Browsing Category
অসম
ঐশ্বৰ্য্য কাকতিলৈ “জীৱনজোৰা লোককৃষ্টি সাধনা বঁটা”
শতাব্দ প্ৰতিনিধি, তেজপুৰ ৯ ফেব্ৰুৱাৰীঃ নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰাপক তেজপুৰৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট্যকাৰ-পৰিচালক, ঔপন্যাসিক, প্ৰাবন্ধিক ঐশ্বৰ্য্য কাকতিলৈ সদৌ অসম সাংস্কৃতিক সুৰক্ষা পৰিষদে আগবঢ়াইছে ২০২৩ বৰ্ষৰ "জীৱনজোৰা লোককৃষ্টি সাধনা বঁটা"। উল্লেখ্য যে, অহা ২৬ ফেব্ৰুৱাৰীৰ দিনৰ ১ বজাত "ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যাণ", অসম চৰকাৰৰ সহযোগত গুৱাহাটীস্থ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ মাধৱদেৱ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত এক মননশীল অনুষ্ঠানত বিশিষ্ট নাট্য আৰু কথাশিল্পী গৰাকীক আনুষ্ঠানিক ভাৱে এই…
দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ৰ বুজাবুজি চুক্তি সম্পন্ন
শতাব্দ প্ৰতিনিধি, তেজপুৰ ৯ ফেব্ৰুৱাৰীঃ অসমৰ উত্তৰ পাৰৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ে কালি তেজপুৰ মহাবিদ্যালয়ৰ আলোচনা কক্ষত এখনি বুজাবুজিৰ চুক্তি সম্পাদন কৰে৷ তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতি কমল হাজৰিকাৰ সভাপত্বিত অনুষ্ঠিত সভাত দৰং মহাবিদ্যালয়ৰ অধক্ষ্য ডঃ পলাশ মণি শইকীয়াই বক্তব্য প্ৰদান কৰি কয় যে- তেজপুৰৰ দুয়োখন মহাবিদ্যালয় একেলগে কাম কৰিলে দুয়োখন মহাবিদ্যালয় উপকৃত হোৱাৰ লগতে দুয়োখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হব৷ বৰ্তমানৰ নতুন শিক্ষানীতিত এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব…
লখিমপুৰ ৰেলৱে ষ্টেচনত চলন্ত ৰেলত অচিনাক্ত মৃতদেহ উদ্ধাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৯ ফেব্ৰুৱাৰীঃ আজি পুৱতি নিশা প্ৰায় ৯.৩০ বজাত উত্তৰ লখিমপুৰ ৰেলৱে ষ্টেচনত এজন লোকৰ এটা মৃতদেহ উদ্ধাৰ হয়৷ প্ৰত্যক্ষদৰ্শী আৰু আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি ডেকাৰগাঁও-মুৰ্কংচেলেক অভিমুখী উজনিমুৱা যাত্ৰীবাহী ৰেলখন আজি পুৱা ৯.৩০ মান বজাত উত্তৰ লখিমপুৰ ৰেলৱে ষ্টেচনত ৰখোৱাৰ সময়তে ৰেলৰ চিটত মৃত অৱস্থাত এজন লোকৰ মৃতদেহ উদ্ধাৰ হয়৷ বৰ্ষীয়ান লোকজনক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই৷ ৬০ উদ্ধৰ্ৰ লোকজনে এটা চাৰ্ট আৰু চুৰিয়া পৰিধান কৰি আহিছিল৷ সকলোৱে সন্দেহ কৰা অনুসৰি প্ৰচণ্ড ঠাণ্ডাৰ প্ৰকোপতে অচিনাক্ত বৰ্ষীয়ান…
বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত যুৱ-ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি লখিমপুৰ, ৯ ফেব্ৰুৱাৰীঃ আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে লখিমপুৰ বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয় সন্মুখত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ প্ৰতিবাদতে আজি সংগঠনটোৱে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ অসম শক্তি বিতাৰক কোম্পানী লিমিটেডে প্ৰতি ইউনিটত ৩০ পইচাকৈ বিদ্যুৎ মাচুল বৃদ্ধিৰ বাবে জাননী জাৰি কৰি উক্ত হাৰত উপভোক্তাৰ পৰা মাচুল সংগ্ৰহ কৰাৰ প্ৰতিবাদতে আজি সংগঠনটোৱে এনে কাৰ্যসূচী গ্ৰহণ কৰে৷ দুপৰীয়া প্ৰায় ১২ বজাত…
এমাহে ছীল অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ লীলাবাৰী শাখা
শতাব্দ প্ৰতিনিধি লখিমপুৰ, ৯ ফেব্ৰুৱাৰীঃ সাৰদা, ৰ'জভেলীৰ দৰেই এতিয়া বিত্তীয় কেলেংকাৰীত নাম সাঙোৰ খাই পৰিছে যোৰহাট জিলাৰ তৰাজান আশীষ নগৰত মুখ্য কাৰ্যালয় থকা অসম বহুমুখী সমবায় সমিতি লিমিটেড নামৰ গ্ৰাহকৰ লগত বিত্তীয় লেনদেন অব্যাহত ৰখা সমিতিখনৰ নাম। উল্লেখ্য যে, এই সমিতিখনে লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত চিয়াজুলি ষ্টেচন তিনিআলিত লীলাবাৰী (চিয়াজুলি) নামেৰে এটা শাখা যোৱা প্ৰায় পাঁচ বছৰ পূৰ্বে মুকলি কৰিছিল। সেই অনুসৰি শাখা কাৰ্যালয়টো পৰিচালনাৰ দায়িত্ব মৃদুল বড়ো নামৰ এগৰাকী ব্যক্তিৰ ওপৰত অৰ্পণ কৰি যোৱা প্ৰায় পাঁচ বছৰ ধৰি…
তেজপুৰকে ধৰি ৰাজ্যৰ ছয় স্থানলৈ উড়ান আঁচনিৰ অধীনত হেলিকপ্টাৰ সেৱা আৰম্ভ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৮ ফেব্ৰুৱাৰীঃ প্ৰতিকুল বতৰ সত্বেও আজি তেজপুৰৰ লগতে ৰাজ্যখনৰ ছয় আকাশী পথৰে আৰম্ভ হৈছে পৱন হংসৰ হেলিকপ্টাৰ সেৱা৷ দেশৰ কেন্দ্ৰীয় চৰকাৰৰ আঞ্চলিক যোগাযোগ সেৱা আঁচনি চমুকৈ আৰ চিচিৰ উৰে দেশ কী আম নাগৰিক অৰ্থাৎ উড়ানৰ অধীনত আজিৰে পৰা তেজপুৰক সংযোগ কৰি আৰম্ভ হ'ল এই সেৱা। আজি দিনৰ ১.১৫ বজাত তেজপুৰ বিমান কোঠত অৱতৰণ কৰে উড়ান আঁচনিৰ অধীনত প্ৰথমখন হেলিকপ্টাৰ।পৱনহংস লিমিটেডৰ ১১খন আসনযুক্ত হেলিকপ্টাৰ সেৱাৰ অধীনত ৰাজ্যৰ ছয় স্থানলৈ হেলিকপ্টাৰ সপ্তাহত তিনিদিন চলিব। ডিব্ৰুগড়ৰ পৰা মূলতঃ চলিব লগীয়া এই সেৱা যোৰহাট,…
ঢেকিয়াজুলি অৰবিন্দ বিদ্যা নিকেতন উচ্চ মাধ্যমিকত মধ্যাহ্ন ভোজনৰ বিসংগতি
শতাব্দ ৰিপ’ৰ্টাৰ, তেজপুৰ,৮ ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ ঢেকিয়াজুলি শিক্ষাখণ্ড অধীনস্থ লুলুকাই অৰবিন্দ বিদ্যা নিকেতন উচ্চ মাধ্যমিক বিদ্যালয়ত আজি মধ্যহ্ন ভোজনৰ চাউলৰ বিসংগতিৰ তদন্তৰ বাবে উপস্থিত হয়হি জিলা তদন্তকাৰী বিষয়া নিপুমণি বৰুৱা৷ উল্লেখ্য যে বিদ্যালয়খনত গেলি পঁচি যোৱা চাউলেৰে ছাত্ৰ-ছাত্ৰীৰ বাবে মধ্যাহ্ন ভোজনৰ খাদ্য প্ৰস্তুত কৰাৰ অভিযোগ অভিবাবকৰ লগতে স্থানীয় ৰাইজৰ৷ ইয়াকে লৈ যোৱা ছয় ফেব্ৰুৱাৰীত উক্ত বিদ্যালয়খনত অভিবাবক আৰু স্থানীয় ৰাইজে সৃষ্টি কৰিছিল উত্তপ্ত পৰিস্থিতিৰ৷ আনকি বহু সময় আৱদ্ধ কৰি ৰাখিছিল বিদ্যালয়খনৰ…
