Browsing Category
অসম
আলফা স্বাধীনক সকীয়নি হিন্দু যুৱছাত্ৰ পৰিষদৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৫জানুৱাৰী: ৭৬ সংখ্যক গণৰাজ্য দিৱস বৰ্জনৰ বাবে অসম বন্ধৰ আহ্বান জনোৱা আলফা স্বাধীনক তীব্ৰ সকীয়নি প্ৰদান কৰি কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে। আজি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে কয় যে সম্প্ৰতি নচলা পইচাত পৰিণত হোৱা আলফা স্বাধীনে চীনৰ আশ্ৰিত হৈ চীনৰ কূটনৈতিক ষড়যন্ত্ৰৰ অংশ হিচাপে অসমখনত অশান্তি বিয়পাবলৈ অন্তসাৰশূন্য মন্তব্যৰে অসম বন্ধ ঘোষণা কৰাটো হাস্যকৰ। মালিক চীনক সন্তুষ্ট কৰিবৰ বাবেহে গোলামৰূপী আলফাই এইবেলি অসমত গণৰাজ্য দিৱস…
শিৱসাগৰত গৰুৰ শ খাই মৃত্যু হোৱা শগুণৰ সংখ্যা ২৭ টা লৈ বৃদ্ধি
দুৰ্বৃত্তক বিচাৰি বন বিভাগৰ তৃতীয় দিনাও চিতলীয়াত অভিযানঃ গোচৰ ৰুজু
শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত দাদুল বৰকাকতি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৪জানুৱাৰী: শোণিতপুুৰ জিলা কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে দাদুল বৰকাকতিক৷ উল্লেখযোগ্য যে,জিলা কংগ্ৰেছৰ সভাপতি পদৰ বাবে দলীয় প্ৰক্ৰিয়াৰ অন্ত পেলাই কালি এই নিযুক্তি প্ৰদান কৰে দলটোৰ শীৰ্ষ নেতৃত্বই৷উল্লেখযোগ্য যে,জিলাখনৰ প্ৰবীন কংগ্ৰেছ নেতা মাধুৰ্য গোস্বামী আৰু প্ৰাক্তন সাংসদ আৰ পি শৰ্মাক প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি তথা অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, ৰঙাপৰাৰ প্ৰাক্তন বিধায়ক অভিজিত হাজৰিকা আৰু কাৰ্তিক কুৰ্মীকো দলটোৰ ৰাজ্যিক পৰ্যায়ৰ বিষয়বাবত নিয়োগ কৰিছে কংগ্ৰেছ নেতৃত্বই৷ উল্লেখযোগ্য যে,বিগত…
লিডুৰ অবৈধ কয়লা খনিত ২ শ্ৰমিকৰ মৃত্যু সন্দৰ্ভত আৰক্ষীৰ তদন্তত নাই কোনো অগ্ৰগতি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৪ জানুৱাৰী : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ লালমাটিত পুনৰ অবৈধ কয়লা খননত নিয়োজিত দুজন শ্ৰমিকে কৰুণভাৱে অকাল মৃত্যুক সাবটি লোৱা ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্তই সচৰাচৰৰ দৰেই কোনো অগ্ৰগতি লাভ কৰা নাই ৷ উল্লেখ্য যে স্থানীয় সূত্ৰে প্ৰাপ্ত তথ্য মতে অবৈধ কয়লাখনিত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত পাৱৈৰ বিজয় মুণ্ডা আৰু মাকুমৰ কাৰ্তিক গোৱালা নামৰ দুজন শ্ৰমিক কৰুণভাৱে মৃত্যুমুখত পৰা ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমত বিতংকৈ প্ৰকাশিত হৈছে ৷ শ্ৰমিকদ্বয়ে জনৈক ক্ষিতিশ দেৱনাথ নামৰ ব্যক্তিজনৰ ভাটাত কয়লা যোগান…
তেজপুৰত নীলমণি ফুকনৰ কবিতাৰে সিক্ত হ’ল শতবৰ্ষ গৰকা অসমীয়া ক্লাব
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৪ জানুৱাৰী : "সূৰ্য্য হেনো নামি আহে এই নদীয়েদি, ক'লৈ যাৱ হেৰ' উন্মাদিনী, ওলমি থকা গোলাপী জামুৰ লগ্ন, কেনে আছোঁ মোক নুসুধিবা, মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি, ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত - আদি কাব্য ঋষি নীলমণি ফুকনৰ যুগজয়ী কবিতা পাঠ, আবৃত্তি, নীলমণি ফুকনৰ ওপৰত ৰচিত কবিতা পাঠৰ লগতে "নীলমণি ফুকনৰ কবিতাৰ ভাষা" শীৰ্ষক বিষয়ৰ মননশীল বক্তৃতা আৰু নীলমণি ফুকনৰ স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলিৰে আজি বিয়লিৰ পৰা সন্ধিয়ালৈকে বিশেষ কাব্যিক অনুভূতিৰে সিক্ত হৈ পৰিল তেজপুৰৰ সাহিত্য কাণ্ডাৰীৰ স্মৃতি বিজড়িত শতবৰ্ষ…
