Browsing Category

অসম

লখিমপুৰ জিলা বি জে পিত তীব্ৰ সংঘাত: জিলা সভাপতিৰ বিৰুদ্ধে ৰাজ্যিক সভাপতি লৈ অভিযোগ প্ৰেৰণ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৯ নৱেম্বৰঃ লখিমপুৰ জিলা বিজেপিত এতিয়া সংঘাত তীব্ৰতৰ হৈ উঠিছে। জিলা সভাপতি ফণীধৰ বৰুৱাৰ বিৰুদ্ধে একাংশ বিষয়ববীয়াই ৰাজ্যিক সভাপতিলৈ প্ৰেৰণ কৰা অভিযোগ পত্ৰই এই কথা স্পষ্ট কৰি তুলিছে। উল্লেখ্য যে লখিমপুৰ জিলা বিজেপিৰ ১১ জন বিষয়ববীয়াই জিলা সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰকাশ কৰি এনেদৰে ৰাজ্যিক সভাপতি ভৱেশ কলিতা লৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে। তথ্য অনুসৰি জিলা সভাপতিজনৰ বিভিন্ন কাম-কাজত এই কাযকৰ্তাসকল অসন্তুষ্ট হৈ এনে পন্থা অৱলম্বন কৰিছে। এক প্ৰকাৰে দলৰ ভিতৰতে এতিয়া তীব্ৰ সংঘাতৰ সৃষ্টি হৈছে। জিলা সভাপতি ফণীধৰ…

গুৱাহাটীত নিৰ্মাণ হ’ব তিনিখন নতুন ফ্লাই অভাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : অসমৰ ৰাজধানী চহৰ গুৱাহাটীত অদূৰ ভৱিষ্যতে আৰু তিনিখন উৰণীয়া সেঁতুৰ ব্যৱস্থা কৰা হ’ব৷ অসম কেবিনেটে গুৱাহাটীত তিনিখন নতুন উৰণীয়া সেতু নিৰ্মাণৰ বাবে অনুমোদন জনাইছে। এই কথা জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিলচৰত অসম কেবিনেটৰ বৈঠকৰ সময়ত এই সিদ্ধান্ত লোৱা হৈছে। নতুন ফ্লাই অভাৰকেইখন হ'ব ডাউন টাউন হাস্পতালৰ ওচৰত, ফটাশিল-গড়চুক আৰু কুমাৰপাৰা-ফটাশিলত। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে অসমত কেইবাটাও নতুন প্ৰকল্পৰ কথা ঘোষণা কৰিছিল। এই প্ৰকল্পসমূহৰ ভিতৰত আছে…

পি এম-কিষান কেলেংকাৰী : ভুল কৰা বিষয়াৰ বিৰুদ্ধে অসম চৰকাৰক ব্যৱস্থা ল’বলৈ ক’লে গুৱাহাটী উচ্চ ন্যায়ালয়ে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : ৰাজ্যত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিছান) আঁচনিৰ অধীনত সুবিধা বিতৰণৰ ক্ষেত্ৰত অনিয়মৰ সৈতে জড়িত বিষয়াসকলৰ বিৰুদ্ধে অসম চৰকাৰক 'উচিত ব্যৱস্থা' ল’বলৈ কৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ক জনাইছিল যে কেন্দ্ৰীয় চৰকাৰৰ ফ্লেগশ্বিপ আঁচনিৰ অধীনত প্ৰায় ১২ লাখ অযোগ্য কৃষকে সুবিধা লাভ কৰিছে। আমগুৰি নৱ নিৰ্মাণ সমিতিয়ে দাখিল কৰা জনস্বাৰ্থৰ গোচৰটোৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ আৰ এম ছায়া আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰে গঠিত সংমণ্ডল বিচাৰপীঠে…

