Browsing Category
অসম
লখিমপুৰ নগৰৰ চিলাৰায়ৰ প্ৰতিমূৰ্ত্তিত দুবৃৰ্ত্তৰ হাতোৰা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ ডিচেম্বৰঃ লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত থকা বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূত্তিটো কোনো দুবৃৰ্ত্তই ভঙাৰ সন্দেহ ব্যক্ত কৰিছে কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে৷ এই ভগ্ন প্ৰতিমূৰ্ত্তিটো শীঘ্ৰে পুনৰ নিৰ্মাণৰ দাবীত কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে লখিমপুৰৰ জিলা উপায়ুক্তক স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনাইছে৷ উল্লেখ্য যে কোনো দুবৃৰ্ত্তই বিশ্ববীৰজনাৰ প্ৰতিমূৰ্ত্তি ক্ষতিগ্ৰস্ত কৰা বুলি সকলোৱে সন্দেহ প্ৰকাশ কৰিছে৷ যাৰবাবে কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰূপজ্যোতি দত্ত কোচৰ নেতৃত্বত এটা সঁজাতি দলে…
মুকলিৰ পথত ৰঙানৈৰ ওপৰত নতুন পকী দলং
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ ডিচেম্বৰঃ ৰঙানৈৰ ওপৰত এখন নতুন দলং। উত্তৰ লক্ষীমপুৰ নগৰৰ সমীপৰ পাঁচনৈত ৰঙানদীৰ ওপৰত ৬৯৮.০২ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা পকী দলংখন ১৬ ডিচেম্বৰত মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০১৮-১৯ বৰ্ষৰ নাবাৰ্ডৰ RIDF XXIVৰ মহাবীৰ লাচিত চিলাৰায় সেতু নিৰ্মাণ অভিযান আঁচনিৰ অধীনত নিৰ্মাণ কৰা এই দলংখনে লক্ষীমপুৰৰ পৰা অৰুণাচললৈ পোনপতীয়া পথ যোগাযোগ সম্ভৱ কৰি তুলিব। একেদৰে লক্ষীমপুৰৰ পৰ্যটনৰ ক্ষেত্ৰতো দলংখনে প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিব। দলংখন নিৰ্মাণৰ দায়িত্বত আছিল প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ লক্ষী চুতীয়া।
জামুগুৰিহাটত ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপনৰ প্ৰস্তুতি আৰম্ভ
জামুগুৰিহাট, ১৫ ডিচেম্বৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পকামূৰা পথাৰত ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্ততি আৰম্ভ হৈছে ৷ ভাওনাথলিৰ ভূমি উন্নয়ণৰ কাম কালি শোণিতপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই শুভাৰম্ভ কৰাৰ পিছত সম্প্ৰতি উদযাপন কমিটিখনৰ সকলোবোৰ উপ কমিটিয়ে নিজা নিজা দায়িত্ব নিয়াৰিকৈ পালন কৰা পৰিলক্ষিত হৈছে ৷ আজি দুপৰীয়া বাৰেচহৰীয়া ভাওনাৰ অস্থায়ী কাৰ্য্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত উদযাপন কমিটিৰ মুখপাত্ৰ নিতুমনি বৰাই কয় যে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পকামূৰা পথাৰত অহা মাৰ্চত মাহত অনুষ্ঠিত হব বাৰেচহৰীয়া…
