Browsing Category

অসম

ঢেকিয়াজুলিৰ মনুজুলি গাঁৱত সঠিক ৰূপত পথ নিৰ্মাণৰ দাবী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৭ফেব্ৰুৱাৰীঃ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ চেনীমাৰী গাওঁ পঞ্চায়ত এলেকাৰ মনুজুলি গাঁৱত আজি এটা পথ সঠিক ভাবে নিৰ্মাণৰ দাবীত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ অভিযোগ অনুসৰি, মনুজুলি গাঁৱৰ শংকৰ ৰায়ৰ ঘৰৰ পৰা সুকুমাৰ বৈশ্যৰ ঘৰলৈকে ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত অতিকৈ গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণৰ বাবে চেনীমাৰী গাওঁ পঞ্চায়তে ২০২১-২২ ত তিনি লাখ ২৬ হেজাৰ ৩৮ টকা আবন্টন দিছিল৷ ইয়াৰ বিপৰীতে ৰাইজৰ অভিযোগ অনুসৰি পথচোৱা নিৰ্মাণৰে জড়িত সকলে মাত্ৰ ৩০ হেজাৰ মান টকাৰ কাম কৰিয়েই দায়িত্ব সামৰিব বিচৰাছে৷ ৰাইজে এই ক্ষেত্ৰত…

নামঘৰৰ মাজেদিয়েই সমাজখন শৃংখলিতভাবে চলি আছে- ননীগোপাল দেৱগোস্বামী, সত্ৰাধিকাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ ফেব্ৰুৱাৰীঃ ‘ধৰ্ম হ’ল এটা উপায়- যাৰ মাধ্যমেৰে এখন সমাজক তললৈ পৰি নেযোৱাকৈ ধৰি ৰখা হয়৷ এজনে আন এজনৰ লগত সম্পৰ্ক স্থাপন কৰা কৰে৷ যাক ধাৰণ কৰিলে সমাজ আৰু ঘৰখনক ধৰি ৰাখিব পাৰি, ইয়াৰ বাবে কিছুমান নীতি-নিদেৰ্শনা, আচাৰ-ব্যৱহাৰ লাগে, যি নীতিয়ে জ্ঞান দিয়ে সেয়াই ধৰ্ম আৰু মানি ল’ব নোৱাৰা নীতি হ’লেই অধৰ্ম হয়৷ নামঘৰৰ মাজেদিয়েই সমাজখন শৃংখলিতভাবে চলি আছে৷ এই মন্তব্য কৰে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে৷ উল্লেখ্যযে, চাৰি ফেব্ৰুৱাৰী,২০২৩ৰ পৰা তিনিদিনীয়াকৈ আয়োজিত শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ শাখা…

তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, লেখিকা মৃণালী চেতিয়া সংকটজনক অৱস্থাত তেজপুৰৰ চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ ফেব্ৰুৱাৰী : তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব, বিশিষ্ট শিক্ষাবিদ, লেখিকা তথা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ জী নাতি, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন উপদেষ্টা মৃণালী চেতিয়া বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ যোৱা ৪ ফেব্ৰুৱাৰীৰ পৰা অতি সংকটজনক অৱস্থাত তেজপুৰৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হ'ব লগা হৈছে । তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা, ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক, অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন প্ৰাপক ৮৯ বছৰীয়া বিদূষী গৰাকীৰ শৰীৰৰ…

ডন ব’স্ক’ বিশ্ববিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা অনুষ্ঠান সম্পন্ন

গুৱাহাটী, ৭ ফেব্ৰুৱাৰী : অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ৭ ফেব্ৰুৱাৰী তাৰিখে আজাৰা চৌহদৰ কনফাৰেন্স হলত এখন প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা অনুষ্ঠান সম্পন্ন হয়। যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁয়ে সমল ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা অনুষ্ঠানৰ গুৰুত্ব উল্লেখ কৰি আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে যান্ত্রিক অভিযান্ত্রিক বিভাগৰ প্রাক্তন ছাত্র অভিজিৎ বৰুৱা । এই অনুষ্ঠানত…

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়লৈ নাকৰ ‘বি’ গ্ৰেড

উত্তৰ লখিমপুৰ, ৭ ফেব্ৰুৱাৰীঃ ১৮ বছৰৰ দীঘলীয়া ব্যৱধানৰ অন্তত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ক দ্বিতীয় চক্ৰৰ ‘বি’ গ্ৰেড প্ৰদান কৰিছে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ (নাক)-বাংগালুৰুৱে। নাকে আজি এই কথা তেওঁলোকৰ পৰিদৰ্শন দলৰ মহাবিদ্যালয়ৰ ভ্ৰমণৰ পিছতে ঘোষণা কৰে। হাৰিয়ানাৰ চৌধুৰী দেৱী লাল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ আজমেৰ সিং মালিক, হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ অধ্যাপক ড০ শিবা উদগত' আৰু মুম্বাইৰ এছ ই এম টিৰ এম বি হেৰিছ কলেজ অৱ আৰ্টছৰ আৰু এ ই কালছেকাৰ কলেজ অৱ কমাৰ্চ এণ্ড মেনেজমেণ্টৰ অধ্যক্ষ ড০…

