Browsing Category

অসম

তেজপুৰত পৃথক অভিযানত ড্ৰাগছ আৰু গাঞ্জা জব্দ:মহিলা সহ গ্ৰেপ্তাৰ ছজনক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮জানুৱাৰীঃ শোণিতপুৰলৈ নগাঁৱৰ পৰা মাৰাত্মক ড্ৰাগছ আৰু ওদালগুৰিৰ পৰা গাঞ্জাৰ ব্যাপক সৰবৰাহ হৈ থকাৰ বিষয়ে ইতিমধ্যেই আৰক্ষীৰ অভিযানত বাৰম্বাৰ প্ৰতীয়মান হৈছে৷ আজি তেজপুৰৰ বৰঘাট আৰক্ষীয়ে পৃথকে চলোৱা এনে দুটা অভিযানত ড্ৰাগছৰ লগতে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে একাধিক লোকক গ্ৰেপ্তাৰ কৰিছে বৰঘাট আৰক্ষীয়ে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে ইয়াৰে প্ৰথমটো ঘটনা অনুসৰি আজি দিনত লাভ কৰা তথ্য অনুসৰি বৰঘাট আৰক্ষীয়ে কলীয়াভোমোৰা দলঙৰ সমীপত দিনৰ প্ৰায় ১১-৩০বজাত চলোৱা এক অভিযানত নগাঁৱৰ পৰা তেজপুৰলৈ আহি থকা অৱস্থাত নগাঁও…

তেজপুৰত গাঞ্জা সহ গ্ৰেপ্তাৰ এজনক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৬জানুৱাৰীঃ তেজপুৰ সদৰ থানাৰ আৰক্ষী বিষয়া মিন্টু বড়োৰ নেতৃত্বত আজি দিনৰ ভাগত চলোৱা এক অভিযানত বেছেৰীয়া কনাইবৰা চুবুৰীৰ ধ্ৰুৱ নাথৰ ঘৰৰ পৰা ১.৬৬৮ গ্ৰাম গাঞ্জা জব্দ কৰা হয়৷ নাথে দীৰ্ঘদিনৰ পৰাই গাঞ্জাৰ এই অবৈধ ব্যৱসায়ত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰাৰ লগতে নাথক গ্ৰেপ্তাৰ কৰে৷

তেজপুৰৰ চৰকাৰী প্ৰসূতি চিকিৎসালয়ত নৱজাতকৰ মৃত্যুঃচিকিৎসাত অৱহেলাৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৬জানুৱাৰীঃ তেজপুৰ পৰোৱাস্হিত মাতৃ আৰু সিশু স্বাস্থ্য চিকিৎসালয়ত আজি পুৱা এক নৱজাতকৰ মৃত্যুক কেন্দ্ৰকৰি চৰকাৰী চিকিৎসালয়খনত একাংশ চিকিৎসাকৰ্মীৰ দায়িত্ব পালনত চৰম গাফিলতিৰ অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে,তেজপুৰৰ জয়মতী পথাৰৰ সমীপৰ ৰবীনা চৌধুৰী নামৰ প্ৰসূতী গৰাকীক কালি দিনৰ প্ৰায় ১১বজাত ভৰ্তি কৰা হৈছিল এই চিকিৎসালয়খনত৷এসপ্তাহ পূৰ্বে তেওঁ প্ৰসৱজনিত সমস্যাত ভোগাত ইয়ালৈ অনা হৈছিল যদিও প্ৰয়োজনীয় পৰীক্ষাৰ পাছত চিকিৎসকৰ পৰামৰ্শ অনুসৰিয়েই তেওঁ ঘৰলৈ নিয়া হৈছিল৷ কালি ভৰ্তি হোৱাৰ পাছত বিয়লি তিনিবজাত বিভাগীয়…

ডিটনেটৰ বিস্ফোৰণত আহত ৰশ্মীৰ অৱস্থা সংকটজনকঃআন ২৫টা ডিটনেটৰ উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৬জানুৱাৰী: কালি সন্ধিয়া শোণিতপুৰৰ অসম অৰুণাচল সীমান্তৰ ভালুকপুং তহলদাৰী চকীৰ অন্তৰ্গত দুই নম্বৰ বান্দুগুৰিৰ ১২বছৰীয়া কিশোৰী ৰশ্মী বসুমতাৰী দুৰ্ঘটনাবশতঃ এক ডিটনেটৰ বিস্ফোৰণত গুৰুতৰ ভাবে আহত হোৱা ঘটনাকলৈ অঞ্চলজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে৷উল্লেখযোগ্য যে,কিশোৰীগৰাকীয়ে এখন হাত আৰু এটা চকুত এই বিস্ফোৰণৰ ফলত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈছে আৰু কালি নিশাই তেওঁক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্হানান্তৰ কৰা হৈছে৷কিশোৰী ৰশ্মীৰ অৱস্থা বৰ্তমানেও সংকটমুক্ত…

