Browsing Category

অসম

লখিমপুৰত চাৰি শতাধিক দৰিদ্ৰ পৰিয়ালক ৰেডক্ৰছ চ’ছাইটিৰ সাহায্য- সামগ্ৰী বিতৰণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৮ জানুৱাৰীঃ লখিমপুৰ জিলাৰ বানবিধ্বস্ত, খহনীয়াগ্ৰস্ত তথা ঘৰ-বাৰী হেৰুৱাই বৰ্তমান মথাউৰিত বসবাস কৰি থকা তেলাহী উন্নয়ন খণ্ডৰ অন্তৰ্গত চাৰিশ টা পৰিয়ালৰ মাজত আজি ভাৰতীয় ৰেডক্ৰছ চ'ছাইটিৰ লখিমপুৰ শাখাই বিভিন্ন লাগতিয়াল সা-সামগ্ৰী বিতৰণ কৰে। ৰেডক্ৰছ চ'ছাইটিৰ তাৎক্ষণিক মানৱীয় ব্যৱস্থাৰ অধীনত পৰিয়াল একোটাক পুনঃসংস্থাপনৰ বাবে প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী বিতৰণ কাৰ্যসূচী আজি লখিমপুৰৰ অতিৰিক্ত উপায়ুক্ত গীতালী দুৱৰাই শুভ উদ্বোধন কৰে। পানীগাঁওস্থিত অ' পি ডি মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এই সামগ্ৰী বিতৰণ…

অসমত প্ৰথমবাৰৰ বাবে দৰং মহাবিদ্যালয়ত অসম লোক সেৱা আয়োগৰ পৰীক্ষাৰ সজাগতা কাৰ্যসূচী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৮ জানুৱাৰীঃ শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ সহযোগত আজি অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত বিভিন্ন পৰীক্ষাৰ ওপৰত জিলাখনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। দৰং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা আজিৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম লোক সেৱা আয়োগৰ অধ্যক্ষ তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ভৰত ভূষণ দেৱ চৌধুৰীয়ে ৷ আজিৰ সভাত ভাষণ প্ৰদান কৰি অধ্যক্ষগৰাকীয়ে জনাই যে অসমৰ ভিতৰতে এই অনুষ্ঠানটো প্ৰথমবাৰৰ বাবে শোণিতপুৰত…

মৰ্মন্তুদ… ( ফটো সংবাদ)

যুৱকজনৰ নাম ৰাম মজুমদাৰে। ঘৰ বৰপেটাৰোডত। ৰঙীন সংসাৰ গঢ়াৰ সপোনেৰে বিবাহত বহাৰ পিছদিনাই নিশা হৃদৰোগত ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় যুৱকজনে....

আন্তৰ্জাতিক বঁটা বিজয়ী চকু চিকিৎসা সেৱা কেন্দ্ৰ ই.আৰ.চি এতিয়া উত্তৰ লখিমপুৰত উপলব্ধ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ জানুৱাৰীঃ পূব ভাৰতৰ এক আগশাৰীৰ চকু চিকিৎসা প্ৰতিষ্ঠান ERCLens.com  আজি উত্তৰ লখিমপুৰত উদ্বোধন কৰা হয়। এতিয়ালৈ ৫ লাখতকৈ অধিক ৰোগীৰ সফলতাৰে চকুৰ চিকিৎসা সম্পন্ন কৰাৰ পাছত সমগ্ৰ অসম, পশ্চিম বংগ, নাগালেণ্ড আৰু বিহাৰৰ শাখাবোৰৰ লগতে, ERCLens.com এ সমগ্ৰ উত্তৰ লখিমপুৰৰ জনসাধাৰণক কম ব্যয়তে উচ্চ মানদণ্ডৰ চকুৰ চিকিৎসা প্ৰদান কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। এই উপলক্ষে অনুষ্ঠানটোত আজি স্থানীয় সাংবাদিকসকলৰ বিনামূলীয়াকৈ চকুৰ পৰীক্ষাও কৰা হয়। ERCLens.com হৈছে অসম ভিত্তিক এক ষ্টাৰ্ট-আপ। প্ৰধানমন্ত্ৰী…

