Browsing Category

অসম

ৰিয়ান পৰাগৰ দুৰ্দান্ত ১৭৪ ৰাণ : বিজয় হাজাৰে ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলত জম্মু কাশ্মীৰক হৰুৱালে অসমে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ নৱেম্বৰ : আজি সোমবাৰে (২৮ নৱেম্বৰ) আহমেদাবাদত অনুষ্ঠিত বিজয় হাজাৰে ট্ৰফীৰ এখন কোৱাৰ্টাৰ ফাইনেলত জম্মু-কাশ্মীৰৰ বিৰুদ্ধে ৪৬.১ অভাৰত ৩৫১ ৰাণৰ বৃহৎ লক্ষ্য অতিক্ৰম কৰি ৭ উইকেটত দৰ্শনীয় বিজয় সাব্যস্ত কৰিছে অসমে। অসমৰ এই দমনীয় প্ৰদৰ্শনৰ মূলতে আছিল ৰিয়ান পৰাগৰ দুৰ্দান্ত বেটিং। ৰিয়ানে ১২টা অভাৰ বাউণ্ডেৰী আৰু সমসংখ্যক বাউণ্ডেৰীৰৰ সহায়ত ১১৬টা বলত ১৭৪ ৰাণ কৰি জম্মু কাশ্মীৰে বান্ধি দিয়া বৃহৎ লক্ষ্য হেলাৰঙে অতিক্ৰম কৰাত মুখ্য ভূমিকা পালন কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি হেনান নাজিৰ ১২৪ (১১৩ বল, ৫ চাৰি,…

তেজপুৰত ডাম্পাৰৰ মুখামুখি সংৰ্ঘষত দুজন নিহত, দুজন আহত

শতাব্দ প্ৰতিনিধি,তেজপুৰ ২৮ নৱেম্বৰঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী তথা বৰঘাট আৰক্ষী চকী অন্তৰ্গত অঞ্চলত ডাম্পাৰৰ নিয়ন্ত্ৰণহীন চলাচলত ইতিমধ্যেই দুজনৰ প্ৰাণ হানি হোৱাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই আজি পুৱাই দুখন ডাম্পাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত দুইখন ডাম্পাৰৰ চালক দুজন নিহত হোৱাৰ লগতে আন দুজন সহায়কাৰী গুৰুতৰ ভাবে আহত হয়৷আজি পুৱা প্ৰায় ছয় বজাত বৰঘাট চেন্টাৰৰ দিশৰ পৰা আহি থকা আৰু নপামৰ দিশৰ পৰা গৈ থকা এ.এছ ০৮ চি ১৩৩২ আৰু এ.এছ ১২ এ.চি ৯১৫৬ নম্বৰৰ ডাম্পাৰ দুখনৰ মাজত মুখামুখি সংঘৰ্ষ হয় বৰঘাটৰ সমীপত৷ইয়াৰ ফলত দুইখন ডাম্পাৰ পথৰ কাষত বাগৰি…

বিহপুৰীয়াত ভংয়কৰ অগ্নিকাণ্ডঃ শুই থাকোতেই প্ৰাণ গ’ল এজনৰঃ

শতাব্দ প্ৰতিনিধি লখিমপুৰ, ২৮ নৱেম্বৰঃ লখিমপুৰ জিলাৰ বিহপুৰীয়াত যোৱা নিশা এক ভংয়কৰ অগ্নিকাণ্ড সংঘটিত হয়৷ বিহপুৰীয়াৰ সন্তপুৰ চাৰিআলিত সংঘটিত হোৱা এই ঘটনাত এজন লোক জীৱন্তে অগ্নিদগ্ধ হোৱাৰ লগতে চাৰিখন দোকান ভস্মীভূত হয়৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশা  বিহপুৰীয়া নগৰৰ সমীপৱৰ্তী সন্তপুৰ পাঁচআলিত থকা এখন দোকানত জুই লাগে৷ সেই সময়ত এখন চাইকেল দোকানৰ ভিতৰত ৰঙাই গগৈ নামৰ এজন লোক শুই আছিল৷ জুয়ে আন তিনিখন দোকানৰ লগতে ৰঙাই গগৈৰ চাইকেল দোকানখনো স্পৰ্শ কৰাত দোকানৰ ভিতৰত শুই থকা ৰঙাই গগৈ জীৱন্তে অগ্নিদগ্ধ হয়৷ যোৱা নিশাৰ এই ঘটনাত প্ৰদীপ…

