Browsing Category
অসম
ঢেকিয়াজুলি অৰবিন্দ বিদ্যা নিকেতন উচ্চ মাধ্যমিকত মধ্যাহ্ন ভোজনৰ বিসংগতি
শতাব্দ ৰিপ’ৰ্টাৰ, তেজপুৰ,৮ ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ ঢেকিয়াজুলি শিক্ষাখণ্ড অধীনস্থ লুলুকাই অৰবিন্দ বিদ্যা নিকেতন উচ্চ মাধ্যমিক বিদ্যালয়ত আজি মধ্যহ্ন ভোজনৰ চাউলৰ বিসংগতিৰ তদন্তৰ বাবে উপস্থিত হয়হি জিলা তদন্তকাৰী বিষয়া নিপুমণি বৰুৱা৷ উল্লেখ্য যে বিদ্যালয়খনত গেলি পঁচি যোৱা চাউলেৰে ছাত্ৰ-ছাত্ৰীৰ বাবে মধ্যাহ্ন ভোজনৰ খাদ্য প্ৰস্তুত কৰাৰ অভিযোগ অভিবাবকৰ লগতে স্থানীয় ৰাইজৰ৷ ইয়াকে লৈ যোৱা ছয় ফেব্ৰুৱাৰীত উক্ত বিদ্যালয়খনত অভিবাবক আৰু স্থানীয় ৰাইজে সৃষ্টি কৰিছিল উত্তপ্ত পৰিস্থিতিৰ৷ আনকি বহু সময় আৱদ্ধ কৰি ৰাখিছিল বিদ্যালয়খনৰ…
লখিমপুৰত মহিলা সহ ৪ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৮ ফেব্ৰুৱাৰীঃ ড্ৰাগছৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীয়ে মাৰাথান অভিযান অব্যাহত ৰখাৰ পাছতো জিলা খনৰ বিভিন্ন স্থানত এতিয়াও সক্ৰীয় হৈ আছে ড্ৰাগছৰ ব্যৱসায়। লখিমপুৰত আজিও আৰক্ষীৰ জালত পৰিছে কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰী। লখিমপুৰ জিলাৰ চুতিয়াকাৰিত আজি আৰক্ষীয়ে কৰায়ত্ত কৰিলে ড্ৰাগছসহ তিনিটাকৈ ড্ৰাগছ ব্যৱসায়ী। প্ৰাপ্ত তথ্য অনুসৰি ডিজুৰ পৰা এখন এল্ট’গাড়ী ৰে বিক্ৰী কৰিবলৈ আনিছিল প্ৰায় ১১.০৩ গ্ৰাম সন্দেহযুক্ত হিৰইন৷ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই লখিমপুৰ ডিজুৰ ইচামুদ্দিন, ফইজুল ইছলাম আৰু ৰংপুৰীয়া শনি…
লেখক-বেংক বিষয়া বিপিন শইকীয়াৰ দেহাৱসান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ ফেব্ৰুৱাৰীঃ লখিমপুৰ নগৰৰ চি ডি ৰোড নিবাসী, অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰপ্ৰাপ্ত বেংক বিষয়া, সাংবাদিক, নিবন্ধকাৰ, গীতিকাৰ, জিকিৰ গায়ক, স্তম্ভ লেখক, সুবক্তা তথা জ্যেষ্ঠ নাগৰিক বিপিন শইকীয়াৰ আজি মৃত্যু ঘটে ৷ শইকীয়া বিগত কিছুদিন ধৰি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল৷ শেহতীয়াকৈ তেওঁক উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ নিয়া হৈছিল যদিও কোনো সুফল নাপালে৷ তেওঁৰ মৃত্যুত লখিমপুৰবাসীয়ে এগৰাকী ভাল সমাজসেৱক, নিবন্ধকাৰ, গীতিকাৰ, জিকিৰ গায়ক আৰু এগৰাকী সুবক্তা হেৰুৱালে৷ সৰুৰে পৰাই লিখা-মেলাত ৰাগ থকা বিপিন…
নাক আমন্ত্ৰণ নকৰা মহাবিদ্যালয়ৰ শিক্ষকৰ দৰমহা কৰ্তনৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত থৰকাছুটি হেৰুৱাইছে একাংশ কলেজ শিক্ষকে
