Browsing Category
অসম
এটাও চৰকাৰী চাকৰি নথকা গাঁওখন…
নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ ‘গাঁৱলৈ যাওঁ বলক’ কাৰ্যসূচীঃ বঞ্চনাৰ অন্য নাম লোহিত খাবলুৰ চেঙামাৰী মৰতপুৰ কৈৱৰ্ত গাঁওঃ মৰতপুৰলৈ যাবলৈ নাই কোনো পথ, নাৱেই একমাত্ৰ ভৰষা গাঁওবাসীৰঃ উচ্ছেদ জাননী প্ৰত্যাহাৰৰ দাবীশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ ডিচেম্বৰঃ গাঁওখনৰ নাম চেঙামাৰী মৰতপুৰ কৈৱৰ্ত৷ এই গাঁওখন এতিয়া চৰকাৰী সকলো দিশৰ পৰাই বঞ্চিত আৰু উপেক্ষিত হৈ আহিছে৷ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত হোৱা ‘গাঁৱলৈ যাওঁ বলক’ কাৰ্যসূচী গ্ৰহণ কৰা হয় এই গাঁওখনত৷ অতি দুৰ্গম তথা বাট-পথ…
তেজপুৰত প্ৰথমবাৰলৈ ‘তেজপুৰ সাহিত্য উৎসৱ ২০২২’
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৭ ডিচেম্বৰ : দেশৰ জনপ্ৰিয়, বিশিষ্ট লেখক-সাহিত্যিক, কার্টুনিষ্ট, অভিনেতাৰ এতিয়া লক্ষ্যস্থান হৈছে তেজপুৰ। কাৰণ অহা ৯ ৰ পৰা ১১ ডিচেম্বৰলৈ তেজপুৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব 'তেজপুৰ সাহিত্য উৎসৱ - ২০২২'।সেইসকল লেখকৰ সৈতে মুখামুখি অন্তৰংগ আলাপ, সৃজনশীল লেখাৰ কৰ্মশালা, বহুভাষিক গদ্য - কবিতা পাঠ, সমূহীয়া বক্তৃতা, কুইজ, গল্প পাঠ, শ্লেম কবিতা, ৰুচীশীল সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন কাৰ্য্যসূচীৰ আয়োজন কৰা এই সাহিত্য উৎসৱকলৈ আয়োজক সমিতিয়ে যোৱা সময়খিনিত ব্যাপক তৎপৰতা গ্ৰহণ কৰাৰ পিছত প্ৰস্তুতি প্ৰায়…
তেজপুৰ ৱাৰ মেমোৰিয়েলত আৰ্ম ফৰ্চ ফ্লেগ দিৱস উদযাপন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ ডিচেম্বৰঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীয়ে কাৰ্গিল যুদ্ধৰ আহত সৈন্য কেপ্তেইন ঘনকান্ত কেওটত চিকিৎসালয়ত দেখা কৰি কৈছিল যে পুনৰ যুদ্ধ ক্ষেত্ৰলৈ যাব পাৰিবা নে । কাৰ্গিল যুদ্ধৰ সময়ত বাতালিকত শত্ৰুৰ গুলিত গুৰুত্বৰ ভাবে হোৱা তেজপুৰ সৈনিক কেওটে আজি আৰ্ম ফৰ্চ ফ্লেগ দিৱসত এই বিষয়ে বৰ্ণনা কৰি কয় যে কাৰ্গিল যুদ্ধৰ স্মৰণীয় কাহিনীৰ কথা । আজি ফ্লেগ দিৱস উপলক্ষে কেপ্তেইন কেওটৰ লগতে শোণিতপুৰ জিলাৰ ৮ গৰাকী বীৰ নাৰীক ভাৰতীয় সেনাৰ চতুৰ্থ কৰৰ ষ্টেচন কামাণ্ডাৰ আৰু শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্তৰ দ্বাৰা…