কটন বিশ্ববিদ্যালয়ত আলোচনা সত্ৰ সম্পন্ন

গুৱাহাটী, ২৭ জানুৱাৰী : লিপিৰ বৈজ্ঞানিক অধ্যয়ন আমাৰ স্বাভিমানৰ বিষয় ৷ প্ৰাচীন শিলালিপি, তাম্ৰলিপি, মূৰ্তি, সাঁচিপাত, আদিৰ ভিত্তিত কেনেদৰে অসমীয়া লিপি ক্ৰম বিৱৰ্তনৰ মূৰকত আজিৰ আকৃতি লৈছে সেই সন্দৰ্ভত বিশ্লেষণৰ বৰ প্ৰয়োজন হৈ পৰিছে ৷ আজি অসম সাহিত্য সভাৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজিত এক অনুষ্ঠানত সভাপতিৰ আসনৰ পৰা সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই এইদৰে কয় ৷ ভাষণ প্ৰসংগত ড° শইকীয়াই কয় -বিভিন্ন স্থানত আবিস্কৃত মহাস্থানগড়, উমাচললিপি, আদিৰ দ্বাৰা এই কথা প্ৰতিপন্ন হয় যে অসমীয়া ভাৰতৰ অন্যতম প্ৰাচীন লিপি ৷ দীক্ষিতা পাঠকে আঁত ধৰা…

শংকৰদেৱ শিশু নিকেতন বাঁহপাতিত সাংস্কৃতিক নন্দন কানন কাৰ্যক্ৰম

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২৭ জানুৱাৰীঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অন্তৰ্গত অসম শিশু শিক্ষা সমিতিৰ অধীনস্থ শংকৰদেৱ শিশু নিকেতন বাহপাতি আজাদৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গণৰাজ্য দিৱস উপলক্ষে জয়তু ভাৰতী জয়তু জননী শীৰ্ষক সাংস্কৃতিক নন্দন অভিধাৰে এক কাৰ্য্যসূচী কালি অনুষ্ঠিত হয়। তদুপলক্ষে ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে প্ৰধান আচাৰ্য লোহিত বৰাই। নিকেতনৰ প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভাপতি গীতাচাৰ্য পুৰন্দৰ বৰুৱাই। উক্ত কাৰ্যসূচীৰ পাছতেই মাংগলিক ভাৱে সৰস্বতী পূজাৰ বন্দনা অনুষ্ঠিত হয়। পুৱা…

এবছুৰ আদৰণিৰ বিপৰীতে বিটিআৰত শোণিতপুৰৰ গাঁৱৰ অন্তৰ্ভুক্তিকলৈ তীব্ৰ প্ৰতিবাদ চাৰিদুৱাৰ আৰু ঢেকিয়াজুলিত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৭জানুৱাৰী: শোণিতপুৰৰ চাৰিদুৱাৰৰ দুখন গাঁও বিটিআৰৰ অন্তৰ্ভুক্ত হোৱাকলৈ আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে চাৰিদুৱাৰত৷ উল্লেখযোগ্য যে কালি দেশৰ ৭৪সংখ্যক গণতন্ত্ৰ দিৱসৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিটিআৰৰ সম্প্ৰসাৰণৰ বিষয়ে ঘোষণা কৰিছিল আৰু ইয়াৰে অংশ হিছাপে ৰাজ্যৰ ৬০খনকৈ বড়ো জনগোষ্ঠী অধ্যুষিত গাঁৱক বিটিআৰৰ অন্তৰ্ভুক্তি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ বিটিআৰৰ এই সম্প্ৰসাৰণত চাৰিদুৱাৰ ৰাজহ চক্ৰৰ দুখন গাঁও বিটিআৰত অন্তৰ্ভুক্তিক কেন্দ্ৰ কৰি কালি চাৰিদুৱাৰত বড়ো ৰাইজে হৰ্ষোল্লাস…

