Browsing Category
অসম
তেজপুৰত সৌন্দৰ্য প্ৰতিযোগিতা
শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ২ ফেব্ৰুৱাৰী : ৰূপ-সৌন্দৰ্য্যৰ সমাহাৰ ঘটাই পৰম্পৰাগত সাজপাৰ পৰিহিত এজাক যুৱক-যুৱতীৰ লয়লাস খোজ । আধুনিক সৌন্দৰ্যৰ জগতত ফেৰ মাৰিব পৰাকৈ এচাম যুৱক-যুৱতীক সাজু কৰি তুলিছে ডায়না বিউটি এণ্ড মেকআপ একাডেমীৰ সঞ্চালিকা ঋতু শইকীয়াই। উল্লেখযোগ্য যে ডায়না উদ্যোগত দ্যা আলোহা ৰিজৰ্টৰ সহযোগত জোনাক পলৰ দ্বাৰা আয়োজন কৰা দ্যা পিকক ৰান ৱে শ্বত ৰাজ্যখনৰ প্ৰায় ৬০ গৰাকী মডেলে অংশগ্ৰহণ কৰে । ভাৰতীয় সংস্কৃতিৰ ভিন্ন পৰম্পৰাগত সাজ পোচাকক নতুন ৰূপত উপস্থাপনৰ মানসৰে আয়োজন কৰা এই প্ৰতিযোগিতাত পাঁচ গৰাকীকৈ ফেচন ডিজাইনাৰে…
বিদ্যুতৰ মাছুল বৃদ্ধিকলৈ প্ৰতিক্ৰিয়া
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৩০ জানুৱাৰীঃ প্ৰাকৃতিক গেছৰ মূল্য বৃদ্ধিৰ অজুহাত দেখুৱাই ফেব্ৰুৱাৰীৰ পৰা বিদ্যুতৰ মাছুল প্ৰতি ইউনিটত ৫০ পইচাকৈ বৃদ্ধি কৰাৰ তীব্ৰ প্ৰতিবাদ কৰি অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্চ এছচিয়েছনৰ ৰাজ্যিক কমিটিয়ে। এক প্ৰেছ বিবৃতিত কয় যে, বয়-বস্তুৰ অভাৱনীয় মূল্য বৃদ্ধিয়ে যেতিয়া ৰাজ্যখনৰ জনসাধাৰণক জৰুলা কৰি পেলাইছে তেতিয়া চৰকাৰে ৰাইজক অৰ্থনৈতিক সকাহ দিয়াৰ পৰিবৰ্তে বছৰত তিনি চাৰিবাৰকৈ বিদ্যুতৰ মাছুল বৃদ্ধি কৰি সাধাৰণ ৰাইজক মাধমাৰহে সোধাইছে। ইন্ধনৰ মূল্য বৃদ্ধিৰ কথা কৈ এটা বছৰত তিনি চাৰিবাৰকৈ মাছুল বৃদ্ধি…
বধাকৰা মধ্য ইংৰাজী বিদ্যালয়ৰ সোণালী জয়ন্তীৰ শুভাৰম্ভ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩০ জানুৱাৰীঃ লখিমপুৰ জিলাৰ ঐতিহ্যমণ্ডিত বধাকৰা মধ্য ইংৰাজী বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানটি আজি অনুষ্ঠিত হয়৷ বৃহত্তৰ বধাকৰা অঞ্চলৰ কেবাশ লোকৰ উপস্থিতিত আজি দিনযোৰা কাৰ্যসূচীৰে বিদ্যালয় প্ৰাংগণত এই সোণালী জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়৷ তদুপলক্ষে পুৱা বৃক্ষ ৰোপণেৰে কাৰ্যসূচী আৰম্ভ হয়৷ ১৯৭৩ চনত স্থাপিত বিদ্যালয়খনত আজি ৫০খন পতাকা উত্তোলনেৰে এই কাৰ্যসূচী আৰম্ভ হয়৷ মূল পতাকা উত্তোলন কৰে ন-কদম গাওঁ পঞ্চায়তৰ সভাপতি তথা সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি প্ৰফুল্ল দত্তই৷…
তেজপুৰত মঞ্চ ৰত্ন ৰতন লহকৰক গীতে মাতে স্মৰণ
