Browsing Category
অসম
জীয়াভৰলীৰ খহনীয়াত জাহ যোৱাৰ আশংকাত ভূগিছে ৰঙাপৰাৰ তিনিখন গাঁৱৰ ৰাইজে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৯ডিচেম্বৰ: শোণিতপুৰৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ তিনিখন গাঁও জীয়াভৰলীৰ বিধ্বংসী খহনীয়াত ভৱিষ্যতে জাহ যোৱাৰ আশংকাত ভূগিছে ইয়াৰ বাসিন্দাসকলে৷উল্লেখযোগ্য যে, তেজপুৰৰ দোলাবাৰী নপাম হৈ চাৰিশৰীয়া পথ নিৰ্মাণৰ লগতে চকীঘাটত জীয়াভৰলীৰ ওপৰৰে এখন দলঙৰ নিৰ্মাণৰ কাম ক্ষীপ্ৰগতিত চলি আছে৷প্ৰণিধানযোগ্য যে,ইয়াৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অধিগ্ৰহণ কৰা ভূমি আৰু ঘৰৰ বাবে আদায় দিয়া বৃহৎ পৰিমাণৰ ধনৰ এটা বুজন অংশ স্হানীয় দালাল চক্ৰৰ লগতে চৰকাৰী পক্ষৰ সহযোগত নিশাৰ ভিতৰতে ঘৰ সাজি বহুসংখ্যক লোকে আত্মসাত কৰে৷এই বিষয়ে…
তেজপুৰত পথদুৰ্ঘটনা:নিহত এজন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৯ডিচেম্বৰ: তেজপুৰৰ গৰৈমাৰীত আজি সন্ধিয়া সংঘটিত এক পথ দুৰ্ঘটনাত ৰঞ্জিত দাস(৫০)নামৰ এজন লোক নিহত হয়।উল্লেখযোগ্য যে,১৫নম্বৰ ৰাষ্ট্ৰীয় পথৰে বালিপৰা দিশৰ পৰা তেজপুৰৰ অভিমুখে আহি থকা এএছ১২এএফ৪৬১১নম্বৰৰ মাৰুতি বাহনখনে পথটো পাৰ হ'বলৈ ধৰা অৱস্থাতে গৰৈমাৰীৰ নিবাসী দাসক খুন্দা মাৰে। ফলত লোকজন থিতাতে মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত কৰি গাড়ীসহ চালকে পলায়ন কৰে যদিও শালনিবাৰী আৰক্ষীয়ে অনুসৰণ কৰি গাড়ীখন জব্দ কৰিবলৈ সক্ষম৷ কিন্তু ইয়াৰ পূৰ্বেই গাড়ীখনৰ চালকজন পলাই যাবলৈ সক্ষম হয়।
অনিল শইকীয়া আৰু ডাঃ সুৰজিৎ গিৰিক ‘গণ শিল্পী বিক্ৰম সিং য়েইন সোৱৰণী বঁটা
শিৱসাগৰ দিচাং ব্ৰহ্মপুত্ৰ উৎসৱৰ সামৰণি অনুস্থানত অনিল শইকীয়া আৰু ডাঃ সুৰজিৎ গিৰিক 'গণ শিল্পী বিক্ৰম সিং য়েইন সোৱৰণী বঁটা প্ৰদান কৰা দৃশ্য।
শোণিতপুৰৰ বিহগুৰিত মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ নল’লে ৰাইজে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৯ডিচেম্বৰ: শোণিতপুৰৰ বিহগুৰি কমাৰ চুবুৰীত এজন লোকৰ মৃতদেহ সৎকাৰ কৰিবলৈ নহাক কেন্দ্ৰ কৰি সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ৰাইজে কোনো এঘৰীয়া কৰা লোকৰ ঘৰত নিমন্ত্ৰণ ৰক্ষা কৰি নখাবলৈ যোৱাৰ বাবেই ভোগেশ্বৰ নাথ নামৰ লোকজনৰ মৃতদেহ সৎকাৰ কৰিবলৈ নাহিল ৷ এনে অৱস্থাত লোকজনৰ মৃত্যুৰ এদিন পাছত কেইজনমান আত্মীয়ৰ সহায়ত মৃতদেহ সৎকাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়৷ উল্লেখযোগ্য যে, ৰিন্টি শইকীয়া নামৰ মহিলাগৰাকীয়ে এই বিষয়ে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰাৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখযোগ্য যে,এমাহ…
তিনিচুকীয়াত ছ্যুকাফাৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি উন্মোচন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ ডিচেম্বৰ : তিনিচুকীয়াৰ শ্ৰীপুৰীয়াস্থিত (ছ্যুকাফা নগৰ) তাই সংস্কৃতি চর্চা কেন্দ্রৰ প্ৰাংগণত বুধবাৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা তাই সংস্কৃতি চর্চা কেন্দ্ৰৰ পূর্ণাংগ অধিৱেশন আৰু তাই সাংস্কৃতিক সমাৰোহৰ লগত সংগতি ৰাখি আজি চাওল্যুং ছ্যুকাফাৰ এটি প্ৰতিমূৰ্ত্তি উন্মোচন কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুয়ে ৷ ভাষণত মন্ত্ৰী পেগুৱে কয় যে ৰাজ্যৰ লগতে অসমৰ বাহিৰতো বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ সময়ত তাই সংস্কৃতি চৰ্চা কেন্দ্ৰই নিজ পুঁজিৰে চাওল্যুং ছ্যুকাফাৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণ…
