Browsing Category

অসম

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমালোচক ফেডাৰেচনৰ সদস্য নিৰ্বাচিত অসমৰ দুগৰাকী চলচ্চিত্ৰ সমালোচক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ নৱেম্বৰ : অসমৰ দুগৰাকী প্ৰখ্যাত চলচ্চিত্ৰ সমালোচক— প্ৰাঞ্জল বৰা আৰু অপৰাজিতা পূজাৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমালোচক ফেডাৰেচন (FIPRESCI)ৰ ভাৰত অধ্যায় (India Chapter)ৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে। শিৱসাগৰৰ দিখৌমুখ মহাবিদ্যালয়ত ইংৰাজী বিভাগত অধ্যাপনা কৰা প্ৰাঞ্জল বৰা যোৰহাটস্থিত অসম চলচ্চিত্ৰ সমিতিৰ যুটীয়া সম্পাদক আৰু অসমৰ চলচ্চিত্ৰ সমাজ আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত। তেওঁ ২০১৮ চনত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ে প্ৰদান কৰা শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা লাভ কৰাৰ লগতে ২০১৭ চনত…

বিশিষ্ট শিক্ষাবিদ অধ্যাপক কিশোৰী মোহন পাঠক আৰু সংস্কৃতিবিদ অধ্যাপক বীৰেন্দ্ৰনাথ দত্তলৈ বিশেষ সম্বৰ্ধনা

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৫ নৱেম্বৰ : তেজপুৰ বিশ্ববিদ্যালয়ে অসমৰ সাহিত্য-সংস্কৃতি-শৈক্ষিক জগতলৈ অসামান্য অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকললৈ তেওঁলোকৰ জীৱনজোৰা অৱদানৰ স্বীকৃতি স্বৰূপে সম্বৰ্ধনা জ্ঞাপনৰ এলানি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ যি কাৰ্যসূচীৰ অংশ হিচাপে বিগত সময়ছোৱাত জ্ঞানপীঠ প্ৰাপক বিশিষ্ট কবি নীলমণি ফুকন আৰু প্ৰথিতযশা চিন্তাবিদ অধ্যাপক নগেন শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সৃষ্টিৰাজিৰ সংৰক্ষণ, প্ৰচাৰ আৰু অনুবাদৰ হেতু কেইবাটাও প্ৰকল্প গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে৷ এই কাৰ্যসূচীৰ অংশ হিচাপে আজি তেজপুৰ…

লখিমপুৰত পৌৰ নিকায় কৰ্মচাৰীৰ কৰ্মবিৰতি পালন

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৫ নৱেম্বৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে আজি লখিমপুৰতো পৌৰ নিকায় কৰ্মচাৰীসকলে কৰ্মবিৰতি পালনেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ পূৰ্বে ১৭ নৱেম্বৰৰ পৰা প্ৰথম পৰ্যায়ত এনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছত আজি দ্বিতীয় পৰ্যায়ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে৷ উল্লেখ্য যে পৌৰ নিকায় কৰ্মচাৰীসকলে তেওঁলোকৰ বিগত ৬ মাহৰ পৰা ৩৭ মাহ অনাদায় দৰমহা শীঘ্ৰে মুকলি কৰি দিয়া, মাহৰ শেষত কৰ্মচাৰীসকলৰ দৰমহা আদায় নিশ্চিত কৰাকে ধৰি দাবীৰ সন্দৰ্ভত এনেদৰে পৌৰ নিকায় কৰ্মচাৰী সন্থাই আন্দোলনৰ পথ বাছি লৈছে৷ সেই মৰ্মে…