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ ফেব্ৰুৱাৰী :এসময়ৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত ২০১১ চনৰ প্ৰদেশীকৃত বিলৰ আওতাত সহস্ৰাধিক অপ্ৰাদেশিকৃত কলেজ শিক্ষকৰ পদ প্ৰাদেশীকৃত হৈছিল আৰু ইয়াৰে বহু সংখ্যক মহাবিদ্যালয় ভেঞ্চাৰ পৰ্যায়ৰ পৰা উৰ্ত্তীণ ঘটি প্ৰাদেশীকৰণৰ সঞ্জীৱনী সুধা পান কৰিছিল। স্মৰ্তব্য যে মহাবিদ্যালয়সমূহৰ সামগ্ৰিক বিকাশৰ মাপকাঠি নিৰ্ণয়ৰ কৰে ৰাষ্ট্ৰীয় মূল্যায়ণ আৰু স্বীকৃতি সংস্হা চমুকৈ NAAC য়ে। মহাবিদ্যালয়সমূহে নিজৰ গুণগত মান নিৰূপনৰ বাবে প্ৰতি পাঁচ বছৰৰ ব্যৱধানত NAAC আমন্ত্ৰণ…
ঢেকিয়াজুলিৰ মনুজুলি গাঁৱত সঠিক ৰূপত পথ নিৰ্মাণৰ দাবী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৭ফেব্ৰুৱাৰীঃ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ চেনীমাৰী গাওঁ পঞ্চায়ত এলেকাৰ মনুজুলি গাঁৱত আজি এটা পথ সঠিক ভাবে নিৰ্মাণৰ দাবীত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ অভিযোগ অনুসৰি, মনুজুলি গাঁৱৰ শংকৰ ৰায়ৰ ঘৰৰ পৰা সুকুমাৰ বৈশ্যৰ ঘৰলৈকে ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত অতিকৈ গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণৰ বাবে চেনীমাৰী গাওঁ পঞ্চায়তে ২০২১-২২ ত তিনি লাখ ২৬ হেজাৰ ৩৮ টকা আবন্টন দিছিল৷ ইয়াৰ বিপৰীতে ৰাইজৰ অভিযোগ অনুসৰি পথচোৱা নিৰ্মাণৰে জড়িত সকলে মাত্ৰ ৩০ হেজাৰ মান টকাৰ কাম কৰিয়েই দায়িত্ব সামৰিব বিচৰাছে৷ ৰাইজে এই ক্ষেত্ৰত…
নামঘৰৰ মাজেদিয়েই সমাজখন শৃংখলিতভাবে চলি আছে- ননীগোপাল দেৱগোস্বামী, সত্ৰাধিকাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ ফেব্ৰুৱাৰীঃ ‘ধৰ্ম হ’ল এটা উপায়- যাৰ মাধ্যমেৰে এখন সমাজক তললৈ পৰি নেযোৱাকৈ ধৰি ৰখা হয়৷ এজনে আন এজনৰ লগত সম্পৰ্ক স্থাপন কৰা কৰে৷ যাক ধাৰণ কৰিলে সমাজ আৰু ঘৰখনক ধৰি ৰাখিব পাৰি, ইয়াৰ বাবে কিছুমান নীতি-নিদেৰ্শনা, আচাৰ-ব্যৱহাৰ লাগে, যি নীতিয়ে জ্ঞান দিয়ে সেয়াই ধৰ্ম আৰু মানি ল’ব নোৱাৰা নীতি হ’লেই অধৰ্ম হয়৷ নামঘৰৰ মাজেদিয়েই সমাজখন শৃংখলিতভাবে চলি আছে৷ এই মন্তব্য কৰে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে৷ উল্লেখ্যযে, চাৰি ফেব্ৰুৱাৰী,২০২৩ৰ পৰা তিনিদিনীয়াকৈ আয়োজিত শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ শাখা…
তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, লেখিকা মৃণালী চেতিয়া সংকটজনক অৱস্থাত তেজপুৰৰ চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ ফেব্ৰুৱাৰী : তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব, বিশিষ্ট শিক্ষাবিদ, লেখিকা তথা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ জী নাতি, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন উপদেষ্টা মৃণালী চেতিয়া বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ যোৱা ৪ ফেব্ৰুৱাৰীৰ পৰা অতি সংকটজনক অৱস্থাত তেজপুৰৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হ'ব লগা হৈছে । তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা, ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক, অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন প্ৰাপক ৮৯ বছৰীয়া বিদূষী গৰাকীৰ শৰীৰৰ…
