Browsing Category
অসম
আমাক শিক্ষকৰ মৰ্যাদা দিয়ক- ধেমাজিত টিউটৰ শিক্ষকৰ বিশাল গণ অৱস্থান
ধেমাজিত চাৰিখন জিলাৰ সহস্ৰাধিক টিউটৰ-কৰ্মচাৰীৰ এক বিশাল গণ সমাৱেশ অনুষ্ঠিত হয়। প্ৰতিবাদীসকলে চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়াৰ লগতে টিউটৰ সকলক শিক্ষকৰ মৰ্যাদা প্ৰদানৰ দাবী জনায়। চাৰি জিলাৰ সহস্ৰাধিক টিউটৰ-কৰ্মচাৰীৰ ঐক্যবদ্ধ যুঁজ-গণ অৱস্থানৰে সকীয়ালে চৰকাৰকশতাব্দ প্ৰতিনিধি, ধেমাজি, ১২ ডিচেম্বৰ : ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ সমষ্টি ধেমাজিত আজি এক বিশাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰাদেশীকৃত শিক্ষক (টিউটৰ) কৰ্মচাৰী যৌথ মঞ্চৰ ধেমাজি, লখিমপুৰ, মাজুলী আৰু বিশ্বনাথ জিলা সমিতিয়ে ৷ আজি দুপৰীয়া ১২ বজাত…
তিনিচুকীয়াত ৰে’লৱেৰ মাটিত থকা ১৫১ বাসগৃহত চলিল বুলডজাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১২ ডিচেম্বৰ : তিনিচুকীয়া চহৰৰ শ্ৰীপুৰীয়া অঞ্চলৰ ৰাজাআলি এলেকাত আজি ৰে’ল বিভাগৰ মাটি অবৈধভাৱে দখল কৰি থকা বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হয় ৷ তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত ৰে’ল বিভাগে চলোৱা এই উচ্ছেদ অভিযানত ৰে’লৱেৰ মাটিত অবৈধভাৱে নিৰ্মাণ কৰা ১৫১ বাসগৃহ বুলডজাৰ লগাই ভাঙি পেলোৱা হয় ৷ উচ্ছেদৰ সময়ত উক্ত স্থানত উদ্ভৱ হ’ব পৰা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ আজি পুৱাৰ ভাগতে মোতায়েন কৰা হয় আৰক্ষী, চি আৰ পি এফ বাহিনী আৰু ৰে’লৱে আৰক্ষীৰ বিশাল দল ৷ ইয়াৰোপৰি কাৰ্য্যবাহী…
ক্ষীৰধৰ বৰুৱাক ২০২২ বৰ্ষৰ “নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বঁটা” প্ৰদান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২ ডিচেম্বৰঃ বিশিষ্ট বিজ্ঞান লেখক, শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত অধ্যাপক ক্ষীৰধৰ বৰুৱাক কালি শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ২০২২ বৰ্ষৰ "নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বঁটা" প্ৰদান কৰে।শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ উদ্যোগত তেজপুৰ সাহিত্য সভা ভৱনত পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত "নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বক্তৃতানুষ্ঠান আৰু বঁটা প্ৰদান" অনুষ্ঠানত "জনসাধাৰণৰ বিজ্ঞান মনস্কতা" শীৰ্ষক বিষয়ত "নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বক্তৃতা প্ৰদান কৰে আন এগৰাকী বিশিষ্ট বিজ্ঞান লেখক তথা দৰংমহাবিদ্যালয়ৰ…
