Browsing Category
অসম
তেজপুৰত স্কুটিৰ খুন্দাত নিহত চাইকেল আৰোহী
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৬ডিচেম্বৰঃ আজি পুৱা প্ৰায় ৯ বজাত তেজপুৰৰ হলেশ্বৰত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক নিহত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, তেজপুৰৰ নিকটৱৰ্তী নাহৰণি অঞ্চলৰ বাসিন্দা কণক বড়ো(৬০) চাইকেলৰে তেজপুৰ শ’লমৰাস্হিত কৰ্মস্থলীলৈ গৈ থকা সময়ত এখন তীব্ৰবেগী স্কুটিয়ে চাইকেল আৰোহী বড়োক খুন্দিয়াই পলায়ন কৰে। এই ঘটনাত গুৰুতৰ ভাবে আহত হোৱা বড়োক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে লোকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ ইপিনে, দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ন কৰা স্কুটীখনৰ নম্বৰ এএছ ১২ এছ ৮৬৩৩ বুলি একাংশ…
গুৱাহাটীৰ লাচিত ঘাটত দুদিনীয়াকৈ মঞ্চস্থ হ’ব “লাচিত-বুৰঞ্জী লিখা তৰোৱাল”
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬ডিচেম্বৰঃ ইতিমধ্যে তেজপুৰত অভূতপূৰ্ব সাফল্যৰে মঞ্চায়ন হৈ গ’ল৷ এইবাৰ মঞ্চায়ন হ’ব গুৱাহাটীত৷ এক অমৰ চৰিত্ৰ৷ যাৰ নামে জাতিক জগাই, যাৰ নামে সঞ্চাৰিত কৰিব পাৰে জাতিক তথা দেশক ভালপোৱা প্ৰতিজনৰে শৰীৰৰ ধমনিত ৰক্তৰ উঞ্চ প্ৰৱাহ৷ চাৰিশ বছৰৰ পাছত সেই মহাবীৰ লাচিতকেই এইবাৰ দেখা পোৱা যাব গুৱাহাটীৰ লাচিত ঘাটত৷ ঐতিহাসিক শৰাইঘাটৰ নিলগতে পুনৰ ঘূৰিব মহাবীৰ লাচিতৰ মোমাই কটা হেংদাং৷ উল্লেখযোগ্য যে,গুৱাহটীত ১৭ আৰু ১৮ ডিচেম্বৰৰ সন্ধিয়া ‘প্ৰজ্ঞা’ৰ উদ্যোগত বীৰ লাচিত বৰফুকনৰ চাৰিশ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি তেজপুৰৰ…
লখিমপুৰত ট্ৰেক্টৰৰ খুন্দাত মহাবিদ্যালয়ৰ ছাত্ৰী নিহত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৬ ডিচেম্বৰঃ আজি পুৱাই উত্তৰ লখিমপুৰ নগৰৰ চুতীয়াকাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই ঘটনাত এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰীয়ে প্ৰাণ হেৰুৱাব লগা হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱা ৮.৩০ মান বজাত বধাকৰা সোণোৱাল গাঁৱৰ গণেশ সোণোৱলৰ একমাত্ৰ কন্যা তথা লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ স্নাতক বৰ্ষৰ ছাত্ৰী দুলুমণি সোণোৱালে মহাবিদ্যালয়লৈ বুলি অসম চৰকাৰে প্ৰদান কৰা স্কুটিৰে আহি থকাৰ সময়তে বধাকৰা-চুতীয়াকাৰী সংযোগী পথৰ চুতীয়াকাৰী নামঘৰৰ সমীপত এখন ট্ৰেক্টৰে ছাত্ৰীগৰাকীক প্ৰচণ্ড জোৰেৰে খুন্দা মৰাত ছাত্ৰীগৰাকীৰ থিতাতে…
লখিমপুৰৰ ঘূনাসুঁতিত সোৱণশিৰিৰ ওপৰত ৩৮৩ কোটি টকীয়া দলঙৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ
বিকাশৰ পষেক কাৰ্যসূচীৰে ৰাজ্যত বিকাশৰ গংগা বৈছে- ড॰ হিমন্ত বিশ্ব শৰ্মা
লখিমপুৰ নগৰৰ চিলাৰায়ৰ প্ৰতিমূৰ্ত্তিত দুবৃৰ্ত্তৰ হাতোৰা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ ডিচেম্বৰঃ লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত থকা বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূত্তিটো কোনো দুবৃৰ্ত্তই ভঙাৰ সন্দেহ ব্যক্ত কৰিছে কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে৷ এই ভগ্ন প্ৰতিমূৰ্ত্তিটো শীঘ্ৰে পুনৰ নিৰ্মাণৰ দাবীত কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে লখিমপুৰৰ জিলা উপায়ুক্তক স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনাইছে৷ উল্লেখ্য যে কোনো দুবৃৰ্ত্তই বিশ্ববীৰজনাৰ প্ৰতিমূৰ্ত্তি ক্ষতিগ্ৰস্ত কৰা বুলি সকলোৱে সন্দেহ প্ৰকাশ কৰিছে৷ যাৰবাবে কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰূপজ্যোতি দত্ত কোচৰ নেতৃত্বত এটা সঁজাতি দলে…
মুকলিৰ পথত ৰঙানৈৰ ওপৰত নতুন পকী দলং
