Browsing Category
অসম
তেজপুৰত এহেজাৰ কাৰ্টন চোৰাং সুৰা জব্দ:গ্ৰেপ্তাৰ চাৰিজনক
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৩ডিচেম্বৰঃ অৰুণাচল প্ৰদেশৰ পৰা দেশৰ সুৰা নিষিদ্ধ ৰাজ্যলৈ বৃহৎ পৰিমানৰ সুৰা গোপনে সৰবৰাহ হৈ থকাৰ বিষয়ে অভিযোগ উঠি অহাৰ সময়তে আজি কাহিলি পুৱাতে শোণিতপুৰৰ আৱকাৰি বিভাগে অতি কৌশলৰে মণিপুৰলৈ বুলি কঢ়িয়াই অনা প্ৰায় এহেজাৰ কাৰ্টন অৰুণাচলী সুৰা তেজপুৰত জব্দ কৰিবলৈ সক্ষম হয়৷উল্লেখযোগ্য যে এএছ০১ইচি৪০৬৭ আৰু এএছ০১ডিডি ৪১৬২ নম্বৰ ১২চকাৰ ট্ৰাক দুখনৰ এটা অংশত কংক্ৰিটৰ ইটা জাপি ইয়াৰ পিছত কঢ়িয়াই অনা হৈছিল এই চোৰাং সুৰা৷একোখন ট্ৰাকত পাঁচশ কাৰ্টনকৈ সুৰা কঢ়িয়াই অনাৰ বিষয়ে আৱকাৰী বিভাগে লাভকৰা আগতীয়া তথ্যৰ ভিত্তিত…
ৰমেন দুৱৰাক সমতা সাহিত্য অকাডেমিৰ ‘শিক্ষক ৰত্ন’ বঁটা
মুক্তাৰ আলী, ২৩ ডিচেম্বৰ : কেৰ্লিফনিয়া পাব্লিক ইউনিভাৰ্ছিটিৰ স্বীকৃতিপ্ৰাপ্ত ভাৰত চৰকাৰৰ অধীনস্থ সমতা সাহিত্য অকাডেমিয়ে 'ইণ্টাৰনেচনেল ৰিচাৰ্ছ ফাউণ্ডেশ্যনৰ'ৰ সহযোগত আগবঢ়োৱা শিক্ষক ৰত্ন বঁটাৰে সন্মানিত হ'ল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ তিনটিয়া আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমেন দুৱৰা। ২২ ডিচেম্বৰত হোটেল বেংগালুৰু গেট'ৰ কনফাৰেন্স হলত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপকসকলৰ লগত একেলগে তেওঁ এই বিশেষ বঁটা গ্ৰহণ কৰে। অনুষ্ঠানটোত কেৰ্লিফৰ্ণিয়া পাব্লিক…
তেজপুৰত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ “উত্তৰ পূব থিয়েটাৰ উৎসৱ – ২০২২”
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ ডিচেম্বৰঃ দেশত চলি থকা অন্ধ বিশ্বাস আৰু কু- সংস্কাৰৰ ফলত এতিয়াও কেতবোৰ প্ৰত্যন্ত অঞ্চলত ভূত - প্ৰেত বিশ্বাসৰ সমান্তৰাল ভাৱে ডাইনী বিশ্বাস চলি আহিছে। সেই একেই বিশ্বাসৰ দ্বাৰা পশ্চিম বংগ বা কেতবোৰ অঞ্চলত "বাঁয়েন" নামৰ সমাজৰ অন্ধ বিশ্বাসৰ বলী হোৱা এগৰাকী মহিলাৰ কাহিনীৰে প্ৰসিদ্ধ সাহিত্যিক মহাশ্বেতা দেৱীয়ে ৰচনা কৰা "বাঁয়েন " শীৰ্ষক গল্পৰ আধাৰত পদ্মশ্ৰী ৰীতা গাংগুলীয়ে পৰিচালনা কৰা নাটকেৰে কালি দ্বিতীয় নিশা এন এছ ডি ৰেপাৰেটৰী কোম্পানীৰ নাটকে বাণ থিয়েটাৰ জীপাল কৰি তোলে। উল্লেখ্য যে, ৰাষ্ট্ৰীয় নাট্য…
তেজপুৰত সুৰীয়া – সাংগীতিক অনুষ্ঠানত
