Browsing Category
অসম
তিনিচুকীয়াত ৰাষ্ট্ৰীয় উদ্যানৰ মূল্যৱান গছ কাটি চলিছে পাইপ লাইন স্থাপনৰ কাম
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ নৱেম্বৰ : মূল্যৱান মূল্যবান গছ কাটি দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে অইলৰ ডিগবৈ-দুলীয়াজান পাইপ লাইন স্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই। আজি এক বিবৃতিত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজা বলিমৰা আৰু সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহায়ে ক্ষোভ প্ৰকাশ কৰি কয় যে চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাৰ পাছত ৰাষ্ট্ৰীয় উদ্যানখনৰ আন্তঃগাঁথনি উন্নয়নৰ পৰিৱৰ্তে উদ্যানৰ মূল্যৱান গছ কাটিবলৈ অইল ইণ্ডিয়াক কিদৰে অনুমতি প্ৰদান কৰিলে সেয়া ৰহস্যজনক ৷ ইয়াৰোপৰি আজি কিছুদিন ধৰি ডিগবৈ বন…
কোচৰাজবংশীৰ জনজাতিকৰণৰ দাবীত নতুন দিল্লীত ধৰ্ণা
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৩০নৱেম্বৰঃ ৰাজ্যৰ কোচ-ৰাজবংশীসকলক শীঘ্ৰেই জনজাতিকৰণ প্ৰদানৰ দাবীত আজি নতুন দিল্লীৰ যন্তৰ মন্তৰত দিনৰ ১১বজাৰ পৰা দুপৰীয়া এক বজালৈকে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে একাধিক সংগঠনে৷ উল্লেখযোগ্য যে,সদৌ অসম কোচ ৰাজবংশী ছাত্ৰসন্থা আৰু সদৌ অসম কোচ ৰাজবংশী মহিলা সন্মিলনিৰ নেতৃত্বত হোৱা এই ধৰ্ণা কাৰ্যসূচীত শোণিতপুৰৰ লগতে কামৰূপ, দৰং, বিশ্বনাথ, বজালী, বঙাইগাঁও, ওদালগুৰি, গোলাঘাট, শিৱসাগৰ আদিকে ধৰি বিভিন্ন জিলাৰ মুঠ ১৫৬জন প্ৰতিবাদকাৰীয়ে অংশ লয়৷ তদুপৰি আজিৰ এই প্ৰতিবাদস্হলীত উপস্থিত হৈ ৰাজ্যৰ কোচৰাজবংশীসকলৰ লগতে ছয়…
প্ৰথম অসম কন্যা মুনমুনী ভাৰতীয় জুনিয়ৰ মহিলা হকী দললৈ নিৰ্বাচিত
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ নৱেম্বৰ : ভাৰতীয় জুনিয়ৰ মহিলা হকী দললৈ নিৰ্বাচিত প্ৰথম গৰাকী অসমীয়া যুৱতী হোৱাৰ গৌৰৱৰ অধিকাৰী হৈছে তিনিচুকীয়াৰ মুনমুনী দাস ৷ তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ হকী সম্পাদক প্ৰেমানন্দ খনিকৰৰ তত্ত্বাৱধানত হকীৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ গ্ৰহণ কৰা মুনমুনী হৈছে তিনিচুকীয়াৰ ককৰাতলি গাৱঁৰ বাসিন্দা ৷ প্ৰয়াত কলীয়া দাস আৰু বৈজয়ন্তী দাসৰ কন্যা মুনমুনীৰ সৰুৰে পৰাই হকী খেলত যথেষ্ট ৰাপ আছিল ৷ হকী খেলৰ প্ৰতি থকা তাইৰ দুৰ্বলতা দেখি দৰিদ্ৰ পৰিয়ালৰ ছোৱালীজনীক আনৰ হকী ষ্টিক লৈ হ’লেও খেলিবলৈ উৎসাহ দিছিল প্ৰশিক্ষক খনিকৰ…
