Browsing Category
অসম
উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়তো তাৰকাগৃহ ১৬ ডিচেম্বৰত মুকলি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৩ ডিচেম্বৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়তো তথা দেশৰ ষষ্ঠতো 3D show সমৃদ্ধ আৰু অসমৰ পঞ্চমতো তাৰকাগৃহ অহা ১৬ ডিচেম্বৰ তাৰিখে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে মুকলি কৰিব আপোনালোকৰ উপস্থিতি সাদৰেৰে কামনা কৰাৰ লগতে টিকটৰ মূল্য প্ৰাপ্ত বয়স্কৰ বাবে ৫০ টকা আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে ৩০ টকা নিৰ্ধাৰণ কৰা হৈছে। এই তাৰকাগৃহটি কণ কণ শিশুসকলৰ জ্ঞান অন্বেষণৰ স্থল হোৱাৰ লগতে অনাগত দিনত লক্ষীমপুৰৰ বাবে পৰ্যটনৰ এক সম্পদ হিচাপে দেখা দিব।
লখিমপুৰৰ ৰাজপথত ড্ৰাগছ আসক্ত যুৱকৰ তাণ্ডৱ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৩ ডিচেম্বৰঃ লখিমপুৰ নগৰৰ মাজ মজিয়াত এজন ড্ৰাগছ আসক্ত যুৱকে এখন বিলাসী বাহন গছকি ভঙাৰ ঘটনাই সমগ্ৰ লখিমপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সোমবাৰে পুৱা দৈনিক বজাৰৰ মধু নামৰ ড্ৰাগছ আসক্ত যুৱকজনে নিচাত আসক্ত হৈ পথৰ দাঁতিত ৰাখি থোৱা এ এছ ০৭ এফ ৯৭৭৭ নম্বৰৰ আই ১০ নিউজ নামৰ বাহনখনৰ ওপৰত উঠি জঁপিয়াই জঁপিয়াই গাড়ীখন বিধবস্ত কৰাৰ লগতে খিৰিকীৰ আইনাসমূহ ভাঙি চুৰ্চুমৈ কৰে৷ উত্তৰ লখিমপুৰ নগৰৰ জ্যেষ্ঠ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ গোবিন শইকীয়াই নিজৰ গাড়ীখন এন টি ৰোডত ৰখাই থোৱাৰ সময়ত এই ঘটনা সংঘটিত হয়৷ এই ঘটনাৰ পিছতে মাতাল…
বিহপুৰীয়াত সৰবৰহী যুৱকৰ অকাল মৃত্যুত শোক
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৩ ডিচেম্বৰঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া ভোগদৈগুৰি নিবাসী প্ৰয়াত পুষ্পকান্ত বৰাৰ মাজু পুত্ৰ ভূপেন বৰা (৫০)ৰ আজি পুৱতি নিশা ৩ বজাত অকাল বিয়োগ ঘটে৷ তেওঁৰ বিয়োগত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ মাত্ৰ কেইদিনমানৰ পূৰ্বে বহুমূত্ৰ ৰোগত আক্ৰান্ত হোৱা ভূপেনক যোৱা নিশা উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নি থকাৰ সময়তে জাগীৰোডৰ পথতে তেওঁৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত বৰাই মাতৃ, পত্নী, কণমানি পুত্ৰ সহ জ্যেষ্ঠ ভাতৃ সাংবাদিক দীপেন বৰাৰ লগতে বহু আত্মীয়ক এৰি থৈ যায়৷ সৰবৰহী যুৱকজনৰ অকাল বিয়োগত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷
সফলতাৰে সামৰণি পৰিল “তেজপুৰ সাহিত্য উৎসৱ – ২০২২
অন্তিম দিনত পৰীৰ দেশৰ সাধু, সৃজনীমূলক লেখাৰ দিশ উন্মোচনৰ চৰ্চাই মন্ত্ৰ মুগ্ধ কৰি তোলে উপস্থিত ৰাইজক
“পদ্যৰ সঁফুৰা” গ্ৰন্থৰ বাবে সুৰেন্দ্ৰ মোহন দাসলৈ ‘অকণিৰ সাহিত্য সভা’ৰ ২০২২ চনৰ শ্ৰেষ্ঠ শিশু-গ্ৰন্থৰ বঁটা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২ ডিচেম্বৰঃ শিশু আৰু কিশোৰ-কিশোৰীৰ উপযোগী "পদ্যৰ সঁফুৰা" শীৰ্ষক গ্ৰন্থলৈ ২০২২ চনৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা প্ৰদান কৰিব বুলি আজি তেজপুৰত এক প্ৰেছ বিবৃতি যোগে "অকণিৰ সাহিত্য সভা"ৰ সভাপতি পংকজ বৰুৱা আৰু সম্পাদক ৰাকেশধীৰ মেধিয়ে ঘোষণা কৰিছে। "পদ্যৰ সঁফুৰা" গ্ৰন্থৰ লেখক সুৰেন্দ্ৰ মোহন দাসক অহা ২৪ ডিচেম্বৰত তেজপুৰত অনুষ্ঠিতব্য গাম্ভীৰ্যপূৰ্ণ এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰিব বুলি "অকণিৰ সাহিত্য সভা"ই এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিছে। বিজ্ঞানৰ চমকপ্ৰদ আবিষ্কাৰ ছপা-যন্ত্ৰৰ দ্ৰুত অগ্ৰগতিত কিতাপ প্ৰকাশ…
