Browsing Category
অসম
আত্ম নিৰ্ভৰশীল হ’ব নোৱৰা দিব্যাংগ সকলৰ ভৱিষ্যৎ কি হ’ব!
শতাব্দ'ৰ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩ডিচেম্বৰ: পিতৃ-মাতৃ অবিহনে তেওঁলোকে বুকুত সাৱতি ৰখা দিব্যাংগ সন্তানৰ ভৱিষ্যৎ কি হ’ব! এনেবোৰ মৰ্মস্পৰ্শী চিন্তাৰেই স্হান লাভ কৰে আজি দিব্যাংগ সুৰক্ষা মঞ্চ অসমৰ উদ্যোগত আৰু জিলা সামাজিক ন্যায় আৰু সৱলীকৰণ সহযোগত বিশ্বনাথৰ অমিয় দাস ভৱন পানী ভঁৰালত অনুষ্ঠিত হোৱা বিশ্ব দিব্যাংগ দিৱসৰ কাৰ্যসূচীত।উল্লেখযোগ্য যে, এই অনুষ্ঠানত পুৱা পতাকা উত্তোলন কৰে দিব্যাংগ সুৰক্ষা মঞ্চ অসমৰ কেন্দ্ৰীয় উপসভাপতি পৌৰব নাথে।ছহিদ তৰ্পণ কৰে কেন্দ্ৰীয় সাধাৰণ সম্পাদক ইস্ৰাইল আলীয়ে আৰু মঞ্চ মুকলি কৰে পানী ভঁৰাল অঞ্চলৰ…
তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ শিক্ষাৰ্থীৰ উদ্যোগত “সজাগতা” শীৰ্ষক অভিযানৰ শুভাৰম্ভ
শতাব্দ'ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৩ ডিচেম্বৰ : তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ অধীনস্থ উন্নয়নৰ বাবে যোগাযোগৰ বিশেষ কাৰ্যসূচীৰ অধীনত আজি শুভম কুমাৰ, অৰ্জিতা কুমাৰী, নিহাৰিকা স্বৰ্গীয়াৰী আৰু শিৱলিকা পাত্রনবীশ নামৰ শিক্ষাৰ্থী কেইগৰাকীৰ উদ্যোগত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু বহনক্ষম পৰিৱেশ বিষয়কলৈ ‘সজাগতা’ শীৰ্ষক এক অভিযানৰ শুভাৰম্ভ কৰা হয় ৷ উল্লেখ্য যে, দহ দিনীয়াকৈ আয়োজিত অভিযানটোৰ আজিৰ শুভাৰম্ভণী কাৰ্যসূচীত সমীপস্থিত ফখৰুদ্দিন আলী আহমেদ হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকি শৃংখলাবদ্ধ ৰেলী,…
স্বাস্থ্য, বিজ্ঞান-প্ৰযুক্তি বিভাগৰ বাজেট আৱণ্টিত পুঁজি ব্যৱহাৰৰ অগ্ৰগতিৰ পৰ্যালোচনা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৩ ডিচেম্বৰ : স্বাস্থ্য আৰু বিজ্ঞান-প্ৰযুক্তি বিদ্যা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি দিছপুৰত চলিত বৰ্ষৰ ৰাজ্যিক বাজেটত স্বাস্থ্য-পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা-গৱেষণা আৰু বিজ্ঞান-প্ৰযুক্তি বিদ্যা তথা জলবায়ু পৰিবৰ্তন বিভাগলৈ আৱণ্টিত পুঁজি ব্যৱহাৰৰ অগ্ৰগতি পৰ্যালোচনা কৰে। জনতা ভৱনৰ এফ ব্লকস্থিত বিত্ত বিভাগৰ সভাকক্ষত শনিবাৰে সন্ধিয়া অনুষ্ঠিত এখন বৈঠকত বিত্তমন্ত্ৰীগৰাকীয়ে তিনিওটা বিভাগৰ শীৰ্ষ বিষয়াসকলৰ পৰা বিভাগীয় বাজেট আৱণ্টনৰ সদ্যৱহাৰ আৰু বাজেট ঘোষণা…
