Browsing Category
অসম
আলফাৰ প্ৰতিবাদ দিৱসত পৰেশ অসমৰ বিবৃতি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ নৱেম্বৰঃ ১৯৯০ চনৰ ২৮ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে অসমত অপাৰেচন বজৰংগ আৰম্ভ কৰাৰ লগতে আলফাক নিষিদ্ধ ঘোষণা কৰাৰ প্ৰতিবাদত আলফাই প্ৰতিবছৰে ২৮ নৱেম্বৰত পালন কৰা প্ৰতিবাদ দিৱসত এইবাৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফাৰ উচ্চতম পৰিষদৰ সভাপতি জেনেৰেল পৰেশ অসমে। আলফাৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে প্ৰেৰণ কৰা এক ই মেইল বিবৃতিত পৰেশ অসমে ভাৰতীয় সেনাই বলাৎকাৰ কৰি হত্যা কৰা ৰাজু বৰুৱাকে কেন্দ্ৰ কৰি সেনাই হত্যা কৰা একাধিক লোকৰ প্ৰসংগ উত্থাপন কৰি সেনাৰ বৰ্বৰতাৰ কথা স্বাধীনমনা অসমীয়াই কেতিয়াও নাপাহৰে উল্লেখ…
ৰেগিং গোচৰত অভিযুক্ত ১৮ ছাত্ৰক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ নৱেম্বৰ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই আনন্দ শৰ্মা ৰেগিং গোচৰত জড়িত থকাৰ অভিযোগত ১৮ জন ছাত্ৰক বহিষ্কাৰ কৰিছে। উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এম কমৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ আনন্দ শৰ্মাই ৰেগিঙৰ পৰা হাত সাৰিবলৈ বিশ্ববিদ্যালয়ৰ হোষ্টেল বিল্ডিঙৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়াই পৰিছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ একাংশ ছাত্ৰই আনন্দ শৰ্মাক শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে অত্যাচাৰ চলাইছিল বুলি অভিযোগ উঠিছে। নিৰ্যাতন সহ্য কৰিব নোৱাৰি আনন্দই ৰেগিঙৰ পৰা হাত সাৰিবলৈ হোষ্টেল বিল্ডিঙৰ পৰা…
ইতিবাচক আৰু সুস্থ চিন্তা যিকোনো ৰোগ উপশমৰ ঔষধ হ’ব পাৰে : ড° ভূৱনেশ্বৰ চহৰীয়া
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৭ নবেম্বৰ : ককৰ্ট ৰোগত আক্ৰান্ত হৈ সাতটাকৈ কেম'থেৰাপী গ্ৰহণ কৰা তেজপুৰৰ লোকনায়ক অমিয় কুমাৰ দাস কন্যা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীক মানসিক শক্তি প্ৰদান কৰি তেজপুৰ জনসাংস্কৃতিক পৰিষদে তেঁওৰ দ্বাৰা ৰচিত এখন কাব্যগ্ৰন্থ আজি বিদ্বৎ সমাজৰ উপস্থিতিত বিশেষভাৱে উন্মোচন কৰি অসুস্থ শিক্ষয়িত্ৰীগৰাকীক এই ৰোগ উপশমৰ বাবে যেন আন এক ঔষধ প্ৰদান কৰে। উল্লেখ্য যে, তেজপুৰৰ অসমীয়া ক্লাবৰ প্ৰেক্ষাগৃহত তেজপুৰ জনসাংস্কৃতিক পৰিষদৰ উদ্যোগত আজি এইগৰাকী উদীয়মান কবি তথা শিক্ষয়িত্ৰীক বিশেষভাৱে মনোবল প্ৰদান…
