Browsing Category

অসম

ৰাজ্যৰ শক্তি বিভাগৰ শ শ অস্থায়ী কৰ্মচাৰীৰ হাহাকাৰঃ  আন্দোলনৰ হুংকাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ৬ ফেব্ৰুৱাৰী ; ৰাজ্যৰ শক্তি বিভাগৰ শ শ অস্থায়ী কৰ্মচাৰীক বিভাগীয় ভাবে স্থায়ী নিযুক্তি দিয়াৰ পৰিবৰ্তে শক্তি বিভাগে পৰৱৰ্তী সময়ত লোৱা সিদ্ধান্ত কিছুমানক লৈ অন্ধকাৰ ভৱিষ্যতৰ দিশত গতি কৰিছে অস্থায়ী কৰ্মচাৰী সকল । এই ক্ষেত্ৰত বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বাবে বহু কৰ্মচাৰীয়ে মৃত্যুৰ দৰে পথ আঁকোৱালি লব লগীয়া হোৱাৰ দিশত বুলি আজি অভিযোগ উত্থাপন কৰিছে আসাম ষ্টেট আউটচৰ্চ পাৱাৰ ৱকাৰ্ছ ইউনিয়নে । শক্তি বিভাগত বহু বছৰ ধৰি নিয়োজিত অস্থায়ী কৰ্মচাৰী সকলে আজি প্ৰায় দুবছৰ ধৰি এই সমস্যাৰ সমাধানৰ বাবে দাবী জনাই আহিছে…

তেজপুৰত “সঁফুৰা বৃত্তি পৰীক্ষা” ত প্ৰায় ৪৭৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৫ ফেব্ৰুৱাৰী: শিশু সকলৰ প্ৰতিভা সন্ধানৰ উদ্দেশ্যে শিশু আলোচনী "সঁফুৰা" ৰ উদ্যোগত প্ৰয়াত নমস্য সাহিত্যিক ড° ভৱেন্দ্ৰ নাথ শইকীয়াই আৰম্ভ কৰা "সঁফুৰা বৃত্তি পৰীক্ষা" আজি ৰাজ্যজুৰি অনুষ্ঠিত হয়। তেজপুৰৰ দৰং মহাবিদ্যালয়তো আজি তেজপুৰৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ৪৭৬ গৰাকী শিক্ষাৰ্থীয়ে " সঁফুৰা বৃত্তি পৰীক্ষা" ত অতি উৎসাহেৰে অৱতীৰ্ণ হয়। তেজপুৰৰ অৰিন্দম নাট্য বিদ্যালয়ৰ অধ্যক্ষ দিগন্ত কুমাৰ ভূঞা তত্বাবধায়ক আৰু শিক্ষক তথা" অকণিৰ সাহিত্য সভা"ৰ সভাপতি পংকজ বৰুৱা পৰ্যবেক্ষক হিচাপে থকা আজিৰ এই তেজপুৰৰ কেন্দ্ৰত…

শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ শাখা সত্ৰ, দক্ষিণপাটৰ ২০০বছৰীয়া জয়ন্তী

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ৫ ফেব্ৰুৱাৰীঃ ১৮১৭ চনতে প্ৰতিষ্ঠা হোৱা শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ শাখা সত্ৰত আজি ভক্তিৰসত বিলীন হল বৃহত্তৰ উলুবাৰী অঞ্চলৰ হেজাৰোধিক ভক্তপ্ৰাণ ৰাইজ-আইমাতৃ৷ মানৰ আক্ৰমণত জীৱন ৰক্ষা কৰি ধূণাগুৰি, উলুবাৰীত নিগাজীকৈ থাকিবলৈ লোৱাৰ সমান্তৰালভাৱে মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ আদৰ্শত বিমুগ্ধহৈ শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ শাখা সত্ৰ প্ৰতিষ্ঠা কৰি অদৃশ্য ভগৱানক আৰাধনা কৰি আহিছে৷ দক্ষিণপাট সত্ৰৰ এটা অন্যতম শাখা হিচাপে পৰিগণিত হৈ অহা ধূণাগুৰি, উলুবাৰীত ভক্তিৰসৰ লগতে আধ্যাত্মিক শিক্ষা নিৰৱছিন্নভাৱে বিগত ২০০টা বছৰেই প্ৰদান…

