Browsing Category

অসম

কিশোৰী ধৰ্ষণ:চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জানুৱাৰী: শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষীথানা অন্তৰ্গত শালবাৰী অঞ্চলত এগৰাকী কিশোৰীক ধৰ্ষণ কৰা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আজি পলাতক অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুশৰি,এই জঘন্য ঘটনাটো সংঘটিত হৈছিল যোৱা ৩১ডিচেম্বৰৰ নিশা৷অঞ্চলটোৰ এগৰাকী মহিলাৰ তিনি সন্তান ঘৰত নথকাত মহিলা গৰাকী ঘৰত অকলশৰে থকাৰ বাবে কাষৰীয়া পৰিয়াল এটাৰ কিশোৰীগৰাকীক নিশা অকলশৰে থকা মহিলাগৰাকীৰ ঘৰত থাকিবৰ বাবে মাতি নিয়ে৷কিশোৰীৰ পিতৃক মহিলাগৰাকীয়ে কৰা অনুৰোধমৰ্মেই কিশোৰীক মহিলাগৰাকীৰ লগত থাকিবলৈ পঠিয়াই দিয়ে আৰু…

লালুকৰ বিশিষ্ট ব্যক্তি মহেন্দ্ৰ নাথ বৰদলৈৰ দেহাৱসান : শোকস্তব্ধ লালুক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ লখিমপুৰ ৫ জানুৱাৰীঃ লখিমপুৰ জিলাৰ লালুক অঞ্চলৰ সকলোৰে পৰিচিত, সমাদৃত বিশিষ্ট বুদ্ধিজীৱী, লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, তথা বিশিষ্ট সমাজকৰ্মী মহেন্দ্ৰ নাথ বৰদলৈৰ (৯২) যোৱা নিশা মহাপ্ৰয়াণ ঘটা খবৰে সমগ্ৰ অঞ্চলটোৰ ৰাইজকে মৰ্মাহত কৰি তুলিছে৷ লালুক থানাৰ অন্তৰ্গত ১ নং কৰুনাবাৰীৰ নিৱাসী এইগৰাকী বৰেণ্য ব্যক্তিৰ যোৱানিশা প্ৰায় ৯-৩০ বজাত নিজ বাসগৃহতে পৰলোকগামী হয়৷ দীৰ্ঘদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ থাকি বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে৷ ১৯৬১ চনত লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত…

শিক্ষাৰ্থীৰ মানসিক সমস্যা আৰু মানসিক স্বাস্থ্যজনিত সমস্যা দূৰ কৰাৰ অৰ্থে শিক্ষা বিভাগৰ বিশেষ পদক্ষেপ

শোণিতপুৰ জিলাৰ ৯০ গৰাকী শিক্ষক - শিক্ষয়িত্ৰীৰ উপস্থিতিত তেজপুৰত "মানসিক কল্যাণ আৰু মানসিক স্বাস্থ্য" শীৰ্ষক গুৰুত্বপূৰ্ণ দুদিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি

লখিমপুৰত হিন্দু যুৱছাত্র পৰিষদৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ লখিমপুৰ ৫ জানুৱাৰীঃ অসমৰ অন্যতম অৰাজনৈতিক সংগঠন হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি লক্ষীমপুৰ জিলা সমিতিৰ উদ্যোগত চৰকাৰী পেঞ্চনাৰ ভৱনত কাৰ্যালয়ত দিনযোৰা বণাৰ্ঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়৷ পুৱা ৬ বজাত সামূহিক চাফাইৰে আৰম্ভ হোৱা অনুষ্ঠানটিত পতাকা উত্তোলন কৰে জিলা সভাপতি যুগ্মজ্যোতি দত্তই৷ সভাপতি গৰাকীয়ে তেখেতৰ বক্তব্যত আজিৰ এই মহেন্দ্ৰ ক্ষণত অসমবাসী হিন্দু সমাজখনক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে৷ যিহেতু ৩১ বছৰীয়া পৰিক্ৰমাত অসমৰ জনগণৰ আৰ্শীবাদ, চেনেহ তথা পৰামৰ্শৰে আজি এই পৰ্য্যায়ত…

ভালুকপুঙত ডিটেনেটৰ বিস্ফোৰণত আহত ছাত্ৰী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৫ জানুৱাৰী : শোণিতপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ভালুকপুঙত আজি বিয়লি এক ডিটেনেটৰ বিস্ফোৰণত এগৰাকী ছাত্ৰী গুৰুতৰ ভাবে আহত হয়৷উল্লেখযোগ্য যে,আজি প্ৰায় দুই মান বজাত বিদ্যালয়ৰ পৰা উভটি অহাৰ সময়ত পথৰ দাঁতিত পৰি থকা এডাল ডিটেনেটৰ ঘৰলৈ লৈ আহে৷ভালুকপুঙৰ বাণ্ডুগুৰি গাঁৱৰ তথা ষষ্ঠ শ্ৰেণীৰ ৰশ্মী বসুমতাৰীয়ে ঘৰলৈ আহি নিজৰ পঢ়া টেবুলতে থৈ দিয়া ডিটেনেটৰডাল বিয়লি চাৰিবজাত বিস্ফোৰণ ঘটাত ছাত্ৰী গৰাকী আহত হয়৷সম্প্ৰতি ছাত্ৰী গৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও গুৰুতৰ আঘাতৰ বাবে…

