Browsing Category
অসম
ভাল খবৰ
মাননীয় সম্পাদক মহোদয়,
ইংৰাজী নৱবর্ষৰ এক তাৰিখে বাতৰি কাকতবোৰৰ প্রথম পৃষ্ঠাত ভাল ভাল খবৰবোৰ প্রকাশ হয় । ই এটা ভাল কথা । কিন্তু বছৰৰ অন্য দিনবোৰৰ সকলোবোৰ ভাল খবৰ সাধাৰণতে কাকতবোৰৰ প্রথম পৃষ্ঠাত প্রকাশ কৰা দেখা নাযায়। কিন্তু প্রত্যেক দিনৰ বাতৰি কাকতত এটা হ’লেও ভাল খবৰ থাকে, হয়তো ভিতৰৰ পৃষ্ঠাত প্রকাশ পায়। এই পত্রৰ দ্বাৰা আমি বাতৰি কাকতৰ সম্পাদকসকলক এটা অনুৰোধ জনাব বিছাৰিছো যে ভাল খবৰবোৰ যাতে সদায় বাতৰি কাকতৰ প্রথম পৃষ্ঠাত প্রকাশ কৰে। তদুপৰি, বছৰৰ শেষত আমাৰ ৰাজ্যখনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি প্ৰতিবেদন প্ৰস্তুত কৰা দেখা যায়…
তেজপুৰ চলচ্চিত্ৰ মহোৎসৱ – ২০২২ আৰম্ভ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ,২৬ ডিচেম্বৰঃ কেবাটাও ভাষাৰ ছখন পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ আৰু দুখন চুটি ছবিৰে আজিৰে পৰা ২৯ ডিচেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত আৰম্ভ হৈছে "তেজপুৰ চলচ্চিত্ৰ মহোৎসৱ - ২০২২"। আজি বিয়লি ৪ বজাত তেজপুৰ চলচ্চিত্ৰ মঞ্চৰ সভাপতি, অৱসৰপ্ৰাপ্ত অধ্যাপক শৈলজা কুমাৰ পদ্মপতি, সাধাৰণ সম্পাদক, বিশিষ্ট চলচ্চিত্ৰ অভিনেতা অৰুণ নাথকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এক মাংগলিক পৰিৱেশত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে এই মহোৎসৱ শুভাৰম্ভ হয়। তেজপুৰ…
লখিমপুৰত কাকৈ নৈৰ বলুকাত কবিতাৰ গুঞ্জন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ লখিমপুৰ ২৬ ডিচেম্বৰ: কাব্য, সাহিত্য, সংস্কৃতিৰ অনুষ্ঠান লখিমপুৰ জিলা বহুভাষিক কবি সন্মিলনৰ সৌজন্যত ২৫ ডিচেম্বৰত "লখিমপুৰ জিলা বহুভাষিক কবি সন্মিলনৰ এখনি বৈঠক, শীতৰ দুপৰীয়া বহুভাষিক কবিতাৰ গুঞ্জন আৰু সমন্বয়ৰ এসাঁজ" শীৰ্ষক এটি ব্যতিক্ৰমধৰ্মী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। কাকৈনৈৰ বলুকাত ১২ বজাৰ পৰা ১২-৪০ বজালৈ অসম বহুভাষিক কবি সন্মিলনৰ বিশিষ্ট কবি কেন্দ্ৰীয় সভাপতি অজিত দত্তৰ পৰ্যবেক্ষণত কাৰ্যনিৰ্বাহক বৈঠকখনি অনুষ্ঠিত হয়। দুপৰীয়া ১২.৪০ বজাৰ পৰা ১২.৫৫ বজাত শিক্ষাবিদ ড° দিলীপ কুমাৰ ঝা, কবি, গল্পকাৰ মায়া…
মৰ্মন্তুদঃ তিনিচুকীয়াত ঘৰৰ ভিতৰতে অগ্নিদগ্ধ হৈ ডেৰ বছৰীয়া পুত্ৰসহ নিহত মাতৃ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৬ ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ পানীতোলা থানাৰ অন্তৰ্গত বেটিয়নী গাঁৱত দেওবাৰে নিশা সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত কৰুণভাৱে মৃত্যুমুখত পৰে ডেৰ বছৰীয়া সন্তানসহ এগৰাকী মাতৃ ৷ নিজ বাসগৃহৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লোৱা মাতৃ আৰু তেওঁৰ ডেৰ বছৰীয়া পুত্ৰ ক্ৰমে পুনম গোৱালা (২২) আৰু ৰমেশ গোৱালা বুলি প্ৰকাশ ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে দেওবাৰে নিশা প্ৰায় ৯/৯.৩০ বজাত অজ্ঞাত উৎসৰ পৰা বেটিয়নী গাঁৱৰ মানেশ্বৰ গোৱালা নামৰ ব্যক্তিজনৰ বাসগৃহত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ৷ ঘটনাৰ সময়ত ঘৰত এজনো…
বৰ্ণাঢ্য ৰূপত দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱ আৰম্ভ
শতাব্দ প্ৰতিনিধি, দিচাংমুখ, ২৬ ডিচেম্বৰঃ অসমৰ থলুৱা পৰ্যটন উদ্যোগক গতি প্ৰদান কৰাৰ লক্ষ্যৰে দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱ আজিৰে পৰা আৰম্ভ হৈছে। দিচাং-ব্ৰহ্মপুত্ৰঃ ২০২২ উৎসৱ উদযাপন সমিতিৰ উদ্যোগত দিচাং-ব্ৰহ্মপুত্ৰ ইক' টুৰিজিম ডেভেলপমেন্ট কমিটি, শিৱসাগৰ জিলা প্ৰশাসন, মিছিং স্বায়ত্তশাসিত পৰিষদ আৰু শিৱসাগৰ ৰাইজৰ সহযোগত আজিৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ২৯ ডিচেম্বৰলৈকে দিচাংমুখৰ দিচাং নৈৰ পাৰৰ বলুকাত "দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱ" অনুষ্ঠিত হৈছে। আজি প্ৰথম দিনা আৰম্ভণিতে দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱস্থলীক ড° ভূপেন হাজৰিকা-গণশিল্পী বিক্ৰম সিং য়েইন…
বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন
গুৱাহাটী, ২৪ ডিচেম্বৰঃ নগাঁৱৰ বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদ্যোগত ২৪ ডিচেম্বৰ তাৰিখে গুগল মিটৰ যোগদি এখন কেৰিয়াৰ কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই। কৰ্মশালাখনত ড° বুঢ়াগোহাঁয়ে শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখা, বাণিজ্য শাখা, কলা শাখা তথা বৃত্তিমুখী (vocational) শিক্ষা গ্ৰহণ কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ভৱিষ্যতে কেনেধৰণৰ…
অসম গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলা শাখাৰ উদ্যোগত ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৩ ডিচেম্বৰঃ অসম গণিত শিক্ষায়তন শোণিতপুৰ জিলা শাখাই আজি জিলাখনৰ ৰঙাগড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন কৰে৷ অসম গণিত শিক্ষায়তনৰ প্ৰতিকী গীতেৰে শুভাৰম্ভ হোৱা মূল অনুষ্ঠানত সভাপতিত্ব কৰে সেই বিদ্যালয়ৰে অধ্যক্ষ নিজাম উদ্দিনে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলা শাখাৰ সম্পাদিকা অনামিকা গগৈয়ে৷ গণিত সপ্তৰ্ষি শ্ৰীনিবাস ৰামানুজন আয়েংগাৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে শোণিতপুৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক প্ৰভাত দাসে৷…
তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাৰ উদ্যোগ সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰাপক ড° জুৰি দত্তক বিশেষ সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৩ ডিচেম্বৰঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড° জুৰি দত্তই ২০২২ বৰ্ষৰ সাহিত্য অকাডেমি অনুবাদ বঁটাৰে সন্মানিত হৈ তেজপুৰ বিশ্ববিদ্যালয় পৰিয়ালক গৌৰৱান্বিত কৰিছে। বিগত প্ৰায় দুটা দশক ধৰি গল্প চৰ্চা আৰু অনুবাদৰ সৈতে জড়িত দত্তই বৰ্তমানলৈকে ভাৰতীয় ভাষাৰ বহুতো গল্প আৰু মূলত: উত্তৰ-পূৱ ভাৰতৰ গল্পৰ অনুবাদেৰে অসমীয়া অনুবাদ সাহিত্যক সমৃদ্ধ কৰি আহিছে৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সভা-গৃহত আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক-সংস্থাৰ উদ্যোগত আয়োজিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত ড° জুৰি দত্তক…
শোণিতপুৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৩ ডিচেম্বৰঃ চাৰিদুৱাৰ ৰাজহ চক্ৰ অন্তৰ্গত নামেৰী সংৰক্ষিত বনাঞ্চল আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলৰ আশে-পাশে থকা অঞ্চলত বনভোজকাৰী দ'লবোৰে মদ্যপান কৰা তথা প্লাষ্টিক ব্যৱহাৰ কৰি আৱৰ্জনাৰ সৃষ্টি হোৱা ফলত জৈৱ প্ৰাকৃতিক পৰিৱেশ বিনষ্টৰ লগতে প্ৰাকৃতিক জলভাগ দুষিত হোৱাৰ উপৰি জলভাগত পৰি দুৰ্ঘটনা হোৱাৰো প্ৰতিবেদন লাভ কৰা পৰিপ্ৰেক্ষিতত শোণিতপুৰ জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কিছু নিষেধাজ্ঞা আৰোপ কৰিছে। সেই অনুসৰি বনভোজস্থলী বা নদীৰ ঘাটত জৈৱ বৈচিত্ৰ্য বিঘ্নিত হোৱা যিকোনো…
বেছেৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী তিনিদিয়া বর্ণাঢ্য কাৰ্যসূচীৰে উদযাপন
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৩ডিচেম্বৰঃ তেজপুৰৰ সমীপৱৰ্তী বেছেৰীয়াৰ একাংশ বিদ্বান ব্যক্তিৰ প্ৰচেষ্টাত ১৯৪৬ত প্ৰতিষ্ঠা হোৱা বেছেৰীয়া উচ্চ মাধ্যমিক বিদ্যালয় ১৯৯২ চনত উচ্চতৰ মাধ্যমিকলৈ উন্নীত হয়৷বৰ্তমান বেছেৰীয়াৰ একমাত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খনে সম্পূৰ্ণ কৰিলে গৌৰৱউজ্জল ৭৫ টা বছৰ৷ কালিৰে পৰা এইখন ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ অনুষ্ঠিত হৈছে হীৰক জয়ন্তী সমাৰোহ৷হীৰকজয়ন্তী সমাৰোহৰ কাৰ্যসূচী অনুসৰি কালি পুৱা পতাকা উত্তোলনৰ পিছত আৰম্ভ হয় বৰ্নাঢ্য সাংস্কৃতিক শোভাযাত্ৰা৷অৱসৰপ্ৰাপ্ত তথা বৰ্তমানৰ শিক্ষক কৰ্মচাৰী,ছাত্ৰছাত্ৰী আৰু অভিভাৱক…
