Browsing Category
অসম
ৰাজ্যৰ বিশিষ্ট পৰিৱেশ কৰ্মী জয়নাল আবেদিন ওৰফে বেণুদাক সাহায্যৰ প্ৰয়োজন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৩ ডিচেম্বৰ : ৰাজ্যৰ এজন বিশিষ্ট পৰিৱেশ কৰ্মী তথা উত্তৰ পূৰ্বাঞ্চলৰ ইক' টুৰিজিম ধাৰণাৰ বাটকটীয়াস্বৰূপ তিনিচুকীয়াৰ গুইজান নিবাসী জয়নাল আবেদিন ওৰফে বেণু সম্প্ৰতি এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে ৷ বিশেষজ্ঞ চিকিৎসকৰ মতে তৎকালীন বৃক্ক সংৰোপনেই হৈছে পৰিৱেশ সংৰক্ষণৰ কৰ্মৰাজিৰে আন্তৰ্জাতিক খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা বেণুদা বুলি জনপ্ৰিয় প্ৰকৃতিপ্ৰেমীজনৰ শেষ চিকিৎসা ৷ ইতিমধ্যেই আর্থিকভাৱে জুৰুলা হৈ পৰা বেণুদাৰ পৰিয়ালক এনে ব্যয়বহুল চিকিৎসাৰ বাবে প্ৰয়োজন প্ৰায় ৩৫ লাখৰো অধিক…
লখিমপুৰৰ ৰাজপথত ড্ৰাগছ আসক্ত যুৱকে গছকি ভাঙিলে বিলাসী বাহন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৩ ডিচেম্বৰঃ লখিমপুৰ নগৰৰ মাজ মজিয়াত এজন ড্ৰাগছ আসক্ত যুৱকে এখন বিলাসী বাহন গছকি ভঙাৰ ঘটনাই সমগ্ৰ লখিমপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সোমবাৰে পুৱা দৈনিক বজাৰৰ মধু নামৰ ড্ৰাগছ আসক্ত যুৱকজনে নিচাত আসক্ত হৈ পথৰ দাঁতিত ৰাখি থোৱা এ এছ ০৭ এফ ৯৭৭৭ নম্বৰৰ আই ১০ নিউজ নামৰ বাহনখনৰ ওপৰত উঠি জঁপিয়াই জঁপিয়াই গাড়ীখন বিধবস্ত কৰাৰ লগতে খিৰিকীৰ আইনাসমূহ ভাঙি চুৰ্চুমৈ কৰে৷ উত্তৰ লখিমপুৰ নগৰৰ জ্যেষ্ঠ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ গোবিন শইকীয়াই নিজৰ গাড়ীখন এন টি ৰোডত ৰখাই থোৱাৰ সময়ত এই ঘটনা সংঘটিত হয়৷ এই ঘটনাৰ পিছতে…
তিনিচুকীয়া প্ৰেছ ক্লাবৰ উদ্যোগত ড্ৰাগছৰ ওপৰত সজাগতামূলক কৰ্মশালা সম্পন্ন
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ ডিচেম্বৰঃ আজি তিনিচুকীয়া প্ৰেছ ক্লাবৰ উদ্যোগত তথা জিলা শিক্ষা বিভাগৰ সহযোগত স্থানীয় চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত 'যুৱ সমাজৰ ড্ৰাগছৰ প্ৰতি বৰ্দ্ধিত আসক্তি আৰু ইয়াৰ প্ৰতিকাৰ' শীৰ্ষক বিষয়ৰ ওপৰত এক সজাগতামূলক কৰ্মশালাৰ আয়োজন কৰা হয়। জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰৰ সঞ্চালনাত অনুষ্ঠিত কৰ্মশালাত মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভেষজ বিদ্যা বিভাগৰ অধ্যাপক ড° বিভূতি ভূষণ কাকতিয়ে বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ, এই সমূহৰ ব্যৱহাৰ/অপব্যৱহাৰ আৰু…
তিনিচুকীয়া পালেহি কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ ডিচেম্বৰঃ সমগ্ৰ দেশৰ লগতে অসমতো ধুবুৰীৰ পৰা শদিয়ালৈ আৰম্ভ হোৱা কংগ্ৰেছ দলৰ ’ভাৰত জোড়ো যাত্ৰা’ আজি তিনিচুকীয়াত উপস্থিত হয়। উল্লেখ্য, এই যাত্ৰাই আজি তিনিচুকীয়াত ৪৩ দিন সম্পূৰ্ণ কৰে। আজি স্থানীয় দহোতীয়াচুক বিহুতলীৰ ৰাজহুৱা পৰা যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে এক ৰাজহুৱা সভাৰ আয়োজন কৰা হয়৷ সভাৰ অন্তত দহোতীয়াচুক বিহুতলীৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে শিৱধাম পৰ্যন্ত যাত্ৰা বাহিৰ কৰা হয়। এই পদযাত্ৰাত আজি কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা, বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুত বৰদলৈ, ৰাজ্যিক…
উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়তো তাৰকাগৃহ ১৬ ডিচেম্বৰত মুকলি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৩ ডিচেম্বৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়তো তথা দেশৰ ষষ্ঠতো 3D show সমৃদ্ধ আৰু অসমৰ পঞ্চমতো তাৰকাগৃহ অহা ১৬ ডিচেম্বৰ তাৰিখে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে মুকলি কৰিব আপোনালোকৰ উপস্থিতি সাদৰেৰে কামনা কৰাৰ লগতে টিকটৰ মূল্য প্ৰাপ্ত বয়স্কৰ বাবে ৫০ টকা আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে ৩০ টকা নিৰ্ধাৰণ কৰা হৈছে। এই তাৰকাগৃহটি কণ কণ শিশুসকলৰ জ্ঞান অন্বেষণৰ স্থল হোৱাৰ লগতে অনাগত দিনত লক্ষীমপুৰৰ বাবে পৰ্যটনৰ এক সম্পদ হিচাপে দেখা দিব।
লখিমপুৰৰ ৰাজপথত ড্ৰাগছ আসক্ত যুৱকৰ তাণ্ডৱ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৩ ডিচেম্বৰঃ লখিমপুৰ নগৰৰ মাজ মজিয়াত এজন ড্ৰাগছ আসক্ত যুৱকে এখন বিলাসী বাহন গছকি ভঙাৰ ঘটনাই সমগ্ৰ লখিমপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সোমবাৰে পুৱা দৈনিক বজাৰৰ মধু নামৰ ড্ৰাগছ আসক্ত যুৱকজনে নিচাত আসক্ত হৈ পথৰ দাঁতিত ৰাখি থোৱা এ এছ ০৭ এফ ৯৭৭৭ নম্বৰৰ আই ১০ নিউজ নামৰ বাহনখনৰ ওপৰত উঠি জঁপিয়াই জঁপিয়াই গাড়ীখন বিধবস্ত কৰাৰ লগতে খিৰিকীৰ আইনাসমূহ ভাঙি চুৰ্চুমৈ কৰে৷ উত্তৰ লখিমপুৰ নগৰৰ জ্যেষ্ঠ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ গোবিন শইকীয়াই নিজৰ গাড়ীখন এন টি ৰোডত ৰখাই থোৱাৰ সময়ত এই ঘটনা সংঘটিত হয়৷ এই ঘটনাৰ পিছতে মাতাল…
বিহপুৰীয়াত সৰবৰহী যুৱকৰ অকাল মৃত্যুত শোক
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৩ ডিচেম্বৰঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া ভোগদৈগুৰি নিবাসী প্ৰয়াত পুষ্পকান্ত বৰাৰ মাজু পুত্ৰ ভূপেন বৰা (৫০)ৰ আজি পুৱতি নিশা ৩ বজাত অকাল বিয়োগ ঘটে৷ তেওঁৰ বিয়োগত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ মাত্ৰ কেইদিনমানৰ পূৰ্বে বহুমূত্ৰ ৰোগত আক্ৰান্ত হোৱা ভূপেনক যোৱা নিশা উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নি থকাৰ সময়তে জাগীৰোডৰ পথতে তেওঁৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত বৰাই মাতৃ, পত্নী, কণমানি পুত্ৰ সহ জ্যেষ্ঠ ভাতৃ সাংবাদিক দীপেন বৰাৰ লগতে বহু আত্মীয়ক এৰি থৈ যায়৷ সৰবৰহী যুৱকজনৰ অকাল বিয়োগত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷
সফলতাৰে সামৰণি পৰিল “তেজপুৰ সাহিত্য উৎসৱ – ২০২২
অন্তিম দিনত পৰীৰ দেশৰ সাধু, সৃজনীমূলক লেখাৰ দিশ উন্মোচনৰ চৰ্চাই মন্ত্ৰ মুগ্ধ কৰি তোলে উপস্থিত ৰাইজক
“পদ্যৰ সঁফুৰা” গ্ৰন্থৰ বাবে সুৰেন্দ্ৰ মোহন দাসলৈ ‘অকণিৰ সাহিত্য সভা’ৰ ২০২২ চনৰ শ্ৰেষ্ঠ শিশু-গ্ৰন্থৰ বঁটা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২ ডিচেম্বৰঃ শিশু আৰু কিশোৰ-কিশোৰীৰ উপযোগী "পদ্যৰ সঁফুৰা" শীৰ্ষক গ্ৰন্থলৈ ২০২২ চনৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা প্ৰদান কৰিব বুলি আজি তেজপুৰত এক প্ৰেছ বিবৃতি যোগে "অকণিৰ সাহিত্য সভা"ৰ সভাপতি পংকজ বৰুৱা আৰু সম্পাদক ৰাকেশধীৰ মেধিয়ে ঘোষণা কৰিছে। "পদ্যৰ সঁফুৰা" গ্ৰন্থৰ লেখক সুৰেন্দ্ৰ মোহন দাসক অহা ২৪ ডিচেম্বৰত তেজপুৰত অনুষ্ঠিতব্য গাম্ভীৰ্যপূৰ্ণ এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰিব বুলি "অকণিৰ সাহিত্য সভা"ই এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিছে। বিজ্ঞানৰ চমকপ্ৰদ আবিষ্কাৰ ছপা-যন্ত্ৰৰ দ্ৰুত অগ্ৰগতিত কিতাপ প্ৰকাশ…
