Browsing Category

অসম

অৰুণোদয়ৰ স’তে দিব্যাংগৰ আঁচনিক একেলগ নকৰিবলৈ আহ্বান দিব্যাংগ সুৰক্ষা মঞ্চ অসমৰ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,৩০নৱেম্বৰঃ শিলচৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা এক সিদ্ধান্তক পুনৰ বিবেচনা কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাইছে দিব্যাংগ সুৰক্ষা মঞ্চ অসমে৷ আজি সংগঠনটোৱে প্ৰকাশ কৰা এক বিবৃতিত এই কথা উল্লেখ কৰি কয় যে,কালি কেবিনেটত গৃহীত এক সিদ্ধান্ত মৰ্মে দিব্যাংগ সকলৰ বাবে ইমানদিনে চলি থকা দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিক অৰুণোদয় আঁচনিৰ স’তে সংযুক্ত কৰি দিব্যাংগ সকলৰ বাবে পৃথকে থকা আঁচনিখন বিলুপ্ত কৰিবলৈ বিচৰা হৈছে৷  অৰুণোদয়ৰ স’তে এইখন আঁচনি সংযোজিত হ’লে ভৱিষ্যতে দিব্যাংগ সকলৰ আঁচনিখনত আন এক বেমেজালিৰ উদ্ভৱ হোৱাৰ…

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ নৱেম্বৰ : তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে চহৰখনৰ বৰগুৰিস্থিত সন্থাৰ কাৰ্যালয় ভৱনৰ বাবে আবণ্টিত ভূমি আৰু জিলা পৰিষদৰ সভাকক্ষত পালন কৰা হয় । আজি পুৱা জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতাই পতাকা উত্তোলন কৰাৰ পাছত স্মৃতি তৰ্পন কাৰ্যসূচীৰ আঁত ধৰে জ্যেষ্ঠ সাংবাদিক ড° ঋষি দাস আৰু মহম্মদ হুছেইন খানে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি পৰিৱেশ সুৰক্ষা সমিতি, অসমে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী বৰ্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালন কাৰ্যসূচীৰ অন্তৰ্গত…

অভিনৱ থিয়েটাৰৰ নাটক “কড়োৱা চচ” অহা ২১ ডিচেম্বৰত পশ্চিম বংগৰ গোবৰদাংগাত মঞ্চস্থ হব

উত্তৰ লখিমপুৰ, ৩০ নৱেম্বৰঃ লখিমপুৰ জিলাৰ ফুলবাৰীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ নাট্য গোষ্ঠীৰ হিন্দী নাটক “কড়োৱা চচ” অহা ২১ ডিচেম্বৰ ২০২২ত পশ্চিমবংগৰ গোবৰদাংগাত আয়োজন কৰা মৃদংগম ৰাষ্ট্ৰীয় নাট সমাৰোহ,২০২২ত মঞ্চস্থ হব৷ গোবৰদাংগা মৃদংগম নাট্য দলে আয়োজন কৰা এই ৰাষ্ট্ৰীয় নাট মহোৎসৱত মঞ্চস্থৰ বাবে নিমন্ত্ৰণ লাভ কৰা হিন্দী নাটকখনৰ পৰিচালনা দয়াল কৃষ্ণ নাথৰ, ৰচনা কুশল ডেকাৰ৷ নাটকৰ হিন্দী ৰূপান্তৰ ৰবি বার্মাৰ৷ ভাওনাৰ ফুচুৰি শিল্পীৰ লগতে ভাৰতৰ লোক নাটকৰ খুহুতীয়া শিল্পীৰ জীৱনৰ ওপৰত উপস্থাপন কৰা এই নাটক খনিত অভিনৱ থিয়েটাৰৰ শিল্পী ৰবি কুমাৰ…

তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী, লেখক, সাংস্কৃতিক কৰ্মী কুলেন্দ্ৰ মোহন দাসৰ পৰলোকপ্ৰাপ্তি

