Browsing Category
অসম
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত সংবিধান দিৱস পালন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, লখিমপুৰ, ২৬ নৱেম্বৰ : আজি ২৬ নৱেম্বৰ শনিবাৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ভাৰতীয় সংবিধানত সন্নিৱিষ্ট নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ আহ্বানেৰে সংবিধান দিৱস পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগ আৰু এন এছ এছ শাখাৰ সহযোগত নেহৰু যুৱ কেন্দ্ৰ-উত্তৰ লখিমপুৰে এখন সভা আয়োজন কৰে। উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নেহৰু যুৱ কেন্দ্ৰ-উত্তৰ লখিমপুৰৰ জিলা যুৱ বিষয়া সুজাতা ভৌমিকে। সভাৰ আদৰণী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই। নিৰ্দিষ্ট বক্তা হিচাপে উত্তৰ লখিমপুৰ উকীল…
লখিমপুৰৰ সোৱণশিৰি নদীৰ ঘাগৰ ঘাটত প্ৰতিবাদী জনতাৰ বিক্ষোভ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ নৱেম্বৰঃ লখিমপুৰৰ পৰা ঘূনাসুঁতি হৈ ঢকুৱাখনা সংযোগী পথৰ সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা পকী দলঙৰ মূল সংযোগী পথ ঘূনাসুঁতিৰ মাজেৰে যোৱা পুৰণি ঢকুৱাখনা পথটোতে নিৰ্মাণ কৰিবলৈ দাবী জনাই আজি মহাইজান ঘাগৰ ঘাটত কেইবাশ লােকে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ঢকুৱাখনা পথ উন্নয়ন সমিতিৰ উদ্যোগত পূৰ্বাঞ্চলবাসীৰ সহযোগত আজি অনুষ্ঠিত বিশাল গণ সমাৱেশত বৃহত্তৰ অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলে পুৰণি ঢকুৱাখনা পথতে লখিমপুৰ-ঘূনাসুঁতি সংযোগ দলংখন নিৰ্মাণ কৰাৰ দাবী জনোৱাৰ লগতে পুৰণি ঢকুৱাখনা পথটোৰ উন্নয়নৰ দাবী জনায়৷…
জামুগুৰিহাটত বাঘৰ সন্ত্ৰাস
জামুগুৰিহাট, ২৬ নৱেম্বৰ : বনৰীয়া হাতীৰ পিছত জামুগুৰিহাটত এইবাৰ বাঘৰ আতংক। জামুগুৰিহাটৰ পশ্চিমাঞ্চলত বাঘৰ আতংকত এতিয়া ক্ৰস্তমান গাঁওবাসী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা বাঘে জামুগুৰিহাটৰ পাণপুৰত নিধন কৰিছে কেইবাটাও গৰু। সন্ধিয়াৰ ভাগত বনৰজাই অঞ্চলটোত বিচৰণ কৰাৰ কথা জানিবলৈ দিছে স্থানীয় ৰাইজে। ৰাইজে জানিবলৈ দিয়া মতে বাঘৰ আক্ৰমণত এতিয়ালৈকে অঞ্চলটোত কেইবাটাও গৰু আৰু ম'হৰ মৃত্যু হৈছে । বনৰজাৰ বিচৰণৰ আতংকত ভোগা অঞ্চলটোৰ ৰাইজ এতিয়া সন্ধিয়া হোৱাৰ লগে লগে ঘৰৰ ভিতৰত সোমাই থাকিবলৈ বাধ্য হৈছে। বাঘে অঞ্চলটোৰ ধাননি…
তেজপুৰ বৰঝাৰ গাঁৱত কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ শুভ উদ্বোধন
