Browsing Category

অসম

ছয় জানুৱাৰীত তেজপুৰত শোণিতপুৰ জিলা আছুৰ ত্ৰয়োদশ অধিবেশন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৮ডিচেম্বৰ: অহা ছয় জানুৱাৰীত তেজপুৰত অনুষ্ঠিত হ’ব আছুৰ শোণিতপুৰ জিলা ছাত্ৰ সন্হাৰ ত্ৰয়োদশ অধিবেশন৷ মাজগাঁও জাতীয় ছহিদ বাকৰিত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া ত্ৰয়োদশ অধিবেশনখনৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত সদৌ অসম ছাত্ৰ সন্হাৰ পতাকা উত্তোলন কৰিব তদৰ্থ সমিতিৰ মুখ্য আহবায়ক অভিজিত নাথে ৷ ৯-৩০ বজাত ছহিদ তৰ্পন অনুষ্ঠান মুকলি কৰিব আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নিতুল বৰা আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক নয়নজ্যোতি গগৈয়ে৷ দিনৰ ১১ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিব জিলা উপায়ুক্ত দেৱ কুমাৰ…

তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সুনীল কান্ত বেহেৰাৰ বিয়োগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৮ ডিচেম্বৰঃ তেজপুৰ বিশ্ববিদ্যালয় গণ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক সুনীল কান্ত বেহেৰাৰ কালি উৰিষ্যাৰ বঢ়মপুৰৰ এখন ব্যক্তিগত চিকিৎসালয় হৃদক্ৰিয়া বন্ধ হৈ বিয়োগ ঘটিছে। এজন মৃদুভাষী, অমায়িক আৰু নম্ৰ স্বভাৱৰ ব্যক্তি তথা এজন পণ্ডিত, আছিল। তেওঁ এজন বিশিষ্ট শিক্ষক আছিল আৰু সকলো শিক্ষাৰ্থীৰ সৈতে এক সু সম্পৰ্ক বজাই ৰাখিছিল। ২০০২ত তেজপুৰ বিশ্ববিদ্যালয়ত যোগদান কৰা অধ্যাপক বেহেৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ গণ যোগাযোগ আৰু সাংবাদিকতাত স্নাতকোত্তৰৰ প্ৰথম শৈক্ষিক কাৰ্যসূচীৰ শুভাৰম্ভৰ সময়ত…

চুৰি গৰুৰ ভাগ্য! বিলাসী বাহনৰে সৰবৰাহ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮ ডিচেম্বৰ: তেজপুৰ সদৰ থানাৰ অন্তগত তথা বৰঘাট আৰক্ষীয়ে আজি পুৱা চুৰি গৰু সহ দুই গৰু চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,যোৱানিশা শোণিতপুৰৰ বিহগুৰি পিঠাখোৱাৰ পৰা চাৰিজনী গাইগৰু চুৰি কৰি এএছ০৪এন৯০২৯নম্বৰ মহিন্দ্ৰা এক্স ইউ ভি বাহনৰ পিছৰ আসন খুলি ইয়াতে চাৰিওজনী গাই লৈ আহি থকা অৱস্থাত তেজপুৰৰ ভোমোৰাগুৰিৰ কলীয়াভোমোৰা দলঙৰ সমীপত বৰঘাট আৰক্ষীয়ে গাড়ীসহ গাই গৰু চাৰিজনী জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে গৰুচোৰক গ্ৰেপ্তাৰ কৰে৷ বৰঘাট আৰক্ষীয়ে গৰুচুৰিৰ ঘটনাৰ বিষয়ে নিশাই খবৰ লাভ কৰি চোৰৰ…

তিনিচুকীয়াত তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ পূৰ্ণাংগ অধিৱেশন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৮ ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ শ্ৰীপুৰীয়াস্থিত তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ পূৰ্ণাংগ অধিৱেশন আৰু তাই সাংস্কৃতিক সমাৰোহ উপলক্ষে আজি পৰিৱেশ সুৰক্ষা সমিতিৰ উদ্যোগত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি বৰ্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালন কাৰ্য্যসূচীৰ অন্তৰ্গত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় ৷ গছপুলি ৰোপণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে পদ্মশ্ৰী যাদৱ পায়েং আৰু পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই। গছপুলি ৰোপণ শুভাৰম্ভ কৰি পদ্মশ্ৰী যাদৱ পায়েঙে গোলকীয় উষ্ণতা বৃদ্ধিৰ…

২৯ ডিচেম্বৰত ৰাজ্যপালৰ লখিমপুৰ ভ্ৰমণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ ডিচেম্বৰঃ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে ২৯ ডিচেম্বৰত লখিমপুৰ ভ্ৰমণ কৰি দুটামান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰথমে তেওঁ পুৱা ১১.৩০ বজাত উত্তৰ লখিমপুৰ মহাবিদ্যালয়(স্বায়ত্তশাসিত) ভ্ৰমণ কৰিব আৰু অধ্যক্ষ/অধ্যাপক/ছাত্ৰ ইত্যাদিৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰিব । দ্বিতীয়তে, তেওঁ মাধবদেৱ বিশ্ববিদ্যালয় ভ্ৰমণ কৰি বিয়লি ৩.১৫ বজাত উপাচাৰ্য/ অধ্যাপক / ছাত্ৰ-ছাত্ৰীৰ সৈতে এখন সভাত অংশগ্ৰহণ কৰিব। তৃতীয়তে তেওঁ সন্ধিয়া ৬.৩০ বজাত চাৰ্কিট হাউচত নিৰাপত্তা সংস্থাকে ধৰি জিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হ’ব।

