Browsing Category

অসম

মুকুল গোস্বামীৰ কাব্যগ্ৰন্থ ‘সময় নাছিলনে হাতত আই’ উন্মোচন

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৬ ডিচেম্বৰ : "তেজপুৰ সাহিত্য সভাই কেইবাটাও দশক জুৰি গ্ৰন্থ উন্মোচনৰ এক পৰম্পৰাৰ সৃষ্টি কৰাৰ মাজতে আজি ইংৰাজী বৰ্ষ শেষৰ সময়খিনিত উপনীত হৈ এখন কাব্যগ্ৰন্হ উন্মোচন কৰিবলৈ পাই তেজপুৰ সাহিত্য সভাই আহ্লাদিত অনুভৱ কৰিছে। আধুনিক অসমীয়া কবিতাই ঊনবিংশ শতিকাৰ শেষৰ দশকত প্ৰাণ পাই উঠি বিংশ শতিকাৰ মধ্যভাগ পৰ্যন্ত এক বন্যা লাভ কৰিছে।"— আজি বিয়লি তেজপুৰ সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত এই মন্তব্য কৰে তেজপুৰ সাহিত্য সভাৰ সহকাৰী সম্পাদক তথা তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ…

জিএইএফে পিৰো স্পেচ মেটাভাৰ্ছত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম বাৰ্ষিকী আয়োজন কৰে

ৱাছিংটন ডি চি, আমেৰিকা, ৬ ডিচেম্বৰ : গোলকীয় অসমীয়া উদ্যমিতা মঞ্চ (GAEF, www.gaefnortheast.org)ৰ উদ্যোগত মেটাভাৰ্ছত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম বাৰ্ষিকী আয়োজন উদযাপন কৰা হয়। এই ভাৰ্চুৱেল অনুষ্ঠানত প্রৱাসী অসমীয়া আৰু সমগ্ৰ বিশ্বৰ বহু শীৰ্ষ আমোলা, ৰাজনীতিবিদ, বিজ্ঞানী, উদ্যোগী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰে। সমগ্ৰ দেশতে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰাৰ সময়তে ৪ ডিচেম্বৰত পাইৰ’স্পেচ মেটাভাৰ্ছত জিএইএফে মহান যোদ্ধাগৰাকীক এক অনন্যভাৱে শ্ৰদ্ধাঞ্জলি জনায়। অসমৰ হাৰ্টথ্ৰব, কণ্ঠশিল্পী জুবিন গাৰ্গ…

ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাজপথত ধৰ্ণা

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৫ ডিচেম্বৰ : যোৱা ৩ ডিচেম্বৰত তেজপুৰৰ নিকটৱৰ্তী শিঙিৰীজান চাহ বাগিচাৰ চাওৰা লাইনৰ জয়দেৱ চাওৰা নামৰ ছাত্ৰজন চলন্ত বাছৰ পৰা পৰি নিহত হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে৷ দুৰ্ঘটনাটোৰ পূৰ্বে সমনীয়াৰ সতে হাঁহি-ধেমালি কৰি ঘৰৰ পৰা পৰীক্ষা দিবলৈ ওলাই যোৱা ছাত্ৰ জয়দেৱ চাওৰাৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি আজি পুৱাৰে পৰা শ্ৰমিক সংগঠন, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে তিনি ডিচেম্বৰত দিনৰ প্ৰায় ১১. ৩০ বজাত শালনিবাৰী আৰক্ষী চকীৰ অন্তৰ্গত শিঙিৰীজান চাহ বাগিচাৰ চাওৰা…

