Browsing Category
অসম
দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্যৰ শপত গ্ৰহণ অনুষ্ঠান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৭ ডিচেম্বৰ: আজি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্য সকলৰ শপত গ্ৰহণ অনুষ্ঠানটি লক্ষীমপুৰৰ নাৰায়ণপুৰত অনুষ্ঠিত হৈ যায়। দুটা স্থানত এই শপত গ্ৰহণ অনুষ্ঠিত হয়। প্ৰথমে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ আতিথিশালা (গেষ্ট হাউচ)ত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ২২ জন নৱ নিৰ্বাচিত সদস্যৰ শপত গ্ৰহণ হয়। ইয়াৰ পিছতে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যালয়ৰ প্ৰাঙ্গনৰ ৰাজহুৱা সভাত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত অধ্যক্ষ অমৃতপ্ৰভা দেউৰী মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী আৰু উপ-মুখ্য কাৰ্যবাহী সদস্য ভাস্কৰ…
লক্ষীমপুৰত অসম কলেজ শিক্ষক সংস্থাৰ অধিৱেশন আৰম্ভ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৭ ডিচেম্বৰঃ অসম কলেজ শিক্ষক সংস্থাৰ ৬৭ সংখ্যক ৰাজ্যিক অধিৱেশনখন আজিৰে পৰা নৰ্থ লক্ষীমপুৰ মহাবিদ্যালয়ত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। আজি বিয়লি ৩ বজাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ২ সহস্ৰাধিক কলেজ শিক্ষক প্ৰতিনিধিৰ শিবিৰ মুকলি কৰে লক্ষীমপুৰৰ অতিৰিক্ত সহকাৰী আয়ুক্ত দিপ্তীৰেখা হাজৰিকাই। বিয়লি ৪ বজাত ACTAৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। অধিৱেশনক লৈ আজি নৰ্থ লক্ষীমপুৰ কলেজ চৌহদত উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। অধিৱেশনস্থলী সজাই পৰাই আটক ধুনীয়া কৰি তোলা হৈছে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা…
উত্তৰ লখিমপুৰত মিলাদ-উন-নবী উদযাপন
উত্তৰ লখিমপুৰঃ ২৬ ডিচেম্বৰঃ উত্তৰ লখিমপুৰ কেন্দ্ৰীয় ঈদগাহ সমিতিৰ উদ্যোগত আৰু চহৰৰ ৮ টা মছজিদ পৰিচালনা সমিতিৰ সহযোগত উত্তৰ লখিমপুৰৰ কেন্দ্ৰীয় ঈদগাহত ২৪ আৰু ২৫ ডিচেম্বৰত হজৰত মহম্মদৰ জন্মদিৱস ঈদ মিলাদুন নবী কেন্দ্ৰীয়ভাৱে পালন কৰা হয়। শনিবাৰে পুৱা আয়োজক সমিতিৰ সভাপতি ছাদিকুল হুছেইনে পতাকা উত্তোলনেৰে দুদিনীয়া কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পিছতে উত্তৰ লখিমপুৰৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উদযাপনৰ প্ৰথম দিনাই ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰান আবৃত্তি, জিকিৰ, গজল, চিত্ৰ অংকন, ৰচনা, কুইজ, আকস্মিক বক্তৃতা প্ৰতিযোগিতা আদি…
শোণিতপুৰৰ ঢেকিয়াজুলিত যুৱতী বৰ্বৰভাবে এচিড আক্ৰমণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৬ডিচেম্বৰ: শোণিতপুৰত সংঘটিত হৈছে এচিড আক্ৰমণৰ এক বৰ্বৰ কাণ্ড৷ জিলাখনৰ ঢেকিয়াজুলিত কালি দিনৰ প্ৰায় দুই বজাত এগৰাকী যুৱতীৰ ওপৰত এজন বিকৃত মানসিকতাৰ যুৱকে এচিডৰে আক্ৰমণ চলোৱা এক বৰ্বৰোচিত ঘটনা আজি পোহৰলৈ আহিছে৷ সম্প্ৰতি তেজপুৰৰ গে’ট সুখদা নামৰ নাৰ্ছিংহোমখনৰ আইচিইউত চিকিৎসাধীন হৈ আছে৷ এগৰাকী জীৱিকাসখী হিচাপে কৰ্মৰত যুৱতীগৰাকীয়ে কালি দায়িত্ব সামৰি ঘৰলৈ উভটাৰ পথত বাচ্ছু কৰ নামৰ যুৱকজনে খেদি খেদি এচিডৰে আক্ৰমণ চলায়৷ উল্লেখযোগ্য যে,নিজৰ ক্ষেত্ৰভিত্তিক দায়িত্ব সামৰি উভটাৰ পথত এখন মটৰ চাইকেলৰে অহা…
তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ দুদিনীয়া “আলোকচিত্ৰ প্ৰদৰ্শনী”
সুন্দৰ-অৰ্থবহ আলোকচিত্ৰৰ বাবে উঠি অহা প্ৰজন্মক প্ৰতিযোগিতামুখী কৰি তুলিব লাগিব - উৎপল পঞ্চানন, সভাপতি, তেজপুৰ ফটোগ্ৰাফী ক্লাব