হাতী খেদিবলৈ চালোৱা গুলীৰ টুকুৰাই আঘাত কৰিলে যুৱকক
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৭ ডিচেম্বৰ : তেজপুৰৰ পৰ্বতীয়াৰ এটা পাহাৰত আশ্ৰয় লৈ থকা এটা বনৰীয়া হাতী খেদিবলৈ গৈ তেজপুৰৰ বনকৰ্মীয়ে শূন্যলৈ কৰা গুলীচালনাত এজন যুৱক আহত হোৱাৰ অভিযোগ উঠিছে৷ কালি সন্ধিয়া প্ৰায় ৬-৩০ বজাত এই ঘটনাটো সংঘটিত হয়৷ প্ৰণিধানযোগ্য যে, বনৰীয়া হাতীয়ে পৰ্বতীয়া, বেছেৰীয়া, বিন্দুকুৰি আদি অঞ্চলত কৃষিপথাৰ তহিলং কৰিছে৷ ইয়াৰ মাজতে কালি হাতী খেদিবলৈ যোৱা বনকৰ্মীয়ে চালনা কৰা ছেৰা গুলীৰ এটা টুকুৰাই বেজৰ চুবুৰীৰ অপূৰ্ব বৰা নামৰ যুৱকজনৰ বাহুত আঘাত কৰে৷ সেই সময়ত যুৱকজন সমনীয়াৰ স’তে দেৱীসিং ঘাটত আছিল। ঘটনা সন্দৰ্ভত কোনো এজাহাৰ…
লখিমপুৰত সৈনিকৰ ‘আৰ্মচ ফৰ্চ ফ্লেগ দে’ পালন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৭ ডিচেম্বৰঃ লখিমপুৰ জিলা সৈনিক কল্যাণ কাৰ্যালয়ৰ উদ্যোগত আৰু জিলা প্ৰাক্তন সৈনিক সন্থাৰ সহযোগত আজি আৰ্মচ ফৰ্চ ফ্লেগ দে পালন কৰা হয়৷ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপত পুৱা ১১ বজাত এই উপলক্ষে অনুষ্ঠিত সভাত আদৰণি ভাষণ আগবঢ়ায় কল্যাণ বিষয়া মাথুৰ কলিতাই৷ সভাত কল্যাণ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক চিত্তৰঞ্জন বৰাই কয় যে ১৯৪৮ চনৰ পৰা দেশৰ সেৱাত নিজকে আত্ম নিয়োগ কৰি দেশৰ বাবে শ্বহীদ হোৱা বীৰ সৈনিকসকলৰ লগতে কৰ্মৰত সৈনিক আৰু অৱসৰপ্ৰাপ্ত সৈনিকসকলে আগবঢ়াই অহা সেৱাৰ প্ৰতি সন্মান যাচি প্ৰতিবছৰে এই আৰ্মচ ফৰ্চ…
জামুগুৰিহাটত পথ দুৰ্ঘটনা : নিহত ১
জামুগুৰিহাট, ৭ ডিচেম্বৰ : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ শান্তিপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত এক পথ দুৰ্ঘটনাত ৰঞ্জিত শইকীয়া (৬০) নামৰ এজন লোকৰ মৃত্যু হয়। মৃত লোকজনৰ ঘৰ অঞ্চলটোৰ পাঁচিগাঁৱত। ব্যক্তিজনে চাইকেল চলাই কুসুমটোলালৈ আহি থকা অৱস্থাত এখন দ্ৰুতবেগী এখন ট্ৰাকে মহতিয়াই নিয়াৰ ফলত গুৰুতৰভাৱে আহত হয়। আহত ব্যক্তিজনক স্থানীয় ৰাইজে ততাতৈয়াকৈ উত্তৰ জামুগুৰি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনে গতিবেগ বৃদ্ধি কৰি পলাই সাৰিবলৈ সক্ষম হয়।
সদৌ অসম মইনা পাৰিজাতৰ বিজ্ঞান মেলত লখিমপুৰৰ মইনা দেৱাৰ্থ-দিক্ষীতাৰ সাফল্য
