Browsing Category
অসম
বদুলা সত্ৰৰ ভকতে চাৰিশ বছৰীয়া উৰালত বিহুৰ পিঠাগুৰি খুন্দাত ব্যস্ত
নাৰায়ণপুৰৰ বদুলা সত্ৰতো ভকতসকলে বিহুৰ পিঠা জলপান প্ৰস্তুত কৰাত লাগিছে ৷ চাৰিশ বছৰীয়া উৰালত প্ৰতিটো বিহুত পিঠাগুৰি খুন্দি ভকতসকলে পিঠা-জলপান প্ৰস্তুত কৰি আহিছে ৷ সত্ৰখনত পৰম্পৰা অক্ষুণ্ণ ৰাখি বিহু পালন কৰি অহাৰ লগতে বিহুৰ দিনা নাম-কীৰ্তন, গীত-মাতৰ মাজেৰে বিহু উদ্যাপন কৰি আহিছে ৷ফটো-সংবাদঃ সৰোজ কুমাৰ নেওগ
পৰ্যটন উদ্যোগী দেৱজিৎ গগৈৰ গোৱাত দেহাৱসান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৩ জানুৱাৰীঃ অসমৰ পৰ্যটন উদ্যোগক বিকশিত কৰাৰ লক্ষ্যৰে শিক্ষকতাৰ দৰে নিশ্চিত আয়ৰ উৎস এৰি পৰ্যটকক লৈ অৰঙে দৰঙে ভ্ৰমণ কৰা যুৱ পৰ্যটন উদ্যোগী লখিমপুৰৰ দেৱজিৎ গগৈৰ(৪৭) আজি পুৱা দেহাৱসান ঘটে। লখিমপুৰৰ এটি শিক্ষামূলক ভ্ৰমণৰ দলক লৈ পহিলা জানুৱাৰীত গোৱালৈ ৰাওনা হোৱা গগৈয়ে গোৱাত উপস্থিত হোৱাৰ সময়তে উচ্চ ৰক্তচাপজনিত ষ্ট্ৰোকত আক্ৰান্ত হয় আৰু লগে লগে গোৱা মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়। চিকিৎসাধীন অৱস্থাতে দুদিন পূৰ্বে তেঁও ষ্ট্ৰোকৰ দ্বিতীয়টো আঘাত পোৱাত সংজ্ঞাহীন হৈ পৰে আৰু আজি পুৱা ৮.১৫ বজাত শেষ নিশ্বাস ত্যাগ…
তেজপুৰৰ কৌশিকপুৰত ভোগালীৰ উলাহ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১২জানুৱাৰী: তেজপুৰৰ দপৰ্বতীয়াৰ কৌশিকপুৰৰ ৰাইজে এইবাৰ নিৰ্মান কৰিছে ঐতিহাসিক দপৰ্বতীয়াতে থকা গুপ্তযুগৰ এক ঐতিহাসিক সমল শৈলদ্বাৰৰ আৰ্হিৰ এক দৃষ্টিনন্দন বিহুঘৰ৷ উল্লেখযোগ্য যে,সম্প্ৰতি পৰম্পৰাগত বিহুঘৰৰ বিপৰীতে ভিন্ন তথা বিভিন্ন ঐতিহাসিক সমলৰ ৰূপদি বিহুঘৰ নিৰ্মাণ আৰু ইয়াৰে অগ্নিপূজা কৰাকলৈ চৰ্চা তথা সমালোচনাও হোৱাৰ বিপৰীতে কৌশিকপূৰৰ ৰাইজে এনে বিহুঘৰ নিৰ্মাণ কৰিলেও যথেষ্ট সতৰ্কতা অৱলম্বন কৰি আহিছে৷ উল্লেখযোগ্য যে,বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ১৯৭১ত আৰম্ভ কৰা কৌশিকপুৰ ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী…
