Browsing Category

অসম

৩০ জানুৱাৰীত বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ

গুৱাহাটী, ২৫ জানুৱাৰী : অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা আয়োজন কৰা হৈছে । ৩০ জানুৱাৰী তাৰিখে সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই । এই কৰ্মশালাখনত অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে অংশগ্রহণ কৰিব পাৰিব ।…

তিনিচুকীয়াৰ ডাম্পিং গ্ৰাউণ্ডৰ আৱৰ্জনা নিষ্কাশন আৰু পুনৰ্বাসনৰ বাবে অইলৰ সৈতে চুক্তি স্বাক্ষৰিত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৫ জানুৱাৰী : তিনিচুকীয়া পৌৰসভাৰ অধীনৰ টিংৰাইস্থিত ডাম্পিং গ্ৰাউণ্ডৰ লিগেচি আৱৰ্জনাৰ নিষ্কাশন আৰু পুনৰ্বাসনৰ বাবে জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়া গ্ৰাম্য উন্নয়ন ছ’চাইটিৰ মাজত এখন বুজাবুজি চুক্তি আজি তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত স্বাক্ষৰিত হয় ৷ এই উপলক্ষে আয়োজিত সভাত তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰ আৰু অইল ইণ্ডিয়া গ্ৰাম্য উন্নয়ন ছ’চাইটিৰ সভাপতি ভৈৰৱ ভূঞাই এই চুক্তিত স্বাক্ষৰ কৰে ৷ ডাম্পিং গ্ৰাউণ্ডৰ লিগেচি আৱৰ্জনাৰ নিষ্কাশন আৰু পুনৰ্বাসন ৩,১৭,৪২,০০০ টকা ব্যয় সাপেক্ষে অইল ইণ্ডিয়া…

বিজেপিয়ে বাকী আৰু ফাঁকিৰে চৰকাৰ চলাইছে

 শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫ জানুৱাৰী :বিগত বিধান সভা নিৰ্বাচন আৰু পৌৰ নিৰ্বাচনত শোচনীয় অৱস্থাৰ সন্মুখীন হোৱাৰ পাছতেই প্ৰায় নিৰ্জীৱ হৈ পৰা তেজপুৰ স্হিত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আজি দেখা গ’ল এক ভিন্ন পৰিৱেশ৷শোভাযাত্ৰা আৰু বিহু তথা খোলতাল আৰু ফটকাৰ শব্দৰ মাজৰে আজি এই কাৰ্যালয়ত শোণিতপুৰ জিলা কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি দাদুল বৰকাকতিয়ে গ্ৰহণ কৰে দায়িত্বভাৰ৷তেজপুৰৰ ৰাজীৱ ভৱনত প্ৰৱেশ কৰি দায়িত্ব ভাৰ গ্ৰহণ কৰাৰ পূৰ্বে তেজপুৰৰ গণেশঘাটত থকা গণেশ মন্দিৰত পূজা অৰ্চনা কৰা জিলা সভাপতিজনক খোল তাল বজাই জিলাৰ কংগ্ৰেছ কৰ্মী সকলে…

তেজপুৰত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ হৰ্ষজিতে গঢ়া বাগদেৱীৰ মৃন্ময় প্ৰতিমাৰে হ’ব নিজ বিদ্যালয়ত পূজা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জানুৱাৰী: গণৰাজ্য দিৱসৰ দিনটোতে কাইলৈ অনুষ্ঠিত হ’বলগীয়া বাগদেৱী সৰস্বতী পূজাৰ মৃন্ময় প্ৰতিমাসমূহ তেজপুৰৰ বিভিন্ন শিক্ষানুষ্ঠানলৈ আজি নিয়া হৈছে৷ছাত্ৰছাত্ৰী,শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱক সকলৰ উৎসাহৰ মাজতে তেজপুৰৰ এজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰই নিৰ্মাণ কৰা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ প্ৰায় তিনিফুট উচ্চতাৰ মৃন্ময় প্ৰতিমা চৰ্চিত বিষয় হৈ পৰাৰ লগতে ছাত্ৰজনে অধ্যয়ন কৰা বিদ্যালয়ত এই প্ৰতিমাৰেই পূজা অনুষ্ঠিত হ’ব৷উল্লেখযোগ্য যে,শোণিতপুৰ শিশু বিকাশ বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ হৰ্ষজিত ভাৱালে নিজ হাতে গঢ়িছে…

শোণিতপুৰৰ চাৰিদুৱাৰত তিনিটা বন্দুক সহ গুলী উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২৫জানুৱাৰীঃ আজি পুৱতি নিশা চাৰিদুৱাৰ আৰক্ষীয়ে চলোৱা এক অভিযানত মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই শোণিতপুৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্ত্তী দুইনম্বৰ পূৱ মানশিৰি তথা মালদাং পাহাৰৰ দাঁতিত চাৰিদুৱাৰ আৰক্ষীয়ে ভালুকপুং আৰক্ষী চকীৰ সহযোগত চলোৱা এই অভিযানৰ সময়ত উদ্ধাৰ কৰিছে তিনিটাকৈ হস্তনিৰ্মিত বন্দুক আৰু ১২ জাঁই সজীৱ গুলীৰ লগতে দুটাকৈ খালী কাৰ্টিজ। এক গোপন সূত্ৰৰ পম খেদি পুৱতি নিশা অভিযান চলাই টেপৰা খাকলাৰী(৪২),উত্তম…

