Browsing Category

অসম

লখিমপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰ বীৰ লাচিতৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৪ নৱেম্বৰঃ জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে আজি লখিমপুৰৰ বিভিন্ন প্ৰান্তত লাচিত দিৱস উদযাপন কৰা হয়৷ তদুপলক্ষে আজি লখিমপুৰৰ ত্যাগক্ষেত্ৰত হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমৰ লগতে লখিমপুৰ জিলা সমিতি আৰু লখিমপুৰবাসী ৰাইজে কেন্দ্ৰীয় ভাৱে দুদিনীয়া কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন কৰে৷ ত্যাগক্ষেত্ৰত অনুষ্ঠিত আজিৰ এই কাৰ্যসূচীত হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য, সাধাৰণ সম্পাদক মাধৱ দাসৰ উপস্থিতিত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ ২৩ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত…

টাই আহোমৰ পৰম্পৰাগত “বান্ ফি” পূজাৰে লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি শোণিতপুৰ জিলা প্ৰশাসনৰঃ

অসমৰ প্ৰথমটো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শ্ৰদ্ধাঞ্জলি তেজপুৰ নেহৰু ময়দানক লাচিত বাকৰি নামকৰণ কৰিবলৈ দাবীশতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৪ নবেম্বৰঃ অসম আৰু অসমীয়াৰ শৌৰ্য্য বীৰ্য্যৰ প্ৰতীক, মহাবীৰ লাচিত বৰফুকনৰ জন্মদিন অৰ্থাৎ ৪০০ বছৰীয়া জয়ন্তী উপলক্ষে আজি দিনটোৰ পুৱাই তেজপুৰৰ ঐতিহাসিক নেহৰু ময়দানৰ সন্মুখৰ অসমৰ প্ৰথমটো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে…

তেজপুৰ বিশ্ববিদ্যালয়ত লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে বক্তৃতানুষ্ঠান

তেজপুৰ ২৪ নৱেম্বৰঃ অসম চৰকাৰে আড়ম্বৰপূৰ্ণ ভাৱে আয়োজন কৰা মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগত আজি লাচিত দিৱসৰ দিনা এক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়৷ বিশ্ববিদ্যালয়ৰ কাউন্সিল হলত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মূল বক্তৃতা প্ৰদান কৰে, তেজপুৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰী সহযোগী অধ্যাপক ড॰ প্ৰাণজিৎ হাজৰিকাই৷ অনুষ্ঠানটোৰ আৰম্ভণি হয়, বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক বীৰেন দাসৰ আৰম্ভণী বক্তৃতাৰে৷ তেওঁ নিজৰ বক্তৃতাত এই অনুষ্ঠানটো আয়োজনৰ তাৎপৰ্য ব্যাখ্যা কৰে৷ উদ্বোধনী ভাষণ…

মেঘালয়ৰ বনদস্যুৰ ওচৰত অসম চৰকাৰৰ আত্মসমৰ্পণ-লুৰীণৰ ক্ষোভ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৩ নৱেম্বৰ : অসম-মেঘালয় সীমান্তৰ শেহতীয়া ঘটনাৰ সন্দৰ্ভত আজি তিনিচুকীয়াত সৰৱ হৈ পৰে অসম জাতীয় পৰিষদৰ (অজাপ) সভাপতি লুৰীণজ্যোতি গগৈ৷ তেওঁ কয় যে অসম আৰু মেঘালয়ৰ সীমা সমস্যা সমাধান হোৱা বুলি ৰাজ্য চৰকাৰে কোৱা কথা মিছা বুলি প্ৰমাণিত হ’ল ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কাষত লৈ অসম আৰু মেঘালয়ৰ ৭০ শতাংশ সীমা সমস্যা সমাধান হোৱা বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছিল যদিও অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আত্মসমৰ্পণ কৰি ৰাজ্যৰ ১৮.৫৬ কিলোমিটাৰ মাটি দি এই সীমা সমস্যা সমাধানৰ বাবে আগবাঢ়িছিল।…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ মৃত্যুক লৈ উত্তেজনা

