Browsing Category
অসম
গোৱালপৰীয়া শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ বাসগৃহ ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ কাম আৰম্ভ
গৌৰীপুৰত থকা কিংবদন্তী গোৱালপৰীয়া শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ বাসগৃহ ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ কাম আৰম্ভ হৈছে। ২০২৪ চনৰ ১ জানুৱাৰীৰ ভিতৰত এই কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।
১৮ তম ৰাষ্ট্ৰীয় টাইকোৱান-ডো (আই টি এফ) চেম্পিয়নশ্বিপত অসম দলে লাভ কৰিলে ২৪টা পদক
শতাব্দ ষ্টাফ ৰিপটাৰ, লখিমপুৰ ২ জানুৱাৰী ; ২০২২ চনৰ ২৬ৰ পৰা ২৮ ডিচেম্বৰলৈ উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত ১৮ তম" ৰাষ্ট্ৰীয় আইটিএফ টাইকোৱানডো চেম্পিয়নশ্বিপত অসম দলে ২৪ টাকৈ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। স্পেইনৰ আন্তঃৰাষ্ট্ৰীয় টাইকোৱান-ডো ফেডাৰেচনৰ সৈতে জড়িত ফেডাৰেচনৰ ৪ জন বিষয়া আৰু ২৬ জন খেলুৱৈৰে গঠিত টাইকোৱান-দো এছ’চিয়েচন অসম (আই টি এফ)ৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা অসম ৰাজ্যিক দলটোৰ নেতৃত্বত আছিল টাইকোৱান-ডো এছ’চিয়েচন অসমৰ সভাপতি ড° হিৰকজোতি দাস । আন আন বিষয়াসকলৰ ভিতৰত আছিল বিনোদ বৈশ্য মানব দাস ,বেহাল প্ৰসাদ ।…
ভোমোৰাগুৰি বনভোজস্হলীত যুৱতীক শ্লীলতা হানি:ধৃত দুই স্বয়ম্ভু সাংবাদিক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২জানুৱাৰী: পহিলা জানুৱাৰীৰ বিয়লি প্ৰায় চাৰি বজাত তেজপুৰৰ বনভোজস্হলী কলিয়াভোমোৰা দলঙৰ তলত বনভোজ খাবলৈ যোৱা তেজপুৰৰ এটা দলৰ লগত কাজিয়াত লিপ্ত হয় আন এটা দল৷এই দলটোৱে তেজপুৰৰ বনভোজকাৰী দলটোৰ যুৱতীক অশ্লীলভাবে জোকোৱাৰ লগতে গোপন অংগত হাত দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ উপৰি,পীড়িত দলটোক মাৰধৰ তথা সোণৰ অলংকাৰ, নগদ ধন কাঢ়ি নিয়াৰো অভিযোগ উঠিছে৷ প্ৰণিধানযোগ্য যে,এই আক্ৰমণকাৰী দলটোত নগাঁৱৰ নলতলি অঞ্চলৰ দুই পৰ্টেলৰ সাংবাদিক বিমান বৰুৱা আৰু অনুপ বৰাও আছিল৷ অভিযোগ অনুসৰি, যুৱকৰ দলটোৱে বনভোজকাৰী দলৰ…
বিহালীৰ প্ৰেছ ক্লাৱৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালনঃ নতুন সমিতি গঠন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ১ জানুৱাৰী : আজি দিনযোৰা
কাৰ্যসূচীৰে বিহালী প্ৰেছ ক্লাৱৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বেদেতীৰ অমিয় ভৱনত অনুষ্ঠিত হয়। বিহালী প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে দীপক শৰ্মাই আৰু অনুষ্ঠানটিৰ আঁত ধৰে পত্ৰিকা সম্পাদক দিগন্ত কুমাৰ দাসে। বিহালী প্ৰেছ ক্লাৱৰ পুৰণি সমিতিখনৰ দুবছৰীয়া ম্যাদ উকলি যোৱাত, প্ৰতিনিধি সভাই এখন নতুন সমিতি গঠন কৰে ৷ বিহালীৰ বেদেতী-অমিয় ভৱনত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ প্ৰতিনিধি সভাৰ আঁত ধৰে সম্পাদক খগেন মটকে । লগতে বিহালী প্ৰেছ ক্লাৱৰ সভাপতি দীপক শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত…
বছৰৰ পহিলা দিনটোত তেজপুৰৰ সৌন্দর্য-সুষমা পান দেশী-বিদেশী পৰ্যটকৰ
তেজপুৰৰ পৰা মনোজ কুমাৰ শইকীয়া, ১জানুৱাৰী : প্ৰকৃতিৰ অনাবিল সৌন্দর্য-সুষমাৰে ভৰপূৰ তেজপুৰ চহৰ পৰ্যটকৰ আকৰ্ষণৰ অন্যতম স্থল। তেজপুৰ মানেই যেন পৌৰাণিক প্ৰেমৰ মধুৰ সোঁৱৰণৰ তীৰ্থভূমি। ঐতিহ্যমণ্ডিত চহৰখনৰ সৰ্বত্ৰ আজিও নীৰৱে প্রতিধ্বনিত হয় ঊষা-অনিৰুদ্ধৰ অমৰ প্রেমগাঁথা। ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটো দেওবাৰ হোৱাত সেই দিনটোত ঐতিহাসিক চহৰখনৰ বিভিন্ন মন্দিৰ তথা পৰ্যটনক্ষেত্ৰত অসংখ্য লোকৰ সমাগম ঘটে। শান্তি আৰু সমৃদ্ধিৰে বছৰটো অতিবাহিত হোৱাৰ উপৰি ৰাজ্যত হিংসা-অসূয়া দূৰ হোৱাৰ আশিস বিচাৰি সেইদিনা তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰ, গণেশ ঘাটৰ…
