Browsing Category

অসম

তেজপুৰত নীলমণি ফুকনৰ কবিতাৰে সিক্ত হ’ল শতবৰ্ষ গৰকা অসমীয়া ক্লাব

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৪ জানুৱাৰী : "সূৰ্য্য হেনো নামি আহে এই নদীয়েদি, ক'লৈ যাৱ হেৰ' উন্মাদিনী, ওলমি থকা গোলাপী জামুৰ লগ্ন, কেনে আছোঁ মোক নুসুধিবা, মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি, ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত - আদি কাব্য ঋষি নীলমণি ফুকনৰ যুগজয়ী কবিতা পাঠ, আবৃত্তি, নীলমণি ফুকনৰ ওপৰত ৰচিত কবিতা পাঠৰ লগতে "নীলমণি ফুকনৰ কবিতাৰ ভাষা" শীৰ্ষক বিষয়ৰ মননশীল বক্তৃতা আৰু নীলমণি ফুকনৰ স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলিৰে আজি বিয়লিৰ পৰা সন্ধিয়ালৈকে বিশেষ কাব্যিক অনুভূতিৰে সিক্ত হৈ পৰিল তেজপুৰৰ সাহিত্য কাণ্ডাৰীৰ স্মৃতি বিজড়িত শতবৰ্ষ…

তেজপুৰৰ বাণ থিয়েটাৰত মহিলাৰ “কংসবধ” ভাওনাত আপ্লুত দৰ্শক 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৪ জানুৱাৰী: তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনাই কালি নিশা মন্ত্ৰমুগ্ধ কৰিলে দৰ্শকক। অসম শিল্পী কাননৰ ভাওনা সমাৰোহৰ সামৰণি অনুষ্ঠানৰ কালি দিনজোৰা কাৰ্যসূচীৰ অন্তত শিল্পী কাননৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত কেৱল মহিলাৰ দ্বাৰা পৰিৱেশিত হোৱা "কংসবধ ভাওনা" ত তেজপুৰৰ মহিলাৰ অভিনয় পাৰদৰ্শিতা পৰিলক্ষিত হয়। উল্লেখ্য যে, তেজপুৰৰ বিশিষ্ট ভাওনা আৰু সত্ৰীয়া শিল্পী শ্ৰীকুমাৰ বৰুৱাৰ মুখ্য পৰিচালনাত আৰু বিশিষ্ট নৃত্যশিল্পী ৰুবী বৰা বৰদলৈৰ নৃত্য পৰিচালনা…

সোৱণশিৰিত মাইনিং মহলৰ নামত ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ তলতে জেচিবিৰে অবৈধ খনন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৪ জানুৱাৰীঃ লখিমপুৰ জিলাৰ সোৱণশিৰি নদীত এতিয়া বনজ সম্পদৰ অবাধ লুণ্ঠন যজ্ঞ চলিছে৷ বন বিষয়া-কৰ্মচাৰীৰ জ্ঞাতসাৰেই এনে দুষ্কাৰ্য সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি সোৱণশিৰি নদীত চাউলধোৱাত বন বিভাগে দুটা মহল আৱণ্টন দি ৰাখিছে যদিও ইয়াৰে এটা মহলত ব্যাপক অনিয়ম-দুৰ্নীতি সংঘটিত হৈছে৷ লখিমপুৰ জিলা বন সংমণ্ডলৰ অন্তৰ্গত তথা পথালিপাম খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ সোৱণশিৰিৰ ৰেল দলঙৰ পৰা বাঁওদিশে দলঙৰ পৰা ৫০০ মিটাৰ আঁতৰত এটা মাইনিং মহল দিছে যদিও এতিয়া উক্ত মাইনিঙৰ দায়িত্ব লাভ কৰা মহলদাৰ…

অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ প্ৰস্তুতি তুংগত

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ২৪ জানুৱাৰীঃ অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনখনলৈ মাজত মাথোঁ আৰু ৬টা দিন বাকী আছে৷ ইতিমধ্যে সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ সকলো প্ৰস্তুতি তুংগত উঠিছে৷ লখিমপুৰ জিলাৰ ঐতিহ্যমণ্ডিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ লগতে বাৰ বৈষ্ণৱৰ জন্মস্থান নাৰায়ণপুৰৰ বৰখামটি পথাৰত তথা মণিকাঞ্চন ক্ষেত্ৰত এইবাৰ ৭৭৬ বিঘা মাটিত অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ এই অধিৱেশন অনুষ্ঠিত হ’ব৷ অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনক লৈ সকলো এতিয়া ব্যস্ত হৈ পৰাৰ লগতে সমগ্ৰ…