লখিমপুৰত ভূমি পঞ্জীয়নৰ নামত ধনৰ লেন-দেন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৫ ডিচেম্বৰ : উত্তৰ লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বক্ৰ পথেৰে বৃহৎ পৰিমাণৰ ধনৰ লেনদেনৰে ভূমি পঞ্জীয়ন কৰা এজন বিষয়াসহ এজন দালাল যোৱানিশা আৰক্ষীৰ জালত পৰে৷ আৰক্ষীৰ জালত পৰা এই লোক দুজন হৈছে উত্তৰ লখিমপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক নন্দন বৰা আৰু মাটিৰ দালাল দেৱকৃষ্ণ দত্ত৷ উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মিনাক্ষী পামেৰ এজাহাৰ মৰ্মে যোৱা নিশা আৰক্ষীয়ে নন্দন বৰাক লীলাবাৰীৰ ঘৰৰ পৰা আৰু দেৱকৃষ্ণ দত্তক লখিমপুৰ চি ডি ৰেডৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে ৰাজহ চক্ৰ বিষয়াৰ এজাহাৰৰ…

তেজপুৰৰ মিছন চাৰিআলিত কেতিয়া নিৰ্মাণ হ’ব উৰণীয়া সেঁতু!

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৫ ডিচেম্বৰ : তেজপুৰৰ মিছন চাৰিআলিত দিনক দিনে যানজঁটৰ সমস্যা গুৰুতৰ হৈ অহাৰ সময়ত অতি প্ৰয়োজনীয় উৰণীয়া সেঁতুখনৰ আধাৰশিলা ২০২১ৰ এক জুলাইত স্থাপনৰ পাছতেই ৰাইজ উৎফুল্লিত হৈ পৰিছিল অচিৰেই এই গুৰুত্বপূৰ্ণ পথত যানজঁটৰ সমস্যা সমাধান হ’ব বুলি ভাবি। উল্লেখযোগ্য যে,৩৭ (ক) নম্বৰ ৰাষ্ট্ৰীয় পথ আৰু ১৫ নম্বৰ ৰাষ্ট্ৰীয় পথৰ এই চাৰিআলিত এখন উৰণীয়া সেঁতুৰ বাবে ৰাইজে দীৰ্ঘদিন ধৰি অপেক্ষা কৰিছিল আৰু পৰৱৰ্তী সময়ত ১০৮ কোটি টকা ব্যয় নিৰ্দ্ধাৰণৰে এইখন উৰণীয়া সেতুৰ আধাৰশিলা স্থাপনৰ লগতে সেঁতুখন নিৰ্মাণৰ বাবে পথৰ দাঁতিৰ…

ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ

শতাব্দ প্ৰতিনিধি, লিডু ৫ ডিচেম্বৰঃ  ডিব্রুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ৰেগিং কাণ্ডক সকলোৱে একেমুখে নিন্দা কৰাৰ লগতে চৌদিশে অভিযুক্তক শাস্তিৰ দাবীত প্রতিবাদৰ ঢৌ উঠিছে। এনে সময়তে মূল অভিযুক্ত বুলি অভিযোগ উঠা ৰাহুল ছেত্ৰী আৰক্ষীৰ জালত পৰিছে। ছাত্রাবাসৰ ৰেগিং কাণ্ডৰ বলি আনন্দ শৰ্মা নামৰ ছাত্রজন আজিও চিকিৎসাধীন। এই ঘটনাত জড়িত বুলি অভিযোগ উঠা বহু কেইজন ছাত্রক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। উক্ত ৰেগিং কাণ্ডৰ মূল অভিযুক্ত বুলি অভিযোগ উঠা ছাত্র নেতা ৰাহুল ছেত্রীক আৰক্ষীয়ে আটক কৰিব পৰা নাছিল। অৱশেষত কালি লেখাপানী আৰক্ষীৰ ওচৰত ৰাহুল…

তিনিচুকীয়াৰ উন্নয়ন আয়োগৰ বৈঠকত কঠোৰ উপায়ুক্ত

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৫ ডিচেম্বৰ : তিনিচুকীয়া জিলা উন্নয়ন আয়োগৰ বৈঠকত আজি (৫ ডিচেম্বৰ) উপায়ুক্ত নৰসিং পৱাৰে আঁচনি ৰূপায়ণত গাফিলতি কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত নৰসিং পৱাৰৰ সঞ্চালনাত অনুষ্ঠিত উন্নয়ন আয়োগৰ বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, বন, কৃষি, পশুপালন, মীন, স্বাস্থ্য, শিক্ষা, পৰিবহণ, লোকনিৰ্মাণ পথ, লোকনিৰ্মাণ গৃহ, জলসম্পদ, জলসিঞ্চন আদি জিলাখনৰ সকলো বিভাগৰ বিষয়া তথা প্ৰতিনিধিসকল উপস্থিত থাকে। উপায়ুক্তই প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ), অমৃত সৰোবৰ আচঁনিৰ অগ্ৰগতিৰ…

জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰে উজ্জীৱিত যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৫ ডিচেম্বৰ : বিহু, বাগৰুম্বা, ঝমুৰ, চাওতালী, তিৱা আদি নৃত্যই সকলোকে মুগ্ধ কৰি তোলাৰ সময়তে ছাত্ৰ-ছাত্ৰীৰ গায়ন-বায়ন আৰু সত্ৰীয়া সংস্কৃতিৰ দল দুটাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ সেইদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি ভাওনাৰ বিভিন্ন চৰিত্ৰ— বিষ্ণু, শ্ৰীকৃষ্ণ, ৰাধা, শিৱ, শংখচুড়, বকাসুৰ, নকুল, সহদেৱ, নন্দি-ভিঙ্গী, ভীম, অজুৰ্ন, ৰাম-ৰাৱন, সীতা, লক্ষ্মন, হনুমান আদি চৰিত্ৰৰে অভিনয় প্ৰতিভা প্ৰদৰ্শন কৰি এক নান্দনিক পৰিৱেশৰ সূচনা কৰে৷ উল্লেখ্য যে, প্ৰত্যেক বছৰে বিদ্যালয় সপ্তাহৰ আৰম্ভণি অনুষ্ঠানৰ অংশ হিচাপে…

বিধায়ক পদ্ম হাজৰিকাক ‘ভৰলী কোঁৱৰ’ উপাধি প্ৰদান

জামুগুৰিহাট, ৫ ডিচেম্বৰ : "ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকল স্ব-নিৰাপত্তা আৰু আনকো জীয়াই ৰখাৰ ভাবনাত ব্ৰতী হ'ব লাগে। অপকৰ্মই এখন সমাজ ধ্বংস কৰিব পাৰে, সেয়ে তেনে চিন্তাৰ পৰা নিজকে নিলগত ৰাখি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ 'কন্যকা'ৰ আদৰ্শৰে আগবাঢ়ি যাব লাগিব। বিধায়ক পদ্ম হাজৰিকাৰ আদৰ্শ কেৱল চতিয়াতেই নহয় সমগ্ৰ অসমজুৰি প্ৰসাৰিত হ'লে বিশেষকৈ নিবনুৱা যুৱক-যুৱতীসকল লাভান্বিত হ'ব।"— এই মন্তব্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ। শোণিতপুৰ জিলাৰ নদুৱাৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী উৎসৱ উপলক্ষে আজি অন্তিম দিনাৰ কাৰ্যসূচীত…

মুম্বাইত অসমৰ ৩ সংৰক্ষণবিদক বন্যপ্ৰাণী সেৱা বঁটা প্ৰদান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ ডিচেম্বৰ : অসমৰ পৰিৱেশবিদ ঋতুৰাজ ফুকনক Sanctuary Wildlife Service Award প্ৰদানেৰে সন্মানিত কৰাৰ বিপৰীতে তৃণমূল সম্প্ৰদায়ৰ সৈতে কৰা কামৰ বাবে মুনমুনি পায়েঙক যুৱ প্ৰকৃতিবিদ বঁটা (Young Naturalist Award)ৰে সন্মানিত কৰা হৈছে। যোৱা ৩ ডিচেম্বৰত মুম্বাইত অনুষ্ঠিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। নগাঁওস্থিত Climate Reality Leaderগৰাকী হৈছে এক প্ৰখ্যাত পৰিবেশ সাহিত্যিক, দুঃসাহসিক আৰু সংৰক্ষণবিদ, যিয়ে বিশ্ব জলবায়ু পৰিৱৰ্তনৰ অসংখ্য অনুষ্ঠানত অঞ্চল আৰু দেশক প্ৰতিনিধিত্ব কৰি আহিছে। ২৩ বছৰীয়া মুনমুনি…