Browsing Category
অসম
বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে তেজপুৰত উত্তৰ অসম দিব্যাংগ সন্হাৰ বৰ্ণাঢ্য কাৰ্যসূচী
শতাব্দ'ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৩ ডিচেম্বৰ : দৃষ্টিহীনৰ কন্ঠত সুমধুৰ গীত, ভৰিৰে চিত্ৰাংকন, দুভৰি নোহোৱাকৈ এখন কাঠৰ টুলত বহি দৃষ্টিনন্দন নৃত্য, দিব্যাংগৰ কন্ঠত কবিতা আবৃত্তি আদিৰে মুখৰিত কৰি আজি বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনটো উদযাপিত হ'ল তেজপুৰত। উল্লেখ্য যে উত্তৰ অসম দিব্যাংগ সন্হাৰ উদ্যোগত শোণিতপুৰ জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগত আজি পুৱাৰ পৰা তেজপুৰৰ বাণ থিয়েটাৰত অনুষ্ঠি হয় বিশ্ব প্ৰতিবন্ধী দিৱসৰ বৰ্ণাঢ্য অনুষ্ঠান। পুৱা উত্তৰ অসম দিব্যাংগ সন্থাৰ মুখ্য সম্পাদক মৃদুল কুমাৰ বৰাৰ দ্বাৰা পতাকা…
তেজপুৰত বাছৰ পৰা পৰি ছাত্ৰ নিহত
শতাব্দ'ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৩ ডিচেম্বৰ: তেজপুৰ সদৰ থানা অধীনস্হ শিংৰিজান চাহ বাগিচাৰ এজন দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ বাছৰ পৰি আজি শোকবাহ ভাবে নিহত হয়৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আজি দিনৰ প্ৰায় ১১-৩০বজাত ৰঙাপৰাৰ পৰা তেজপুৰ অভিমুখে আহি থকা এ এচ ছি ১২ই ০১৯৪ নম্বৰৰ বাছখনৰে বিন্দুকুৰি উচ্চ মাধ্যমিক বিদ্যালয়লৈ আহি থকা সময়ত এই শোকাৱহ ঘটনাটো সংঘটিত হয়। বাছখনৰ দুৱাৰৰ কাষতে ৰৈ থকা ছাত্ৰজন বাছখন এটা কেঁকুৰি অতিক্ৰম কৰাৰ সময়তে বাছখনৰ পৰা ওলাই পৰে আৰু পথৰ কাষত থকা শিলত পৰি মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পাছত যানবাহন আৰক্ষী…
লখিমপুৰত আন্তৰ্জাতিক দিব্যাঙ্গ দিৱসটি উদ্যাপন
উত্তৰ লখিমপুৰ, ৩ ডিচেম্বৰঃ লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তিদ্বয় পংকজ হাজৰিকা, দিপক শইকীয়াৰ অতিৰিক্ত সহায়ক সমল ব্যক্তি চক্ৰ ভৰালীৰ উদ্যোগত ২৭ নবেম্বৰৰ পৰা ৩ডিচেম্বৰ ২০২২তাৰিখলৈকে সপ্তাহযোৰা বিভিন্ন কাৰ্যসুচীৰে দিব্যাঙ্গ সপ্তাহ উদ্যাপন কৰা হয়।এই সময় খিনিত শিক্ষা খণ্ডটিৰ বিভিন্ন স্থানত দিব্যাঙ্গ শিশু সকলক লৈ বিভিন্ন প্ৰতিযোগিতা,দিব্যাঙ্গ ব্যক্তিৰ অধিকাৰ আইন-২০১৬, সৰ্বাত্মক শিক্ষাৰ ওপৰত সজাগতা, সমনীয়াৰ সজাগতা, শিশুৰ স্বাস্থ্য পৰীক্ষা আদি বিভিন্ন কাৰ্যসুচী ৰূপায়ন কৰা হয়। আজি ৩ ডিচেম্বৰত উত্তৰ লখিমপুৰ নগৰ…