তেজপুৰৰ বাঙালী অবৈতনিক নাট্য সমাজৰ ১২৫ বছৰীয়া জয়ন্তীৰ শুভাৰম্ভ ১৮ ডিচেম্বৰত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৫ ডিচেম্বৰঃ তেজপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত তেজপুৰ বাঙলী অবৈতনিক নাট্য সমাজৰ ১২৫ বছৰীয়া জয়ন্তী আৰম্ভ হ’ব অহা ১৮ ডিচেম্বৰত৷ আজি এক সংবাদমেলত এই কথা প্ৰকাশ কৰাৰ লগতে ইয়াৰ বাবে আয়োজিত কাৰ্যসূচীৰ বিষয়েও সদৰী কৰা হয়।উল্লেখযোগ্য যে, ইংৰাজ আৰু মানৰ মাজত ১৮২৬ ত হোৱা ইয়াণ্ডাবু সন্ধিৰ পিছত অসমৰ শাসন ইংৰাজৰ অধীনলৈ যায় আৰু ইয়াৰ পাছতে ৰাজ্যৰ লগতে তেজপুৰতো গঢ়ি উঠা ক’ৰ্ট কাছাৰীৰ কামকে ধৰি বিভিন্ন কামৰ বাবে ব্ৰিটিছৰ প্ৰশাসকৰ তৎপৰতাতে একাংশ বাঙালী লোক তেজপুৰলৈ আহে।ধীৰে ধীৰে তেজপুৰলৈ সোঁত বোৱা আৰু বিভিন্ন কামত…
অসম সাহিত্য সভাৰ সপ্তম কাৰ্যনিৰ্বাহকত উপস্থিত থাকিবৰ বাবে আহ্বান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৫ ডিচেম্বৰঃ অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখন অহা ২৪ ডিচেম্বৰ ২০২২ তাৰিখ শনিবাৰে নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত পুৱা ১০ বজাৰ পৰা নলবাৰী নাট্য মন্দিৰত আয়োজন কৰা হৈছে। এই পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাত সভাৰ সকলো বিষয়ববীয়া, কাৰ্যনিৰ্বাহক সদস্যৰ লগতে জিলাখনৰ কাৰ্যনিৰ্বাহক সদস্যৰ উপস্থিতি কামনা কৰিছে। তেজপুৰত প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সভাখনৰ গুৰুত্ব বুজি সকলোৰে নিশ্চিত উপস্থিতি কামনা কৰিছে।
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত ডিজিটেল বেংকিং সজাগতা অভিযান.
উত্তৰ লখিমপুৰ, ১৪ ডিচেম্বৰ:লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি ডিজিটেল বেংকিং সম্পৰ্কে এক সজাগতা অভিযান অনুষ্ঠিত হয়। আইচিআইচিআই বেংকৰ উত্তৰ লখিমপুৰ শাখাৰ সহযোগত মহাবিদ্যালয়খনৰ আইকিউএ চেলৰ দ্বাৰা উত্তম অনুশীলন কাৰ্যসূচীৰ অংশ হিচাপে আয়োজন কৰা সজাগতা সভাখন উদ্বোধন কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই। এই অভিযানৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়খনৰ বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক সৌৰভ চক্ৰৱৰ্তীয়ে। উত্তৰ লখিমপুৰ শাখাৰ আইচিআইচিআই বেংকৰ শাখা পৰিচালক তথা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ জাহুৰ খানে বেংকিং খণ্ডত…
ৰাজ্যৰ বিশিষ্ট পৰিৱেশ কৰ্মী জয়নাল আবেদিন ওৰফে বেণুদাক সাহায্যৰ প্ৰয়োজন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৩ ডিচেম্বৰ : ৰাজ্যৰ এজন বিশিষ্ট পৰিৱেশ কৰ্মী তথা উত্তৰ পূৰ্বাঞ্চলৰ ইক' টুৰিজিম ধাৰণাৰ বাটকটীয়াস্বৰূপ তিনিচুকীয়াৰ গুইজান নিবাসী জয়নাল আবেদিন ওৰফে বেণু সম্প্ৰতি এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে ৷ বিশেষজ্ঞ চিকিৎসকৰ মতে তৎকালীন বৃক্ক সংৰোপনেই হৈছে পৰিৱেশ সংৰক্ষণৰ কৰ্মৰাজিৰে আন্তৰ্জাতিক খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা বেণুদা বুলি জনপ্ৰিয় প্ৰকৃতিপ্ৰেমীজনৰ শেষ চিকিৎসা ৷ ইতিমধ্যেই আর্থিকভাৱে জুৰুলা হৈ পৰা বেণুদাৰ পৰিয়ালক এনে ব্যয়বহুল চিকিৎসাৰ বাবে প্ৰয়োজন প্ৰায় ৩৫ লাখৰো অধিক…