গুৱাহাটীত ৩ কোটিৰো অধিক মূল্যৰ গাঞ্জা জব্দ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : গুৱাহাটী মহানগৰীত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ গাঞ্জা। ২৯ নৱেম্বৰ মঙলবাৰে গুৱাহাটী আৰক্ষীয়ে জব্দ কৰে কমেও ৫০০ কেজি গাঞ্জা। জব্দ কৰা গাঞ্জাৰ মূল্য ৩ কোটিৰো অধিক বুলি অনুমান কৰা হৈছে। গড়চুক অঞ্চলত এখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰা হয় এই বৃহৎ পৰিমাণৰ গাঞ্জা। গাঞ্জাৰ পেকেটসমূহ এখন ট্ৰাকৰ ভিতৰৰ গোপন চেম্বাৰত ৰখা হৈছিল। ত্ৰিপুৰাৰ পৰা অসমলৈ আহিছিল ট্ৰাকখন। গাঞ্জা জব্দকৰণৰ সন্দৰ্ভত গুৱাহাটী আৰক্ষীয়ে চাৰিজন লোকক আটক কৰিছে। ধৃত চাৰিওজন বিহাৰৰ।

অসম চিকিৎসা মহাবিদ্যালয়ত ৰেগিং : দুই স্নাতকোত্তৰ ছাত্ৰক নিলম্বিত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত স্নাতকোত্তৰ অধ্যয়ন কৰি থকা দুগৰাকী চিকিৎসকক ৰেগিঙত লিপ্ত হোৱাৰ অভিযোগত ছমাহৰ বাবে শ্ৰেণীত অংশগ্ৰহণৰ পৰা নিলম্বিত কৰাৰ লগতে হোষ্টেলৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি ২৯ নৱেম্বৰ মঙলবাৰে এগৰাকী বিষয়াই সদৰী কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ২৮ নৱেম্বৰ সোমবাৰে মেৰুদণ্ড আৰু হাত ভাঙি ইনটেনচিভ কেয়াৰ ইউনিটত ভৰ্তি হোৱা এম.কমৰ ছাত্ৰ এজনক ৰেগিং কৰাৰ অভিযোগত ১৮ জন ছাত্ৰক বহিষ্কাৰ কৰাৰ পিছত যোৱা দুদিনত ৰেগিং বিষয়ক এইটো দ্বিতীয়টো কাণ্ড। অসম চিকিৎসা…

ৰেগিং প্ৰসংগ : ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ব্যৰ্থতাক মুখ্যমন্ত্ৰীৰ তীব্ৰ সমালোচনা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২৯ নৱেম্বৰ মঙলবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ ৰেগিঙৰ বিষয়টো চোৱা-চিতা কৰাত ‘ব্যৰ্থ’ হোৱাক লৈ তীব্ৰ সমালোচনা কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে ৰাজ্যৰ মন্ত্ৰীসভাই “ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ৰেগিঙৰ বিষয়টো যিদৰে চম্ভালিলে তাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে”। মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ সমগ্ৰ ৰাজ্যখনকে স্তম্ভিত কৰি তোলা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত চাঞ্চল্যকৰ আনন্দ শৰ্মা ৰেগিং গোচৰৰ কথা উল্লেখ কৰি অৱগত কৰে যে ৰাজ্যৰ আৰক্ষী…

ৰিয়ান পৰাগৰ দুৰ্দান্ত ১৭৪ ৰাণ : বিজয় হাজাৰে ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলত জম্মু কাশ্মীৰক হৰুৱালে অসমে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ নৱেম্বৰ : আজি সোমবাৰে (২৮ নৱেম্বৰ) আহমেদাবাদত অনুষ্ঠিত বিজয় হাজাৰে ট্ৰফীৰ এখন কোৱাৰ্টাৰ ফাইনেলত জম্মু-কাশ্মীৰৰ বিৰুদ্ধে ৪৬.১ অভাৰত ৩৫১ ৰাণৰ বৃহৎ লক্ষ্য অতিক্ৰম কৰি ৭ উইকেটত দৰ্শনীয় বিজয় সাব্যস্ত কৰিছে অসমে। অসমৰ এই দমনীয় প্ৰদৰ্শনৰ মূলতে আছিল ৰিয়ান পৰাগৰ দুৰ্দান্ত বেটিং। ৰিয়ানে ১২টা অভাৰ বাউণ্ডেৰী আৰু সমসংখ্যক বাউণ্ডেৰীৰৰ সহায়ত ১১৬টা বলত ১৭৪ ৰাণ কৰি জম্মু কাশ্মীৰে বান্ধি দিয়া বৃহৎ লক্ষ্য হেলাৰঙে অতিক্ৰম কৰাত মুখ্য ভূমিকা পালন কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি হেনান নাজিৰ ১২৪ (১১৩ বল, ৫ চাৰি,…