শতাব্দ প্ৰতিনিধি তেজপুৰ ২৬ নবেম্বৰঃ শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত আৰু IRRI, OPIU ( Operational project implementation unit) -AGRI, Ghy ৰ সহযোগত তেজপুৰৰ বৰঝাৰ গাঁৱৰ শইকীয়া চুবুৰীত মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় । তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই কৃষিখণ্ডত সংযোগ কৰা শেহতীয়া প্ৰযুক্তি মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ জৰিয়তে নিজেই কৃষকৰ পথাৰত ধান কাটি এই প্ৰযুক্তিৰ সুবিধা ল’বলৈ কৃষকসকলক উৎসাহিত কৰে। জিলা কৃষি বিষয়া পংকজ শইকীয়া আঁত ধৰা অনুষ্ঠানটোত IRRI ৰ বিশেষজ্ঞ বিবেক কুমাৰে মিনি কমাইণ্ড…
মেঘালয়লৈ অসমৰ লোকক নাযাবলৈ আৰক্ষীৰ পৰামৰ্শ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ নৱেম্বৰ : আন্তঃৰাজ্যিক সীমান্তৰ বিবাদিত এলেকাত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ফলত ছজন লোকৰ মৃত্যু হোৱাৰ পাছত ২৬ নৱেম্বৰ শনিবাৰেও একেৰাহে পঞ্চম দিনৰ বাবে মেঘালয়লৈ অসমৰ মানুহ আৰু ব্যক্তিগত যান-বাহনৰ চলাচলত বাধা অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আনহাতে, মেঘালয়ে আজি পুৱা ১০.৩০ বজাৰ পৰা আৰু ৪৮ ঘণ্টাৰ বাবে ক্ষতিগ্ৰস্ত ৭খন জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সময়সীমা বৃদ্ধি কৰিছে। ক্ষতিগ্ৰস্ত মেঘালয়ৰ জিলাসমূহৰ আইন-শৃংখলাৰ পৰিস্থিতি অৱশ্যে লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। দোকান-পোহাৰ আৰু…
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনিত পৰিব পৰা প্ৰভাৱ লাঘৱ কৰিবলৈ আবণ্টিত ৪৭০ কোটি টকা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ নৱেম্বৰ : ২০০০ মেগাৱাট শক্তিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনিৰ ফালে পৰিবপৰা প্ৰভাৱ লাঘৱ কৰিবলৈ যুটীয়া পৰিচালনা সমিতিৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰই ৪৭০ কোটি টকাৰ উন্নয়নৰ পেকেজত অনুমোদন জনাইছে। এন এইচ পি চিৰ এক বিবৃতিত কোৱা হৈছে যে, মুঠ অনুমোদিত ধনৰ ভিতৰত ১৪৫ কোটি টকা নামনিৰ ফালে সোৱণশিৰি নদীৰ পাৰ সুৰক্ষা আৰু খহনীয়া নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ বাবে ৩০ কিলোমিটাৰ তললৈ, ৩২০ কোটি টকা নামনিৰ অঞ্চলৰ উন্নয়নমূলক কামৰ বাবে আৰু ৫ কোটি টকা সামাজিক সজাগতা আৰু গণ জাগৰণ কাৰ্যসূচীৰ বাবে আবণ্টিত হৈছে। বিবৃতিটোত আৰু…
আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমালোচক ফেডাৰেচনৰ সদস্য নিৰ্বাচিত অসমৰ দুগৰাকী চলচ্চিত্ৰ সমালোচক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ নৱেম্বৰ : অসমৰ দুগৰাকী প্ৰখ্যাত চলচ্চিত্ৰ সমালোচক— প্ৰাঞ্জল বৰা আৰু অপৰাজিতা পূজাৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমালোচক ফেডাৰেচন (FIPRESCI)ৰ ভাৰত অধ্যায় (India Chapter)ৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে। শিৱসাগৰৰ দিখৌমুখ মহাবিদ্যালয়ত ইংৰাজী বিভাগত অধ্যাপনা কৰা প্ৰাঞ্জল বৰা যোৰহাটস্থিত অসম চলচ্চিত্ৰ সমিতিৰ যুটীয়া সম্পাদক আৰু অসমৰ চলচ্চিত্ৰ সমাজ আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত। তেওঁ ২০১৮ চনত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ে প্ৰদান কৰা শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা লাভ কৰাৰ লগতে ২০১৭ চনত…
