Browsing Category

অসম

তেজপুৰত শ্মশান বন্ধু, সত্ৰীয়া সংস্কৃতিৰ সাধক, নিষ্ঠাবান সমাজকৰ্মী ৰবীন্দ্ৰ চন্দ্ৰ দে’ক স্মৰণ

দিহানাম, হৰিনাম, বৰগীত, লোকগীত, টোকাৰী গীত আৰু গুৰু বন্দনাৰে মুখৰিত হ'ল গহন চন্দ্র গোস্বামী সোঁৱৰণী মঞ্চ

ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ বিজয়ী নিচান আৰু ঊষা- চিত্রলেখাৰ দৃশ্য গ্রহণ সমাপ্ত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩০ডিচেম্বৰ: ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ দুটা কালজয়ী গীতৰ দৃশ্য শ্ৰাব্য সঁফুৰা প্ৰথম বাৰৰ বাবে দেখা পোৱা যাব।সম্প্ৰতি দৃশ্য গ্ৰহণ সমাপ্ত হোৱা এই দৃশ্য শ্ৰাব্য সঁফুৰাৰ প্রযোজনা কৰিছে তেজপুৰৰ হৰিবিলাস আগৰৱালা মুভিজে আৰু এয়া কৰা হৈছে হিন্দী আৰু অসমীয়া দুয়োটা ভাষাত।উল্লেখযোগ্য যে এই বিশেষ সঁফুৰাৰ পৰিচালনা আৰু সংগীত অপৰূপ আগৰৱালাৰ।ইয়াত থকা প্রথম গীতটো হল ১৯১৭ ত জ্যোতিপ্ৰসাদে তেওঁৰ ১৪ বছৰ বয়সত ৰছনা কৰা প্ৰথমটো অসমীয়া আধুনিক গীত "কোনে গছে গছে পাতি দিলে ফুলৰে শৰাই, ৰাম ৰাম” আৰু দ্বিতীয়টো গীত হল…

নতুন বছৰত গুৱাহাটীত এটি অত্যাধুনিক “আৰ্ট গেলেৰী” নিৰ্মাণ কৰক– বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ৩০ ডিচেম্বৰ : ৰাজ্যখনত সম্প্ৰতি সকলো ক্ষেত্ৰতে উন্নয়নৰ চকুত লগা দৃশ্যই ৰাজ্যবাসীক আহ্লাদিত কৰি তুলিছে যদিও অসমীয়া চিত্ৰকলা শিল্প ক্ষেত্ৰখনৰ পুতৌলগা অৱস্থা প্ৰত্যক্ষ কৰিয়েই কায়িক ভাৱে আমাৰ মাজৰ পৰা প্ৰায় একে সময়তে আঁতৰি গ'ল পুৰোধা চিত্ৰশিল্পী পুলক গগৈৰ লগতে নীল পৱন বৰুৱা। এই দুগৰাকী নমস্য চিত্ৰশিল্পীৰ কায়িক অবৰ্তমানত মই বৰ অকলশৰীয়া অনুভৱ কৰিছোঁ। এই অনুভৱৰ মাজতে এতিয়া অধিক দায়িত্ব বাঢ়িল যেন এতিয়া মোৰ বোধ হৈছে বুলি কালি তেজপুৰত সাংবাদিকৰ আগত এক অন্তৰংগ মুহূৰ্তত মন্তব্য কৰে ৰাজ্যখনৰ বিশিষ্ট…

লখিমপুৰৰ লালুকত মহিলাক বলাৎকাৰৰ অপচেষ্টা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ , লখিমপুৰ, ৩০ ডিচেম্বৰঃ লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত লক্ষণাবড়িত যোৱা ২৭ ডিচেম্বৰত এগৰাকী মহিলাক এজন লোকে বলাৎকাৰৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ সেইদিনাই ভূক্তভোগী মহিলাগৰাকীয়ে লালুক থানাত এজাহাৰ দাখিল কৰাৰ পিছতো এই পৰ্যন্ত আৰক্ষীয়ে অভিযুক্তক আটক নকৰা কাৰ্যত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ যাৰফলত ২৯ ডিচেম্বৰত গাঁওখনৰ একাংশ লোক ওলাই আহি লালুক থানাত উপস্থিত হৈ অভিযুক্তক কৰায়ত্তৰ দাবী জনায়৷ ইফালে দুৰ্ভগীয়া তথা দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া মহিলাগৰাকীয়ে আজি সাংবাদিকক কয় যে আৰক্ষীয়ে…