লখিমপুৰত ভোগালী মেলাৰ সফল সামৰণি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১২জানুৱাৰী: মহিলা আত্মসহায়ক গোটৰ সদস্যা সকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী বিক্ৰী ব্যৱস্থা সুচল কৰি দিয়া লক্ষ্যৰে অসম ৰাজ্যিক গ্ৰামীণ জিৱিকা অভিযান লখিমপুৰ জিলা পৰিচালনা গোটৰ উদ্যোগত অনুষ্ঠিত ভোগালী মেলাৰ আজি সামৰণি পৰে। যোৱা ১০ জানুৱাৰীত লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোঁহায়ে লখিমপুৰ ত্যাগ ক্ষেত্ৰত মেলাখন শুভ উদ্বোধন কৰে।তদুপলক্ষে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া টিপুৰেন্দ্ৰ পাটৰে মেলাত বিপণী দিবলৈ নিজে উৎপাদন কৰা সামগ্ৰী লৈ আগবাঢ়ি অহাৰ বাবে অহা মহিলা…
বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত শীঘ্ৰে চলিব প্ৰশাসনৰ উচ্ছেদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১২ জানুৱাৰী : অচিৰেই বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলিব বুঢ়াচাপৰি বন্য প্ৰাণী অভয়াৰণ্যত৷ উল্লেখযোগ্য যে, তেজপুৰ সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বুঢ়া চাপৰি বন্য প্ৰাণী অভয়াৰণ্যৰ ভিতৰৰ প্ৰায় এহেজাৰ হেক্টৰৰ অধিক ভূমিত অবৈধ ভাৱে অধিগ্ৰহণ কৰি আছে বহুসংখ্যক লোকে। আজি এই তথ্য সদৰী কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই । তেওঁ জনায় যে চৰকাৰে সংৰক্ষিত বনাঞ্চলখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত হোৱাৰ পিছত বৰ্তমান বন্যপ্ৰাণী সংৰক্ষণৰ লগতে পৰ্যটনৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰি আহিছে।বুঢ়া চাপৰি বন্যপ্ৰাণী…
তেজপুৰৰ দোলাবাৰী পঞ্চায়তৰ পি এম এ ৱাই গৃহৰ হিতাধিকাৰীয়ে লাভ কৰা নাই এমজি এনৰেগাৰ ধন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১১ জানুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰৰ দৰিদ্ৰ হিতাধিকাৰীৰ বাবে প্ৰধান মন্ত্ৰী আৱাস যোজনা চমুকৈ পি এম এ ৱাই গৃহৰ যি উদ্দেশ্যৰে প্ৰদান কৰা হৈছিল বাস্তৱত সেয়া অসাৰ প্ৰতিপন্ন হোৱাৰ অভিযোগ উত্থাপিত হৈছে । শোণিতপুৰৰ গাভৰু উন্নয়ন খণ্ডৰ অধীনৰ দোলাবাৰী গাওঁ পঞ্চায়তত লাভ কৰা পি এম এ ৱাইৰ অধিকাংশ হিতাধিকাৰীয়ে উত্থাপন কৰিছে এক গুৰুতৰ অভিযোগ। পঞ্চায়তখনৰ চাৰি নম্বৰ ৱাৰ্ডৰ প্ৰায় সংখ্যক হিতাধিকাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰি আজি কয় যে যোৱা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কিছু সংখ্যকে আৰু আন কিছু সংখ্যক পৰৱৰ্তী সময়ত আৱাস…