তেজপুৰ সাহিত্য চ’ৰাৰ ৫৩৫ সংখ্যক বৈঠকত দিলীপ কুমাৰ বৰাৰ কাব্য গ্ৰন্থ “জাহ্নৱী” উন্মোচন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫ ফেব্ৰুৱাৰী: জীৱনৰ প্ৰৌড় বয়সতো মানসিক খাদ্যৰে সুস্বাস্থ্য গঢ়ি প্ৰশান্তিৰে জীৱন অতিবাহিত কৰিব বিচৰা তেজপুৰৰ একাংশ লেখক - সাহিত্যিকে ১৯৭৭ চনতে গঢ় দিয়া সাহিত্যৰ অনুষ্ঠান "তেজপুৰ সাহিত্য চ'ৰা" ৰ ৫৩৫ সংখ্যক বৈঠকৰ আজিৰ দিনটোত সাহিত্যনুৰাগী দিলীপ কুমাৰ বৰাৰ কাব্য গ্ৰন্থ "জাহ্নৱী" আনুষ্ঠানিক ভাৱে উন্মোচন কৰে তেজপুৰ সাহিত্য চ'ৰাৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ ৰমেশ চন্দ্ৰ কলিতাই। সভাপতি ৰমেশ চন্দ্ৰ কলিতাৰ পৌৰোহিত্যত ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মোহন গোস্বামীৰ খৰাআটিৰ বাসগৃহত অনুষ্ঠিত হোৱা আজিৰ…

তেজপুৰত বেংক লুটৰ ঘটনা:গ্ৰেপ্তাৰ অভিযুক্তক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৫ফেব্ৰুৱাৰীঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী তথা শালনিবাৰী আৰক্ষীৰ চকীৰ অধীনৰ এলেকাত যোৱা নিশা সংঘটিত হোৱা এক বেংক লুটৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে।ঘটনাৰ সন্দৰ্ভত জানিব পৰামতে তেজপুৰ তেজপুৰ সদৰ থানাৰ অন্তগত তথা শালনিবাৰী আৰক্ষীৰ চকীৰ অধীনৰ তেজপুৰৰ বায়ুসেনা শিৱিৰ চৌহদত থকা ষ্টেটবেংকৰ শালনিবাৰী শাখাৰ লকাৰখুলি চোৰে লুটি নিয়ে প্ৰায় ২৩লাখ ৫২হেজাৰ নশ টকা৷ উল্লেখযোগ্য যে,নিশা প্ৰায় ১২-৩০বজাত এই বিষয়ে আৰক্ষীয়ে লাভ কৰা খবৰৰ ভিত্তিত নিশাই আৰক্ষীয়ে অভিযান চলাই বিশ্বনাথ জিলাৰ অন্তৰ্গত…

আৱৰ্জনাঃ ৰাজ্যজুৰি “ঝলঝলা” ৰ বিশেষ তৎপৰতা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ ফেব্ৰুৱাৰী: সাম্প্ৰতিক কালত বিশ্ব জুৰি ভয়ানক ভাৱে বৃদ্ধি পাই অহা আৱৰ্জনাই পৰিবেশ বিনষ্ট কৰাৰ লগতে মানুহৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰি আহিছে। ইতিমধ্যে স্বাস্থ্যকৰ আৰু পৰিস্কাৰ চহৰ হিচাপে কেবাবাৰো স্বীকৃতি পোৱা তেজপুৰ চহৰো আজি এই ভাবুকিৰ সন্মুখীন হৈ আহিছে। এই তেজপুৰ চহৰৰ ঠায়ে ঠায়ে বৃদ্ধি পোৱা আবৰ্জনাই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে "ঝলঝলা"(এক স্বচ্ছতাৰ প্ৰতিশ্ৰুতি) নামৰ অসম ভিত্তিক স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ । শৈক্ষিক, আৰ্থ-সামাজিক আৰু পৰিবেশ ৰক্ষাৰ লক্ষ্য আৰু উদ্যেশ্য আগত ৰাখি এই…

