Browsing Category
অসম
কটন বিশ্ববিদ্যালয়ত আলোচনা সত্ৰ সম্পন্ন
গুৱাহাটী, ২৭ জানুৱাৰী : লিপিৰ বৈজ্ঞানিক অধ্যয়ন আমাৰ স্বাভিমানৰ বিষয় ৷ প্ৰাচীন শিলালিপি, তাম্ৰলিপি, মূৰ্তি, সাঁচিপাত, আদিৰ ভিত্তিত কেনেদৰে অসমীয়া লিপি ক্ৰম বিৱৰ্তনৰ মূৰকত আজিৰ আকৃতি লৈছে সেই সন্দৰ্ভত বিশ্লেষণৰ বৰ প্ৰয়োজন হৈ পৰিছে ৷ আজি অসম সাহিত্য সভাৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজিত এক অনুষ্ঠানত সভাপতিৰ আসনৰ পৰা সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই এইদৰে কয় ৷ ভাষণ প্ৰসংগত ড° শইকীয়াই কয় -বিভিন্ন স্থানত আবিস্কৃত মহাস্থানগড়, উমাচললিপি, আদিৰ দ্বাৰা এই কথা প্ৰতিপন্ন হয় যে অসমীয়া ভাৰতৰ অন্যতম প্ৰাচীন লিপি ৷ দীক্ষিতা পাঠকে আঁত ধৰা…
শংকৰদেৱ শিশু নিকেতন বাঁহপাতিত সাংস্কৃতিক নন্দন কানন কাৰ্যক্ৰম
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২৭ জানুৱাৰীঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অন্তৰ্গত অসম শিশু শিক্ষা সমিতিৰ অধীনস্থ শংকৰদেৱ শিশু নিকেতন বাহপাতি আজাদৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গণৰাজ্য দিৱস উপলক্ষে জয়তু ভাৰতী জয়তু জননী শীৰ্ষক সাংস্কৃতিক নন্দন অভিধাৰে এক কাৰ্য্যসূচী কালি অনুষ্ঠিত হয়। তদুপলক্ষে ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে প্ৰধান আচাৰ্য লোহিত বৰাই। নিকেতনৰ প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভাপতি গীতাচাৰ্য পুৰন্দৰ বৰুৱাই। উক্ত কাৰ্যসূচীৰ পাছতেই মাংগলিক ভাৱে সৰস্বতী পূজাৰ বন্দনা অনুষ্ঠিত হয়। পুৱা…
এবছুৰ আদৰণিৰ বিপৰীতে বিটিআৰত শোণিতপুৰৰ গাঁৱৰ অন্তৰ্ভুক্তিকলৈ তীব্ৰ প্ৰতিবাদ চাৰিদুৱাৰ আৰু ঢেকিয়াজুলিত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৭জানুৱাৰী: শোণিতপুৰৰ চাৰিদুৱাৰৰ দুখন গাঁও বিটিআৰৰ অন্তৰ্ভুক্ত হোৱাকলৈ আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে চাৰিদুৱাৰত৷ উল্লেখযোগ্য যে কালি দেশৰ ৭৪সংখ্যক গণতন্ত্ৰ দিৱসৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিটিআৰৰ সম্প্ৰসাৰণৰ বিষয়ে ঘোষণা কৰিছিল আৰু ইয়াৰে অংশ হিছাপে ৰাজ্যৰ ৬০খনকৈ বড়ো জনগোষ্ঠী অধ্যুষিত গাঁৱক বিটিআৰৰ অন্তৰ্ভুক্তি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ বিটিআৰৰ এই সম্প্ৰসাৰণত চাৰিদুৱাৰ ৰাজহ চক্ৰৰ দুখন গাঁও বিটিআৰত অন্তৰ্ভুক্তিক কেন্দ্ৰ কৰি কালি চাৰিদুৱাৰত বড়ো ৰাইজে হৰ্ষোল্লাস…