শতাব্দ প্ৰতিনিধি লখিমপুৰ ২৩ নৱেম্বৰঃ  লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এগৰাকী ৰোগীৰ মৃত্যুক লৈ আজি মহাবিদ্যালয় চৌহদত তীব্র উত্তেজনাৰ সৃষ্টি হয়। পৰিয়ালৰ অভিযোগ-- উপযুক্ত চিকিৎসাৰ অভাৱত ৰোগী হেম শইকীয়াৰ মৃত্যু হয় । চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰাৰ সময়ত কৰ্তব্যৰত নাৰ্চে চাহ খাবলৈ ধন বিচৰাৰ অভিযোগ কৰিছে ৰোগীৰ আত্মীয়ই আৰু চাহ খাবলৈ টকা নিদিয়াৰ বাবে‌ই চিকিৎসা সেৱা নকৰিলে নাৰ্চে। ফলত তেঁওৰ মৃত্যু হ'ল। আনহাতে চিকিৎসালয়ত ৰোগীক হাতে ভৰিয়ে বান্ধি গৰু-ছাগলীৰ দৰে চিকিৎসা কৰাৰ অভিযোগ উত্থাপিত হৈছে । ইফালে চিকিৎসালয়খনৰ সন্দৰ্ভত…

লাচিত দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চুটি নাট মঞ্চস্থ

উত্তৰ লখিমপুৰ, ২৩ নৱেম্বৰঃ পানীগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লাচিত দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ লগতে চুটি নাট 'মাতে পকা ধানে ৰিঙিয়াই' মঞ্চস্থ কৰা হয়। অসমীয়া শিপিনীৰ গামোচা, পথাৰৰ সোণগুটি আদি কেইবাটাও দিশৰ ওপৰত ৰচিত নাটখনৰ ৰচনা আৰু পৰিচালনা কৰে বিদ্যালয়ৰ শিক্ষক ভৃগু প্ৰসাদ শৰ্মাই। নাটখনত অভিনয় কৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে প্ৰহ্লাদ মেধি, কংকনা দেৱী, কিৰনমনি দাস, ধ্ৰুৱজ্যোতি পাঠক, ভৃগু কুমাৰ হাজৰিকা, হৰেকৃষ্ণ দাস, বিমান জ্যোতি দাস, প্ৰাপ্তি বৰা, জোৎস্না বৰা, মায়াশ্ৰী শইকীয়া, পল্লবী কলিতা, পপী বৰুৱা আৰু বিভিন্ন দিশত…

তেজপুৰত অগ্নিকাণ্ড:তিনিটা বাসগৃহ ভস্মীভূত

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২২নৱেম্বৰ: তেজপুৰৰ পলফিল্ড বামুণগাঁৱত আজি নিশা সংঘটিত হোৱা অগ্নিকাণ্ডত তিনিটা বাসগৃহ ভস্মীভূত হয়৷ঘটনাৰ বিবৰণী অনুসৰি অঞ্চলটোৰ মীৰা তালুকদাৰৰ বাসগৃহত এই ঘটনাৰ সূত্ৰপাত হয়৷উল্লেখযোগ্য যে,নিশা প্ৰায় ৮-১০বজাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত তালুকদাৰৰ ৰান্ধনী গৃহৰ এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰিত হয় আৰু ইয়াৰ পাছতে কাষৰ আন তিনিটা বাসগৃহলৈও অগ্নি বিয়পি পৰে৷ ঘন জনবসতিপূৰ্ণ অঞ্চলটোত এই ঘটনাত এক হুৱাদুৱা লগা পৰিস্থিতিৰ উদ্ভৱ হয়৷পাছত ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম…