তিনিচুকীয়াা পৰা কৰ্তন কৰি ডিব্ৰুগড়ত চামিল পানীতোলা বাগিছা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ জানুৱাৰী : তিনিচুকীয়া জিলাৰ পৰা কৰ্তন কৰি পানীতোলা চাহ বাগিছা ডিব্ৰুগড় জিলাত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে অসম চাহ মজদুৰ সংঘ (এচিএমএছ) ৷ আজি এক বিবৃতিত এচিএমএছ পানীতোলা শাখাৰ সম্পাদক তথা চাবুৱাৰ প্রাক্তন বিধায়ক ৰাজু চাহুৱে কয় যে চৰকাৰে নাগৰিক, দল-সংগঠন, অনুষ্ঠান-প্রতিষ্ঠান কাৰো লগত কোনো আলোচনা নকৰাকৈ সমষ্টি নির্ধাৰণৰ গেজেট নটিফিকেচন প্রকাশ কৰি হিটলাৰী শাসন চলোৱাৰ দৰে কাম কৰাটো অতি দুর্ভাগ্যজনক ৷ তেওঁৰ মতে চৰকাৰৰ এই নীতিবহির্ভূত সিদ্ধান্ত ৰাজতন্ত্ৰৰ লক্ষণ, গণতন্ত্ৰৰ…
ভোগালী বিহুলৈ মাজত মাথোঁ তিনিদিন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ,১১ জানুৱাৰীঃ অসম - অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথো তিনিটা দিন বাকী। পথাৰৰ সোণগুটি চপাই ভড়ালত থাপি থুপি ৰখাৰ পিছত সেই উকা পথাৰত আকৌ দিন ৰাতি একাকাৰ কৰি ব্যস্ত হৈ পৰিছে গাঁৱৰ ডেকা - বুঢ়া সকল ভেলাঘৰ বা মেজিঘৰ নিৰ্মাণ কৰিবলৈ। বাৰীৰ অপৈনত বাঁহ, পথাৰৰ নৰা বা খেৰেৰে ভোগালী বিহুৰ মূল প্ৰতীক ভেলাঘৰ বা মেজিঘৰ নিৰ্মাণত এতিয়া ব্যস্ত হৈ পৰিছে উৰুকাৰ দিনা লগে ভাগে এই ভেলাঘৰত এসাঁজ খাবলৈ।
ৰাজ্যখনৰ অনান্য প্ৰান্তৰ লগতে তেজপুৰৰ বিভিন্ন গ্ৰাম্যাঞ্চলত এতিয়া ভেলাঘৰ, মেজিঘৰ নিৰ্মাণেৰে চলিছে ভোগালীক আদৰাৰ…
পাভৰ পৰা উচ্ছেদিতৰ ৰোষত নাওবৈচাৰ কংগ্ৰেছ বিধায়ক ভৰত নৰহ
প্রশাসনে বেদখলমুক্ত কৰিলে ৫০১ হেক্টৰ বনভূমি : অস্থায়ী শিবিৰত উত্তপ্ত পৰিস্থিতিঃ ভৰত নৰহলৈ উচ্ছেদিত চোচা :
সমাজকৰ্মী মীনাৰাম দাসৰ বিয়োগ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১০জানুৱাৰী: তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী অঞ্চলৰ প্ৰবীণ সমাজকৰ্মী মীনাৰাম দাসৰ আজি পুৱা চাৰি বজাত বিয়োগ ঘটে৷ মৃত্যুৰ সময়ত দাসৰ বয়স আছিল ৯০বছৰ৷ উল্লেখযোগ্য যে, কৃষক দাস অঞ্চলটোৰ বিভিন্ন সামাজিক কামকাজত জড়িত হৈ থকাৰ লগতে অঞ্চলটোৰ ঐতিহ্যমণ্ডিত বাঁহবাৰী ঊষা নাট সমাজৰ লগত সক্রিয় ভাবে জড়িত আছিল।বাৰ্দ্ধক্যজনিত কাৰণত বিয়োগ ঘটা দাসে বিয়োগৰ সময়ত দৰং মহাবিদ্যলয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° দুলাল দাসকে ধৰি আৰু দুজন পুত্ৰ তথা দুগৰাকী বিবাহিতা কন্যা,এগৰাকী বোৱাৰীকে ধৰি নাতি নাতিনী তথা আত্মীয়ক এৰি থৈ যায়৷
