Browsing Category

অসম

পৰ্যটনৰ বিপুল সম্ভাৱনা কঢ়িয়াইছে তেজপুৰৰ ধেনুখন্দা পাহাৰৰ প্ৰস্তৰত খোদিত গণেশ মূৰ্তিয়ে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৪ ফেব্ৰুৱাৰী : সংস্কৃতিৰ লগতে পৰ্যটকৰ আকৰ্ষণস্থলী ঐতিহাসিক তেজপুৰৰ বহুতো স্হানত পৰ্যটনৰ সম্ভাৱনা বিদ্যমান যদিও উপযুক্ত ব্যৱস্থাৰ অভাৱতে এই স্থলী অৱহেলিত ভাবে পৰি ৰৈছে৷ এনে এক স্থান তেজপুৰ চহৰৰ নাতি দূৰৈত পৰ্বতীয়াৰ দেৱী সিং ঘাটৰ পৌৰাণিক যুগতে স্থাপন হোৱা শিলত খোদিত গণেশ মন্দিৰ । যি ঠাইত এতিয়াও গণেশৰ পদ ধূলা পৰে আৰু গণেশে আহি মন্দিৰৰ টিলিঙা বজায় । স্থানীয় ৰাইজৰ মতে তেওঁলোকে বহু যুগ ধৰি এই মন্দিৰত পূজা অৰ্চনা কৰি আহিছে।প্ৰনিধানযোগ্য যে, ধেনুখন্দা পাহাৰত থকা তথা এক প্ৰকাণ্ড প্ৰস্তৰত খোদিত এক গণেশ…

তেজপুৰৰ আৰিমৰা চাপৰিত বিৰল প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ বিচৰণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৪ ফেব্ৰুৱাৰী: ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ঋতুকালীন পৰিভ্ৰমী চৰাইৰ আগমনে প্ৰকৃতিপ্ৰেমী সকলক আহ্লাদিত কৰি অহাৰ সময়তে শোণিতপুৰ জিলাৰ তেজপুৰৰ সমীপৱৰ্তী আৰিমৰা চাপৰিত শেহতীয়াকৈ পৰিলক্ষিত হোৱা বিৰল প্ৰজাতিৰ কৰ্চন (Common Crane) চৰাইয়ে তেজপুৰৰ লগতে জিলাখনৰ প্ৰকৃতিপ্ৰেমী সকলক উৎফুল্ল কৰি তুলিছে। উল্লেখ্য যে, আৰিমৰা চাপৰিৰ যিখিনি ঠাইত এই পৰিভ্ৰমী চৰাইৰ বিচৰণ দেখা পোৱা গৈছে সেই ঠাইখিনিত এইবাৰ কৃষক ৰাইজে প্ৰচুৰ সৰিয়হ খেতি কৰিছে। সেই সৰিয়হৰ মাজত স্হানীয় প্ৰকৃতিপ্ৰেমীয়ে এই কৰ্চন চৰাই প্ৰথমে দেখিবলৈ পায়। এই…

 ৰাজ্যপালৰ এদিনীয়া তিনিচুকীয়া ভ্ৰমণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ ফেব্ৰুৱাৰী : অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে আজি এদিনীয়া ভ্ৰমণসূচীৰে তিনিচুকীয়াত উপস্থিত হয় ৷ ৰাজ্যপালগৰাকীয়ে প্ৰথমে সৰ্বভাৰতীয় নিৰ্মাতা সংগঠন (অসম ৰাজ্যিক পৰিষদ) আৰু অসম উৎপাদকতা পৰিষদৰ যৌথ উদ্যোগত ইয়াত আয়োজিত হীৰক জয়ন্তী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত মুখ্য অতিথিৰূপে সপত্নীক উপস্থিত থাকি ৰাজ্যপালগৰাকীয়ে নিজৰ ভাষণত কেন্দ্ৰীয় চৰকাৰে অগ্ৰাধিকাৰৰ ভিত্তিত দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰাৰ লগতে একাধিক উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে ৷ ৰাজ্যপালে বন্তি…

সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনত শিল্পী দলক অপমানঃ অভাউসা ৰ প্ৰতিক্ৰিয়া

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪ফেব্ৰুৱাৰীঃ অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনৰ সাংস্কৃতিক অনুষ্ঠানত তেজপুৰৰ এদল সাংস্কৃতিক কৰ্মীক যোৱা দুই ফেব্ৰুৱাৰীত আয়োজক সমিতিৰ কৰ্মকৰ্তাই অনুষ্ঠান পৰিবেশন কৰি থকাৰ মাজতে বন্ধ কৰি দি অপমান কৰাৰ ঘটনাকলৈ তেজপুৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাই আজি প্ৰকাশ কৰা এক বিবৃতিত সভাৰ সভাপতি পুলিন ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক শান্তনু বৰুৱাই কয় যে, তেজপুৰৰ শিল্পী দলটোৱে থলিতে ইয়াৰ প্ৰতিবাদ কৰিলে আৰু সেই শিল্পী দলটোৰ প্ৰতিগৰাকী সদস্য,সদস্যালৈ অভিনন্দন থাকিল। কিয়নো…

উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত বিশ্ব কৰ্কট দিৱস উদযাপন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ ফেব্ৰুৱাৰী: লখিমপুৰ কেন্সাৰ চেণ্টাৰৰ উদ্যোগত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,  লখিমপুৰ, ৰাষ্ট্ৰীয় সেৱা আঁচনি আৰু নেচনেল কেডেট কৰ্পছ, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ (স্বায়ত্তশাসিত) সহযোগত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশ্ব কৰ্কট দিৱস উদযাপন কৰা হয় লগতে  জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত লখিমপুৰ কেঞ্চাৰ কেয়াৰৰ সহযোগত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয় । অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি জিলা যক্ষ্মা ও এইডছ বিষয়া ডাক্তৰ জগদীশ গোস্বামীয়ে কৰ্কট ৰোগৰ কাৰণ আৰু ইয়াৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰি সেই…

অসম সাহিত্য সভাৰ ৭৬ সংখ্যক নাৰায়ণপুৰ অধিৱেশনৰ প্ৰতিনিধি সভাৰ গৃহীত প্ৰস্তাৱসমূহ

প্ৰস্তাৱ নং-১  আজিৰ প্ৰতিনিধি সভাই অসম সাহিত্য সভাৰ ২০২০-২৩ বৰ্ষৰ কাৰ্যকালৰ সময়ছোৱাত অসম, ভাৰতবৰ্ষ তথা বিশ্বৰ যিসকল বৰেণ্য লোক পৰলোকগামী হ’ল তেখেতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতসকলৰ আত্মাৰ সদ্‌গতি অৰ্থে পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনায়৷প্ৰস্তাৱ নং-২ আজিৰ প্ৰতিনিধি সভাই অসমত ১৯৬০ চনৰ ৰাজ্যভাষা আইন সৰ্বত্ৰ যথোচিত ৰূপায়ণ কৰিবলৈ অসম চৰকাৰক আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷প্ৰস্তাৱ নং-৩ আজিৰ প্ৰতিনিধি সভাই প্ৰধান সম্পাদক শ্ৰীযাদব চন্দ্ৰ শৰ্মাই ২০২০-২৩ বৰ্ষৰ তিনিটা বছৰৰ পাঠ কৰি দাখিল কৰা সম্পূৰ্ণ…

নাৰায়ণপুৰত সাহিত্য সভাৰ অধিৱেশন লোকাৰণ্য

নাৰায়ণপুৰ মণিকাঞ্চন ক্ষেত্ৰৰ পৰা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামতি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ষট্‌ সপ্ততিতম পূৰ্ণাংগ অধিবেশনৰ আজি তৃতীয় দিনা অধিবেশনস্থলী  লোকাৰণ্য হৈ পৰে। চৌদিশে এক উখল মাখল পৰিবেশ, বিৰ দি বাট পাবলৈ নাই। সাহিত্য সভাৰ অধিৱেশনত অংশগ্রহণ কৰাৰ আশাৰে পুৱাৰে পৰা অধিবেশন স্থলীলৈ জনতাৰ সোঁত বয়। ইফালে অধিবেশন স্থলীত ধূলিৰে ধূসৰিত হৈ পৰে যদিও সাহিত্য অনুৰাগীসকলক ৰোধিব পৰা নাই। সদলবলে ওলাই আহিছে মণিকাঞ্চন ক্ষেত্রলৈ। বাদ-বিসম্বাদৰ মাজতে…

শোণিতপুৰৰ চাৰিদুৱাৰত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজনক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২ফেব্ৰুৱাৰী: শোণিতপুৰত যোৱা সময়চোৱাত ইজনৰ পিছত সিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে এনে একাংশ ড্ৰাগছ সৰবৰাহকাৰী কাৰামুক্ত হৈ পুনৰ একেই দুস্কাৰ্যৰে জড়িত হৈ পৰিছে৷আজি পুৱা জিলাখনৰ খনামুখ অকাবস্তি অঞ্চলত মান্নাচ আলি নামৰ ড্ৰাগচ সৰবৰাহকাৰীজনক ড্ৰাগচ সহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে এইকথা পুনৰবাৰ স্পষ্ট হৈছে৷ উল্লেখযোগ্য যে,চাৰিদুৱাৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত চলোৱা এক অভিযানত ধৃত মান্নাচৰ ঘৰৰ পৰা ৯.৩২গ্ৰাম ড্ৰাগচ জব্দ কৰিবলৈ সক্ষম হয়৷ মুঠ ১০টা প্লাষ্টিকৰ কন্টেনাৰত এই ড্ৰাগচ…