Browsing Category

অসম

ঢাকাৰ ২১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেজপুৰৰ শিৱম ক্ৰীয়েশ্যনৰ “অনুৰ – আইজ অন দ্যা চানচাইন” সমালোচকৰ দ্বাৰা…

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২১ জানুৱাৰী :অসমৰ বিশিষ্ট গল্পকাৰ - সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ "ভালপোৱাৰ সময়" নামৰ এটা বিখ্যাত গল্পৰ আধাৰত যুৱপ্ৰজন্মৰ এগৰাকী দক্ষ চলচ্চিত্ৰ পৰিচালক মঞ্জুল বৰুৱাৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে তেজপুৰৰ শিৱম ক্ৰীয়েশ্যনৰ দ্বাৰা ডা০ গোপেন্দ্ৰ মোহন দাসৰ প্ৰয়োজনাত  ৰাষ্ট্ৰীয় বঁটা প্ৰাপক সংগীত পৰিচালক তৰালী শৰ্মাৰ সংগীতেৰে মুক্তিৰ পূৰ্বেই বহুল চৰ্চিত হোৱা "অনুৰ - আইজ অন দ্যা চানচাইন" যোৱা ১৮ জানুৱাৰীত ঢাকাত অনুষ্ঠিত হোৱা ২১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত "ৱৰ্ল্ড চিনেমা নাও" শিতানত…

ব্ৰহ্মপুত্ৰৰ বুকুত মালবাহী- যাত্ৰীবাহী জাহাজ পুনৰ চলাচল কৰিবঃ সৰ্বানন্দ সোনোৱাল

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২১ জানুৱাৰী: তেজপুৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰশংসা কৰিলে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে৷ তেওঁ প্ৰকাশ কৰে যে সম্প্ৰতি লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি৷ ভাল কাম কৰিলে দলীয় টিকট পাব পূৰ্বৰ সাংসদেও৷ অৱশ্যে এইক্ষেত্ৰত দলে লব সিদ্ধান্ত৷ কাক দলীয় টিকট দিব সেয়া নিৰ্ণয় কৰিব দলে৷ কিন্তু নিৰ্বাচনৰ বাবে সাংগঠনিক কাম কাজ অব্যাহত আছে বিজেপি দলৰ ৷ আজি তেজপুৰত এইদৰে প্ৰকাশ কৰিলে দেশৰ…

অসমৰ হৃদৰোগাক্ৰান্ত শিশুৰ প্ৰথমটো দল ২৬ জানুৱাৰীত প্ৰেৰণ কৰা হ’ব আহমেদাবাদৰ শ্ৰীসত্য সাই হাৰ্ট হস্পিতাললৈ,

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২১ জানুৱাৰী: জন্মগত ভাৱে জটিল হৃদৰোগত আক্ৰান্ত অসমৰ শিশুৰ প্ৰথমটো দলক চিকিৎসাৰ বাবে অহা ২৬ জানুৱাৰীত আহমেদাবাদস্থিত শ্ৰীসত্য সাই হাৰ্ট হস্পিতাললৈ প্ৰেৰণ কৰা হ'ব। অসম চৰকাৰ আৰু শ্ৰীসত্য সাই হাৰ্ট হস্পিতালৰ মাজত যোৱা ৭ জানুৱাৰীত সম্পাদিত বুজাবুজি চুক্তিৰ অধীনত দেশৰ এই অগ্ৰণী হৃদৰোগ চিকিৎসা প্ৰতিষ্ঠানখনে অসমৰ হৃদৰোগী শিশুসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ বিশ্বমানৰ চিকিৎসা সেৱা আগবঢ়াব। জৰুৰী চিকিৎসা তথা অস্ত্ৰোপচাৰৰ প্ৰয়োজন হোৱা গুৰুতৰ হৃদৰোগী শিশুসকলক এই প্ৰথমটো দলত আহমেদাবাদলৈ প্ৰেৰণ কৰিবলৈ লোৱা হৈছে। ইয়াৰ বাবে…

