Browsing Category
অসম
সদৌ অসম ডায়েট বিষয়া সন্থাৰ বাৰ্ষিক অধিৱেশন সম্পন্ন
গুৱাহাটী, ২৭ জানুৱাৰীঃ সদৌ অসম ডায়েট বিষয়া সন্থাৰ বাৰ্ষিক অধিৱেশনখনি সোমবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হয়| অৰ্ধশতাধিক সদস্য উপস্থিত থকা অধিৱেশনখনিত সন্থাৰ সংবিধান সংশোধনীকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়|
পোনপ্ৰথমে পুৱা ১০ বজাৰ পৰা সন্থাৰ কাৰ্যবাহী সভা অনুষ্ঠিত হয়| কাৰ্যবাহী সভাৰ পাছতে সভাপতি ৰাতুল নেওগৰ দ্বাৰা সন্থাৰ পতাকা উত্তোলন কৰা হয়| পতাকা উত্তোলন কাৰ্যসূচীৰ পাছতে দিনৰ ১২ বজাৰ পৰা সাধাৰণ সভা অনুষ্ঠিত হয়| প্ৰায় ২০ খন ডায়েটৰ প্ৰতিনিধি উপস্থিত থকা…
শদিয়াত ইন্ধনৰ ভাণ্ডাৰৰ সন্ধান লাভ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ জানুৱাৰীঃ এইবাৰ শদিয়াত ইন্ধনৰ বৃহৎ ভাণ্ডাৰৰ সন্ধান লাভ কৰিছে যুটীয়াকৈ চলোৱা অনুসন্ধানে। অইল, অ'এন জি চি আৰু বি আৰ পি এলে যুটীয়াকৈ চলোৱা অনুসন্ধানত এই তথ্য পোহৰলৈ আহিছে। অইলৰ এক সূত্ৰই সদৰী কৰা মতে শদিয়াৰ পহুখোৱা নামৰ ঠাইত চলোৱা অনুসন্ধানত ভূ পৃষ্ঠৰ পৰা ৫৮৯০ মিটাৰ গভীৰতাত তেল আৰু প্ৰাকৃতিক গেছৰ এক বিশাল ভাণ্ডাৰ থকাৰ সন্ধান পোৱা গৈছে। অনুসন্ধান অব্যাহত আছে বাবে এই ভাণ্ডাৰৰ আয়তন কিমান বিশাল সেয়া অদ্যপি নিশ্চিত হোৱা নাই।
অসমৰ তিনিগৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান
অসমৰ তিনিগৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান আগবেঢ়াৱা হৈছে । সেইসকল হল ক্ৰমে হেমপ্ৰভা চুতীয়া (কলা ), হেমচন্দ্ৰ গোস্বামী (কলা ) আৰু ৰামকুইৱাংবে ৱমে ( Ramkuiwangbe Newme ( সমাজসেৱা )।
“শতাব্দ”ৰ গ্ৰাহক-শুভাকাংক্ষীলৈ জাননী
অসমত ইতিবাচক সাংবাদিকতাৰ ধাৰাৰ পোষকতা কৰা "শতাব্দ ডিজি মিডিয়া"ই অসমৰ সচেতন ৰাইজ তথা গ্ৰাহকৰ আশীৰ্বাদত এটা বছৰ সম্পূৰ্ণ কৰি দ্বিতীয় বছৰত ভৰি দিলে। গ্ৰাহক- শুভাকাংক্ষীৰ সহায় অবিহনে 'শতাব্দ'ক আগুৱাই নিয়াটো কঠিন। সেয়ে আপোনাৰ ইচ্ছা আৰু সামৰ্থ্যৰে শতাব্দৰ আগুৱাই যোৱাত সহায় কৰক।
বছৰেকীয়া বৰঙণি ১০০০ টকা(এহেজাৰ টকা)Bank DetailsShatabda Digi Media
A/C No— 40879448580
IFSC—SBIN0016936
Lakhimpur Bazar Branch
State Bank of IndiaPhone pay no-7002313100
৩০ জানুৱাৰীত বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ
গুৱাহাটী, ২৫ জানুৱাৰী : অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা আয়োজন কৰা হৈছে । ৩০ জানুৱাৰী তাৰিখে সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই । এই কৰ্মশালাখনত অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে অংশগ্রহণ কৰিব পাৰিব ।…
তিনিচুকীয়াৰ ডাম্পিং গ্ৰাউণ্ডৰ আৱৰ্জনা নিষ্কাশন আৰু পুনৰ্বাসনৰ বাবে অইলৰ সৈতে চুক্তি স্বাক্ষৰিত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৫ জানুৱাৰী : তিনিচুকীয়া পৌৰসভাৰ অধীনৰ টিংৰাইস্থিত ডাম্পিং গ্ৰাউণ্ডৰ লিগেচি আৱৰ্জনাৰ নিষ্কাশন আৰু পুনৰ্বাসনৰ বাবে জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়া গ্ৰাম্য উন্নয়ন ছ’চাইটিৰ মাজত এখন বুজাবুজি চুক্তি আজি তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত স্বাক্ষৰিত হয় ৷ এই উপলক্ষে আয়োজিত সভাত তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰ আৰু অইল ইণ্ডিয়া গ্ৰাম্য উন্নয়ন ছ’চাইটিৰ সভাপতি ভৈৰৱ ভূঞাই এই চুক্তিত স্বাক্ষৰ কৰে ৷ ডাম্পিং গ্ৰাউণ্ডৰ লিগেচি আৱৰ্জনাৰ নিষ্কাশন আৰু পুনৰ্বাসন ৩,১৭,৪২,০০০ টকা ব্যয় সাপেক্ষে অইল ইণ্ডিয়া…