সাংবাদিক হেমন্ত বেজলৈ ‘দুৰ্নীতি বিৰোধী বিশেষ বঁটা’
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ ডিচেম্বৰঃ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে আজি লখিমপুৰৰ এন কে টিভিৰ সাংবাদিক হেমন্ত বেজক ‘দুৰ্নীতি বিৰোধী বিশেষ বঁটা- ২০২২’ প্ৰদান কৰে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা জাৰ্নেলিজিম আৰু মাছ কমিউনিকেশ্বনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা হেমন্ত বেজে ২০১৪ চনৰ পৰা বৈদ্যুতিন মাধ্যমত সেৱা আগবঢ়াই আহিছে৷ এজন আবৃত্তিকাৰ হিচাবেও পৰিচিত বেজক আজি সংগঠনটোৱে কদমৰ নিজা গৃহলৈ গৈ এই বঁটা প্ৰদান কৰে৷
ৰাজ্যৰ বহু ঠাইতে এনেকুৱা দলঙেৰেই চলে বিপজ্জনক যাতায়াত ( ফটো সংবাদ)
এইখন শিৱসাগৰ দিচাংমুখ ঘাটৰ পৰা মাজুলী জিলাৰ চৰ চাপৰিলৈ যোৱা দলং... ৰাজ্যৰ বহু ঠাইতে এনেকুৱা দলঙেৰেই চলে বিপজ্জনক যাতায়াত... ৰাইজে চৰকাৰক কৰা দাবীবোৰ পূৰণ হব কেতিয়া !আলোকচিত্ৰঃ আব্দুল মতিন
তেজপুৰত পুৰোধা শিল্পী দুলাল ৰয় আৰু চৈয়দ ছাদুল্লাক ২০২২ বৰ্ষৰ “চাতক সন্মান” প্ৰদান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১১ ডিচেম্বৰঃ ৰাজ্যখনৰ স্বনামধন্য নাট্যশিল্পী, অভিনেতা, পৰিচালক দুলাল ৰয় আৰু বিশিষ্ট সংগীতশিল্পী, গীতিকাৰ, সংগীত ব্যৱস্থাপক তথা আকাশবাণী ডিব্ৰুগড়ৰৰ প্ৰথমগৰাকী বাতৰি পঢ়োতা, সুললিত কন্ঠৰ প্ৰসিদ্ধ ঘোষক চৈয়দ ছাদুল্লাক কালি সন্ধিয়া তেজপুৰৰ মাজগাঁও শ্ৰীমন্ত শংকৰদেৱ নাট্যমন্দিৰ অনুষ্ঠানত আগবঢ়োৱা হয় ২০২২ বৰ্ষৰ "চাতক সন্মান" । উল্লেখ্য যে, তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান "চাতক"এ ধাৰাবাহিক ভাবে প্ৰতিবছৰেই ৰাজ্যখনৰ শিল্পকলা ক্ষেত্ৰখনৰ সৈতে জড়িত একোগৰাকী বিশিষ্ট ব্যক্তিক ৰাম প্ৰসাদ ভূঞা - ফুলেশ্বৰী…
অসমৰ বাবে ৰেল কেতিয়া সুলভ হ’ব-ৰেলযাত্ৰী সংস্থা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১১ ডিচেম্বৰঃ অসমত ৰে'ল সম্পৰ্কীয় বিষয়বোৰৰ ক্ষেত্ৰত অসম ৰেলযাত্ৰী সংস্থাই আজি ৰঙিয়াত অনুষ্ঠিত এক সংবাদমেলত বিস্তৃতভাবে সদৰী কৰে। সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই জনোৱা মতে-
১) ৰঙিয়া জংচনত ১২৪২৩ ৰাজধানী ষ্টপেজ : বিভিন্ন মহলে কৰি অহা দাবীৰ ফলত এন এফ ৰে'ল কৰ্তৃপক্ষই নামনি অসমৰ লগতে সমগ্ৰ উত্তৰ পাৰৰ জনসাধাৰণৰ বাবে দ্রুতগামী ৰে'লসেৱা আগবঢ়োৱাৰ বাবে সুদীৰ্ঘ দিন ধৰি বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি ১২৪২৩/৪২৪ নং ৰাজধানী এক্সপ্ৰেছৰ এটা ষ্টপেজ ৰঙিয়া জংচনত অনুমোদন দিবলৈ ২০১৬ চনতে দিল্লীস্থ ৰে'ল বৰ্ডলৈ সৰ্বশেষ…