বৰছলাৰ আমগুৰি চাপৰিত ইন্দ্ৰধনু গেছ পাইপলাইন কোম্পানীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ,২১জানুৱাৰী: শোণিতপুৰৰ ৭২ নম্বৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম বৰগাওঁ গাওঁ পঞ্চায়ত এলেকাৰ আমগুৰি চাপৰিত ইন্দ্ৰধনু গেছ পাইপলাইন কোম্পানীৰ বিৰুদ্ধে আজি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে, বৰছলা বিধানসভা সমষ্টিৰ আমগুৰি চাপৰিৰ একাংশ কৃষক ৰাইজক কৃষিভূমিৰ ক্ষতিপূৰণ নিদিয়াকৈ ইন্দ্ৰধনু গেছ পাইপলাইন স্হাপনকাৰী কোম্পানীয়ে অব্যাহত ৰাখিছে পাইপলাইনৰ স্হাপন কাৰ্য৷কৃষক ৰাইজে ভূমিৰ ক্ষতিপূৰণ বিচাৰি ইন্দ্ৰধনু গেছ পাইপলাইন স্হাপনকাৰী কোম্পানীৰ দায়িত্বত থকা বিষয়াক বাৰম্বাৰ দাবী জনাই আহিছিল যদিও কৃষক…

লখিমপুৰত ৭ দিনত হস্ততাঁত বস্ত্রশিল্প বিভাগে ক্ৰয় কৰিলে কেৱল ৯৪ খনহে গামোচা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰৰ, ২১ জানুৱাৰী : চলিত বৰ্ষৰ ১৩ জানুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গাঁৱৰ মহিলা তথা শিপিনীসকলৰ উন্নয়নৰ বাবে মুকলি কৰা স্বনিৰ্ভৰ নাৰী ২০২১-২২ আঁচনিখন এতিয়া এক প্ৰকাৰে প্ৰহসনত পৰিণত হৈছে। ১৫ দিনৰ বাবে চৰকাৰে অসমৰ পঞ্জীয়ন ভুক্ত শিপিনীসকলৰ পৰা গামোচা ক্ৰয়ৰ আঁচনি মুকলি কৰি প্রতিখন জিলাতে একাংশ ক্রয় কেন্দ্ৰ স্থাপন কৰিছিল। লখিমপুৰ জিলাতো সেই অনুসৰি হস্ততাঁত বস্ত্রশিল্প বিভাগৰ জৰিয়তে ঘিলামৰা, লখিমপুৰ, ঢকুৱাখনা আৰু নাৰায়ণপুৰত একোটাকৈ গামোচা ক্রয় কেন্দ্ৰ স্থাপন কৰা হয় যদিও এই…

জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা

গুৱাহাটী, ২১ জানুৱাৰী : অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ২০ জানুৱাৰীৰ দিনৰ ১২.৩০ বজাত জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । সজাগতা সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই আৰু সহকাৰী অধ্যাপক হৰজিৎ দাস । ড° বুঢ়াগোহাঁয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত শিক্ষাৰ্থীসকলে উচ্চতৰ…

তিনিচুকীয়া জিলা মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী বীণা শৰ্মাৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২১ জানুৱাৰী : তিনিচুকীয়া চহৰৰ পৰ্বতীয়া অঞ্চলৰ ফিদাৰ ৰ’ড নিবাসী জিলা মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী বীণা শৰ্মাৰ আজি পুৱা বাৰ্ধক্যজনিত কাৰণত চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল প্ৰায় ৮৩ বছৰ ৷ উল্লেখ্য যে বিপদে-আপদে আৰ্তজনৰ কাষত থিয় দিয়া সৰবৰহী বয়োজ্যেষ্ঠ মহিলাগৰাকীৰ স্বামী তথা দুয়ো পুত্ৰৰ ইতিমধ্যে দেহাৱসান হৈছে ৷ তেওঁৰ কনিষ্ঠ পুত্ৰ দ্বীপজ্যোতি শৰ্মা (মুন) আছিল চহৰখনৰ খৰ্গেশ্বৰ বজাৰস্থিত তিনিচুকীয়াবাসীৰ অতি পৰিচিত ’অগ্ৰগামী’ নামৰ কাকত তথা কিতাপৰ দোকানখনৰ…

