Browsing Category
অসম
তেজপুৰত প্ৰথমবাৰৰ বাবে বাউল শিল্পীৰ “হৃদয়ৰ পৰা হৃদয়লৈ” অনুষ্ঠান
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯ নৱেম্বৰঃ বৰ্তমান পশ্চিম বংগৰ বোলপুৰৰ শান্তি নিকেতনত থকা নলবাৰীৰ মহামায়া বাউল, একেদৰে শান্তি নিকেতনতে থকা গোলাঘাটৰ তৰ্পণ বাউল, বৰ্তমানে আশ্ৰম জয়দেৱত থকা নগাঁৱৰ মাধূৰ্যময়ী বাউল আৰু একেদৰেই শান্তি নিকেতনত থকা বাংলাদেশৰ কাঙাল ক্ষেপাৰ দৰে প্ৰসিদ্ধ বাউল লোকশিল্পীৰ হৃদয়স্পৰ্শী বাউলৰ সুমধুৰ অনুষ্ঠানেৰে কালি সন্ধিয়া ৬ - ৩০ বজাৰ পৰা নিশা ৯ বজালৈ তেজপুৰত প্ৰথমবাৰৰ বাবে এক অনন্য পৰিৱেশৰ সূচনা হ'ল "ভূপেন হাজৰিকা কলাভূমি" প্ৰাংগনত। নিয়ৰসিক্ত সন্ধিয়াৰ পৰা নিশালৈকে তেজপুৰৰ ৰুচিশীল দৰ্শকে সাধাৰণতে শুনিবলৈ…
৯ ৰ পৰা ১১ ডিচেম্বৰলৈ “তেজপুৰ সাহিত্য উৎসৱ – ২০২২”
সংবাদ মেলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী ঘোষণা আয়োজক সমিতিৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯ নবেম্বৰঃ শিলে কথা কোৱা প্ৰকৃতিৰ ৰম্যভূমি তেজপুৰত হ’ব কথা আৰু কবিতাৰ বৰষুণ৷ দেশৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ একাংশ জনপ্ৰিয় লেখক - সাহিত্যিকৰ সমাৱেশেৰে অহা ৯, ১০ আৰু ১১ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে তেজপুৰত আয়োজন কৰিবলৈ লোৱা "তেজপুৰ সাহিত্য উৎসৱ - ২০২২" ( তেজপুৰ লিটফেষ্ট'২২) ৰ প্ৰস্ততি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।তেজপুৰৰ সাহিত্য আৰু শৈক্ষিক অনুষ্ঠান "তেজপুৰ একাডেমী অৱ লিটাৰেচাৰ এণ্ড এডুকেশ্বন" (টেল) ৰ উদ্যোগত শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে তেজপুৰীয়া…
লখিমপুৰত বিদ্যুৎ নাইঃ গছ কাটি এজনে ভৰিলে এক লাখ আশী হেজাৰ টকা
শতাব্দ প্ৰতিনিধি, লক্ষীমপুৰ ২৯ নৱেম্বৰঃ লখিমপুৰ নগৰখনত আজি সমগ্ৰ দিনটোৰ লগতে নিশা পৰ্যন্ত বিদ্যুৎ সেৱা ব্যাহত হৈ থকাত নগৰখনৰ লগতে চৌপাশৰ গ্ৰাহক সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। আজি পুৱা ৯ বজাৰ পৰা লখিমপুৰত বিদ্যুৎ সেৱা ব্যাহত হোৱাৰ মূলতে হৈছে এজন লোকে গছকটি থাকোতে সেই গছ বিদ্যুৎ পৰিবাহী তাঁৰত পৰি চাৰিটাকৈ খুটা ভাগি যোৱাৰ লগতে বহু দূৰলৈ বিদ্যুৎ লাইন বিধ্বস্ত হৈ পৰে। যাৰ ফলত নলকটাৰ উক্ত লোক জনৰ বিৰুদ্ধে অসম শক্তি বিতৰক কোম্পানী লিমিটেডে জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰে। বিদ্যুৎ বিভাগৰ অনুমতি নোলোৱাকৈ গছ কাটি তাঁৰত পেলাই…