তেজপুৰৰ প্ৰাক্তন সাংসদ, সাংবাদিক, জননেতা ড° পূৰ্ণ নাৰায়ণ সিংহক স্মৰণ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৫ জানুৱাৰী: তেজপুৰৰ প্ৰাক্তন সাংসদ, সাংবাদিক তথা জননেতা, তিনিদিনীয়া কাকত "মহাজাতি"ৰ প্ৰকাশক তথা সম্পাদক প্ৰয়াত ড° পূৰ্ণ নাৰায়ণ সিংহৰ আজি ২৩ সংখ্যক মৃত্যু তিথিত বিশিষ্ট ব্যক্তিজনক শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ লগতে বিভিন্ন অনুষ্ঠানে স্মৰণ কৰে।আজি পুৱা আঠ বজাত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সদস্য তথা বিষয়ববীয়া সকলে তেজপুৰৰ লাচিত চকত সাংবাদিক সংস্হাটোৱে স্হাপন কৰা প্ৰয়াত ড° সিংহৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেজপুৰ পৌৰ সভাৰ পৌৰপতি প্ৰজ্ঞানু ভট্টাচাৰ্যই অংশ লৈ…

আলফা স্বাধীনক সকীয়নি হিন্দু যুৱছাত্ৰ পৰিষদৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৫জানুৱাৰী: ৭৬ সংখ্যক গণৰাজ্য দিৱস বৰ্জনৰ বাবে অসম বন্ধৰ আহ্বান জনোৱা আলফা স্বাধীনক তীব্ৰ সকীয়নি প্ৰদান কৰি কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে। আজি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে কয় যে সম্প্ৰতি নচলা পইচাত পৰিণত হোৱা আলফা স্বাধীনে চীনৰ আশ্ৰিত হৈ চীনৰ কূটনৈতিক ষড়যন্ত্ৰৰ অংশ হিচাপে অসমখনত অশান্তি বিয়পাবলৈ অন্তসাৰশূন্য মন্তব্যৰে অসম বন্ধ ঘোষণা কৰাটো হাস্যকৰ। মালিক চীনক সন্তুষ্ট কৰিবৰ বাবেহে গোলামৰূপী আলফাই এইবেলি অসমত গণৰাজ্য দিৱস…

শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত দাদুল বৰকাকতি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৪জানুৱাৰী: শোণিতপুুৰ জিলা কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে দাদুল বৰকাকতিক৷ উল্লেখযোগ্য যে,জিলা কংগ্ৰেছৰ সভাপতি পদৰ বাবে দলীয় প্ৰক্ৰিয়াৰ অন্ত পেলাই কালি এই নিযুক্তি প্ৰদান কৰে দলটোৰ শীৰ্ষ নেতৃত্বই৷উল্লেখযোগ্য যে,জিলাখনৰ প্ৰবীন কংগ্ৰেছ নেতা মাধুৰ্য গোস্বামী আৰু প্ৰাক্তন সাংসদ আৰ পি শৰ্মাক প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি তথা অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, ৰঙাপৰাৰ প্ৰাক্তন বিধায়ক অভিজিত হাজৰিকা আৰু কাৰ্তিক কুৰ্মীকো দলটোৰ ৰাজ্যিক পৰ্যায়ৰ বিষয়বাবত নিয়োগ কৰিছে কংগ্ৰেছ নেতৃত্বই৷ উল্লেখযোগ্য যে,বিগত…

লিডুৰ অবৈধ কয়লা খনিত ২ শ্ৰমিকৰ মৃত্যু সন্দৰ্ভত আৰক্ষীৰ তদন্তত নাই কোনো অগ্ৰগতি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৪ জানুৱাৰী : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ লালমাটিত পুনৰ অবৈধ কয়লা খননত নিয়োজিত দুজন শ্ৰমিকে কৰুণভাৱে অকাল মৃত্যুক সাবটি লোৱা ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্তই সচৰাচৰৰ দৰেই কোনো অগ্ৰগতি লাভ কৰা নাই ৷ উল্লেখ্য যে স্থানীয় সূত্ৰে প্ৰাপ্ত তথ্য মতে অবৈধ কয়লাখনিত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত পাৱৈৰ বিজয় মুণ্ডা আৰু মাকুমৰ কাৰ্তিক গোৱালা নামৰ দুজন শ্ৰমিক কৰুণভাৱে মৃত্যুমুখত পৰা ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমত বিতংকৈ প্ৰকাশিত হৈছে ৷ শ্ৰমিকদ্বয়ে জনৈক ক্ষিতিশ দেৱনাথ নামৰ ব্যক্তিজনৰ ভাটাত কয়লা যোগান…