Browsing Category

অসম

তেজপুৰত “অসমী ভোগালী মেলা – ২০২৩” ৰ শুভাৰম্ভ 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১০ জানুৱাৰী : অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিশ্যনৰ শোণিতপুৰ জিলাৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ তেজপুৰৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা "অসমী ভোগালী মেলা - ২০২৩" সন্ধিয়া ফিটা কাটি শুভাৰম্ভ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ।শোণিতপুৰ জিলাৰ সাতটা উন্নয়ন খণ্ডৰ অধীনস্থ ৩০ টাকৈ আত্ম সহায়ক গোটে নিজা নিজা উৎপাদন সামগ্ৰীৰ সমাহাৰেৰে আয়োজন কৰা এই "অসমী ভোগালী মেলা"ত বিহুৰ বিভিন্ন জলপান, পিঠা-পনা, লাড়ু, সান্দহ, বৰা চাউল, জহাচাউলৰ পৰা বিভিন্ন খাদ্য সামগ্ৰীৰ উপৰি আত্ম…

তেজপুৰৰ সমাজকৰ্মী বিমল শইকীয়াৰ পৰলোকপ্ৰাপ্তি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৯ জানুৱাৰী : তেজপুৰৰ নিকটৱৰ্তী বালিপুখুৰী তিনিআলি নিবাসী বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, শংকৰ দেৱ সংঘৰ বিষয়ববীয়া বিমল শইকীয়াৰ আজি দিনৰ প্ৰায় ২ বাজি ৩০ বজাত নিজ বাসগৃহতে ৮৪ বছৰ বয়সত বাৰ্ধক্যজনিত ৰোগত দেহাৱসান ঘটাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বালিপুখুৰী নিবাসী শইকীয়াৰ কোনোধৰণৰ ৰোগত আক্ৰান্ত হৈ নথকাৰ পিছতো আজি বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে। ৫৫ নং তিনিআলি প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী আদৰ্শ শিক্ষক হিচাপে অঞ্চলটোত মানৱ সম্পদ সৃষ্টিত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা আৰু পৰৱৰ্তী সময়ত প্ৰধান…

শোণিতপুৰৰ খেলমাটি অঞ্চলত পৰিস্কৰণ আৰু পাৰিপাৰ্শ্বিক সজাগতা অভিযান

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৯ জানুৱাৰী : পৰিস্কাৰ - পৰিচ্ছন্নতা আৰু পাৰিপাৰ্শ্বিক পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি কালি তেজপুৰৰ নিকটৱৰ্তী খেলমাটি অঞ্চলত সজাগতামূলক এক কাৰ্যসূচী সম্পন্ন হয়। তেজপুৰ আঞ্চলিক বড়ো ছাত্ৰ সন্থা, বাঁহবাৰী আঞ্চলিক বড়ো সাহিত্য সভা, খেলমাটি উচ্চ মাধ্যমিক বিদ্যালয় আৰু খেলমাটি অঞ্চল উন্নয়ন সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত "পৰিস্কৰণ আৰু পাৰিপাৰ্শ্বিক সজাগতা অভিযান" শীৰ্ষক কাৰ্যসূচী খেলমাটি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত শুভাৰম্ভ কৰে বিদ্যালয়খনৰ সহকাৰী প্ৰধান শিক্ষক নৰেশ্বৰ বড়োৱে। বিদ্যালয়…

তিনিচুকীয়াত পুষ্পক কাৰ ৰেলীত হিন্দী বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা আশ্ৰানী

