Browsing Category

অসম

মাঘ যে আমাৰ ভোগালী মাহ…

দাদুল দেৱকৃষ্ণ বৰুৱা মাঘ বিহু বুলিলেই কণ দাইটিৰ গা সাতখন আঠখন লাগে! তাহানিৰ মাঘ বিহুৰ ওলহ মালহ আজিকালি নাই যদিও কণ দাইটিয়ে মনৰ জোৰ হেৰুওৱা নাই। দাইটিয়ে বহাগ বিহুত গাঁৱৰ হুঁচৰিযোৰাৰ লগত সহযোগ কৰিবই কৰিব, কাতি বিহুত পথাৰত চাকি দিবই। আৰু মাঘ বিহুত?মাঘ বিহু বুলিলে কণ দাইটিৰ মনটো তাহানিৰ ম'হযুঁজ, কণীযুঁজ আৰু মেজিৰ বাবে এমাহ আগৰেপৰা খৰিফলা দিনবোৰলৈ মনত পৰে। এতিয়া 'ৰামো নাই অযোধ্যাও নাই' বুলি ক'লেও কণ দাইটিয়ে কিন্তু মাঘ বিহুৰ উৰুকাৰ আয়োজন আগৰ দৰেই কৰে। আজিও উৰুকাৰ দিনা পুৱাই উঠি গোহালিৰপৰা গৰুকেইটা উলিয়াই দি দাইটিয়ে…

তেজপুৰৰ নিৰু নেওগ বৰাৰ সৃষ্টিশীল যাত্ৰা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫জানুৱাৰী: তেজপুৰ ঘৰপৰা চুবুৰী নিবাসী নিৰু নেওগ বৰাই ১৯৭৩ চনতে নাটক ৰচনা কৰাৰ মাজৰে সৃষ্টিশীল কৰ্ম্মত আত্মপ্ৰকাশ কৰিছিল আৰু তেওঁৰ সাহিত্য কৃতি নাটকৰ উপৰি শিশু গল্প, শিশু উপন্যাস আৰু অন্যান্য লেখাত প্ৰতিফলিত হৈছে ৷ বিহপুৰীয়াৰ নিচেই ওচৰৰ কহুৱা গাঁৱত জন্ম গ্ৰহণ কৰা নিৰু নেওগ বৰাই ২০১৫ চনত কলিয়াবৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ আদৰণি সমিতিয়ে সদৌ অসম ভিত্তিত আয়োজন কৰা চুটি গল্প প্ৰতিযোগিতাত ৩য় পুৰস্কাৰ লাভ কৰিছিল ৷ শাৰীৰিক অসুস্হতাৰ বাবে ২০০১ চনৰ পৰা তেওৰ সৃষ্টি কৰ্ম্মলৈ স্হবিৰতা আহিছিল যদিও ২০১৪ চনৰ…

বেদখলকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হবলৈ আহ্বান হিন্দু যুৱ-ছাত্ৰৰ

লক্ষীমপুৰ, ১৩ জানুৱাৰী : ৰাজ্য চৰকাৰক বেদখলকৃত ভূমিত চলোৱা উচ্ছেদ অভিযান অব্যাহত ৰখাৰ লগতে এই বেদখলকাৰী সকলৰ বিৰুদ্ধে অধিক কঠোৰ হবলৈ আহ্বান জনাইছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে। আজি বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে কয় যে জাতি-মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত ৰাইজৰ আস্হা লাভ কৰি শাসনলৈ অহা এই চৰকাৰখনে উচ্ছেদিত বেদখলকাৰীসকলক পুনৰ সংস্থাপন দিবলৈ বিচৰা কাৰ্য্যক তীব্ৰ সমালোচনা কৰি কয় যে বেদখলকৃত ভূমিত উচ্ছেদ অভিযান চলাই সেই বেদখলকাৰী সকলৰ ওপৰত কোনো আইনী…

পাঠশালাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় জ্যোতি দিৱস

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৩ জানুৱাৰীঃ  অসম সাহিত্য সভাই অহা ১৭ জানুৱাৰীত পাঠশালা শাখা সাহিত্য সভা (শতদল)ৰ সহযোগত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৩ সংখ্যক মৃত্যু দিৱসটি কেন্দ্ৰীয়ভাৱে 'জ্যোতি দিৱস' হিচাপে পাঠশালাত উদযাপন কৰিব। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হব লগা কেন্দ্ৰীয় জ্যোতি দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব পাঠশালা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামীয়ে।জ্যোতি তৰ্পণ অনুষ্ঠানত তৰ্পক হিচাবে অংশ লব পাঠশালা সাহিত্য সভাৰ উপ-সভাপতি মনোমোহন শর্মা আৰু পাঠশালা বজাৰ সমিতিৰ সভাপতি গিৰিধৰ…

তেজপুৰত শিক্ষাৰ্থীক পৰম্পৰা আৰু লোকাচাৰ শিকোৱাৰ দৃষ্টান্তমূলক পদক্ষেপ দুখন বিদ্যালয়ৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৩ জানুৱাৰী : কাইলৈ ভোগালী বিহুৰ উৰুকা। এই উৰুকাতেই পৰম্পৰাগত ভাৱে সমিল মিলেৰে এসাঁজ খোৱাৰ পৰম্পৰা অসমীয়াৰ। উৰুকাৰ দিনটোত ঘৰে ঘৰে ব্যক্তিগত ভাৱে ভোগৰ সামগ্ৰী যোগাৰ কৰিলেও ৰাজহুৱা ভাৱে একেলগে উৰুকাৰ ভোজ খোৱাৰ আনন্দই সুকীয়া। সেই আনন্দ উপভোগৰ বাবে আজি উৰুকাৰ আগদিনা গাঁৱৰ ৰাজহুৱা পুখুৰীত মাছ ধৰি পৰম্পৰাগত ভাৱে তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰৰ ডেকাচুবুৰীৰ ৰাইজে মাংগলিক পৰিৱেশৰ মাজত স্হানীয় নলনী পুখুৰীত ধৰিলে মাছ। প্ৰায় দুই কুইন্টল মাছ ধৰি কাইলৈ স্হানীয় টেকেলা পথাৰত ৰাজহুৱা ভোজৰ বাবে ৰখাৰ লগতে বাকী মাছ…