অভিভাৱকক ‘অভিযোগ’ দিয়া বাবেই গৰ্ভৱতী শিক্ষয়িত্ৰীক ছাত্ৰৰ আক্ৰমণ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ নৱেম্বৰ : ডিব্ৰুগড় জিলাত এগৰাকী পাঁচমহীয়া গৰ্ভৱতী শিক্ষয়িত্ৰীক বিদ্যালয়খনত শৈক্ষিক প্ৰদৰ্শন আৰু আচৰণৰ শোচনীয় প্ৰদৰ্শন কৰা ছাত্ৰৰ বিষয়ে অভিভাৱকক অৱগত কৰাৰ পিছতে ছাত্ৰৰ এটা দলে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে। মৰাণ অঞ্চলৰ বিদ্যালয়খনৰ দশম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰৰ এটা দলে আন এজন শিক্ষকৰ সৈতে ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা জৱাহৰ নৱোদয় বিদ্যালয়ৰ উপাধ্যক্ষকো অপমান কৰে। উপাধ্যক্ষ ৰথীছ কুমাৰে জনোৱা মতে, ২৯ নৱেম্বৰ দেওবাৰে সন্ধিয়া ভুক্তভোগী বুৰঞ্জী বিষয়ৰ শিক্ষকে সেইদিনা অভিভাৱক আৰু…
তিনিচুকীয়াত বিদ্যালয় বৰ্হিভূত শিশুৰ তথ্য সংগ্ৰহৰ বাবে গুৰুত্বপূৰ্ণ সভা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ নৱেম্বৰ : সমগ্ৰ শিক্ষা, তিনিচুকীয়াৰ উদ্যোগত বিদ্যালয় বৰ্হিভূত শিশুৰ তথ্য সংগ্ৰহৰ বাবে গঠিত জিলা পৰ্যায়ৰ সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা আজি তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হৈ যায় ৷ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা পৰিষদৰ সভাপতি ৰাজেন কৈৰী, সমাজ কল্যাণ বিষয়া তথা সহকাৰী আয়ক্ত নীলুৰাম শৰ্মা, সহকাৰী আয়ুক্ত অপৰূপা বৰগোহাঁইৰ উপৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, শ্ৰম বিভাগৰ প্ৰতিনিধি আৰু সমগ্ৰ শিক্ষাৰ বিষয়াসকল উপস্থিত থাকে৷…
কৰ্ম স্হানত অত্যধিক কামৰ বোজা আৰু বিভাগৰ কঠোৰ নিয়ম-নীতিয়ে আৰু কঢ়িয়াই নিনিয়ক শিক্ষকৰ অমূল্য জীৱন…
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯ নৱেম্বৰঃ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লোৱা বিশ্বনাথ জিলাৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক তথা BRP দেৱজিত কাকতি' আৰু CRCC 'দেৱজিত শৰ্মা'ৰ সজস্থান প্ৰাপ্তিৰ শ্ৰদ্ধাঞ্জলি আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আজি তেজপুৰত সমবেদনা জনাই সমগ্ৰ শিক্ষাৰ প্ৰশিক্ষণপ্ৰাপ্ত জিলা সমল ব্যক্তি সকলে। মৃত্যু এক অনিন্দ্ৰ সাঁথৰ। মৃত্যুৱে লৈ যায় আপোনজনৰ সুখাচ্ছন্ন পৰিৱেশ। এই সাঁথৰক মানৱে বুজিবলৈ চেষ্টা কৰে যদিও নিয়তিয়ে উপহাস কৰে। যাক সুখৰ বাবে, সমাজৰ বাবে, পৰিয়ালৰ বাবে আৰু ভৱিষ্যতৰ বাবে প্ৰয়োজন তেওঁলোককো লৈ যায় আমাৰ…
তেজপুৰত প্ৰথমবাৰৰ বাবে বাউল শিল্পীৰ “হৃদয়ৰ পৰা হৃদয়লৈ” অনুষ্ঠান
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯ নৱেম্বৰঃ বৰ্তমান পশ্চিম বংগৰ বোলপুৰৰ শান্তি নিকেতনত থকা নলবাৰীৰ মহামায়া বাউল, একেদৰে শান্তি নিকেতনতে থকা গোলাঘাটৰ তৰ্পণ বাউল, বৰ্তমানে আশ্ৰম জয়দেৱত থকা নগাঁৱৰ মাধূৰ্যময়ী বাউল আৰু একেদৰেই শান্তি নিকেতনত থকা বাংলাদেশৰ কাঙাল ক্ষেপাৰ দৰে প্ৰসিদ্ধ বাউল লোকশিল্পীৰ হৃদয়স্পৰ্শী বাউলৰ সুমধুৰ অনুষ্ঠানেৰে কালি সন্ধিয়া ৬ - ৩০ বজাৰ পৰা নিশা ৯ বজালৈ তেজপুৰত প্ৰথমবাৰৰ বাবে এক অনন্য পৰিৱেশৰ সূচনা হ'ল "ভূপেন হাজৰিকা কলাভূমি" প্ৰাংগনত। নিয়ৰসিক্ত সন্ধিয়াৰ পৰা নিশালৈকে তেজপুৰৰ ৰুচিশীল দৰ্শকে সাধাৰণতে শুনিবলৈ…
