Browsing Category
অসম
তেজপুৰত জলজীৱানৰ দিল্লীৰ ৰাষ্ট্ৰীয় দল উপস্থিত
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ডিচেম্বৰঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত ছাৰি খনকৈ গাঁৱত আজি জলজীৱান আছনি ৰূপায়ন অথা সজাগতাৰ বিভিন্ন দিশ পৰিদৰ্শন কৰে ৰাষ্ট্ৰীয় দল এটাই। আজি পুৱাই জগদীশ সিং চিব আৰু জি এছ ওজা ৰাষ্ট্ৰীয় খোৱা পানী অনাময় আৰু স্বচ্ছতাৰ বিশেষজ্ঞ (জল সকতি মন্ত্ৰালয়) নতুন দিল্লীৰ দলটোৱে শোণিতপুৰ জিলাৰ ব্লক ৰঙাপাৰাৰ দুৰ্ৰুং, বৰজুলি, ৰঙাপাৰা, নাহাৰাণী গাওঁ পৰিদৰ্শন কৰে য'ত জেজেএম আঁচনি চলি আছে। তেওঁলোকৰ ভ্ৰমণৰ সময়ত তেজপুৰ সংমণ্ডলৰ কায্যবাহী অভিযন্ত্ৰা আৰু সহকাৰী কায্যবহী অভিযন্ত্ৰা দুয়োজন…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী
উত্তৰ লখিমপুৰ, ১৮ ডিচেম্বৰঃ গৌৰৱোজ্জ্বল ৫০ বৰ্ষত ভৰি দিয়া উপলক্ষে আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ বাবে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই সভাপতিত্ব কৰা সভাখনিত উদ্দেশ্য ব্যাখ্যা কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড০ হৰিণী পাটোৱাৰী দাসে। সভাৰ আৰম্ভণিতে মহাবিদ্যালয়খনৰ ছমহীয়া নিউজ লেটাৰ এল কম্ নিউজ উন্মোচন কৰে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ড° মুহিধৰ পূজাৰীয়ে। বিশিষ্ট শিক্ষাবিদ তথা লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ…
তেজপুৰৰ বাণ থিয়েটাৰত শুভাৰম্ভ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ “উত্তৰ পূৱ থিয়েটাৰ উৎসৱ – ২০২২”
শতাব্দ প্ৰতিনিধি, ১৭ ডিচেম্বৰঃ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত আৰু তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত কালিৰে পৰা দেশৰ আগশাৰীৰ নাট্য দলৰ চাৰিখনকৈ বিখ্যাত নাটকেৰে আৰম্ভ হৈছে এন এছ ডিৰ "উত্তৰ পূব থিয়েটাৰ উৎসৱ - ২০২২"। অহা ১৯ ডিচেম্বৰলৈকে সন্ধিয়া ৬ বজাৰ পৰা মঞ্চস্থ হ'ব লগা এই থিয়েটাৰ উৎসৱ কালি সন্ধিয়া বাণ থিয়েটাৰৰ উপসভাপতিদ্বয় ভৱানন্দ দাস, দিলীপ বৰা, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে বাণ থিয়েটাৰৰ প্ৰতিষ্ঠাপক সম্পাদক, সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ নাতি তথা অৱসৰপ্ৰাপ্ত…
তেজপুৰত পথ দুৰ্ঘটনাঃ হতাহত চাৰি
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৭ডিচেম্বৰঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী ভোমোৰাগুৰিৰ সমীপৰ কছাৰীপামত আজি বিয়লি প্ৰায় তিনিবজাত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত মুঠ চাৰিজন লোক হতাহত হয়৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এএছ১২চিচি ১০৯২ নম্বৰ বাহনখনে এখন ইৰিক্সা মহটিয়াই নিয়াত ইৰিক্সাখনৰ চালক সহ চাৰিজন লোক গুৰুতৰ ভাবে আহত হয়৷পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগতে আহত সকলক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় য’দিও ইতিমধ্যে কৰৈয়নি বঙালী গাঁৱৰ আবু আৰু ভোজখোৱাৰ ছহিদুল ইছলামৰ মৃত্যু ঘটে৷এই ঘটনাৰ পাছতে ক্ষুব্ধ একাংশ লোকে পথ অৱৰোধ কৰে য’দিও…
তেজপুৰত শুভাৰম্ভ “ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ” আৰু অসম চৰকাৰৰ “ৰাজ্যিক বিজ্ঞান মেলা”
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৭ ডিচেম্বৰঃ ৰাজ্যখনৰ প্ৰায় তিনি শতাধিক শিশু বিজ্ঞানী আৰু শতাধিক বিজ্ঞানী আৰু বিজ্ঞান শিক্ষকৰ উপস্থিতিৰে কালিৰে পৰা ১৯ ডিচেম্বৰলৈকে চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰৰ নেহৰু ময়দান আৰু তেজপুৰৰ ঐতিহ্যমণ্ডিত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা ৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ "অসম ৰাজ্যিক সমাৰোহ" ৰ লগতে অসম চৰকাৰৰ "ৰাজ্যিক বিজ্ঞান" মেলাৰ আজি দ্বিতীয় দিনটোত পুৱা ৩০ খন শিশু বিজ্ঞান সমাৰোহৰ পতাকাৰ লগতে অসম বিজ্ঞান সমিতি সহ ৩৮ খনকৈ পতাকা সংগীত শিল্পী অনিল কুমাৰ…
সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫১ সংখ্যক ওপজা দিনত তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ শ্ৰদ্ধাঞ্জলি
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৬ ডিচেম্বৰঃ তাহানিতেই অসমীয়া ভাষা-সাহিত্যৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে অনবদ্য অৱদান আগবঢ়াই যোৱা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা কিয় সেইসময়ত বৃটিছ শাসকৰ বিৰুদ্ধে বিশেষ ভাৱে সোচ্চাৰ হোৱা নাছিল? বৃটিছ চৰকাৰে প্ৰথমবাৰৰ বাবে ৰায়বাহাদুৰ উপাধি প্ৰদান কৰা পদ্মনাথ গোহাঞি বৰুৱা আচলতে সেইখিনি সময়ত বৃটিছৰ সমৰ্থক আছিল নেকি? সততে বিভিন্ন সময়ত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ সন্দৰ্ভত এই অভিযোগ উত্থাপন হৈ যদিও আজি তেজপুৰত সাহিত্য কাণ্ডাৰী গৰাকীৰ ১৫১ সংখ্যক ওপজা দিনৰ এক বিশেষ বক্তৃতানুষ্ঠানত সাহিত্য…
তেজপুৰত স্কুটিৰ খুন্দাত নিহত চাইকেল আৰোহী
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৬ডিচেম্বৰঃ আজি পুৱা প্ৰায় ৯ বজাত তেজপুৰৰ হলেশ্বৰত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক নিহত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, তেজপুৰৰ নিকটৱৰ্তী নাহৰণি অঞ্চলৰ বাসিন্দা কণক বড়ো(৬০) চাইকেলৰে তেজপুৰ শ’লমৰাস্হিত কৰ্মস্থলীলৈ গৈ থকা সময়ত এখন তীব্ৰবেগী স্কুটিয়ে চাইকেল আৰোহী বড়োক খুন্দিয়াই পলায়ন কৰে। এই ঘটনাত গুৰুতৰ ভাবে আহত হোৱা বড়োক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে লোকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ ইপিনে, দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ন কৰা স্কুটীখনৰ নম্বৰ এএছ ১২ এছ ৮৬৩৩ বুলি একাংশ…
গুৱাহাটীৰ লাচিত ঘাটত দুদিনীয়াকৈ মঞ্চস্থ হ’ব “লাচিত-বুৰঞ্জী লিখা তৰোৱাল”
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬ডিচেম্বৰঃ ইতিমধ্যে তেজপুৰত অভূতপূৰ্ব সাফল্যৰে মঞ্চায়ন হৈ গ’ল৷ এইবাৰ মঞ্চায়ন হ’ব গুৱাহাটীত৷ এক অমৰ চৰিত্ৰ৷ যাৰ নামে জাতিক জগাই, যাৰ নামে সঞ্চাৰিত কৰিব পাৰে জাতিক তথা দেশক ভালপোৱা প্ৰতিজনৰে শৰীৰৰ ধমনিত ৰক্তৰ উঞ্চ প্ৰৱাহ৷ চাৰিশ বছৰৰ পাছত সেই মহাবীৰ লাচিতকেই এইবাৰ দেখা পোৱা যাব গুৱাহাটীৰ লাচিত ঘাটত৷ ঐতিহাসিক শৰাইঘাটৰ নিলগতে পুনৰ ঘূৰিব মহাবীৰ লাচিতৰ মোমাই কটা হেংদাং৷ উল্লেখযোগ্য যে,গুৱাহটীত ১৭ আৰু ১৮ ডিচেম্বৰৰ সন্ধিয়া ‘প্ৰজ্ঞা’ৰ উদ্যোগত বীৰ লাচিত বৰফুকনৰ চাৰিশ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি তেজপুৰৰ…
লখিমপুৰত ট্ৰেক্টৰৰ খুন্দাত মহাবিদ্যালয়ৰ ছাত্ৰী নিহত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৬ ডিচেম্বৰঃ আজি পুৱাই উত্তৰ লখিমপুৰ নগৰৰ চুতীয়াকাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই ঘটনাত এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰীয়ে প্ৰাণ হেৰুৱাব লগা হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱা ৮.৩০ মান বজাত বধাকৰা সোণোৱাল গাঁৱৰ গণেশ সোণোৱলৰ একমাত্ৰ কন্যা তথা লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ স্নাতক বৰ্ষৰ ছাত্ৰী দুলুমণি সোণোৱালে মহাবিদ্যালয়লৈ বুলি অসম চৰকাৰে প্ৰদান কৰা স্কুটিৰে আহি থকাৰ সময়তে বধাকৰা-চুতীয়াকাৰী সংযোগী পথৰ চুতীয়াকাৰী নামঘৰৰ সমীপত এখন ট্ৰেক্টৰে ছাত্ৰীগৰাকীক প্ৰচণ্ড জোৰেৰে খুন্দা মৰাত ছাত্ৰীগৰাকীৰ থিতাতে…
লখিমপুৰৰ ঘূনাসুঁতিত সোৱণশিৰিৰ ওপৰত ৩৮৩ কোটি টকীয়া দলঙৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ
বিকাশৰ পষেক কাৰ্যসূচীৰে ৰাজ্যত বিকাশৰ গংগা বৈছে- ড॰ হিমন্ত বিশ্ব শৰ্মা
