Browsing Category
অসম
তেজপুৰত শোণিতপুৰ জিলা টাগ অৱ ৱাৰ প্ৰতিযোগিতা সম্পন্ন
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২১নৱেম্বৰঃ তেজপুৰৰ নপামস্থিত এছ এম বি ব্যায়ামাগাৰৰ উদ্যোগত আৰু শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ তত্বাৱধানত স্হানীয় জাৰণি প্ৰাথমিক বিদ্যালয়ত "৩৯সংখ্যক শোণিতপুৰ জিলা টাগ অৱ ৱাৰ প্ৰতিযোগিতা-২০২২" অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাত শোণিতপুৰ জিলাৰ অনুমোদিত সন্থাৰ মুঠ ১৫ টা বিভিন্ন দলে অংশ গ্ৰহণ কৰে। পুৰুষৰ শ্ৰেষ্ঠ দলৰ সন্মান "বলিন বৰা সোঁৱৰণী" বঁটা লাভ কৰে এছ এম বি ব্যায়ামাগাৰ নপামে আৰু দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে ৰঙাপৰা চাই পাৱাৰ ফিটনেছ দলে। আনহাতে মহিলাৰ শ্ৰেষ্ঠ দল "হিৰণময়ী দাস সোঁৱৰণি" বঁটা লাভ কৰে…
লখিমপুৰ জিলা সাহিত্য সভাত অথন্তৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২০ নৱেম্বৰ: লক্ষীমপুৰ জিলা সাহিত্য সভাৰ ২০২৩-২০২৫ বৰ্ষৰ কাৰ্যকৰী সমিতিৰ সভাপতি, উপ-সভাপতি আৰু সম্পাদক পদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থী সকলে দাখিল কৰা মনোনয়ন পত্ৰ সমূহ আজি লক্ষীমপুৰ জিলা সাহিত্য সভাৰ কাৰ্যালয় লক্ষীবিলাস শইকীয়া ভৱনত পৰীক্ষা কৰা হয়। উল্লেখযোগ্য যে এইবাৰ লক্ষীমপুৰ জিলা সাহিত্য সভাৰ নিৰ্বাচনৰ বাবে সভাপতি, উপ-সভাপতি আৰু সম্পাদকৰ মুঠ ৩ টা পদৰ বাবে মুঠ ৬ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে যদিও নিৰ্বাচনী সমিতিয়ে আজি মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰাৰ অন্তত কেৱল এগৰাকী উপ-সভাপতি…
লখিমপুৰত আছুৰ সাধাৰণ সভাত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ অংগীকাৰ– এইখন অসম আমাৰ, আমাৰ হৈয়ে থাকিব লাগিব
বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত ৩১ জিলাৰ ৬ সহস্ৰাধিক প্ৰতিনিধিৰ অংশগ্ৰহণশতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২০ নৱেম্বৰঃ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীক সামৰি ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক বিষয়টোৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়ৰ সকলো কাৰিকৰী আৰু অকাৰিকৰী সকলোতে শৈক্ষিক সমস্যা আছে৷ গতিকে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সমস্যাক প্ৰাধান্য দি এই সমস্যাবোৰ সমাধানৰ বাবে বাট উলিয়াবৰ বাবে মুখ্যত ইয়াত আলোচনা হ’ব ৷ এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ৷ উল্লেখ্য যে ১৯…
তেজপুৰৰ ঐতিহাসিক হজৰাপুখুৰীৰ পাৰত দহ সহস্ৰাধিক ৰাইজে উপভোগ কৰিলে মহাবীৰ লাচিত বৰফুকনৰ বীৰ গাঁথা
শব্দ-পোহৰৰ মায়াজালত দুইশতাধিক শিল্পীয়ে মঞ্চৰ পৰিৱৰ্তে মুক্তাংগণত সৃষ্টি কৰিলে ইতিহাস
তিনিবাৰকৈ মিষ্টাৰ ইণ্ডিয়াৰ খিতাপ অৰ্জন কৰা বিজিৎ গগৈয়ে শৰীৰ কলাৰ পৰিৱৰ্তে অৱতীৰ্ণ হ'ল লাচিতৰ চৰিত্ৰত