লখিমপুৰত মহিলা সহ ৪ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৮ ফেব্ৰুৱাৰীঃ ড্ৰাগছৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীয়ে মাৰাথান অভিযান অব্যাহত ৰখাৰ পাছতো জিলা খনৰ বিভিন্ন স্থানত এতিয়াও সক্ৰীয় হৈ আছে ড্ৰাগছৰ ব্যৱসায়। লখিমপুৰত আজিও আৰক্ষীৰ জালত পৰিছে কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰী। লখিমপুৰ জিলাৰ চুতিয়াকাৰিত আজি আৰক্ষীয়ে কৰায়ত্ত কৰিলে ড্ৰাগছসহ তিনিটাকৈ ড্ৰাগছ ব্যৱসায়ী। প্ৰাপ্ত তথ্য অনুসৰি ডিজুৰ পৰা এখন এল্ট’গাড়ী ৰে বিক্ৰী কৰিবলৈ আনিছিল প্ৰায় ১১.০৩ গ্ৰাম সন্দেহযুক্ত হিৰইন৷ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই লখিমপুৰ ডিজুৰ ইচামুদ্দিন, ফইজুল ইছলাম আৰু ৰংপুৰীয়া শনি…
লেখক-বেংক বিষয়া বিপিন শইকীয়াৰ দেহাৱসান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ ফেব্ৰুৱাৰীঃ লখিমপুৰ নগৰৰ চি ডি ৰোড নিবাসী, অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰপ্ৰাপ্ত বেংক বিষয়া, সাংবাদিক, নিবন্ধকাৰ, গীতিকাৰ, জিকিৰ গায়ক, স্তম্ভ লেখক, সুবক্তা তথা জ্যেষ্ঠ নাগৰিক বিপিন শইকীয়াৰ আজি মৃত্যু ঘটে ৷ শইকীয়া বিগত কিছুদিন ধৰি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল৷ শেহতীয়াকৈ তেওঁক উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ নিয়া হৈছিল যদিও কোনো সুফল নাপালে৷ তেওঁৰ মৃত্যুত লখিমপুৰবাসীয়ে এগৰাকী ভাল সমাজসেৱক, নিবন্ধকাৰ, গীতিকাৰ, জিকিৰ গায়ক আৰু এগৰাকী সুবক্তা হেৰুৱালে৷ সৰুৰে পৰাই লিখা-মেলাত ৰাগ থকা বিপিন…
নাক আমন্ত্ৰণ নকৰা মহাবিদ্যালয়ৰ শিক্ষকৰ দৰমহা কৰ্তনৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত থৰকাছুটি হেৰুৱাইছে একাংশ কলেজ শিক্ষকে
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ ফেব্ৰুৱাৰী :এসময়ৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত ২০১১ চনৰ প্ৰদেশীকৃত বিলৰ আওতাত সহস্ৰাধিক অপ্ৰাদেশিকৃত কলেজ শিক্ষকৰ পদ প্ৰাদেশীকৃত হৈছিল আৰু ইয়াৰে বহু সংখ্যক মহাবিদ্যালয় ভেঞ্চাৰ পৰ্যায়ৰ পৰা উৰ্ত্তীণ ঘটি প্ৰাদেশীকৰণৰ সঞ্জীৱনী সুধা পান কৰিছিল। স্মৰ্তব্য যে মহাবিদ্যালয়সমূহৰ সামগ্ৰিক বিকাশৰ মাপকাঠি নিৰ্ণয়ৰ কৰে ৰাষ্ট্ৰীয় মূল্যায়ণ আৰু স্বীকৃতি সংস্হা চমুকৈ NAAC য়ে। মহাবিদ্যালয়সমূহে নিজৰ গুণগত মান নিৰূপনৰ বাবে প্ৰতি পাঁচ বছৰৰ ব্যৱধানত NAAC আমন্ত্ৰণ…