তিনিচুকীয়াত ভুৱা জাতিগত প্ৰমাণ-পত্ৰ দাখিল কৰি চাকৰি লাভ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ নৱেম্বৰ : নিবিড় কাকতি নামৰ এজন যুৱকে ভুৱা জাতিগত প্ৰমাণ-পত্ৰ দাখিল কৰি তিনিচুকীয়া মহাবিদ্যালয়ত কণিষ্ঠ সহায়কৰ চাকৰি লাভ কৰা বুলি উত্থাপিত অভিযোগ জিলা প্ৰশাসনৰ তদন্তত সত্য প্ৰমাণিত হৈছে ৷ নিবিড় কাকতিয়ে অনুসূচীত জাতিৰ ভুৱা প্ৰমাণ-পত্ৰৰে উক্ত চাকৰি পোৱা বুলি অভিযোগ উঠিছিল । উল্লেখ্য, তিনিচুকীয়া মহাবিদ্যালয়ে চলিত বৰ্ষৰ এপ্ৰিল মাহত চতুৰ্থ বৰ্গৰ পদৰ লগতে কেইবাটাও কণিষ্ঠ সহায়কৰ (গ্ৰেড-৩) পদৰ বাবে সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল । ইয়াৰে এটা কণিষ্ঠ সহায়কৰ পদ আছিল অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত ।…

তেজপুৰত হেৰইন আৰু আফিং সহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২২নৱেম্বৰঃ তেজপুৰত আজি আৰক্ষীয়ে চলোৱা অভিযানত এক ড্ৰাগছ সৰবৰাহকাৰীৰ উপৰি আফিং সহ আন এক সৰবৰাহকাৰীক কৰায়ত্ত কৰা হয়৷উল্লেখযোগ্য যে,তেজপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্টু বড়োৰ নেতৃত্বত তেজপুৰৰ ৰূপকুৰীয়া অঞ্চলৰ আনোৱাৰ হুছেইনৰ পুত্ৰ ৰাজিমূল হুছেইন(২৩)ক মুঠ ১০গ্ৰাম হেৰইন সহ গোটলুং অঞ্চলত কৰায়ত্ত কৰে আৰক্ষীয়ে৷উল্লেখযোগ্য যে,এএছ১২ৱাই ২২০৩নম্বৰ মটৰচাইকেলত প্লাষ্টিকৰ এটা চাবোনৰ বাকচত লুকুৱাই অনা হৈছিল এই হেৰইন৷ইপিনে আন এক অভিযানত তেজপুৰৰ শালনিবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শংকৰ দয়ালৰ নেতৃত্বত…

সোঁৱৰণী গ্ৰন্থৰে অক্লান্ত গ্ৰন্থপ্ৰেমী প্ৰয়াত গোলাপ বৰাক স্মৰণ তেজপুৰত

শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২২নৱেম্বৰঃ তেজপুৰত এগৰাকী বিশিষ্ট গ্ৰন্থপ্ৰেমীক আজি স্মৰণ কৰিলে বহুসংখ্যক গুণমুগ্ধই৷ উল্লেখযোগ্য যে তেজপুৰৰ মাজগাঁৱৰ পূৱ খৰাআটি নিবাসী তথা ঘোঁৰামাৰীৰ হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, শিক্ষাবিদ প্ৰয়াত গোলাপ বৰাৰ সোঁৱৰণত আজি উন্মোচন কৰা হয় অক্লান্ত গ্ৰন্থপ্ৰেমীৰ সোঁৱৰণ নামৰ গ্ৰন্থখন৷ আজি প্ৰয়াত শিক্ষাবিদ গৰাকীৰ বিয়োগৰ প্ৰথম বাৰ্ষিক তিথিত পূৱ খৰাআটিত বহু সংখ্যক লোকৰ উপস্থিতিত এই বিশেষ গ্ৰন্থখন উন্মোচন কৰাৰ লগতে এইগৰাকী স্থিতপ্ৰজ্ঞ ব্যক্তিৰ জীৱনৰ বহু দিশৰ লগতে তেওঁৰ গ্ৰন্থ সংগ্ৰহ তথা…