Browsing Category

অসম

ভালুকপুঙত ডিটেনেটৰ বিস্ফোৰণত আহত ছাত্ৰী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৫ জানুৱাৰী : শোণিতপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ভালুকপুঙত আজি বিয়লি এক ডিটেনেটৰ বিস্ফোৰণত এগৰাকী ছাত্ৰী গুৰুতৰ ভাবে আহত হয়৷উল্লেখযোগ্য যে,আজি প্ৰায় দুই মান বজাত বিদ্যালয়ৰ পৰা উভটি অহাৰ সময়ত পথৰ দাঁতিত পৰি থকা এডাল ডিটেনেটৰ ঘৰলৈ লৈ আহে৷ভালুকপুঙৰ বাণ্ডুগুৰি গাঁৱৰ তথা ষষ্ঠ শ্ৰেণীৰ ৰশ্মী বসুমতাৰীয়ে ঘৰলৈ আহি নিজৰ পঢ়া টেবুলতে থৈ দিয়া ডিটেনেটৰডাল বিয়লি চাৰিবজাত বিস্ফোৰণ ঘটাত ছাত্ৰী গৰাকী আহত হয়৷সম্প্ৰতি ছাত্ৰী গৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও গুৰুতৰ আঘাতৰ বাবে…

তেজপুৰ জয়মতী পথাৰত চিপিআই(এম)ৰ জনসভাঃ চাৰি জিলাৰ মৰ্যাদা কৰ্তনৰ বিৰোধিতা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৫ জানুৱাৰীঃ ২০২৬ ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে দেশৰ লোকসভাত সিদ্ধান্ত গ্ৰহন কৰাৰ পিছত ২০০১ৰ লোক পিয়লৰ আধাৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে চৰকাৰে গ্ৰহন কৰা সিদ্ধান্ত আৰু ৰাজ্যচৰকাৰে ৰাজ্যৰ চাৰিখন জিলা বিলুপ্তিকৰণৰ তীব্ৰ বিৰোধিতা কৰিছে চি পি আই এম দলে। আজি তেজপুৰৰ জয়মতী পথাৰত আয়োজিত এখন জনসভাত চি পি আই (এম) দলৰ সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে মুখ্য অতিথি হিচাবে অংশ গ্ৰহন কৰি চৰকাৰৰ এনে সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে। তেওঁ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক মিছলীয়া আখ্যা দি কয় যে…

উত্তৰ লখিমপুৰত মেট্ৰিক্স জিম মুকলি মিষ্টাৰ ইউনিভাৰ্ছৰ দ্বাৰা 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ জানুৱাৰীঃ আধুনিক জীৱন যাত্ৰাত ব্যায়াম তথা শৰীৰ চৰ্চাই বিশেষ প্ৰাধান্য পাই থকাৰ সময়তে আজি উত্তৰ লখিমপুৰ নগৰত এটা নতুন জিম মুকলি কৰা হয়। নগৰখনৰ প্ৰধান চাৰিআলিৰ সমীপৰ কমলাবাৰী পথৰ (কে বি ৰোড) মছজিদৰ কাষতে মেট্ৰিক্স জিমটো মুকলি কৰে মিষ্টাৰ ইউনিভাৰ্ছ দীপক গগৈয়ে। মেট্ৰিক্সৰ স্বত্বাধিকাৰী দুলুমণি মহন্তই জনোৱা মতে পুৰুষৰ বাবে মুকলি কৰা মেট্ৰিক্স জিমটো পুৱা ৫ বজাৰ পৰা নিশা ১১ বজালৈকে শৰীৰ চৰ্চাৰ বাবে মুকলি থাকিব। আজিৰ বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানত উদ্বোধক তথা মিষ্টাৰ ইউনিভাৰ্ছ দীপক গগৈয়ে ভাষণত কয় যে শৰীৰ…

বিশ্ব ব্ৰেইল দিৱস উদ্‌যাপন

উত্তৰ লখিমপুৰ, ৪ জানুৱাৰীঃ আজি উত্তৰ লখিমপুৰ নগৰ মজলীয়া বিদ্যালয়ত খণ্ড পৰ্যায়ত বিশ্ব ব্ৰেইল দিৱসটি দিনযোৰা কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়।পুৱা ৯বজাত পতাকা উত্তোলন কৰে উত্তৰ লখিমপুৰ নগৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতুমনি দত্তই।পুৱা ১০বজাত লুই ব্ৰেইলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু ১১বজাত খণ্ডটিৰ শিক্ষক -শিক্ষয়িত্ৰী সকলৰ মাজত অনুস্থিত শিকন-শিক্ষণ-সজুঁলিৰ প্ৰতিযোগিতা উদ্বোধন কৰে অতিৰিক্ত উপায়ুক্ত তথা জিলা মিচন সমন্বয়ক গীতালী দুৱৰাই।১১:৩০বজাত লুই ব্ৰেইলৰ জন্ম দিনৰ কেক কাটে বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া…

