Browsing Category

অসম

বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত শীঘ্ৰে চলিব প্ৰশাসনৰ উচ্ছেদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১২ জানুৱাৰী : অচিৰেই বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলিব বুঢ়াচাপৰি বন্য প্ৰাণী অভয়াৰণ্যত৷ উল্লেখযোগ্য যে, তেজপুৰ সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বুঢ়া চাপৰি বন্য প্ৰাণী অভয়াৰণ্যৰ ভিতৰৰ প্ৰায় এহেজাৰ হেক্টৰৰ অধিক ভূমিত অবৈধ ভাৱে অধিগ্ৰহণ কৰি আছে বহুসংখ্যক লোকে। আজি এই তথ্য সদৰী কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই । তেওঁ জনায় যে চৰকাৰে সংৰক্ষিত বনাঞ্চলখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত হোৱাৰ পিছত বৰ্তমান বন্যপ্ৰাণী সংৰক্ষণৰ লগতে পৰ্যটনৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰি আহিছে।বুঢ়া চাপৰি বন্যপ্ৰাণী…

তেজপুৰৰ দোলাবাৰী পঞ্চায়তৰ পি এম এ ৱাই গৃহৰ হিতাধিকাৰীয়ে লাভ কৰা নাই এমজি এনৰেগাৰ ধন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১১ জানুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰৰ দৰিদ্ৰ হিতাধিকাৰীৰ বাবে প্ৰধান মন্ত্ৰী আৱাস যোজনা চমুকৈ পি এম এ ৱাই গৃহৰ যি উদ্দেশ্যৰে প্ৰদান কৰা হৈছিল বাস্তৱত সেয়া অসাৰ প্ৰতিপন্ন হোৱাৰ অভিযোগ উত্থাপিত হৈছে । শোণিতপুৰৰ গাভৰু উন্নয়ন খণ্ডৰ অধীনৰ দোলাবাৰী গাওঁ পঞ্চায়তত লাভ কৰা পি এম এ ৱাইৰ অধিকাংশ হিতাধিকাৰীয়ে উত্থাপন কৰিছে এক গুৰুতৰ অভিযোগ। পঞ্চায়তখনৰ চাৰি নম্বৰ ৱাৰ্ডৰ প্ৰায় সংখ্যক হিতাধিকাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰি আজি কয় যে যোৱা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কিছু সংখ্যকে আৰু আন কিছু সংখ্যক পৰৱৰ্তী সময়ত আৱাস…

তিনিচুকীয়াা পৰা কৰ্তন কৰি ডিব্ৰুগড়ত চামিল পানীতোলা বাগিছা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ জানুৱাৰী : তিনিচুকীয়া জিলাৰ পৰা কৰ্তন কৰি পানীতোলা চাহ বাগিছা ডিব্ৰুগড় জিলাত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে অসম চাহ মজদুৰ সংঘ (এচিএমএছ) ৷ আজি এক বিবৃতিত এচিএমএছ পানীতোলা শাখাৰ সম্পাদক তথা চাবুৱাৰ প্রাক্তন বিধায়ক ৰাজু চাহুৱে কয় যে চৰকাৰে নাগৰিক, দল-সংগঠন, অনুষ্ঠান-প্রতিষ্ঠান কাৰো লগত কোনো আলোচনা নকৰাকৈ সমষ্টি নির্ধাৰণৰ গেজেট নটিফিকেচন প্রকাশ কৰি হিটলাৰী শাসন চলোৱাৰ দৰে কাম কৰাটো অতি দুর্ভাগ্যজনক ৷ তেওঁৰ মতে চৰকাৰৰ এই নীতিবহির্ভূত সিদ্ধান্ত ৰাজতন্ত্ৰৰ লক্ষণ, গণতন্ত্ৰৰ…

ভোগালী বিহুলৈ মাজত মাথোঁ তিনিদিন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ,১১ জানুৱাৰীঃ অসম - অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথো তিনিটা দিন বাকী। পথাৰৰ সোণগুটি চপাই ভড়ালত থাপি থুপি ৰখাৰ পিছত সেই উকা পথাৰত আকৌ দিন ৰাতি একাকাৰ কৰি ব্যস্ত হৈ পৰিছে গাঁৱৰ ডেকা - বুঢ়া সকল ভেলাঘৰ বা মেজিঘৰ নিৰ্মাণ কৰিবলৈ। বাৰীৰ অপৈনত বাঁহ, পথাৰৰ নৰা বা খেৰেৰে ভোগালী বিহুৰ মূল প্ৰতীক ভেলাঘৰ বা মেজিঘৰ নিৰ্মাণত এতিয়া ব্যস্ত হৈ পৰিছে উৰুকাৰ দিনা লগে ভাগে এই ভেলাঘৰত এসাঁজ খাবলৈ। ৰাজ্যখনৰ অনান্য প্ৰান্তৰ লগতে তেজপুৰৰ বিভিন্ন গ্ৰাম্যাঞ্চলত  এতিয়া ভেলাঘৰ, মেজিঘৰ নিৰ্মাণেৰে চলিছে ভোগালীক আদৰাৰ…

