Browsing Category
অসম
জি.এ.ই.এফ.ৰ ৱেবিনাৰত দুগৰাকী সফল মহিলাৰ কাহিনী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ ডিচেম্বৰঃ গোলকীয় অসমীয়া উদ্যমিতা মঞ্চ (GAEF, www.gaefnortheast.org)ৰ উদ্যোগত ২৭ নৱেম্বৰ তাৰিখে মাহেকীয়া ৱেবিনাৰখন অনুষ্ঠিত হয়। তন্ময় ভাগৱতীয়ে আঁত ধৰা ৱেবিনাৰখনত সমল ব্যক্তি হিচাপে অপৰাজিতা দাস বৰুৱা আৰু অৰ্চনা বৰদলৈ উপস্থিত আছিল।অৰ্চনা বৰদলৈয়ে হস্ততাঁত আৰু সৌন্দৰ্য্য যত্নৰ খণ্ড আৰু অপৰাজিতা দাস বৰুৱাই অসমীয়া গহনা আৰু কৃষি খণ্ডৰ গুৰুত্ব আৰোপ কৰি ষ্টাৰ্ট-আপ ঔদ্যোগীকৰণৰ ওপৰত আলোচনা আগবঢ়ায়। এই দুয়োগৰাকী সফল উদ্যোগীয়ে নিজৰ লাভজনক কেৰিয়াৰৰ বাহিৰলৈ গৈ সকলো বিপদৰ বিপৰীতে নিজাকৈ ব্যৱসায় আৰম্ভ কৰিছে।…
তিনিচুকীয়াত ৩০ লক্ষাধিক টকাৰ হেৰ’ইনসহ ধৃত ৫
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ ডিচেম্বৰ : মাৰাত্মক ড্ৰাগছৰ অবাধ বেহাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে বুধবাৰে নিশা গোপন সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে চি আৰ পি এফ বাহিনীৰ সহযোগত নিউ তিনিচুকীয়া ৰে’ল ষ্টেচনত অভিযান চলাই বুজন পৰিমাণৰ সন্দেহজনক হেৰ’ইনসহ ৫ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ উক্ত ৫ সৰবৰাহকাৰীৰ ৩ গৰাকী মহিলা । ধৃত ৫ সৰবৰাহকাৰী হ'ল ক্ৰমে তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ অন্তৰ্গত বৰডিৰাক গহৰাগুৰিৰ তুলেন হাজৰিকা ওৰফে বাবা (৪০) আৰু তুৰণজিৎ সোণোৱাল(২৩), ডিমাপুৰ মিঞা বজাৰৰ ছালমা বেগম (২৬),…
ফেচবুকত পষ্ট দি চাকৰি হেৰুৱালে আম আদমী পাৰ্টিৰ লখিমপুৰ জিলা সমন্বয়কে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, লখিমপুৰ, ১ ডিচেম্বৰ : ফেচবুকত পষ্ট দি চাকৰি হেৰুৱালে আম আদমী পার্টিৰ লখিমপুৰ জিলা সমন্বয়ক স্বপ্না বৰুৱাই। নর্থ লখিমপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই কথা ঘোষণা কৰিছে লখিমপুৰ চিনাতলীয়া মুকবধিৰ বিদ্যালয়ৰ সহ শিক্ষয়িত্রী স্বপ্না বৰুৱাই। সংবাদমেলত তেওঁৰ অভিযোগ সামাজিক মাধ্যমত চৰকাৰী প্রশাসন যন্ত্র, বৰ্তমানৰ বিজেপি চৰকাৰ বিৰুদ্ধে ফেচবুক প'ষ্ট দিয়াৰ পিছত তেওঁকলৈ হোৱা সমালোচনা আৰু ৰাজনৈতিক হেঁচাৰ বাবেই এনেদৰে শিক্ষকতা বৃত্তি ত্যাগ কৰিবলৈ বাধা হোৱা বুলি উল্লেখ কৰে। বিশেষকৈ চৰকাৰী পক্ষৰ ফালৰ পৰা…
