Browsing Category
অসম
Lachit Borphukan – Assam’s Hero who Halted the Mughals শীৰ্ষক গ্ৰন্থ উন্মোচন প্ৰধানমন্ত্ৰীৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : আজি নতুন দিল্লীত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ বছৰজোৰা উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰে গ্ৰন্থ— Lachit Borphukan - Assam's Hero who Halted the Mughals। নিজৰ ভাষণ প্ৰধানমন্ত্ৰীয়ে বীৰ লাচিতৰ দৰে সাহসী পুত্ৰ প্ৰদান কৰা অসমৰ ভূমিৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰি আৰম্ভ কৰে— "আমি বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম বাৰ্ষিকীত প্ৰণাম জনাইছোঁ। অসম ৰক্ষাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।" প্ৰধানমন্ত্ৰীয়ে আৰু…
সেনাৰ পৰা প্ৰশিক্ষণ লৈছে অসম আৰক্ষী কমাণ্ডোৱে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : অসম আৰক্ষীৰ নতুনকৈ নিযুক্তি পোৱা কমাণ্ডোসকলক সেনাই উন্নত সামৰ্থ্য বিকাশ আৰু নিৰাপত্তা বাহিনীৰ মাজত অধিক সহযোগিতাৰ বাবে প্ৰশিক্ষণ দিছে বুলি প্ৰতিৰক্ষাৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়ে। যোৱা ২১ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে অসম আৰু মেঘালয়ৰ ৭টা স্থানত এই ৪০দিনীয়া প্ৰশিক্ষণ। “প্ৰশিক্ষণ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব– বেচিক পৰ্যায় আৰু এডভান্সড পৰ্যায়। মৌলিক সামৰিক প্ৰশিক্ষণৰ কেন্দ্ৰবিন্দু হ’ব প্ৰশিক্ষাৰ্থীসকলক মানসিক আৰু শাৰীৰিক দুয়োটা দিশতে শক্তিশালী কৰা। অগ্ৰিম সামৰিক প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থীসকলক…
বিদ্যুতৰ শুল্ক প্ৰতি ইউনিটত ৭৯ পইচালৈ বৃদ্ধি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডে ৰাজ্যত বিদ্যুতৰ শুল্ক প্ৰতি ইউনিটত ৭৯ পইচালৈ বৃদ্ধি কৰিছে। অসমত এই নতুন বিদ্যুৎ শুল্ক ২০২২ চনৰ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰীলৈকে তিনি মাহৰ বাবে প্ৰযোজ্য হ’ব।অসমত বৰ্তমান বিদ্যুৎ শুল্ক প্ৰতি ইউনিটত ৩০ পইচা। এপিডিচিএলে ২৫ নৱেম্বৰত জাৰি কৰা এক জাননীৰ জৰিয়তে এই বৃদ্ধিৰ বিষয়ে অৱগত কৰে। এপিডিচিএলৰ জাননীখনত এনেদৰে লিখা আছিল— “সকলো বিদ্যুৎ গ্ৰাহকৰ তথ্যৰ বাবেই এ ই আৰ চি (ইন্ধন আৰু শক্তি ক্ৰয় মূল্য সালসলনি) নিয়মাৱলী, ২০১০ৰ ভিত্তিত ইন্ধন আৰু শক্তি ক্ৰয়…
লাচিতৰ দৰে সন্তান আমাৰ অহৰহ প্ৰেৰণা : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : ২৫ নৱেম্বৰ শুকুৰবাৰে লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিৰ দিনটোতে তেওঁ দিল্লীৰ বিজ্ঞান ভৱনত লাচিত বৰফুকনৰ বিষয়ে আয়োজিত প্ৰদৰ্শনীও পৰিদৰ্শন কৰে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়— "অসমৰ মহান ভূমিক প্ৰণাম জনাইছোঁ। এই মাটিয়ে ভাৰত মাতৃক লাচিতৰ দৰে বীৰ সন্তান দিছে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পোৱাটো মোৰ সৌভাগ্যৰ কথা। এই উপলক্ষে অসমবাসীৰ লগতে সকলো দেশবাসীলৈ মোৰ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।"…
তেজপুৰত বনৰীয়া গাহৰিৰ বাবে পতা বৈদ্যুতিক ফান্দত বিদ্যুৎস্পৃষ্ট হৈ পোহনীয়া ম’হ আৰু ষাড় নিহত
