Browsing Category

অসম

তিনিচুকীয়াত বাইক চোৰৰ সন্ধান দিওঁতালৈ ৫০ হাজাৰ পুৰস্কাৰ ঘোষণা কৰিলে ভুক্তভুগীয়ে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ ডিচেম্বৰ : আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপ উদঙাই তিনিচুকীয়াত সঘনাই সংঘটিত হবলৈ ধৰিছে চুৰি, ডকাইতিৰ ঘটনা ৷ চোৰৰ তাণ্ডৱত অতিষ্ঠ হৈ ভুক্তভোগী ব্যক্তিয়ে ঘোষণা কৰিবলৈ বাধ্য হৈছে চোৰৰ সন্ধান দিওঁতালৈ বৃহৎ পৰিমাণৰ নগদ ধনৰ পুৰস্কাৰ ৷ তিনিচুকীয়া চহৰৰ হিজুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত কাপ্তানচুক গাঁৱত ২৬ নৱেম্বৰত সংঘটিত হৈছিল এটা চাঞ্চ্যলকৰ বাইক চুৰিৰ ঘটনা ৷ কাপ্তানচুক গাঁৱৰ বাসিন্দা ৰমানন্দ বাঢ়ৈ নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা নিশা চুৰি হয় এখন নতুনকৈ ক্ৰয় কৰা ৰয়েল এনফিল্ড মটৰচাইকেল৷ উল্লেখযোগ্য যে…

ৰাজ্যত বৰ্তমানলৈকে ১০ হাজাৰ ৭৬৫ গৰাকী এইডছ আক্ৰান্তই চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছে

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ১ ডিচেম্বৰঃ বৰ্তমান সময়ত আমাৰ ৰাজ্যখনত ২৫ হাজাৰ ৭৩ গৰাকী এইডছ আক্ৰান্ত ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰ মাজৰে ১০ হাজাৰ ৭৬৫ গৰাকী চিকিৎসা লাভ কৰিবলৈ সক্ষম হোৱাৰ এক ভয়াবহ তথ্য আজি সদৰী হৈছে বিশ্ব এইডছ দিৱসৰ দিনটোত। উল্লেখ্য যে, বিশ্ব এইডছ দিৱস উপলক্ষে আজি দেশৰ অন্যান্য প্ৰান্তৰ দৰে শোণিতপুৰ জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ভাৰতীয় চিকিৎসা সেৱা সন্হাৰ তেজপুৰ শাখাৰ সহযোগত তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা উলিওৱা এক সজাগতামূলক শোভাযাত্ৰাৰ কালত এই তথ্য সদৰী কৰাৰ লগতে এইডছ নিয়ন্ত্ৰণ সমিতিৰ…

সমাজত এইডছ আক্ৰান্তৰ প্ৰতি ভেদভাৱ অনুচিত, সতৰ্কতাৰহে প্ৰয়োজন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১ ডিচেম্বৰ : 'এইডছ আক্ৰান্ত লোকৰ প্ৰতি সমাজত কোনেও ভেদভাৱ ৰাখিব নালাগে। তেওঁলোকে যাতে সঠিক চিকিৎসা লাভ কৰে আৰু নিয়মীয়াকৈ এইচ আই ভি প্ৰতিৰোধী ঔষধ সেৱন কৰিব পাৰে, সেই দিশতহে সকলোৱে সহযোগিতা আগবঢ়োৱা উচিত। সমাজৰ সকলো লোকৰে মাজতে এইচ আই ভি আৰু এইডচৰ বিষয়ে সঠিক তথ্যৰে সজাগতা আৰু সতৰ্কতাৰ প্ৰয়োজন।' বিশ্ব এইডছ দিৱসৰ দিনা আজি ৰাইজৰ প্ৰতি এই আহ্বান জনায় ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নতুন সভাগৃহত বৃহস্পতিবাৰে…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ লখিমপুৰৰ প্ৰত্যক্ষদৰ্শী ছাত্ৰৰ বিস্ফোৰক ভাষ্য