নিশা অৰুণাচলী বন্দুকধাৰীয়ে পাৱাৰ শ্ব’ মেচিনেৰে কাটি নিয়ে লখিমপুৰৰ বনাঞ্চলৰ বৃহৎ বৃহৎ গছ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১১ ডিচেম্বৰঃ লখিমপুৰ জিলা বন সংমণ্ডলৰ অন্তৰ্গত তথা জহিং খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ বনাঞ্চল সমূহত এতিয়া চোৰাং কাঠ ব্যৱসায়ীৰ দৌৰাত্ম্য বৃদ্ধি পাব ধৰিছে৷ এনে চোৰাং কাঠ ব্যৱসায়িক বাধা দিয়াত বনকৰ্মীয়ে চূড়ান্ত ভাৱে ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে৷ এই কথা নিজেই ব্যক্ত কৰে জহিং বন খণ্ডৰ বনকৰ্মীয়ে৷ বন্দুকধাৰী দুবৃৰ্ত্তই নিশা গছ কাটি নিয়াৰ খবৰ লাভ কৰিলেও তেওঁলোকে তেনে কাৰ্য ৰোধ কৰাত অসহায় হৈ পৰে বুলি ব্যক্ত কৰে৷ উল্লেখ্য যে অসম অৰুণাচল সীমান্তৱৰ্তী জহিং বন খণ্ডৰ অন্তৰ্গত বিশেষকৈ জহিং চাহ বাগিচাৰ পৰা প্ৰায়…
প্ৰখ্যাত সাহিত্যিকৰ সৈতে কথোপকথন, অন্তৰংগ আলাপেৰে মনোজ্ঞ তেজপুৰ সাহিত্য উৎসৱ – ২০২২
অসমীয়া সাহিত্যত বুৰঞ্জীয়েই আছিল সাহিত্যিকৰ প্ৰথম আকৰ্ষণ - য়েছে দৰজে ঠংচিঅসমীয়া সাহিত্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব পৰাকৈ শিপাৰ সৈতে ভূমিৰ সংলগ্ন হৈ আছে - অৰিন্দম বৰকটকীহোমেন বৰগোহাঞিৰ অনুপ্ৰেৰণাক স্মৰণ শৰ্মিষ্ঠা প্ৰীতমৰতেজপুৰৰ পৰা মনোজ কুমাৰ শইকীয়া, ১১ ডিচেম্বৰঃ তেজপুৰ সাহিত্য উৎসৱ - ২০২২ ৰ কালি দ্বিতীয় দিনটোত বহুকেইগৰাকী বিশিষ্ট সাহিত্যিকৰ সৈতে বিশেষ আলাপ আৰু নিৰ্দিষ্ট বিষয়ৰ ওপৰত আলাপ অনুষ্ঠানৰ লগতে সাতখনকৈ গ্ৰন্থ উন্মোচনৰে মনোজ্ঞ হৈ পৰে। দিনটোত "সাম্প্ৰতিক অসমীয়া সাহিত্যৰ গতিপথ" শীৰ্ষক মনোজ্ঞ…
তিনিচুকীয়াৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী আৰু হেলমেট প্ৰদান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৯ ডিচেম্বৰ : তিনিচুকীয়া চহৰৰ শ্ৰীপুৰীয়াস্থিত বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য ও অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমাকে ধৰি একাধিক বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মেধাৰ পৰিচয় দিয়া ছাত্ৰ-ছাত্ৰীসকলক ’ড° বাণীকান্ত কাকতি মেধা বঁটা’ ৰূপে স্কুটী প্ৰদান কৰা হয় ৷ উল্লেখ্য, ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭৫ শতাংশ বা তাতোধিক…