লখিমপুৰৰ ৰাজপথত ড্ৰাগছ আসক্ত যুৱকে গছকি ভাঙিলে বিলাসী বাহন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৩ ডিচেম্বৰঃ লখিমপুৰ নগৰৰ মাজ মজিয়াত এজন ড্ৰাগছ আসক্ত যুৱকে এখন বিলাসী বাহন গছকি ভঙাৰ ঘটনাই সমগ্ৰ লখিমপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সোমবাৰে পুৱা দৈনিক বজাৰৰ মধু নামৰ ড্ৰাগছ আসক্ত যুৱকজনে নিচাত আসক্ত হৈ পথৰ দাঁতিত ৰাখি থোৱা এ এছ ০৭ এফ ৯৭৭৭ নম্বৰৰ আই ১০ নিউজ নামৰ বাহনখনৰ ওপৰত উঠি জঁপিয়াই জঁপিয়াই গাড়ীখন বিধবস্ত কৰাৰ লগতে খিৰিকীৰ আইনাসমূহ ভাঙি চুৰ্চুমৈ কৰে৷ উত্তৰ লখিমপুৰ নগৰৰ জ্যেষ্ঠ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ গোবিন শইকীয়াই নিজৰ গাড়ীখন এন টি ৰোডত ৰখাই থোৱাৰ সময়ত এই ঘটনা সংঘটিত হয়৷ এই ঘটনাৰ পিছতে…
তিনিচুকীয়া প্ৰেছ ক্লাবৰ উদ্যোগত ড্ৰাগছৰ ওপৰত সজাগতামূলক কৰ্মশালা সম্পন্ন
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ ডিচেম্বৰঃ আজি তিনিচুকীয়া প্ৰেছ ক্লাবৰ উদ্যোগত তথা জিলা শিক্ষা বিভাগৰ সহযোগত স্থানীয় চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত 'যুৱ সমাজৰ ড্ৰাগছৰ প্ৰতি বৰ্দ্ধিত আসক্তি আৰু ইয়াৰ প্ৰতিকাৰ' শীৰ্ষক বিষয়ৰ ওপৰত এক সজাগতামূলক কৰ্মশালাৰ আয়োজন কৰা হয়। জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰৰ সঞ্চালনাত অনুষ্ঠিত কৰ্মশালাত মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভেষজ বিদ্যা বিভাগৰ অধ্যাপক ড° বিভূতি ভূষণ কাকতিয়ে বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ, এই সমূহৰ ব্যৱহাৰ/অপব্যৱহাৰ আৰু…
তিনিচুকীয়া পালেহি কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ ডিচেম্বৰঃ সমগ্ৰ দেশৰ লগতে অসমতো ধুবুৰীৰ পৰা শদিয়ালৈ আৰম্ভ হোৱা কংগ্ৰেছ দলৰ ’ভাৰত জোড়ো যাত্ৰা’ আজি তিনিচুকীয়াত উপস্থিত হয়। উল্লেখ্য, এই যাত্ৰাই আজি তিনিচুকীয়াত ৪৩ দিন সম্পূৰ্ণ কৰে। আজি স্থানীয় দহোতীয়াচুক বিহুতলীৰ ৰাজহুৱা পৰা যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে এক ৰাজহুৱা সভাৰ আয়োজন কৰা হয়৷ সভাৰ অন্তত দহোতীয়াচুক বিহুতলীৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে শিৱধাম পৰ্যন্ত যাত্ৰা বাহিৰ কৰা হয়। এই পদযাত্ৰাত আজি কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা, বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুত বৰদলৈ, ৰাজ্যিক…
