Browsing Category
অসম
তেজপুৰত অগ্নিকাণ্ড:তিনিটা বাসগৃহ ভস্মীভূত
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২২নৱেম্বৰ: তেজপুৰৰ পলফিল্ড বামুণগাঁৱত আজি নিশা সংঘটিত হোৱা অগ্নিকাণ্ডত তিনিটা বাসগৃহ ভস্মীভূত হয়৷ঘটনাৰ বিবৰণী অনুসৰি অঞ্চলটোৰ মীৰা তালুকদাৰৰ বাসগৃহত এই ঘটনাৰ সূত্ৰপাত হয়৷উল্লেখযোগ্য যে,নিশা প্ৰায় ৮-১০বজাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত তালুকদাৰৰ ৰান্ধনী গৃহৰ এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰিত হয় আৰু ইয়াৰ পাছতে কাষৰ আন তিনিটা বাসগৃহলৈও অগ্নি বিয়পি পৰে৷ ঘন জনবসতিপূৰ্ণ অঞ্চলটোত এই ঘটনাত এক হুৱাদুৱা লগা পৰিস্থিতিৰ উদ্ভৱ হয়৷পাছত ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম…
তিনিচুকীয়াত ভুৱা জাতিগত প্ৰমাণ-পত্ৰ দাখিল কৰি চাকৰি লাভ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ নৱেম্বৰ : নিবিড় কাকতি নামৰ এজন যুৱকে ভুৱা জাতিগত প্ৰমাণ-পত্ৰ দাখিল কৰি তিনিচুকীয়া মহাবিদ্যালয়ত কণিষ্ঠ সহায়কৰ চাকৰি লাভ কৰা বুলি উত্থাপিত অভিযোগ জিলা প্ৰশাসনৰ তদন্তত সত্য প্ৰমাণিত হৈছে ৷ নিবিড় কাকতিয়ে অনুসূচীত জাতিৰ ভুৱা প্ৰমাণ-পত্ৰৰে উক্ত চাকৰি পোৱা বুলি অভিযোগ উঠিছিল । উল্লেখ্য, তিনিচুকীয়া মহাবিদ্যালয়ে চলিত বৰ্ষৰ এপ্ৰিল মাহত চতুৰ্থ বৰ্গৰ পদৰ লগতে কেইবাটাও কণিষ্ঠ সহায়কৰ (গ্ৰেড-৩) পদৰ বাবে সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল । ইয়াৰে এটা কণিষ্ঠ সহায়কৰ পদ আছিল অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত ।…
তেজপুৰত হেৰইন আৰু আফিং সহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২২নৱেম্বৰঃ তেজপুৰত আজি আৰক্ষীয়ে চলোৱা অভিযানত এক ড্ৰাগছ সৰবৰাহকাৰীৰ উপৰি আফিং সহ আন এক সৰবৰাহকাৰীক কৰায়ত্ত কৰা হয়৷উল্লেখযোগ্য যে,তেজপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্টু বড়োৰ নেতৃত্বত তেজপুৰৰ ৰূপকুৰীয়া অঞ্চলৰ আনোৱাৰ হুছেইনৰ পুত্ৰ ৰাজিমূল হুছেইন(২৩)ক মুঠ ১০গ্ৰাম হেৰইন সহ গোটলুং অঞ্চলত কৰায়ত্ত কৰে আৰক্ষীয়ে৷উল্লেখযোগ্য যে,এএছ১২ৱাই ২২০৩নম্বৰ মটৰচাইকেলত প্লাষ্টিকৰ এটা চাবোনৰ বাকচত লুকুৱাই অনা হৈছিল এই হেৰইন৷ইপিনে আন এক অভিযানত তেজপুৰৰ শালনিবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শংকৰ দয়ালৰ নেতৃত্বত…
সোঁৱৰণী গ্ৰন্থৰে অক্লান্ত গ্ৰন্থপ্ৰেমী প্ৰয়াত গোলাপ বৰাক স্মৰণ তেজপুৰত
শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২২নৱেম্বৰঃ তেজপুৰত এগৰাকী বিশিষ্ট গ্ৰন্থপ্ৰেমীক আজি স্মৰণ কৰিলে বহুসংখ্যক গুণমুগ্ধই৷ উল্লেখযোগ্য যে তেজপুৰৰ মাজগাঁৱৰ পূৱ খৰাআটি নিবাসী তথা ঘোঁৰামাৰীৰ হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, শিক্ষাবিদ প্ৰয়াত গোলাপ বৰাৰ সোঁৱৰণত আজি উন্মোচন কৰা হয় অক্লান্ত গ্ৰন্থপ্ৰেমীৰ সোঁৱৰণ নামৰ গ্ৰন্থখন৷ আজি প্ৰয়াত শিক্ষাবিদ গৰাকীৰ বিয়োগৰ প্ৰথম বাৰ্ষিক তিথিত পূৱ খৰাআটিত বহু সংখ্যক লোকৰ উপস্থিতিত এই বিশেষ গ্ৰন্থখন উন্মোচন কৰাৰ লগতে এইগৰাকী স্থিতপ্ৰজ্ঞ ব্যক্তিৰ জীৱনৰ বহু দিশৰ লগতে তেওঁৰ গ্ৰন্থ সংগ্ৰহ তথা…
লখিমপুৰত দুদিনীয়াকৈ লাচিত দিৱস
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ নৱেম্বৰঃ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী লাচিত দিৱসটি এইবাৰ লখিমপুৰৰ ত্যাগক্ষেত্ৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত কৰা হৈছে৷ হিন্দু যুৱ ছাত্ৰ পৰিষদ, লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু লখিমপুৰবাসী ৰাইজৰ সহযোগত ২৩-২৪ নৱেম্বৰত অনুষ্ঠিত কৰা এই কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি মাধৱ হাজৰিকা আৰু প্ৰধান সম্পাদক ড॰ ৰমেশ কুমাৰ কাকতিয়ে৷ দুয়োদিনাৰ কাৰ্যসূচীত বীৰজনাক বিশেষ ভাৱে সোঁৱৰণ কৰা হ’ব৷ তদুপলক্ষে হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে…
মহাবীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী উদযাপন উপলক্ষে ভট্টদেৱ বিশ্ববিদ্যালয়ত মনোজ্ঞ বক্তৃতানুষ্ঠান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ নৱেম্বৰঃ মহাবীৰৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপনৰ অংশ হিচাপে আজি ২২ নৱেম্বৰত পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ উদ্যোগত আৰু বজালী জিলা প্ৰশাসনৰ সহযোগত "লাচিত বৰফুকনৰ জীৱন আৰু কৃতিত্ব" বিষয়ক এটি বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ২ নং ডিজিটেল প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা এই বক্তৃতা অনুষ্ঠানত খ্যাতনামা ইতিহাসবিদ, চিন্তাবিদ আৰু নিৱন্ধকাৰ অধ্যাপক সুনীল পৱন বৰুৱাই মুখ্য বক্তৃতা প্ৰদান কৰে। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড° সুভাষ চন্দ্ৰ দাসে…
কৰ্ম আৰু সততাৰ প্ৰতীক,তেজপুৰৰ সমাজকৰ্মী ৰবীন্দ্ৰ চন্দ্ৰ দে’ৰ বিয়োগ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২১নৱেম্বৰঃ তেজপুৰৰ এজন প্ৰায় ৯৭বছৰীয়া সমাজ হিতৈষি ব্যক্তি ৰবীন্দ্ৰ চন্দ্ৰ দে’ৰ আজি পুৱা প্ৰায় পাঁচবজাত তেজপুৰৰ নিকামূল স্হিত বাসগৃহত বাৰ্দ্ধক্যজনিত কাৰণত বিয়োগ ঘটিছে৷এজন নিস্বাৰ্থ সমাজ কৰ্মী হিচাপে সৰ্বজন শ্ৰদ্ধেয় এইজন ব্যক্তিৰ বিয়োগে ৰাইজক মৰ্মাহত কৰিে৷উল্লেখযোগ্য যে, ৰাজ্যখনৰ জাতিগঠন প্ৰক্ৰিয়াৰ এক অনন্য নিদৰ্শন এইজন ব্যক্তি এসময়ত শাক্ত ধৰ্মত বিশ্বাসী আছিল যদিও তেজপুৰৰ শ্ৰী শ্ৰী নিকামূল সত্ৰৰ সত্ৰাধিকাৰ তথা স্বাধীনতা সংগ্ৰামী প্ৰয়াত গহণ চন্দ্ৰ গোস্বামীৰ সান্নিধ্য লাভৰ পাছত তেওঁ মহাপুৰুষ শ্ৰীমন্ত…