তেজপুৰত শোণিতপুৰ জিলা আছুৰ ত্ৰয়োদশ অধিৱেশন অনুষ্ঠিত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৬ জানুৱাৰীঃ তেজপুৰৰ মাজগাঁও স্হিত জাতীয় ছহিদ বাকৰিত আজি অনুষ্ঠিত হোৱা সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ ত্ৰয়োদশ অধিবেশন উপলক্ষে বাহিৰ কৰা সাংস্কৃতিক শোভাযাত্ৰাই আজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিৱেশনৰ পুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ তদৰ্থ সমিতিৰ মুখ্য আহ্বায়ক অভিজিত নাথে। গায়ন - বায়নৰ হৰি ধ্বনিৰ মাজত দহখন আঞ্চলিকৰ ছাত্ৰ সন্থাৰ লগতে জিলাৰ পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰি নাথে কয় যে, অবৈধ বিদেশী…

লখিমপুৰত সদৌ অসম কিক্‌বক্সিং প্রতিযোগিতা আৰম্ভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ৬ জানুৱাৰী :সদৌ অসম কিক্‌বক্সিং ফেডাৰেচনৰ সপ্তম সদৌ অসম কিক্‌বক্সিং প্রতিযোগিতাৰ লগতে ষষ্ঠ সদৌ অসম পেছাদাৰী কিক্‌বক্সিং প্রতিযোগিতাখনি লখিমপুৰ জিলা কিক্‌বক্সিং সন্থা, অ এ কে এফ মাৰ্চিয়েল আৰ্টচ এণ্ড ফিটনেছ একাডেমীৰ উদ্যোগত কালিৰে পৰা আৰম্ভ হৈছে । আজি দ্বিতীয় দিনা পুৱা পাঁচখন পতাকা উত্তোলন কৰে ক্ৰমে অভ্যৰ্থনা সমিতিৰ সভাপতি উদয় শংকৰ হাজৰিকা, হামিদূৰ ৰহমান, ডেৰাজুল হুচেইন, দীপেন বৰা আৰু তপন শইকীয়াই । শ্বহীদ তৰ্পণ কৰে আৰক্ষী বিষয়া বসন্ত শইকীয়াই । পুৱা ১০ বজাত খেলুৱৈ সকলক লৈ এক শোভাযাত্ৰা উলিওৱা হয় ।…

তেজপুৰত নাট্যভূষণ, জাতীয়তাবাদী সংগ্ৰামী যোদ্ধা, অগপ নেতা অৰ্পণ বেজবৰুৱাক স্মৰণ

৬২ খনকৈ পূৰ্ণাংগ নাটকৰ স্ৰষ্টা গৰাকীক মৰণোত্তৰ ভাৱে শিল্পী পেন্সন প্ৰদান কৰিবলৈ পত্নী - কন্যাই তথ্যসহ আবেদন তুলি দিলে সাংসদ পল্লৱ লোচন দাসৰ হাতত

লখিমপুৰৰ মিচিং যুৱতী মালতীৰ তাঁত শালত প্ৰাণ পাই উঠিছে অসম সাহিত্য সভাৰ বহু কাণ্ডাৰীয়ে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৬ জানুৱাৰীঃ  অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাঙ্গ নাৰায়ণপুৰ অধিৱেশনখন এইবাৰ ৩১ জানুৱাৰীৰ পৰা ৪ ফ্ৰেব্ৰুৱাৰীলৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামটি পথাৰ ত অনুষ্ঠিত হ’ব৷ অধিৱেশনখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে আদৰণি সমিতিয়ে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ প্ৰায় ৭৭৬ বিঘা ভূমিৰে আগুৰা ক্ষেত্ৰত এই অধিৱেশন অনুষ্ঠিত হ’ব৷ সু-খবৰ যে এইবাৰ সাহিত্য সভাৰ এই নাৰায়ণপুৰ অধিৱেশনত গামোচাত প্ৰদৰ্শিত হ’ব অসম সাহিত্য সভাৰ বহু কাণ্ডাৰীৰ হুবহু প্ৰতিচ্ছবি৷ অধিৱেশনৰ প্ৰদৰ্শনী মেলাত এই বিশিষ্ট…

উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ অধিবেশন সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জানুৱাৰী: উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ সপ্তম দ্বিবাৰ্ষিক অধিবেশনখন আজি অনুষ্ঠিত হৈ যায়৷স্হানীয় ডিপোটা হাবিয়াল থানৰ সভাগৃহত আজি দিনযোৰা কাৰ্যসূচীৰে এই অধিৱেশনখন অনুষ্ঠিত হয়৷ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে সভাপতি ৰবিন চন্দ্ৰ বৰাই৷ইয়াৰ পাছতে স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰে কুশল শইকীয়াই ৷আনহাতে দিনৰ ১১ বজাৰ পৰা মূল অধিবেশনখন আৰম্ভ হয় ৰবিন চন্দ্ৰ বৰাৰ সভাপতিত্বত৷ সম্পাদক প্ৰশান্ত দাসে উদ্দেশ্য ব্যাখ্যা কৰা অধিবেশনত, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই মুখ্য অতিথি হিচাপে বক্তব্য…