তেজপুৰত পহিলা জানুৱাৰীৰ “নাটকৰ দিন” উদযাপন
শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ১ জানুৱাৰী : নাটক আমাৰ জীৱন, নাটকেই আমাৰ খাদ্য। সেয়েহে নাটক আমাৰ বাবে জিন্দাবাদ। নাটকখন অবিহনে আমি কোনো ক্ষেত্ৰতে মানসিক প্ৰশান্তি লাভ কৰিব নোৱাৰোঁ বুলি আজি সন্ধিয়া তেজপুৰৰ জে বি প্ৰডাকচনৰ আখৰা গৃহত মন্তব্য কৰে তেজপুৰৰ দক্ষ নাট্যশিল্পী তথা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে ।উল্লেখ্য যে, বিগত বছৰৰ দৰে এইবাৰো তেজপুৰৰ জে বি প্ৰডাকচনে আয়োজন কৰা পহিলা জানুৱাৰীৰ "নাটকৰ দিন" ৰ এক বিশেষ অনুষ্ঠানত অংশ গ্ৰহণ কৰি নাট্যশিল্পী জিতুমণি দেৱচৌধুৰীয়ে পহিলা জানুৱাৰীৰ দিনটোতে…
বিশিষ্ট শিক্ষাবিদ, লেখক ৰমেশ চন্দ্ৰ কলিতা তেজপুৰ সাহিত্য সভাৰ সভাপতি, শিশু সাহিত্যিক দ্বীজেন নাথ সম্পাদক হিচাপে নিৰ্বাচিত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১ জানুৱাৰীঃ তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, লেখক ৰমেশ চন্দ্ৰ কলিতা তেজপুৰ সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে। উল্লেখ্য যে, আজি পহিলা জানুৱাৰীৰ দিনটোত পুৱাৰ পৰা অনুষ্ঠিত তেজপুৰ সাহিত্য সভাৰ দ্বি বাৰ্ষিক অধিৱেশনে শিক্ষাবিদ, লেখক গৰাকীক সভাপতি হিচাপে সৰ্ব সন্মতি হিচাপে নিৰ্বাচিত কৰাৰ লগতে বিশিষ্ট লেখক, অৱসৰপ্ৰাপ্ত শিক্ষক নবীন চন্দ্ৰ লহকৰক উপসভাপতি, বিশিষ্ট শিশু সাহিত্যিক দ্বীজেন নাথক সম্পাদক, অধ্যাপক পল্লৱ ভট্টাচাৰ্য্যক সহকাৰী সম্পাদক,…
কথা, কবিতা, নৃত্য, গীতৰ সুৰেৰে জীপাল সোমদিৰিৰ পাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ জানুৱাৰীঃ প্ৰতি বছৰৰ দৰে এইবাৰো কাব্য চৰ্চাৰ অনুষ্ঠান শব্দ আৰু তিনিমহীয়া সাহিত্য আলোচনী চৰৈৱতিৰ উদ্যোগত নৱবর্ষৰ পহিলা দিনটোত লখিমপুৰ নগৰৰ সোমদিৰি নৈৰ ষঠ পূজাৰ ঘাটত অনুষ্ঠিত হয় সুদিনৰ সংকল্প শীৰ্ষক গীত, নৃত্য, কথা, কবিতাৰ অনুপম অনুষ্ঠান। তিনিমহীয়া সাহিত্য আলোচনী চৰৈৱতিৰ সপ্তদশ বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানত বিশিষ্ট লেখক তথা বিহু বিশেষজ্ঞ ডাঃ অমৰেন্দ্ৰ গগৈ আৰু চিন্তাশীল লেখক, শিক্ষাবিদ ভৰত ৰাজখোৱাক প্ৰদান কৰা হয় "শব্দ চৰৈৱতি সৌৰভ" বঁটা। আনহাতে সাংবাদিক বুবুল হাজৰিকাই মূল্যবৃদ্ধিক আলোকপাত কৰি…
গীত, কবিতা, সংগীত আৰু ইতিবাচক দিশ স্মৰণেৰে ২০২২ বৰ্ষক বিদায় দি ২০২৩ বৰ্ষক আদৰণী তেজপুৰৰ ১০৭ বছৰীয়া “অসমীয়া ক্লাব” ৰ
ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক মিনাক্ষী গোস্বামীয়ে বঁটা গ্ৰহণৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে বিশিষ্ট সংগীতশিল্পী অনিল কুমাৰ ভট্টাচাৰ্যক শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰাত অভিনন্দন জ্ঞাপন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৩১ ডিচেম্বৰ : বিদায়ী বৰ্ষটিৰ তেজপুৰৰ সকলো ক্ষেত্ৰৰ ইতিবাচক দিশৰ স্মৰণৰ লগতে বিদায়ী বৰ্ষটিৰ দেশৰ গুৰুত্বপূৰ্ণ দিশৰ পৰ্য্যালোচনাৰ উপৰি গীত, কবিতা, নাটকৰ সংলাপ, সাহিত্যৰ বিভিন্ন দিশৰ আলোকপাত, চিত্ৰকলা প্ৰদৰ্শন আদিৰে জীপাল হৈ পৰিল তেজপুৰৰ সাহিত্য কাণ্ডাৰী স্মৃতি বিজড়িত ১০৭ বছৰীয়া অসমীয়া ক্লাবৰ বালিৰাম লহকৰ…
