Browsing Category
অসম
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণ : আহত ২
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ নৱেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এজনী গঁড়ৰ আক্ৰমণত দুজন লোক গুৰুতৰভাৱে আহত হয়। আজি ২৭ নৱেম্বৰত উদ্যান কৰ্তৃপক্ষই এই বাতৰি সদৰী কৰিছে। উদ্যান কৰ্তৃপক্ষই জনোৱা মতে ২৬ নৱেম্বৰত কঁহৰা ৰেঞ্জৰ অন্তৰ্গত বৰবিল অঞ্চলত পথ নিষ্কাশনৰ কামত নিয়োজিত হৈ থকা অৱস্থাত ৰাষ্ট্ৰীয় উদ্যানখনৰ বনকৰ্মী বিনোদ চাৰ' আৰু স্থানীয় যুৱক জীৱন চাৰ'ক গঁড়জনীয়ে আক্ৰমণ কৰে। এই আক্ৰমণত আঘাতপ্ৰাপ্ত দুয়োজনক লগে লগে কঁহৰা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু পিছত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ আৰু হাস্পতাললৈ স্থানান্তৰ…
তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ প্ৰাক্তন অধ্যক্ষ পৰিতোষ দে’ৰ বিয়োগ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৬নৱেম্বৰঃ তেজপুৰৰ কটন ৰোড নিবাসী তথা তেজপুৰ নগৰ উন্নয়ন কৰ্তৃপক্ষৰ প্ৰাক্তন অধ্যক্ষ পৰিতোষ দে’(৭২)ৰ আজি পুৱা প্ৰায় ৬-৩০বজাত নিজা বাসগৃহত বিয়োগ ঘটে৷উল্লেখযোগ্য যে,এগৰাকী সমাজকৰ্মী দে’ এসময়ত এজন সুদক্ষ ফুটবল খেলুৱৈ আছিল আৰু তেওঁ শোণিতপুৰ জিলা দলৰ হৈ ভালেকেখন প্ৰতিযোগিতাতো অংশ লৈছিল৷ দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক পাঠ্যক্ৰম সমাপ্ত কৰি তেওঁ ব্যক্তিগত প্ৰতিষ্ঠানত কিছুদিন জীৱিকা নিৰ্বাহ কৰাৰ পাছত ১৯৯২ত তেজপুৰ পৌৰসভাত এক নম্বৰ পৌৰখণ্ডৰ পৌৰসদস্য হিচাপে ১৯৯৬লৈ কাৰ্যনিৰ্বাহ কৰিছিল৷এক ৰাজহুৱা জীৱন অতিবাহিত কৰা দে’ই…
তেজপুৰৰ জনপ্ৰিয় নাট্য আৰু সত্ৰীয়া শিল্পী প্ৰহ্লাদ (ৰাতুল) মহন্তৰ দেহাৱসান
শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৬ নবেম্বৰ: তেজপুৰ চহৰৰ ইন্দিৰা নগৰৰ অতি সৰবৰহী অভিনয়, ভাওনা আৰু সত্ৰীয়া শিল্পী প্ৰহ্লাদ মহন্ত অৰ্থাৎ সকলোৰে মাজত পৰিচিত ৰাতুল মহন্তৰ আজি পুৱা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে। অসম গোসাঁই সমাজৰ ৰাজ্যিক উপসভাপতিৰ দায়িত্বত থকাৰ লগতে অসম সত্ৰ মহাসভাৰ শোণিতপুৰ জিলা সমিতিৰ বিত্ত সম্পাদক হিচাপে মৃত্যু পৰ্যন্ত নিষ্ঠাৰে জড়িত থকা মহন্ত দীৰ্ঘদিন ধৰি শাৰীৰিক ভাৱে অসুস্থ হৈ থকাত পৰহি শৰীৰত ছডিয়ামৰ পৰিমাণ হঠাৎ হ্ৰাস পোৱাত শৰীৰৰ দ্ৰুত অৱনতি…
