Browsing Category
অসম
তেজপুৰত অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰিবলৈ মনস্থ
তেজপুৰ শাখাৰ বিশেষ সভাত বিভিন্ন শাখা - অনুষ্ঠানৰ প্ৰতিনিধিৰ মতামত গ্ৰহণ
পাভ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলাবৰ বাবে আৰক্ষী-প্ৰশাসন সাজু
পাভত ৬ শতাধিক নিৰাপত্তাৰক্ষীৰ সমৰ সজ্জা
তিনিচুকীয়াত পুষ্পক কাৰ ৰেলীত হিন্দী বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা আশ্ৰানী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৯ জানুৱাৰী : অসম মটৰ স্পৰ্টছ ক্লাবৰ উদ্যোগত দেওবাৰে তিনিচুকীয়াত অনুষ্ঠিত হয় পুষ্পক কাৰ ৰেলী ২০২৩ ৷ মুঠ ৮০ টা দলে অংশগ্ৰহণ কৰা এই ৰেলীৰ তিনিচুকীয়া চহৰৰ চলিহা নগৰ খেলপথাৰৰ পৰা পুৱা ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে দিনজান সেনা চাউনিৰ জি অ’ চি অনুৰাগ সিং ৰাৱত, তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰ, আৰক্ষী অধীক্ষক অভিজিত গৌৰৱ, অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতিকে ধৰি একাধিক বিশিষ্ট ব্যক্তিয়ে৷ ৰেলীত অংশগ্ৰহণকাৰীসকলে সমগ্ৰ দিনটো নিৰ্ধাৰিত পথৰে ভ্ৰমণ কৰি পুনৰ চলিহা নগৰ খেলপথাৰত উপস্থিত হোৱাৰ পাছত নিশালৈ উক্ত…
কৰ্কটৰোগী আৰু আত্মীয়ৰ বাবে তেজপুৰত আশাদীপ আশ্ৰয়গৃহ মুকলি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮জানুৱাৰীঃ ভাৰতীয় শিশু কল্যাণ পৰিষদ তেজপুৰ শাখাৰ সৌজন্যত আজি তেজপুৰৰ মাজগাঁৱত চিকিৎসাধীন কৰ্কট ৰোগীৰ বাবে এটা "আশাদীপ আশ্ৰয়গৃহ" মুকলি কৰা হয়। তেজপুৰৰ বিশিষ্টা সমাজসেৱিকা ডাঃ লক্ষ্মী গোস্বামীৰ চিন্তাৰ ফচল এই "আশাদীপ আশ্ৰয়গৃহ" । ১৯৮৪ৰ পৰা কৰ্কট ৰোগৰ লগত যুদ্ধ কৰি কৰ্কট ৰোগক পৰাস্ত কৰা তথা কৰ্কট ৰোগী সকলৰ আৰ্থিক অৱস্থা অনুধাৱন কৰা তেজপুৰৰ বিশিষ্টা সমাজসেৱিকা ডাঃ গোস্বামী আজি কৰ্কট ৰোগী সকলৰ বাবে এক মনোবল আৰু আত্ম বিশ্বাসৰ প্ৰতীক। এই গৰাকী বিদূষী মহিলাই তেজপুৰৰ কেইগৰাকীমান হৃদয়বান পুৰুষ আৰু মহিলাৰ…
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নতুন সভাপতি, সম্পাদক নিৰ্বাচিত
শদিয়াত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অধিবেশনৰ আজি সামৰণি পৰিল ৷ সংগঠনটোৰ পৰৱৰ্তী সভাপতি হিচাপে পলাশ চাংমাই বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত ৷ সাধাৰণ সম্পাদক হিচাপে ৰাতুল বৰগোহাঁই নিৰ্বাচিত। মুখ্য় উপদেষ্টাৰূপে ৰাণা প্ৰতাপ বৰুৱা নিৰ্বাচিত।