শতাব্দ প্ৰতিনিধি,তেজপুৰ, ২৪ নৱেম্বৰঃ তেজপুৰত বনৰীয়া গাহৰিৰ উপদ্ৰৱৰ বিপৰীতে বনৰীয়া গাহৰিৰ বাবে পতা বৈদ্যুতিক ফান্দত লাগি দুটাকৈ পোহনীয়া ম’হ আৰু এটা ষাড় নিহত হোৱাৰ এক শোকাবহ ঘটনা সংঘটিত হৈছে৷ উল্লেখযোগ্য যে,তেজপুৰৰ বেছেৰীয়া আলিপাৰত দীৰ্ঘদিনৰ পৰাই বনৰীয়া গাহৰিয়ে উপদ্ৰৱ চলাই আহিছে৷ বৰ্তমান বনৰীয়া গাহৰিৰ সংখ্যা দিনকদিনে বৃদ্ধি পাই অহাত অঞ্চলটোত কৃষি পথাৰত গাহৰিৰ উপদ্ৰৱ বৃদ্ধি পাইছে৷ আনহাতে জন্তুবিধৰ মঙহৰ বাবে চোৰাংচিকাৰো হোৱাৰ অভিযোগ উঠি অহাৰ মাজতে ইয়াত হাকোটাৰে বিদ্যুৎ সংযোগ কৰি অচিনাক্ত দুৰ্বৃত্তই পতা ফান্দত স্হানীয় কৃষক হৰেন…
লখিমপুৰৰ মাঘনোৱাত মূৰ্তি উদ্ধাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ নৱেম্বৰঃ লখিমপুৰ জিলাৰ ঐতিহ্যমণ্ডিত মাঘনোৱা দ'লৰ সমীপৰ এখন পথাৰত অলপতে কমল বৰা নামৰ এজন লোকে গৰু এৰাল দিবলৈ যাওতে পথাৰৰ বোকাত আধা পোত খাই থকা অৱস্থাত এই মূৰ্তিেটা উদ্ধাৰ কৰি আনি নিজ গৃহৰ গোসাই ঘৰত ৰাখে। এই খবৰ লাভ কৰি প্ৰত্নতত্ব বিভাগৰ লোক ইতিমধ্যে লোকজনৰ গৃহত উপস্থিত হৈ পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখিছে। মূৰ্তিটো দেখাত বৈষ্ণৱ পণ্ডিত যেন অনুমান হয় যদিও বিভাগীয় পৰীক্ষাৰ অন্ততহে নিশ্চিত হব পৰা যাব।
সাংবাদিকক আক্ৰমণকাৰীক গ্ৰেপ্তাৰ জিনজিয়া আৰক্ষীৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৪ নৱেম্বৰঃ বিহালী সমষ্টিৰ জিনজিয়া আৰক্ষী থানা অন্তৰ্গত বাঘমাৰীত কালি সন্ধ্যা প্ৰায় ৬ বজাত সাংবাদিক শ্ৰীমন্ত দাসক আক্ৰমণ কৰাৰ লগতে তেওঁৰ বাহনখনৰো ক্ষতি সাধন কৰে দুৰ্বৃত্তই।এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে ঘটনা লগত জড়িত এটা দুৰ্বৃত্তক আজি বিয়লি ৪ মান বজাত জিনজিয়া আৰক্ষীয়ে বাঘমাৰী দৈনিক বজাৰ পৰা খেদি খেদি আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীক দেখা পাই পলায়নৰ চেষ্টা কৰিছিল যদিও বিফল হ'ল সাংবাদিক আক্ৰমণকাৰী হাকিমুদ্দিন আলি। উল্লেখযোগ্য যে সাংবাদিক আক্ৰমণ কৰা মূল নায়ক…
অসম সাহিত্য সভাৰ আজীৱন সদস্য, শিক্ষাবিদ হৰেণ কুমাৰ বৰাৰ মৃত্যুত শোক
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৪ নৱেম্বৰঃ অসম সাহিত্য সভাৰ আজীৱন সদস্য, লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞানৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট সমাজসেৱক হৰেণ কুমাৰ বৰাৰ যোৱা ২২ নৱেম্বৰত মৃত্যু হয়৷ তেওঁৰ মৃত্যুত লখিমপুৰত গভীৰ শোকৰ ছা পৰিছে৷ বৃক্কজনিত ৰোগত যোৱা ২২ নৱেম্বৰত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বৰাৰ মৃত্যু হয়৷ উত্তৰ লখিমপুৰ নগৰৰ নিচেই সমীপৱৰ্তী মাউতৰচুকৰ নিবাসী হৰেণ বৰা কেৱল শিক্ষাবিদেই নাছিল৷ তেওঁ সাহিত্যসভাৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত থকাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানক আগবঢ়াই…
তিনিচুকীয়াত সুন্দৰবনৰ সুন্দৰী পুলি ৰোপণেৰে বীৰ লাচিতক স্মৰণ পৰিৱেশ সুৰক্ষা সমিতিৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৪ নৱেম্বৰ : বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি আজি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগণত পৰিৱেশ সুৰক্ষা সমিতি নামৰ সংগঠনটোৱে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী বৰ্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালন কাৰ্য্যসূচীৰ অন্তৰ্গত বৃক্ষৰোপণ কাৰ্য্যসূচী গ্ৰহণ কৰে ৷ উল্লেখ্য, এই সাংস্কৃতিক প্ৰকল্পত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোহাঁইৰ অনুমতি সাপেক্ষে যোৱা ডেৰবছৰ ধৰি পৰিৱেশ সুৰক্ষা সমিতিয়ে গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ কাম কৰি আহিছে ৷ পৰিৱেশ সুৰক্ষা সমিতিৰ…