সমাজকৰ্মী মীনাৰাম দাসৰ বিয়োগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১০জানুৱাৰী: তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী অঞ্চলৰ প্ৰবীণ সমাজকৰ্মী মীনাৰাম দাসৰ আজি পুৱা চাৰি বজাত বিয়োগ ঘটে৷ মৃত্যুৰ সময়ত দাসৰ বয়স আছিল ৯০বছৰ৷ উল্লেখযোগ্য যে, কৃষক দাস অঞ্চলটোৰ বিভিন্ন সামাজিক কামকাজত জড়িত হৈ থকাৰ লগতে অঞ্চলটোৰ ঐতিহ্যমণ্ডিত বাঁহবাৰী ঊষা নাট সমাজৰ লগত সক্রিয় ভাবে জড়িত আছিল।বাৰ্দ্ধক্যজনিত কাৰণত বিয়োগ ঘটা দাসে বিয়োগৰ সময়ত দৰং মহাবিদ্যলয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° দুলাল দাসকে ধৰি আৰু দুজন পুত্ৰ তথা দুগৰাকী বিবাহিতা কন্যা,এগৰাকী বোৱাৰীকে ধৰি নাতি নাতিনী তথা আত্মীয়ক এৰি থৈ যায়৷

তেজপুৰত “অসমী ভোগালী মেলা – ২০২৩” ৰ শুভাৰম্ভ 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১০ জানুৱাৰী : অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিশ্যনৰ শোণিতপুৰ জিলাৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ তেজপুৰৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা "অসমী ভোগালী মেলা - ২০২৩" সন্ধিয়া ফিটা কাটি শুভাৰম্ভ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ।শোণিতপুৰ জিলাৰ সাতটা উন্নয়ন খণ্ডৰ অধীনস্থ ৩০ টাকৈ আত্ম সহায়ক গোটে নিজা নিজা উৎপাদন সামগ্ৰীৰ সমাহাৰেৰে আয়োজন কৰা এই "অসমী ভোগালী মেলা"ত বিহুৰ বিভিন্ন জলপান, পিঠা-পনা, লাড়ু, সান্দহ, বৰা চাউল, জহাচাউলৰ পৰা বিভিন্ন খাদ্য সামগ্ৰীৰ উপৰি আত্ম…

তেজপুৰৰ সমাজকৰ্মী বিমল শইকীয়াৰ পৰলোকপ্ৰাপ্তি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৯ জানুৱাৰী : তেজপুৰৰ নিকটৱৰ্তী বালিপুখুৰী তিনিআলি নিবাসী বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, শংকৰ দেৱ সংঘৰ বিষয়ববীয়া বিমল শইকীয়াৰ আজি দিনৰ প্ৰায় ২ বাজি ৩০ বজাত নিজ বাসগৃহতে ৮৪ বছৰ বয়সত বাৰ্ধক্যজনিত ৰোগত দেহাৱসান ঘটাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বালিপুখুৰী নিবাসী শইকীয়াৰ কোনোধৰণৰ ৰোগত আক্ৰান্ত হৈ নথকাৰ পিছতো আজি বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে। ৫৫ নং তিনিআলি প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী আদৰ্শ শিক্ষক হিচাপে অঞ্চলটোত মানৱ সম্পদ সৃষ্টিত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা আৰু পৰৱৰ্তী সময়ত প্ৰধান…

শোণিতপুৰৰ খেলমাটি অঞ্চলত পৰিস্কৰণ আৰু পাৰিপাৰ্শ্বিক সজাগতা অভিযান

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৯ জানুৱাৰী : পৰিস্কাৰ - পৰিচ্ছন্নতা আৰু পাৰিপাৰ্শ্বিক পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি কালি তেজপুৰৰ নিকটৱৰ্তী খেলমাটি অঞ্চলত সজাগতামূলক এক কাৰ্যসূচী সম্পন্ন হয়। তেজপুৰ আঞ্চলিক বড়ো ছাত্ৰ সন্থা, বাঁহবাৰী আঞ্চলিক বড়ো সাহিত্য সভা, খেলমাটি উচ্চ মাধ্যমিক বিদ্যালয় আৰু খেলমাটি অঞ্চল উন্নয়ন সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত "পৰিস্কৰণ আৰু পাৰিপাৰ্শ্বিক সজাগতা অভিযান" শীৰ্ষক কাৰ্যসূচী খেলমাটি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত শুভাৰম্ভ কৰে বিদ্যালয়খনৰ সহকাৰী প্ৰধান শিক্ষক নৰেশ্বৰ বড়োৱে। বিদ্যালয়…