জাতীয় শ্বহীদ ভূপেন ডেকাৰ স্মৃতি জীপাল কৰি ৰাখিবলৈ বিগত ২২ বছৰে নিজে নাটক লিখি, পৰিচালনা আৰু মঞ্চস্থ কৰি দৃষ্টান্ত দাঙি ধৰিছে তেজপুৰৰ বন্ধু…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ৭ফেব্ৰুৱাৰীঃ অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ শ্বহীদ তথা এসময়ৰ দক্ষ অভিনেতা ভূপেন ডেকাৰ তেজপুৰৰ সহপাঠী বন্ধু এগৰাকীয়ে বন্ধুৰ সোঁৱৰণত বিগত ২২ বছৰে নিজৰ জেপৰ ধনেৰে নাট মঞ্চস্থ কৰি এক বিশেষ দৃষ্টান্ত দাঙি ধৰি অহাৰ পিছত এইবাৰো অহা ২০ মাৰ্চত জাতীয় শ্বহীদ ভূপেন ডেকা স্মৃতি দিৱসৰ দিনটোত ২৩ সংখ্যক নাট মঞ্চস্থৰ বাবে কালি নিশাৰ পৰা পুনৰ সাজু হৈছে। উল্লেখ্য যে জাতীয় শ্বহীদ ভূপেন ডেকাৰ বন্ধু কৰুণা শইকীয়াৰ তৎপৰতাত গঢ়ি উঠা "নাট্যশ্ৰী" নামৰ নাট্যানুষ্ঠানটিয়ে ১৯৮৩ চনত এগৰাকী দক্ষ নাট্যশিল্পী তথা সদৌ অসম ছাত্ৰ…

লখিমপুৰত গ্ৰেপ্তাৰ ৪ দুধর্ষ ডকাইত 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ৭ ফেব্ৰুৱাৰীঃ লখিমপুৰ কে বি ৰোডৰ জগদম্বা হাৰ্ডৱেৰৰ ১১.৫০লাখ টকীয়া ডকাইতি কাণ্ডত জৰিত ৪জন দুধর্ষ ডকাইতক লখিমপুৰ আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। জিলা আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগে জানিবলৈ দিয়া মতে -এই ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড লখিমপুৰ দলহাটৰ প্ৰাঞ্জল শইকীয়া ওৰফে মইনা (৩৮), আলনাৰ সৈতে জড়িত থকা এলভিন সোনাৰ (৩৮) খেলমাটি বানটোৰ মেচৰ আলি ওৰফে ঠিকাদাৰ,(৪২) আৰু খেলমাটিৰ খলিলুৰ ৰহমানক (৩৭)গ্ৰেপ্তাৰ কৰে নিজ বাস গৃহৰ পৰা । উল্লেখ যে ২০২২ চনৰ ২৭…

 ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত নৰ্থ লখিমপুৰ কলেজৰ বৃহৎ সাফল্য

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৬ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ ডিগবৈ মহিলা মহাবিদ্যালয়ত ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছিল। এই যুৱ মহোৎসৱত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ ৬৪ খন মহাবিদ্যালয়ে যোগদান কৰিছিল। এই যুৱ মহোৎসৱত বিভিন্ন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি নৰ্থ লক্ষীমপুৰ মহাবিদ্যালয়ে সামগ্ৰিকভাবে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। নৰ্থ লক্ষীমপুৰ মহাবিদ্যালয়ে লাভ কৰা পুৰস্কাৰসমূহ এনে ধৰণৰ--- লোক নৃত্যত প্ৰথম স্থান। অংশগ্ৰহণকাৰীসকল- ৰিম্পী বুঢ়াগোহাঁই, ৰশ্মি গগৈ,চয়নীকা বৰুৱা, পৰি গগৈ, কৌশিক বৰুৱা, দীপাংকৰ…

মঙলদৈত প্ৰিমিয়াৰ ক্লাব ক্ৰিকেটৰ ফাইনেলত শক্তি সংঘ

মঙলদৈ, ৬ ফেব্ৰুৱাৰী : অসম ক্ৰিকেট সন্থাৰ উদ্যোগত মঙলদৈ ষ্টেডিয়ামত চলি থকা প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট লীগ প্ৰতিযোগিতাৰ আজি হোৱা প্ৰথমখন ছেমি ফাইনেলত শক্তি সংঘই মঙলদৈ টাউন ক্লাবক চাৰি উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। টছত জয়ী হৈ টাউন ক্লাবে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ ২৮.২ অভাৰত সকলো উইকেটৰ বিনিময়ত ১১০ ৰান কৰে। দলৰ অনুভৱ আচাৰ্যই ২৬, আকিবুজ জামানে ১৫, সুমন ডেকাই ১৪, আছিফ ইকবাল মুৰ্চিদে ১০ ৰানৰ বৰঙণি আগবঢ়ায়। শক্তি সংঘৰ ৰঞ্জন সৰকাৰে ২৯ ৰানত তিনিটা, বিকি ৰজকে ১৮ ৰানত দুটা, টিংকু শ্বাহে ২৫ ৰানত দুটা উইকেট পায়। প্ৰত্যুত্তৰত…

জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি তিনিচুকীয়াত ম’ক পাৰ্লিয়ামেন্ট

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ ফেব্ৰুৱাৰী : জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি তিনিচুকীয়াৰ বাণিজ্য মহাবিদ্যালয়ত দেওবাৰে ম'ক পাৰ্লিয়ামেন্ট অনুষ্ঠিত কৰা হয় ৷ এই ম'ক পাৰ্লিয়ামেন্ট কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তিনিচুকীয়াৰ অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্ত ৷ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা কাৰ্য্যসূচীত তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চৈতন্য বৰা, মহাবিদ্যালয়খনৰ এছ'চিয়েট লাইব্ৰেৰীয়ান ড° এচ এন নাথ প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷ জিলাখনৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ২০খন দেশক…