Browsing Category

অসম

তিনিচুকীয়া জিলা মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী বীণা শৰ্মাৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২১ জানুৱাৰী : তিনিচুকীয়া চহৰৰ পৰ্বতীয়া অঞ্চলৰ ফিদাৰ ৰ’ড নিবাসী জিলা মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী বীণা শৰ্মাৰ আজি পুৱা বাৰ্ধক্যজনিত কাৰণত চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল প্ৰায় ৮৩ বছৰ ৷ উল্লেখ্য যে বিপদে-আপদে আৰ্তজনৰ কাষত থিয় দিয়া সৰবৰহী বয়োজ্যেষ্ঠ মহিলাগৰাকীৰ স্বামী তথা দুয়ো পুত্ৰৰ ইতিমধ্যে দেহাৱসান হৈছে ৷ তেওঁৰ কনিষ্ঠ পুত্ৰ দ্বীপজ্যোতি শৰ্মা (মুন) আছিল চহৰখনৰ খৰ্গেশ্বৰ বজাৰস্থিত তিনিচুকীয়াবাসীৰ অতি পৰিচিত ’অগ্ৰগামী’ নামৰ কাকত তথা কিতাপৰ দোকানখনৰ…

লখিমপুৰত গুণোৎসৱত অভিভাৱক মন্ত্ৰী অতুল বৰা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ২১ জানুৱাৰী ; কৃষি মন্ত্ৰী অতুল বৰাই আজি এদিনীয়া ভ্ৰমণ সূচী হাতত লৈ লখিমপুৰ জিলাত উপস্থিত হয়। উক্ত ভ্ৰমণ কালত লখিমপুৰৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে বৰ্তমান জিলাখনত চলি থকা গুণোৎসৱ-২০২৩ৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীত এগৰাকী বৰ্হিমূল্যায়ক হিচাপে অংশগ্ৰহণ কৰে। সেই উদ্দেশ্যে তেওঁ জিলাখনৰ অগ্ৰণী শিক্ষানুষ্ঠান পানীগাঁও আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনৰ প্ৰতিটো শ্ৰেণীকোঠা পৰিদৰ্শন কৰে আৰু ছাত্র-ছাত্ৰী সকলৰ শৈক্ষিক তথা সৃজনশীল প্ৰতিভাৰ উমান লয়। সেই সময়চোৱাত মন্ত্ৰীগৰাকীয়ে ছাত্র-ছাত্ৰী সকলে…

শোণিতপুৰ জিলাৰ নদুৱাৰত জল জীৱন মিছনৰ খোৱাপানী যোগান আচঁনিৰ শুভ উদ্বোধন

শতাব্দ ষ্টাফৰিপৰ্টাৰ তেজপুৰ ২০জানুৱাৰীঃ শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ নদুৱাৰত আজি মধ্য চিলাবন্ধা আৰু দক্ষিণ মূঢ়াদল গাওঁ পঞ্চায়তৰ দুখনকৈ জল জীৱন মিছনৰ খোৱাপানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে সমষ্টিৰে বিধায়ক পদ্ম হাজৰিকাই ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগ, তেজপুৰ ১ নং সংমণ্ডলৰ অধীনত নিৰ্মিত গেৰেলুৱাচুক আৰু ২ নং বৰপথাৰ খোৱাপানী যোগান আঁচনি দুখন উদ্বোধন কৰি উদ্বোধনী ভাষন প্ৰসংগত স্থানীয় বিধায়ক গৰাকীয়ে কয়," মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ এই জল জীৱন মিছনৰ সফল ৰূপায়ণে গ্ৰামাঞ্চলৰ জনস্বাস্থ্যৰ মানদণ্ডৰ উন্নতি ঘটাব ৷ কিয়নো…

বিহপুৰীয়াত সাত মাহৰ পূৰ্বে বিবাহ স্থলীৰ পৰা নিৰুদিষ্ট হোৱা যুৱকৰ নৰকংকাল পুখুৰীত উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২০ জানুৱাৰীঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া থানাৰ অন্তৰ্গত ভোগদৈ-গন্ধীয়াত বৃহস্পতিবাৰে বিয়লি পুখুৰীত মানুহৰ এটা লাওখোলা উদ্ধাৰ হোৱাৰ পিছত সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে৷ একাংশ লোকে সন্দেহ কৰা অনুসৰি প্ৰায় ৭ মাহ পূৰ্বে এখন বিবাহ স্থলীৰপৰা নিৰুদিষ্ট হোৱা যুৱক চিত্তৰঞ্জন দত্ত ৰেই উক্ত লাওখোলা হয়৷ ইফালে আজি আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত চিত্তৰঞ্জন দত্তৰ পৰিয়ালৰ লোকে উক্ত ঘটনা হত্যাকাণ্ড সন্দেহ কৰি আৰক্ষীক শীঘ্ৰে দোষীক কৰায়ত্ত কৰিবলৈ দাবী জনায়৷ ঘটনাৰ বিৱৰণী অনুসৰি চলিত বৰ্ষৰ ৮ জুলাইত…