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩০ নবেম্বৰঃ তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰ বামুণ চুবুৰীৰ সৰবৰহী সমাজকৰ্মী, লেখক তথা অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কুলেন্দ্ৰ মোহন দাসৰ কালি বিয়লি প্ৰায় ৩ - ৪৫ বজাত গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত ৬২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটাত স্হানীয় অঞ্চলৰ লগতে তেজপুৰত শোকৰ ছাঁ পৰিছে। ১৯৬০ চনত জন্মগ্ৰহণ কৰা আৰু এসময়ৰ কৃতী শিক্ষক মহেন্দ্ৰ দাস আৰু কৃতী শিক্ষয়িত্ৰী সুমিত্ৰা দাসৰ দ্বিতীয় পুত্ৰ দাসে ছাত্ৰ অৱস্থাৰ পৰাই মেধাৰ পৰিচয় দি সুখ্যাতিৰে স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পিছত অসম চৰকাৰৰ…

তিনিচুকীয়াত ৰাষ্ট্ৰীয় উদ্যানৰ মূল্যৱান গছ কাটি চলিছে পাইপ লাইন স্থাপনৰ কাম

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ নৱেম্বৰ : মূল্যৱান মূল্যবান গছ কাটি দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে অইলৰ ডিগবৈ-দুলীয়াজান পাইপ লাইন স্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই। আজি এক বিবৃতিত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজা বলিমৰা আৰু সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহায়ে ক্ষোভ প্ৰকাশ কৰি কয় যে চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাৰ পাছত ৰাষ্ট্ৰীয় উদ্যানখনৰ আন্তঃগাঁথনি উন্নয়নৰ পৰিৱৰ্তে উদ্যানৰ মূল্যৱান গছ কাটিবলৈ অইল ইণ্ডিয়াক কিদৰে অনুমতি প্ৰদান কৰিলে সেয়া ৰহস্যজনক ৷ ইয়াৰোপৰি আজি কিছুদিন ধৰি ডিগবৈ বন…

কোচৰাজবংশীৰ জনজাতিকৰণৰ দাবীত নতুন দিল্লীত ধৰ্ণা

শতাব্দ প্ৰতিনিধি,তেজপুৰ,৩০নৱেম্বৰঃ ৰাজ্যৰ কোচ-ৰাজবংশীসকলক শীঘ্ৰেই জনজাতিকৰণ প্ৰদানৰ দাবীত আজি নতুন দিল্লীৰ যন্তৰ মন্তৰত দিনৰ ১১বজাৰ পৰা দুপৰীয়া এক বজালৈকে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে একাধিক সংগঠনে৷ উল্লেখযোগ্য যে,সদৌ অসম কোচ ৰাজবংশী ছাত্ৰসন্থা আৰু সদৌ অসম কোচ ৰাজবংশী মহিলা সন্মিলনিৰ নেতৃত্বত হোৱা এই ধৰ্ণা কাৰ্যসূচীত শোণিতপুৰৰ লগতে কামৰূপ, দৰং, বিশ্বনাথ, বজালী, বঙাইগাঁও, ওদালগুৰি, গোলাঘাট, শিৱসাগৰ আদিকে ধৰি বিভিন্ন জিলাৰ মুঠ ১৫৬জন প্ৰতিবাদকাৰীয়ে অংশ লয়৷ তদুপৰি আজিৰ এই প্ৰতিবাদস্হলীত উপস্থিত হৈ ৰাজ্যৰ কোচৰাজবংশীসকলৰ লগতে ছয়…

প্ৰথম অসম কন্যা মুনমুনী ভাৰতীয় জুনিয়ৰ মহিলা হকী দললৈ নিৰ্বাচিত

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ নৱেম্বৰ : ভাৰতীয় জুনিয়ৰ মহিলা হকী দললৈ নিৰ্বাচিত প্ৰথম গৰাকী অসমীয়া যুৱতী হোৱাৰ গৌৰৱৰ অধিকাৰী হৈছে তিনিচুকীয়াৰ মুনমুনী দাস ৷ তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ হকী সম্পাদক প্ৰেমানন্দ খনিকৰৰ তত্ত্বাৱধানত হকীৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ গ্ৰহণ কৰা মুনমুনী হৈছে তিনিচুকীয়াৰ ককৰাতলি গাৱঁৰ বাসিন্দা ৷ প্ৰয়াত কলীয়া দাস আৰু বৈজয়ন্তী দাসৰ কন্যা মুনমুনীৰ সৰুৰে পৰাই হকী খেলত যথেষ্ট ৰাপ আছিল ৷ হকী খেলৰ প্ৰতি থকা তাইৰ দুৰ্বলতা দেখি দৰিদ্ৰ পৰিয়ালৰ ছোৱালীজনীক আনৰ হকী ষ্টিক লৈ হ’লেও খেলিবলৈ উৎসাহ দিছিল প্ৰশিক্ষক খনিকৰ…