আমাক শিক্ষকৰ মৰ্যাদা দিয়ক- ধেমাজিত টিউটৰ শিক্ষকৰ বিশাল গণ অৱস্থান
ধেমাজিত চাৰিখন জিলাৰ সহস্ৰাধিক টিউটৰ-কৰ্মচাৰীৰ এক বিশাল গণ সমাৱেশ অনুষ্ঠিত হয়। প্ৰতিবাদীসকলে চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়াৰ লগতে টিউটৰ সকলক শিক্ষকৰ মৰ্যাদা প্ৰদানৰ দাবী জনায়। চাৰি জিলাৰ সহস্ৰাধিক টিউটৰ-কৰ্মচাৰীৰ ঐক্যবদ্ধ যুঁজ-গণ অৱস্থানৰে সকীয়ালে চৰকাৰকশতাব্দ প্ৰতিনিধি, ধেমাজি, ১২ ডিচেম্বৰ : ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ সমষ্টি ধেমাজিত আজি এক বিশাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰাদেশীকৃত শিক্ষক (টিউটৰ) কৰ্মচাৰী যৌথ মঞ্চৰ ধেমাজি, লখিমপুৰ, মাজুলী আৰু বিশ্বনাথ জিলা সমিতিয়ে ৷ আজি দুপৰীয়া ১২ বজাত…
তিনিচুকীয়াত ৰে’লৱেৰ মাটিত থকা ১৫১ বাসগৃহত চলিল বুলডজাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১২ ডিচেম্বৰ : তিনিচুকীয়া চহৰৰ শ্ৰীপুৰীয়া অঞ্চলৰ ৰাজাআলি এলেকাত আজি ৰে’ল বিভাগৰ মাটি অবৈধভাৱে দখল কৰি থকা বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হয় ৷ তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত ৰে’ল বিভাগে চলোৱা এই উচ্ছেদ অভিযানত ৰে’লৱেৰ মাটিত অবৈধভাৱে নিৰ্মাণ কৰা ১৫১ বাসগৃহ বুলডজাৰ লগাই ভাঙি পেলোৱা হয় ৷ উচ্ছেদৰ সময়ত উক্ত স্থানত উদ্ভৱ হ’ব পৰা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ আজি পুৱাৰ ভাগতে মোতায়েন কৰা হয় আৰক্ষী, চি আৰ পি এফ বাহিনী আৰু ৰে’লৱে আৰক্ষীৰ বিশাল দল ৷ ইয়াৰোপৰি কাৰ্য্যবাহী…
ক্ষীৰধৰ বৰুৱাক ২০২২ বৰ্ষৰ “নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বঁটা” প্ৰদান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২ ডিচেম্বৰঃ বিশিষ্ট বিজ্ঞান লেখক, শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত অধ্যাপক ক্ষীৰধৰ বৰুৱাক কালি শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ২০২২ বৰ্ষৰ "নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বঁটা" প্ৰদান কৰে।শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ উদ্যোগত তেজপুৰ সাহিত্য সভা ভৱনত পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত "নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বক্তৃতানুষ্ঠান আৰু বঁটা প্ৰদান" অনুষ্ঠানত "জনসাধাৰণৰ বিজ্ঞান মনস্কতা" শীৰ্ষক বিষয়ত "নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বক্তৃতা প্ৰদান কৰে আন এগৰাকী বিশিষ্ট বিজ্ঞান লেখক তথা দৰংমহাবিদ্যালয়ৰ…
সাংবাদিক হেমন্ত বেজলৈ ‘দুৰ্নীতি বিৰোধী বিশেষ বঁটা’
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ ডিচেম্বৰঃ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে আজি লখিমপুৰৰ এন কে টিভিৰ সাংবাদিক হেমন্ত বেজক ‘দুৰ্নীতি বিৰোধী বিশেষ বঁটা- ২০২২’ প্ৰদান কৰে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা জাৰ্নেলিজিম আৰু মাছ কমিউনিকেশ্বনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা হেমন্ত বেজে ২০১৪ চনৰ পৰা বৈদ্যুতিন মাধ্যমত সেৱা আগবঢ়াই আহিছে৷ এজন আবৃত্তিকাৰ হিচাবেও পৰিচিত বেজক আজি সংগঠনটোৱে কদমৰ নিজা গৃহলৈ গৈ এই বঁটা প্ৰদান কৰে৷
