Browsing Category
অসম
সাংবাদিকক আক্ৰমণকাৰীক গ্ৰেপ্তাৰ জিনজিয়া আৰক্ষীৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৪ নৱেম্বৰঃ বিহালী সমষ্টিৰ জিনজিয়া আৰক্ষী থানা অন্তৰ্গত বাঘমাৰীত কালি সন্ধ্যা প্ৰায় ৬ বজাত সাংবাদিক শ্ৰীমন্ত দাসক আক্ৰমণ কৰাৰ লগতে তেওঁৰ বাহনখনৰো ক্ষতি সাধন কৰে দুৰ্বৃত্তই।এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে ঘটনা লগত জড়িত এটা দুৰ্বৃত্তক আজি বিয়লি ৪ মান বজাত জিনজিয়া আৰক্ষীয়ে বাঘমাৰী দৈনিক বজাৰ পৰা খেদি খেদি আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীক দেখা পাই পলায়নৰ চেষ্টা কৰিছিল যদিও বিফল হ'ল সাংবাদিক আক্ৰমণকাৰী হাকিমুদ্দিন আলি। উল্লেখযোগ্য যে সাংবাদিক আক্ৰমণ কৰা মূল নায়ক…
অসম সাহিত্য সভাৰ আজীৱন সদস্য, শিক্ষাবিদ হৰেণ কুমাৰ বৰাৰ মৃত্যুত শোক
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৪ নৱেম্বৰঃ অসম সাহিত্য সভাৰ আজীৱন সদস্য, লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞানৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট সমাজসেৱক হৰেণ কুমাৰ বৰাৰ যোৱা ২২ নৱেম্বৰত মৃত্যু হয়৷ তেওঁৰ মৃত্যুত লখিমপুৰত গভীৰ শোকৰ ছা পৰিছে৷ বৃক্কজনিত ৰোগত যোৱা ২২ নৱেম্বৰত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বৰাৰ মৃত্যু হয়৷ উত্তৰ লখিমপুৰ নগৰৰ নিচেই সমীপৱৰ্তী মাউতৰচুকৰ নিবাসী হৰেণ বৰা কেৱল শিক্ষাবিদেই নাছিল৷ তেওঁ সাহিত্যসভাৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত থকাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানক আগবঢ়াই…
তিনিচুকীয়াত সুন্দৰবনৰ সুন্দৰী পুলি ৰোপণেৰে বীৰ লাচিতক স্মৰণ পৰিৱেশ সুৰক্ষা সমিতিৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৪ নৱেম্বৰ : বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি আজি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগণত পৰিৱেশ সুৰক্ষা সমিতি নামৰ সংগঠনটোৱে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী বৰ্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালন কাৰ্য্যসূচীৰ অন্তৰ্গত বৃক্ষৰোপণ কাৰ্য্যসূচী গ্ৰহণ কৰে ৷ উল্লেখ্য, এই সাংস্কৃতিক প্ৰকল্পত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোহাঁইৰ অনুমতি সাপেক্ষে যোৱা ডেৰবছৰ ধৰি পৰিৱেশ সুৰক্ষা সমিতিয়ে গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ কাম কৰি আহিছে ৷ পৰিৱেশ সুৰক্ষা সমিতিৰ…
লখিমপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰ বীৰ লাচিতৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৪ নৱেম্বৰঃ জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে আজি লখিমপুৰৰ বিভিন্ন প্ৰান্তত লাচিত দিৱস উদযাপন কৰা হয়৷ তদুপলক্ষে আজি লখিমপুৰৰ ত্যাগক্ষেত্ৰত হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমৰ লগতে লখিমপুৰ জিলা সমিতি আৰু লখিমপুৰবাসী ৰাইজে কেন্দ্ৰীয় ভাৱে দুদিনীয়া কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন কৰে৷ ত্যাগক্ষেত্ৰত অনুষ্ঠিত আজিৰ এই কাৰ্যসূচীত হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য, সাধাৰণ সম্পাদক মাধৱ দাসৰ উপস্থিতিত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ ২৩ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত…
টাই আহোমৰ পৰম্পৰাগত “বান্ ফি” পূজাৰে লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি শোণিতপুৰ জিলা প্ৰশাসনৰঃ
অসমৰ প্ৰথমটো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শ্ৰদ্ধাঞ্জলি