ফুলৰ এই মেলাতে… (ফটো সংবাদ)
ভিন্ন ৰঙী ফুল লৈ গ্ৰাহকৰ অপেক্ষাত কেইজনমান ফুল বিক্ৰেতা শিৱসাগৰ দ'লমুখত। আলোকচিত্ৰঃ আব্দুল মতিন
ৰবাব টেঙা কিয় খাব লাগে
অসমীয়া গ্ৰাম্য জীৱনত নিমখ, জলকীয়া সানি কলপাতত লৈ সমূহীয়াকৈ ৰবাব খোৱাৰ আমেজ খাওঁতাইহে উপলব্ধি আৰু বাখ্যা কৰিব পাৰিব। ৰবাব টেঙা স্বাস্থ্যৰ বাবে অতি উপযোগী এবিধ সহজলভ্য ফল।১)মূত্ৰাশয় সংক্ৰমণ প্ৰতিৰোধক Prevents urinary tract infection: মূত্ৰ প্ৰস্তুতি, জমা আৰু নিষ্কাষণ কৰা মূত্ৰাশয়ত বীজাণু সংক্ৰমণৰ হলে মূত্ৰকৃচ্চতা, পেচাব জ্বলা আদি কষ্ট দায়ক উপসৰ্গ আৰম্ভ হয়। মূত্ৰাশয় ফুলি যায়। গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত এই ৰোগ সঘনাই হোৱা দেখা যায়। ৰবাবৰ ৰস খালে এই ৰোগ প্ৰতিৰোধ হয়। ৰবাবত থকা খাদ্যপ্ৰাণ C এ পেচাবত এচিডৰ মাত্ৰা বৃদ্ধি কৰি…
১৮ ডিচেম্বৰত ঘূনাসুঁতি দলঙৰ শিলান্যাস
শতাব্দৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ২ ডিচেম্বৰঃ ইতিহাসত পৰিণত হ’ব সোৱণশিৰিৰ বুকুৰে ঐতিহাসিক ঘূনাসুঁতিলৈ নৌকা যাত্ৰা কৰা পৰ্ব৷ যুগ যুগ ধৰি বৃহত্তৰ ঘূনাসুঁতিবাসীয়ে যমৰ যাতনা ভোগ কৰি সোৱণশিৰিৰ বুকুৰে ঘূনাসুঁতিৰ পৰা লখিমপুৰ নগৰৰ লগত যোগাযোগ ৰক্ষা কৰিব লগা হৈছিল৷ আজি জংকি পানৈৰ দেশ ঘূনাসুঁতিত ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰা উপস্থিত হৈ ঘূনাসুঁতিবাসীৰ লগত আলোচনাত মিলিত হোৱাৰ লগতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অহা ১৮ ডিচেম্বৰত ঘূনাসুঁতি দলঙৰ শিলান্যাস আৰু ভূমি পূজনৰ শুভাৰম্ভ কৰিব বুলি অৱগত কৰাত ঘূনাসুঁতিবাসী উৎফুল্ল হৈ পৰে৷…
জি.এ.ই.এফ.ৰ ৱেবিনাৰত দুগৰাকী সফল মহিলাৰ কাহিনী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ ডিচেম্বৰঃ গোলকীয় অসমীয়া উদ্যমিতা মঞ্চ (GAEF, www.gaefnortheast.org)ৰ উদ্যোগত ২৭ নৱেম্বৰ তাৰিখে মাহেকীয়া ৱেবিনাৰখন অনুষ্ঠিত হয়। তন্ময় ভাগৱতীয়ে আঁত ধৰা ৱেবিনাৰখনত সমল ব্যক্তি হিচাপে অপৰাজিতা দাস বৰুৱা আৰু অৰ্চনা বৰদলৈ উপস্থিত আছিল।অৰ্চনা বৰদলৈয়ে হস্ততাঁত আৰু সৌন্দৰ্য্য যত্নৰ খণ্ড আৰু অপৰাজিতা দাস বৰুৱাই অসমীয়া গহনা আৰু কৃষি খণ্ডৰ গুৰুত্ব আৰোপ কৰি ষ্টাৰ্ট-আপ ঔদ্যোগীকৰণৰ ওপৰত আলোচনা আগবঢ়ায়। এই দুয়োগৰাকী সফল উদ্যোগীয়ে নিজৰ লাভজনক কেৰিয়াৰৰ বাহিৰলৈ গৈ সকলো বিপদৰ বিপৰীতে নিজাকৈ ব্যৱসায় আৰম্ভ কৰিছে।…