বিজেপিয়ে বাকী আৰু ফাঁকিৰে চৰকাৰ চলাইছে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫ জানুৱাৰী :বিগত বিধান সভা নিৰ্বাচন আৰু পৌৰ নিৰ্বাচনত শোচনীয় অৱস্থাৰ সন্মুখীন হোৱাৰ পাছতেই প্ৰায় নিৰ্জীৱ হৈ পৰা তেজপুৰ স্হিত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আজি দেখা গ’ল এক ভিন্ন পৰিৱেশ৷শোভাযাত্ৰা আৰু বিহু তথা খোলতাল আৰু ফটকাৰ শব্দৰ মাজৰে আজি এই কাৰ্যালয়ত শোণিতপুৰ জিলা কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি দাদুল বৰকাকতিয়ে গ্ৰহণ কৰে দায়িত্বভাৰ৷তেজপুৰৰ ৰাজীৱ ভৱনত প্ৰৱেশ কৰি দায়িত্ব ভাৰ গ্ৰহণ কৰাৰ পূৰ্বে তেজপুৰৰ গণেশঘাটত থকা গণেশ মন্দিৰত পূজা অৰ্চনা কৰা জিলা সভাপতিজনক খোল তাল বজাই জিলাৰ কংগ্ৰেছ কৰ্মী সকলে…
তেজপুৰত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ হৰ্ষজিতে গঢ়া বাগদেৱীৰ মৃন্ময় প্ৰতিমাৰে হ’ব নিজ বিদ্যালয়ত পূজা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জানুৱাৰী: গণৰাজ্য দিৱসৰ দিনটোতে কাইলৈ অনুষ্ঠিত হ’বলগীয়া বাগদেৱী সৰস্বতী পূজাৰ মৃন্ময় প্ৰতিমাসমূহ তেজপুৰৰ বিভিন্ন শিক্ষানুষ্ঠানলৈ আজি নিয়া হৈছে৷ছাত্ৰছাত্ৰী,শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱক সকলৰ উৎসাহৰ মাজতে তেজপুৰৰ এজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰই নিৰ্মাণ কৰা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ প্ৰায় তিনিফুট উচ্চতাৰ মৃন্ময় প্ৰতিমা চৰ্চিত বিষয় হৈ পৰাৰ লগতে ছাত্ৰজনে অধ্যয়ন কৰা বিদ্যালয়ত এই প্ৰতিমাৰেই পূজা অনুষ্ঠিত হ’ব৷উল্লেখযোগ্য যে,শোণিতপুৰ শিশু বিকাশ বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ হৰ্ষজিত ভাৱালে নিজ হাতে গঢ়িছে…
শোণিতপুৰৰ চাৰিদুৱাৰত তিনিটা বন্দুক সহ গুলী উদ্ধাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২৫জানুৱাৰীঃ আজি পুৱতি নিশা চাৰিদুৱাৰ আৰক্ষীয়ে চলোৱা এক অভিযানত মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই শোণিতপুৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্ত্তী দুইনম্বৰ পূৱ মানশিৰি তথা মালদাং পাহাৰৰ দাঁতিত চাৰিদুৱাৰ আৰক্ষীয়ে ভালুকপুং আৰক্ষী চকীৰ সহযোগত চলোৱা এই অভিযানৰ সময়ত উদ্ধাৰ কৰিছে তিনিটাকৈ হস্তনিৰ্মিত বন্দুক আৰু ১২ জাঁই সজীৱ গুলীৰ লগতে দুটাকৈ খালী কাৰ্টিজ। এক গোপন সূত্ৰৰ পম খেদি পুৱতি নিশা অভিযান চলাই টেপৰা খাকলাৰী(৪২),উত্তম…
তেজপুৰৰ প্ৰাক্তন সাংসদ, সাংবাদিক, জননেতা ড° পূৰ্ণ নাৰায়ণ সিংহক স্মৰণ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৫ জানুৱাৰী: তেজপুৰৰ প্ৰাক্তন সাংসদ, সাংবাদিক তথা জননেতা, তিনিদিনীয়া কাকত "মহাজাতি"ৰ প্ৰকাশক তথা সম্পাদক প্ৰয়াত ড° পূৰ্ণ নাৰায়ণ সিংহৰ আজি ২৩ সংখ্যক মৃত্যু তিথিত বিশিষ্ট ব্যক্তিজনক শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ লগতে বিভিন্ন অনুষ্ঠানে স্মৰণ কৰে।আজি পুৱা আঠ বজাত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সদস্য তথা বিষয়ববীয়া সকলে তেজপুৰৰ লাচিত চকত সাংবাদিক সংস্হাটোৱে স্হাপন কৰা প্ৰয়াত ড° সিংহৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেজপুৰ পৌৰ সভাৰ পৌৰপতি প্ৰজ্ঞানু ভট্টাচাৰ্যই অংশ লৈ…