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ৭ ডিচেম্বৰঃ সদৌ অসম মইনা পাৰিজাতে অসম বিজ্ঞান আৰু তথ্য প্ৰযুক্তি পৰিষদৰ সহযোগত গুৱাহাটীৰ শিল্পগ্ৰামত ২ আৰু ৩ ডিচেম্বৰত অনুষ্ঠিত কৰা ‘ৰাজ্যিক বিজ্ঞান মেলত উত্তৰ লখিমপুৰ জিলা মইনা পাৰিজাতৰ মইনা ক্ৰমে দেৱাৰ্থ বৰা আৰু দিক্ষীতা বৰাই ২০২২ বৰ্ষৰ দহটা শ্ৰেষ্ঠ প্ৰকল্পৰ ভিতৰত স্থান লাভ কৰি ‘সম্পদ শিশু বিজ্ঞানী’ৰ খ্যাতি অৰ্জন কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে৷ তেওঁলোকে ‘পৰিৱেশ আৰু আমাৰ কৰণীয়’ৰ ওপৰত কলিতা গাঁৱত অৱস্থিত স্বৰ্গদেও ৰুদ্ৰসিংহৰ ৰাজত্বকালত খন্দোৱা ঐতিহাসিক দোপনি থকা বাটিয়াবটা পুখুৰীৰ…
প্ৰৱল সংগ্ৰামী, জাতীয়তাবাদী সত্ত্বাৰ অধিকাৰী, ৫২ খন আধুনিক নাটকৰ স্ৰষ্টা, ‘নাট্যভূষণ’ অৰ্পণ বেজবৰুৱা আৰু নাই
শতাব্দৰ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৭ ডিচেম্বৰঃ প্ৰৱল সংগ্ৰামী, জাতীয়তাবাদী সত্বাৰ অধিকাৰী তথা আধুনিক-বিজ্ঞানসন্মত শৈলীৰে নাট্যশিল্পৰ চৰ্চাৰ ক্ষেত্ৰত পৰীক্ষা-সম্পৰীক্ষাৰে বিকাশ আৰু উত্তৰণৰ হকে নিৰৱচ্ছিন্নভাৱে কাম কৰি অহা ৫২ খনতকৈ অধিক আধুনিক নাটকৰ স্ৰষ্টা, ‘নাট্যভূষণ’ অৰ্পণ বেজবৰুৱা আৰু নাই৷ উল্লেখ্য যে, অসমৰ প্ৰচলিত পৰম্পৰাগত অসমীয়া লোক নাট্যশৈলী, অসমীয়া অৰ্ধলোক নাট্যানুষ্ঠান আৰু অসমীয়া লোক সংস্কৃতিৰ উপাদানসমূহ ব্যৱহাৰ কৰি অসমীয়া নাটকৰ নিজস্ব পৰিচয় সৃষ্টিৰ বাবে কাম কৰি অহাই নহয়, গ্ৰামাঞ্চলৰ পৰা নট সৈনিক গঢ় দিয়াত অহোপুৰুষাৰ্থ…
ভাৰতীয় শিক্ষণ মণ্ডলৰ সভা অনুষ্ঠিত
উত্তৰ লখিমপুৰ: ৬ ডিচেম্বৰ: ভাৰতীয় শিক্ষণ মণ্ডলৰ এখনি সভা আজি লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায়। লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ভাৰতীয় শিক্ষণ মণ্ডলৰ লখিমপুৰ জিলা গোটৰ সভাপতি ড° লোহিত হাজৰিকাই সভাপতিত্ব কৰা সভাত মূল আলোচক হিচাপে অংশগ্ৰহণ কৰে ভাৰতীয় শিক্ষণ মণ্ডলৰ উত্তৰ অসম প্ৰান্তৰ প্ৰমুখ শিৱম অগ্ৰহৰিয়ে। সভাত ভাৰতীয় শিক্ষা, সমাজত শিক্ষাৰ গুৰুত্ব আৰু নতুন শিক্ষা নীতিৰ বিষয়ত বিস্তাৰিতভাবে আলোচনা কৰা হয়। সভাত লখিমপুৰ জিলাৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকলে অংশ গ্ৰহণ কৰে। সভাখনিৰ আঁত ধৰে এল.টি.কে.…