তেজপুৰ জয়মতী পথাৰত চিপিআই(এম)ৰ জনসভাঃ চাৰি জিলাৰ মৰ্যাদা কৰ্তনৰ বিৰোধিতা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৫ জানুৱাৰীঃ ২০২৬ ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে দেশৰ লোকসভাত সিদ্ধান্ত গ্ৰহন কৰাৰ পিছত ২০০১ৰ লোক পিয়লৰ আধাৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে চৰকাৰে গ্ৰহন কৰা সিদ্ধান্ত আৰু ৰাজ্যচৰকাৰে ৰাজ্যৰ চাৰিখন জিলা বিলুপ্তিকৰণৰ তীব্ৰ বিৰোধিতা কৰিছে চি পি আই এম দলে। আজি তেজপুৰৰ জয়মতী পথাৰত আয়োজিত এখন জনসভাত চি পি আই (এম) দলৰ সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে মুখ্য অতিথি হিচাবে অংশ গ্ৰহন কৰি চৰকাৰৰ এনে সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে। তেওঁ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক মিছলীয়া আখ্যা দি কয় যে…

উত্তৰ লখিমপুৰত মেট্ৰিক্স জিম মুকলি মিষ্টাৰ ইউনিভাৰ্ছৰ দ্বাৰা 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ জানুৱাৰীঃ আধুনিক জীৱন যাত্ৰাত ব্যায়াম তথা শৰীৰ চৰ্চাই বিশেষ প্ৰাধান্য পাই থকাৰ সময়তে আজি উত্তৰ লখিমপুৰ নগৰত এটা নতুন জিম মুকলি কৰা হয়। নগৰখনৰ প্ৰধান চাৰিআলিৰ সমীপৰ কমলাবাৰী পথৰ (কে বি ৰোড) মছজিদৰ কাষতে মেট্ৰিক্স জিমটো মুকলি কৰে মিষ্টাৰ ইউনিভাৰ্ছ দীপক গগৈয়ে। মেট্ৰিক্সৰ স্বত্বাধিকাৰী দুলুমণি মহন্তই জনোৱা মতে পুৰুষৰ বাবে মুকলি কৰা মেট্ৰিক্স জিমটো পুৱা ৫ বজাৰ পৰা নিশা ১১ বজালৈকে শৰীৰ চৰ্চাৰ বাবে মুকলি থাকিব। আজিৰ বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানত উদ্বোধক তথা মিষ্টাৰ ইউনিভাৰ্ছ দীপক গগৈয়ে ভাষণত কয় যে শৰীৰ…

বিশ্ব ব্ৰেইল দিৱস উদ্‌যাপন

উত্তৰ লখিমপুৰ, ৪ জানুৱাৰীঃ আজি উত্তৰ লখিমপুৰ নগৰ মজলীয়া বিদ্যালয়ত খণ্ড পৰ্যায়ত বিশ্ব ব্ৰেইল দিৱসটি দিনযোৰা কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়।পুৱা ৯বজাত পতাকা উত্তোলন কৰে উত্তৰ লখিমপুৰ নগৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতুমনি দত্তই।পুৱা ১০বজাত লুই ব্ৰেইলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু ১১বজাত খণ্ডটিৰ শিক্ষক -শিক্ষয়িত্ৰী সকলৰ মাজত অনুস্থিত শিকন-শিক্ষণ-সজুঁলিৰ প্ৰতিযোগিতা উদ্বোধন কৰে অতিৰিক্ত উপায়ুক্ত তথা জিলা মিচন সমন্বয়ক গীতালী দুৱৰাই।১১:৩০বজাত লুই ব্ৰেইলৰ জন্ম দিনৰ কেক কাটে বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া…

তেজপুৰৰ বিহগুৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪জানুৱাৰী: তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী বিহগুৰিত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে৷ এই অঞ্চলসমূহত পকাধান ভক্ষণ কৰাৰ পাছত বনৰীয়া হাতীয়ে নিশা চাপৰিত শ শ বিঘাৰ ৰঙালাও,আলু আৰু সৰিয়হ বিলাহী খেতি তহিলং কৰিছে৷ ইতিমধ্যে বনবিভাগে ইয়াত দীৰ্ঘদিন উপদ্ৰৱ চলোৱা বনৰীয়া হাতীৰ বৃহৎ জাকটো আৰিমৰা চাপৰি অঞ্চলৰ পৰা আঁতৰাই পঠিয়াবলৈ সক্ষম হয় যদিও সম্প্ৰতি জাকটোৰ পৰা ফালৰি কাটি চাপৰিটোত ৰৈ যোৱা এটা অকলশৰীয়া হাতীয়ে বিহগুৰিত উপদ্ৰৱ অব্যাহত ৰাখিছে৷ হাতীটোৱে দুদিন পূৰ্বে ঝাৰণিত কৃষকৰ দুটা বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে আলু, ৰঙালাও…