৯ ৰ পৰা ১১ ডিচেম্বৰলৈ “তেজপুৰ সাহিত্য উৎসৱ – ২০২২”
সংবাদ মেলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী ঘোষণা আয়োজক সমিতিৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯ নবেম্বৰঃ শিলে কথা কোৱা প্ৰকৃতিৰ ৰম্যভূমি তেজপুৰত হ’ব কথা আৰু কবিতাৰ বৰষুণ৷ দেশৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ একাংশ জনপ্ৰিয় লেখক - সাহিত্যিকৰ সমাৱেশেৰে অহা ৯, ১০ আৰু ১১ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে তেজপুৰত আয়োজন কৰিবলৈ লোৱা "তেজপুৰ সাহিত্য উৎসৱ - ২০২২" ( তেজপুৰ লিটফেষ্ট'২২) ৰ প্ৰস্ততি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।তেজপুৰৰ সাহিত্য আৰু শৈক্ষিক অনুষ্ঠান "তেজপুৰ একাডেমী অৱ লিটাৰেচাৰ এণ্ড এডুকেশ্বন" (টেল) ৰ উদ্যোগত শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে তেজপুৰীয়া…
লখিমপুৰত বিদ্যুৎ নাইঃ গছ কাটি এজনে ভৰিলে এক লাখ আশী হেজাৰ টকা
শতাব্দ প্ৰতিনিধি, লক্ষীমপুৰ ২৯ নৱেম্বৰঃ লখিমপুৰ নগৰখনত আজি সমগ্ৰ দিনটোৰ লগতে নিশা পৰ্যন্ত বিদ্যুৎ সেৱা ব্যাহত হৈ থকাত নগৰখনৰ লগতে চৌপাশৰ গ্ৰাহক সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। আজি পুৱা ৯ বজাৰ পৰা লখিমপুৰত বিদ্যুৎ সেৱা ব্যাহত হোৱাৰ মূলতে হৈছে এজন লোকে গছকটি থাকোতে সেই গছ বিদ্যুৎ পৰিবাহী তাঁৰত পৰি চাৰিটাকৈ খুটা ভাগি যোৱাৰ লগতে বহু দূৰলৈ বিদ্যুৎ লাইন বিধ্বস্ত হৈ পৰে। যাৰ ফলত নলকটাৰ উক্ত লোক জনৰ বিৰুদ্ধে অসম শক্তি বিতৰক কোম্পানী লিমিটেডে জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰে। বিদ্যুৎ বিভাগৰ অনুমতি নোলোৱাকৈ গছ কাটি তাঁৰত পেলাই…
যুৱক নিযুক্তিৰ কামত জড়িত পিএলএ কেডাৰ আটক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : মুখ্য কাৰ্যালয় ২১ ছেক্টৰৰ অসম ৰাইফলছৰ শ্ৰীকোনা বেটেলিয়নে মুখ্য কাৰ্যালয়ৰ মহাপৰিদৰ্শক অসম ৰাইফলছ (পূব)ৰ তত্বাৱধানত আৰু মণিপুৰৰ কমাণ্ডোৰ সৈতে যৌথ অভিযানত অসম আৰু মণিপুৰৰ সীমান্তৱৰ্তী অঞ্চলৰ যুৱক-যুৱতীক বিপথে পৰিচালিত আৰু নিযুক্তি দিয়াৰ কামত জড়িত পিএলএ গোটৰ এজন সক্ৰিয় কেডাৰক আটক কৰিছে। ধৃত ব্যক্তিজনে ২০১৬ চনৰ বেটচৰ ৩৩২ নম্বৰ সেনাবাহিনীৰ অধীনত ম্যানমাৰৰ টেইটি লংমাক ট্ৰেইনিং চেণ্টাৰত প্ৰশিক্ষণ লৈছিল আৰু পিএলএৰ ২৫২ বেটেলিয়নত পদবী লাভ কৰি ২০১৭ চনত লেন্স কৰ্পৰেল পদবীলৈ পদোন্নতি লাভ কৰিছিল।…
