবাৰী শাখা
শতাব্দ প্ৰতিনিধি লখিমপুৰ, ৯ ফেব্ৰুৱাৰীঃ সাৰদা, ৰ'জভেলীৰ দৰেই এতিয়া বিত্তীয় কেলেংকাৰীত নাম সাঙোৰ খাই পৰিছে যোৰহাট জিলাৰ তৰাজান আশীষ নগৰত মুখ্য কাৰ্যালয় থকা অসম বহুমুখী সমবায় সমিতি লিমিটেড নামৰ গ্ৰাহকৰ লগত বিত্তীয় লেনদেন অব্যাহত ৰখা সমিতিখনৰ নাম। উল্লেখ্য যে, এই সমিতিখনে লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত চিয়াজুলি ষ্টেচন তিনিআলিত লীলাবাৰী (চিয়াজুলি) নামেৰে এটা শাখা যোৱা প্ৰায় পাঁচ বছৰ পূৰ্বে মুকলি কৰিছিল। সেই অনুসৰি শাখা কাৰ্যালয়টো পৰিচালনাৰ দায়িত্ব মৃদুল বড়ো নামৰ এগৰাকী ব্যক্তিৰ ওপৰত অৰ্পণ কৰি যোৱা প্ৰায় পাঁচ বছৰ ধৰি…
তেজপুৰকে ধৰি ৰাজ্যৰ ছয় স্থানলৈ উড়ান আঁচনিৰ অধীনত হেলিকপ্টাৰ সেৱা আৰম্ভ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৮ ফেব্ৰুৱাৰীঃ প্ৰতিকুল বতৰ সত্বেও আজি তেজপুৰৰ লগতে ৰাজ্যখনৰ ছয় আকাশী পথৰে আৰম্ভ হৈছে পৱন হংসৰ হেলিকপ্টাৰ সেৱা৷ দেশৰ কেন্দ্ৰীয় চৰকাৰৰ আঞ্চলিক যোগাযোগ সেৱা আঁচনি চমুকৈ আৰ চিচিৰ উৰে দেশ কী আম নাগৰিক অৰ্থাৎ উড়ানৰ অধীনত আজিৰে পৰা তেজপুৰক সংযোগ কৰি আৰম্ভ হ'ল এই সেৱা। আজি দিনৰ ১.১৫ বজাত তেজপুৰ বিমান কোঠত অৱতৰণ কৰে উড়ান আঁচনিৰ অধীনত প্ৰথমখন হেলিকপ্টাৰ।পৱনহংস লিমিটেডৰ ১১খন আসনযুক্ত হেলিকপ্টাৰ সেৱাৰ অধীনত ৰাজ্যৰ ছয় স্থানলৈ হেলিকপ্টাৰ সপ্তাহত তিনিদিন চলিব। ডিব্ৰুগড়ৰ পৰা মূলতঃ চলিব লগীয়া এই সেৱা যোৰহাট,…