এইবাৰ খাটি অসমীয়াক উচ্ছেদৰ জাননী চৰকাৰৰ

জিলা উপায়ুক্ত কাৰ্যালয়ৰ মুখ্য প্ৰৱেশ দ্বাৰত শ শ লোকৰ উত্তাল প্ৰতিবাদ শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৮ নৱেম্বৰঃ লখিমপুৰ জিলাৰ তেলাহী মৌজাৰ মৰতপুৰত যুগ যুগ ধৰি বসবাস কৰি অহা একাংশ নদীপৰীয়া খিলঞ্জীয়া লোকক অসম চৰকাৰে উচ্ছেদৰ জাননী জাৰি কৰা কাৰ্যত জাঙুৰ খাই উঠিছে অসম অনুসূচীত জাতি যুৱ ছাত্ৰ সন্থাৰ লগতে শ শ নদীপৰীয়া ৰাইজ৷ আজি লখিমপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এনেদৰে শ শ প্ৰতিবাদীলোকে উচ্ছেদ অভিযান প্ৰত্যাহাৰৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদী লোকসকলে হাতে হাতে প্লে কাৰ্ড, বেনাৰ, ফেষ্টুন আদি লৈ অসম চৰকাৰৰ বিৰুদ্ধে…

আলফাৰ প্ৰতিবাদ দিৱসত পৰেশ অসমৰ বিবৃতি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ নৱেম্বৰঃ ১৯৯০ চনৰ ২৮ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে অসমত অপাৰেচন বজৰংগ আৰম্ভ কৰাৰ লগতে আলফাক নিষিদ্ধ ঘোষণা কৰাৰ প্ৰতিবাদত আলফাই প্ৰতিবছৰে ২৮ নৱেম্বৰত পালন কৰা প্ৰতিবাদ দিৱসত এইবাৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফাৰ উচ্চতম পৰিষদৰ সভাপতি জেনেৰেল পৰেশ অসমে। আলফাৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে প্ৰেৰণ কৰা এক ই মেইল বিবৃতিত পৰেশ অসমে ভাৰতীয় সেনাই বলাৎকাৰ কৰি হত্যা কৰা ৰাজু বৰুৱাকে কেন্দ্ৰ কৰি সেনাই হত্যা কৰা একাধিক লোকৰ প্ৰসংগ উত্থাপন কৰি সেনাৰ বৰ্বৰতাৰ কথা স্বাধীনমনা অসমীয়াই কেতিয়াও নাপাহৰে উল্লেখ…

ৰেগিং গোচৰত অভিযুক্ত ১৮ ছাত্ৰক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ নৱেম্বৰ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই আনন্দ শৰ্মা ৰেগিং গোচৰত জড়িত থকাৰ অভিযোগত ১৮ জন ছাত্ৰক বহিষ্কাৰ কৰিছে। উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এম কমৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ আনন্দ শৰ্মাই ৰেগিঙৰ পৰা হাত সাৰিবলৈ বিশ্ববিদ্যালয়ৰ হোষ্টেল বিল্ডিঙৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়াই পৰিছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ একাংশ ছাত্ৰই আনন্দ শৰ্মাক শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে অত্যাচাৰ চলাইছিল বুলি অভিযোগ উঠিছে। নিৰ্যাতন সহ্য কৰিব নোৱাৰি আনন্দই ৰেগিঙৰ পৰা হাত সাৰিবলৈ হোষ্টেল বিল্ডিঙৰ পৰা…

ইতিবাচক আৰু সুস্থ চিন্তা যিকোনো ৰোগ উপশমৰ ঔষধ হ’ব পাৰে : ড° ভূৱনেশ্বৰ চহৰীয়া 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৭ নবেম্বৰ : ককৰ্ট ৰোগত আক্ৰান্ত হৈ সাতটাকৈ কেম'থেৰাপী গ্ৰহণ কৰা তেজপুৰৰ লোকনায়ক অমিয় কুমাৰ দাস কন্যা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীক মানসিক শক্তি প্ৰদান কৰি তেজপুৰ জনসাংস্কৃতিক পৰিষদে তেঁওৰ দ্বাৰা ৰচিত এখন কাব্যগ্ৰন্থ আজি বিদ্বৎ সমাজৰ উপস্থিতিত বিশেষভাৱে উন্মোচন কৰি অসুস্থ শিক্ষয়িত্ৰীগৰাকীক এই ৰোগ উপশমৰ বাবে যেন আন এক ঔষধ প্ৰদান কৰে। উল্লেখ্য যে, তেজপুৰৰ অসমীয়া ক্লাবৰ প্ৰেক্ষাগৃহত তেজপুৰ জনসাংস্কৃতিক পৰিষদৰ উদ্যোগত আজি এইগৰাকী উদীয়মান কবি তথা শিক্ষয়িত্ৰীক বিশেষভাৱে মনোবল প্ৰদান…