তেজপুৰৰ বিদ্যালয়ত অভিনেতা অনিল কাপুৰ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৬নৱেম্বৰ: তেজপুৰৰ বায়ুসেনা চৌহদত চলা বলিউডৰ ছবি ফাইটাৰৰ দৃশ্যগ্ৰহণৰ কাম অন্ত পৰিছে৷ আঢ়ৈশ কোটি টকা ব্যয়ৰে নিৰ্মীয়মাণ ছবিখনৰ তেজপুৰত দৃশ্যগ্ৰহণৰ কাম যোৱা প্ৰায় ১০দিন ধৰি চলিছিল৷উল্লেখযোগ্য যে,আকাশ মাৰ্গত যুজাৰু বিমানৰ মুখামুখি যুদ্ধৰ কাহিনীৰে নিৰ্মিত দেশৰ প্ৰথমখন ছবি হিচাপে অভিহিত সিদ্ধাৰ্থ আনন্দ পৰিচালিত ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে যোৱা ১৪নৱেম্বৰত তেজপুৰত উপস্থিত হৈছিলহি ছবিখনত যুজাৰু বিমানৰ পাইলটৰ ভূমিকাত অৱতীৰ্ণ হোৱা নায়ক হৃত্বিক ৰোশন৷ ইয়াৰ দুদিন পাছতে ছবিখনৰ নায়িকা দীপিকা পাডুকন আৰু আনএক গুৰুত্বপূৰ্ণ…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত সংবিধান দিৱস পালন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, লখিমপুৰ, ২৬ নৱেম্বৰ : আজি ২৬ নৱেম্বৰ শনিবাৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ভাৰতীয় সংবিধানত সন্নিৱিষ্ট নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ আহ্বানেৰে সংবিধান দিৱস পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগ আৰু এন এছ এছ শাখাৰ সহযোগত নেহৰু যুৱ কেন্দ্ৰ-উত্তৰ লখিমপুৰে এখন সভা আয়োজন কৰে। উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নেহৰু যুৱ কেন্দ্ৰ-উত্তৰ লখিমপুৰৰ জিলা যুৱ বিষয়া সুজাতা ভৌমিকে। সভাৰ আদৰণী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই। নিৰ্দিষ্ট বক্তা হিচাপে উত্তৰ লখিমপুৰ উকীল…
লখিমপুৰৰ সোৱণশিৰি নদীৰ ঘাগৰ ঘাটত প্ৰতিবাদী জনতাৰ বিক্ষোভ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ নৱেম্বৰঃ লখিমপুৰৰ পৰা ঘূনাসুঁতি হৈ ঢকুৱাখনা সংযোগী পথৰ সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা পকী দলঙৰ মূল সংযোগী পথ ঘূনাসুঁতিৰ মাজেৰে যোৱা পুৰণি ঢকুৱাখনা পথটোতে নিৰ্মাণ কৰিবলৈ দাবী জনাই আজি মহাইজান ঘাগৰ ঘাটত কেইবাশ লােকে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ঢকুৱাখনা পথ উন্নয়ন সমিতিৰ উদ্যোগত পূৰ্বাঞ্চলবাসীৰ সহযোগত আজি অনুষ্ঠিত বিশাল গণ সমাৱেশত বৃহত্তৰ অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলে পুৰণি ঢকুৱাখনা পথতে লখিমপুৰ-ঘূনাসুঁতি সংযোগ দলংখন নিৰ্মাণ কৰাৰ দাবী জনোৱাৰ লগতে পুৰণি ঢকুৱাখনা পথটোৰ উন্নয়নৰ দাবী জনায়৷…
জামুগুৰিহাটত বাঘৰ সন্ত্ৰাস
জামুগুৰিহাট, ২৬ নৱেম্বৰ : বনৰীয়া হাতীৰ পিছত জামুগুৰিহাটত এইবাৰ বাঘৰ আতংক। জামুগুৰিহাটৰ পশ্চিমাঞ্চলত বাঘৰ আতংকত এতিয়া ক্ৰস্তমান গাঁওবাসী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা বাঘে জামুগুৰিহাটৰ পাণপুৰত নিধন কৰিছে কেইবাটাও গৰু। সন্ধিয়াৰ ভাগত বনৰজাই অঞ্চলটোত বিচৰণ কৰাৰ কথা জানিবলৈ দিছে স্থানীয় ৰাইজে। ৰাইজে জানিবলৈ দিয়া মতে বাঘৰ আক্ৰমণত এতিয়ালৈকে অঞ্চলটোত কেইবাটাও গৰু আৰু ম'হৰ মৃত্যু হৈছে । বনৰজাৰ বিচৰণৰ আতংকত ভোগা অঞ্চলটোৰ ৰাইজ এতিয়া সন্ধিয়া হোৱাৰ লগে লগে ঘৰৰ ভিতৰত সোমাই থাকিবলৈ বাধ্য হৈছে। বাঘে অঞ্চলটোৰ ধাননি…