তেজপুৰত বনৰীয়া হাতীৰ উপদ্ৰৱ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১ ডিচেম্বৰঃ তেজপুৰত যোৱানিশা বনৰীয়া হাতীয়ে একাধিক অঞ্চলত উপদ্ৰৱ চলোৱাৰ লগতে পকা ধান ভক্ষণ কৰি তহিলং কৰে৷তেজপুৰৰ চহৰৰ সমীপৰে দেৱী সিং ঘাট, গঢ় দৌল, বেচেৰীয়া আৰু পখীয়াঝাৰত একে সময়তে একাধিক ভাগত বিভক্ত হৈ পৰা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায়৷উল্লেখযোগ্য যে,সোণাই ৰূপাই অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীৰ জাকে যোৱা দীঘলীয়া সময়ধৰি ৰঙাপৰাৰ লগতে তেজপুৰৰ বিভিন্ন অঞ্চলত বিচৰণ কৰাৰ লগতে সম্প্ৰতি পকা ধানৰ পথাৰত নামি ধান ভক্ষণ কৰাৰ লগতে পথাৰ তহিলং কৰিছে৷দুই তিনিটাকৈ ভাগত বিভক্ত হৈ পৰা এই বনৰীয়া হাতীৰ জাকটোৰ…
তিনিচুকীয়াত বাইক চোৰৰ সন্ধান দিওঁতালৈ ৫০ হাজাৰ পুৰস্কাৰ ঘোষণা কৰিলে ভুক্তভুগীয়ে
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ ডিচেম্বৰ : আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপ উদঙাই তিনিচুকীয়াত সঘনাই সংঘটিত হবলৈ ধৰিছে চুৰি, ডকাইতিৰ ঘটনা ৷ চোৰৰ তাণ্ডৱত অতিষ্ঠ হৈ ভুক্তভোগী ব্যক্তিয়ে ঘোষণা কৰিবলৈ বাধ্য হৈছে চোৰৰ সন্ধান দিওঁতালৈ বৃহৎ পৰিমাণৰ নগদ ধনৰ পুৰস্কাৰ ৷ তিনিচুকীয়া চহৰৰ হিজুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত কাপ্তানচুক গাঁৱত ২৬ নৱেম্বৰত সংঘটিত হৈছিল এটা চাঞ্চ্যলকৰ বাইক চুৰিৰ ঘটনা ৷ কাপ্তানচুক গাঁৱৰ বাসিন্দা ৰমানন্দ বাঢ়ৈ নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা নিশা চুৰি হয় এখন নতুনকৈ ক্ৰয় কৰা ৰয়েল এনফিল্ড মটৰচাইকেল৷ উল্লেখযোগ্য যে…
ৰাজ্যত বৰ্তমানলৈকে ১০ হাজাৰ ৭৬৫ গৰাকী এইডছ আক্ৰান্তই চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছে
শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ১ ডিচেম্বৰঃ বৰ্তমান সময়ত আমাৰ ৰাজ্যখনত ২৫ হাজাৰ ৭৩ গৰাকী এইডছ আক্ৰান্ত ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰ মাজৰে ১০ হাজাৰ ৭৬৫ গৰাকী চিকিৎসা লাভ কৰিবলৈ সক্ষম হোৱাৰ এক ভয়াবহ তথ্য আজি সদৰী হৈছে বিশ্ব এইডছ দিৱসৰ দিনটোত। উল্লেখ্য যে, বিশ্ব এইডছ দিৱস উপলক্ষে আজি দেশৰ অন্যান্য প্ৰান্তৰ দৰে শোণিতপুৰ জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ভাৰতীয় চিকিৎসা সেৱা সন্হাৰ তেজপুৰ শাখাৰ সহযোগত তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা উলিওৱা এক সজাগতামূলক শোভাযাত্ৰাৰ কালত এই তথ্য সদৰী কৰাৰ লগতে এইডছ নিয়ন্ত্ৰণ সমিতিৰ…
সমাজত এইডছ আক্ৰান্তৰ প্ৰতি ভেদভাৱ অনুচিত, সতৰ্কতাৰহে প্ৰয়োজন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১ ডিচেম্বৰ : 'এইডছ আক্ৰান্ত লোকৰ প্ৰতি সমাজত কোনেও ভেদভাৱ ৰাখিব নালাগে। তেওঁলোকে যাতে সঠিক চিকিৎসা লাভ কৰে আৰু নিয়মীয়াকৈ এইচ আই ভি প্ৰতিৰোধী ঔষধ সেৱন কৰিব পাৰে, সেই দিশতহে সকলোৱে সহযোগিতা আগবঢ়োৱা উচিত। সমাজৰ সকলো লোকৰে মাজতে এইচ আই ভি আৰু এইডচৰ বিষয়ে সঠিক তথ্যৰে সজাগতা আৰু সতৰ্কতাৰ প্ৰয়োজন।' বিশ্ব এইডছ দিৱসৰ দিনা আজি ৰাইজৰ প্ৰতি এই আহ্বান জনায় ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নতুন সভাগৃহত বৃহস্পতিবাৰে…
