Browsing Category

অসম

সদৌ অসম মইনা পাৰিজাতৰ বিজ্ঞান মেলত লখিমপুৰৰ মইনা দেৱাৰ্থ-দিক্ষীতাৰ সাফল্য

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ৭ ডিচেম্বৰঃ সদৌ অসম মইনা পাৰিজাতে অসম বিজ্ঞান আৰু তথ্য প্ৰযুক্তি পৰিষদৰ সহযোগত গুৱাহাটীৰ শিল্পগ্ৰামত ২ আৰু ৩ ডিচেম্বৰত অনুষ্ঠিত কৰা ‘ৰাজ্যিক বিজ্ঞান মেলত উত্তৰ লখিমপুৰ জিলা মইনা পাৰিজাতৰ মইনা ক্ৰমে দেৱাৰ্থ বৰা আৰু দিক্ষীতা বৰাই ২০২২ বৰ্ষৰ দহটা শ্ৰেষ্ঠ প্ৰকল্পৰ ভিতৰত স্থান লাভ কৰি ‘সম্পদ শিশু বিজ্ঞানী’ৰ খ্যাতি অৰ্জন কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে৷ তেওঁলোকে ‘পৰিৱেশ আৰু আমাৰ কৰণীয়’ৰ ওপৰত কলিতা গাঁৱত অৱস্থিত স্বৰ্গদেও ৰুদ্ৰসিংহৰ ৰাজত্বকালত খন্দোৱা ঐতিহাসিক দোপনি থকা বাটিয়াবটা পুখুৰীৰ…

প্ৰৱল সংগ্ৰামী, জাতীয়তাবাদী সত্ত্বাৰ অধিকাৰী, ৫২ খন আধুনিক নাটকৰ স্ৰষ্টা, ‘নাট্যভূষণ’ অৰ্পণ বেজবৰুৱা আৰু নাই

শতাব্দৰ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৭ ডিচেম্বৰঃ প্ৰৱল সংগ্ৰামী, জাতীয়তাবাদী সত্বাৰ অধিকাৰী তথা আধুনিক-বিজ্ঞানসন্মত শৈলীৰে নাট্যশিল্পৰ চৰ্চাৰ ক্ষেত্ৰত পৰীক্ষা-সম্পৰীক্ষাৰে বিকাশ আৰু উত্তৰণৰ হকে নিৰৱচ্ছিন্নভাৱে কাম কৰি অহা ৫২ খনতকৈ অধিক আধুনিক নাটকৰ স্ৰষ্টা, ‘নাট্যভূষণ’ অৰ্পণ বেজবৰুৱা আৰু নাই৷ উল্লেখ্য যে, অসমৰ প্ৰচলিত পৰম্পৰাগত অসমীয়া লোক নাট্যশৈলী, অসমীয়া অৰ্ধলোক নাট্যানুষ্ঠান আৰু অসমীয়া লোক সংস্কৃতিৰ উপাদানসমূহ ব্যৱহাৰ কৰি অসমীয়া নাটকৰ নিজস্ব পৰিচয় সৃষ্টিৰ বাবে কাম কৰি অহাই নহয়, গ্ৰামাঞ্চলৰ পৰা নট সৈনিক গঢ় দিয়াত অহোপুৰুষাৰ্থ…

ভাৰতীয় শিক্ষণ মণ্ডলৰ সভা অনুষ্ঠিত

উত্তৰ লখিমপুৰ: ৬ ডিচেম্বৰ: ভাৰতীয় শিক্ষণ মণ্ডলৰ এখনি সভা আজি লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায়। লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ভাৰতীয় শিক্ষণ মণ্ডলৰ লখিমপুৰ জিলা গোটৰ সভাপতি ড° লোহিত হাজৰিকাই সভাপতিত্ব কৰা সভাত মূল আলোচক হিচাপে অংশগ্ৰহণ কৰে ভাৰতীয় শিক্ষণ মণ্ডলৰ উত্তৰ অসম প্ৰান্তৰ প্ৰমুখ শিৱম অগ্ৰহৰিয়ে। সভাত ভাৰতীয় শিক্ষা, সমাজত শিক্ষাৰ গুৰুত্ব আৰু নতুন শিক্ষা নীতিৰ বিষয়ত বিস্তাৰিতভাবে আলোচনা কৰা হয়। সভাত লখিমপুৰ জিলাৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকলে অংশ গ্ৰহণ কৰে। সভাখনিৰ আঁত ধৰে এল.টি.কে.…