হেমাংগ বিশ্বাসৰ জীৱন আধাৰিত উপন্যাস সুৰমাৰ গঙ্গা চিলনী উন্মোচন তেজপুৰত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৩০ ডিচেম্বৰঃ তেজপুৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্টুপীয়াকৈ অনুষ্ঠিত এক সভাত হেমাংগ বিশ্বাসৰ জীৱন আধাৰিত উপন্যাস সুৰমাৰ গঙ্গা চিলনী উন্মোচন কৰা হয়। অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক তেজপুৰ সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়া ৰচিত ৩২৩ পৃষ্ঠাৰ উপন্যাসখন প্ৰকাশ কৰি উলিয়াইছে অসমৰ সম্ভ্ৰান্ত আৰু আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান কথা প্ৰকাশনে। গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক পংকজ বৰুৱা আৰু অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য মহেন্দ্ৰ কুমাৰ নাথে উন্মোচনী বক্তব্যত…

তেজপুৰ বিশ্ববিদ্যালয়ৰ বিংশতিতম সমাবৰ্তন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০ডিচেম্বৰ: তেজপুৰ বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত হয় বিংশতিতম সমাৱৰ্তন৷ সমাৰোহত উপস্থিত থাকে ৰাজ্যৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য জগদীশ মুখী। আজিৰ এই সমাৱৰ্ত্তনত ১৩৬২ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয় বিভিন্ন বিভাগৰ ডিগ্ৰী আৰু ডিপ্লোমা৷ সমাৱৰ্তনত মুখ্য অতিথি হিচাপে অংশ লয় পদ্মশ্ৰী প্ৰফেচৰ শংকৰ কুমাৰ পালে।উল্লেখযোগ্য যে,পূৰ্ব নিৰ্ধাৰিত সময়তকৈ ডেৰ ঘন্টা পলমকৈ অনুষ্ঠিত হয় তেজপুৰ বিশ্ববিদ্যালয়ৰ বিংশতিতম সমাৱৰ্তনখন৷ বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যপাল জগদীশ মুখীৰ আগমণ পলম হোৱা বাবেই সমাৱৰ্তনখন…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৰোগী হিচাপে পোৱা এটা নিশাৰ ত্যক্ত অভিজ্ঞতা

প্ৰিয়মজ্যোতি ফুকন     নমস্কাৰ গ্ৰহণ কৰিব। কথাখিনি নকলে নহয় বাবে নিজৰ মাজতে সীমাবদ্ধ নাৰাখি সাংবাদিকতাৰ ধৰ্ম মানি ৰাইজৰ বৃহত্তৰ স্বাৰ্থত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত মাজনিশা এগৰাকী ৰোগী হিচাপে পোৱা তিক্ত অভিজ্ঞতাখিনি আপোনালোকৰ আগত ব্যক্ত কৰিব খুজিছো। সকলোৰে জ্ঞাত যে লখিমপুৰ জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ বিশেষকৈ সুদুৰ শোণিতপুৰ, বিশ্বনাথ, মাজুলী, গোগামুখ, ধেমাজি আৰু জোনাইলৈকে সৰ্বসাধাৰণ ৰাইজে উন্নত চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ ঢপলিয়াই আহে। সৰ্বসাধাৰণ ৰাইজৰ একমাত্ৰ আশা ভৰসাৰ থল লখিমপুৰ চিকিৎসা মহাবিদ্যালয়।…

তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী সুমেৰ ডুগৰৰ পৰলোকপ্ৰাপ্তি

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৯ ডিচেম্বৰ :অসম আৰু অসমীয়া লোকৰ সৈতে এক বিস্তাৰিত সামাজিক জীৱনৰ বৰ্ণিল পৰিক্ৰমা সামৰি তেজপুৰৰ বিশিষ্ট ব্যৱসায়ী, সমাজকৰ্মী, ক্ৰীড়া সংগঠক তথা তেজপুৰৰ ঐতিহ্যমণ্ডিত সুহন লাল ডুগৰ শ্বিল্ড ফুটবল প্ৰতিযোগিতাৰ দাতা সুমেৰ ডুগৰৰ কালি নিশা প্ৰায় ১২ বজাত তেজপুৰ চহৰৰ বি আৰ ৰোডৰ নিজা বাসগৃহ "ময়ূৰ ভৱন" ৮১ বছৰ বয়সত আকস্মিক ভাৱে পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে। ১৯৪০ চনৰ ৩ অক্টোবৰত জন্ম গ্ৰহণ কৰা বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী গৰাকী তেজপুৰৰ সমাজ জীৱনৰ এগৰাকী অগ্ৰনী ব্যক্তিত্বই নহয় তেজপুৰৰ ভালেমান…