Browsing Category
অসম
তিনিচুকীয়াৰ উন্নয়ন আয়োগৰ বৈঠকত কঠোৰ উপায়ুক্ত
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৫ ডিচেম্বৰ : তিনিচুকীয়া জিলা উন্নয়ন আয়োগৰ বৈঠকত আজি (৫ ডিচেম্বৰ) উপায়ুক্ত নৰসিং পৱাৰে আঁচনি ৰূপায়ণত গাফিলতি কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত নৰসিং পৱাৰৰ সঞ্চালনাত অনুষ্ঠিত উন্নয়ন আয়োগৰ বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, বন, কৃষি, পশুপালন, মীন, স্বাস্থ্য, শিক্ষা, পৰিবহণ, লোকনিৰ্মাণ পথ, লোকনিৰ্মাণ গৃহ, জলসম্পদ, জলসিঞ্চন আদি জিলাখনৰ সকলো বিভাগৰ বিষয়া তথা প্ৰতিনিধিসকল উপস্থিত থাকে। উপায়ুক্তই প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ), অমৃত সৰোবৰ আচঁনিৰ অগ্ৰগতিৰ…
জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰে উজ্জীৱিত যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৫ ডিচেম্বৰ : বিহু, বাগৰুম্বা, ঝমুৰ, চাওতালী, তিৱা আদি নৃত্যই সকলোকে মুগ্ধ কৰি তোলাৰ সময়তে ছাত্ৰ-ছাত্ৰীৰ গায়ন-বায়ন আৰু সত্ৰীয়া সংস্কৃতিৰ দল দুটাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ সেইদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি ভাওনাৰ বিভিন্ন চৰিত্ৰ— বিষ্ণু, শ্ৰীকৃষ্ণ, ৰাধা, শিৱ, শংখচুড়, বকাসুৰ, নকুল, সহদেৱ, নন্দি-ভিঙ্গী, ভীম, অজুৰ্ন, ৰাম-ৰাৱন, সীতা, লক্ষ্মন, হনুমান আদি চৰিত্ৰৰে অভিনয় প্ৰতিভা প্ৰদৰ্শন কৰি এক নান্দনিক পৰিৱেশৰ সূচনা কৰে৷ উল্লেখ্য যে, প্ৰত্যেক বছৰে বিদ্যালয় সপ্তাহৰ আৰম্ভণি অনুষ্ঠানৰ অংশ হিচাপে…
বিধায়ক পদ্ম হাজৰিকাক ‘ভৰলী কোঁৱৰ’ উপাধি প্ৰদান
জামুগুৰিহাট, ৫ ডিচেম্বৰ : "ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকল স্ব-নিৰাপত্তা আৰু আনকো জীয়াই ৰখাৰ ভাবনাত ব্ৰতী হ'ব লাগে। অপকৰ্মই এখন সমাজ ধ্বংস কৰিব পাৰে, সেয়ে তেনে চিন্তাৰ পৰা নিজকে নিলগত ৰাখি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ 'কন্যকা'ৰ আদৰ্শৰে আগবাঢ়ি যাব লাগিব। বিধায়ক পদ্ম হাজৰিকাৰ আদৰ্শ কেৱল চতিয়াতেই নহয় সমগ্ৰ অসমজুৰি প্ৰসাৰিত হ'লে বিশেষকৈ নিবনুৱা যুৱক-যুৱতীসকল লাভান্বিত হ'ব।"— এই মন্তব্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ। শোণিতপুৰ জিলাৰ নদুৱাৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী উৎসৱ উপলক্ষে আজি অন্তিম দিনাৰ কাৰ্যসূচীত…