মুকুল গোস্বামীৰ কাব্যগ্ৰন্থ ‘সময় নাছিলনে হাতত আই’ উন্মোচন

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৬ ডিচেম্বৰ : "তেজপুৰ সাহিত্য সভাই কেইবাটাও দশক জুৰি গ্ৰন্থ উন্মোচনৰ এক পৰম্পৰাৰ সৃষ্টি কৰাৰ মাজতে আজি ইংৰাজী বৰ্ষ শেষৰ সময়খিনিত উপনীত হৈ এখন কাব্যগ্ৰন্হ উন্মোচন কৰিবলৈ পাই তেজপুৰ সাহিত্য সভাই আহ্লাদিত অনুভৱ কৰিছে। আধুনিক অসমীয়া কবিতাই ঊনবিংশ শতিকাৰ শেষৰ দশকত প্ৰাণ পাই উঠি বিংশ শতিকাৰ মধ্যভাগ পৰ্যন্ত এক বন্যা লাভ কৰিছে।"— আজি বিয়লি তেজপুৰ সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত এই মন্তব্য কৰে তেজপুৰ সাহিত্য সভাৰ সহকাৰী সম্পাদক তথা তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ…

জিএইএফে পিৰো স্পেচ মেটাভাৰ্ছত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম বাৰ্ষিকী আয়োজন কৰে

ৱাছিংটন ডি চি, আমেৰিকা, ৬ ডিচেম্বৰ : গোলকীয় অসমীয়া উদ্যমিতা মঞ্চ (GAEF, www.gaefnortheast.org)ৰ উদ্যোগত মেটাভাৰ্ছত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম বাৰ্ষিকী আয়োজন উদযাপন কৰা হয়। এই ভাৰ্চুৱেল অনুষ্ঠানত প্রৱাসী অসমীয়া আৰু সমগ্ৰ বিশ্বৰ বহু শীৰ্ষ আমোলা, ৰাজনীতিবিদ, বিজ্ঞানী, উদ্যোগী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰে। সমগ্ৰ দেশতে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰাৰ সময়তে ৪ ডিচেম্বৰত পাইৰ’স্পেচ মেটাভাৰ্ছত জিএইএফে মহান যোদ্ধাগৰাকীক এক অনন্যভাৱে শ্ৰদ্ধাঞ্জলি জনায়। অসমৰ হাৰ্টথ্ৰব, কণ্ঠশিল্পী জুবিন গাৰ্গ…

ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাজপথত ধৰ্ণা

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৫ ডিচেম্বৰ : যোৱা ৩ ডিচেম্বৰত তেজপুৰৰ নিকটৱৰ্তী শিঙিৰীজান চাহ বাগিচাৰ চাওৰা লাইনৰ জয়দেৱ চাওৰা নামৰ ছাত্ৰজন চলন্ত বাছৰ পৰা পৰি নিহত হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে৷ দুৰ্ঘটনাটোৰ পূৰ্বে সমনীয়াৰ সতে হাঁহি-ধেমালি কৰি ঘৰৰ পৰা পৰীক্ষা দিবলৈ ওলাই যোৱা ছাত্ৰ জয়দেৱ চাওৰাৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি আজি পুৱাৰে পৰা শ্ৰমিক সংগঠন, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে তিনি ডিচেম্বৰত দিনৰ প্ৰায় ১১. ৩০ বজাত শালনিবাৰী আৰক্ষী চকীৰ অন্তৰ্গত শিঙিৰীজান চাহ বাগিচাৰ চাওৰা…

