Browsing Category

অসম

বৰ্ণাঢ্য ৰূপত দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱ আৰম্ভ 

শতাব্দ প্ৰতিনিধি, দিচাংমুখ, ২৬ ডিচেম্বৰঃ অসমৰ থলুৱা পৰ্যটন উদ্যোগক গতি প্ৰদান কৰাৰ লক্ষ্যৰে দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱ আজিৰে পৰা আৰম্ভ হৈছে। দিচাং-ব্ৰহ্মপুত্ৰঃ ২০২২ উৎসৱ উদযাপন সমিতিৰ উদ্যোগত দিচাং-ব্ৰহ্মপুত্ৰ ইক' টুৰিজিম ডেভেলপমেন্ট কমিটি, শিৱসাগৰ জিলা প্ৰশাসন, মিছিং স্বায়ত্তশাসিত পৰিষদ আৰু শিৱসাগৰ ৰাইজৰ সহযোগত আজিৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ২৯ ডিচেম্বৰলৈকে  দিচাংমুখৰ দিচাং নৈৰ পাৰৰ বলুকাত "দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱ" অনুষ্ঠিত হৈছে।  আজি প্ৰথম দিনা আৰম্ভণিতে দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱস্থলীক ড° ভূপেন হাজৰিকা-গণশিল্পী বিক্ৰম সিং য়েইন…

বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন

 গুৱাহাটী, ২৪ ডিচেম্বৰঃ নগাঁৱৰ বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদ্যোগত ২৪ ডিচেম্বৰ  তাৰিখে গুগল মিটৰ যোগদি এখন কেৰিয়াৰ কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা  তথা অসম ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ  যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই। কৰ্মশালাখনত ড° বুঢ়াগোহাঁয়ে শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখা, বাণিজ্য  শাখা, কলা শাখা তথা বৃত্তিমুখী (vocational) শিক্ষা গ্ৰহণ কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ভৱিষ্যতে কেনেধৰণৰ…

অসম গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলা শাখাৰ উদ্যোগত ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৩ ডিচেম্বৰঃ অসম গণিত শিক্ষায়তন শোণিতপুৰ জিলা শাখাই  আজি জিলাখনৰ ৰঙাগড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন কৰে৷ অসম গণিত শিক্ষায়তনৰ প্ৰতিকী গীতেৰে শুভাৰম্ভ হোৱা মূল অনুষ্ঠানত  সভাপতিত্ব কৰে সেই বিদ্যালয়ৰে অধ্যক্ষ নিজাম উদ্দিনে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলা শাখাৰ সম্পাদিকা অনামিকা গগৈয়ে৷ গণিত সপ্তৰ্ষি শ্ৰীনিবাস ৰামানুজন আয়েংগাৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে শোণিতপুৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক  প্ৰভাত দাসে৷…

তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাৰ উদ্যোগ সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰাপক ড° জুৰি দত্তক বিশেষ সম্বৰ্ধনা 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৩ ডিচেম্বৰঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড° জুৰি দত্তই ২০২২ বৰ্ষৰ সাহিত্য অকাডেমি অনুবাদ বঁটাৰে সন্মানিত হৈ তেজপুৰ বিশ্ববিদ্যালয় পৰিয়ালক গৌৰৱান্বিত কৰিছে। বিগত প্ৰায় দুটা দশক ধৰি গল্প চৰ্চা আৰু অনুবাদৰ সৈতে জড়িত দত্তই বৰ্তমানলৈকে ভাৰতীয় ভাষাৰ বহুতো গল্প আৰু মূলত: উত্তৰ-পূৱ ভাৰতৰ গল্পৰ অনুবাদেৰে অসমীয়া অনুবাদ সাহিত্যক সমৃদ্ধ কৰি আহিছে৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সভা-গৃহত আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক-সংস্থাৰ উদ্যোগত আয়োজিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত ড° জুৰি দত্তক…

শোণিতপুৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৩ ডিচেম্বৰঃ চাৰিদুৱাৰ ৰাজহ চক্ৰ অন্তৰ্গত নামেৰী সংৰক্ষিত বনাঞ্চল আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলৰ আশে-পাশে থকা অঞ্চলত বনভোজকাৰী দ'লবোৰে মদ্যপান কৰা তথা প্লাষ্টিক ব্যৱহাৰ কৰি  আৱৰ্জনাৰ সৃষ্টি হোৱা ফলত জৈৱ প্ৰাকৃতিক পৰিৱেশ বিনষ্টৰ লগতে প্ৰাকৃতিক জলভাগ দুষিত হোৱাৰ উপৰি জলভাগত পৰি দুৰ্ঘটনা হোৱাৰো  প্ৰতিবেদন লাভ কৰা পৰিপ্ৰেক্ষিতত শোণিতপুৰ জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কিছু নিষেধাজ্ঞা আৰোপ কৰিছে। সেই অনুসৰি বনভোজস্থলী বা নদীৰ ঘাটত জৈৱ বৈচিত্ৰ্য বিঘ্নিত হোৱা যিকোনো…

বেছেৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী তিনিদিয়া বর্ণাঢ্য কাৰ্যসূচীৰে উদযাপন 

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২৩ডিচেম্বৰঃ তেজপুৰৰ সমীপৱৰ্তী বেছেৰীয়াৰ একাংশ বিদ্বান ব্যক্তিৰ প্ৰচেষ্টাত ১৯৪৬ত প্ৰতিষ্ঠা হোৱা বেছেৰীয়া উচ্চ মাধ্যমিক বিদ্যালয় ১৯৯২ চনত উচ্চতৰ মাধ্যমিকলৈ উন্নীত হয়৷বৰ্তমান বেছেৰীয়াৰ একমাত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খনে সম্পূৰ্ণ কৰিলে গৌৰৱউজ্জল ৭৫ টা বছৰ৷ কালিৰে পৰা এইখন ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ অনুষ্ঠিত হৈছে হীৰক জয়ন্তী সমাৰোহ৷হীৰকজয়ন্তী সমাৰোহৰ কাৰ্যসূচী অনুসৰি কালি পুৱা পতাকা উত্তোলনৰ পিছত আৰম্ভ হয় বৰ্নাঢ্য সাংস্কৃতিক শোভাযাত্ৰা৷অৱসৰপ্ৰাপ্ত তথা বৰ্তমানৰ শিক্ষক কৰ্মচাৰী,ছাত্ৰছাত্ৰী আৰু অভিভাৱক…

তেজপুৰত এহেজাৰ কাৰ্টন চোৰাং সুৰা জব্দ:গ্ৰেপ্তাৰ চাৰিজনক

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২৩ডিচেম্বৰঃ অৰুণাচল প্ৰদেশৰ পৰা দেশৰ সুৰা নিষিদ্ধ ৰাজ্যলৈ  বৃহৎ পৰিমানৰ সুৰা গোপনে সৰবৰাহ হৈ থকাৰ বিষয়ে অভিযোগ উঠি অহাৰ সময়তে আজি কাহিলি পুৱাতে শোণিতপুৰৰ আৱকাৰি বিভাগে অতি কৌশলৰে মণিপুৰলৈ বুলি কঢ়িয়াই অনা প্ৰায় এহেজাৰ কাৰ্টন অৰুণাচলী সুৰা তেজপুৰত জব্দ কৰিবলৈ সক্ষম হয়৷উল্লেখযোগ্য যে এএছ০১ইচি৪০৬৭ আৰু এএছ০১ডিডি ৪১৬২ নম্বৰ ১২চকাৰ ট্ৰাক দুখনৰ এটা অংশত কংক্ৰিটৰ ইটা জাপি ইয়াৰ পিছত কঢ়িয়াই অনা হৈছিল এই চোৰাং সুৰা৷একোখন ট্ৰাকত পাঁচশ কাৰ্টনকৈ সুৰা কঢ়িয়াই অনাৰ বিষয়ে আৱকাৰী বিভাগে লাভকৰা আগতীয়া তথ্যৰ ভিত্তিত…