মুম্বাইত অসমৰ ৩ সংৰক্ষণবিদক বন্যপ্ৰাণী সেৱা বঁটা প্ৰদান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ ডিচেম্বৰ : অসমৰ পৰিৱেশবিদ ঋতুৰাজ ফুকনক Sanctuary Wildlife Service Award প্ৰদানেৰে সন্মানিত কৰাৰ বিপৰীতে তৃণমূল সম্প্ৰদায়ৰ সৈতে কৰা কামৰ বাবে মুনমুনি পায়েঙক যুৱ প্ৰকৃতিবিদ বঁটা (Young Naturalist Award)ৰে সন্মানিত কৰা হৈছে। যোৱা ৩ ডিচেম্বৰত মুম্বাইত অনুষ্ঠিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। নগাঁওস্থিত Climate Reality Leaderগৰাকী হৈছে এক প্ৰখ্যাত পৰিবেশ সাহিত্যিক, দুঃসাহসিক আৰু সংৰক্ষণবিদ, যিয়ে বিশ্ব জলবায়ু পৰিৱৰ্তনৰ অসংখ্য অনুষ্ঠানত অঞ্চল আৰু দেশক প্ৰতিনিধিত্ব কৰি আহিছে। ২৩ বছৰীয়া মুনমুনি…
আপোচবিহীন জাতীয়তাবাদী নেত্ৰী মনোৰমা বৰদলৈৰ পৰলোক
শতাব্দ'ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ ডিচেম্বৰঃ জাতীয়তাবাদক লৈ কোনো দিনে আপোচ নকৰা একালৰ আঞ্চলিকবাদৰ ধ্বজাবাহক মনোৰমা বৰদলৈ আৰু নাই ৷ শোণিতপুৰৰ ৰঙাপৰাৰ বিষ্ণুপুৰৰ নিজা বাসভৱনত কালি বিয়লি ৩-১৫ বজাত সৰবৰহী মহিলাগৰাকীয়ে ইহলীলা সম্বৰণ কৰে ৷ স্মৰ্তব্য যে, ১৯৪২ত ৰঙাপৰাৰ নাহৰনি চাহবাগিছাত জন্ম গ্ৰহণ কৰা আৰু পৰৱৰ্তীকালত তেজপুৰত শিক্ষাগ্ৰহণ কৰাৰ অন্তত তেখেত যোৰহাট তৰাজানৰ নিবাসী বিষ্ণু প্ৰসাদ বৰদলৈৰ স’তে বিবাহপাশত আবদ্ধ হৈছিল ৷ কিন্তু পৰৱৰ্তীসময়ত ৰঙাপৰাৰ বিষ্ণুপুৰত স্বামীৰ স’তে নিগাজিকৈ থাকিবলৈ লয়৷ অসম অস্তিত্ব ৰক্ষা আন্দোলনৰ সময়ছোৱাত…
বিহু সুৰক্ষা সমিতি অসমৰ লখিমপুৰ জিলা শাখাৰ অধিবেশন সম্পন্ন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ ডিচেম্বৰঃ বিহু সুৰক্ষা সমিতি অসমৰ লখিমপুৰ জিলা শাখাৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশনখন বামুণ দলনি ৰঙানদী সাংস্কৃতিক প্ৰকল্গত দুদিনীয়া কাৰ্যসূচীৰে ৩ আৰু ৪ডিচেম্বৰত অনুস্থিত হৈ যায় । প্ৰথম দিনা কাৰ্যসূচী মতে পুৱা গছ-পুলি ৰোপণৰ পাছতে পুৱা ৯ বজাত জিলা সমিতিৰ পতাকা উত্তোলন কৰে জিলা সভাপতি চক্ৰধৰ সোনোৱালে।দুপৰীয়া ১১ বজাৰ পৰা কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিৰ সদস্য কুশৰাম সোনোৱালৰ সঞ্চালনাত হুঁচৰি আৰু মুকলি বিহুৰ পাৰ্থক্য আৰু বিচাৰকৰ ভূমিকা সম্পৰ্কে এক মনোজ্ঞ আলোচনা চক্ৰ অনুস্থিত হয়। মুখ্য আলোচক হিচাবে অৎশ গ্ৰহণ কৰে…
দুৰ্ঘটনাত অচিনাক্ত লোক নিহত
শতাব্দ'ৰ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৪ ডিচেম্বৰ: তেজপুৰত যোৱা নিশা এজন অচিনাক্ত লোকক দ্ৰুতবেগী বাহনে খুন্দিয়াই থৈ যোৱা অৱস্হাত উদ্ধাৰ কৰা হয় যদিও লোকজনৰ মৃত্যু ঘটে৷ উল্লেখযোগ্য যে তেজপুৰৰ পতিয়া চুবুৰি অঞ্চলত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়৷ গভীৰ নিশা পঞ্চাশোৰ্ধৰ লোকজনক কোনো বাহনে খুন্দিয়াই পথৰ দাঁতিত পেলাই থৈ যোৱাৰ পাছত আৰক্ষীয়ে পৰৱৰ্তী সময়ত লোকজনক উদ্ধাৰ কৰি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয় ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। বৰ্তমান মৃতদেহটো তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে আৰু আৰক্ষীয়ে…
মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত “দক্ষ-দীক্ষা” বৰণীয় নেতৃত্ব যুগজয়ী কৃতিত্ব শীৰ্ষক কৰ্মশালা অনুষ্ঠিত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ ডিচেম্বৰঃ ডুমডুমা মহাবিদ্যালয়ৰ কল্লোল প্ৰেক্ষাগৃহত আজি সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত "দক্ষ-দীক্ষা" বৰণীয় নেতৃত্ব যুগজয়ী কৃতিত্ব শীৰ্ষক এখনি অতি গুৰুত্বপূৰ্ণ সাংগঠনিক কৰ্মশালা অনুষ্ঠিত হৈ যায়। সন্থাৰ সাধাৰণ সম্পাদক দেৱকান্ত মৰাণে আঁতধৰা কৰ্মশালাখনিৰ সঞ্চলনা কৰে উপদেষ্টা দুলাল মৰাণে। আদৰণি ভাষণ আগবঢ়াই ভাৰপ্ৰাপ্ত সভাপতি পলিন্দ্ৰ বড়াই লগতে সন্থাৰ স্থায়ী সভাপতি নৱ মৰাণে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। কৰ্মশালাখনিত 'মৰাণ জাতীয় দায়বদ্ধতা আৰু ছাত্ৰ সংগঠনৰ দায়িত্ব কৰ্তব্য' ওপৰত সন্থাৰ প্ৰাক্তন সভাপতি…
আঘোণৰ সন্ধিয়া কাব্যিক অনুভূতিৰে সিক্ত হ’ল শতবৰ্ষ গৰকা অসমীয়া ক্লাব
সমাজৰ অৱক্ষয় দেখিলে কবি নিৰৱে থাকিব নোৱাৰে - ডাঃ ফুকনশতাব্দ'ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৪ ডিচেম্বৰঃ শৈশৱৰ স্মৃতি, তাৰুণ্যৰ সপোন, যৌৱনৰ দীপ্তি, নদী, প্ৰকৃতি, প্ৰতিবাদ, ৰাজনীতি আদি বিভিন্ন উপাদান সমৃদ্ধ জনপ্ৰিয় তথা বিশিষ্ট কবি, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যাপক ডাঃ প্ৰণয় ফুকনৰ বুদ্ধিদীপ্ত প্ৰাঞ্জল কবিতাৰ নিয়ৰেৰে কালি আঘোণৰ সন্ধিয়া সিক্ত হৈ পৰিল তেজপুৰৰ সাহিত্য কাণ্ডাৰীৰ স্মৃতি বিজড়িত শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষ ।উল্লেখ্য যে, তেজপুৰৰ একাংশ কাব্যনুৰাগী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অসমীয়া ক্লাবে…
হেমন্ত শইকীয়াৰ গ্ৰন্থ ‘অন্বেষণ’ উন্মোচন
মুক্তাৰ আলী, ৪ ডিচেম্বৰ : "ইতিহাস খৰছি মাৰি লিখা উচিত। ইতিহাসে ভৱিষ্যৎ প্ৰজন্মৰ জ্ঞানচক্ষু মুকলি কৰে। আজি গ্ৰন্থত স্থান দিয়া ব্যক্তিসকলক জানিবলৈ বা বুজিবলৈ ভৱিষ্যতে অন্বেষণ হ'ব পাৰে। ইতিহাসত স্পষ্টভাৱে লিপিবদ্ধ নোহোৱাৰ বাবেই আজিও বাঘ হাজৰিকা চৰিত্ৰটোক লৈ বিতৰ্ক চলি আছে ,চলি থাকিব। এই সন্দৰ্ভ তেজপুৰত এজন গৱেষকে বাঘ হাজৰিকা চৰিত্ৰটো কল্পনাপ্ৰসূত আৰু মৌখিক নাম বুলিহে উল্লেখ কৰিছিল।"— এই বক্তব্য মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ দিবাকৰ চন্দ্ৰ ডেকাৰ। আজি নাৰায়ণপুৰৰ জেষ্ঠ নাগৰিকৰ কাৰ্যালয়ত অনুষ্ঠিত এখন গ্ৰন্থ উন্মোচনী সভাত…