তেজপুৰত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৰক্তদান শিবিৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৭ নবেম্বৰ : ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে আজি ৭৩ নং ছোৱালী ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী অসম আৰু ৫ নং অসম বেটেলিয়নে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত এক ৰক্তদান শিৱিৰৰ আয়োজন কৰে। কেডেটসকলৰ মাজত ৰক্তদানৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা আনিবৰ বাবেই এই পদক্ষেপ লোৱা হয়। মূলতঃ মানবতাবোধ জাগ্ৰত কৰি সমাজৰ বাবে আগবাঢ়ি যোৱাৰ যি মনোভাব— এই বাক্যশাৰীৰ যথাৰ্থতা কেডেটসকলৰ মাজলৈ লৈ যোৱাই এই শিৱিৰৰ মূল উদ্দেশ্য। ৭৩ নং ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ কমাণ্ডিং অফিচাৰ লে. ক. জে বি চেত্ৰী, সহযোগী…
৫৪ সংখ্যক বাৰ্ষিক শৈলাৰোহণ প্ৰশিক্ষণ শিৱিৰৰ শুভাৰম্ভ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৭ নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা অহা পৰ্বতাৰোহণৰ নবীন প্ৰশিক্ষাৰ্থীৰ কলৰৱেৰে মুখৰিত হৈ পৰিছে গুৱাহাটী মহানগৰীৰ ৰাজ্যিক চিৰিয়াখানা চৌহদৰ প্ৰয়াত ৰোহিনী কুমাৰ ভূঞা স্মাৰক শৈলক্ষেত্ৰ৷ উত্তৰ পূবৰ অন্যতম অগ্ৰণী দুঃসাহসিক ক্ৰীড়া সংগঠন অসম পৰ্বতাৰোহণ সন্থাই প্ৰতি বছৰে ৰাজ্যত পৰ্বতাৰোহণৰ প্ৰতি নৱ প্ৰজন্মক উৎসাহিত কৰাৰ লক্ষ্যৰে গুৱাহাটীত এটা বাৰ্ষিক শীতকালীন শৈলাৰোহণ প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰি আহিছে৷ এই শিৱিৰত শৈলাৰোহণ আৰু পৰ্বতাৰোহণৰ বিভিন্ন দিশৰ প্ৰাথমিক জ্ঞান প্ৰদান কৰা হয়৷ প্ৰতিবাৰৰ দৰে এইবাৰো…
ছদিনৰ অন্তত অসমে উঠাই ল’লে মেঘালয়লৈ যাতায়তৰ নিষেধাজ্ঞা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ নৱেম্বৰ : দেওবাৰে (২৭ নৱেম্বৰ) মেঘালয়লৈ যোৱা নিষেধাজ্ঞা অসমে প্ৰত্যাহাৰ কৰিছে। ৰাজ্য দুখনৰ আন্তঃৰাজ্যিক সীমান্তৰ মুক্ৰ' গাঁৱত সংঘটিত গুলীচালনাৰ ঘটনাৰ পিছত ছদিন পূৰ্বে জাৰি কৰা মেঘালয়লৈ যোৱাৰ নিষেধাজ্ঞা অসমে উঠাই লয়। যোৱা ২২ নৱেম্বৰত মুক্ৰ’ গাঁৱত সংঘটিত গুলীচালনাৰ ঘটনাত কমেও ছজন লোক– পাঁচজন মেঘালয়বাসী আৰু এজন অসমৰ বনৰক্ষীয়ে প্ৰাণ হেৰুৱাইছিল। ২৭ নৱেম্বৰৰ পৰা অসমৰ পৰা অহা বাহনসমূহক মেঘালয় ৰাজ্যত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। অসমৰ পৰা অহা যান-বাহনসমূহক আৰক্ষীৰ এস্কৰ্টৰ ব্যৱস্থা কৰা হৈছে, য’তেই…
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণ : আহত ২
