Browsing Category

অসম

বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে তেজপুৰত প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২ফেব্ৰুৱাৰীঃ ইন্ধনৰ মূল্য বৃদ্ধিৰ অজুহাতত চৰকাৰে অত্যাৱশ্যকীয় সেৱা বিদ্যুতৰ মাছুল সঘনাই বৃদ্ধি কৰাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰতো বিক্ষোভ প্ৰদৰ্শন কৰে অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্ছ এছচিয়েছনে। তেজপুৰৰ পৰোৱা চাৰিআলি আৰু কাৱৈমাৰী বজাৰত এছচিয়েছনৰ সদস্যসকলে হাতে হাতে প্লেকাৰ্ড,ফেষ্টুন লৈ ' সঘনাই বিদ্যুতৰ মাচুল বৃদ্ধি বন্ধ কৰক, ইন্ধনৰ মূল্য বৃদ্ধিৰ মিছা অজুহাতত বিদ্যুতৰ মাচুল বৃদ্ধি কৰা নচলিব, বিদ্যুতখন্ডৰ বেচৰকৰীকৰণৰ চক্ৰান্ত বন্ধ কৰক, গ্ৰাহকস্বাৰ্থবিৰোধী প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপন কৰা…

তিনিচুকীয়াৰ গুণোৎসৱত ’টিকনি বৰুৱা’ উপহাৰ স্বৰূপে লাভ কৰিলে মন্ত্ৰী ৰনজিৎ দাসে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ ফেব্ৰুৱাৰী : গুণোৎসৱ-২০২৩ ৰ দ্বিতীয় পৰ্য্যায়ৰ কাৰ্যসূচীত বৰ্হিমূল্যায়ক হিচাপে আজি তিনিচুকীয়াৰ মাকুমস্থিত গোপালকৃষ্ণ বালিকা বিদ্যালয়ত উপস্থিত হয় গ্ৰামোন্নয়ন আদি একাধিক বিভাগৰ দায়িত্বত থকা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী ৰনজিৎ কুমাৰ দাস ৷ অভিভাৱক মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ যাৱতীয় নথিপত্ৰ পৰ্য্যাবেক্ষণৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া তথা বিদ্যালয়খনৰ ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে ৷ মন্ত্ৰীয়ে বিদ্যালয়খনৰ শ্ৰেণীকোঠা, শিকন কক্ষ, পুথিভঁৰাল আৰু চৌহদত স্থাপন কৰা…

তেজপুৰত অগ্নিকাণ্ড

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২ফেব্ৰুৱাৰীঃ তেজপুৰ চহৰৰ গাৰোৱানপট্টী অঞ্চলত যোৱা নিশা প্ৰায় ৮-৩০ বজাত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়৷ উল্লেখযোগ্য যে,অঞ্চলটোৰ অমল সাহা নামৰ লোকজনৰ ভাৰাতীয়া গণেশ আগৰৱালৰ ঘৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় বুলি আশংকা কৰা হৈছে৷ উল্লেখযোগ্য যে, স্বামী-স্ত্ৰী দুয়োজনেই ব্যক্তিগত স্হলিত কাম কৰি নিশা ঘৰলৈ উভতি আহে আৰু আজিও তেনেদৰে আহি ঘৰৰ বিদ্যুৎ বাতি জ্বলোৱাৰ পাছতে সমীপৰ দোকানত প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ যায়৷ এই সময়তে আগৰৱালা পৰিয়ালৰ ভাৰাঘৰটো অগ্নিয়ে ছানি ধৰে আৰু…

তেজপুৰত সৌন্দৰ্য প্ৰতিযোগিতা

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ২ ফেব্ৰুৱাৰী : ৰূপ-সৌন্দৰ্য্যৰ সমাহাৰ ঘটাই পৰম্পৰাগত সাজপাৰ পৰিহিত এজাক যুৱক-যুৱতীৰ লয়লাস খোজ । আধুনিক সৌন্দৰ্যৰ জগতত ফেৰ মাৰিব পৰাকৈ এচাম যুৱক-যুৱতীক সাজু কৰি তুলিছে ডায়না বিউটি এণ্ড মেকআপ একাডেমীৰ সঞ্চালিকা ঋতু শইকীয়াই। উল্লেখযোগ্য যে ডায়না উদ্যোগত দ্যা আলোহা ৰিজৰ্টৰ সহযোগত জোনাক পলৰ দ্বাৰা আয়োজন কৰা দ্যা পিকক ৰান ৱে শ্বত ৰাজ্যখনৰ প্ৰায় ৬০ গৰাকী মডেলে অংশগ্ৰহণ কৰে । ভাৰতীয় সংস্কৃতিৰ ভিন্ন পৰম্পৰাগত সাজ পোচাকক নতুন ৰূপত উপস্থাপনৰ মানসৰে আয়োজন কৰা এই প্ৰতিযোগিতাত পাঁচ গৰাকীকৈ ফেচন ডিজাইনাৰে…