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ ডিচেম্বৰঃ অসমীয়া আধুনিক সংগীত ক্ষেত্ৰখনলৈ এক আশাব্যঞ্জক বতৰা কঢ়িয়াই স্বনামধন্য গীতিকাৰ-সুৰকাৰ, অৱসৰপ্ৰাপ্ত অধ্যাপক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি ইদ্ৰিছ আলিৰ সংগীত যাত্ৰাৰ সোণালী জয়ন্তী উপলক্ষে কাঁচিজোন প্ৰকাশনে বিশিষ্ট কন্ঠশিল্পী দুৰ্গাময়ী বৰাৰ কন্ঠত ১৫ টিকৈ গীত বাণীবদ্ধ কৰি উলিওৱাৰ পিছত আজি সংস্কৃতিৰ নগৰী তেজপুৰত আনুষ্ঠানিক ভাৱে শ্ৰোতা - জনতাৰ মাজলৈ উৎসৰ্গিত হ'ল। উল্লেখ্য যে, প্ৰসিদ্ধ গীতিকাৰ ইদ্ৰিছ আলিয়ে বিভিন্ন সময়ত ৰচনা কৰা ভিন্ন বিষয়ৰ এই গীত কেইটি যাদুকৰী সংগীতেৰে অনন্য ৰূপত…
তেজপুৰত জলজীৱানৰ দিল্লীৰ ৰাষ্ট্ৰীয় দল উপস্থিত
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ডিচেম্বৰঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত ছাৰি খনকৈ গাঁৱত আজি জলজীৱান আছনি ৰূপায়ন অথা সজাগতাৰ বিভিন্ন দিশ পৰিদৰ্শন কৰে ৰাষ্ট্ৰীয় দল এটাই। আজি পুৱাই জগদীশ সিং চিব আৰু জি এছ ওজা ৰাষ্ট্ৰীয় খোৱা পানী অনাময় আৰু স্বচ্ছতাৰ বিশেষজ্ঞ (জল সকতি মন্ত্ৰালয়) নতুন দিল্লীৰ দলটোৱে শোণিতপুৰ জিলাৰ ব্লক ৰঙাপাৰাৰ দুৰ্ৰুং, বৰজুলি, ৰঙাপাৰা, নাহাৰাণী গাওঁ পৰিদৰ্শন কৰে য'ত জেজেএম আঁচনি চলি আছে। তেওঁলোকৰ ভ্ৰমণৰ সময়ত তেজপুৰ সংমণ্ডলৰ কায্যবাহী অভিযন্ত্ৰা আৰু সহকাৰী কায্যবহী অভিযন্ত্ৰা দুয়োজন…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী
উত্তৰ লখিমপুৰ, ১৮ ডিচেম্বৰঃ গৌৰৱোজ্জ্বল ৫০ বৰ্ষত ভৰি দিয়া উপলক্ষে আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ বাবে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই সভাপতিত্ব কৰা সভাখনিত উদ্দেশ্য ব্যাখ্যা কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড০ হৰিণী পাটোৱাৰী দাসে। সভাৰ আৰম্ভণিতে মহাবিদ্যালয়খনৰ ছমহীয়া নিউজ লেটাৰ এল কম্ নিউজ উন্মোচন কৰে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ড° মুহিধৰ পূজাৰীয়ে। বিশিষ্ট শিক্ষাবিদ তথা লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ…
তেজপুৰৰ বাণ থিয়েটাৰত শুভাৰম্ভ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ “উত্তৰ পূৱ থিয়েটাৰ উৎসৱ – ২০২২”
শতাব্দ প্ৰতিনিধি, ১৭ ডিচেম্বৰঃ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত আৰু তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত কালিৰে পৰা দেশৰ আগশাৰীৰ নাট্য দলৰ চাৰিখনকৈ বিখ্যাত নাটকেৰে আৰম্ভ হৈছে এন এছ ডিৰ "উত্তৰ পূব থিয়েটাৰ উৎসৱ - ২০২২"। অহা ১৯ ডিচেম্বৰলৈকে সন্ধিয়া ৬ বজাৰ পৰা মঞ্চস্থ হ'ব লগা এই থিয়েটাৰ উৎসৱ কালি সন্ধিয়া বাণ থিয়েটাৰৰ উপসভাপতিদ্বয় ভৱানন্দ দাস, দিলীপ বৰা, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে বাণ থিয়েটাৰৰ প্ৰতিষ্ঠাপক সম্পাদক, সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ নাতি তথা অৱসৰপ্ৰাপ্ত…