যুৱক নিযুক্তিৰ কামত জড়িত পিএলএ কেডাৰ আটক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : মুখ্য কাৰ্যালয় ২১ ছেক্টৰৰ অসম ৰাইফলছৰ শ্ৰীকোনা বেটেলিয়নে মুখ্য কাৰ্যালয়ৰ মহাপৰিদৰ্শক অসম ৰাইফলছ (পূব)ৰ তত্বাৱধানত আৰু মণিপুৰৰ কমাণ্ডোৰ সৈতে যৌথ অভিযানত অসম আৰু মণিপুৰৰ সীমান্তৱৰ্তী অঞ্চলৰ যুৱক-যুৱতীক বিপথে পৰিচালিত আৰু নিযুক্তি দিয়াৰ কামত জড়িত পিএলএ গোটৰ এজন সক্ৰিয় কেডাৰক আটক কৰিছে। ধৃত ব্যক্তিজনে ২০১৬ চনৰ বেটচৰ ৩৩২ নম্বৰ সেনাবাহিনীৰ অধীনত ম্যানমাৰৰ টেইটি লংমাক ট্ৰেইনিং চেণ্টাৰত প্ৰশিক্ষণ লৈছিল আৰু পিএলএৰ ২৫২ বেটেলিয়নত পদবী লাভ কৰি ২০১৭ চনত লেন্স কৰ্পৰেল পদবীলৈ পদোন্নতি লাভ কৰিছিল।…
লখিমপুৰ জিলা বি জে পিত তীব্ৰ সংঘাত: জিলা সভাপতিৰ বিৰুদ্ধে ৰাজ্যিক সভাপতি লৈ অভিযোগ প্ৰেৰণ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৯ নৱেম্বৰঃ লখিমপুৰ জিলা বিজেপিত এতিয়া সংঘাত তীব্ৰতৰ হৈ উঠিছে। জিলা সভাপতি ফণীধৰ বৰুৱাৰ বিৰুদ্ধে একাংশ বিষয়ববীয়াই ৰাজ্যিক সভাপতিলৈ প্ৰেৰণ কৰা অভিযোগ পত্ৰই এই কথা স্পষ্ট কৰি তুলিছে। উল্লেখ্য যে লখিমপুৰ জিলা বিজেপিৰ ১১ জন বিষয়ববীয়াই জিলা সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰকাশ কৰি এনেদৰে ৰাজ্যিক সভাপতি ভৱেশ কলিতা লৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে। তথ্য অনুসৰি জিলা সভাপতিজনৰ বিভিন্ন কাম-কাজত এই কাযকৰ্তাসকল অসন্তুষ্ট হৈ এনে পন্থা অৱলম্বন কৰিছে। এক প্ৰকাৰে দলৰ ভিতৰতে এতিয়া তীব্ৰ সংঘাতৰ সৃষ্টি হৈছে। জিলা সভাপতি ফণীধৰ…
গুৱাহাটীত নিৰ্মাণ হ’ব তিনিখন নতুন ফ্লাই অভাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : অসমৰ ৰাজধানী চহৰ গুৱাহাটীত অদূৰ ভৱিষ্যতে আৰু তিনিখন উৰণীয়া সেঁতুৰ ব্যৱস্থা কৰা হ’ব৷ অসম কেবিনেটে গুৱাহাটীত তিনিখন নতুন উৰণীয়া সেতু নিৰ্মাণৰ বাবে অনুমোদন জনাইছে। এই কথা জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিলচৰত অসম কেবিনেটৰ বৈঠকৰ সময়ত এই সিদ্ধান্ত লোৱা হৈছে। নতুন ফ্লাই অভাৰকেইখন হ'ব ডাউন টাউন হাস্পতালৰ ওচৰত, ফটাশিল-গড়চুক আৰু কুমাৰপাৰা-ফটাশিলত। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে অসমত কেইবাটাও নতুন প্ৰকল্পৰ কথা ঘোষণা কৰিছিল। এই প্ৰকল্পসমূহৰ ভিতৰত আছে…
পি এম-কিষান কেলেংকাৰী : ভুল কৰা বিষয়াৰ বিৰুদ্ধে অসম চৰকাৰক ব্যৱস্থা ল’বলৈ ক’লে গুৱাহাটী উচ্চ ন্যায়ালয়ে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : ৰাজ্যত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিছান) আঁচনিৰ অধীনত সুবিধা বিতৰণৰ ক্ষেত্ৰত অনিয়মৰ সৈতে জড়িত বিষয়াসকলৰ বিৰুদ্ধে অসম চৰকাৰক 'উচিত ব্যৱস্থা' ল’বলৈ কৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ক জনাইছিল যে কেন্দ্ৰীয় চৰকাৰৰ ফ্লেগশ্বিপ আঁচনিৰ অধীনত প্ৰায় ১২ লাখ অযোগ্য কৃষকে সুবিধা লাভ কৰিছে। আমগুৰি নৱ নিৰ্মাণ সমিতিয়ে দাখিল কৰা জনস্বাৰ্থৰ গোচৰটোৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ আৰ এম ছায়া আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰে গঠিত সংমণ্ডল বিচাৰপীঠে…