তেজপুৰৰ বাণ থিয়েটাৰত মহিলাৰ “কংসবধ” ভাওনাত আপ্লুত দৰ্শক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৪ জানুৱাৰী:
তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনাই কালি নিশা মন্ত্ৰমুগ্ধ কৰিলে দৰ্শকক। অসম শিল্পী কাননৰ ভাওনা সমাৰোহৰ সামৰণি অনুষ্ঠানৰ কালি দিনজোৰা কাৰ্যসূচীৰ অন্তত শিল্পী কাননৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত কেৱল মহিলাৰ দ্বাৰা পৰিৱেশিত হোৱা "কংসবধ ভাওনা" ত তেজপুৰৰ মহিলাৰ অভিনয় পাৰদৰ্শিতা পৰিলক্ষিত হয়। উল্লেখ্য যে, তেজপুৰৰ বিশিষ্ট ভাওনা আৰু সত্ৰীয়া শিল্পী শ্ৰীকুমাৰ বৰুৱাৰ মুখ্য পৰিচালনাত আৰু বিশিষ্ট নৃত্যশিল্পী ৰুবী বৰা বৰদলৈৰ নৃত্য পৰিচালনা…
সোৱণশিৰিত মাইনিং মহলৰ নামত ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ তলতে জেচিবিৰে অবৈধ খনন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৪ জানুৱাৰীঃ লখিমপুৰ জিলাৰ সোৱণশিৰি নদীত এতিয়া বনজ সম্পদৰ অবাধ লুণ্ঠন যজ্ঞ চলিছে৷ বন বিষয়া-কৰ্মচাৰীৰ জ্ঞাতসাৰেই এনে দুষ্কাৰ্য সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি সোৱণশিৰি নদীত চাউলধোৱাত বন বিভাগে দুটা মহল আৱণ্টন দি ৰাখিছে যদিও ইয়াৰে এটা মহলত ব্যাপক অনিয়ম-দুৰ্নীতি সংঘটিত হৈছে৷ লখিমপুৰ জিলা বন সংমণ্ডলৰ অন্তৰ্গত তথা পথালিপাম খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ সোৱণশিৰিৰ ৰেল দলঙৰ পৰা বাঁওদিশে দলঙৰ পৰা ৫০০ মিটাৰ আঁতৰত এটা মাইনিং মহল দিছে যদিও এতিয়া উক্ত মাইনিঙৰ দায়িত্ব লাভ কৰা মহলদাৰ…
অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ প্ৰস্তুতি তুংগত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ২৪ জানুৱাৰীঃ অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনখনলৈ মাজত মাথোঁ আৰু ৬টা দিন বাকী আছে৷ ইতিমধ্যে সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ সকলো প্ৰস্তুতি তুংগত উঠিছে৷ লখিমপুৰ জিলাৰ ঐতিহ্যমণ্ডিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ লগতে বাৰ বৈষ্ণৱৰ জন্মস্থান নাৰায়ণপুৰৰ বৰখামটি পথাৰত তথা মণিকাঞ্চন ক্ষেত্ৰত এইবাৰ ৭৭৬ বিঘা মাটিত অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ এই অধিৱেশন অনুষ্ঠিত হ’ব৷ অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনক লৈ সকলো এতিয়া ব্যস্ত হৈ পৰাৰ লগতে সমগ্ৰ…
গণৰাজ্য দিৱসত কূটাঘাতৰ আশংকা
শিৱসাগৰত যান-বাহন পৰীক্ষা কৰিছে আৰক্ষীয়েফটো:-আব্দুল মতিন শিৱসাগৰ
নাওবৈচাৰ যুৱনেতা জিণ্টু হাজৰিকাক অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক নিয়োগ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ২৪ জানুৱাৰীঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হিচাপে নাওবৈচাৰ যুৱনেতা জিন্টু হাজৰিকাক নিযুক্তি দিয়া হৈছে। নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ২২ জানুৱাৰীত এক বিবৃতিত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাংগঠনিক সাধাৰণ সম্পাদক কে.চি বেনোগোপালে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ পূৰ্ণাংগ কমিটীখন নিযুক্তি দিয়ে। কংগ্ৰেছৰ যুৱনেতা জনক এনেদৰে সম্পাদক হিচাপে নিৰ্বাচিত কৰাত লখিমপুৰত আনন্দ উল্লাসৰ সৃষ্টি হৈছে।
