Browsing Category
অসম
তিনিচুকীয়াত নিশা শতাধিক কয়লাৰ ট্ৰাক আবদ্ধ কৰিলে যুৱকৰ দলে
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২০ জানুৱাৰী : বিভিন্ন পক্ষক ধনবলেৰে মেনেজ কৰি তিনিচুকীয়া জিলা প্ৰশাসনৰ নাকৰ তলেৰে মাৰ্ঘেৰিটাৰ পৰা দৈনিক শ শ ট্ৰাক চোৰাং কয়লা সৰবৰাহ হৈ থকাৰ পাছতো আৰক্ষী তথা বন বিভাগে চকু মুদা কুলিৰ ভাও গ্ৰহণ কৰি অহাৰ সময়তে বৃহস্পতিবাৰে নিশা মাকুম বাইপাছত মাৰ্ঘেৰিটাৰ পৰা অহা শতাধিক কয়লা পৰিবাহী ট্ৰাক আবদ্ধ কৰে একাংশ যুৱকে ৷ চোৰাং কয়লা সৰবৰাহৰ অভিযোগত ট্ৰাকসমূহ আবদ্ধ কৰা যুৱকৰ দলটোত একাংশ প্ৰাক্তন আলফা সদস্যও আছিল ৷ ইফালে ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পাছত উক্ত স্থানত উপস্থিত হয় মাকুম আৰক্ষীৰ দল ৷ ট্ৰাকসমূহ আবদ্ধ…
সোৱণশিৰিৰ নামনিত এন এইচ পি চিৰ বান্ধ প্ৰতিৰোধী আঁচনিত ব্যাপক দুৰ্নীতি-অনিয়ম
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২০ জানুৱাৰীঃ সমগ্ৰ ৰাজ্যৰ জনসাধাৰণৰ প্ৰতিবাদক উপেক্ষা কৰি লখিমপুৰ, ধেমাজি আৰু মাজুলীবাসীৰ জীৱন সা-সম্পত্তিৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনিত ঠিকাদাৰৰ জৰিয়তে নিৰ্মাণ কৰা আঁচনিত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বগীনদী আঞ্চলিকে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণকাৰী সংস্থাটোৱে প্ৰকল্পৰ নামনিত বসবাস কৰা ৰাইজৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে গ্ৰহণ কৰা আঁচনিৰ অংশ হিচাপে সোৱণশিৰি নদীৰ…
ফুলৰ এই মেলাতে… ( ফটো সংবাদ)
ভিন্ন ৰঙী ফুল লৈ গ্ৰাহকৰ অপেক্ষাত কেইজনমান ফুল বিক্ৰেতা শিৱসাগৰত, আলোকচিত্ৰঃ আব্দুল মতিন
লখিমপুৰত ডাম্পাৰৰ খুন্দাত বাইক আৰোহী যুৱক নিহত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১৭জানুৱাৰীঃ লখিমপুৰ জিলাৰ ৰামপুৰত আজি ডাম্পাৰৰ খুন্দাত এজন বাইক আৰোহী নিহত হয়। জানিব পৰা অনুসৰি দুলাল আলি নামৰ যুৱকজনে এখন পালছাৰ বাইকত আন এজন যুৱকক বহুৱাই ৰামপুৰ দিশে গৈ থকাৰ সময়তে একে দিশৰ পৰা অহা এখন ডাম্পাৰে বাইকখন মহতীয়াই নিয়ে।ফলত ৰামপুৰৰ দুলাল আলি নামৰ যুৱকজনৰ থিতাতে মৃত্যু হোৱাৰ লগতে লগৰ বন্ধুজন গুৰুতৰ ভাৱে আহত হয়। সম্প্ৰতি তেঁওক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
লখিমপুৰৰ পাভত মানুহৰ সমাগমত আতংকিত গঁড়
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১৭ জানুৱাৰীঃ লখিমপুৰ জিলাৰ পাভ সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত এলেকাত এইবাৰ গঁড়ৰ মুক্ত বিচৰণ।মুক্ত ভাৱে বিচৰণ কৰা গঁড়ৰ আক্ৰমণত তিনি জন লোক আহত হোৱা বুলি জনা গৈছে।লখিমপুৰ জিলা বনবিভাগে সদৰী কৰা অনুসৰি কাজিৰঙাৰ পৰা ওলাই অহা গঁড়জনীয়ে আজি পুৱাৰে পৰা পাভ সংৰক্ষিত বনাঞ্চলৰ আধাখনা অঞ্চলত বিচৰণ কৰি আছে।বন বিভাগে সদৰী কৰা অনুসৰি গাভিনী গঁড় জনীক উক্ত এলেকাৰ পৰা আঁতৰাই পথাবলৈ বন বিভাগে চেষ্টা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত সফল হব পৰা নাই।বিশেষকৈ গঁড় চাবলৈ অহা হাজাৰ হাজাৰ লোকৰ সমাগম, হুলস্থুল দেখি গঁড়জনীয়ে…
ৰাজ্যত ৪৩৬২কোটি টকা ব্যয়ৰে প্ৰিপেইড স্মাৰ্ট মিটাৰ কিয়?
