Browsing Category

অসম

আপোচবিহীন জাতীয়তাবাদী নেত্ৰী মনোৰমা বৰদলৈৰ পৰলোক

শতাব্দ'ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ ডিচেম্বৰঃ জাতীয়তাবাদক লৈ কোনো দিনে আপোচ নকৰা একালৰ আঞ্চলিকবাদৰ ধ্বজাবাহক মনোৰমা বৰদলৈ আৰু নাই ৷ শোণিতপুৰৰ ৰঙাপৰাৰ বিষ্ণুপুৰৰ নিজা বাসভৱনত কালি বিয়লি ৩-১৫ বজাত সৰবৰহী মহিলাগৰাকীয়ে ইহলীলা সম্বৰণ কৰে ৷ স্মৰ্তব্য যে, ১৯৪২ত ৰঙাপৰাৰ নাহৰনি চাহবাগিছাত জন্ম গ্ৰহণ কৰা আৰু পৰৱৰ্তীকালত তেজপুৰত শিক্ষাগ্ৰহণ কৰাৰ অন্তত তেখেত যোৰহাট তৰাজানৰ নিবাসী বিষ্ণু প্ৰসাদ বৰদলৈৰ স’তে বিবাহপাশত আবদ্ধ হৈছিল ৷ কিন্তু পৰৱৰ্তীসময়ত ৰঙাপৰাৰ বিষ্ণুপুৰত স্বামীৰ স’তে নিগাজিকৈ থাকিবলৈ লয়৷ অসম অস্তিত্ব ৰক্ষা আন্দোলনৰ সময়ছোৱাত…

বিহু সুৰক্ষা সমিতি অসমৰ লখিমপুৰ জিলা শাখাৰ অধিবেশন সম্পন্ন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ ডিচেম্বৰঃ বিহু সুৰক্ষা সমিতি অসমৰ লখিমপুৰ জিলা শাখাৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশনখন বামুণ দলনি ৰঙানদী সাংস্কৃতিক প্ৰকল্গত দুদিনীয়া কাৰ্যসূচীৰে ৩ আৰু ৪ডিচেম্বৰত অনুস্থিত হৈ যায় । প্ৰথম দিনা কাৰ্যসূচী মতে পুৱা গছ-পুলি ৰোপণৰ পাছতে পুৱা ৯ বজাত জিলা সমিতিৰ পতাকা উত্তোলন কৰে জিলা সভাপতি চক্ৰধৰ সোনোৱালে।দুপৰীয়া ১১ বজাৰ পৰা কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিৰ সদস্য কুশৰাম সোনোৱালৰ  সঞ্চালনাত হুঁচৰি আৰু মুকলি বিহুৰ পাৰ্থক্য আৰু বিচাৰকৰ ভূমিকা সম্পৰ্কে এক মনোজ্ঞ আলোচনা চক্ৰ অনুস্থিত হয়। মুখ্য আলোচক হিচাবে অৎশ গ্ৰহণ কৰে…

দুৰ্ঘটনাত অচিনাক্ত লোক নিহত

শতাব্দ'ৰ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৪ ডিচেম্বৰ: তেজপুৰত যোৱা নিশা এজন অচিনাক্ত লোকক দ্ৰুতবেগী বাহনে খুন্দিয়াই থৈ যোৱা অৱস্হাত উদ্ধাৰ কৰা হয় যদিও লোকজনৰ মৃত্যু ঘটে৷ উল্লেখযোগ্য যে তেজপুৰৰ পতিয়া চুবুৰি অঞ্চলত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়৷ গভীৰ নিশা পঞ্চাশোৰ্ধৰ লোকজনক কোনো বাহনে খুন্দিয়াই পথৰ দাঁতিত পেলাই থৈ যোৱাৰ পাছত আৰক্ষীয়ে পৰৱৰ্তী সময়ত লোকজনক উদ্ধাৰ কৰি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয় ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। বৰ্তমান মৃতদেহটো তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে আৰু আৰক্ষীয়ে…

মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত “দক্ষ-দীক্ষা” বৰণীয় নেতৃত্ব যুগজয়ী কৃতিত্ব শীৰ্ষক কৰ্মশালা অনুষ্ঠিত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ ডিচেম্বৰঃ ডুমডুমা মহাবিদ্যালয়ৰ কল্লোল প্ৰেক্ষাগৃহত আজি সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত "দক্ষ-দীক্ষা" বৰণীয় নেতৃত্ব যুগজয়ী কৃতিত্ব শীৰ্ষক এখনি অতি গুৰুত্বপূৰ্ণ সাংগঠনিক কৰ্মশালা অনুষ্ঠিত হৈ যায়। সন্থাৰ সাধাৰণ সম্পাদক দেৱকান্ত মৰাণে আঁতধৰা কৰ্মশালাখনিৰ সঞ্চলনা কৰে উপদেষ্টা দুলাল মৰাণে। আদৰণি ভাষণ আগবঢ়াই ভাৰপ্ৰাপ্ত সভাপতি পলিন্দ্ৰ বড়াই লগতে সন্থাৰ স্থায়ী সভাপতি নৱ মৰাণে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। কৰ্মশালাখনিত 'মৰাণ জাতীয় দায়বদ্ধতা আৰু ছাত্ৰ সংগঠনৰ দায়িত্ব কৰ্তব্য' ওপৰত সন্থাৰ প্ৰাক্তন সভাপতি…

আঘোণৰ সন্ধিয়া কাব্যিক অনুভূতিৰে সিক্ত হ’ল শতবৰ্ষ গৰকা অসমীয়া ক্লাব

সমাজৰ অৱক্ষয় দেখিলে কবি নিৰৱে থাকিব নোৱাৰে - ডাঃ ফুকনশতাব্দ'ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৪ ডিচেম্বৰঃ শৈশৱৰ স্মৃতি, তাৰুণ্যৰ সপোন, যৌৱনৰ দীপ্তি, নদী, প্ৰকৃতি, প্ৰতিবাদ, ৰাজনীতি আদি বিভিন্ন উপাদান সমৃদ্ধ জনপ্ৰিয় তথা বিশিষ্ট কবি, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যাপক ডাঃ প্ৰণয় ফুকনৰ বুদ্ধিদীপ্ত প্ৰাঞ্জল কবিতাৰ নিয়ৰেৰে কালি আঘোণৰ সন্ধিয়া সিক্ত হৈ পৰিল তেজপুৰৰ সাহিত্য কাণ্ডাৰীৰ স্মৃতি বিজড়িত শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষ ।উল্লেখ্য যে, তেজপুৰৰ একাংশ কাব্যনুৰাগী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অসমীয়া ক্লাবে…

হেমন্ত শইকীয়াৰ গ্ৰন্থ ‘অন্বেষণ’ উন্মোচন

মুক্তাৰ আলী, ৪ ডিচেম্বৰ : "ইতিহাস খৰছি মাৰি লিখা উচিত। ইতিহাসে ভৱিষ্যৎ প্ৰজন্মৰ জ্ঞানচক্ষু মুকলি কৰে। আজি গ্ৰন্থত স্থান দিয়া ব্যক্তিসকলক জানিবলৈ বা বুজিবলৈ ভৱিষ্যতে অন্বেষণ হ'ব পাৰে। ইতিহাসত স্পষ্টভাৱে লিপিবদ্ধ নোহোৱাৰ বাবেই আজিও বাঘ হাজৰিকা চৰিত্ৰটোক লৈ বিতৰ্ক চলি আছে ,চলি থাকিব। এই সন্দৰ্ভ তেজপুৰত এজন গৱেষকে বাঘ হাজৰিকা চৰিত্ৰটো কল্পনাপ্ৰসূত আৰু মৌখিক নাম বুলিহে উল্লেখ কৰিছিল।"— এই বক্তব্য মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ দিবাকৰ চন্দ্ৰ ডেকাৰ। আজি নাৰায়ণপুৰৰ জেষ্ঠ নাগৰিকৰ কাৰ্যালয়ত অনুষ্ঠিত এখন গ্ৰন্থ উন্মোচনী সভাত…

বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে তেজপুৰত উত্তৰ অসম দিব্যাংগ সন্হাৰ বৰ্ণাঢ্য কাৰ্যসূচী

শতাব্দ'ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৩ ডিচেম্বৰ : দৃষ্টিহীনৰ কন্ঠত সুমধুৰ গীত, ভৰিৰে চিত্ৰাংকন, দুভৰি নোহোৱাকৈ এখন কাঠৰ টুলত বহি দৃষ্টিনন্দন নৃত্য, দিব্যাংগৰ কন্ঠত কবিতা আবৃত্তি আদিৰে মুখৰিত কৰি আজি বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনটো উদযাপিত হ'ল তেজপুৰত। উল্লেখ্য যে উত্তৰ অসম দিব্যাংগ সন্হাৰ উদ্যোগত শোণিতপুৰ জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগত আজি পুৱাৰ পৰা তেজপুৰৰ বাণ থিয়েটাৰত অনুষ্ঠি হয় বিশ্ব প্ৰতিবন্ধী দিৱসৰ বৰ্ণাঢ্য অনুষ্ঠান। পুৱা উত্তৰ অসম দিব্যাংগ সন্থাৰ মুখ্য সম্পাদক মৃদুল কুমাৰ বৰাৰ দ্বাৰা পতাকা…

