Browsing Category

অসম

অসমৰ হৃদৰোগাক্ৰান্ত শিশুৰ প্ৰথমটো দল আহমেদাবাদলৈ ৰাওনা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৮ জানুৱাৰী : অসম চৰকাৰ আৰু আহমেদাবাদৰ শ্ৰীসত্য সাই হাৰ্ট হস্পিতালৰ মাজত সম্পাদিত হোৱা বুজাবুজি চুক্তিৰ আধাৰত অসমৰ শিশু হৃদৰোগীৰ প্ৰথমটো দল বিশ্বমানৰ চিকিৎসা সেৱা গ্ৰহণৰ বাবে আজি গুজৰাটৰ আহমেদাবাদলৈ ৰাওনা হয়। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ তত্বাৱধানত অভিভাৱকৰ সৈতে প্ৰেৰণ কৰা শিশু হৃদৰোগীৰ দলটোত আছে জন্মগত ভাৱে জটিল হৃদৰোগত আক্ৰান্ত ১৯টি শিশু। আহমেদাবাদলৈ বিমানেৰে ৰাওনা হোৱাৰ প্ৰাকক্ষণত শনিবাৰে দুপৰীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত এই হৃদৰোগাক্ৰান্ত শিশুসকলৰ লগতে অভিভাৱকসকলক দেখা কৰি…

বগীনদীত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত

উত্তৰ লক্ষীমপুৰ, ২৮ জানুৱাৰীঃ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বগীনদী খণ্ডৰ উদ্যোগত আজি বগীনদী উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান ভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিজ্ঞান ভিত্তিক আৰ্হি প্ৰস্তুতকৰণ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা , ধাৰণা , প'ষ্টাৰ ড্ৰয়িং আদি প্ৰতিযোগিতাত বগীনদী উন্নয়ন খণ্ড অন্তৰ্গত প্ৰায় বিশখন বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। বিজ্ঞান ভিত্তিক আৰ্হিৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে লখিমপুৰ জিলাৰ সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়াই। মহান মনিষী আৰ্যভট্টদেৱৰ প্ৰতিচ্ছবি সমুখত বন্তি…

আছাৰ ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধৰ মিশ্ৰিত প্ৰভাৱ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৮জানুৱাৰী: বিটিআৰৰ সম্প্ৰসাৰণৰ বিৰোধিতাৰে আছাই আহ্বান জনোৱা ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধ ঘোষণৰ প্ৰভাৱ জিলাখনত মিশ্ৰিত ভাবে পৰে৷জিলাখনৰ ঢেকিয়াজুলিৰ লগতে বালিপৰা আৰু ৰঙাপৰাত এই বন্ধৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় পুৱাৰে পৰা।বন্ধৰ সময়চোৱাত সকলো দোকান-পোহাৰ এই সমূহ অঞ্চলত বন্ধ থকাৰ উপৰি যানবাহনৰ চলাচলো তেনেই সেৰেঙা আছিল৷ঢেকিয়াজুলিত দিনৰ দুই বজাত আছাৰ একাংশ সদস্যই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ঢেকিয়াজুলিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালৰ পুত্তলিকাও দাহ কৰে৷ ১৫নম্বৰ ৰাষ্ট্ৰীয়…

তেজপুত দুৰ্ঘটনাত নিহত এজন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮জানুৱাৰীঃ তেজপুৰৰ চাৰিমাইলত আজি পুৱা প্ৰায় ন বজাত সংঘটিত এক শোকাবহ দুৰ্ঘটনাত চিৰাজুল ইছলাম নামৰ এজন লোক নিহত হয়৷আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি এছ০৩বিচি৬৯৯৯ নম্বৰ কয়লা ভৰ্ত্তি ট্ৰাক খনৰ পৰা নমাৰ সময়তে ট্ৰাকখনৰ হেণ্ডিমেন চিৰাজুল পিছলি পৰে আৰু সেইসময়ত পিচুৱাই অনা ট্ৰাকখনৰ চকা চিৰাজুলৰ দেহৰ ওপৰৰে পাৰহৈ যোৱাত তেওঁৰ থিতাতে মৃত্যু ঘটে৷নিহত লোকজনৰ ঘৰ নগাঁৱৰ চামগুৰিত

বন্যহস্তীৰ আক্ৰমণত বনৰক্ষী নিহত শোণিতপুৰত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮জানুৱাৰী: শোণিতপুৰত বন্য হস্তীৰ আক্ৰমণত প্ৰদীপ বৰা নামৰ ৫৯বছৰীয়া এগৰাকী বনকৰ্মী নিহত হয়৷ বন বিভাগৰ গ্ৰেড-২ কৰ্মচাৰী জনে আজি সোনাই ৰূপাই অভয়াৰণ্যৰ কালামাটি ৰেঞ্জৰ ভিতৰত তহল দিবলৈ যোৱাৰ সময়তে এই শোকাবহ ঘটনাটো সংঘটিত হয়৷বিভাগীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আজি পুৱা প্ৰায় ১১ বজাত আন দুজন বন কৰ্মীৰ স’তে বনাঞ্চলত তহল দিবলৈ যোৱাৰ সময়ত বনৰীয়া হাতীৰ মুখামুখি হোৱাত হাতীৰ আক্ৰমণত ৫৯বছৰীয়া বন বিভাগৰ সুদক্ষ কৰ্মচাৰী জনৰ ঘটনাস্থলীতে মৃত্যু হয়। ঘটনা সংঘটিত হোৱাৰ পিছত বন বিভাগৰ লোকে মিছামাৰী আৰক্ষীৰ সহযোগত বন…

