Browsing Category
অসম
বিলাতী সুৰাৰ অবৈধ বেহাৰ বিৰুেদ্ধ ব্যৱস্থা গ্ৰহণৰ সকীয়নি আটাছুৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৬ জানুৱাৰী : তিনিচুকীয়া চহৰৰ লগতে ইয়াৰ আশেপাশে থকা বিভিন্ন হোটেল আৰু দোকানত একপ্ৰকাৰে মুকলিকৈ চলি থকা বিলাতী সুৰাৰ অবৈধ বেহাৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ তাই আহোম ছাত্র সন্থাৰ (আটাছু) তিনিচুকীয়া আঞ্চলিক সমিতি ৷ আজি এক বিবৃতিত আটাছুৰ তিনিচুকীয়া আঞ্চলিক সমিতিৰ সভাপতি ধ্ৰুৱজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক বিশ্বজিত গগৈয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে বিগত সময়ত এনে অবৈধ বিলাতী সুৰা বিক্ৰী কৰা দোকান আৰু হোটেলত তিনিচুকীয়াৰ আবকাৰী বিভাগে সঘনাই তালাচী চলাই দোষীৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰিছিল। কিন্তু…
তিনিচুকীয়াত পথ দুৰ্ঘটনাত নিহত ১ আহত ৩
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৬ জানুৱাৰী : ভোগালীৰ আনন্দৰ মাজতে তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গুইজানত আজি বিয়লি সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন ব্যক্তিৰ শোকাৱহ মৃত্যু হোৱাৰ লগতে ৩ জন গুৰুতৰভাৱে আহত হয় ৷ স্থানীয় সূত্ৰে জানিব পৰা মতে এ এছ ০৬ জেদ ৬২০০ নম্বৰৰ এখন তীব্ৰবেগী ছুইফ্ট গাড়ীয়ে বিপৰীত দিশৰ পৰা অহা এখন যাত্ৰীবাহী অ’টত প্ৰচণ্ড খুন্দা মৰাৰ ফলত অ’ট চালকজন ঘটনাস্থলীতে মৃত্যুমুখত পৰাৰ লগতে আন ৩ জন গুৰুতৰভাৱে আহত হয় ৷ দুৰ্ঘটনাৰ পাছতে ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ উত্তেজিত ৰাইজে গুইজান-তিনিচুকীয়া পথ…
শোণিতপুৰৰ বিভিন্ন ক্ষেত্ৰৰ ১৪ গৰাকী শিল্পীলৈ অসম চৰকাৰৰ এককালীন শিল্পী সন্মান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৬ জানুৱাৰীঃ শোণিতপুৰ জিলাৰ এগৰাকী প্ৰবীণ ভাওনা শিল্পীয়ে অসম চৰকাৰৰ শিল্পী পেন্সন লাভ কৰাৰ লগতে আন ১৪ গৰাকীকৈ বিভিন্ন ক্ষেত্ৰৰ শিল্পীয়ে এককালীন শিল্পী সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে জিলাখনৰ তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি পিঠাখোৱা ৮৫ বছৰিয়া ভাওনা শিল্পী তথা অৱসৰপ্ৰাপ্ত শিক্ষক জয় চন্দ্ৰ নাথে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাৰ বাবে আজি ঘোষিত অসম চৰকাৰৰ পৰা ২০২২-২৩ বৰ্ষৰ শিল্পী পেঞ্চনৰ তালিকাত শোণিতপুৰৰ একমাত্ৰ শিল্পী হিচাপে তালিকাভুক্ত হোৱাত অঞ্চলটিৰ ৰাইজ উৎফুল্ল হৈ পৰিছে। একেদৰে তেজপুৰৰ…
মাঘ বিহুৰ ম’হযুঁজ ( ফটো সংবাদ)
মাঘ বিহুত শিৱসাগৰৰ ঐতিহাসিক ৰূপহী পথাৰত ম'হযুঁজৰ এক দৃশ্যআলোকচিত্ৰঃ আব্দুল মতিন
মাঘ যে আমাৰ ভোগালী মাহ…
দাদুল দেৱকৃষ্ণ বৰুৱা
মাঘ বিহু বুলিলেই কণ দাইটিৰ গা সাতখন আঠখন লাগে! তাহানিৰ মাঘ বিহুৰ ওলহ মালহ আজিকালি নাই যদিও কণ দাইটিয়ে মনৰ জোৰ হেৰুওৱা নাই। দাইটিয়ে বহাগ বিহুত গাঁৱৰ হুঁচৰিযোৰাৰ লগত সহযোগ কৰিবই কৰিব, কাতি বিহুত পথাৰত চাকি দিবই। আৰু মাঘ বিহুত?মাঘ বিহু বুলিলে কণ দাইটিৰ মনটো তাহানিৰ ম'হযুঁজ, কণীযুঁজ আৰু মেজিৰ বাবে এমাহ আগৰেপৰা খৰিফলা দিনবোৰলৈ মনত পৰে। এতিয়া 'ৰামো নাই অযোধ্যাও নাই' বুলি ক'লেও কণ দাইটিয়ে কিন্তু মাঘ বিহুৰ উৰুকাৰ আয়োজন আগৰ দৰেই কৰে। আজিও উৰুকাৰ দিনা পুৱাই উঠি গোহালিৰপৰা গৰুকেইটা উলিয়াই দি দাইটিয়ে…