পৰ্যটনৰ বিপুল সম্ভাৱনা কঢ়িয়াইছে তেজপুৰৰ ধেনুখন্দা পাহাৰৰ প্ৰস্তৰত খোদিত গণেশ মূৰ্তিয়ে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৪ ফেব্ৰুৱাৰী : সংস্কৃতিৰ লগতে পৰ্যটকৰ আকৰ্ষণস্থলী ঐতিহাসিক তেজপুৰৰ বহুতো স্হানত পৰ্যটনৰ সম্ভাৱনা বিদ্যমান যদিও উপযুক্ত ব্যৱস্থাৰ অভাৱতে এই স্থলী অৱহেলিত ভাবে পৰি ৰৈছে৷ এনে এক স্থান তেজপুৰ চহৰৰ নাতি দূৰৈত পৰ্বতীয়াৰ দেৱী সিং ঘাটৰ পৌৰাণিক যুগতে স্থাপন হোৱা শিলত খোদিত গণেশ মন্দিৰ । যি ঠাইত এতিয়াও গণেশৰ পদ ধূলা পৰে আৰু গণেশে আহি মন্দিৰৰ টিলিঙা বজায় । স্থানীয় ৰাইজৰ মতে তেওঁলোকে বহু যুগ ধৰি এই মন্দিৰত পূজা অৰ্চনা কৰি আহিছে।প্ৰনিধানযোগ্য যে, ধেনুখন্দা পাহাৰত থকা তথা এক প্ৰকাণ্ড প্ৰস্তৰত খোদিত এক গণেশ…

তেজপুৰৰ আৰিমৰা চাপৰিত বিৰল প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ বিচৰণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৪ ফেব্ৰুৱাৰী: ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ঋতুকালীন পৰিভ্ৰমী চৰাইৰ আগমনে প্ৰকৃতিপ্ৰেমী সকলক আহ্লাদিত কৰি অহাৰ সময়তে শোণিতপুৰ জিলাৰ তেজপুৰৰ সমীপৱৰ্তী আৰিমৰা চাপৰিত শেহতীয়াকৈ পৰিলক্ষিত হোৱা বিৰল প্ৰজাতিৰ কৰ্চন (Common Crane) চৰাইয়ে তেজপুৰৰ লগতে জিলাখনৰ প্ৰকৃতিপ্ৰেমী সকলক উৎফুল্ল কৰি তুলিছে। উল্লেখ্য যে, আৰিমৰা চাপৰিৰ যিখিনি ঠাইত এই পৰিভ্ৰমী চৰাইৰ বিচৰণ দেখা পোৱা গৈছে সেই ঠাইখিনিত এইবাৰ কৃষক ৰাইজে প্ৰচুৰ সৰিয়হ খেতি কৰিছে। সেই সৰিয়হৰ মাজত স্হানীয় প্ৰকৃতিপ্ৰেমীয়ে এই কৰ্চন চৰাই প্ৰথমে দেখিবলৈ পায়। এই…

 ৰাজ্যপালৰ এদিনীয়া তিনিচুকীয়া ভ্ৰমণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ ফেব্ৰুৱাৰী : অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে আজি এদিনীয়া ভ্ৰমণসূচীৰে তিনিচুকীয়াত উপস্থিত হয় ৷ ৰাজ্যপালগৰাকীয়ে প্ৰথমে সৰ্বভাৰতীয় নিৰ্মাতা সংগঠন (অসম ৰাজ্যিক পৰিষদ) আৰু অসম উৎপাদকতা পৰিষদৰ যৌথ উদ্যোগত ইয়াত আয়োজিত হীৰক জয়ন্তী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত মুখ্য অতিথিৰূপে সপত্নীক উপস্থিত থাকি ৰাজ্যপালগৰাকীয়ে নিজৰ ভাষণত কেন্দ্ৰীয় চৰকাৰে অগ্ৰাধিকাৰৰ ভিত্তিত দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰাৰ লগতে একাধিক উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে ৷ ৰাজ্যপালে বন্তি…

সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনত শিল্পী দলক অপমানঃ অভাউসা ৰ প্ৰতিক্ৰিয়া

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪ফেব্ৰুৱাৰীঃ অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনৰ সাংস্কৃতিক অনুষ্ঠানত তেজপুৰৰ এদল সাংস্কৃতিক কৰ্মীক যোৱা দুই ফেব্ৰুৱাৰীত আয়োজক সমিতিৰ কৰ্মকৰ্তাই অনুষ্ঠান পৰিবেশন কৰি থকাৰ মাজতে বন্ধ কৰি দি অপমান কৰাৰ ঘটনাকলৈ তেজপুৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাই আজি প্ৰকাশ কৰা এক বিবৃতিত সভাৰ সভাপতি পুলিন ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক শান্তনু বৰুৱাই কয় যে, তেজপুৰৰ শিল্পী দলটোৱে থলিতে ইয়াৰ প্ৰতিবাদ কৰিলে আৰু সেই শিল্পী দলটোৰ প্ৰতিগৰাকী সদস্য,সদস্যালৈ অভিনন্দন থাকিল। কিয়নো…