তিনিচুকীয়াত ৩০ লক্ষাধিক টকাৰ হেৰ’ইনসহ ধৃত ৫
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ ডিচেম্বৰ : মাৰাত্মক ড্ৰাগছৰ অবাধ বেহাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে বুধবাৰে নিশা গোপন সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে চি আৰ পি এফ বাহিনীৰ সহযোগত নিউ তিনিচুকীয়া ৰে’ল ষ্টেচনত অভিযান চলাই বুজন পৰিমাণৰ সন্দেহজনক হেৰ’ইনসহ ৫ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ উক্ত ৫ সৰবৰাহকাৰীৰ ৩ গৰাকী মহিলা । ধৃত ৫ সৰবৰাহকাৰী হ'ল ক্ৰমে তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ অন্তৰ্গত বৰডিৰাক গহৰাগুৰিৰ তুলেন হাজৰিকা ওৰফে বাবা (৪০) আৰু তুৰণজিৎ সোণোৱাল(২৩), ডিমাপুৰ মিঞা বজাৰৰ ছালমা বেগম (২৬),…
ফেচবুকত পষ্ট দি চাকৰি হেৰুৱালে আম আদমী পাৰ্টিৰ লখিমপুৰ জিলা সমন্বয়কে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, লখিমপুৰ, ১ ডিচেম্বৰ : ফেচবুকত পষ্ট দি চাকৰি হেৰুৱালে আম আদমী পার্টিৰ লখিমপুৰ জিলা সমন্বয়ক স্বপ্না বৰুৱাই। নর্থ লখিমপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই কথা ঘোষণা কৰিছে লখিমপুৰ চিনাতলীয়া মুকবধিৰ বিদ্যালয়ৰ সহ শিক্ষয়িত্রী স্বপ্না বৰুৱাই। সংবাদমেলত তেওঁৰ অভিযোগ সামাজিক মাধ্যমত চৰকাৰী প্রশাসন যন্ত্র, বৰ্তমানৰ বিজেপি চৰকাৰ বিৰুদ্ধে ফেচবুক প'ষ্ট দিয়াৰ পিছত তেওঁকলৈ হোৱা সমালোচনা আৰু ৰাজনৈতিক হেঁচাৰ বাবেই এনেদৰে শিক্ষকতা বৃত্তি ত্যাগ কৰিবলৈ বাধা হোৱা বুলি উল্লেখ কৰে। বিশেষকৈ চৰকাৰী পক্ষৰ ফালৰ পৰা…
তেজপুৰত বনৰীয়া হাতীৰ উপদ্ৰৱ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১ ডিচেম্বৰঃ তেজপুৰত যোৱানিশা বনৰীয়া হাতীয়ে একাধিক অঞ্চলত উপদ্ৰৱ চলোৱাৰ লগতে পকা ধান ভক্ষণ কৰি তহিলং কৰে৷তেজপুৰৰ চহৰৰ সমীপৰে দেৱী সিং ঘাট, গঢ় দৌল, বেচেৰীয়া আৰু পখীয়াঝাৰত একে সময়তে একাধিক ভাগত বিভক্ত হৈ পৰা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায়৷উল্লেখযোগ্য যে,সোণাই ৰূপাই অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীৰ জাকে যোৱা দীঘলীয়া সময়ধৰি ৰঙাপৰাৰ লগতে তেজপুৰৰ বিভিন্ন অঞ্চলত বিচৰণ কৰাৰ লগতে সম্প্ৰতি পকা ধানৰ পথাৰত নামি ধান ভক্ষণ কৰাৰ লগতে পথাৰ তহিলং কৰিছে৷দুই তিনিটাকৈ ভাগত বিভক্ত হৈ পৰা এই বনৰীয়া হাতীৰ জাকটোৰ…