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১ ডিচেম্বৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ প্ৰত্যক্ষদৰ্শী লখিমপুৰৰ এজন ছাত্ৰই সম্প্ৰতি বিস্ফোৰক মন্তব্য আগবঢ়াইছে৷ আজি ছাত্ৰজনে লখিমপুৰত নিজমুখে তেওঁ দেখা ৰেগিং কাণ্ডৰ বিষয়ে সবিস্তাৰে বৰ্ণনা কৰে৷ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ ঋতুপৰ্ণ সূত্ৰধৰে আজি কয়- চলিত বৰ্ষৰ ২৪-২৫ ছেপ্টেম্বৰত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক কুইজ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ বিশ্ববিদ্যালয়খনৰ পি এন জি বি হোষ্টেলত নৈশ যাপন কৰিব লগা হৈছিল৷ সেই দিনা নিশা ঋতুপৰ্ণ…

প্লাষ্টিকমুক্তৰে সৌন্দৰ্যময় হ’ব সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ডিচেম্বৰঃ বাৰ বৈষ্ণৱৰ জন্মস্থান তথা বুৰঞ্জী প্ৰসিদ্ধ পিছলাপৰীয়া ৰণৰ স্থান ৰূপে প্ৰসিদ্ধি লাভ কৰা লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰত এইবাৰ অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ ৭৬ সংখ্যক অধিৱেশন। কেইবাটাও দিশৰ পৰা এইবাৰৰ অধিৱেশনখনি ব্যতিক্ৰম তথা সৌহাদ্যপূৰ্ণ কৰি তোলাৰ পূৰ্ণ প্ৰস্তুতি চলাইছে অভ্যৰ্থনা সমিতিয়ে। ইতিমধ্যে গঠন কৰা ৪৫ খন উপসমিতি আৰু ৪খন ভিন্ন স্থানৰ সমিতিয়ে অহা ৩১ জানুৱাৰী, ১,২ আৰু ফেব্ৰুৱাৰীত অনুষ্ঠিতব্য অধিৱেশনখনি সৰ্বাংগ সুন্দৰ কৰি তোলাৰ বাবে অহোপুৰুষাৰ্থ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আদৰণী সমিতিয়ে…

আৰক্ষী কৰ্মীৰ মাজত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৩০ নৱেম্বৰঃ আজি উত্তৰ লখিমপুৰত অসম আৰক্ষীৰ কৰ্মীসকলৰ বাবে এখন মুকলি তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। তৰ্ক প্ৰতিযোগিতাখনিৰ আয়োজন লখিমপুৰ আৰক্ষী বিভাগে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যলয়খনৰ আলোচনা চক্ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই উদ্বোধন কৰা প্ৰতিযোগিতাখন সঞ্চালনা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা পূৰ্বৰ বিশিষ্ট তাৰ্কিক আছহাবুৰ ৰহমানে। উত্তৰ লখিমপুৰৰ জ্যেষ্ঠ অধিবক্তা ৰাজীব গগৈ, আছাম ট্ৰিবিউন কাকতৰ সাংবাদিক ফাৰহানা আহমেদ আৰু নৰ্থ লখিমপুৰ…

অৰুণোদয়ৰ স’তে দিব্যাংগৰ আঁচনিক একেলগ নকৰিবলৈ আহ্বান দিব্যাংগ সুৰক্ষা মঞ্চ অসমৰ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,৩০নৱেম্বৰঃ শিলচৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা এক সিদ্ধান্তক পুনৰ বিবেচনা কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাইছে দিব্যাংগ সুৰক্ষা মঞ্চ অসমে৷ আজি সংগঠনটোৱে প্ৰকাশ কৰা এক বিবৃতিত এই কথা উল্লেখ কৰি কয় যে,কালি কেবিনেটত গৃহীত এক সিদ্ধান্ত মৰ্মে দিব্যাংগ সকলৰ বাবে ইমানদিনে চলি থকা দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিক অৰুণোদয় আঁচনিৰ স’তে সংযুক্ত কৰি দিব্যাংগ সকলৰ বাবে পৃথকে থকা আঁচনিখন বিলুপ্ত কৰিবলৈ বিচৰা হৈছে৷  অৰুণোদয়ৰ স’তে এইখন আঁচনি সংযোজিত হ’লে ভৱিষ্যতে দিব্যাংগ সকলৰ আঁচনিখনত আন এক বেমেজালিৰ উদ্ভৱ হোৱাৰ…