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ ডিচেম্বৰঃ ৰঙানৈৰ ওপৰত এখন নতুন দলং। উত্তৰ লক্ষীমপুৰ নগৰৰ সমীপৰ পাঁচনৈত ৰঙানদীৰ ওপৰত ৬৯৮.০২ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা পকী দলংখন ১৬ ডিচেম্বৰত মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০১৮-১৯ বৰ্ষৰ নাবাৰ্ডৰ RIDF XXIVৰ মহাবীৰ লাচিত চিলাৰায় সেতু নিৰ্মাণ অভিযান আঁচনিৰ অধীনত নিৰ্মাণ কৰা এই দলংখনে লক্ষীমপুৰৰ পৰা অৰুণাচললৈ পোনপতীয়া পথ যোগাযোগ সম্ভৱ কৰি তুলিব। একেদৰে লক্ষীমপুৰৰ পৰ্যটনৰ ক্ষেত্ৰতো দলংখনে প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিব। দলংখন নিৰ্মাণৰ দায়িত্বত আছিল প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ লক্ষী চুতীয়া।
জামুগুৰিহাটত ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপনৰ প্ৰস্তুতি আৰম্ভ
জামুগুৰিহাট, ১৫ ডিচেম্বৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পকামূৰা পথাৰত ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্ততি আৰম্ভ হৈছে ৷ ভাওনাথলিৰ ভূমি উন্নয়ণৰ কাম কালি শোণিতপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই শুভাৰম্ভ কৰাৰ পিছত সম্প্ৰতি উদযাপন কমিটিখনৰ সকলোবোৰ উপ কমিটিয়ে নিজা নিজা দায়িত্ব নিয়াৰিকৈ পালন কৰা পৰিলক্ষিত হৈছে ৷ আজি দুপৰীয়া বাৰেচহৰীয়া ভাওনাৰ অস্থায়ী কাৰ্য্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত উদযাপন কমিটিৰ মুখপাত্ৰ নিতুমনি বৰাই কয় যে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পকামূৰা পথাৰত অহা মাৰ্চত মাহত অনুষ্ঠিত হব বাৰেচহৰীয়া…
তেজপুৰৰ বাঙালী অবৈতনিক নাট্য সমাজৰ ১২৫ বছৰীয়া জয়ন্তীৰ শুভাৰম্ভ ১৮ ডিচেম্বৰত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৫ ডিচেম্বৰঃ তেজপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত তেজপুৰ বাঙলী অবৈতনিক নাট্য সমাজৰ ১২৫ বছৰীয়া জয়ন্তী আৰম্ভ হ’ব অহা ১৮ ডিচেম্বৰত৷ আজি এক সংবাদমেলত এই কথা প্ৰকাশ কৰাৰ লগতে ইয়াৰ বাবে আয়োজিত কাৰ্যসূচীৰ বিষয়েও সদৰী কৰা হয়।উল্লেখযোগ্য যে, ইংৰাজ আৰু মানৰ মাজত ১৮২৬ ত হোৱা ইয়াণ্ডাবু সন্ধিৰ পিছত অসমৰ শাসন ইংৰাজৰ অধীনলৈ যায় আৰু ইয়াৰ পাছতে ৰাজ্যৰ লগতে তেজপুৰতো গঢ়ি উঠা ক’ৰ্ট কাছাৰীৰ কামকে ধৰি বিভিন্ন কামৰ বাবে ব্ৰিটিছৰ প্ৰশাসকৰ তৎপৰতাতে একাংশ বাঙালী লোক তেজপুৰলৈ আহে।ধীৰে ধীৰে তেজপুৰলৈ সোঁত বোৱা আৰু বিভিন্ন কামত…
অসম সাহিত্য সভাৰ সপ্তম কাৰ্যনিৰ্বাহকত উপস্থিত থাকিবৰ বাবে আহ্বান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৫ ডিচেম্বৰঃ অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখন অহা ২৪ ডিচেম্বৰ ২০২২ তাৰিখ শনিবাৰে নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত পুৱা ১০ বজাৰ পৰা নলবাৰী নাট্য মন্দিৰত আয়োজন কৰা হৈছে। এই পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাত সভাৰ সকলো বিষয়ববীয়া, কাৰ্যনিৰ্বাহক সদস্যৰ লগতে জিলাখনৰ কাৰ্যনিৰ্বাহক সদস্যৰ উপস্থিতি কামনা কৰিছে। তেজপুৰত প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সভাখনৰ গুৰুত্ব বুজি সকলোৰে নিশ্চিত উপস্থিতি কামনা কৰিছে।
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত ডিজিটেল বেংকিং সজাগতা অভিযান.
উত্তৰ লখিমপুৰ, ১৪ ডিচেম্বৰ:লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি ডিজিটেল বেংকিং সম্পৰ্কে এক সজাগতা অভিযান অনুষ্ঠিত হয়। আইচিআইচিআই বেংকৰ উত্তৰ লখিমপুৰ শাখাৰ সহযোগত মহাবিদ্যালয়খনৰ আইকিউএ চেলৰ দ্বাৰা উত্তম অনুশীলন কাৰ্যসূচীৰ অংশ হিচাপে আয়োজন কৰা সজাগতা সভাখন উদ্বোধন কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই। এই অভিযানৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়খনৰ বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক সৌৰভ চক্ৰৱৰ্তীয়ে। উত্তৰ লখিমপুৰ শাখাৰ আইচিআইচিআই বেংকৰ শাখা পৰিচালক তথা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ জাহুৰ খানে বেংকিং খণ্ডত…