লখিমপুৰত ১০ লক্ষ টকাৰ অৰুণাচলী সুৰা জব্দ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ,৮জানুৱাৰীঃ লখিমপুৰৰ জিলাৰ পথালি পাহাৰত ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত আজি বান্দৰদেৱা আৰক্ষীয়ে ২৫০কাৰ্টুনৰো অধিক অৰুণাচলী সুৰা জব্দ কৰে। জানিব পৰা মতে প্ৰায় ১০লাখ টকা মূল্যৰ এই অবৈধ অৰুণাচলী সুৰা সমূহ বান্দৰদেৱাৰ পৰা অন্ধ্ৰপ্ৰদেশলৈ নি থকা হৈছিল। বান্দৰদেৱাৰ কোনো সুৰা মাফিয়াৰ পৰা এই বৃহৎ পৰিমানৰ সুৰা সমূহ অন্ধ্ৰপ্ৰদেশৰ এখন ট্ৰাকত অন্ধ্ৰপ্ৰদেশলৈ সৰবৰাহ কৰা হৈছিল।পিছত বান্দৰদেৱাৰ আৰক্ষীয়ে গোপন সূত্ৰে পোৱা খবৰ ভিত্তিত আজি পুৱা লখিমপুৰৰ পথালি পাহাৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত চলোৱা অভিযানত সুৰা সহ ট্ৰাকখন জব্দ…
তেজপুৰত পৃথক অভিযানত ড্ৰাগছ আৰু গাঞ্জা জব্দ:মহিলা সহ গ্ৰেপ্তাৰ ছজনক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮জানুৱাৰীঃ শোণিতপুৰলৈ নগাঁৱৰ পৰা মাৰাত্মক ড্ৰাগছ আৰু ওদালগুৰিৰ পৰা গাঞ্জাৰ ব্যাপক সৰবৰাহ হৈ থকাৰ বিষয়ে ইতিমধ্যেই আৰক্ষীৰ অভিযানত বাৰম্বাৰ প্ৰতীয়মান হৈছে৷ আজি তেজপুৰৰ বৰঘাট আৰক্ষীয়ে পৃথকে চলোৱা এনে দুটা অভিযানত ড্ৰাগছৰ লগতে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে একাধিক লোকক গ্ৰেপ্তাৰ কৰিছে বৰঘাট আৰক্ষীয়ে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে ইয়াৰে প্ৰথমটো ঘটনা অনুসৰি আজি দিনত লাভ কৰা তথ্য অনুসৰি বৰঘাট আৰক্ষীয়ে কলীয়াভোমোৰা দলঙৰ সমীপত দিনৰ প্ৰায় ১১-৩০বজাত চলোৱা এক অভিযানত নগাঁৱৰ পৰা তেজপুৰলৈ আহি থকা অৱস্থাত নগাঁও…
শোণিতপুৰ আছুৰ অধিৱেশনৰ সামৰণি
সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া ৰাজনৈতিক মুনাফা বা ধৰ্মৰ ভিত্তিত হব নোৱাৰিবঃশংকৰ জ্যোতি বৰুৱা
তেজপুৰত গাঞ্জা সহ গ্ৰেপ্তাৰ এজনক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৬জানুৱাৰীঃ তেজপুৰ সদৰ থানাৰ আৰক্ষী বিষয়া মিন্টু বড়োৰ নেতৃত্বত আজি দিনৰ ভাগত চলোৱা এক অভিযানত বেছেৰীয়া কনাইবৰা চুবুৰীৰ ধ্ৰুৱ নাথৰ ঘৰৰ পৰা ১.৬৬৮ গ্ৰাম গাঞ্জা জব্দ কৰা হয়৷ নাথে দীৰ্ঘদিনৰ পৰাই গাঞ্জাৰ এই অবৈধ ব্যৱসায়ত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰাৰ লগতে নাথক গ্ৰেপ্তাৰ কৰে৷
তেজপুৰৰ চৰকাৰী প্ৰসূতি চিকিৎসালয়ত নৱজাতকৰ মৃত্যুঃচিকিৎসাত অৱহেলাৰ অভিযোগ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৬জানুৱাৰীঃ তেজপুৰ পৰোৱাস্হিত মাতৃ আৰু সিশু স্বাস্থ্য চিকিৎসালয়ত আজি পুৱা এক নৱজাতকৰ মৃত্যুক কেন্দ্ৰকৰি চৰকাৰী চিকিৎসালয়খনত একাংশ চিকিৎসাকৰ্মীৰ দায়িত্ব পালনত চৰম গাফিলতিৰ অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে,তেজপুৰৰ জয়মতী পথাৰৰ সমীপৰ ৰবীনা চৌধুৰী নামৰ প্ৰসূতী গৰাকীক কালি দিনৰ প্ৰায় ১১বজাত ভৰ্তি কৰা হৈছিল এই চিকিৎসালয়খনত৷এসপ্তাহ পূৰ্বে তেওঁ প্ৰসৱজনিত সমস্যাত ভোগাত ইয়ালৈ অনা হৈছিল যদিও প্ৰয়োজনীয় পৰীক্ষাৰ পাছত চিকিৎসকৰ পৰামৰ্শ অনুসৰিয়েই তেওঁ ঘৰলৈ নিয়া হৈছিল৷ কালি ভৰ্তি হোৱাৰ পাছত বিয়লি তিনিবজাত বিভাগীয়…
