Browsing Category
অসম
টাইম-৮ৰ সাংবাদিক দাবু নাৰায়ণ কোঁৱৰলৈ পৰাগ ভূঞা সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩০ জানুৱাৰীঃ কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘৰ পৰাগ ভূঞা সোঁৱৰণী ক্ষেত্ৰত যোৱা ২৮ জানুৱাৰী তাৰিখৰ পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ অন্তৰ্ভুক্ত কাকপথাৰ প্ৰেছ ক্লাবৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশনখনিৰ কালি নিশা সফল সামৰণি পৰে । অধিৱেশনৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি কালি পুৱা প্ৰাইজমানি মাৰাথান দৌৰ প্ৰতিযোগিতাৰ অন্তত জিলা ভিত্তিত বাতৰি লিখা আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয় । উদযাপন সমিতিৰ সভাপতি সীমান্ত মৰাণৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা আৰু বঁটা বিতৰণী…
দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত উপাধ্যক্ষ আৰু কাৰ্যবাহী পাৰিষদৰ শপত গ্ৰহণ
উত্তৰ লখিমপুৰ, ২৯জানুৱাৰী: আজি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত উপাধ্যক্ষ আৰু কাৰ্যবাহী পাৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানটি লখিমপুৰ জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত উপাধ্যক্ষ নন্দিতা দেউৰী আৰু ৭ গৰাকী কাৰ্যবাহী পাৰিষদে শপত গ্ৰহণ কৰে। তেওঁলোকক শপত বাক্য পাঠ কৰোৱায় লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সত্তৱানে। শপত গ্ৰহণ কৰা কাৰ্যবাহী পাৰিষদ সকল হল- শশাংক বৰদেউৰী-গহপুৰ, প্ৰফুল্ল দেউৰী-বঙালমৰা, বিজুমনি দেউৰী-কিনাপথাৰ, ৰাকেশ বৰদেউৰী-গোগামুখ, যতীন চন্দ্ৰ দেউৰী-শদিয়া, যোগেন…
তেজপুৰত সংগীতৰ শিক্ষানুষ্ঠান “চিত্ৰলেখা সংগীত বিদ্যালয়” ৰ শুভাৰম্ভ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৯ জানুৱাৰী : তেজপুৰৰ নিকটৱৰ্তী বালিপখুৰী তিনিআলি প্ৰাথমিক বিদ্যালয়ত আজি "চিত্ৰলেখা সংগীত বিদ্যালয়" নামকৰণেৰে এখনি সংগীত বিদ্যালয়ৰ শুভাৰম্ভ কৰা হয় । শিশু শিল্পী বিস্মিতা কাশ্যপে এটি বৰগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে বালিপুখুৰী সত্ৰৰ সত্ৰাধিকাৰ ৰামেশ্বৰ মহন্তই । স্হানীয় সমাজকৰ্মী নিৰ্মল কলিতাৰ পৌৰোহিত্যত শিশু শিল্পী ডিম্পল দেৱীয়ে এটি গীত পৰিবেশন কৰা অনুষ্ঠানটিত প্ৰবীণ কন্ঠশিল্পী, "অমূল্য কাকতি বঁটা" প্ৰাপক সচ্চিদানন্দ বৰাই ভাষণ প্ৰদান কৰাৰ লগতে এটি জ্যোতি সংগীত পৰিবেশন কৰে ।…
৩১ জানুৱাৰীৰ পৰা নাৰায়ণপুৰত অসম সাহিত্য সভাৰ অধিৱেশন
শতাব্দ, ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২৯ জানুৱাৰী : ৰাজ্যৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনখন অহা মঙলবাৰৰ পৰা পাঁচ দিনীয়াকৈ নাৰায়ণপুৰৰ বৰখামটি পথাৰত অনুষ্ঠিত হ'ব। অধিবেশনক লৈ এতিয়া নাৰায়ণপুৰত এক উখল- মাখল পৰিবেশৰ সৃষ্টি হৈছে । ৩১ জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰ খামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিতব্য অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ আদৰণি সমিতিয়ে অহোপুৰুষাৰ্থ কৰি আহিছে। উল্লেখ্য যে বাৰ বৈষ্ণৱৰ জন্মভূমি বৰ…
অসমৰ হৃদৰোগাক্ৰান্ত শিশুৰ প্ৰথমটো দল আহমেদাবাদলৈ ৰাওনা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৮ জানুৱাৰী : অসম চৰকাৰ আৰু আহমেদাবাদৰ শ্ৰীসত্য সাই হাৰ্ট হস্পিতালৰ মাজত সম্পাদিত হোৱা বুজাবুজি চুক্তিৰ আধাৰত অসমৰ শিশু হৃদৰোগীৰ প্ৰথমটো দল বিশ্বমানৰ চিকিৎসা সেৱা গ্ৰহণৰ বাবে আজি গুজৰাটৰ আহমেদাবাদলৈ ৰাওনা হয়। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ তত্বাৱধানত অভিভাৱকৰ সৈতে প্ৰেৰণ কৰা শিশু হৃদৰোগীৰ দলটোত আছে জন্মগত ভাৱে জটিল হৃদৰোগত আক্ৰান্ত ১৯টি শিশু। আহমেদাবাদলৈ বিমানেৰে ৰাওনা হোৱাৰ প্ৰাকক্ষণত শনিবাৰে দুপৰীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত এই হৃদৰোগাক্ৰান্ত শিশুসকলৰ লগতে অভিভাৱকসকলক দেখা কৰি…
