Browsing Category
অসম
ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইন্টলত ২০৪০ টকা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ৯ ডিচেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ অধীনত অসম চৰকাৰে বিগত বৰ্ষৰ দৰে এই বছৰো কৃষকৰ উৎপাদিত ধান উচিত মূল্যত ক্ৰয়ৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে। এই মাৰ্গদৰ্শনেৰে কেন্দ্ৰীয় চৰকাৰে ২০২২-২৩ বৰ্ষৰ বাবে ঘোষণা কৰা ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইন্টলত ২০৪০ টকা দৰত অসমৰ বিভিন্ন ধান ক্ৰয় কেন্দ্ৰৰ লগতে শোণিতপুৰ জিলাতো কৃষকৰ ধান ক্ৰয়ৰ ব্যৱস্থা গ্রহণ কৰিছে। শোণিতপুৰ জিলা কৃষি বিভাগ, জিলা প্ৰশাসনৰ সহযোগত ভাৰতীয় খাদ্য নিগম (FCI), অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিত(AFCSCL), অসম ৰাজ্যিক বিপণন…
‘গৰীয়সী’ আলোচনীৰ ‘সামাজিক স্বীকৃতি’ৰ পদক্ষেপ
মাননীয় সম্পাদক মহোদয়,
অসমৰ সকলো জিলাতে তথা দেশ-বিদেশৰ বিভিন্ন অঞ্চলত থকা অসমৰ বহুতো লোকৰ অসমৰ সমাজ, সংস্কৃতি, শিক্ষা তথা সাহিত্যকে আদি কৰি বিভিন্ন ক্ষেত্রলৈ অৰিহণা আছে । কিন্তু সেই বহুত ব্যক্তিৰ বিষয়ে আমি নাজানো বা কিছুমানৰ বিষয়ে মৃত্যু হোৱা পিছতহে জানিবলে পাও। বিভিন্ন ক্ষেত্রত অৰিহণা যোগাৱা ব্যক্তিসকলক জীৱিত কালত উপযুক্ত সন্মান তথা মর্যাদা দিলে ভাল হয় । এই ব্যক্তিসকল যিকোনো বয়সৰ হব পাৰে । সমাজ জীৱনৰ বিভিন্ন ক্ষেত্রলৈ অৰিহণা আগবঢ়াই থকা সকলে কৰি থকা কামবোৰৰ বিষয়ে যদি জীৱিত কালতে প্রশংসা কৰা হয় তেন্তে তেতিয়া তেওঁলোকে কৰি থকা…
তৌফিক ৰহমানলৈ নাট্য সম্ৰাট প্ৰফুল্ল বৰা বঁটা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯ডিচেম্বৰঃ নাট্য সম্ৰাট হিচাপে খ্যাত প্ৰয়াত প্ৰফুল্ল বৰাৰ ষষ্ঠদশ সংখ্যক স্মৃতি দিৱসৰ লগত সংগতি ৰাখি এইবাৰ ২০২২ বৰ্ষৰ নাট্য সম্ৰাট প্ৰফুল্ল বৰা বঁটা আগবঢ়োৱা হৈছে অসমৰ লব্ধপ্ৰতিষ্ঠ অভিনেতা, পৰিচালক আৰু চিত্ৰনাট্যকাৰ তৌফিক ৰহমানক। নাট্য সম্ৰাট প্ৰফুল্ল বৰাৰ ওপজা গাঁও দ-পৰ্বতীয়াত মাধৱ মন্দিৰ বহুমুখী প্ৰকল্পৰ উদ্যোগত ১৬ বছৰে নিয়মীয়াকৈ নাট্যকাৰ গৰাকীৰ স্মৃতি দিৱসটি পালন কৰি অহাৰ মাজতে বিগত ২০২১ৰ পৰা নাট্য সম্ৰাট প্ৰফুল্ল বৰা সোঁৱৰণী বঁটা প্ৰদান কৰা হৈছে।তদুপৰি, স্মৃতি দিৱসৰ অন্যতম কাৰ্যসূচী সদৌ…
তেজপুৰত প্ৰথমবাৰৰ বাবে “সাহিত্য উৎসৱ – ২০২২” আৰম্ভ
নতুন প্ৰজন্মৰ লেখক সকল বিভিন্ন বিষয়ৰ ধাৰণা অন্বেষী হোৱা উচিত - - ডা০ ধ্ৰুৱজ্যোতি বৰা