তেজপুৰৰ নিৰু নেওগ বৰাৰ সৃষ্টিশীল যাত্ৰা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫জানুৱাৰী: তেজপুৰ ঘৰপৰা চুবুৰী নিবাসী নিৰু নেওগ বৰাই ১৯৭৩ চনতে নাটক ৰচনা কৰাৰ মাজৰে সৃষ্টিশীল কৰ্ম্মত আত্মপ্ৰকাশ কৰিছিল আৰু তেওঁৰ সাহিত্য কৃতি নাটকৰ উপৰি শিশু গল্প, শিশু উপন্যাস আৰু অন্যান্য লেখাত প্ৰতিফলিত হৈছে ৷ বিহপুৰীয়াৰ নিচেই ওচৰৰ কহুৱা গাঁৱত জন্ম গ্ৰহণ কৰা নিৰু নেওগ বৰাই ২০১৫ চনত কলিয়াবৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ আদৰণি সমিতিয়ে সদৌ অসম ভিত্তিত আয়োজন কৰা চুটি গল্প প্ৰতিযোগিতাত ৩য় পুৰস্কাৰ লাভ কৰিছিল ৷ শাৰীৰিক অসুস্হতাৰ বাবে ২০০১ চনৰ পৰা তেওৰ সৃষ্টি কৰ্ম্মলৈ স্হবিৰতা আহিছিল যদিও ২০১৪ চনৰ…
বেদখলকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হবলৈ আহ্বান হিন্দু যুৱ-ছাত্ৰৰ
লক্ষীমপুৰ, ১৩ জানুৱাৰী : ৰাজ্য চৰকাৰক বেদখলকৃত ভূমিত চলোৱা উচ্ছেদ অভিযান অব্যাহত ৰখাৰ লগতে এই বেদখলকাৰী সকলৰ বিৰুদ্ধে অধিক কঠোৰ হবলৈ আহ্বান জনাইছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে। আজি বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে কয় যে জাতি-মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত ৰাইজৰ আস্হা লাভ কৰি শাসনলৈ অহা এই চৰকাৰখনে উচ্ছেদিত বেদখলকাৰীসকলক পুনৰ সংস্থাপন দিবলৈ বিচৰা কাৰ্য্যক তীব্ৰ সমালোচনা কৰি কয় যে বেদখলকৃত ভূমিত উচ্ছেদ অভিযান চলাই সেই বেদখলকাৰী সকলৰ ওপৰত কোনো আইনী…
পাঠশালাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় জ্যোতি দিৱস
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৩ জানুৱাৰীঃ অসম সাহিত্য সভাই অহা ১৭ জানুৱাৰীত পাঠশালা শাখা সাহিত্য সভা (শতদল)ৰ সহযোগত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৩ সংখ্যক মৃত্যু দিৱসটি কেন্দ্ৰীয়ভাৱে 'জ্যোতি দিৱস' হিচাপে পাঠশালাত উদযাপন কৰিব। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হব লগা কেন্দ্ৰীয় জ্যোতি দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব পাঠশালা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামীয়ে।জ্যোতি তৰ্পণ অনুষ্ঠানত তৰ্পক হিচাবে অংশ লব পাঠশালা সাহিত্য সভাৰ উপ-সভাপতি মনোমোহন শর্মা আৰু পাঠশালা বজাৰ সমিতিৰ সভাপতি গিৰিধৰ…
তেজপুৰত শিক্ষাৰ্থীক পৰম্পৰা আৰু লোকাচাৰ শিকোৱাৰ দৃষ্টান্তমূলক পদক্ষেপ দুখন বিদ্যালয়ৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৩ জানুৱাৰী : কাইলৈ ভোগালী বিহুৰ উৰুকা। এই উৰুকাতেই পৰম্পৰাগত ভাৱে সমিল মিলেৰে এসাঁজ খোৱাৰ পৰম্পৰা অসমীয়াৰ। উৰুকাৰ দিনটোত ঘৰে ঘৰে ব্যক্তিগত ভাৱে ভোগৰ সামগ্ৰী যোগাৰ কৰিলেও ৰাজহুৱা ভাৱে একেলগে উৰুকাৰ ভোজ খোৱাৰ আনন্দই সুকীয়া। সেই আনন্দ উপভোগৰ বাবে আজি উৰুকাৰ আগদিনা গাঁৱৰ ৰাজহুৱা পুখুৰীত মাছ ধৰি পৰম্পৰাগত ভাৱে তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰৰ ডেকাচুবুৰীৰ ৰাইজে মাংগলিক পৰিৱেশৰ মাজত স্হানীয় নলনী পুখুৰীত ধৰিলে মাছ। প্ৰায় দুই কুইন্টল মাছ ধৰি কাইলৈ স্হানীয় টেকেলা পথাৰত ৰাজহুৱা ভোজৰ বাবে ৰখাৰ লগতে বাকী মাছ…