বিশিষ্ট শিক্ষাবিদ অধ্যাপক কিশোৰী মোহন পাঠক আৰু সংস্কৃতিবিদ অধ্যাপক বীৰেন্দ্ৰনাথ দত্তলৈ বিশেষ সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৫ নৱেম্বৰ : তেজপুৰ বিশ্ববিদ্যালয়ে অসমৰ সাহিত্য-সংস্কৃতি-শৈক্ষিক জগতলৈ অসামান্য অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকললৈ তেওঁলোকৰ জীৱনজোৰা অৱদানৰ স্বীকৃতি স্বৰূপে সম্বৰ্ধনা জ্ঞাপনৰ এলানি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ যি কাৰ্যসূচীৰ অংশ হিচাপে বিগত সময়ছোৱাত জ্ঞানপীঠ প্ৰাপক বিশিষ্ট কবি নীলমণি ফুকন আৰু প্ৰথিতযশা চিন্তাবিদ অধ্যাপক নগেন শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সৃষ্টিৰাজিৰ সংৰক্ষণ, প্ৰচাৰ আৰু অনুবাদৰ হেতু কেইবাটাও প্ৰকল্প গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে৷ এই কাৰ্যসূচীৰ অংশ হিচাপে আজি তেজপুৰ…
লখিমপুৰত পৌৰ নিকায় কৰ্মচাৰীৰ কৰ্মবিৰতি পালন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ নৱেম্বৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে আজি লখিমপুৰতো পৌৰ নিকায় কৰ্মচাৰীসকলে কৰ্মবিৰতি পালনেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ পূৰ্বে ১৭ নৱেম্বৰৰ পৰা প্ৰথম পৰ্যায়ত এনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছত আজি দ্বিতীয় পৰ্যায়ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে৷ উল্লেখ্য যে পৌৰ নিকায় কৰ্মচাৰীসকলে তেওঁলোকৰ বিগত ৬ মাহৰ পৰা ৩৭ মাহ অনাদায় দৰমহা শীঘ্ৰে মুকলি কৰি দিয়া, মাহৰ শেষত কৰ্মচাৰীসকলৰ দৰমহা আদায় নিশ্চিত কৰাকে ধৰি দাবীৰ সন্দৰ্ভত এনেদৰে পৌৰ নিকায় কৰ্মচাৰী সন্থাই আন্দোলনৰ পথ বাছি লৈছে৷ সেই মৰ্মে…
লখিমপুৰত দুই অৰুণাচলীৰ পৰা ৩ লাখ টকা লুটঃ গ্ৰেপ্তাৰ- ২
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ নৱেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবঞ্চকে বহু লোকক প্ৰবঞ্চনাৰে লাখ লাখ টকা লুটি অহাৰ সময়তে লখিমপুৰতো বৃহস্পতিবাৰে তেনে এক ঘটনা সংঘটিত হয়৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ দুই দম্পতীৰ পৰা এক দুষ্ট চক্ৰই ৩ লাখ টকা লুটি নিয়াৰ পিছত আৰক্ষীয়ে এই সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে৷ আজি লখিমপুৰ আৰক্ষীৰ পৰা এই সন্দৰ্ভত জানিব পৰা অনুসৰি কালি অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ বাছাৰৰ চিমতে ইয়ন্দে ৰিবা নামৰ লোকজনে পত্নীসহ লখিমপুৰৰ নিৰ্মীয়মান বাইপাছত এখন ইনভা গাড়ীত (এ এছ ০১ এল চি ৭৭৩৩) উঠি লখিমপুৰ নগৰত…