তেজপুৰ সাহিত্য উৎসৱক জয়পুৰ সাহিত্য উৎসৱৰ লেখিয়াকৈ উন্নীত কৰিবলৈ আহ্বান অইলৰ মুখ্য মহা প্ৰৱন্ধক মাধূৰ্য বৰুৱাৰ
অসমৰ নতুন প্ৰজন্মৰ গৱেষক সকলে সাঁচিপাতকে ধৰি নতুন নতুন বিষয়ৰ গৱেষণাত ৰত হোৱাতো আশাব্যঞ্জক খবৰ- অধ্যাপক ৰমেশ ডেকা, উপাচাৰ্য, কটন বিশ্ববিদ্যালয়
বিশেষ মত বিনিময় অনুষ্ঠানত মুম্বাইৰ চিনে তাৰকা ৰজত কাপুৰ, প্ৰসিদ্ধ লেখিকা, পদ্মশ্ৰী মামং দাই, মিত্ৰা ফুকন, বিখ্যাত কাৰ্টুনিষ্ট পংকজ থাপা, লেখক তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ…
এটাও চৰকাৰী চাকৰি নথকা গাঁওখন…
নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ ‘গাঁৱলৈ যাওঁ বলক’ কাৰ্যসূচীঃ বঞ্চনাৰ অন্য নাম লোহিত খাবলুৰ চেঙামাৰী মৰতপুৰ কৈৱৰ্ত গাঁওঃ মৰতপুৰলৈ যাবলৈ নাই কোনো পথ, নাৱেই একমাত্ৰ ভৰষা গাঁওবাসীৰঃ উচ্ছেদ জাননী প্ৰত্যাহাৰৰ দাবীশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ ডিচেম্বৰঃ গাঁওখনৰ নাম চেঙামাৰী মৰতপুৰ কৈৱৰ্ত৷ এই গাঁওখন এতিয়া চৰকাৰী সকলো দিশৰ পৰাই বঞ্চিত আৰু উপেক্ষিত হৈ আহিছে৷ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত হোৱা ‘গাঁৱলৈ যাওঁ বলক’ কাৰ্যসূচী গ্ৰহণ কৰা হয় এই গাঁওখনত৷ অতি দুৰ্গম তথা বাট-পথ…
তেজপুৰত প্ৰথমবাৰলৈ ‘তেজপুৰ সাহিত্য উৎসৱ ২০২২’
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৭ ডিচেম্বৰ : দেশৰ জনপ্ৰিয়, বিশিষ্ট লেখক-সাহিত্যিক, কার্টুনিষ্ট, অভিনেতাৰ এতিয়া লক্ষ্যস্থান হৈছে তেজপুৰ। কাৰণ অহা ৯ ৰ পৰা ১১ ডিচেম্বৰলৈ তেজপুৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব 'তেজপুৰ সাহিত্য উৎসৱ - ২০২২'।সেইসকল লেখকৰ সৈতে মুখামুখি অন্তৰংগ আলাপ, সৃজনশীল লেখাৰ কৰ্মশালা, বহুভাষিক গদ্য - কবিতা পাঠ, সমূহীয়া বক্তৃতা, কুইজ, গল্প পাঠ, শ্লেম কবিতা, ৰুচীশীল সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন কাৰ্য্যসূচীৰ আয়োজন কৰা এই সাহিত্য উৎসৱকলৈ আয়োজক সমিতিয়ে যোৱা সময়খিনিত ব্যাপক তৎপৰতা গ্ৰহণ কৰাৰ পিছত প্ৰস্তুতি প্ৰায়…
তেজপুৰ ৱাৰ মেমোৰিয়েলত আৰ্ম ফৰ্চ ফ্লেগ দিৱস উদযাপন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ ডিচেম্বৰঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীয়ে কাৰ্গিল যুদ্ধৰ আহত সৈন্য কেপ্তেইন ঘনকান্ত কেওটত চিকিৎসালয়ত দেখা কৰি কৈছিল যে পুনৰ যুদ্ধ ক্ষেত্ৰলৈ যাব পাৰিবা নে । কাৰ্গিল যুদ্ধৰ সময়ত বাতালিকত শত্ৰুৰ গুলিত গুৰুত্বৰ ভাবে হোৱা তেজপুৰ সৈনিক কেওটে আজি আৰ্ম ফৰ্চ ফ্লেগ দিৱসত এই বিষয়ে বৰ্ণনা কৰি কয় যে কাৰ্গিল যুদ্ধৰ স্মৰণীয় কাহিনীৰ কথা । আজি ফ্লেগ দিৱস উপলক্ষে কেপ্তেইন কেওটৰ লগতে শোণিতপুৰ জিলাৰ ৮ গৰাকী বীৰ নাৰীক ভাৰতীয় সেনাৰ চতুৰ্থ কৰৰ ষ্টেচন কামাণ্ডাৰ আৰু শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্তৰ দ্বাৰা…
