Browsing Category
অসম
২৯ ডিচেম্বৰত ৰাজ্যপালৰ লখিমপুৰ ভ্ৰমণ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ ডিচেম্বৰঃ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে ২৯ ডিচেম্বৰত লখিমপুৰ ভ্ৰমণ কৰি দুটামান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰথমে তেওঁ পুৱা ১১.৩০ বজাত উত্তৰ লখিমপুৰ মহাবিদ্যালয়(স্বায়ত্তশাসিত) ভ্ৰমণ কৰিব আৰু অধ্যক্ষ/অধ্যাপক/ছাত্ৰ ইত্যাদিৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰিব । দ্বিতীয়তে, তেওঁ মাধবদেৱ বিশ্ববিদ্যালয় ভ্ৰমণ কৰি বিয়লি ৩.১৫ বজাত উপাচাৰ্য/ অধ্যাপক / ছাত্ৰ-ছাত্ৰীৰ সৈতে এখন সভাত অংশগ্ৰহণ কৰিব। তৃতীয়তে তেওঁ সন্ধিয়া ৬.৩০ বজাত চাৰ্কিট হাউচত নিৰাপত্তা সংস্থাকে ধৰি জিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হ’ব।
অসম কলেজ শিক্ষক সংস্থাৰ ৬৭ সংখ্যক বাৰ্ষিক অধিৱেশনত গুৰুত্বপূৰ্ণ আলোচনা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ ডিচেম্বৰঃ নৰ্থ লক্ষীমপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত অসম কলেজ শিক্ষক সংস্থাৰ ৬৭সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী পুৱা ৮ বজাত প্ৰতিনিধি পঞ্জীয়নৰে আৰম্ভ হয়। পুৱা ৯ বজাত অনুষ্ঠিত হয় পতাকা উত্তোলনৰ কাৰ্যসূচী। উক্ত কাৰ্যসূচীত অসম কলেজ শিক্ষক সংস্থাৰ তথা লখিমপুৰ মণ্ডলৰ অন্তৰ্গত তেৰখন কলেজৰ পতাকা উত্তোলন কৰা হয়। সংস্থাৰ পতাকা উত্তোলন কৰে সংস্থাৰ সভাপতি হিমাংশু মড়লে আৰু কলেজসমূহৰ পতাকা সংশ্লিষ্ট অধ্যক্ষসকলে উত্তোলন কৰে। মড়লে তেওঁৰ পতাকা উত্তোলনৰ ভাষণত অসম কলেজ সংস্থাৰ বৰ্ধিত দায়িত্ব তথা…
তেজপুৰত মিছন বসুন্ধৰাৰ আঁচনিৰ সুযোগত ভূমি আত্মসাতৰ ফন্দিঃ এজাহাৰ দাখিল
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ,২৭ডিচেম্বৰ: ৰাজ্য চৰকাৰৰ মিছন বসুন্ধৰা আঁচনিখন ৰাজ্যৰ লগতে তেজপুৰৰ চলি থকাৰ সময়তে একাংশই আনৰ ভূমি আত্মসাৎ কৰাৰ বাবে জালিয়াতিৰ আশ্ৰয় লোৱাৰ ঘটনাও পোহৰলৈ আহিছে৷তেজপুৰত জালিয়াতিৰ গোচৰত আনকি অধিবক্তা আৰু নটাৰী বিষয়া সাঙোৰ খাই পৰিছে ৷ ইয়াৰ ফলত আদালতক অৱমাননাই নহয় নটাৰীৰ জৰিয়তে সম্পাদিত দলিলৰ কাৰ্য প্ৰণালীৰ ন্যায়িক ব্যৱস্থাটোকে সন্দেহৰ আৱৰ্তলৈ আনিছে একাংশ অধিবক্তাই৷ এনে অধিবক্তাই ভুল তথ্যৰ আধাৰত শপতনামা দিয়া ভূৱা ব্যক্তিকে প্ৰকৃত লোক বুলি চিনাক্ত কৰা আৰু চহী কৰা শপতনামা নটাৰী কৰি তৈয়াৰ কৰা দলিল তেজপুৰ…
তেজপুৰত ড° হীৰেন গোহাঁই ৰচনাৱলী তৃতীয় খণ্ড উন্মোচন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৭ ডিচেম্বৰঃ প্ৰজ্ঞাৰ সাধক ড° হীৰেন গোহাঁইৰ জীৱনজোৰা সাধনাৰ ফচল হীৰেন গোহাঁই ৰচনাৱলীৰ তৃতীয়খণ্ড ৰচনাৱলী কালি তেজপুৰ সাহিত্য সভা ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সভাত উন্মোচন কৰা হয়। প্ৰকাশন গোষ্ঠী 'কথা'ৰ উদ্যোগত প্ৰকাশিত এই ৰচনাৱলী উন্মোচনী সভাৰ আঁত ধৰি 'কথা' তেজপুৰ কেম্পাচৰ হৈ কবি,লেখক মহেন্দ্ৰ কুমাৰ নাথে সমাজ-সাহিত্য সমালোচনাৰ যুগ-পথিকৃৎ হীৰেন গোহাঁইৰ সৃষ্টিৰাজিৰ স্মাৰকস্বৰূপ ৰচনাৱলীৰ এই খণ্ডটোৰ লগতে অন্যান্য খণ্ডসমূহো অসমৰ জাতীয় জীৱনৰ সম্পদ, জীৱন-চৰ্চাৰ অন্যতম উপজীৱ্য বুলি উল্লেখ কৰি তেজপুৰৰ…