লখিমপুৰত দুই অৰুণাচলীৰ পৰা ৩ লাখ টকা লুটঃ গ্ৰেপ্তাৰ- ২

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৫ নৱেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবঞ্চকে বহু লোকক প্ৰবঞ্চনাৰে লাখ লাখ টকা লুটি অহাৰ সময়তে লখিমপুৰতো বৃহস্পতিবাৰে তেনে এক ঘটনা সংঘটিত হয়৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ দুই দম্পতীৰ পৰা এক দুষ্ট চক্ৰই ৩ লাখ টকা লুটি নিয়াৰ পিছত আৰক্ষীয়ে এই সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে৷ আজি লখিমপুৰ আৰক্ষীৰ পৰা এই সন্দৰ্ভত জানিব পৰা অনুসৰি কালি অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ বাছাৰৰ চিমতে ইয়ন্দে ৰিবা নামৰ লোকজনে পত্নীসহ লখিমপুৰৰ নিৰ্মীয়মান বাইপাছত এখন ইনভা গাড়ীত (এ এছ ০১ এল চি ৭৭৩৩) উঠি লখিমপুৰ নগৰত…

Lachit Borphukan – Assam’s Hero who Halted the Mughals শীৰ্ষক গ্ৰন্থ উন্মোচন প্ৰধানমন্ত্ৰীৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : আজি নতুন দিল্লীত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ বছৰজোৰা উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰে গ্ৰন্থ— Lachit Borphukan - Assam's Hero who Halted the Mughals। নিজৰ ভাষণ প্ৰধানমন্ত্ৰীয়ে বীৰ লাচিতৰ দৰে সাহসী পুত্ৰ প্ৰদান কৰা অসমৰ ভূমিৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰি আৰম্ভ কৰে— "আমি বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম বাৰ্ষিকীত প্ৰণাম জনাইছোঁ। অসম ৰক্ষাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।" প্ৰধানমন্ত্ৰীয়ে আৰু…

সেনাৰ পৰা প্ৰশিক্ষণ লৈছে অসম আৰক্ষী কমাণ্ডোৱে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : অসম আৰক্ষীৰ নতুনকৈ নিযুক্তি পোৱা কমাণ্ডোসকলক সেনাই উন্নত সামৰ্থ্য বিকাশ আৰু নিৰাপত্তা বাহিনীৰ মাজত অধিক সহযোগিতাৰ বাবে প্ৰশিক্ষণ দিছে বুলি প্ৰতিৰক্ষাৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়ে। যোৱা ২১ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে অসম আৰু মেঘালয়ৰ ৭টা স্থানত এই ৪০দিনীয়া প্ৰশিক্ষণ। “প্ৰশিক্ষণ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব– বেচিক পৰ্যায় আৰু এডভান্সড পৰ্যায়। মৌলিক সামৰিক প্ৰশিক্ষণৰ কেন্দ্ৰবিন্দু হ’ব প্ৰশিক্ষাৰ্থীসকলক মানসিক আৰু শাৰীৰিক দুয়োটা দিশতে শক্তিশালী কৰা। অগ্ৰিম সামৰিক প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থীসকলক…

বিদ্যুতৰ শুল্ক প্ৰতি ইউনিটত ৭৯ পইচালৈ বৃদ্ধি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডে ৰাজ্যত বিদ্যুতৰ শুল্ক প্ৰতি ইউনিটত ৭৯ পইচালৈ বৃদ্ধি কৰিছে। অসমত এই নতুন বিদ্যুৎ শুল্ক ২০২২ চনৰ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰীলৈকে তিনি মাহৰ বাবে প্ৰযোজ্য হ’ব।অসমত বৰ্তমান বিদ্যুৎ শুল্ক প্ৰতি ইউনিটত ৩০ পইচা। এপিডিচিএলে ২৫ নৱেম্বৰত জাৰি কৰা এক জাননীৰ জৰিয়তে এই বৃদ্ধিৰ বিষয়ে অৱগত কৰে। এপিডিচিএলৰ জাননীখনত এনেদৰে লিখা আছিল— “সকলো বিদ্যুৎ গ্ৰাহকৰ তথ্যৰ বাবেই এ ই আৰ চি (ইন্ধন আৰু শক্তি ক্ৰয় মূল্য সালসলনি) নিয়মাৱলী, ২০১০ৰ ভিত্তিত ইন্ধন আৰু শক্তি ক্ৰয়…