তেজপুৰত বাছৰ পৰা পৰি ছাত্ৰ নিহত

শতাব্দ'ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৩ ডিচেম্বৰ: তেজপুৰ সদৰ থানা অধীনস্হ শিংৰিজান চাহ বাগিচাৰ এজন দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ বাছৰ পৰি আজি শোকবাহ ভাবে নিহত হয়৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আজি দিনৰ প্ৰায় ১১-৩০বজাত ৰঙাপৰাৰ পৰা তেজপুৰ অভিমুখে আহি থকা এ এচ ছি ১২ই ০১৯৪ নম্বৰৰ বাছখনৰে বিন্দুকুৰি উচ্চ মাধ্যমিক বিদ্যালয়লৈ আহি থকা সময়ত এই শোকাৱহ ঘটনাটো সংঘটিত হয়। বাছখনৰ দুৱাৰৰ কাষতে ৰৈ থকা ছাত্ৰজন বাছখন এটা কেঁকুৰি অতিক্ৰম কৰাৰ সময়তে বাছখনৰ পৰা ওলাই পৰে আৰু পথৰ কাষত থকা শিলত পৰি মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পাছত যানবাহন আৰক্ষী…

লখিমপুৰত আন্তৰ্জাতিক দিব্যাঙ্গ দিৱসটি উদ্‌যাপন

উত্তৰ লখিমপুৰ, ৩ ডিচেম্বৰঃ লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তিদ্বয় পংকজ হাজৰিকা, দিপক শইকীয়াৰ অতিৰিক্ত সহায়ক সমল ব্যক্তি চক্ৰ ভৰালীৰ উদ্যোগত ২৭ নবেম্বৰৰ পৰা ৩ডিচেম্বৰ ২০২২তাৰিখলৈকে সপ্তাহযোৰা বিভিন্ন কাৰ্যসুচীৰে দিব্যাঙ্গ সপ্তাহ উদ্‌যাপন কৰা হয়।এই সময় খিনিত শিক্ষা খণ্ডটিৰ বিভিন্ন স্থানত দিব্যাঙ্গ শিশু সকলক লৈ বিভিন্ন প্ৰতিযোগিতা,দিব্যাঙ্গ ব্যক্তিৰ অধিকাৰ আইন-২০১৬, সৰ্বাত্মক শিক্ষাৰ ওপৰত সজাগতা, সমনীয়াৰ সজাগতা, শিশুৰ স্বাস্থ্য পৰীক্ষা আদি বিভিন্ন কাৰ্যসুচী ৰূপায়ন কৰা হয়। আজি ৩ ডিচেম্বৰত উত্তৰ লখিমপুৰ নগৰ…

তেজপুৰ বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন

শতাব্দ'ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৩ ডিচেম্বৰ : আজি ৩ ডিচেম্বৰত বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে কৰুণাধাৰাৰ শোণিতপুৰ জিলা তেজপুৰ শাখাৰ সৌজন্যত তেজপুৰ কেতেকীবাৰীস্হিত শিশুগৃহ নৱপ্ৰভাতত কেইবাখনো বিদ্যালয়ৰ শিশুৰ মাজত চিত্ৰাঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কৰুণাধাৰাৰ তেজপুৰ শাখাৰ ড০ কৃষ্ণা শৰ্মা আৰু বিনু ভূঞাই আতঁ ধৰি আৰম্ভ কৰা প্ৰতিযোগিতাখনত বিনীতা দাস ব্ৰহ্ম, চম্পা সিং, কাঞ্চন শইকীয়ো সহযোগিতা আগবঢ়ায়। কৰুণাধাৰাৰ তেজপুৰ শাখাৰ উপদেষ্টা বিশিষ্ট চিকিৎসক ডা০সৌৰভ ভূঞাই প্ৰতিবন্ধী দিৱসৰ তাৎপৰ্যৰ ওপৰত সুন্দৰ ভাৱে আলোকপাত কৰা…