ৰাইজে ধৰে ড্ৰাগছ সৰবৰাহকাৰীক, আৰক্ষীয়ে দিয়ে এৰিঃ ক্ষুব্ধ জনতাৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৬ ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী পেঙেৰী অঞ্চলত ড্ৰাগছৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে স্থানীয় আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত আজি পেঙেৰীবাসী ৰাইজৰ হৈ শতাধিক পুৰুষ, মহিলাই জিলা সদৰ তিনিচুকীয়াত প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাইজৰ অভিযোগ অনুসৰি পেঙেৰী থানাৰ অন্তৰ্গত গাঁওসমূহত আৰক্ষী প্ৰশাসনৰ যিদৰে ড্ৰাগছ বিৰোধী অভিযান হ’ব লাগিছিল তেনেদৰে অভিযান চলোৱা দৃষ্টিগোচৰ হোৱা নাই। অতি শেহতীয়াকৈ পেঙেৰী থানাৰ অন্তৰ্গত তৰাণী গাঁৱৰ পৰা ৰাইজে ধৰি দিয়া ৫ ড্ৰাগছ সৰবৰাহকাৰীক থানালৈ নি…
ভাল খবৰ
মাননীয় সম্পাদক মহোদয়,
ইংৰাজী নৱবর্ষৰ এক তাৰিখে বাতৰি কাকতবোৰৰ প্রথম পৃষ্ঠাত ভাল ভাল খবৰবোৰ প্রকাশ হয় । ই এটা ভাল কথা । কিন্তু বছৰৰ অন্য দিনবোৰৰ সকলোবোৰ ভাল খবৰ সাধাৰণতে কাকতবোৰৰ প্রথম পৃষ্ঠাত প্রকাশ কৰা দেখা নাযায়। কিন্তু প্রত্যেক দিনৰ বাতৰি কাকতত এটা হ’লেও ভাল খবৰ থাকে, হয়তো ভিতৰৰ পৃষ্ঠাত প্রকাশ পায়। এই পত্রৰ দ্বাৰা আমি বাতৰি কাকতৰ সম্পাদকসকলক এটা অনুৰোধ জনাব বিছাৰিছো যে ভাল খবৰবোৰ যাতে সদায় বাতৰি কাকতৰ প্রথম পৃষ্ঠাত প্রকাশ কৰে। তদুপৰি, বছৰৰ শেষত আমাৰ ৰাজ্যখনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি প্ৰতিবেদন প্ৰস্তুত কৰা দেখা যায়…
তেজপুৰ চলচ্চিত্ৰ মহোৎসৱ – ২০২২ আৰম্ভ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ,২৬ ডিচেম্বৰঃ কেবাটাও ভাষাৰ ছখন পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ আৰু দুখন চুটি ছবিৰে আজিৰে পৰা ২৯ ডিচেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত আৰম্ভ হৈছে "তেজপুৰ চলচ্চিত্ৰ মহোৎসৱ - ২০২২"। আজি বিয়লি ৪ বজাত তেজপুৰ চলচ্চিত্ৰ মঞ্চৰ সভাপতি, অৱসৰপ্ৰাপ্ত অধ্যাপক শৈলজা কুমাৰ পদ্মপতি, সাধাৰণ সম্পাদক, বিশিষ্ট চলচ্চিত্ৰ অভিনেতা অৰুণ নাথকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এক মাংগলিক পৰিৱেশত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে এই মহোৎসৱ শুভাৰম্ভ হয়। তেজপুৰ…
লখিমপুৰত কাকৈ নৈৰ বলুকাত কবিতাৰ গুঞ্জন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ লখিমপুৰ ২৬ ডিচেম্বৰ: কাব্য, সাহিত্য, সংস্কৃতিৰ অনুষ্ঠান লখিমপুৰ জিলা বহুভাষিক কবি সন্মিলনৰ সৌজন্যত ২৫ ডিচেম্বৰত "লখিমপুৰ জিলা বহুভাষিক কবি সন্মিলনৰ এখনি বৈঠক, শীতৰ দুপৰীয়া বহুভাষিক কবিতাৰ গুঞ্জন আৰু সমন্বয়ৰ এসাঁজ" শীৰ্ষক এটি ব্যতিক্ৰমধৰ্মী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। কাকৈনৈৰ বলুকাত ১২ বজাৰ পৰা ১২-৪০ বজালৈ অসম বহুভাষিক কবি সন্মিলনৰ বিশিষ্ট কবি কেন্দ্ৰীয় সভাপতি অজিত দত্তৰ পৰ্যবেক্ষণত কাৰ্যনিৰ্বাহক বৈঠকখনি অনুষ্ঠিত হয়। দুপৰীয়া ১২.৪০ বজাৰ পৰা ১২.৫৫ বজাত শিক্ষাবিদ ড° দিলীপ কুমাৰ ঝা, কবি, গল্পকাৰ মায়া…
মৰ্মন্তুদঃ তিনিচুকীয়াত ঘৰৰ ভিতৰতে অগ্নিদগ্ধ হৈ ডেৰ বছৰীয়া পুত্ৰসহ নিহত মাতৃ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৬ ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ পানীতোলা থানাৰ অন্তৰ্গত বেটিয়নী গাঁৱত দেওবাৰে নিশা সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত কৰুণভাৱে মৃত্যুমুখত পৰে ডেৰ বছৰীয়া সন্তানসহ এগৰাকী মাতৃ ৷ নিজ বাসগৃহৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লোৱা মাতৃ আৰু তেওঁৰ ডেৰ বছৰীয়া পুত্ৰ ক্ৰমে পুনম গোৱালা (২২) আৰু ৰমেশ গোৱালা বুলি প্ৰকাশ ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে দেওবাৰে নিশা প্ৰায় ৯/৯.৩০ বজাত অজ্ঞাত উৎসৰ পৰা বেটিয়নী গাঁৱৰ মানেশ্বৰ গোৱালা নামৰ ব্যক্তিজনৰ বাসগৃহত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ৷ ঘটনাৰ সময়ত ঘৰত এজনো…