তিনিচুকীয়াত নিশা শতাধিক কয়লাৰ ট্ৰাক আবদ্ধ কৰিলে যুৱকৰ দলে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২০ জানুৱাৰী : বিভিন্ন পক্ষক ধনবলেৰে মেনেজ কৰি তিনিচুকীয়া জিলা প্ৰশাসনৰ নাকৰ তলেৰে মাৰ্ঘেৰিটাৰ পৰা দৈনিক শ শ ট্ৰাক চোৰাং কয়লা সৰবৰাহ হৈ থকাৰ পাছতো আৰক্ষী তথা বন বিভাগে চকু মুদা কুলিৰ ভাও গ্ৰহণ কৰি অহাৰ সময়তে বৃহস্পতিবাৰে নিশা মাকুম বাইপাছত মাৰ্ঘেৰিটাৰ পৰা অহা শতাধিক কয়লা পৰিবাহী ট্ৰাক আবদ্ধ কৰে একাংশ যুৱকে ৷ চোৰাং কয়লা সৰবৰাহৰ অভিযোগত ট্ৰাকসমূহ আবদ্ধ কৰা যুৱকৰ দলটোত একাংশ প্ৰাক্তন আলফা সদস্যও আছিল ৷ ইফালে ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পাছত উক্ত স্থানত উপস্থিত হয় মাকুম আৰক্ষীৰ দল ৷ ট্ৰাকসমূহ আবদ্ধ…

সোৱণশিৰিৰ নামনিত এন এইচ পি চিৰ বান্ধ প্ৰতিৰোধী আঁচনিত ব্যাপক দুৰ্নীতি-অনিয়ম

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২০ জানুৱাৰীঃ সমগ্ৰ ৰাজ্যৰ জনসাধাৰণৰ প্ৰতিবাদক উপেক্ষা কৰি লখিমপুৰ, ধেমাজি আৰু মাজুলীবাসীৰ জীৱন সা-সম্পত্তিৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনিত ঠিকাদাৰৰ জৰিয়তে নিৰ্মাণ কৰা আঁচনিত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বগীনদী আঞ্চলিকে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণকাৰী সংস্থাটোৱে প্ৰকল্পৰ নামনিত বসবাস কৰা ৰাইজৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে গ্ৰহণ কৰা আঁচনিৰ অংশ হিচাপে সোৱণশিৰি নদীৰ…

লখিমপুৰত ডাম্পাৰৰ খুন্দাত বাইক আৰোহী যুৱক নিহত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১৭জানুৱাৰীঃ লখিমপুৰ জিলাৰ ৰামপুৰত আজি ডাম্পাৰৰ খুন্দাত এজন বাইক আৰোহী নিহত হয়। জানিব পৰা অনুসৰি দুলাল আলি নামৰ যুৱকজনে এখন পালছাৰ বাইকত আন এজন যুৱকক বহুৱাই ৰামপুৰ দিশে গৈ থকাৰ সময়তে একে দিশৰ পৰা অহা এখন ডাম্পাৰে বাইকখন মহতীয়াই নিয়ে।ফলত ৰামপুৰৰ দুলাল আলি নামৰ যুৱকজনৰ থিতাতে মৃত্যু হোৱাৰ লগতে লগৰ বন্ধুজন গুৰুতৰ ভাৱে আহত হয়। সম্প্ৰতি তেঁওক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

লখিমপুৰৰ পাভত মানুহৰ সমাগমত আতংকিত গঁড়

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১৭ জানুৱাৰীঃ লখিমপুৰ জিলাৰ পাভ সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত এলেকাত এইবাৰ গঁড়ৰ মুক্ত বিচৰণ।মুক্ত ভাৱে বিচৰণ কৰা গঁড়ৰ আক্ৰমণত তিনি জন লোক আহত হোৱা বুলি জনা গৈছে।লখিমপুৰ জিলা বনবিভাগে সদৰী কৰা অনুসৰি কাজিৰঙাৰ পৰা ওলাই অহা গঁড়জনীয়ে আজি পুৱাৰে পৰা পাভ সংৰক্ষিত বনাঞ্চলৰ আধাখনা অঞ্চলত বিচৰণ কৰি আছে।বন বিভাগে সদৰী কৰা অনুসৰি গাভিনী গঁড় জনীক উক্ত এলেকাৰ পৰা আঁতৰাই পথাবলৈ বন বিভাগে চেষ্টা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত সফল হব পৰা নাই।বিশেষকৈ গঁড় চাবলৈ অহা হাজাৰ হাজাৰ লোকৰ সমাগম, হুলস্থুল দেখি গঁড়জনীয়ে…

ৰাজ্যত ৪৩৬২কোটি টকা ব্যয়ৰে প্ৰিপেইড স্মাৰ্ট মিটাৰ কিয়?

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬জানুৱাৰী: ৰাজ্যৰ ৪৪ লাখ বিদ্যুৎ গ্ৰাহকৰ ঘৰত প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপনৰ আঁচনিখন ৰাজ্য চৰকাৰৰ কেবিনেটে যোৱা ১২জানুৱাৰীত অনুমোদন জনোৱাৰ তীব্ৰ বিৰোধিতা কৰিছে অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্চ এচোছিয়েছনে৷ এ এ ই চি এৰ ৰাজ্যিক আহ্বায়কদ্বয় অজয় আচাৰ্য্য আৰু হিল্লোল ভট্টাচাৰ্যই এই সন্দৰ্ভত এক প্ৰেছ বিবৃতিত কয় যে,প্ৰচলিত ডিজিটেল মিটাৰে অতি সুক্ষ্মভাৱে বিদ্যুৎ পৰিমাপ কৰিবলৈ সক্ষম হোৱাৰ পিছতো লাখ লাখ ডিজিটেল মিটাৰ ডাষ্টবিনলৈ নিক্ষেপ কৰি ৰাজকোষৰ হেজাৰ হেজাৰ কোটি টকা খৰচ কৰি নতুনকৈ প্ৰিপেইড স্মাৰ্ট মিটাৰ…