Browsing Category

অসম

বিশিষ্ট শিক্ষাবিদ, লেখক ৰমেশ চন্দ্ৰ কলিতা তেজপুৰ সাহিত্য সভাৰ সভাপতি, শিশু সাহিত্যিক দ্বীজেন নাথ সম্পাদক হিচাপে নিৰ্বাচিত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১ জানুৱাৰীঃ তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, লেখক ৰমেশ চন্দ্ৰ কলিতা তেজপুৰ সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে। উল্লেখ্য যে, আজি পহিলা জানুৱাৰীৰ দিনটোত পুৱাৰ পৰা অনুষ্ঠিত তেজপুৰ সাহিত্য সভাৰ দ্বি বাৰ্ষিক অধিৱেশনে শিক্ষাবিদ, লেখক গৰাকীক সভাপতি হিচাপে সৰ্ব সন্মতি হিচাপে নিৰ্বাচিত কৰাৰ লগতে বিশিষ্ট লেখক, অৱসৰপ্ৰাপ্ত শিক্ষক নবীন চন্দ্ৰ লহকৰক উপসভাপতি, বিশিষ্ট শিশু সাহিত্যিক দ্বীজেন নাথক সম্পাদক, অধ্যাপক পল্লৱ ভট্টাচাৰ্য্যক সহকাৰী সম্পাদক,…

কথা, কবিতা, নৃত্য, গীতৰ সুৰেৰে জীপাল সোমদিৰিৰ পাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ জানুৱাৰীঃ প্ৰতি বছৰৰ দৰে এইবাৰো কাব্য চৰ্চাৰ অনুষ্ঠান শব্দ আৰু তিনিমহীয়া সাহিত্য আলোচনী চৰৈৱতিৰ উদ্যোগত নৱবর্ষৰ পহিলা দিনটোত লখিমপুৰ নগৰৰ সোমদিৰি নৈৰ ষঠ পূজাৰ ঘাটত অনুষ্ঠিত হয় সুদিনৰ সংকল্প শীৰ্ষক গীত, নৃত্য, কথা, কবিতাৰ অনুপম অনুষ্ঠান। তিনিমহীয়া সাহিত্য আলোচনী চৰৈৱতিৰ সপ্তদশ বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানত বিশিষ্ট লেখক তথা বিহু বিশেষজ্ঞ ডাঃ অমৰেন্দ্ৰ গগৈ আৰু চিন্তাশীল লেখক, শিক্ষাবিদ ভৰত ৰাজখোৱাক প্ৰদান কৰা হয় "শব্দ চৰৈৱতি সৌৰভ" বঁটা। আনহাতে সাংবাদিক বুবুল হাজৰিকাই মূল্যবৃদ্ধিক আলোকপাত কৰি…

গীত, কবিতা, সংগীত আৰু ইতিবাচক দিশ স্মৰণেৰে ২০২২ বৰ্ষক বিদায় দি ২০২৩ বৰ্ষক আদৰণী তেজপুৰৰ ১০৭ বছৰীয়া “অসমীয়া ক্লাব” ৰ

ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক মিনাক্ষী গোস্বামীয়ে বঁটা গ্ৰহণৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে বিশিষ্ট সংগীতশিল্পী অনিল কুমাৰ ভট্টাচাৰ্যক শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰাত অভিনন্দন জ্ঞাপন শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৩১ ডিচেম্বৰ : বিদায়ী বৰ্ষটিৰ তেজপুৰৰ সকলো ক্ষেত্ৰৰ ইতিবাচক দিশৰ স্মৰণৰ লগতে বিদায়ী বৰ্ষটিৰ দেশৰ গুৰুত্বপূৰ্ণ দিশৰ পৰ্য্যালোচনাৰ উপৰি গীত, কবিতা, নাটকৰ সংলাপ, সাহিত্যৰ বিভিন্ন দিশৰ আলোকপাত, চিত্ৰকলা প্ৰদৰ্শন আদিৰে জীপাল হৈ পৰিল তেজপুৰৰ সাহিত্য কাণ্ডাৰী স্মৃতি বিজড়িত ১০৭ বছৰীয়া অসমীয়া ক্লাবৰ বালিৰাম লহকৰ…

তেজপুৰত শ্মশান বন্ধু, সত্ৰীয়া সংস্কৃতিৰ সাধক, নিষ্ঠাবান সমাজকৰ্মী ৰবীন্দ্ৰ চন্দ্ৰ দে’ক স্মৰণ

দিহানাম, হৰিনাম, বৰগীত, লোকগীত, টোকাৰী গীত আৰু গুৰু বন্দনাৰে মুখৰিত হ'ল গহন চন্দ্র গোস্বামী সোঁৱৰণী মঞ্চ

ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ বিজয়ী নিচান আৰু ঊষা- চিত্রলেখাৰ দৃশ্য গ্রহণ সমাপ্ত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩০ডিচেম্বৰ: ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ দুটা কালজয়ী গীতৰ দৃশ্য শ্ৰাব্য সঁফুৰা প্ৰথম বাৰৰ বাবে দেখা পোৱা যাব।সম্প্ৰতি দৃশ্য গ্ৰহণ সমাপ্ত হোৱা এই দৃশ্য শ্ৰাব্য সঁফুৰাৰ প্রযোজনা কৰিছে তেজপুৰৰ হৰিবিলাস আগৰৱালা মুভিজে আৰু এয়া কৰা হৈছে হিন্দী আৰু অসমীয়া দুয়োটা ভাষাত।উল্লেখযোগ্য যে এই বিশেষ সঁফুৰাৰ পৰিচালনা আৰু সংগীত অপৰূপ আগৰৱালাৰ।ইয়াত থকা প্রথম গীতটো হল ১৯১৭ ত জ্যোতিপ্ৰসাদে তেওঁৰ ১৪ বছৰ বয়সত ৰছনা কৰা প্ৰথমটো অসমীয়া আধুনিক গীত "কোনে গছে গছে পাতি দিলে ফুলৰে শৰাই, ৰাম ৰাম” আৰু দ্বিতীয়টো গীত হল…

নতুন বছৰত গুৱাহাটীত এটি অত্যাধুনিক “আৰ্ট গেলেৰী” নিৰ্মাণ কৰক– বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ৩০ ডিচেম্বৰ : ৰাজ্যখনত সম্প্ৰতি সকলো ক্ষেত্ৰতে উন্নয়নৰ চকুত লগা দৃশ্যই ৰাজ্যবাসীক আহ্লাদিত কৰি তুলিছে যদিও অসমীয়া চিত্ৰকলা শিল্প ক্ষেত্ৰখনৰ পুতৌলগা অৱস্থা প্ৰত্যক্ষ কৰিয়েই কায়িক ভাৱে আমাৰ মাজৰ পৰা প্ৰায় একে সময়তে আঁতৰি গ'ল পুৰোধা চিত্ৰশিল্পী পুলক গগৈৰ লগতে নীল পৱন বৰুৱা। এই দুগৰাকী নমস্য চিত্ৰশিল্পীৰ কায়িক অবৰ্তমানত মই বৰ অকলশৰীয়া অনুভৱ কৰিছোঁ। এই অনুভৱৰ মাজতে এতিয়া অধিক দায়িত্ব বাঢ়িল যেন এতিয়া মোৰ বোধ হৈছে বুলি কালি তেজপুৰত সাংবাদিকৰ আগত এক অন্তৰংগ মুহূৰ্তত মন্তব্য কৰে ৰাজ্যখনৰ বিশিষ্ট…

লখিমপুৰৰ লালুকত মহিলাক বলাৎকাৰৰ অপচেষ্টা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ , লখিমপুৰ, ৩০ ডিচেম্বৰঃ লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত লক্ষণাবড়িত যোৱা ২৭ ডিচেম্বৰত এগৰাকী মহিলাক এজন লোকে বলাৎকাৰৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ সেইদিনাই ভূক্তভোগী মহিলাগৰাকীয়ে লালুক থানাত এজাহাৰ দাখিল কৰাৰ পিছতো এই পৰ্যন্ত আৰক্ষীয়ে অভিযুক্তক আটক নকৰা কাৰ্যত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ যাৰফলত ২৯ ডিচেম্বৰত গাঁওখনৰ একাংশ লোক ওলাই আহি লালুক থানাত উপস্থিত হৈ অভিযুক্তক কৰায়ত্তৰ দাবী জনায়৷ ইফালে দুৰ্ভগীয়া তথা দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া মহিলাগৰাকীয়ে আজি সাংবাদিকক কয় যে আৰক্ষীয়ে…

হেমাংগ বিশ্বাসৰ জীৱন আধাৰিত উপন্যাস সুৰমাৰ গঙ্গা চিলনী উন্মোচন তেজপুৰত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৩০ ডিচেম্বৰঃ তেজপুৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্টুপীয়াকৈ অনুষ্ঠিত এক সভাত হেমাংগ বিশ্বাসৰ জীৱন আধাৰিত উপন্যাস সুৰমাৰ গঙ্গা চিলনী উন্মোচন কৰা হয়। অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক তেজপুৰ সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়া ৰচিত ৩২৩ পৃষ্ঠাৰ উপন্যাসখন প্ৰকাশ কৰি উলিয়াইছে অসমৰ সম্ভ্ৰান্ত আৰু আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান কথা প্ৰকাশনে। গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক পংকজ বৰুৱা আৰু অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য মহেন্দ্ৰ কুমাৰ নাথে উন্মোচনী বক্তব্যত…