Browsing Category

অসম

উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত বিশ্ব কৰ্কট দিৱস উদযাপন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ ফেব্ৰুৱাৰী: লখিমপুৰ কেন্সাৰ চেণ্টাৰৰ উদ্যোগত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,  লখিমপুৰ, ৰাষ্ট্ৰীয় সেৱা আঁচনি আৰু নেচনেল কেডেট কৰ্পছ, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ (স্বায়ত্তশাসিত) সহযোগত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশ্ব কৰ্কট দিৱস উদযাপন কৰা হয় লগতে  জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত লখিমপুৰ কেঞ্চাৰ কেয়াৰৰ সহযোগত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয় । অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি জিলা যক্ষ্মা ও এইডছ বিষয়া ডাক্তৰ জগদীশ গোস্বামীয়ে কৰ্কট ৰোগৰ কাৰণ আৰু ইয়াৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰি সেই…

অসম সাহিত্য সভাৰ ৭৬ সংখ্যক নাৰায়ণপুৰ অধিৱেশনৰ প্ৰতিনিধি সভাৰ গৃহীত প্ৰস্তাৱসমূহ

প্ৰস্তাৱ নং-১  আজিৰ প্ৰতিনিধি সভাই অসম সাহিত্য সভাৰ ২০২০-২৩ বৰ্ষৰ কাৰ্যকালৰ সময়ছোৱাত অসম, ভাৰতবৰ্ষ তথা বিশ্বৰ যিসকল বৰেণ্য লোক পৰলোকগামী হ’ল তেখেতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতসকলৰ আত্মাৰ সদ্‌গতি অৰ্থে পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনায়৷প্ৰস্তাৱ নং-২ আজিৰ প্ৰতিনিধি সভাই অসমত ১৯৬০ চনৰ ৰাজ্যভাষা আইন সৰ্বত্ৰ যথোচিত ৰূপায়ণ কৰিবলৈ অসম চৰকাৰক আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷প্ৰস্তাৱ নং-৩ আজিৰ প্ৰতিনিধি সভাই প্ৰধান সম্পাদক শ্ৰীযাদব চন্দ্ৰ শৰ্মাই ২০২০-২৩ বৰ্ষৰ তিনিটা বছৰৰ পাঠ কৰি দাখিল কৰা সম্পূৰ্ণ…

নাৰায়ণপুৰত সাহিত্য সভাৰ অধিৱেশন লোকাৰণ্য

নাৰায়ণপুৰ মণিকাঞ্চন ক্ষেত্ৰৰ পৰা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামতি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ষট্‌ সপ্ততিতম পূৰ্ণাংগ অধিবেশনৰ আজি তৃতীয় দিনা অধিবেশনস্থলী  লোকাৰণ্য হৈ পৰে। চৌদিশে এক উখল মাখল পৰিবেশ, বিৰ দি বাট পাবলৈ নাই। সাহিত্য সভাৰ অধিৱেশনত অংশগ্রহণ কৰাৰ আশাৰে পুৱাৰে পৰা অধিবেশন স্থলীলৈ জনতাৰ সোঁত বয়। ইফালে অধিবেশন স্থলীত ধূলিৰে ধূসৰিত হৈ পৰে যদিও সাহিত্য অনুৰাগীসকলক ৰোধিব পৰা নাই। সদলবলে ওলাই আহিছে মণিকাঞ্চন ক্ষেত্রলৈ। বাদ-বিসম্বাদৰ মাজতে…

শোণিতপুৰৰ চাৰিদুৱাৰত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজনক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২ফেব্ৰুৱাৰী: শোণিতপুৰত যোৱা সময়চোৱাত ইজনৰ পিছত সিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে এনে একাংশ ড্ৰাগছ সৰবৰাহকাৰী কাৰামুক্ত হৈ পুনৰ একেই দুস্কাৰ্যৰে জড়িত হৈ পৰিছে৷আজি পুৱা জিলাখনৰ খনামুখ অকাবস্তি অঞ্চলত মান্নাচ আলি নামৰ ড্ৰাগচ সৰবৰাহকাৰীজনক ড্ৰাগচ সহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে এইকথা পুনৰবাৰ স্পষ্ট হৈছে৷ উল্লেখযোগ্য যে,চাৰিদুৱাৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত চলোৱা এক অভিযানত ধৃত মান্নাচৰ ঘৰৰ পৰা ৯.৩২গ্ৰাম ড্ৰাগচ জব্দ কৰিবলৈ সক্ষম হয়৷ মুঠ ১০টা প্লাষ্টিকৰ কন্টেনাৰত এই ড্ৰাগচ…

বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে তেজপুৰত প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২ফেব্ৰুৱাৰীঃ ইন্ধনৰ মূল্য বৃদ্ধিৰ অজুহাতত চৰকাৰে অত্যাৱশ্যকীয় সেৱা বিদ্যুতৰ মাছুল সঘনাই বৃদ্ধি কৰাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰতো বিক্ষোভ প্ৰদৰ্শন কৰে অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্ছ এছচিয়েছনে। তেজপুৰৰ পৰোৱা চাৰিআলি আৰু কাৱৈমাৰী বজাৰত এছচিয়েছনৰ সদস্যসকলে হাতে হাতে প্লেকাৰ্ড,ফেষ্টুন লৈ ' সঘনাই বিদ্যুতৰ মাচুল বৃদ্ধি বন্ধ কৰক, ইন্ধনৰ মূল্য বৃদ্ধিৰ মিছা অজুহাতত বিদ্যুতৰ মাচুল বৃদ্ধি কৰা নচলিব, বিদ্যুতখন্ডৰ বেচৰকৰীকৰণৰ চক্ৰান্ত বন্ধ কৰক, গ্ৰাহকস্বাৰ্থবিৰোধী প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপন কৰা…

তিনিচুকীয়াৰ গুণোৎসৱত ’টিকনি বৰুৱা’ উপহাৰ স্বৰূপে লাভ কৰিলে মন্ত্ৰী ৰনজিৎ দাসে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ ফেব্ৰুৱাৰী : গুণোৎসৱ-২০২৩ ৰ দ্বিতীয় পৰ্য্যায়ৰ কাৰ্যসূচীত বৰ্হিমূল্যায়ক হিচাপে আজি তিনিচুকীয়াৰ মাকুমস্থিত গোপালকৃষ্ণ বালিকা বিদ্যালয়ত উপস্থিত হয় গ্ৰামোন্নয়ন আদি একাধিক বিভাগৰ দায়িত্বত থকা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী ৰনজিৎ কুমাৰ দাস ৷ অভিভাৱক মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ যাৱতীয় নথিপত্ৰ পৰ্য্যাবেক্ষণৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া তথা বিদ্যালয়খনৰ ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে ৷ মন্ত্ৰীয়ে বিদ্যালয়খনৰ শ্ৰেণীকোঠা, শিকন কক্ষ, পুথিভঁৰাল আৰু চৌহদত স্থাপন কৰা…

তেজপুৰত অগ্নিকাণ্ড

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২ফেব্ৰুৱাৰীঃ তেজপুৰ চহৰৰ গাৰোৱানপট্টী অঞ্চলত যোৱা নিশা প্ৰায় ৮-৩০ বজাত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়৷ উল্লেখযোগ্য যে,অঞ্চলটোৰ অমল সাহা নামৰ লোকজনৰ ভাৰাতীয়া গণেশ আগৰৱালৰ ঘৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় বুলি আশংকা কৰা হৈছে৷ উল্লেখযোগ্য যে, স্বামী-স্ত্ৰী দুয়োজনেই ব্যক্তিগত স্হলিত কাম কৰি নিশা ঘৰলৈ উভতি আহে আৰু আজিও তেনেদৰে আহি ঘৰৰ বিদ্যুৎ বাতি জ্বলোৱাৰ পাছতে সমীপৰ দোকানত প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ যায়৷ এই সময়তে আগৰৱালা পৰিয়ালৰ ভাৰাঘৰটো অগ্নিয়ে ছানি ধৰে আৰু…