ডন ব’স্ক’ বিশ্ববিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা অনুষ্ঠান সম্পন্ন
গুৱাহাটী, ৭ ফেব্ৰুৱাৰী : অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ৭ ফেব্ৰুৱাৰী তাৰিখে আজাৰা চৌহদৰ কনফাৰেন্স হলত এখন প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা অনুষ্ঠান সম্পন্ন হয়। যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁয়ে সমল ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা অনুষ্ঠানৰ গুৰুত্ব উল্লেখ কৰি আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে যান্ত্রিক অভিযান্ত্রিক বিভাগৰ প্রাক্তন ছাত্র অভিজিৎ বৰুৱা । এই অনুষ্ঠানত…
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়লৈ নাকৰ ‘বি’ গ্ৰেড
উত্তৰ লখিমপুৰ, ৭ ফেব্ৰুৱাৰীঃ ১৮ বছৰৰ দীঘলীয়া ব্যৱধানৰ অন্তত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ক দ্বিতীয় চক্ৰৰ ‘বি’ গ্ৰেড প্ৰদান কৰিছে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ (নাক)-বাংগালুৰুৱে। নাকে আজি এই কথা তেওঁলোকৰ পৰিদৰ্শন দলৰ মহাবিদ্যালয়ৰ ভ্ৰমণৰ পিছতে ঘোষণা কৰে। হাৰিয়ানাৰ চৌধুৰী দেৱী লাল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ আজমেৰ সিং মালিক, হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ অধ্যাপক ড০ শিবা উদগত' আৰু মুম্বাইৰ এছ ই এম টিৰ এম বি হেৰিছ কলেজ অৱ আৰ্টছৰ আৰু এ ই কালছেকাৰ কলেজ অৱ কমাৰ্চ এণ্ড মেনেজমেণ্টৰ অধ্যক্ষ ড০…
জাতীয় শ্বহীদ ভূপেন ডেকাৰ স্মৃতি জীপাল কৰি ৰাখিবলৈ বিগত ২২ বছৰে নিজে নাটক লিখি, পৰিচালনা আৰু মঞ্চস্থ কৰি দৃষ্টান্ত দাঙি ধৰিছে তেজপুৰৰ বন্ধু…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ৭ফেব্ৰুৱাৰীঃ অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ শ্বহীদ তথা এসময়ৰ দক্ষ অভিনেতা ভূপেন ডেকাৰ তেজপুৰৰ সহপাঠী বন্ধু এগৰাকীয়ে বন্ধুৰ সোঁৱৰণত বিগত ২২ বছৰে নিজৰ জেপৰ ধনেৰে নাট মঞ্চস্থ কৰি এক বিশেষ দৃষ্টান্ত দাঙি ধৰি অহাৰ পিছত এইবাৰো অহা ২০ মাৰ্চত জাতীয় শ্বহীদ ভূপেন ডেকা স্মৃতি দিৱসৰ দিনটোত ২৩ সংখ্যক নাট মঞ্চস্থৰ বাবে কালি নিশাৰ পৰা পুনৰ সাজু হৈছে। উল্লেখ্য যে জাতীয় শ্বহীদ ভূপেন ডেকাৰ বন্ধু কৰুণা শইকীয়াৰ তৎপৰতাত গঢ়ি উঠা "নাট্যশ্ৰী" নামৰ নাট্যানুষ্ঠানটিয়ে ১৯৮৩ চনত এগৰাকী দক্ষ নাট্যশিল্পী তথা সদৌ অসম ছাত্ৰ…