তেজপুৰ বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন
শতাব্দ'ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৩ ডিচেম্বৰ : আজি ৩ ডিচেম্বৰত বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে কৰুণাধাৰাৰ শোণিতপুৰ জিলা তেজপুৰ শাখাৰ সৌজন্যত তেজপুৰ কেতেকীবাৰীস্হিত শিশুগৃহ নৱপ্ৰভাতত কেইবাখনো বিদ্যালয়ৰ শিশুৰ মাজত চিত্ৰাঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কৰুণাধাৰাৰ তেজপুৰ শাখাৰ ড০ কৃষ্ণা শৰ্মা আৰু বিনু ভূঞাই আতঁ ধৰি আৰম্ভ কৰা প্ৰতিযোগিতাখনত বিনীতা দাস ব্ৰহ্ম, চম্পা সিং, কাঞ্চন শইকীয়ো সহযোগিতা আগবঢ়ায়। কৰুণাধাৰাৰ তেজপুৰ শাখাৰ উপদেষ্টা বিশিষ্ট চিকিৎসক ডা০সৌৰভ ভূঞাই প্ৰতিবন্ধী দিৱসৰ তাৎপৰ্যৰ ওপৰত সুন্দৰ ভাৱে আলোকপাত কৰা…
আত্ম নিৰ্ভৰশীল হ’ব নোৱৰা দিব্যাংগ সকলৰ ভৱিষ্যৎ কি হ’ব!
শতাব্দ'ৰ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩ডিচেম্বৰ: পিতৃ-মাতৃ অবিহনে তেওঁলোকে বুকুত সাৱতি ৰখা দিব্যাংগ সন্তানৰ ভৱিষ্যৎ কি হ’ব! এনেবোৰ মৰ্মস্পৰ্শী চিন্তাৰেই স্হান লাভ কৰে আজি দিব্যাংগ সুৰক্ষা মঞ্চ অসমৰ উদ্যোগত আৰু জিলা সামাজিক ন্যায় আৰু সৱলীকৰণ সহযোগত বিশ্বনাথৰ অমিয় দাস ভৱন পানী ভঁৰালত অনুষ্ঠিত হোৱা বিশ্ব দিব্যাংগ দিৱসৰ কাৰ্যসূচীত।উল্লেখযোগ্য যে, এই অনুষ্ঠানত পুৱা পতাকা উত্তোলন কৰে দিব্যাংগ সুৰক্ষা মঞ্চ অসমৰ কেন্দ্ৰীয় উপসভাপতি পৌৰব নাথে।ছহিদ তৰ্পণ কৰে কেন্দ্ৰীয় সাধাৰণ সম্পাদক ইস্ৰাইল আলীয়ে আৰু মঞ্চ মুকলি কৰে পানী ভঁৰাল অঞ্চলৰ…
তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ শিক্ষাৰ্থীৰ উদ্যোগত “সজাগতা” শীৰ্ষক অভিযানৰ শুভাৰম্ভ
শতাব্দ'ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৩ ডিচেম্বৰ : তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ অধীনস্থ উন্নয়নৰ বাবে যোগাযোগৰ বিশেষ কাৰ্যসূচীৰ অধীনত আজি শুভম কুমাৰ, অৰ্জিতা কুমাৰী, নিহাৰিকা স্বৰ্গীয়াৰী আৰু শিৱলিকা পাত্রনবীশ নামৰ শিক্ষাৰ্থী কেইগৰাকীৰ উদ্যোগত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু বহনক্ষম পৰিৱেশ বিষয়কলৈ ‘সজাগতা’ শীৰ্ষক এক অভিযানৰ শুভাৰম্ভ কৰা হয় ৷ উল্লেখ্য যে, দহ দিনীয়াকৈ আয়োজিত অভিযানটোৰ আজিৰ শুভাৰম্ভণী কাৰ্যসূচীত সমীপস্থিত ফখৰুদ্দিন আলী আহমেদ হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকি শৃংখলাবদ্ধ ৰেলী,…