তেজপুৰৰ বিহগুৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪জানুৱাৰী: তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী বিহগুৰিত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে৷ এই অঞ্চলসমূহত পকাধান ভক্ষণ কৰাৰ পাছত বনৰীয়া হাতীয়ে নিশা চাপৰিত শ শ বিঘাৰ ৰঙালাও,আলু আৰু সৰিয়হ বিলাহী খেতি তহিলং কৰিছে৷ ইতিমধ্যে বনবিভাগে ইয়াত দীৰ্ঘদিন উপদ্ৰৱ চলোৱা বনৰীয়া হাতীৰ বৃহৎ জাকটো আৰিমৰা চাপৰি অঞ্চলৰ পৰা আঁতৰাই পঠিয়াবলৈ সক্ষম হয় যদিও সম্প্ৰতি জাকটোৰ পৰা ফালৰি কাটি চাপৰিটোত ৰৈ যোৱা এটা অকলশৰীয়া হাতীয়ে বিহগুৰিত উপদ্ৰৱ অব্যাহত ৰাখিছে৷ হাতীটোৱে দুদিন পূৰ্বে ঝাৰণিত কৃষকৰ দুটা বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে আলু, ৰঙালাও…

আৰ্তজনৰ মাজত শীতকালীন বস্ত্ৰ বিতৰণ তেজপুৰ কন্যা মহাবিদ্যালয়ৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৪ জানুৱাৰী : তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত কালি তেজপুৰৰ নিকটবৰ্তী বিন্দুকৰি গাওঁ পঞ্চায়তৰ পখীয়াঝাৰ গাঁও এলেকাৰ দৰিদ্ৰ-নিচলা পৰিয়ালৰ মাজত শীতকালীন বস্ত্ৰ বিতৰণ কৰা হয়। মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ তত্বাবধায়িকা বৰ্ণালী দেৱীৰ উদ্যোগত মহাবিদ্যালয়খনৰ ছাত্ৰী তথা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সদস্যাসকলে শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত শীতকালীন বস্ত্ৰ বিতৰণ কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° তপন কুমাৰ কলিতাই ছাত্ৰীসকলক এনে কাৰ্যসূচীত নিয়োজিত কৰাৰ মাধ্যমেৰে…

“আসাম ফটোগ্ৰাফীক আৰ্টচ্”ৰ শীত বিষয়ক ফটো প্ৰতিযোগিতা

গুৱাহাটী, ৩ জানুৱাৰীঃ অসমৰ ফটোগ্ৰাফী জগতৰ আগশাৰীৰ ক্লাৱ “আসাম ফটোগ্ৰাফীক আৰ্টচ্”য়ে জানুৱাৰী ২০২৩ৰ বাবে তেওঁলোকৰ মাহেকীয়া ফটো প্ৰতিযোগিতাৰ বিষয় ঘোষণা কৰিছে৷ এইবাৰৰ বিষয় - শীত (winter)৷ আগ্ৰহী ফটোগ্ৰাফাৰসকলে “আসাম ফটোগ্ৰাফীক আৰ্টচ্”ৰ ফেচবুক গ্ৰুপত গৈ, তাত উল্লেখ কৰা নিয়ম অনুসৰি প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰিব৷ উল্লেখযোগ্য যে ২০২২চনৰ অক্টোবৰ মাহৰ পৰা “আসাম ফটোগ্ৰাফীক আৰ্টচ্”য়ে প্ৰতি মাহে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে৷

ৰাজ্যৰ চাহ শ্ৰমিকৰ ভৱিষ্যনিধিৰ ২২৩ কোটি ১ লাখৰ অধিক টকা অনাদায়

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩ জানুৱাৰী: অসমৰ স্হায়ী আৰু অস্হায়ী তথা অৱসৰপ্ৰাপ্ত লাখ লাখ চাহ শ্ৰমিকৰ দৰমহাৰ পৰা কৰ্তন কৰা কোটি কোটি টকাৰ ভৱিষ্যনিধিৰ ধনৰ লগতে চাহ বাগিচাৰ মালিকসকলে আদায় দিবলগীয়া ভৱিষ্যনিধিৰ অংশ সংশ্লিষ্ট কাৰ্যালয়ত জমা দিয়া নাই বহু সংখ্যক চাহবাগিচাৰ মালিকে৷ 'অখিল ভাৰতীয় চাহ মজদুৰ সংঘ (অসম)ই এই সন্দৰ্ভত তথ্য জনাৰ অধিকাৰ আইন ২০০৫ অনুসৰি লাভ কৰা তথ্য মতে ৰাজ্যৰ ৫৭৩ খন বাগিচাই ২২৩ কোটি এক লাখ ৯৮ হেজাৰ ৯১৮.৪৬ টকা জমা কৰা নাই ভৱিষ্যনিধি কাৰ্যালয়ত৷ উল্লেখযোগ্য যে, ডিব্ৰুগড় মণ্ডলৰ ১৪৩ খন বাগিচাই ৪২কোটি চাৰি লাখ চাৰি…