নাওবৈচাৰ যুৱনেতা জিণ্টু হাজৰিকাক অসম প্ৰদেশ কংগ্ৰেছৰ  সম্পাদক নিয়োগ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ২৪ জানুৱাৰীঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হিচাপে নাওবৈচাৰ যুৱনেতা জিন্টু হাজৰিকাক নিযুক্তি দিয়া হৈছে। নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে  ২২ জানুৱাৰীত  এক বিবৃতিত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাংগঠনিক সাধাৰণ সম্পাদক কে.চি বেনোগোপালে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ পূৰ্ণাংগ কমিটীখন নিযুক্তি দিয়ে। কংগ্ৰেছৰ যুৱনেতা জনক এনেদৰে সম্পাদক হিচাপে নিৰ্বাচিত কৰাত লখিমপুৰত আনন্দ উল্লাসৰ সৃষ্টি হৈছে।

জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি তিনিচুকীয়াত বিভিন্ন কাৰ্যসূচীৰ আয়োজন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৩ জানুৱাৰী : 'বসুধৈৱ কুটুম্বকম' অৰ্থাৎ এখন পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতক আদৰ্শ হিচাপে লৈ ভাৰতবৰ্ষই এইবাৰ জি-২০ সন্মিলনৰ অধ্যক্ষতা কৰিছে ৷ এই জি-২০ সন্মিলনৰ অংশস্বৰূপে অসমৰ গুৱাহাটী আৰু ডিব্ৰুগড়ত অনুষ্ঠিত হব ৫ খনকৈ বৈঠক ৷ সন্মিলনৰ লগত সংগতি ৰাখি ৰাজ্যৰ প্ৰতিখন জিলাতে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে ৷ বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে যুৱ প্ৰজন্মক আগন্তক জি-২০ সন্মিলনৰ সৈতে জড়িত কৰাৰ উদ্দেশ্যে তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত বিদ্যালয় তথা মহাবিদ্যালয়সমূহৰ সহযোগিতাত বিভিন্ন…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠিত

উত্তৰ লখিমপুৰ, ২৩ জানুৱাৰীঃ আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহখনি অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত সভাখন উদ্বোধন কৰে নাওবৈচা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ড° গুনীন্দ্ৰ নাথ শৰ্মাই। সভাৰ আনুষ্ঠানিক বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী তথা মহাবিদ্যালয়খনৰ এগৰাকী প্ৰাক্তন ছাত্ৰ উৎপল দত্তই। সেই উপলক্ষে অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ সভাপতি ৰাজ কুমাৰ ছাৰাফে। আদৰণি ভাষণ…

শিৱসাগৰত বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলি গৰুৰ মৰাশ খাই ২৫ টা শগুণৰ মৃত্যুঃ ৯ টা অসুস্থ অৱস্থাত উদ্ধাৰ

শান্তিপুৰ চিতলীয়া নাওজান পথাৰত হোৱাইট বেক— হিমালয়ান গ্ৰিফনৰ মৃত্যুঃ   ঘটনাস্থলীত ডি এফ অ, পশু চিকিৎসক সহ বন বিভাগৰ বৃহৎ দল উপস্থিতঃ বন বিভাগৰ জোৰদাৰ অনুসন্ধান আৰম্ভ

আন্তৰ্জাতিক সাহিত্য উৎসৱলৈ আমন্ত্ৰণ তেজপুৰৰ কবি – লেখিকা নাজু হাতীকাকতি বৰুৱাক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ জানুৱাৰীঃ দীৰ্ঘকাল ধৰি নিৰৱে সাহিত্য চৰ্চা কৰি অহা তেজপুৰৰ পাৰ্বতী নগৰ নিৱাসী আলোকচিত্ৰ শিল্পী ৰাজিৱ বৰুৱাৰ সহধৰ্মিনী নাজু হাতীকাকতি বৰুৱা অহা ৫ ফেব্ৰুৱাৰীৰ পৰা ৭  "দক্ষিণ এছিয়া সাংস্কৃতিক আৰু সাহিত্য অনুষ্ঠান THE AFSACL" ৰ দ্বাৰা অনুষ্ঠিত হ'ব লগা আন্তৰ্জাতিক সাহিত্য উৎসৱলৈ আমন্ত্ৰিত হৈছে।উল্লেখ্য যে, সাহিত্যৰ অনুৰাগী হাতীকাকতি বৰুৱাই ইতিমধ্যে তিনিখনকৈ গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ লগতে অসমীয়া আৰু হিন্দী সাহিত্য চৰ্চা কৰি আন তিনিখন গ্ৰন্থও প্ৰকাশৰ বাবে সাজু হৈছে। বিগত ১৩ নবেম্বৰ তাৰিখে লক্ষ্নৌৰ…