স্বাস্থ্য, বিজ্ঞান-প্ৰযুক্তি বিভাগৰ বাজেট আৱণ্টিত পুঁজি ব্যৱহাৰৰ অগ্ৰগতিৰ পৰ্যালোচনা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৩ ডিচেম্বৰ : স্বাস্থ্য আৰু বিজ্ঞান-প্ৰযুক্তি বিদ্যা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি দিছপুৰত চলিত বৰ্ষৰ ৰাজ্যিক বাজেটত স্বাস্থ্য-পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা-গৱেষণা আৰু বিজ্ঞান-প্ৰযুক্তি বিদ্যা তথা জলবায়ু পৰিবৰ্তন বিভাগলৈ আৱণ্টিত পুঁজি ব্যৱহাৰৰ অগ্ৰগতি পৰ্যালোচনা কৰে। জনতা ভৱনৰ এফ ব্লকস্থিত বিত্ত বিভাগৰ সভাকক্ষত শনিবাৰে সন্ধিয়া অনুষ্ঠিত এখন বৈঠকত বিত্তমন্ত্ৰীগৰাকীয়ে তিনিওটা বিভাগৰ শীৰ্ষ বিষয়াসকলৰ পৰা বিভাগীয় বাজেট আৱণ্টনৰ সদ্যৱহাৰ আৰু বাজেট ঘোষণা…
ফুলৰ এই মেলাতে… (ফটো সংবাদ)
ভিন্ন ৰঙী ফুল লৈ গ্ৰাহকৰ অপেক্ষাত কেইজনমান ফুল বিক্ৰেতা শিৱসাগৰ দ'লমুখত। আলোকচিত্ৰঃ আব্দুল মতিন
ৰবাব টেঙা কিয় খাব লাগে
অসমীয়া গ্ৰাম্য জীৱনত নিমখ, জলকীয়া সানি কলপাতত লৈ সমূহীয়াকৈ ৰবাব খোৱাৰ আমেজ খাওঁতাইহে উপলব্ধি আৰু বাখ্যা কৰিব পাৰিব। ৰবাব টেঙা স্বাস্থ্যৰ বাবে অতি উপযোগী এবিধ সহজলভ্য ফল।১)মূত্ৰাশয় সংক্ৰমণ প্ৰতিৰোধক Prevents urinary tract infection: মূত্ৰ প্ৰস্তুতি, জমা আৰু নিষ্কাষণ কৰা মূত্ৰাশয়ত বীজাণু সংক্ৰমণৰ হলে মূত্ৰকৃচ্চতা, পেচাব জ্বলা আদি কষ্ট দায়ক উপসৰ্গ আৰম্ভ হয়। মূত্ৰাশয় ফুলি যায়। গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত এই ৰোগ সঘনাই হোৱা দেখা যায়। ৰবাবৰ ৰস খালে এই ৰোগ প্ৰতিৰোধ হয়। ৰবাবত থকা খাদ্যপ্ৰাণ C এ পেচাবত এচিডৰ মাত্ৰা বৃদ্ধি কৰি…
১৮ ডিচেম্বৰত ঘূনাসুঁতি দলঙৰ শিলান্যাস
শতাব্দৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ২ ডিচেম্বৰঃ ইতিহাসত পৰিণত হ’ব সোৱণশিৰিৰ বুকুৰে ঐতিহাসিক ঘূনাসুঁতিলৈ নৌকা যাত্ৰা কৰা পৰ্ব৷ যুগ যুগ ধৰি বৃহত্তৰ ঘূনাসুঁতিবাসীয়ে যমৰ যাতনা ভোগ কৰি সোৱণশিৰিৰ বুকুৰে ঘূনাসুঁতিৰ পৰা লখিমপুৰ নগৰৰ লগত যোগাযোগ ৰক্ষা কৰিব লগা হৈছিল৷ আজি জংকি পানৈৰ দেশ ঘূনাসুঁতিত ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰা উপস্থিত হৈ ঘূনাসুঁতিবাসীৰ লগত আলোচনাত মিলিত হোৱাৰ লগতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অহা ১৮ ডিচেম্বৰত ঘূনাসুঁতি দলঙৰ শিলান্যাস আৰু ভূমি পূজনৰ শুভাৰম্ভ কৰিব বুলি অৱগত কৰাত ঘূনাসুঁতিবাসী উৎফুল্ল হৈ পৰে৷…