বিদ্যুতৰ মাছুল বৃদ্ধিকলৈ প্ৰতিক্ৰিয়া

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৩০ জানুৱাৰীঃ প্ৰাকৃতিক গেছৰ মূল্য বৃদ্ধিৰ অজুহাত দেখুৱাই ফেব্ৰুৱাৰীৰ পৰা বিদ্যুতৰ মাছুল প্ৰতি ইউনিটত ৫০ পইচাকৈ বৃদ্ধি কৰাৰ তীব্ৰ প্ৰতিবাদ কৰি অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্চ এছচিয়েছনৰ ৰাজ্যিক কমিটিয়ে। এক প্ৰেছ বিবৃতিত কয় যে, বয়-বস্তুৰ অভাৱনীয় মূল্য বৃদ্ধিয়ে যেতিয়া ৰাজ্যখনৰ জনসাধাৰণক জৰুলা কৰি পেলাইছে তেতিয়া চৰকাৰে ৰাইজক অৰ্থনৈতিক সকাহ দিয়াৰ পৰিবৰ্তে বছৰত তিনি চাৰিবাৰকৈ বিদ্যুতৰ মাছুল বৃদ্ধি কৰি  সাধাৰণ ৰাইজক  মাধমাৰহে সোধাইছে। ইন্ধনৰ মূল্য বৃদ্ধিৰ কথা কৈ এটা বছৰত তিনি চাৰিবাৰকৈ মাছুল বৃদ্ধি…

বধাকৰা মধ্য ইংৰাজী বিদ্যালয়ৰ সোণালী জয়ন্তীৰ শুভাৰম্ভ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩০ জানুৱাৰীঃ লখিমপুৰ জিলাৰ ঐতিহ্যমণ্ডিত বধাকৰা মধ্য ইংৰাজী বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানটি আজি অনুষ্ঠিত হয়৷ বৃহত্তৰ বধাকৰা অঞ্চলৰ কেবাশ লোকৰ উপস্থিতিত আজি দিনযোৰা কাৰ্যসূচীৰে বিদ্যালয় প্ৰাংগণত এই সোণালী জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়৷ তদুপলক্ষে পুৱা বৃক্ষ ৰোপণেৰে কাৰ্যসূচী আৰম্ভ হয়৷ ১৯৭৩ চনত স্থাপিত বিদ্যালয়খনত আজি ৫০খন পতাকা উত্তোলনেৰে এই কাৰ্যসূচী আৰম্ভ হয়৷ মূল পতাকা উত্তোলন কৰে ন-কদম গাওঁ পঞ্চায়তৰ সভাপতি তথা সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি প্ৰফুল্ল দত্তই৷…

তেজপুৰত মঞ্চ ৰত্ন ৰতন লহকৰক গীতে মাতে স্মৰণ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৩০ জানুৱাৰী : মঞ্চৰত্ন ৰতন লহকৰৰ যষ্ঠ প্ৰয়াণ দিৱসৰ লগত সংগতি ৰাখি কালি তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত এক বিশেষ কাৰ্যসূচী সম্পন্ন হয়। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী মাৰিবাৰীৰ "এক ন-সৃষ্টিৰ পাতনি,,,, জোনতৰা কলাকন্দ্ৰ" ই ৰাজ তিলক থিয়েটাৰৰ সহযোগত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেজপুৰ সমষ্টিৰ বিধায়ক তথা অভিনেতা পৃথিৰাজ ৰাভা মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি পুৰোধা নাট্যশিল্পী ৰতন লহকৰ জীৱনাদৰ্শ স্মৰণ কৰি অসমীয়া নাটশিল্প তথা ভ্ৰাম্যমাণ থিয়েটাৰলৈ শিল্পী গৰাকীৰ অনবদ্য অৱদান স্মৰণ কৰে। দৰঙৰ…

নামঘৰ উদ্বোধনেৰে আৰম্ভ হ’ব নাৰায়ণপুৰত অসম সাহিত্য সভাৰ পূৰ্ণাঙ্গ অধিৱেশন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩০ জানুৱাৰীঃ ৰাজ্যৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনখন এইবাৰ লখিমপুৰ জিলাৰ বৰখামটি পথাৰত কাইলৈ মঙ্গলবাৰৰ পৰা অনুষ্ঠিত হ’ব৷ কাইলৈ পুৱা ৯  বজাত বৰখামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত নামঘৰ উদ্বোধনেৰে এইবাৰৰ অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হ’ব৷ অধিৱেশনস্থলীত পুৱা ৫০০ স্থানীয় শিল্পীয়ে একেলগে পৰিৱেশন কৰিব এই চিৰ চেনেহী মোৰ ভাষা জননী সমবেত সংগীত৷ ইয়াৰ বাবে দীৰ্ঘদিনৰ পৰা সমবেত সংগীত উপসমিতিয়ে ১০০০ শিল্পীক লৈ অনুশীলন আৰম্ভ কৰি আছে৷ ৫০০ জ্যেষ্ঠ মহিলা, ২০০ শিশু আৰু…

লখিমপুৰ আজাদত জিলা ভিত্তিত ভলীবল প্ৰতিযোগিতা

উত্তৰ লখিমপুৰ, ৩০ জানুৱাৰীঃ উদিত যুৱ সংঘৰ উদ্যোগত উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ সহযোগত দেওবাৰে আজাদ গোহাঁই টেকেলা খেলপথাৰত দিবা-নৈশ প্ৰাইজমানি ভলীবল খেল অনুষ্ঠিত কৰা হয়। উক্ত কাৰ্যসূচীৰ মূল সভাৰ আঁত ধৰে উদিত যুৱ সংঘৰ বিজু চাংমাইয়ে । কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱা ৬ বজাত সামূহিক চাফাই আৰু ৭:৩০ বজাত বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়।বৃক্ষৰোপণ কাৰ্যসূচীত বৃক্ষৰোপক হিচাপে উপস্থিত থাকে গোহাঁই টেকেলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কামেশ্বৰ চেতিয়া।পুৱা ৮ বজাত বাঁহপাতি আঞ্চলিক ক্ৰীড়া সংগঠনৰ সম্পাদক চক্ৰ মহন্তই পতাকা উত্তোলন…