লখিমপুৰত ভূমি পঞ্জীয়নৰ নামত ধনৰ লেন-দেন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৫ ডিচেম্বৰ : উত্তৰ লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বক্ৰ পথেৰে বৃহৎ পৰিমাণৰ ধনৰ লেনদেনৰে ভূমি পঞ্জীয়ন কৰা এজন বিষয়াসহ এজন দালাল যোৱানিশা আৰক্ষীৰ জালত পৰে৷ আৰক্ষীৰ জালত পৰা এই লোক দুজন হৈছে উত্তৰ লখিমপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক নন্দন বৰা আৰু মাটিৰ দালাল দেৱকৃষ্ণ দত্ত৷ উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মিনাক্ষী পামেৰ এজাহাৰ মৰ্মে যোৱা নিশা আৰক্ষীয়ে নন্দন বৰাক লীলাবাৰীৰ ঘৰৰ পৰা আৰু দেৱকৃষ্ণ দত্তক লখিমপুৰ চি ডি ৰেডৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে ৰাজহ চক্ৰ বিষয়াৰ এজাহাৰৰ…

তেজপুৰৰ মিছন চাৰিআলিত কেতিয়া নিৰ্মাণ হ’ব উৰণীয়া সেঁতু!

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৫ ডিচেম্বৰ : তেজপুৰৰ মিছন চাৰিআলিত দিনক দিনে যানজঁটৰ সমস্যা গুৰুতৰ হৈ অহাৰ সময়ত অতি প্ৰয়োজনীয় উৰণীয়া সেঁতুখনৰ আধাৰশিলা ২০২১ৰ এক জুলাইত স্থাপনৰ পাছতেই ৰাইজ উৎফুল্লিত হৈ পৰিছিল অচিৰেই এই গুৰুত্বপূৰ্ণ পথত যানজঁটৰ সমস্যা সমাধান হ’ব বুলি ভাবি। উল্লেখযোগ্য যে,৩৭ (ক) নম্বৰ ৰাষ্ট্ৰীয় পথ আৰু ১৫ নম্বৰ ৰাষ্ট্ৰীয় পথৰ এই চাৰিআলিত এখন উৰণীয়া সেঁতুৰ বাবে ৰাইজে দীৰ্ঘদিন ধৰি অপেক্ষা কৰিছিল আৰু পৰৱৰ্তী সময়ত ১০৮ কোটি টকা ব্যয় নিৰ্দ্ধাৰণৰে এইখন উৰণীয়া সেতুৰ আধাৰশিলা স্থাপনৰ লগতে সেঁতুখন নিৰ্মাণৰ বাবে পথৰ দাঁতিৰ…

ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ

শতাব্দ প্ৰতিনিধি, লিডু ৫ ডিচেম্বৰঃ  ডিব্রুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ৰেগিং কাণ্ডক সকলোৱে একেমুখে নিন্দা কৰাৰ লগতে চৌদিশে অভিযুক্তক শাস্তিৰ দাবীত প্রতিবাদৰ ঢৌ উঠিছে। এনে সময়তে মূল অভিযুক্ত বুলি অভিযোগ উঠা ৰাহুল ছেত্ৰী আৰক্ষীৰ জালত পৰিছে। ছাত্রাবাসৰ ৰেগিং কাণ্ডৰ বলি আনন্দ শৰ্মা নামৰ ছাত্রজন আজিও চিকিৎসাধীন। এই ঘটনাত জড়িত বুলি অভিযোগ উঠা বহু কেইজন ছাত্রক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। উক্ত ৰেগিং কাণ্ডৰ মূল অভিযুক্ত বুলি অভিযোগ উঠা ছাত্র নেতা ৰাহুল ছেত্রীক আৰক্ষীয়ে আটক কৰিব পৰা নাছিল। অৱশেষত কালি লেখাপানী আৰক্ষীৰ ওচৰত ৰাহুল…