তেজপুৰ বৰঝাৰ গাঁৱত কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ শুভ উদ্বোধন
শতাব্দ প্ৰতিনিধি তেজপুৰ ২৬ নবেম্বৰঃ শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত আৰু IRRI, OPIU ( Operational project implementation unit) -AGRI, Ghy ৰ সহযোগত তেজপুৰৰ বৰঝাৰ গাঁৱৰ শইকীয়া চুবুৰীত মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় । তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই কৃষিখণ্ডত সংযোগ কৰা শেহতীয়া প্ৰযুক্তি মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ জৰিয়তে নিজেই কৃষকৰ পথাৰত ধান কাটি এই প্ৰযুক্তিৰ সুবিধা ল’বলৈ কৃষকসকলক উৎসাহিত কৰে। জিলা কৃষি বিষয়া পংকজ শইকীয়া আঁত ধৰা অনুষ্ঠানটোত IRRI ৰ বিশেষজ্ঞ বিবেক কুমাৰে মিনি কমাইণ্ড…
মেঘালয়লৈ অসমৰ লোকক নাযাবলৈ আৰক্ষীৰ পৰামৰ্শ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ নৱেম্বৰ : আন্তঃৰাজ্যিক সীমান্তৰ বিবাদিত এলেকাত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ফলত ছজন লোকৰ মৃত্যু হোৱাৰ পাছত ২৬ নৱেম্বৰ শনিবাৰেও একেৰাহে পঞ্চম দিনৰ বাবে মেঘালয়লৈ অসমৰ মানুহ আৰু ব্যক্তিগত যান-বাহনৰ চলাচলত বাধা অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আনহাতে, মেঘালয়ে আজি পুৱা ১০.৩০ বজাৰ পৰা আৰু ৪৮ ঘণ্টাৰ বাবে ক্ষতিগ্ৰস্ত ৭খন জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সময়সীমা বৃদ্ধি কৰিছে। ক্ষতিগ্ৰস্ত মেঘালয়ৰ জিলাসমূহৰ আইন-শৃংখলাৰ পৰিস্থিতি অৱশ্যে লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। দোকান-পোহাৰ আৰু…
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনিত পৰিব পৰা প্ৰভাৱ লাঘৱ কৰিবলৈ আবণ্টিত ৪৭০ কোটি টকা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ নৱেম্বৰ : ২০০০ মেগাৱাট শক্তিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনিৰ ফালে পৰিবপৰা প্ৰভাৱ লাঘৱ কৰিবলৈ যুটীয়া পৰিচালনা সমিতিৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰই ৪৭০ কোটি টকাৰ উন্নয়নৰ পেকেজত অনুমোদন জনাইছে। এন এইচ পি চিৰ এক বিবৃতিত কোৱা হৈছে যে, মুঠ অনুমোদিত ধনৰ ভিতৰত ১৪৫ কোটি টকা নামনিৰ ফালে সোৱণশিৰি নদীৰ পাৰ সুৰক্ষা আৰু খহনীয়া নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ বাবে ৩০ কিলোমিটাৰ তললৈ, ৩২০ কোটি টকা নামনিৰ অঞ্চলৰ উন্নয়নমূলক কামৰ বাবে আৰু ৫ কোটি টকা সামাজিক সজাগতা আৰু গণ জাগৰণ কাৰ্যসূচীৰ বাবে আবণ্টিত হৈছে। বিবৃতিটোত আৰু…