তেজপুৰত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৰক্তদান শিবিৰ 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৭ নবেম্বৰ : ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে আজি ৭৩ নং ছোৱালী ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী অসম আৰু ৫ নং অসম বেটেলিয়নে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত এক ৰক্তদান শিৱিৰৰ আয়োজন কৰে। কেডেটসকলৰ মাজত ৰক্তদানৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা আনিবৰ বাবেই এই পদক্ষেপ লোৱা হয়। মূলতঃ মানবতাবোধ জাগ্ৰত কৰি সমাজৰ বাবে আগবাঢ়ি যোৱাৰ যি মনোভাব— এই বাক্যশাৰীৰ যথাৰ্থতা কেডেটসকলৰ মাজলৈ লৈ যোৱাই এই শিৱিৰৰ মূল উদ্দেশ্য। ৭৩ নং ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ কমাণ্ডিং অফিচাৰ লে. ক. জে বি চেত্ৰী, সহযোগী…

৫৪ সংখ্যক বাৰ্ষিক শৈলাৰোহণ প্ৰশিক্ষণ শিৱিৰৰ শুভাৰম্ভ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৭ নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা অহা পৰ্বতাৰোহণৰ নবীন প্ৰশিক্ষাৰ্থীৰ কলৰৱেৰে মুখৰিত হৈ পৰিছে গুৱাহাটী মহানগৰীৰ ৰাজ্যিক চিৰিয়াখানা চৌহদৰ প্ৰয়াত ৰোহিনী কুমাৰ ভূঞা স্মাৰক শৈলক্ষেত্ৰ৷ উত্তৰ পূবৰ অন্যতম অগ্ৰণী দুঃসাহসিক ক্ৰীড়া সংগঠন অসম পৰ্বতাৰোহণ সন্থাই প্ৰতি বছৰে ৰাজ্যত পৰ্বতাৰোহণৰ প্ৰতি নৱ প্ৰজন্মক উৎসাহিত কৰাৰ লক্ষ্যৰে গুৱাহাটীত এটা বাৰ্ষিক শীতকালীন শৈলাৰোহণ প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰি আহিছে৷ এই শিৱিৰত শৈলাৰোহণ আৰু পৰ্বতাৰোহণৰ বিভিন্ন দিশৰ প্ৰাথমিক জ্ঞান প্ৰদান কৰা হয়৷ প্ৰতিবাৰৰ দৰে এইবাৰো…

ছদিনৰ অন্তত অসমে উঠাই ল’লে মেঘালয়লৈ যাতায়তৰ নিষেধাজ্ঞা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ নৱেম্বৰ : দেওবাৰে (২৭ নৱেম্বৰ) মেঘালয়লৈ যোৱা নিষেধাজ্ঞা অসমে প্ৰত্যাহাৰ কৰিছে। ৰাজ্য দুখনৰ আন্তঃৰাজ্যিক সীমান্তৰ মুক্ৰ' গাঁৱত সংঘটিত গুলীচালনাৰ ঘটনাৰ পিছত ছদিন পূৰ্বে জাৰি কৰা মেঘালয়লৈ যোৱাৰ নিষেধাজ্ঞা অসমে উঠাই লয়। যোৱা ২২ নৱেম্বৰত মুক্ৰ’ গাঁৱত সংঘটিত গুলীচালনাৰ ঘটনাত কমেও ছজন লোক– পাঁচজন মেঘালয়বাসী আৰু এজন অসমৰ বনৰক্ষীয়ে প্ৰাণ হেৰুৱাইছিল। ২৭ নৱেম্বৰৰ পৰা অসমৰ পৰা অহা বাহনসমূহক মেঘালয় ৰাজ্যত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। অসমৰ পৰা অহা যান-বাহনসমূহক আৰক্ষীৰ এস্কৰ্টৰ ব্যৱস্থা কৰা হৈছে, য’তেই…