বদুলা সত্ৰৰ ভকতে চাৰিশ বছৰীয়া উৰালত বিহুৰ পিঠাগুৰি খুন্দাত ব্যস্ত

নাৰায়ণপুৰৰ বদুলা সত্ৰতো ভকতসকলে বিহুৰ পিঠা জলপান প্ৰস্তুত কৰাত লাগিছে ৷ চাৰিশ বছৰীয়া উৰালত প্ৰতিটো বিহুত পিঠাগুৰি খুন্দি ভকতসকলে পিঠা-জলপান প্ৰস্তুত কৰি আহিছে ৷ সত্ৰখনত পৰম্পৰা অক্ষুণ্ণ ৰাখি বিহু পালন কৰি অহাৰ লগতে বিহুৰ দিনা নাম-কীৰ্তন, গীত-মাতৰ মাজেৰে বিহু উদ্‌যাপন কৰি আহিছে ৷ফটো-সংবাদঃ সৰোজ কুমাৰ নেওগ

পৰ্যটন উদ্যোগী দেৱজিৎ গগৈৰ গোৱাত দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৩ জানুৱাৰীঃ অসমৰ পৰ্যটন উদ্যোগক বিকশিত কৰাৰ লক্ষ্যৰে শিক্ষকতাৰ দৰে নিশ্চিত আয়ৰ উৎস এৰি পৰ্যটকক লৈ অৰঙে দৰঙে ভ্ৰমণ কৰা যুৱ পৰ্যটন উদ্যোগী লখিমপুৰৰ দেৱজিৎ গগৈৰ(৪৭) আজি পুৱা দেহাৱসান ঘটে। লখিমপুৰৰ এটি শিক্ষামূলক ভ্ৰমণৰ দলক লৈ পহিলা জানুৱাৰীত গোৱালৈ ৰাওনা হোৱা গগৈয়ে গোৱাত উপস্থিত হোৱাৰ সময়তে উচ্চ ৰক্তচাপজনিত ষ্ট্ৰোকত আক্ৰান্ত হয় আৰু লগে লগে গোৱা মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়। চিকিৎসাধীন অৱস্থাতে দুদিন পূৰ্বে তেঁও ষ্ট্ৰোকৰ দ্বিতীয়টো আঘাত পোৱাত সংজ্ঞাহীন হৈ পৰে আৰু আজি পুৱা ৮.১৫ বজাত শেষ নিশ্বাস ত্যাগ…

তেজপুৰৰ কৌশিকপুৰত ভোগালীৰ উলাহ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১২জানুৱাৰী: তেজপুৰৰ দপৰ্বতীয়াৰ কৌশিকপুৰৰ ৰাইজে এইবাৰ নিৰ্মান কৰিছে ঐতিহাসিক দপৰ্বতীয়াতে থকা গুপ্তযুগৰ এক ঐতিহাসিক সমল শৈলদ্বাৰৰ আৰ্হিৰ এক দৃষ্টিনন্দন বিহুঘৰ৷ উল্লেখযোগ্য যে,সম্প্ৰতি পৰম্পৰাগত বিহুঘৰৰ বিপৰীতে ভিন্ন তথা বিভিন্ন ঐতিহাসিক সমলৰ ৰূপদি বিহুঘৰ নিৰ্মাণ আৰু ইয়াৰে অগ্নিপূজা কৰাকলৈ চৰ্চা তথা সমালোচনাও হোৱাৰ বিপৰীতে কৌশিকপূৰৰ ৰাইজে এনে বিহুঘৰ নিৰ্মাণ কৰিলেও যথেষ্ট সতৰ্কতা অৱলম্বন কৰি আহিছে৷ উল্লেখযোগ্য যে,বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ১৯৭১ত আৰম্ভ কৰা কৌশিকপুৰ ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী…

লখিমপুৰত ভোগালী মেলাৰ সফল সামৰণি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১২জানুৱাৰী: মহিলা আত্মসহায়ক গোটৰ সদস্যা সকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী বিক্ৰী ব্যৱস্থা সুচল কৰি দিয়া লক্ষ্যৰে অসম ৰাজ্যিক গ্ৰামীণ জিৱিকা অভিযান লখিমপুৰ জিলা পৰিচালনা গোটৰ উদ্যোগত অনুষ্ঠিত ভোগালী মেলাৰ আজি সামৰণি পৰে। যোৱা ১০ জানুৱাৰীত লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোঁ‌হায়ে লখিমপুৰ ত্যাগ ক্ষেত্ৰত মেলাখন শুভ উদ্বোধন কৰে।তদুপলক্ষে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া টিপুৰেন্দ্ৰ পাটৰে মেলাত বিপণী দিবলৈ নিজে উৎপাদন কৰা সামগ্ৰী লৈ আগবাঢ়ি অহাৰ বাবে অহা মহিলা…