বগীনদীত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত
উত্তৰ লক্ষীমপুৰ, ২৮ জানুৱাৰীঃ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বগীনদী খণ্ডৰ উদ্যোগত আজি বগীনদী উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান ভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিজ্ঞান ভিত্তিক আৰ্হি প্ৰস্তুতকৰণ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা , ধাৰণা , প'ষ্টাৰ ড্ৰয়িং আদি প্ৰতিযোগিতাত বগীনদী উন্নয়ন খণ্ড অন্তৰ্গত প্ৰায় বিশখন বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। বিজ্ঞান ভিত্তিক আৰ্হিৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে লখিমপুৰ জিলাৰ সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়াই। মহান মনিষী আৰ্যভট্টদেৱৰ প্ৰতিচ্ছবি সমুখত বন্তি…
আছাৰ ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধৰ মিশ্ৰিত প্ৰভাৱ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৮জানুৱাৰী: বিটিআৰৰ সম্প্ৰসাৰণৰ বিৰোধিতাৰে আছাই আহ্বান জনোৱা ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধ ঘোষণৰ প্ৰভাৱ জিলাখনত মিশ্ৰিত ভাবে পৰে৷জিলাখনৰ ঢেকিয়াজুলিৰ লগতে বালিপৰা আৰু ৰঙাপৰাত এই বন্ধৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় পুৱাৰে পৰা।বন্ধৰ সময়চোৱাত সকলো দোকান-পোহাৰ এই সমূহ অঞ্চলত বন্ধ থকাৰ উপৰি যানবাহনৰ চলাচলো তেনেই সেৰেঙা আছিল৷ঢেকিয়াজুলিত দিনৰ দুই বজাত আছাৰ একাংশ সদস্যই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ঢেকিয়াজুলিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালৰ পুত্তলিকাও দাহ কৰে৷ ১৫নম্বৰ ৰাষ্ট্ৰীয়…
তেজপুত দুৰ্ঘটনাত নিহত এজন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮জানুৱাৰীঃ
তেজপুৰৰ চাৰিমাইলত আজি পুৱা প্ৰায় ন বজাত সংঘটিত এক শোকাবহ দুৰ্ঘটনাত চিৰাজুল ইছলাম নামৰ এজন লোক নিহত হয়৷আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি এছ০৩বিচি৬৯৯৯ নম্বৰ কয়লা ভৰ্ত্তি ট্ৰাক খনৰ পৰা নমাৰ সময়তে ট্ৰাকখনৰ হেণ্ডিমেন চিৰাজুল পিছলি পৰে আৰু সেইসময়ত পিচুৱাই অনা ট্ৰাকখনৰ চকা চিৰাজুলৰ দেহৰ ওপৰৰে পাৰহৈ যোৱাত তেওঁৰ থিতাতে মৃত্যু ঘটে৷নিহত লোকজনৰ ঘৰ নগাঁৱৰ চামগুৰিত
বন্যহস্তীৰ আক্ৰমণত বনৰক্ষী নিহত শোণিতপুৰত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮জানুৱাৰী: শোণিতপুৰত বন্য হস্তীৰ আক্ৰমণত প্ৰদীপ বৰা নামৰ ৫৯বছৰীয়া এগৰাকী বনকৰ্মী নিহত হয়৷ বন বিভাগৰ গ্ৰেড-২ কৰ্মচাৰী জনে আজি সোনাই ৰূপাই অভয়াৰণ্যৰ কালামাটি ৰেঞ্জৰ ভিতৰত তহল দিবলৈ যোৱাৰ সময়তে এই শোকাবহ ঘটনাটো সংঘটিত হয়৷বিভাগীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আজি পুৱা প্ৰায় ১১ বজাত আন দুজন বন কৰ্মীৰ স’তে বনাঞ্চলত তহল দিবলৈ যোৱাৰ সময়ত বনৰীয়া হাতীৰ মুখামুখি হোৱাত হাতীৰ আক্ৰমণত ৫৯বছৰীয়া বন বিভাগৰ সুদক্ষ কৰ্মচাৰী জনৰ ঘটনাস্থলীতে মৃত্যু হয়। ঘটনা সংঘটিত হোৱাৰ পিছত বন বিভাগৰ লোকে মিছামাৰী আৰক্ষীৰ সহযোগত বন…
তেজপুৰৰ অগ্ৰণী ক্ৰিকেট খেলুৱৈ, বিশিষ্ট ক্ৰীড়া সংগঠক, খেলুৱৈ নিৰ্বাচক প্ৰদীপ চৌধুৰীৰ দেহাৱসান
শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ২৮ জানুৱাৰী : তেজপুৰ তথা অসমৰ উত্তৰ পাৰৰ এসময়ৰ অগ্ৰণী ক্ৰিকেট খেলুৱৈ, বিশিষ্ট ক্ৰীড়া সংগঠক, সৰবৰহী সমাজকৰ্মী, তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ আজীৱন সদস্য প্ৰদীপ চৌধুৰীৰ আজি পুৱা প্ৰায় ১০ - ৩০ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰৰ লগতে জিলাখনত শোকৰ ছাঁ পৰিছে। ১৯৫৮ চনৰ ১৯ অক্টোবৰত তেজপুৰৰ নেপালী পট্ৰিত জন্ম গ্ৰহণ কৰা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ চৌধুৰী কেবামাহ ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ পিছত আজি চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে।…