অসম কলেজ শিক্ষক সংস্থাৰ ৬৭ সংখ্যক বাৰ্ষিক অধিৱেশনত গুৰুত্বপূৰ্ণ আলোচনা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ ডিচেম্বৰঃ নৰ্থ লক্ষীমপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত অসম কলেজ শিক্ষক সংস্থাৰ ৬৭সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী পুৱা ৮ বজাত প্ৰতিনিধি পঞ্জীয়নৰে আৰম্ভ হয়। পুৱা ৯ বজাত অনুষ্ঠিত হয় পতাকা উত্তোলনৰ কাৰ্যসূচী। উক্ত কাৰ্যসূচীত অসম কলেজ শিক্ষক সংস্থাৰ তথা লখিমপুৰ মণ্ডলৰ অন্তৰ্গত তেৰখন কলেজৰ পতাকা উত্তোলন কৰা হয়। সংস্থাৰ পতাকা উত্তোলন কৰে সংস্থাৰ সভাপতি হিমাংশু মড়লে আৰু কলেজসমূহৰ পতাকা সংশ্লিষ্ট অধ্যক্ষসকলে উত্তোলন কৰে। মড়লে তেওঁ‌ৰ পতাকা উত্তোলনৰ ভাষণত অসম কলেজ সংস্থাৰ বৰ্ধিত দায়িত্ব তথা…

তেজপুৰত মিছন বসুন্ধৰাৰ আঁচনিৰ সুযোগত ভূমি আত্মসাতৰ ফন্দিঃ এজাহাৰ দাখিল

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ,২৭ডিচেম্বৰ: ৰাজ্য চৰকাৰৰ মিছন বসুন্ধৰা আঁচনিখন ৰাজ্যৰ লগতে তেজপুৰৰ চলি থকাৰ সময়তে একাংশই আনৰ ভূমি আত্মসাৎ কৰাৰ বাবে জালিয়াতিৰ আশ্ৰয় লোৱাৰ ঘটনাও পোহৰলৈ আহিছে৷তেজপুৰত জালিয়াতিৰ গোচৰত আনকি অধিবক্তা আৰু নটাৰী বিষয়া সাঙোৰ খাই পৰিছে ৷ ইয়াৰ ফলত আদালতক অৱমাননাই নহয় নটাৰীৰ জৰিয়তে সম্পাদিত দলিলৰ কাৰ্য প্ৰণালীৰ ন্যায়িক ব্যৱস্থাটোকে সন্দেহৰ আৱৰ্তলৈ আনিছে একাংশ অধিবক্তাই৷ এনে অধিবক্তাই ভুল তথ্যৰ আধাৰত শপতনামা দিয়া ভূৱা ব্যক্তিকে প্ৰকৃত লোক বুলি চিনাক্ত কৰা আৰু চহী কৰা শপতনামা নটাৰী কৰি তৈয়াৰ কৰা দলিল তেজপুৰ…

তেজপুৰত ড° হীৰেন গোহাঁই ৰচনাৱলী তৃতীয় খণ্ড উন্মোচন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৭ ডিচেম্বৰঃ প্ৰজ্ঞাৰ সাধক ড° হীৰেন গোহাঁইৰ জীৱনজোৰা সাধনাৰ ফচল হীৰেন গোহাঁই ৰচনাৱলীৰ তৃতীয়খণ্ড ৰচনাৱলী কালি তেজপুৰ সাহিত্য সভা ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সভাত উন্মোচন কৰা হয়। প্ৰকাশন গোষ্ঠী 'কথা'ৰ উদ্যোগত প্ৰকাশিত এই ৰচনাৱলী উন্মোচনী সভাৰ আঁত ধৰি 'কথা' তেজপুৰ কেম্পাচৰ হৈ কবি,লেখক মহেন্দ্ৰ কুমাৰ নাথে সমাজ-সাহিত্য সমালোচনাৰ যুগ-পথিকৃৎ হীৰেন গোহাঁইৰ সৃষ্টিৰাজিৰ স্মাৰকস্বৰূপ ৰচনাৱলীৰ এই খণ্ডটোৰ লগতে অন্যান্য খণ্ডসমূহো অসমৰ জাতীয় জীৱনৰ সম্পদ, জীৱন-চৰ্চাৰ অন্যতম উপজীৱ্য বুলি উল্লেখ কৰি তেজপুৰৰ…

তিনিচুকীয়াত সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৭ ডিচেম্বৰ : তিনিচুকীয়া জিলা সাহিত্য সভাই চহৰখনৰ ৰঙাগড়া পথস্থিত শাখা সাহিত্য সভাৰ ভৱনত ২৬ আৰু ২৭ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন কৰে ৷ সাহিত্য সভাৰ তিনিচুকীয়া শাখাৰ আতিথ্যত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ প্ৰথম দিনা সন্ধিয়া সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰতিমূৰ্তি থলীত বন্তি প্ৰজ্বলন কৰে শাখা সাহিত্য সভাৰ উপ-সভাপতি খৰ্গেশ্বৰ টায়ে। আজি দ্বিতীয়া দিনা কাৰ্য্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে তিনিচুকীয়া শাখাৰ সভাপতি তিলক সন্দিকৈয়ে। জিলা সাহিত্য সভাৰ…