লখিমপুৰত গুণোৎসৱত অভিভাৱক মন্ত্ৰী অতুল বৰা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ২১ জানুৱাৰী ; কৃষি মন্ত্ৰী অতুল বৰাই আজি এদিনীয়া ভ্ৰমণ সূচী হাতত লৈ লখিমপুৰ জিলাত উপস্থিত হয়। উক্ত ভ্ৰমণ কালত লখিমপুৰৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে বৰ্তমান জিলাখনত চলি থকা গুণোৎসৱ-২০২৩ৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীত এগৰাকী বৰ্হিমূল্যায়ক হিচাপে অংশগ্ৰহণ কৰে। সেই উদ্দেশ্যে তেওঁ জিলাখনৰ অগ্ৰণী শিক্ষানুষ্ঠান পানীগাঁও আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনৰ প্ৰতিটো শ্ৰেণীকোঠা পৰিদৰ্শন কৰে আৰু ছাত্র-ছাত্ৰী সকলৰ শৈক্ষিক তথা সৃজনশীল প্ৰতিভাৰ উমান লয়। সেই সময়চোৱাত মন্ত্ৰীগৰাকীয়ে ছাত্র-ছাত্ৰী সকলে…

শোণিতপুৰ জিলাৰ নদুৱাৰত জল জীৱন মিছনৰ খোৱাপানী যোগান আচঁনিৰ শুভ উদ্বোধন

শতাব্দ ষ্টাফৰিপৰ্টাৰ তেজপুৰ ২০জানুৱাৰীঃ শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ নদুৱাৰত আজি মধ্য চিলাবন্ধা আৰু দক্ষিণ মূঢ়াদল গাওঁ পঞ্চায়তৰ দুখনকৈ জল জীৱন মিছনৰ খোৱাপানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে সমষ্টিৰে বিধায়ক পদ্ম হাজৰিকাই ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগ, তেজপুৰ ১ নং সংমণ্ডলৰ অধীনত নিৰ্মিত গেৰেলুৱাচুক আৰু ২ নং বৰপথাৰ খোৱাপানী যোগান আঁচনি দুখন উদ্বোধন কৰি উদ্বোধনী ভাষন প্ৰসংগত স্থানীয় বিধায়ক গৰাকীয়ে কয়," মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ এই জল জীৱন মিছনৰ সফল ৰূপায়ণে গ্ৰামাঞ্চলৰ জনস্বাস্থ্যৰ মানদণ্ডৰ উন্নতি ঘটাব ৷ কিয়নো…

বিহপুৰীয়াত সাত মাহৰ পূৰ্বে বিবাহ স্থলীৰ পৰা নিৰুদিষ্ট হোৱা যুৱকৰ নৰকংকাল পুখুৰীত উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২০ জানুৱাৰীঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া থানাৰ অন্তৰ্গত ভোগদৈ-গন্ধীয়াত বৃহস্পতিবাৰে বিয়লি পুখুৰীত মানুহৰ এটা লাওখোলা উদ্ধাৰ হোৱাৰ পিছত সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে৷ একাংশ লোকে সন্দেহ কৰা অনুসৰি প্ৰায় ৭ মাহ পূৰ্বে এখন বিবাহ স্থলীৰপৰা নিৰুদিষ্ট হোৱা যুৱক চিত্তৰঞ্জন দত্ত ৰেই উক্ত লাওখোলা হয়৷ ইফালে আজি আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত চিত্তৰঞ্জন দত্তৰ পৰিয়ালৰ লোকে উক্ত ঘটনা হত্যাকাণ্ড সন্দেহ কৰি আৰক্ষীক শীঘ্ৰে দোষীক কৰায়ত্ত কৰিবলৈ দাবী জনায়৷ ঘটনাৰ বিৱৰণী অনুসৰি চলিত বৰ্ষৰ ৮ জুলাইত…