Browsing Category

অসম

ডিটনেটৰ বিস্ফোৰণত আহত ৰশ্মীৰ অৱস্থা সংকটজনকঃআন ২৫টা ডিটনেটৰ উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৬জানুৱাৰী: কালি সন্ধিয়া শোণিতপুৰৰ অসম অৰুণাচল সীমান্তৰ ভালুকপুং তহলদাৰী চকীৰ অন্তৰ্গত দুই নম্বৰ বান্দুগুৰিৰ ১২বছৰীয়া কিশোৰী ৰশ্মী বসুমতাৰী দুৰ্ঘটনাবশতঃ এক ডিটনেটৰ বিস্ফোৰণত গুৰুতৰ ভাবে আহত হোৱা ঘটনাকলৈ অঞ্চলজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে৷উল্লেখযোগ্য যে,কিশোৰীগৰাকীয়ে এখন হাত আৰু এটা চকুত এই বিস্ফোৰণৰ ফলত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈছে আৰু কালি নিশাই তেওঁক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্হানান্তৰ কৰা হৈছে৷কিশোৰী ৰশ্মীৰ অৱস্থা বৰ্তমানেও সংকটমুক্ত…

তেজপুৰত শোণিতপুৰ জিলা আছুৰ ত্ৰয়োদশ অধিৱেশন অনুষ্ঠিত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৬ জানুৱাৰীঃ তেজপুৰৰ মাজগাঁও স্হিত জাতীয় ছহিদ বাকৰিত আজি অনুষ্ঠিত হোৱা সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ ত্ৰয়োদশ অধিবেশন উপলক্ষে বাহিৰ কৰা সাংস্কৃতিক শোভাযাত্ৰাই আজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিৱেশনৰ পুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ তদৰ্থ সমিতিৰ মুখ্য আহ্বায়ক অভিজিত নাথে। গায়ন - বায়নৰ হৰি ধ্বনিৰ মাজত দহখন আঞ্চলিকৰ ছাত্ৰ সন্থাৰ লগতে জিলাৰ পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰি নাথে কয় যে, অবৈধ বিদেশী…

লখিমপুৰত সদৌ অসম কিক্‌বক্সিং প্রতিযোগিতা আৰম্ভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ৬ জানুৱাৰী :সদৌ অসম কিক্‌বক্সিং ফেডাৰেচনৰ সপ্তম সদৌ অসম কিক্‌বক্সিং প্রতিযোগিতাৰ লগতে ষষ্ঠ সদৌ অসম পেছাদাৰী কিক্‌বক্সিং প্রতিযোগিতাখনি লখিমপুৰ জিলা কিক্‌বক্সিং সন্থা, অ এ কে এফ মাৰ্চিয়েল আৰ্টচ এণ্ড ফিটনেছ একাডেমীৰ উদ্যোগত কালিৰে পৰা আৰম্ভ হৈছে । আজি দ্বিতীয় দিনা পুৱা পাঁচখন পতাকা উত্তোলন কৰে ক্ৰমে অভ্যৰ্থনা সমিতিৰ সভাপতি উদয় শংকৰ হাজৰিকা, হামিদূৰ ৰহমান, ডেৰাজুল হুচেইন, দীপেন বৰা আৰু তপন শইকীয়াই । শ্বহীদ তৰ্পণ কৰে আৰক্ষী বিষয়া বসন্ত শইকীয়াই । পুৱা ১০ বজাত খেলুৱৈ সকলক লৈ এক শোভাযাত্ৰা উলিওৱা হয় ।…

তেজপুৰত নাট্যভূষণ, জাতীয়তাবাদী সংগ্ৰামী যোদ্ধা, অগপ নেতা অৰ্পণ বেজবৰুৱাক স্মৰণ

৬২ খনকৈ পূৰ্ণাংগ নাটকৰ স্ৰষ্টা গৰাকীক মৰণোত্তৰ ভাৱে শিল্পী পেন্সন প্ৰদান কৰিবলৈ পত্নী - কন্যাই তথ্যসহ আবেদন তুলি দিলে সাংসদ পল্লৱ লোচন দাসৰ হাতত

লখিমপুৰৰ মিচিং যুৱতী মালতীৰ তাঁত শালত প্ৰাণ পাই উঠিছে অসম সাহিত্য সভাৰ বহু কাণ্ডাৰীয়ে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৬ জানুৱাৰীঃ  অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাঙ্গ নাৰায়ণপুৰ অধিৱেশনখন এইবাৰ ৩১ জানুৱাৰীৰ পৰা ৪ ফ্ৰেব্ৰুৱাৰীলৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামটি পথাৰ ত অনুষ্ঠিত হ’ব৷ অধিৱেশনখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে আদৰণি সমিতিয়ে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ প্ৰায় ৭৭৬ বিঘা ভূমিৰে আগুৰা ক্ষেত্ৰত এই অধিৱেশন অনুষ্ঠিত হ’ব৷ সু-খবৰ যে এইবাৰ সাহিত্য সভাৰ এই নাৰায়ণপুৰ অধিৱেশনত গামোচাত প্ৰদৰ্শিত হ’ব অসম সাহিত্য সভাৰ বহু কাণ্ডাৰীৰ হুবহু প্ৰতিচ্ছবি৷ অধিৱেশনৰ প্ৰদৰ্শনী মেলাত এই বিশিষ্ট…

উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ অধিবেশন সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জানুৱাৰী: উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ সপ্তম দ্বিবাৰ্ষিক অধিবেশনখন আজি অনুষ্ঠিত হৈ যায়৷স্হানীয় ডিপোটা হাবিয়াল থানৰ সভাগৃহত আজি দিনযোৰা কাৰ্যসূচীৰে এই অধিৱেশনখন অনুষ্ঠিত হয়৷ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে সভাপতি ৰবিন চন্দ্ৰ বৰাই৷ইয়াৰ পাছতে স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰে কুশল শইকীয়াই ৷আনহাতে দিনৰ ১১ বজাৰ পৰা মূল অধিবেশনখন আৰম্ভ হয় ৰবিন চন্দ্ৰ বৰাৰ সভাপতিত্বত৷ সম্পাদক প্ৰশান্ত দাসে উদ্দেশ্য ব্যাখ্যা কৰা অধিবেশনত, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই মুখ্য অতিথি হিচাপে বক্তব্য…

কিশোৰী ধৰ্ষণ:চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জানুৱাৰী: শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষীথানা অন্তৰ্গত শালবাৰী অঞ্চলত এগৰাকী কিশোৰীক ধৰ্ষণ কৰা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আজি পলাতক অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুশৰি,এই জঘন্য ঘটনাটো সংঘটিত হৈছিল যোৱা ৩১ডিচেম্বৰৰ নিশা৷অঞ্চলটোৰ এগৰাকী মহিলাৰ তিনি সন্তান ঘৰত নথকাত মহিলা গৰাকী ঘৰত অকলশৰে থকাৰ বাবে কাষৰীয়া পৰিয়াল এটাৰ কিশোৰীগৰাকীক নিশা অকলশৰে থকা মহিলাগৰাকীৰ ঘৰত থাকিবৰ বাবে মাতি নিয়ে৷কিশোৰীৰ পিতৃক মহিলাগৰাকীয়ে কৰা অনুৰোধমৰ্মেই কিশোৰীক মহিলাগৰাকীৰ লগত থাকিবলৈ পঠিয়াই দিয়ে আৰু…

লালুকৰ বিশিষ্ট ব্যক্তি মহেন্দ্ৰ নাথ বৰদলৈৰ দেহাৱসান : শোকস্তব্ধ লালুক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ লখিমপুৰ ৫ জানুৱাৰীঃ লখিমপুৰ জিলাৰ লালুক অঞ্চলৰ সকলোৰে পৰিচিত, সমাদৃত বিশিষ্ট বুদ্ধিজীৱী, লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, তথা বিশিষ্ট সমাজকৰ্মী মহেন্দ্ৰ নাথ বৰদলৈৰ (৯২) যোৱা নিশা মহাপ্ৰয়াণ ঘটা খবৰে সমগ্ৰ অঞ্চলটোৰ ৰাইজকে মৰ্মাহত কৰি তুলিছে৷ লালুক থানাৰ অন্তৰ্গত ১ নং কৰুনাবাৰীৰ নিৱাসী এইগৰাকী বৰেণ্য ব্যক্তিৰ যোৱানিশা প্ৰায় ৯-৩০ বজাত নিজ বাসগৃহতে পৰলোকগামী হয়৷ দীৰ্ঘদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ থাকি বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে৷ ১৯৬১ চনত লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত…

শিক্ষাৰ্থীৰ মানসিক সমস্যা আৰু মানসিক স্বাস্থ্যজনিত সমস্যা দূৰ কৰাৰ অৰ্থে শিক্ষা বিভাগৰ বিশেষ পদক্ষেপ

শোণিতপুৰ জিলাৰ ৯০ গৰাকী শিক্ষক - শিক্ষয়িত্ৰীৰ উপস্থিতিত তেজপুৰত "মানসিক কল্যাণ আৰু মানসিক স্বাস্থ্য" শীৰ্ষক গুৰুত্বপূৰ্ণ দুদিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি

লখিমপুৰত হিন্দু যুৱছাত্র পৰিষদৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ লখিমপুৰ ৫ জানুৱাৰীঃ অসমৰ অন্যতম অৰাজনৈতিক সংগঠন হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি লক্ষীমপুৰ জিলা সমিতিৰ উদ্যোগত চৰকাৰী পেঞ্চনাৰ ভৱনত কাৰ্যালয়ত দিনযোৰা বণাৰ্ঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়৷ পুৱা ৬ বজাত সামূহিক চাফাইৰে আৰম্ভ হোৱা অনুষ্ঠানটিত পতাকা উত্তোলন কৰে জিলা সভাপতি যুগ্মজ্যোতি দত্তই৷ সভাপতি গৰাকীয়ে তেখেতৰ বক্তব্যত আজিৰ এই মহেন্দ্ৰ ক্ষণত অসমবাসী হিন্দু সমাজখনক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে৷ যিহেতু ৩১ বছৰীয়া পৰিক্ৰমাত অসমৰ জনগণৰ আৰ্শীবাদ, চেনেহ তথা পৰামৰ্শৰে আজি এই পৰ্য্যায়ত…