লাচিতৰ দৰে সন্তান আমাৰ অহৰহ প্ৰেৰণা : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : ২৫ নৱেম্বৰ শুকুৰবাৰে লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিৰ দিনটোতে তেওঁ দিল্লীৰ বিজ্ঞান ভৱনত লাচিত বৰফুকনৰ বিষয়ে আয়োজিত প্ৰদৰ্শনীও পৰিদৰ্শন কৰে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়— "অসমৰ মহান ভূমিক প্ৰণাম জনাইছোঁ। এই মাটিয়ে ভাৰত মাতৃক লাচিতৰ দৰে বীৰ সন্তান দিছে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পোৱাটো মোৰ সৌভাগ্যৰ কথা। এই উপলক্ষে অসমবাসীৰ লগতে সকলো দেশবাসীলৈ মোৰ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।"…

তেজপুৰত বনৰীয়া গাহৰিৰ বাবে পতা বৈদ্যুতিক ফান্দত বিদ্যুৎস্পৃষ্ট হৈ পোহনীয়া ম’হ আৰু ষাড় নিহত

শতাব্দ প্ৰতিনিধি,তেজপুৰ, ২৪ নৱেম্বৰঃ তেজপুৰত বনৰীয়া গাহৰিৰ উপদ্ৰৱৰ বিপৰীতে বনৰীয়া গাহৰিৰ বাবে পতা বৈদ্যুতিক ফান্দত লাগি দুটাকৈ পোহনীয়া ম’হ আৰু এটা ষাড় নিহত হোৱাৰ এক শোকাবহ ঘটনা সংঘটিত হৈছে৷ উল্লেখযোগ্য যে,তেজপুৰৰ বেছেৰীয়া আলিপাৰত দীৰ্ঘদিনৰ পৰাই বনৰীয়া গাহৰিয়ে উপদ্ৰৱ চলাই আহিছে৷ বৰ্তমান বনৰীয়া গাহৰিৰ সংখ্যা দিনকদিনে বৃদ্ধি পাই অহাত অঞ্চলটোত কৃষি পথাৰত গাহৰিৰ উপদ্ৰৱ বৃদ্ধি পাইছে৷ আনহাতে জন্তুবিধৰ মঙহৰ বাবে চোৰাংচিকাৰো হোৱাৰ অভিযোগ উঠি অহাৰ মাজতে ইয়াত হাকোটাৰে বিদ্যুৎ সংযোগ কৰি অচিনাক্ত দুৰ্বৃত্তই পতা ফান্দত স্হানীয় কৃষক হৰেন…

লখিমপুৰৰ মাঘনোৱাত মূৰ্তি উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ নৱেম্বৰঃ লখিমপুৰ জিলাৰ ঐতিহ্যমণ্ডিত মাঘনোৱা দ'লৰ সমীপৰ এখন পথাৰত অলপতে কমল বৰা নামৰ এজন লোকে গৰু এৰাল দিবলৈ যাওতে পথাৰৰ বোকাত আধা পোত খাই থকা অৱস্থাত এই মূৰ্তিেটা উদ্ধাৰ কৰি আনি নিজ গৃহৰ গোসাই ঘৰত ৰাখে। এই খবৰ লাভ কৰি প্ৰত্নতত্ব বিভাগৰ লোক ইতিমধ্যে লোকজনৰ গৃহত উপস্থিত হৈ পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখিছে। মূৰ্তিটো দেখাত বৈষ্ণৱ পণ্ডিত যেন অনুমান হয় যদিও বিভাগীয় পৰীক্ষাৰ অন্ততহে নিশ্চিত হব পৰা যাব।