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬জানুৱাৰী: ৰাজ্যৰ ৪৪ লাখ বিদ্যুৎ গ্ৰাহকৰ ঘৰত প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপনৰ আঁচনিখন ৰাজ্য চৰকাৰৰ কেবিনেটে যোৱা ১২জানুৱাৰীত অনুমোদন জনোৱাৰ তীব্ৰ বিৰোধিতা কৰিছে অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্চ এচোছিয়েছনে৷ এ এ ই চি এৰ ৰাজ্যিক আহ্বায়কদ্বয় অজয় আচাৰ্য্য আৰু হিল্লোল ভট্টাচাৰ্যই এই সন্দৰ্ভত এক প্ৰেছ বিবৃতিত কয় যে,প্ৰচলিত ডিজিটেল মিটাৰে অতি সুক্ষ্মভাৱে বিদ্যুৎ পৰিমাপ কৰিবলৈ সক্ষম হোৱাৰ পিছতো লাখ লাখ ডিজিটেল মিটাৰ ডাষ্টবিনলৈ নিক্ষেপ কৰি ৰাজকোষৰ হেজাৰ হেজাৰ কোটি টকা খৰচ কৰি নতুনকৈ প্ৰিপেইড স্মাৰ্ট মিটাৰ…
বিলাতী সুৰাৰ অবৈধ বেহাৰ বিৰুেদ্ধ ব্যৱস্থা গ্ৰহণৰ সকীয়নি আটাছুৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৬ জানুৱাৰী : তিনিচুকীয়া চহৰৰ লগতে ইয়াৰ আশেপাশে থকা বিভিন্ন হোটেল আৰু দোকানত একপ্ৰকাৰে মুকলিকৈ চলি থকা বিলাতী সুৰাৰ অবৈধ বেহাৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ তাই আহোম ছাত্র সন্থাৰ (আটাছু) তিনিচুকীয়া আঞ্চলিক সমিতি ৷ আজি এক বিবৃতিত আটাছুৰ তিনিচুকীয়া আঞ্চলিক সমিতিৰ সভাপতি ধ্ৰুৱজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক বিশ্বজিত গগৈয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে বিগত সময়ত এনে অবৈধ বিলাতী সুৰা বিক্ৰী কৰা দোকান আৰু হোটেলত তিনিচুকীয়াৰ আবকাৰী বিভাগে সঘনাই তালাচী চলাই দোষীৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰিছিল। কিন্তু…
তিনিচুকীয়াত পথ দুৰ্ঘটনাত নিহত ১ আহত ৩
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৬ জানুৱাৰী : ভোগালীৰ আনন্দৰ মাজতে তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গুইজানত আজি বিয়লি সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন ব্যক্তিৰ শোকাৱহ মৃত্যু হোৱাৰ লগতে ৩ জন গুৰুতৰভাৱে আহত হয় ৷ স্থানীয় সূত্ৰে জানিব পৰা মতে এ এছ ০৬ জেদ ৬২০০ নম্বৰৰ এখন তীব্ৰবেগী ছুইফ্ট গাড়ীয়ে বিপৰীত দিশৰ পৰা অহা এখন যাত্ৰীবাহী অ’টত প্ৰচণ্ড খুন্দা মৰাৰ ফলত অ’ট চালকজন ঘটনাস্থলীতে মৃত্যুমুখত পৰাৰ লগতে আন ৩ জন গুৰুতৰভাৱে আহত হয় ৷ দুৰ্ঘটনাৰ পাছতে ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ উত্তেজিত ৰাইজে গুইজান-তিনিচুকীয়া পথ…
শোণিতপুৰৰ বিভিন্ন ক্ষেত্ৰৰ ১৪ গৰাকী শিল্পীলৈ অসম চৰকাৰৰ এককালীন শিল্পী সন্মান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৬ জানুৱাৰীঃ শোণিতপুৰ জিলাৰ এগৰাকী প্ৰবীণ ভাওনা শিল্পীয়ে অসম চৰকাৰৰ শিল্পী পেন্সন লাভ কৰাৰ লগতে আন ১৪ গৰাকীকৈ বিভিন্ন ক্ষেত্ৰৰ শিল্পীয়ে এককালীন শিল্পী সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে জিলাখনৰ তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি পিঠাখোৱা ৮৫ বছৰিয়া ভাওনা শিল্পী তথা অৱসৰপ্ৰাপ্ত শিক্ষক জয় চন্দ্ৰ নাথে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাৰ বাবে আজি ঘোষিত অসম চৰকাৰৰ পৰা ২০২২-২৩ বৰ্ষৰ শিল্পী পেঞ্চনৰ তালিকাত শোণিতপুৰৰ একমাত্ৰ শিল্পী হিচাপে তালিকাভুক্ত হোৱাত অঞ্চলটিৰ ৰাইজ উৎফুল্ল হৈ পৰিছে। একেদৰে তেজপুৰৰ…