খাটপাৰ এলেঙী সত্ৰৰ ডেকা সত্ৰাধিকাৰ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট সমাজকৰ্মী দেৱেন মহন্তৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ জানুৱাৰীঃ লখিমপুৰ জিলাৰ নাওবৈচা উত্তৰকাৰী গাঁৱৰ নিবাসী তথা শ্ৰীশ্ৰী খাটপাৰ এলেঙী সত্ৰৰ ডেকা সত্ৰাধিকাৰ, নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱেন মহন্ত ৰ বৃহস্পতিবাৰে সন্ধিয়া নিজ বাসগৃহত দেহাৱসান ঘটে৷ কিছুদিনৰ পৰা অসুস্থ হৈ পৰা বিশিষ্ট সমাজকৰ্মীজনৰ বিয়োগত সমগ্ৰ নাওবৈচা অঞ্চলত গভীৰ শোকৰ ছা পৰিছে৷ আজি তেখেতৰ নশ্বৰ দেহত অগণন লোকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত তেওঁৰ নশ্বৰ দেহ লৈ ৰাইজে মৌন সমদল কৰাৰ পিছত বিয়লি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু অনুৰাগীৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা…

অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনস্থলীত বিধায়ক-আদৰণী সমিতিৰ সভাপতি অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধে এন এছ এছৰ তীব্ৰ প্ৰতিবাদ

 ঃ শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ জানুৱাৰীঃ অহা ৩১ জানুৱাৰীৰ পৰা নাৰায়ণপুৰত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ ৭৬ সংখ্যক অধিৱেশন৷ তদুপলক্ষে নাৰায়ণপুৰৰ চৌদিশে এতিয়া উখল মাখল পৰিৱেশৰ সূচনা হোৱাৰ সময়তে আজি বিয়লি অধিৱেশনৰ মুখ্য তোৰণৰ সন্মুখত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ ৰাষ্ট্ৰীয় সেৱা বাহিনীয়ে বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধে এনে প্ৰতিবাদ জনায়৷ বিধায়ক অমিয় কুমাৰ ভূঞাই ৰাষ্ট্ৰীয় সেৱা বাহিনীৰ বিষয়ববীয়াক অসৌজন্যমূলক আচৰণ কৰাৰ ফলস্বৰূপেই আজি এনেদৰে ৰাষ্ট্ৰীয় সেৱা বাহিনীয়ে বিধায়কজনৰ বিৰুদ্ধে প্ৰতিবাদত সোচ্ছাৰ হৈ পৰে৷…

পলকতে

অৰূপ মান্নাৰ বড়ো ছবি চিফুঙলৈ আন্তৰাষ্ট্ৰীয় বঁটাঃ শ্ৰেষ্ঠ শিশু শিল্পী বঁটা ভূমিকা দৈমাৰীলৈবয়োজ্যেষ্ঠ -স্বাধীনতা সংগ্ৰামী আলহাজ ছোহৰাব আলী মুন্সীৰ ১১৪ বছৰ বয়সত দেহাৱসানঃ শোকস্তব্ধ বকো- ছয়গাঁও অঞ্চলৰ ৰাইজ।মৰিয়নিত ৰে'লৰ খুন্দাত বন্যহস্তী নিহত (সংলগ্ন আলোকচিত্ৰ)জিলাই জিলাই চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ।হাজোত নতুন অসমীয়া চলচিত্ৰ "সংঘাত"ৰ শুভমুক্তি বকোৰ নাগোপাৰাত বনৰীয়া হাতীয়ে  দিন দুপৰতে ভাঙিলে তিনিটাকৈ বাসগৃহ ৷ নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱৰ নিদান হাস্পতালত উত্তপ্ত পৰিস্থিতি