Browsing Category
অসম
তিনিচুকীয়াত অনাঅসমীয়া মাটিৰ দালাল ৰঘূৰ সন্ত্ৰাস
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৭ ডিচেম্বৰ : শাসনৰ বাঘজৰী হাতত লোৱাৰ পাছতে ভূমাফিয়া চক্ৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান চলাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাধাৰণ নাগৰিকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু সময় বাগৰাৰ লগে লগে মাটিৰ দালাল চক্ৰৰ বিৰুদ্ধে চলা এই অভিযান ৰহস্যজনক কাৰণত স্থবিৰ হৈ পৰা দেখা যায় ৷ বৰ্তমান সময়ত পৰিস্থিতিয়ে এনে পৰ্যায় পাইছেগৈ যে ভূমাফিয়া চক্ৰই ধনৰ বলেৰে সকলো পক্ষকে মেনেজ কৰি প্ৰকৃত মাটিৰ মালিকক আভুৱা ভাৰি গ্ৰাহকক ৰামঠগন দি লাখ লাখ টকা উদৰস্থ কৰিবলৈ সক্ষম হৈছে ৷ তিনিচুকীয়াত শেহতীয়াকৈ জনৈক ৰঘূ…
তেজপুৰত ছখন জিলাৰ ৭৬ গৰাকী মাষ্টাৰ ট্ৰেইনাৰক প্ৰশিক্ষণ
বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা জ্ঞানৰ উদ্দেশ্যৰে তেজপুৰত ৰাজ্য চৰকাৰৰ সমগ্ৰ শিক্ষাৰ "নিপুণ" আঁচনিৰ মাষ্টাৰ ট্ৰেইনাৰৰ চাৰিদিনীয়া প্ৰশিক্ষণ কৰ্মশালা শুভাৰম্ভশতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৭ ডিচেম্বৰ : "বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা জ্ঞান" ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত দেশজুৰি আৰম্ভ হোৱা এফ এল এন আঁচনি অসমত "নিপুণ" নামেৰে ২০২১ বৰ্ষৰ ১৬ নবেম্বৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰাৰ পিছত ৰাজ্যখনৰ শিক্ষা বিভাগৰ "সমগ্ৰ শিক্ষা "ই ৰাজ্যজুৰি কাৰ্যক্ষম কৰিবলৈ হাতত লোৱাৰ পিছত আজি তেজপুৰত পাঁচখন…
পুৱাই মৰাণ-টিংখাঙত ছুইজাৰলেণ্ড সদৃশ পৰিস্থিতি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৭ ডিচেম্বৰঃ প্ৰাচ্যৰ ছুইজাৰলেণ্ড সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰি আজি পুৱা হোৱা শিলাবৃষ্টিত মৰাণ আৰু টিংখাং ৰাজহ চক্ৰত জনগণৰ ব্যাপক ক্ষতিসাধন হয়। একাংশৰ বাসগৃহৰ লগতে শাক পাচলি আৰু সৰিয়হ খেতিত বৰফৰ শুভ্ৰ আচ্ছাদনৰে ঢাকি ধৰাত বিস্তৰ ক্ষতি হয়। মূলতঃ শাক পাচলিৰ খেতি কৰা কৃষকসকল ব্যাপক লোকচানৰ সন্মুখীন হয়। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াক ক্ষতিৰ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে। চৰকাৰে ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিব বুলি মুখ্যমন্ত্ৰীয়ে টুইটযোগে আশ্বাস প্ৰদান কৰে।
দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্যৰ শপত গ্ৰহণ অনুষ্ঠান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৭ ডিচেম্বৰ: আজি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্য সকলৰ শপত গ্ৰহণ অনুষ্ঠানটি লক্ষীমপুৰৰ নাৰায়ণপুৰত অনুষ্ঠিত হৈ যায়। দুটা স্থানত এই শপত গ্ৰহণ অনুষ্ঠিত হয়। প্ৰথমে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ আতিথিশালা (গেষ্ট হাউচ)ত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ২২ জন নৱ নিৰ্বাচিত সদস্যৰ শপত গ্ৰহণ হয়। ইয়াৰ পিছতে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যালয়ৰ প্ৰাঙ্গনৰ ৰাজহুৱা সভাত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত অধ্যক্ষ অমৃতপ্ৰভা দেউৰী মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী আৰু উপ-মুখ্য কাৰ্যবাহী সদস্য ভাস্কৰ…