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ নৱেম্বৰ : তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে চহৰখনৰ বৰগুৰিস্থিত সন্থাৰ কাৰ্যালয় ভৱনৰ বাবে আবণ্টিত ভূমি আৰু জিলা পৰিষদৰ সভাকক্ষত পালন কৰা হয় । আজি পুৱা জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতাই পতাকা উত্তোলন কৰাৰ পাছত স্মৃতি তৰ্পন কাৰ্যসূচীৰ আঁত ধৰে জ্যেষ্ঠ সাংবাদিক ড° ঋষি দাস আৰু মহম্মদ হুছেইন খানে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি পৰিৱেশ সুৰক্ষা সমিতি, অসমে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী বৰ্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালন কাৰ্যসূচীৰ অন্তৰ্গত…

অভিনৱ থিয়েটাৰৰ নাটক “কড়োৱা চচ” অহা ২১ ডিচেম্বৰত পশ্চিম বংগৰ গোবৰদাংগাত মঞ্চস্থ হব

উত্তৰ লখিমপুৰ, ৩০ নৱেম্বৰঃ লখিমপুৰ জিলাৰ ফুলবাৰীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ নাট্য গোষ্ঠীৰ হিন্দী নাটক “কড়োৱা চচ” অহা ২১ ডিচেম্বৰ ২০২২ত পশ্চিমবংগৰ গোবৰদাংগাত আয়োজন কৰা মৃদংগম ৰাষ্ট্ৰীয় নাট সমাৰোহ,২০২২ত মঞ্চস্থ হব৷ গোবৰদাংগা মৃদংগম নাট্য দলে আয়োজন কৰা এই ৰাষ্ট্ৰীয় নাট মহোৎসৱত মঞ্চস্থৰ বাবে নিমন্ত্ৰণ লাভ কৰা হিন্দী নাটকখনৰ পৰিচালনা দয়াল কৃষ্ণ নাথৰ, ৰচনা কুশল ডেকাৰ৷ নাটকৰ হিন্দী ৰূপান্তৰ ৰবি বার্মাৰ৷ ভাওনাৰ ফুচুৰি শিল্পীৰ লগতে ভাৰতৰ লোক নাটকৰ খুহুতীয়া শিল্পীৰ জীৱনৰ ওপৰত উপস্থাপন কৰা এই নাটক খনিত অভিনৱ থিয়েটাৰৰ শিল্পী ৰবি কুমাৰ…

তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী, লেখক, সাংস্কৃতিক কৰ্মী কুলেন্দ্ৰ মোহন দাসৰ পৰলোকপ্ৰাপ্তি

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩০ নবেম্বৰঃ তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰ বামুণ চুবুৰীৰ সৰবৰহী সমাজকৰ্মী, লেখক তথা অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কুলেন্দ্ৰ মোহন দাসৰ কালি বিয়লি প্ৰায় ৩ - ৪৫ বজাত গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত ৬২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটাত স্হানীয় অঞ্চলৰ লগতে তেজপুৰত শোকৰ ছাঁ পৰিছে। ১৯৬০ চনত জন্মগ্ৰহণ কৰা আৰু এসময়ৰ কৃতী শিক্ষক মহেন্দ্ৰ দাস আৰু কৃতী শিক্ষয়িত্ৰী সুমিত্ৰা দাসৰ দ্বিতীয় পুত্ৰ দাসে ছাত্ৰ অৱস্থাৰ পৰাই মেধাৰ পৰিচয় দি সুখ্যাতিৰে স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পিছত অসম চৰকাৰৰ…