ৰাজ্যপালৰ নৰ্থ লখিমপুৰ মহাবিদ্যালয়-মাধৱদেৱ বিশ্ববিদ্যালয় পৰিদৰ্শন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৯ ডিচেম্বৰঃ অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে আজি নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত) পৰিদৰ্শন কৰে। কলেজ কৰ্তৃপক্ষই জনোৱা মতে এই ভ্ৰমণ মূলতঃ ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ বাবে আৰু মহাবিদ্যালয়খনক প্ৰস্তাৱিত বিশ্ববিদ্যালয়লৈ উত্তৰণৰ বাবে কলেজখনৰ প্ৰস্তুতি চাবৰ বাবে পৰিদৰ্শন কৰা হৈছিল। ৰাজ্যপালক সংগ দিয়ে লখিমপুৰৰ জিলা উপায়ুক্ত সুমিত সাত্তাৱনে। মহাবিদ্যালয়খনৰ এন চি চি কেডেট আৰু জিলা আৰক্ষীয়ে ৰাজ্যপালগৰাকীক গাৰ্ড অৱ অনাৰ প্ৰদান কৰে। ইয়াৰ পিছত অধ্যক্ষৰ কাৰ্যালয়ত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়।…
ছয় জানুৱাৰীত তেজপুৰত শোণিতপুৰ জিলা আছুৰ ত্ৰয়োদশ অধিবেশন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৮ডিচেম্বৰ: অহা ছয় জানুৱাৰীত তেজপুৰত অনুষ্ঠিত হ’ব আছুৰ শোণিতপুৰ জিলা ছাত্ৰ সন্হাৰ ত্ৰয়োদশ অধিবেশন৷ মাজগাঁও জাতীয় ছহিদ বাকৰিত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া ত্ৰয়োদশ অধিবেশনখনৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত সদৌ অসম ছাত্ৰ সন্হাৰ পতাকা উত্তোলন কৰিব তদৰ্থ সমিতিৰ মুখ্য আহবায়ক অভিজিত নাথে ৷ ৯-৩০ বজাত ছহিদ তৰ্পন অনুষ্ঠান মুকলি কৰিব আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নিতুল বৰা আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক নয়নজ্যোতি গগৈয়ে৷ দিনৰ ১১ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিব জিলা উপায়ুক্ত দেৱ কুমাৰ…
তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সুনীল কান্ত বেহেৰাৰ বিয়োগ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৮ ডিচেম্বৰঃ তেজপুৰ বিশ্ববিদ্যালয় গণ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক সুনীল কান্ত বেহেৰাৰ কালি উৰিষ্যাৰ বঢ়মপুৰৰ এখন ব্যক্তিগত চিকিৎসালয় হৃদক্ৰিয়া বন্ধ হৈ বিয়োগ ঘটিছে। এজন মৃদুভাষী, অমায়িক আৰু নম্ৰ স্বভাৱৰ ব্যক্তি তথা এজন পণ্ডিত, আছিল। তেওঁ এজন বিশিষ্ট শিক্ষক আছিল আৰু সকলো শিক্ষাৰ্থীৰ সৈতে এক সু সম্পৰ্ক বজাই ৰাখিছিল। ২০০২ত তেজপুৰ বিশ্ববিদ্যালয়ত যোগদান কৰা অধ্যাপক বেহেৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ গণ যোগাযোগ আৰু সাংবাদিকতাত স্নাতকোত্তৰৰ প্ৰথম শৈক্ষিক কাৰ্যসূচীৰ শুভাৰম্ভৰ সময়ত…
চুৰি গৰুৰ ভাগ্য! বিলাসী বাহনৰে সৰবৰাহ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮ ডিচেম্বৰ: তেজপুৰ সদৰ থানাৰ অন্তগত তথা বৰঘাট আৰক্ষীয়ে আজি পুৱা চুৰি গৰু সহ দুই গৰু চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,যোৱানিশা শোণিতপুৰৰ বিহগুৰি পিঠাখোৱাৰ পৰা চাৰিজনী গাইগৰু চুৰি কৰি এএছ০৪এন৯০২৯নম্বৰ মহিন্দ্ৰা এক্স ইউ ভি বাহনৰ পিছৰ আসন খুলি ইয়াতে চাৰিওজনী গাই লৈ আহি থকা অৱস্থাত তেজপুৰৰ ভোমোৰাগুৰিৰ কলীয়াভোমোৰা দলঙৰ সমীপত বৰঘাট আৰক্ষীয়ে গাড়ীসহ গাই গৰু চাৰিজনী জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে গৰুচোৰক গ্ৰেপ্তাৰ কৰে৷ বৰঘাট আৰক্ষীয়ে গৰুচুৰিৰ ঘটনাৰ বিষয়ে নিশাই খবৰ লাভ কৰি চোৰৰ…
তিনিচুকীয়াত তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ পূৰ্ণাংগ অধিৱেশন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৮ ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ শ্ৰীপুৰীয়াস্থিত তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ পূৰ্ণাংগ অধিৱেশন আৰু তাই সাংস্কৃতিক সমাৰোহ উপলক্ষে আজি পৰিৱেশ সুৰক্ষা সমিতিৰ উদ্যোগত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি বৰ্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালন কাৰ্য্যসূচীৰ অন্তৰ্গত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় ৷ গছপুলি ৰোপণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে পদ্মশ্ৰী যাদৱ পায়েং আৰু পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই। গছপুলি ৰোপণ শুভাৰম্ভ কৰি পদ্মশ্ৰী যাদৱ পায়েঙে গোলকীয় উষ্ণতা বৃদ্ধিৰ…