তেজপুৰত ডাম্পাৰৰ মুখামুখি সংৰ্ঘষত দুজন নিহত, দুজন আহত

শতাব্দ প্ৰতিনিধি,তেজপুৰ ২৮ নৱেম্বৰঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী তথা বৰঘাট আৰক্ষী চকী অন্তৰ্গত অঞ্চলত ডাম্পাৰৰ নিয়ন্ত্ৰণহীন চলাচলত ইতিমধ্যেই দুজনৰ প্ৰাণ হানি হোৱাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই আজি পুৱাই দুখন ডাম্পাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত দুইখন ডাম্পাৰৰ চালক দুজন নিহত হোৱাৰ লগতে আন দুজন সহায়কাৰী গুৰুতৰ ভাবে আহত হয়৷আজি পুৱা প্ৰায় ছয় বজাত বৰঘাট চেন্টাৰৰ দিশৰ পৰা আহি থকা আৰু নপামৰ দিশৰ পৰা গৈ থকা এ.এছ ০৮ চি ১৩৩২ আৰু এ.এছ ১২ এ.চি ৯১৫৬ নম্বৰৰ ডাম্পাৰ দুখনৰ মাজত মুখামুখি সংঘৰ্ষ হয় বৰঘাটৰ সমীপত৷ইয়াৰ ফলত দুইখন ডাম্পাৰ পথৰ কাষত বাগৰি…

বিহপুৰীয়াত ভংয়কৰ অগ্নিকাণ্ডঃ শুই থাকোতেই প্ৰাণ গ’ল এজনৰঃ

শতাব্দ প্ৰতিনিধি লখিমপুৰ, ২৮ নৱেম্বৰঃ লখিমপুৰ জিলাৰ বিহপুৰীয়াত যোৱা নিশা এক ভংয়কৰ অগ্নিকাণ্ড সংঘটিত হয়৷ বিহপুৰীয়াৰ সন্তপুৰ চাৰিআলিত সংঘটিত হোৱা এই ঘটনাত এজন লোক জীৱন্তে অগ্নিদগ্ধ হোৱাৰ লগতে চাৰিখন দোকান ভস্মীভূত হয়৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশা  বিহপুৰীয়া নগৰৰ সমীপৱৰ্তী সন্তপুৰ পাঁচআলিত থকা এখন দোকানত জুই লাগে৷ সেই সময়ত এখন চাইকেল দোকানৰ ভিতৰত ৰঙাই গগৈ নামৰ এজন লোক শুই আছিল৷ জুয়ে আন তিনিখন দোকানৰ লগতে ৰঙাই গগৈৰ চাইকেল দোকানখনো স্পৰ্শ কৰাত দোকানৰ ভিতৰত শুই থকা ৰঙাই গগৈ জীৱন্তে অগ্নিদগ্ধ হয়৷ যোৱা নিশাৰ এই ঘটনাত প্ৰদীপ…

এইবাৰ খাটি অসমীয়াক উচ্ছেদৰ জাননী চৰকাৰৰ

জিলা উপায়ুক্ত কাৰ্যালয়ৰ মুখ্য প্ৰৱেশ দ্বাৰত শ শ লোকৰ উত্তাল প্ৰতিবাদ শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৮ নৱেম্বৰঃ লখিমপুৰ জিলাৰ তেলাহী মৌজাৰ মৰতপুৰত যুগ যুগ ধৰি বসবাস কৰি অহা একাংশ নদীপৰীয়া খিলঞ্জীয়া লোকক অসম চৰকাৰে উচ্ছেদৰ জাননী জাৰি কৰা কাৰ্যত জাঙুৰ খাই উঠিছে অসম অনুসূচীত জাতি যুৱ ছাত্ৰ সন্থাৰ লগতে শ শ নদীপৰীয়া ৰাইজ৷ আজি লখিমপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এনেদৰে শ শ প্ৰতিবাদীলোকে উচ্ছেদ অভিযান প্ৰত্যাহাৰৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদী লোকসকলে হাতে হাতে প্লে কাৰ্ড, বেনাৰ, ফেষ্টুন আদি লৈ অসম চৰকাৰৰ বিৰুদ্ধে…