অভিভাৱকক ‘অভিযোগ’ দিয়া বাবেই গৰ্ভৱতী শিক্ষয়িত্ৰীক ছাত্ৰৰ আক্ৰমণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ নৱেম্বৰ : ডিব্ৰুগড় জিলাত এগৰাকী পাঁচমহীয়া গৰ্ভৱতী শিক্ষয়িত্ৰীক বিদ্যালয়খনত শৈক্ষিক প্ৰদৰ্শন আৰু আচৰণৰ শোচনীয় প্ৰদৰ্শন কৰা ছাত্ৰৰ বিষয়ে অভিভাৱকক অৱগত কৰাৰ পিছতে ছাত্ৰৰ এটা দলে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে। মৰাণ অঞ্চলৰ বিদ্যালয়খনৰ দশম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰৰ এটা দলে আন এজন শিক্ষকৰ সৈতে ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা জৱাহৰ নৱোদয় বিদ্যালয়ৰ উপাধ্যক্ষকো অপমান কৰে। উপাধ্যক্ষ ৰথীছ কুমাৰে জনোৱা মতে, ২৯ নৱেম্বৰ দেওবাৰে সন্ধিয়া ভুক্তভোগী বুৰঞ্জী বিষয়ৰ শিক্ষকে সেইদিনা অভিভাৱক আৰু…

তিনিচুকীয়াত বিদ্যালয় বৰ্হিভূত শিশুৰ তথ্য সংগ্ৰহৰ বাবে গুৰুত্বপূৰ্ণ সভা

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ নৱেম্বৰ : সমগ্ৰ শিক্ষা, তিনিচুকীয়াৰ উদ্যোগত বিদ্যালয় বৰ্হিভূত শিশুৰ তথ্য সংগ্ৰহৰ বাবে গঠিত জিলা পৰ্যায়ৰ সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা আজি তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হৈ যায় ৷ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা পৰিষদৰ সভাপতি ৰাজেন কৈৰী, সমাজ কল্যাণ বিষয়া তথা সহকাৰী আয়ক্ত নীলুৰাম শৰ্মা, সহকাৰী আয়ুক্ত অপৰূপা বৰগোহাঁইৰ উপৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, শ্ৰম বিভাগৰ প্ৰতিনিধি আৰু সমগ্ৰ শিক্ষাৰ বিষয়াসকল উপস্থিত থাকে৷…

কৰ্ম স্হানত অত্যধিক কামৰ বোজা আৰু বিভাগৰ কঠোৰ নিয়ম-নীতিয়ে আৰু কঢ়িয়াই নিনিয়ক শিক্ষকৰ অমূল্য জীৱন…

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯ নৱেম্বৰঃ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লোৱা বিশ্বনাথ জিলাৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক তথা BRP  দেৱজিত কাকতি' আৰু CRCC 'দেৱজিত শৰ্মা'ৰ সজস্থান প্ৰাপ্তিৰ শ্ৰদ্ধাঞ্জলি আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আজি তেজপুৰত সমবেদনা জনাই সমগ্ৰ শিক্ষাৰ প্ৰশিক্ষণপ্ৰাপ্ত জিলা সমল ব্যক্তি সকলে। মৃত্যু এক অনিন্দ্ৰ সাঁ‌থৰ। মৃত্যুৱে লৈ যায় আপোনজনৰ সুখাচ্ছন্ন পৰিৱেশ। এই সাঁ‌থৰক মানৱে বুজিবলৈ চেষ্টা কৰে যদিও নিয়তিয়ে উপহাস কৰে। যাক সুখৰ বাবে, সমাজৰ বাবে, পৰিয়ালৰ বাবে আৰু ভৱিষ্যতৰ বাবে প্ৰয়োজন তেওঁলোককো লৈ যায় আমাৰ…