গুৱাহাটীত ৩ কোটিৰো অধিক মূল্যৰ গাঞ্জা জব্দ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : গুৱাহাটী মহানগৰীত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ গাঞ্জা। ২৯ নৱেম্বৰ মঙলবাৰে গুৱাহাটী আৰক্ষীয়ে জব্দ কৰে কমেও ৫০০ কেজি গাঞ্জা। জব্দ কৰা গাঞ্জাৰ মূল্য ৩ কোটিৰো অধিক বুলি অনুমান কৰা হৈছে। গড়চুক অঞ্চলত এখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰা হয় এই বৃহৎ পৰিমাণৰ গাঞ্জা। গাঞ্জাৰ পেকেটসমূহ এখন ট্ৰাকৰ ভিতৰৰ গোপন চেম্বাৰত ৰখা হৈছিল। ত্ৰিপুৰাৰ পৰা অসমলৈ আহিছিল ট্ৰাকখন। গাঞ্জা জব্দকৰণৰ সন্দৰ্ভত গুৱাহাটী আৰক্ষীয়ে চাৰিজন লোকক আটক কৰিছে। ধৃত চাৰিওজন বিহাৰৰ।
অসম চিকিৎসা মহাবিদ্যালয়ত ৰেগিং : দুই স্নাতকোত্তৰ ছাত্ৰক নিলম্বিত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত স্নাতকোত্তৰ অধ্যয়ন কৰি থকা দুগৰাকী চিকিৎসকক ৰেগিঙত লিপ্ত হোৱাৰ অভিযোগত ছমাহৰ বাবে শ্ৰেণীত অংশগ্ৰহণৰ পৰা নিলম্বিত কৰাৰ লগতে হোষ্টেলৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি ২৯ নৱেম্বৰ মঙলবাৰে এগৰাকী বিষয়াই সদৰী কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ২৮ নৱেম্বৰ সোমবাৰে মেৰুদণ্ড আৰু হাত ভাঙি ইনটেনচিভ কেয়াৰ ইউনিটত ভৰ্তি হোৱা এম.কমৰ ছাত্ৰ এজনক ৰেগিং কৰাৰ অভিযোগত ১৮ জন ছাত্ৰক বহিষ্কাৰ কৰাৰ পিছত যোৱা দুদিনত ৰেগিং বিষয়ক এইটো দ্বিতীয়টো কাণ্ড। অসম চিকিৎসা…
ৰেগিং প্ৰসংগ : ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ব্যৰ্থতাক মুখ্যমন্ত্ৰীৰ তীব্ৰ সমালোচনা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২৯ নৱেম্বৰ মঙলবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ ৰেগিঙৰ বিষয়টো চোৱা-চিতা কৰাত ‘ব্যৰ্থ’ হোৱাক লৈ তীব্ৰ সমালোচনা কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে ৰাজ্যৰ মন্ত্ৰীসভাই “ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ৰেগিঙৰ বিষয়টো যিদৰে চম্ভালিলে তাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে”। মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ সমগ্ৰ ৰাজ্যখনকে স্তম্ভিত কৰি তোলা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত চাঞ্চল্যকৰ আনন্দ শৰ্মা ৰেগিং গোচৰৰ কথা উল্লেখ কৰি অৱগত কৰে যে ৰাজ্যৰ আৰক্ষী…