খাটপাৰ এলেঙী সত্ৰৰ ডেকা সত্ৰাধিকাৰ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট সমাজকৰ্মী দেৱেন মহন্তৰ দেহাৱসান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ জানুৱাৰীঃ লখিমপুৰ জিলাৰ নাওবৈচা উত্তৰকাৰী গাঁৱৰ নিবাসী তথা শ্ৰীশ্ৰী খাটপাৰ এলেঙী সত্ৰৰ ডেকা সত্ৰাধিকাৰ, নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱেন মহন্ত ৰ বৃহস্পতিবাৰে সন্ধিয়া নিজ বাসগৃহত দেহাৱসান ঘটে৷ কিছুদিনৰ পৰা অসুস্থ হৈ পৰা বিশিষ্ট সমাজকৰ্মীজনৰ বিয়োগত সমগ্ৰ নাওবৈচা অঞ্চলত গভীৰ শোকৰ ছা পৰিছে৷ আজি তেখেতৰ নশ্বৰ দেহত অগণন লোকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত তেওঁৰ নশ্বৰ দেহ লৈ ৰাইজে মৌন সমদল কৰাৰ পিছত বিয়লি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু অনুৰাগীৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা…
অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনস্থলীত বিধায়ক-আদৰণী সমিতিৰ সভাপতি অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধে এন এছ এছৰ তীব্ৰ প্ৰতিবাদ
ঃ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ জানুৱাৰীঃ অহা ৩১ জানুৱাৰীৰ পৰা নাৰায়ণপুৰত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ ৭৬ সংখ্যক অধিৱেশন৷ তদুপলক্ষে নাৰায়ণপুৰৰ চৌদিশে এতিয়া উখল মাখল পৰিৱেশৰ সূচনা হোৱাৰ সময়তে আজি বিয়লি অধিৱেশনৰ মুখ্য তোৰণৰ সন্মুখত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ ৰাষ্ট্ৰীয় সেৱা বাহিনীয়ে বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধে এনে প্ৰতিবাদ জনায়৷ বিধায়ক অমিয় কুমাৰ ভূঞাই ৰাষ্ট্ৰীয় সেৱা বাহিনীৰ বিষয়ববীয়াক অসৌজন্যমূলক আচৰণ কৰাৰ ফলস্বৰূপেই আজি এনেদৰে ৰাষ্ট্ৰীয় সেৱা বাহিনীয়ে বিধায়কজনৰ বিৰুদ্ধে প্ৰতিবাদত সোচ্ছাৰ হৈ পৰে৷…
পলকতে
অৰূপ মান্নাৰ বড়ো ছবি চিফুঙলৈ আন্তৰাষ্ট্ৰীয় বঁটাঃ শ্ৰেষ্ঠ শিশু শিল্পী বঁটা ভূমিকা দৈমাৰীলৈবয়োজ্যেষ্ঠ -স্বাধীনতা সংগ্ৰামী আলহাজ ছোহৰাব আলী মুন্সীৰ ১১৪ বছৰ বয়সত দেহাৱসানঃ শোকস্তব্ধ বকো- ছয়গাঁও অঞ্চলৰ ৰাইজ।মৰিয়নিত ৰে'লৰ খুন্দাত বন্যহস্তী নিহত (সংলগ্ন আলোকচিত্ৰ)জিলাই জিলাই চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ।হাজোত নতুন অসমীয়া চলচিত্ৰ "সংঘাত"ৰ শুভমুক্তি বকোৰ নাগোপাৰাত বনৰীয়া হাতীয়ে দিন দুপৰতে ভাঙিলে তিনিটাকৈ বাসগৃহ ৷
নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱৰ নিদান হাস্পতালত উত্তপ্ত পৰিস্থিতি
সদৌ অসম ডায়েট বিষয়া সন্থাৰ বাৰ্ষিক অধিৱেশন সম্পন্ন
গুৱাহাটী, ২৭ জানুৱাৰীঃ সদৌ অসম ডায়েট বিষয়া সন্থাৰ বাৰ্ষিক অধিৱেশনখনি সোমবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হয়| অৰ্ধশতাধিক সদস্য উপস্থিত থকা অধিৱেশনখনিত সন্থাৰ সংবিধান সংশোধনীকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়|
পোনপ্ৰথমে পুৱা ১০ বজাৰ পৰা সন্থাৰ কাৰ্যবাহী সভা অনুষ্ঠিত হয়| কাৰ্যবাহী সভাৰ পাছতে সভাপতি ৰাতুল নেওগৰ দ্বাৰা সন্থাৰ পতাকা উত্তোলন কৰা হয়| পতাকা উত্তোলন কাৰ্যসূচীৰ পাছতে দিনৰ ১২ বজাৰ পৰা সাধাৰণ সভা অনুষ্ঠিত হয়| প্ৰায় ২০ খন ডায়েটৰ প্ৰতিনিধি উপস্থিত থকা…
শদিয়াত ইন্ধনৰ ভাণ্ডাৰৰ সন্ধান লাভ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ জানুৱাৰীঃ এইবাৰ শদিয়াত ইন্ধনৰ বৃহৎ ভাণ্ডাৰৰ সন্ধান লাভ কৰিছে যুটীয়াকৈ চলোৱা অনুসন্ধানে। অইল, অ'এন জি চি আৰু বি আৰ পি এলে যুটীয়াকৈ চলোৱা অনুসন্ধানত এই তথ্য পোহৰলৈ আহিছে। অইলৰ এক সূত্ৰই সদৰী কৰা মতে শদিয়াৰ পহুখোৱা নামৰ ঠাইত চলোৱা অনুসন্ধানত ভূ পৃষ্ঠৰ পৰা ৫৮৯০ মিটাৰ গভীৰতাত তেল আৰু প্ৰাকৃতিক গেছৰ এক বিশাল ভাণ্ডাৰ থকাৰ সন্ধান পোৱা গৈছে। অনুসন্ধান অব্যাহত আছে বাবে এই ভাণ্ডাৰৰ আয়তন কিমান বিশাল সেয়া অদ্যপি নিশ্চিত হোৱা নাই।
অসমৰ তিনিগৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান
অসমৰ তিনিগৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান আগবেঢ়াৱা হৈছে । সেইসকল হল ক্ৰমে হেমপ্ৰভা চুতীয়া (কলা ), হেমচন্দ্ৰ গোস্বামী (কলা ) আৰু ৰামকুইৱাংবে ৱমে ( Ramkuiwangbe Newme ( সমাজসেৱা )।
“শতাব্দ”ৰ গ্ৰাহক-শুভাকাংক্ষীলৈ জাননী
অসমত ইতিবাচক সাংবাদিকতাৰ ধাৰাৰ পোষকতা কৰা "শতাব্দ ডিজি মিডিয়া"ই অসমৰ সচেতন ৰাইজ তথা গ্ৰাহকৰ আশীৰ্বাদত এটা বছৰ সম্পূৰ্ণ কৰি দ্বিতীয় বছৰত ভৰি দিলে। গ্ৰাহক- শুভাকাংক্ষীৰ সহায় অবিহনে 'শতাব্দ'ক আগুৱাই নিয়াটো কঠিন। সেয়ে আপোনাৰ ইচ্ছা আৰু সামৰ্থ্যৰে শতাব্দৰ আগুৱাই যোৱাত সহায় কৰক।
বছৰেকীয়া বৰঙণি ১০০০ টকা(এহেজাৰ টকা)Bank DetailsShatabda Digi Media
A/C No— 40879448580
IFSC—SBIN0016936
Lakhimpur Bazar Branch
State Bank of IndiaPhone pay no-7002313100