হাতী খেদিবলৈ চালোৱা গুলীৰ টুকুৰাই আঘাত কৰিলে যুৱকক
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৭ ডিচেম্বৰ : তেজপুৰৰ পৰ্বতীয়াৰ এটা পাহাৰত আশ্ৰয় লৈ থকা এটা বনৰীয়া হাতী খেদিবলৈ গৈ তেজপুৰৰ বনকৰ্মীয়ে শূন্যলৈ কৰা গুলীচালনাত এজন যুৱক আহত হোৱাৰ অভিযোগ উঠিছে৷ কালি সন্ধিয়া প্ৰায় ৬-৩০ বজাত এই ঘটনাটো সংঘটিত হয়৷ প্ৰণিধানযোগ্য যে, বনৰীয়া হাতীয়ে পৰ্বতীয়া, বেছেৰীয়া, বিন্দুকুৰি আদি অঞ্চলত কৃষিপথাৰ তহিলং কৰিছে৷ ইয়াৰ মাজতে কালি হাতী খেদিবলৈ যোৱা বনকৰ্মীয়ে চালনা কৰা ছেৰা গুলীৰ এটা টুকুৰাই বেজৰ চুবুৰীৰ অপূৰ্ব বৰা নামৰ যুৱকজনৰ বাহুত আঘাত কৰে৷ সেই সময়ত যুৱকজন সমনীয়াৰ স’তে দেৱীসিং ঘাটত আছিল। ঘটনা সন্দৰ্ভত কোনো এজাহাৰ…
লখিমপুৰত সৈনিকৰ ‘আৰ্মচ ফৰ্চ ফ্লেগ দে’ পালন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৭ ডিচেম্বৰঃ লখিমপুৰ জিলা সৈনিক কল্যাণ কাৰ্যালয়ৰ উদ্যোগত আৰু জিলা প্ৰাক্তন সৈনিক সন্থাৰ সহযোগত আজি আৰ্মচ ফৰ্চ ফ্লেগ দে পালন কৰা হয়৷ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপত পুৱা ১১ বজাত এই উপলক্ষে অনুষ্ঠিত সভাত আদৰণি ভাষণ আগবঢ়ায় কল্যাণ বিষয়া মাথুৰ কলিতাই৷ সভাত কল্যাণ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক চিত্তৰঞ্জন বৰাই কয় যে ১৯৪৮ চনৰ পৰা দেশৰ সেৱাত নিজকে আত্ম নিয়োগ কৰি দেশৰ বাবে শ্বহীদ হোৱা বীৰ সৈনিকসকলৰ লগতে কৰ্মৰত সৈনিক আৰু অৱসৰপ্ৰাপ্ত সৈনিকসকলে আগবঢ়াই অহা সেৱাৰ প্ৰতি সন্মান যাচি প্ৰতিবছৰে এই আৰ্মচ ফৰ্চ…
জামুগুৰিহাটত পথ দুৰ্ঘটনা : নিহত ১
জামুগুৰিহাট, ৭ ডিচেম্বৰ : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ শান্তিপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত এক পথ দুৰ্ঘটনাত ৰঞ্জিত শইকীয়া (৬০) নামৰ এজন লোকৰ মৃত্যু হয়। মৃত লোকজনৰ ঘৰ অঞ্চলটোৰ পাঁচিগাঁৱত। ব্যক্তিজনে চাইকেল চলাই কুসুমটোলালৈ আহি থকা অৱস্থাত এখন দ্ৰুতবেগী এখন ট্ৰাকে মহতিয়াই নিয়াৰ ফলত গুৰুতৰভাৱে আহত হয়। আহত ব্যক্তিজনক স্থানীয় ৰাইজে ততাতৈয়াকৈ উত্তৰ জামুগুৰি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনে গতিবেগ বৃদ্ধি কৰি পলাই সাৰিবলৈ সক্ষম হয়।