ৰমেন দুৱৰাক সমতা সাহিত্য অকাডেমিৰ ‘শিক্ষক ৰত্ন’ বঁটা

মুক্তাৰ আলী, ২৩ ডিচেম্বৰ : কেৰ্লিফনিয়া পাব্লিক ইউনিভাৰ্ছিটিৰ স্বীকৃতিপ্ৰাপ্ত ভাৰত চৰকাৰৰ অধীনস্থ সমতা সাহিত্য অকাডেমিয়ে 'ইণ্টাৰনেচনেল ৰিচাৰ্ছ ফাউণ্ডেশ্যনৰ'ৰ সহযোগত আগবঢ়োৱা শিক্ষক ৰত্ন বঁটাৰে সন্মানিত হ'ল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ তিনটিয়া আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমেন দুৱৰা। ২২ ডিচেম্বৰত হোটেল বেংগালুৰু গেট'ৰ কনফাৰেন্স হলত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপকসকলৰ লগত একেলগে তেওঁ এই বিশেষ বঁটা গ্ৰহণ কৰে। অনুষ্ঠানটোত কেৰ্লিফৰ্ণিয়া পাব্লিক…

তেজপুৰত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ “উত্তৰ পূব থিয়েটাৰ উৎসৱ – ২০২২”

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ ডিচেম্বৰঃ দেশত চলি থকা অন্ধ বিশ্বাস আৰু কু- সংস্কাৰৰ ফলত এতিয়াও কেতবোৰ প্ৰত্যন্ত অঞ্চলত ভূত - প্ৰেত বিশ্বাসৰ সমান্তৰাল ভাৱে ডাইনী বিশ্বাস চলি আহিছে। সেই একেই বিশ্বাসৰ দ্বাৰা পশ্চিম বংগ বা কেতবোৰ অঞ্চলত "বাঁয়েন" নামৰ সমাজৰ অন্ধ বিশ্বাসৰ বলী হোৱা এগৰাকী মহিলাৰ কাহিনীৰে প্ৰসিদ্ধ সাহিত্যিক মহাশ্বেতা দেৱীয়ে ৰচনা কৰা "বাঁয়েন " শীৰ্ষক গল্পৰ আধাৰত পদ্মশ্ৰী ৰীতা গাংগুলীয়ে পৰিচালনা কৰা নাটকেৰে কালি দ্বিতীয় নিশা এন এছ ডি ৰেপাৰেটৰী কোম্পানীৰ নাটকে  বাণ থিয়েটাৰ জীপাল কৰি তোলে। উল্লেখ্য যে, ৰাষ্ট্ৰীয় নাট্য…

তেজপুৰত সুৰীয়া – সাংগীতিক অনুষ্ঠানত 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ ডিচেম্বৰঃ অসমীয়া আধুনিক সংগীত ক্ষেত্ৰখনলৈ এক আশাব্যঞ্জক বতৰা কঢ়িয়াই স্বনামধন্য গীতিকাৰ-সুৰকাৰ, অৱসৰপ্ৰাপ্ত অধ্যাপক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি ইদ্ৰিছ আলিৰ সংগীত যাত্ৰাৰ সোণালী জয়ন্তী উপলক্ষে কাঁচিজোন প্ৰকাশনে বিশিষ্ট কন্ঠশিল্পী দুৰ্গাময়ী বৰাৰ কন্ঠত ১৫ টিকৈ গীত বাণীবদ্ধ কৰি উলিওৱাৰ পিছত আজি সংস্কৃতিৰ নগৰী তেজপুৰত আনুষ্ঠানিক ভাৱে শ্ৰোতা - জনতাৰ মাজলৈ উৎসৰ্গিত হ'ল। উল্লেখ্য যে, প্ৰসিদ্ধ গীতিকাৰ ইদ্ৰিছ আলিয়ে  বিভিন্ন সময়ত ৰচনা কৰা ভিন্ন বিষয়ৰ এই গীত কেইটি যাদুকৰী সংগীতেৰে অনন্য ৰূপত…