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ লখিমপুৰৰ প্ৰত্যক্ষদৰ্শী ছাত্ৰৰ বিস্ফোৰক ভাষ্য
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১ ডিচেম্বৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ প্ৰত্যক্ষদৰ্শী লখিমপুৰৰ এজন ছাত্ৰই সম্প্ৰতি বিস্ফোৰক মন্তব্য আগবঢ়াইছে৷ আজি ছাত্ৰজনে লখিমপুৰত নিজমুখে তেওঁ দেখা ৰেগিং কাণ্ডৰ বিষয়ে সবিস্তাৰে বৰ্ণনা কৰে৷ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ ঋতুপৰ্ণ সূত্ৰধৰে আজি কয়- চলিত বৰ্ষৰ ২৪-২৫ ছেপ্টেম্বৰত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক কুইজ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ বিশ্ববিদ্যালয়খনৰ পি এন জি বি হোষ্টেলত নৈশ যাপন কৰিব লগা হৈছিল৷ সেই দিনা নিশা ঋতুপৰ্ণ…
প্লাষ্টিকমুক্তৰে সৌন্দৰ্যময় হ’ব সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ডিচেম্বৰঃ বাৰ বৈষ্ণৱৰ জন্মস্থান তথা বুৰঞ্জী প্ৰসিদ্ধ পিছলাপৰীয়া ৰণৰ স্থান ৰূপে প্ৰসিদ্ধি লাভ কৰা লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰত এইবাৰ অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ ৭৬ সংখ্যক অধিৱেশন। কেইবাটাও দিশৰ পৰা এইবাৰৰ অধিৱেশনখনি ব্যতিক্ৰম তথা সৌহাদ্যপূৰ্ণ কৰি তোলাৰ পূৰ্ণ প্ৰস্তুতি চলাইছে অভ্যৰ্থনা সমিতিয়ে। ইতিমধ্যে গঠন কৰা ৪৫ খন উপসমিতি আৰু ৪খন ভিন্ন স্থানৰ সমিতিয়ে অহা ৩১ জানুৱাৰী, ১,২ আৰু ফেব্ৰুৱাৰীত অনুষ্ঠিতব্য অধিৱেশনখনি সৰ্বাংগ সুন্দৰ কৰি তোলাৰ বাবে অহোপুৰুষাৰ্থ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আদৰণী সমিতিয়ে…
আৰক্ষী কৰ্মীৰ মাজত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৩০ নৱেম্বৰঃ আজি উত্তৰ লখিমপুৰত অসম আৰক্ষীৰ কৰ্মীসকলৰ বাবে এখন মুকলি তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। তৰ্ক প্ৰতিযোগিতাখনিৰ আয়োজন লখিমপুৰ আৰক্ষী বিভাগে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যলয়খনৰ আলোচনা চক্ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই উদ্বোধন কৰা প্ৰতিযোগিতাখন সঞ্চালনা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা পূৰ্বৰ বিশিষ্ট তাৰ্কিক আছহাবুৰ ৰহমানে। উত্তৰ লখিমপুৰৰ জ্যেষ্ঠ অধিবক্তা ৰাজীব গগৈ, আছাম ট্ৰিবিউন কাকতৰ সাংবাদিক ফাৰহানা আহমেদ আৰু নৰ্থ লখিমপুৰ…