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ নৱেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এজনী গঁড়ৰ আক্ৰমণত দুজন লোক গুৰুতৰভাৱে আহত হয়। আজি ২৭ নৱেম্বৰত উদ্যান কৰ্তৃপক্ষই এই বাতৰি সদৰী কৰিছে। উদ্যান কৰ্তৃপক্ষই জনোৱা মতে ২৬ নৱেম্বৰত কঁহৰা ৰেঞ্জৰ অন্তৰ্গত বৰবিল অঞ্চলত পথ নিষ্কাশনৰ কামত নিয়োজিত হৈ থকা অৱস্থাত ৰাষ্ট্ৰীয় উদ্যানখনৰ বনকৰ্মী বিনোদ চাৰ' আৰু স্থানীয় যুৱক জীৱন চাৰ'ক গঁড়জনীয়ে আক্ৰমণ কৰে। এই আক্ৰমণত আঘাতপ্ৰাপ্ত দুয়োজনক লগে লগে কঁহৰা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু পিছত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ আৰু হাস্পতাললৈ স্থানান্তৰ…
তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ প্ৰাক্তন অধ্যক্ষ পৰিতোষ দে’ৰ বিয়োগ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৬নৱেম্বৰঃ তেজপুৰৰ কটন ৰোড নিবাসী তথা তেজপুৰ নগৰ উন্নয়ন কৰ্তৃপক্ষৰ প্ৰাক্তন অধ্যক্ষ পৰিতোষ দে’(৭২)ৰ আজি পুৱা প্ৰায় ৬-৩০বজাত নিজা বাসগৃহত বিয়োগ ঘটে৷উল্লেখযোগ্য যে,এগৰাকী সমাজকৰ্মী দে’ এসময়ত এজন সুদক্ষ ফুটবল খেলুৱৈ আছিল আৰু তেওঁ শোণিতপুৰ জিলা দলৰ হৈ ভালেকেখন প্ৰতিযোগিতাতো অংশ লৈছিল৷ দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক পাঠ্যক্ৰম সমাপ্ত কৰি তেওঁ ব্যক্তিগত প্ৰতিষ্ঠানত কিছুদিন জীৱিকা নিৰ্বাহ কৰাৰ পাছত ১৯৯২ত তেজপুৰ পৌৰসভাত এক নম্বৰ পৌৰখণ্ডৰ পৌৰসদস্য হিচাপে ১৯৯৬লৈ কাৰ্যনিৰ্বাহ কৰিছিল৷এক ৰাজহুৱা জীৱন অতিবাহিত কৰা দে’ই…
তেজপুৰৰ জনপ্ৰিয় নাট্য আৰু সত্ৰীয়া শিল্পী প্ৰহ্লাদ (ৰাতুল) মহন্তৰ দেহাৱসান
শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৬ নবেম্বৰ: তেজপুৰ চহৰৰ ইন্দিৰা নগৰৰ অতি সৰবৰহী অভিনয়, ভাওনা আৰু সত্ৰীয়া শিল্পী প্ৰহ্লাদ মহন্ত অৰ্থাৎ সকলোৰে মাজত পৰিচিত ৰাতুল মহন্তৰ আজি পুৱা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে। অসম গোসাঁই সমাজৰ ৰাজ্যিক উপসভাপতিৰ দায়িত্বত থকাৰ লগতে অসম সত্ৰ মহাসভাৰ শোণিতপুৰ জিলা সমিতিৰ বিত্ত সম্পাদক হিচাপে মৃত্যু পৰ্যন্ত নিষ্ঠাৰে জড়িত থকা মহন্ত দীৰ্ঘদিন ধৰি শাৰীৰিক ভাৱে অসুস্থ হৈ থকাত পৰহি শৰীৰত ছডিয়ামৰ পৰিমাণ হঠাৎ হ্ৰাস পোৱাত শৰীৰৰ দ্ৰুত অৱনতি…
তেজপুৰৰ বিদ্যালয়ত অভিনেতা অনিল কাপুৰ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৬নৱেম্বৰ: তেজপুৰৰ বায়ুসেনা চৌহদত চলা বলিউডৰ ছবি ফাইটাৰৰ দৃশ্যগ্ৰহণৰ কাম অন্ত পৰিছে৷ আঢ়ৈশ কোটি টকা ব্যয়ৰে নিৰ্মীয়মাণ ছবিখনৰ তেজপুৰত দৃশ্যগ্ৰহণৰ কাম যোৱা প্ৰায় ১০দিন ধৰি চলিছিল৷উল্লেখযোগ্য যে,আকাশ মাৰ্গত যুজাৰু বিমানৰ মুখামুখি যুদ্ধৰ কাহিনীৰে নিৰ্মিত দেশৰ প্ৰথমখন ছবি হিচাপে অভিহিত সিদ্ধাৰ্থ আনন্দ পৰিচালিত ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে যোৱা ১৪নৱেম্বৰত তেজপুৰত উপস্থিত হৈছিলহি ছবিখনত যুজাৰু বিমানৰ পাইলটৰ ভূমিকাত অৱতীৰ্ণ হোৱা নায়ক হৃত্বিক ৰোশন৷ ইয়াৰ দুদিন পাছতে ছবিখনৰ নায়িকা দীপিকা পাডুকন আৰু আনএক গুৰুত্বপূৰ্ণ…