তেজপুৰ নেহৰু ময়দানক লাচিত বাকৰি নামকৰণ কৰিবলৈ দাবীশতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৪ নবেম্বৰঃ অসম আৰু অসমীয়াৰ শৌৰ্য্য বীৰ্য্যৰ প্ৰতীক, মহাবীৰ লাচিত বৰফুকনৰ জন্মদিন অৰ্থাৎ ৪০০ বছৰীয়া জয়ন্তী উপলক্ষে আজি দিনটোৰ পুৱাই তেজপুৰৰ ঐতিহাসিক নেহৰু ময়দানৰ সন্মুখৰ অসমৰ প্ৰথমটো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে…
তেজপুৰ বিশ্ববিদ্যালয়ত লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে বক্তৃতানুষ্ঠান
তেজপুৰ ২৪ নৱেম্বৰঃ অসম চৰকাৰে আড়ম্বৰপূৰ্ণ ভাৱে আয়োজন কৰা মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগত আজি লাচিত দিৱসৰ দিনা এক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়৷ বিশ্ববিদ্যালয়ৰ কাউন্সিল হলত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মূল বক্তৃতা প্ৰদান কৰে, তেজপুৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰী সহযোগী অধ্যাপক ড॰ প্ৰাণজিৎ হাজৰিকাই৷ অনুষ্ঠানটোৰ আৰম্ভণি হয়, বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক বীৰেন দাসৰ আৰম্ভণী বক্তৃতাৰে৷ তেওঁ নিজৰ বক্তৃতাত এই অনুষ্ঠানটো আয়োজনৰ তাৎপৰ্য ব্যাখ্যা কৰে৷ উদ্বোধনী ভাষণ…
মেঘালয়ৰ বনদস্যুৰ ওচৰত অসম চৰকাৰৰ আত্মসমৰ্পণ-লুৰীণৰ ক্ষোভ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৩ নৱেম্বৰ : অসম-মেঘালয় সীমান্তৰ শেহতীয়া ঘটনাৰ সন্দৰ্ভত আজি তিনিচুকীয়াত সৰৱ হৈ পৰে অসম জাতীয় পৰিষদৰ (অজাপ) সভাপতি লুৰীণজ্যোতি গগৈ৷ তেওঁ কয় যে অসম আৰু মেঘালয়ৰ সীমা সমস্যা সমাধান হোৱা বুলি ৰাজ্য চৰকাৰে কোৱা কথা মিছা বুলি প্ৰমাণিত হ’ল ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কাষত লৈ অসম আৰু মেঘালয়ৰ ৭০ শতাংশ সীমা সমস্যা সমাধান হোৱা বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছিল যদিও অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আত্মসমৰ্পণ কৰি ৰাজ্যৰ ১৮.৫৬ কিলোমিটাৰ মাটি দি এই সীমা সমস্যা সমাধানৰ বাবে আগবাঢ়িছিল।…
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ মৃত্যুক লৈ উত্তেজনা
শতাব্দ প্ৰতিনিধি লখিমপুৰ ২৩ নৱেম্বৰঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এগৰাকী ৰোগীৰ মৃত্যুক লৈ আজি মহাবিদ্যালয় চৌহদত তীব্র উত্তেজনাৰ সৃষ্টি হয়। পৰিয়ালৰ অভিযোগ-- উপযুক্ত চিকিৎসাৰ অভাৱত ৰোগী হেম শইকীয়াৰ মৃত্যু হয় । চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰাৰ সময়ত কৰ্তব্যৰত নাৰ্চে চাহ খাবলৈ ধন বিচৰাৰ অভিযোগ কৰিছে ৰোগীৰ আত্মীয়ই আৰু চাহ খাবলৈ টকা নিদিয়াৰ বাবেই চিকিৎসা সেৱা নকৰিলে নাৰ্চে। ফলত তেঁওৰ মৃত্যু হ'ল। আনহাতে চিকিৎসালয়ত ৰোগীক হাতে ভৰিয়ে বান্ধি গৰু-ছাগলীৰ দৰে চিকিৎসা কৰাৰ অভিযোগ উত্থাপিত হৈছে । ইফালে চিকিৎসালয়খনৰ সন্দৰ্ভত…
লাচিত দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চুটি নাট মঞ্চস্থ
উত্তৰ লখিমপুৰ, ২৩ নৱেম্বৰঃ পানীগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লাচিত দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ লগতে চুটি নাট 'মাতে পকা ধানে ৰিঙিয়াই' মঞ্চস্থ কৰা হয়। অসমীয়া শিপিনীৰ গামোচা, পথাৰৰ সোণগুটি আদি কেইবাটাও দিশৰ ওপৰত ৰচিত নাটখনৰ ৰচনা আৰু পৰিচালনা কৰে বিদ্যালয়ৰ শিক্ষক ভৃগু প্ৰসাদ শৰ্মাই। নাটখনত অভিনয় কৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে প্ৰহ্লাদ মেধি, কংকনা দেৱী, কিৰনমনি দাস, ধ্ৰুৱজ্যোতি পাঠক, ভৃগু কুমাৰ হাজৰিকা, হৰেকৃষ্ণ দাস, বিমান জ্যোতি দাস, প্ৰাপ্তি বৰা, জোৎস্না বৰা, মায়াশ্ৰী শইকীয়া, পল্লবী কলিতা, পপী বৰুৱা আৰু বিভিন্ন দিশত…