তেজপুৰত পথ দুৰ্ঘটনাঃ হতাহত চাৰি
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৭ডিচেম্বৰঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী ভোমোৰাগুৰিৰ সমীপৰ কছাৰীপামত আজি বিয়লি প্ৰায় তিনিবজাত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত মুঠ চাৰিজন লোক হতাহত হয়৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এএছ১২চিচি ১০৯২ নম্বৰ বাহনখনে এখন ইৰিক্সা মহটিয়াই নিয়াত ইৰিক্সাখনৰ চালক সহ চাৰিজন লোক গুৰুতৰ ভাবে আহত হয়৷পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগতে আহত সকলক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় য’দিও ইতিমধ্যে কৰৈয়নি বঙালী গাঁৱৰ আবু আৰু ভোজখোৱাৰ ছহিদুল ইছলামৰ মৃত্যু ঘটে৷এই ঘটনাৰ পাছতে ক্ষুব্ধ একাংশ লোকে পথ অৱৰোধ কৰে য’দিও…
তেজপুৰত শুভাৰম্ভ “ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ” আৰু অসম চৰকাৰৰ “ৰাজ্যিক বিজ্ঞান মেলা”
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৭ ডিচেম্বৰঃ ৰাজ্যখনৰ প্ৰায় তিনি শতাধিক শিশু বিজ্ঞানী আৰু শতাধিক বিজ্ঞানী আৰু বিজ্ঞান শিক্ষকৰ উপস্থিতিৰে কালিৰে পৰা ১৯ ডিচেম্বৰলৈকে চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰৰ নেহৰু ময়দান আৰু তেজপুৰৰ ঐতিহ্যমণ্ডিত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা ৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ "অসম ৰাজ্যিক সমাৰোহ" ৰ লগতে অসম চৰকাৰৰ "ৰাজ্যিক বিজ্ঞান" মেলাৰ আজি দ্বিতীয় দিনটোত পুৱা ৩০ খন শিশু বিজ্ঞান সমাৰোহৰ পতাকাৰ লগতে অসম বিজ্ঞান সমিতি সহ ৩৮ খনকৈ পতাকা সংগীত শিল্পী অনিল কুমাৰ…
সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫১ সংখ্যক ওপজা দিনত তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ শ্ৰদ্ধাঞ্জলি
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৬ ডিচেম্বৰঃ তাহানিতেই অসমীয়া ভাষা-সাহিত্যৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে অনবদ্য অৱদান আগবঢ়াই যোৱা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা কিয় সেইসময়ত বৃটিছ শাসকৰ বিৰুদ্ধে বিশেষ ভাৱে সোচ্চাৰ হোৱা নাছিল? বৃটিছ চৰকাৰে প্ৰথমবাৰৰ বাবে ৰায়বাহাদুৰ উপাধি প্ৰদান কৰা পদ্মনাথ গোহাঞি বৰুৱা আচলতে সেইখিনি সময়ত বৃটিছৰ সমৰ্থক আছিল নেকি? সততে বিভিন্ন সময়ত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ সন্দৰ্ভত এই অভিযোগ উত্থাপন হৈ যদিও আজি তেজপুৰত সাহিত্য কাণ্ডাৰী গৰাকীৰ ১৫১ সংখ্যক ওপজা দিনৰ এক বিশেষ বক্তৃতানুষ্ঠানত সাহিত্য…