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৯ জানুৱাৰী : অসম মটৰ স্পৰ্টছ ক্লাবৰ উদ্যোগত দেওবাৰে তিনিচুকীয়াত অনুষ্ঠিত হয় পুষ্পক কাৰ ৰেলী ২০২৩ ৷ মুঠ ৮০ টা দলে অংশগ্ৰহণ কৰা এই ৰেলীৰ তিনিচুকীয়া চহৰৰ চলিহা নগৰ খেলপথাৰৰ পৰা পুৱা ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে দিনজান সেনা চাউনিৰ জি অ’ চি অনুৰাগ সিং ৰাৱত, তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰ, আৰক্ষী অধীক্ষক অভিজিত গৌৰৱ, অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতিকে ধৰি একাধিক বিশিষ্ট ব্যক্তিয়ে৷ ৰেলীত অংশগ্ৰহণকাৰীসকলে সমগ্ৰ দিনটো নিৰ্ধাৰিত পথৰে ভ্ৰমণ কৰি পুনৰ চলিহা নগৰ খেলপথাৰত উপস্থিত হোৱাৰ পাছত নিশালৈ উক্ত…

কৰ্কটৰোগী আৰু আত্মীয়ৰ বাবে তেজপুৰত আশাদীপ আশ্ৰয়গৃহ মুকলি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮জানুৱাৰীঃ ভাৰতীয় শিশু কল্যাণ পৰিষদ তেজপুৰ শাখাৰ সৌজন্যত আজি তেজপুৰৰ মাজগাঁৱত চিকিৎসাধীন কৰ্কট ৰোগীৰ বাবে এটা "আশাদীপ আশ্ৰয়গৃহ" মুকলি কৰা হয়। তেজপুৰৰ বিশিষ্টা সমাজসেৱিকা ডাঃ লক্ষ্মী গোস্বামীৰ চিন্তাৰ ফচল এই "আশাদীপ আশ্ৰয়গৃহ" । ১৯৮৪ৰ পৰা কৰ্কট ৰোগৰ লগত যুদ্ধ কৰি কৰ্কট ৰোগক পৰাস্ত কৰা তথা কৰ্কট ৰোগী সকলৰ আৰ্থিক অৱস্থা অনুধাৱন কৰা তেজপুৰৰ বিশিষ্টা সমাজসেৱিকা ডাঃ গোস্বামী আজি কৰ্কট ৰোগী সকলৰ বাবে এক মনোবল আৰু আত্ম বিশ্বাসৰ প্ৰতীক। এই গৰাকী বিদূষী মহিলাই তেজপুৰৰ কেইগৰাকীমান হৃদয়বান পুৰুষ আৰু মহিলাৰ…

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নতুন সভাপতি, সম্পাদক নিৰ্বাচিত

শদিয়াত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অধিবেশনৰ আজি সামৰণি পৰিল ৷ সংগঠনটোৰ পৰৱৰ্তী সভাপতি হিচাপে পলাশ চাংমাই বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত ৷ সাধাৰণ সম্পাদক হিচাপে ৰাতুল বৰগোহাঁই নিৰ্বাচিত। মুখ্য় উপদেষ্টাৰূপে ৰাণা প্ৰতাপ বৰুৱা নিৰ্বাচিত।

লখিমপুৰত ১০ লক্ষ টকাৰ অৰুণাচলী সুৰা জব্দ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ,৮জানুৱাৰীঃ লখিমপুৰৰ জিলাৰ পথালি পাহাৰত ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত আজি বান্দৰদেৱা আৰক্ষীয়ে ২৫০কাৰ্টুনৰো অধিক অৰুণাচলী সুৰা জব্দ কৰে। জানিব পৰা মতে প্ৰায় ১০লাখ টকা মূল্যৰ এই অবৈধ অৰুণাচলী সুৰা সমূহ বান্দৰদেৱাৰ পৰা অন্ধ্ৰপ্ৰদেশলৈ নি থকা হৈছিল। বান্দৰদেৱাৰ কোনো সুৰা মাফিয়াৰ পৰা এই বৃহৎ পৰিমানৰ সুৰা সমূহ অন্ধ্ৰপ্ৰদেশৰ এখন ট্ৰাকত অন্ধ্ৰপ্ৰদেশলৈ সৰবৰাহ কৰা হৈছিল।পিছত বান্দৰদেৱাৰ আৰক্ষীয়ে গোপন সূত্ৰে পোৱা খবৰ ভিত্তিত আজি পুৱা লখিমপুৰৰ পথালি পাহাৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত চলোৱা অভিযানত সুৰা সহ ট্ৰাকখন জব্দ…