কন্ঠশিল্পী বিপুল বাহাদুৰ আৰু নাই
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২১ নবেম্বৰঃ ষাঠিৰ দশকৰ তেজপুৰৰ এগৰাকী প্ৰখ্যাত সংগীত শিল্পী, সুৰকাৰ তথা প্ৰসিদ্ধ কন্ঠ শিল্পী বিপুল বাহাদুৰ আৰু নাই। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, ৰুদ্ৰ বৰুৱা, মুকুল বৰুৱা আৰু তেজপুৰৰ প্ৰসিদ্ধ সংগীত শিল্পী অজিত সিংহৰ সৈতে সুকীয়া শৈলীৰে সংগীতত অংশ কৰাই নহয় হাৰমনিয়ামত যাদুকৰী হাতেৰে সমগ্ৰ ৰাজ্যবাসীৰ মাজতে দক্ষ সংগীত শিল্পী হিচাপে পৰিগণিত শিল্পী গৰাকী আজি পুৱতি নিশা পৰলোকপ্ৰাপ্তি ঘটা সংবাদৰ পিছতে সমগ্ৰ ৰাজ্যখনত সংগীত ক্ষেত্ৰখন ম্ৰীয়মান হৈ পৰিছে। তেজপুৰৰ কলিবাৰীত জন্ম গ্ৰহণ কৰা জনপ্ৰিয় সংগীত…
তিনিচুকীয়াত বীৰ লাচিতৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অসমী মেলা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২১ নৱেম্বৰঃ তিনিচুকীয়া জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ উদ্যোগত ৪০০ সংখ্যক বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে চহৰখনৰ মাজমজিয়াৰ থানা চাৰিআলিস্থিত ডাকবাংলো প্ৰাংগণত আজিৰ পৰা ২৪ নৱেম্বৰলৈকে অসমী মেলাৰ আয়োজন কৰা হৈছে ৷ আজি তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰে উক্ত মেলাৰ উদ্বোধন কৰে ৷ কাৰ্য্যসূচীত জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী, জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ, জিলা পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ কৈৰী, সহকাৰী আয়ুক্ত নিলাক্ষী ভূঞা, ৰাজহ চক্ৰ বিষয়া সংলগ্ন ডিম্পী…
লখিমপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২১ নৱেম্বৰঃ অসমত চৰকাৰী মাধ্যম অসমীয়া মাধ্যম, বড়ো মাধ্যম বা অন্যান্য মাতৃভাষাৰ জয়যাত্ৰা অব্যাহত থাকিব লাগিব৷ এইখন অসমত চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান আৰু মাতৃভাষাৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা অব্যাহত থাকে তাৰ বাবে চৰকাৰে কাৰ্যকৰী ব্যৱস্থা ল’ব লাগিব আৰু প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয়ৰ স্তৰলৈ কাৰিকৰি, অ-কাৰিকৰি সকলো স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সমস্যা সমাধানৰ ব্যৱস্থা চৰকাৰে কৰিব লাগিব৷ আজি লখিমপুৰত সামৰণি পৰা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সভাৰ প্ৰতিনিধি সভাত এনে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ…