তিনিচুকীয়াত সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৭ ডিচেম্বৰ : তিনিচুকীয়া জিলা সাহিত্য সভাই চহৰখনৰ ৰঙাগড়া পথস্থিত শাখা সাহিত্য সভাৰ ভৱনত ২৬ আৰু ২৭ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন কৰে ৷ সাহিত্য সভাৰ তিনিচুকীয়া শাখাৰ আতিথ্যত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ প্ৰথম দিনা সন্ধিয়া সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰতিমূৰ্তি থলীত বন্তি প্ৰজ্বলন কৰে শাখা সাহিত্য সভাৰ উপ-সভাপতি খৰ্গেশ্বৰ টায়ে। আজি দ্বিতীয়া দিনা কাৰ্য্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে তিনিচুকীয়া শাখাৰ সভাপতি তিলক সন্দিকৈয়ে। জিলা সাহিত্য সভাৰ…
ক’ভিডৰ সংক্ৰমণক লৈ সস্তম ৰাজ্য চৰকাৰ
তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত আখৰা পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ
তিনিচুকীয়াত অনাঅসমীয়া মাটিৰ দালাল ৰঘূৰ সন্ত্ৰাস
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৭ ডিচেম্বৰ : শাসনৰ বাঘজৰী হাতত লোৱাৰ পাছতে ভূমাফিয়া চক্ৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান চলাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাধাৰণ নাগৰিকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু সময় বাগৰাৰ লগে লগে মাটিৰ দালাল চক্ৰৰ বিৰুদ্ধে চলা এই অভিযান ৰহস্যজনক কাৰণত স্থবিৰ হৈ পৰা দেখা যায় ৷ বৰ্তমান সময়ত পৰিস্থিতিয়ে এনে পৰ্যায় পাইছেগৈ যে ভূমাফিয়া চক্ৰই ধনৰ বলেৰে সকলো পক্ষকে মেনেজ কৰি প্ৰকৃত মাটিৰ মালিকক আভুৱা ভাৰি গ্ৰাহকক ৰামঠগন দি লাখ লাখ টকা উদৰস্থ কৰিবলৈ সক্ষম হৈছে ৷ তিনিচুকীয়াত শেহতীয়াকৈ জনৈক ৰঘূ…
তেজপুৰত ছখন জিলাৰ ৭৬ গৰাকী মাষ্টাৰ ট্ৰেইনাৰক প্ৰশিক্ষণ
বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা জ্ঞানৰ উদ্দেশ্যৰে তেজপুৰত ৰাজ্য চৰকাৰৰ সমগ্ৰ শিক্ষাৰ "নিপুণ" আঁচনিৰ মাষ্টাৰ ট্ৰেইনাৰৰ চাৰিদিনীয়া প্ৰশিক্ষণ কৰ্মশালা শুভাৰম্ভশতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৭ ডিচেম্বৰ : "বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা জ্ঞান" ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত দেশজুৰি আৰম্ভ হোৱা এফ এল এন আঁচনি অসমত "নিপুণ" নামেৰে ২০২১ বৰ্ষৰ ১৬ নবেম্বৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰাৰ পিছত ৰাজ্যখনৰ শিক্ষা বিভাগৰ "সমগ্ৰ শিক্ষা "ই ৰাজ্যজুৰি কাৰ্যক্ষম কৰিবলৈ হাতত লোৱাৰ পিছত আজি তেজপুৰত পাঁচখন…
পুৱাই মৰাণ-টিংখাঙত ছুইজাৰলেণ্ড সদৃশ পৰিস্থিতি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৭ ডিচেম্বৰঃ প্ৰাচ্যৰ ছুইজাৰলেণ্ড সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰি আজি পুৱা হোৱা শিলাবৃষ্টিত মৰাণ আৰু টিংখাং ৰাজহ চক্ৰত জনগণৰ ব্যাপক ক্ষতিসাধন হয়। একাংশৰ বাসগৃহৰ লগতে শাক পাচলি আৰু সৰিয়হ খেতিত বৰফৰ শুভ্ৰ আচ্ছাদনৰে ঢাকি ধৰাত বিস্তৰ ক্ষতি হয়। মূলতঃ শাক পাচলিৰ খেতি কৰা কৃষকসকল ব্যাপক লোকচানৰ সন্মুখীন হয়। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াক ক্ষতিৰ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে। চৰকাৰে ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিব বুলি মুখ্যমন্ত্ৰীয়ে টুইটযোগে আশ্বাস প্ৰদান কৰে।