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৩০ জানুৱাৰী : মঞ্চৰত্ন ৰতন লহকৰৰ যষ্ঠ প্ৰয়াণ দিৱসৰ লগত সংগতি ৰাখি কালি তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত এক বিশেষ কাৰ্যসূচী সম্পন্ন হয়। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী মাৰিবাৰীৰ "এক ন-সৃষ্টিৰ পাতনি,,,, জোনতৰা কলাকন্দ্ৰ" ই ৰাজ তিলক থিয়েটাৰৰ সহযোগত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেজপুৰ সমষ্টিৰ বিধায়ক তথা অভিনেতা পৃথিৰাজ ৰাভা মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি পুৰোধা নাট্যশিল্পী ৰতন লহকৰ জীৱনাদৰ্শ স্মৰণ কৰি অসমীয়া নাটশিল্প তথা ভ্ৰাম্যমাণ থিয়েটাৰলৈ শিল্পী গৰাকীৰ অনবদ্য অৱদান স্মৰণ কৰে। দৰঙৰ…
নামঘৰ উদ্বোধনেৰে আৰম্ভ হ’ব নাৰায়ণপুৰত অসম সাহিত্য সভাৰ পূৰ্ণাঙ্গ অধিৱেশন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩০ জানুৱাৰীঃ ৰাজ্যৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনখন এইবাৰ লখিমপুৰ জিলাৰ বৰখামটি পথাৰত কাইলৈ মঙ্গলবাৰৰ পৰা অনুষ্ঠিত হ’ব৷ কাইলৈ পুৱা ৯ বজাত বৰখামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত নামঘৰ উদ্বোধনেৰে এইবাৰৰ অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হ’ব৷ অধিৱেশনস্থলীত পুৱা ৫০০ স্থানীয় শিল্পীয়ে একেলগে পৰিৱেশন কৰিব এই চিৰ চেনেহী মোৰ ভাষা জননী সমবেত সংগীত৷ ইয়াৰ বাবে দীৰ্ঘদিনৰ পৰা সমবেত সংগীত উপসমিতিয়ে ১০০০ শিল্পীক লৈ অনুশীলন আৰম্ভ কৰি আছে৷ ৫০০ জ্যেষ্ঠ মহিলা, ২০০ শিশু আৰু…
লখিমপুৰ আজাদত জিলা ভিত্তিত ভলীবল প্ৰতিযোগিতা
উত্তৰ লখিমপুৰ, ৩০ জানুৱাৰীঃ উদিত যুৱ সংঘৰ উদ্যোগত উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ সহযোগত দেওবাৰে আজাদ গোহাঁই টেকেলা খেলপথাৰত দিবা-নৈশ প্ৰাইজমানি ভলীবল খেল অনুষ্ঠিত কৰা হয়। উক্ত কাৰ্যসূচীৰ মূল সভাৰ আঁত ধৰে উদিত যুৱ সংঘৰ বিজু চাংমাইয়ে । কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱা ৬ বজাত সামূহিক চাফাই আৰু ৭:৩০ বজাত বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়।বৃক্ষৰোপণ কাৰ্যসূচীত বৃক্ষৰোপক হিচাপে উপস্থিত থাকে গোহাঁই টেকেলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কামেশ্বৰ চেতিয়া।পুৱা ৮ বজাত বাঁহপাতি আঞ্চলিক ক্ৰীড়া সংগঠনৰ সম্পাদক চক্ৰ মহন্তই পতাকা উত্তোলন…
টাইম-৮ৰ সাংবাদিক দাবু নাৰায়ণ কোঁৱৰলৈ পৰাগ ভূঞা সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩০ জানুৱাৰীঃ কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘৰ পৰাগ ভূঞা সোঁৱৰণী ক্ষেত্ৰত যোৱা ২৮ জানুৱাৰী তাৰিখৰ পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ অন্তৰ্ভুক্ত কাকপথাৰ প্ৰেছ ক্লাবৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশনখনিৰ কালি নিশা সফল সামৰণি পৰে । অধিৱেশনৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি কালি পুৱা প্ৰাইজমানি মাৰাথান দৌৰ প্ৰতিযোগিতাৰ অন্তত জিলা ভিত্তিত বাতৰি লিখা আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয় । উদযাপন সমিতিৰ সভাপতি সীমান্ত মৰাণৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা আৰু বঁটা বিতৰণী…
দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত উপাধ্যক্ষ আৰু কাৰ্যবাহী পাৰিষদৰ শপত গ্ৰহণ
উত্তৰ লখিমপুৰ, ২৯জানুৱাৰী: আজি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত উপাধ্যক্ষ আৰু কাৰ্যবাহী পাৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানটি লখিমপুৰ জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত উপাধ্যক্ষ নন্দিতা দেউৰী আৰু ৭ গৰাকী কাৰ্যবাহী পাৰিষদে শপত গ্ৰহণ কৰে। তেওঁলোকক শপত বাক্য পাঠ কৰোৱায় লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সত্তৱানে। শপত গ্ৰহণ কৰা কাৰ্যবাহী পাৰিষদ সকল হল- শশাংক বৰদেউৰী-গহপুৰ, প্ৰফুল্ল দেউৰী-বঙালমৰা, বিজুমনি দেউৰী-কিনাপথাৰ, ৰাকেশ বৰদেউৰী-গোগামুখ, যতীন চন্দ্ৰ দেউৰী-শদিয়া, যোগেন…
তেজপুৰত সংগীতৰ শিক্ষানুষ্ঠান “চিত্ৰলেখা সংগীত বিদ্যালয়” ৰ শুভাৰম্ভ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৯ জানুৱাৰী : তেজপুৰৰ নিকটৱৰ্তী বালিপখুৰী তিনিআলি প্ৰাথমিক বিদ্যালয়ত আজি "চিত্ৰলেখা সংগীত বিদ্যালয়" নামকৰণেৰে এখনি সংগীত বিদ্যালয়ৰ শুভাৰম্ভ কৰা হয় । শিশু শিল্পী বিস্মিতা কাশ্যপে এটি বৰগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে বালিপুখুৰী সত্ৰৰ সত্ৰাধিকাৰ ৰামেশ্বৰ মহন্তই । স্হানীয় সমাজকৰ্মী নিৰ্মল কলিতাৰ পৌৰোহিত্যত শিশু শিল্পী ডিম্পল দেৱীয়ে এটি গীত পৰিবেশন কৰা অনুষ্ঠানটিত প্ৰবীণ কন্ঠশিল্পী, "অমূল্য কাকতি বঁটা" প্ৰাপক সচ্চিদানন্দ বৰাই ভাষণ প্ৰদান কৰাৰ লগতে এটি জ্যোতি সংগীত পৰিবেশন কৰে ।…
৩১ জানুৱাৰীৰ পৰা নাৰায়ণপুৰত অসম সাহিত্য সভাৰ অধিৱেশন
শতাব্দ, ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২৯ জানুৱাৰী : ৰাজ্যৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনখন অহা মঙলবাৰৰ পৰা পাঁচ দিনীয়াকৈ নাৰায়ণপুৰৰ বৰখামটি পথাৰত অনুষ্ঠিত হ'ব। অধিবেশনক লৈ এতিয়া নাৰায়ণপুৰত এক উখল- মাখল পৰিবেশৰ সৃষ্টি হৈছে । ৩১ জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰ খামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিতব্য অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ আদৰণি সমিতিয়ে অহোপুৰুষাৰ্থ কৰি আহিছে। উল্লেখ্য যে বাৰ বৈষ্ণৱৰ জন্মভূমি বৰ…