তেজপুৰৰ অগ্ৰণী ক্ৰিকেট খেলুৱৈ, বিশিষ্ট ক্ৰীড়া সংগঠক, খেলুৱৈ নিৰ্বাচক প্ৰদীপ চৌধুৰীৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ২৮ জানুৱাৰী : তেজপুৰ তথা অসমৰ উত্তৰ পাৰৰ এসময়ৰ অগ্ৰণী ক্ৰিকেট খেলুৱৈ, বিশিষ্ট ক্ৰীড়া সংগঠক, সৰবৰহী সমাজকৰ্মী, তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ আজীৱন সদস্য প্ৰদীপ চৌধুৰীৰ আজি পুৱা প্ৰায় ১০ - ৩০ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰৰ লগতে জিলাখনত শোকৰ ছাঁ পৰিছে। ১৯৫৮ চনৰ ১৯ অক্টোবৰত তেজপুৰৰ নেপালী পট্ৰিত জন্ম গ্ৰহণ কৰা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ চৌধুৰী কেবামাহ ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ পিছত আজি চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে।…

লখিমপুৰত চাৰি শতাধিক দৰিদ্ৰ পৰিয়ালক ৰেডক্ৰছ চ’ছাইটিৰ সাহায্য- সামগ্ৰী বিতৰণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৮ জানুৱাৰীঃ লখিমপুৰ জিলাৰ বানবিধ্বস্ত, খহনীয়াগ্ৰস্ত তথা ঘৰ-বাৰী হেৰুৱাই বৰ্তমান মথাউৰিত বসবাস কৰি থকা তেলাহী উন্নয়ন খণ্ডৰ অন্তৰ্গত চাৰিশ টা পৰিয়ালৰ মাজত আজি ভাৰতীয় ৰেডক্ৰছ চ'ছাইটিৰ লখিমপুৰ শাখাই বিভিন্ন লাগতিয়াল সা-সামগ্ৰী বিতৰণ কৰে। ৰেডক্ৰছ চ'ছাইটিৰ তাৎক্ষণিক মানৱীয় ব্যৱস্থাৰ অধীনত পৰিয়াল একোটাক পুনঃসংস্থাপনৰ বাবে প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী বিতৰণ কাৰ্যসূচী আজি লখিমপুৰৰ অতিৰিক্ত উপায়ুক্ত গীতালী দুৱৰাই শুভ উদ্বোধন কৰে। পানীগাঁওস্থিত অ' পি ডি মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এই সামগ্ৰী বিতৰণ…

অসমত প্ৰথমবাৰৰ বাবে দৰং মহাবিদ্যালয়ত অসম লোক সেৱা আয়োগৰ পৰীক্ষাৰ সজাগতা কাৰ্যসূচী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৮ জানুৱাৰীঃ শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ সহযোগত আজি অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত বিভিন্ন পৰীক্ষাৰ ওপৰত জিলাখনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। দৰং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা আজিৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম লোক সেৱা আয়োগৰ অধ্যক্ষ তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ভৰত ভূষণ দেৱ চৌধুৰীয়ে ৷ আজিৰ সভাত ভাষণ প্ৰদান কৰি অধ্যক্ষগৰাকীয়ে জনাই যে অসমৰ ভিতৰতে এই অনুষ্ঠানটো প্ৰথমবাৰৰ বাবে শোণিতপুৰত…

মৰ্মন্তুদ… ( ফটো সংবাদ)

যুৱকজনৰ নাম ৰাম মজুমদাৰে। ঘৰ বৰপেটাৰোডত। ৰঙীন সংসাৰ গঢ়াৰ সপোনেৰে বিবাহত বহাৰ পিছদিনাই নিশা হৃদৰোগত ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় যুৱকজনে....

আন্তৰ্জাতিক বঁটা বিজয়ী চকু চিকিৎসা সেৱা কেন্দ্ৰ ই.আৰ.চি এতিয়া উত্তৰ লখিমপুৰত উপলব্ধ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ জানুৱাৰীঃ পূব ভাৰতৰ এক আগশাৰীৰ চকু চিকিৎসা প্ৰতিষ্ঠান ERCLens.com  আজি উত্তৰ লখিমপুৰত উদ্বোধন কৰা হয়। এতিয়ালৈ ৫ লাখতকৈ অধিক ৰোগীৰ সফলতাৰে চকুৰ চিকিৎসা সম্পন্ন কৰাৰ পাছত সমগ্ৰ অসম, পশ্চিম বংগ, নাগালেণ্ড আৰু বিহাৰৰ শাখাবোৰৰ লগতে, ERCLens.com এ সমগ্ৰ উত্তৰ লখিমপুৰৰ জনসাধাৰণক কম ব্যয়তে উচ্চ মানদণ্ডৰ চকুৰ চিকিৎসা প্ৰদান কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। এই উপলক্ষে অনুষ্ঠানটোত আজি স্থানীয় সাংবাদিকসকলৰ বিনামূলীয়াকৈ চকুৰ পৰীক্ষাও কৰা হয়। ERCLens.com হৈছে অসম ভিত্তিক এক ষ্টাৰ্ট-আপ। প্ৰধানমন্ত্ৰী…