লক্ষীমপুৰত অসম কলেজ শিক্ষক সংস্থাৰ অধিৱেশন আৰম্ভ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৭ ডিচেম্বৰঃ অসম কলেজ শিক্ষক সংস্থাৰ ৬৭ সংখ্যক ৰাজ্যিক অধিৱেশনখন আজিৰে পৰা নৰ্থ লক্ষীমপুৰ মহাবিদ্যালয়ত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। আজি বিয়লি ৩ বজাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ২ সহস্ৰাধিক কলেজ শিক্ষক প্ৰতিনিধিৰ শিবিৰ মুকলি কৰে লক্ষীমপুৰৰ অতিৰিক্ত সহকাৰী আয়ুক্ত দিপ্তীৰেখা হাজৰিকাই। বিয়লি ৪ বজাত ACTAৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। অধিৱেশনক লৈ আজি নৰ্থ লক্ষীমপুৰ কলেজ চৌহদত উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। অধিৱেশনস্থলী সজাই পৰাই আটক ধুনীয়া কৰি তোলা হৈছে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা…
উত্তৰ লখিমপুৰত মিলাদ-উন-নবী উদযাপন
উত্তৰ লখিমপুৰঃ ২৬ ডিচেম্বৰঃ উত্তৰ লখিমপুৰ কেন্দ্ৰীয় ঈদগাহ সমিতিৰ উদ্যোগত আৰু চহৰৰ ৮ টা মছজিদ পৰিচালনা সমিতিৰ সহযোগত উত্তৰ লখিমপুৰৰ কেন্দ্ৰীয় ঈদগাহত ২৪ আৰু ২৫ ডিচেম্বৰত হজৰত মহম্মদৰ জন্মদিৱস ঈদ মিলাদুন নবী কেন্দ্ৰীয়ভাৱে পালন কৰা হয়। শনিবাৰে পুৱা আয়োজক সমিতিৰ সভাপতি ছাদিকুল হুছেইনে পতাকা উত্তোলনেৰে দুদিনীয়া কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পিছতে উত্তৰ লখিমপুৰৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উদযাপনৰ প্ৰথম দিনাই ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰান আবৃত্তি, জিকিৰ, গজল, চিত্ৰ অংকন, ৰচনা, কুইজ, আকস্মিক বক্তৃতা প্ৰতিযোগিতা আদি…
শোণিতপুৰৰ ঢেকিয়াজুলিত যুৱতী বৰ্বৰভাবে এচিড আক্ৰমণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৬ডিচেম্বৰ: শোণিতপুৰত সংঘটিত হৈছে এচিড আক্ৰমণৰ এক বৰ্বৰ কাণ্ড৷ জিলাখনৰ ঢেকিয়াজুলিত কালি দিনৰ প্ৰায় দুই বজাত এগৰাকী যুৱতীৰ ওপৰত এজন বিকৃত মানসিকতাৰ যুৱকে এচিডৰে আক্ৰমণ চলোৱা এক বৰ্বৰোচিত ঘটনা আজি পোহৰলৈ আহিছে৷ সম্প্ৰতি তেজপুৰৰ গে’ট সুখদা নামৰ নাৰ্ছিংহোমখনৰ আইচিইউত চিকিৎসাধীন হৈ আছে৷ এগৰাকী জীৱিকাসখী হিচাপে কৰ্মৰত যুৱতীগৰাকীয়ে কালি দায়িত্ব সামৰি ঘৰলৈ উভটাৰ পথত বাচ্ছু কৰ নামৰ যুৱকজনে খেদি খেদি এচিডৰে আক্ৰমণ চলায়৷ উল্লেখযোগ্য যে,নিজৰ ক্ষেত্ৰভিত্তিক দায়িত্ব সামৰি উভটাৰ পথত এখন মটৰ চাইকেলৰে অহা…
তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ দুদিনীয়া “আলোকচিত্ৰ প্ৰদৰ্শনী”
সুন্দৰ-অৰ্থবহ আলোকচিত্ৰৰ বাবে উঠি অহা প্ৰজন্মক প্ৰতিযোগিতামুখী কৰি তুলিব লাগিব - উৎপল পঞ্চানন, সভাপতি, তেজপুৰ ফটোগ্ৰাফী ক্লাব
ৰাইজে ধৰে ড্ৰাগছ সৰবৰাহকাৰীক, আৰক্ষীয়ে দিয়ে এৰিঃ ক্ষুব্ধ জনতাৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৬ ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী পেঙেৰী অঞ্চলত ড্ৰাগছৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে স্থানীয় আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত আজি পেঙেৰীবাসী ৰাইজৰ হৈ শতাধিক পুৰুষ, মহিলাই জিলা সদৰ তিনিচুকীয়াত প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাইজৰ অভিযোগ অনুসৰি পেঙেৰী থানাৰ অন্তৰ্গত গাঁওসমূহত আৰক্ষী প্ৰশাসনৰ যিদৰে ড্ৰাগছ বিৰোধী অভিযান হ’ব লাগিছিল তেনেদৰে অভিযান চলোৱা দৃষ্টিগোচৰ হোৱা নাই। অতি শেহতীয়াকৈ পেঙেৰী থানাৰ অন্তৰ্গত তৰাণী গাঁৱৰ পৰা ৰাইজে ধৰি দিয়া ৫ ড্ৰাগছ সৰবৰাহকাৰীক থানালৈ নি…