প্ৰাঞ্জল শইকীয়া, পদ্ম হাজৰিকা, পৃথ্বিৰাজ ৰাভা, চুকাফাৰূপী শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ পৰা আঙুৰলতা ডেকালৈ দুশ শিল্পীয়ে সূচনা কৰিলে অনন্য পৰিৱেশৰতেজপুৰৰ পৰা মনোজ কুমাৰ শইকীয়াই, ২০ নবেম্বৰঃ "ইতিহাসৰ বৰ ভেটি প্ৰগতিৰ সত্য" - ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই উক্তিকে প্ৰতিফলিত কৰি কালি সন্ধিয়া আধুনিক প্ৰযুক্তি তথা কলা কৌশলৰ…
কহুঁৱা-বিৰিণাই ছানি ধৰিছে বিধায়ক মানৱ ডেকাৰ সপোনৰ আঁচনিত
১৪ লাখ টকা ওলাই যোৱাৰ পিছতো ৰাজগড় বঙালীত নাই গছপুলি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৯ নৱেম্বৰঃ অসম-অৰুণাচল সীমান্তৱৰ্তী কাকৈৰ ৰাজগড় বঙালীত যোৱা ২৭-০৭-২০২১ তাৰিখে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই এখন বৃক্ষ ৰোপণ আঁচনি শুভ উদ্বোধন কৰিছিল৷ লখিমপুৰ উন্নয়ন খণ্ডৰ জৰিয়তে ৰূপায়ণ কৰিবলৈ লোৱা এই ‘ব্লক প্লেণ্টেচন উইথ বাউণ্ডেৰী ফেন্সিং এণ্ড ৱাটাৰ কনজাৰভেচন এচ ৰাজগড় বঙালী’ নামৰ আঁচনিখন এতিয়া একপ্ৰকাৰে প্ৰহসনত পৰিণত হৈছে৷ সেইদিনা বিধায়কজনে এই আঁচনিখনৰ কামৰ শুভাৰম্ভ কৰি এই আঁচনিখন তেওঁৰ সপোনৰ আঁচনি হ’ব বুলি উল্লেখ কৰিছিল৷ পৰিতাপৰ কথা যে এই আঁচনিখনত…
তিনিচুকীয়াত বীৰ ৰাঘৱ মৰাণ দিৱস উদযাপন
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ নৱেম্বৰ : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৃষ্ঠপোষকতাত আৰু অসম মৰাণ সভাৰ উদ্যোগত তথা সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ সাহিত্য সভা, সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰ আৰু মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে তিনিচুকীয়াৰ বৰদলৈ নগৰস্থিত উন্নয়ন প্ৰাধিকৰণ সাংস্কৃতিক কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় ২৮৭ সংখ্যক বীৰ ৰাঘৱ মৰাণ দিৱস ৷ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰে অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়াই ৷ স্মৃতি তৰ্পণ কৰে অসম মৰাণ সভাৰ সম্পাদক…
তিনিচুকীয়াত অগ্নিকাণ্ড
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ নৱেম্বৰ : তিনিচুকীয়া চহৰৰ হিজুগুৰী অঞ্চলত আজি পুৱা সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ ভস্মীভূত হয় ৷ জানিব পৰা মতে হিজুগুৰীস্থ ’আকবৰ দৰবাৰ’ নামৰ হোটেলখনৰ পাছফালে থকা কেইবাটাও ঘৰ আজিৰ অগ্নিকাণ্ডত জাহ যায় ৷ উক্ত ঘৰ সমূহত হোটেলখনৰ কেইবাজনো কৰ্মচাৰীয়ে বাস কৰিছিল ৷ অগ্নিকাণ্ড কিদৰে সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ টিনৰ চালিৰ ঘৰবোৰ তৰ্জাবেৰৰ হোৱা বাবে জুইৰ লেলিহান শিখাই মূহূৰ্ততে এইসমূহ আগুৰি ধৰে ৷ ইয়াৰোপৰি এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰিত হোৱাৰ ফলত জুইৰ তীব্ৰতা বৃদ্ধি পায় ৷…
তিনিচুকীয়া পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডত পেলাই দিয়া শ শ বস্তা পঁচা চাউল ৰহস্যৰ মেৰপাকত
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ নৱেম্বৰ : খাদ্য সামগ্ৰীৰ অভাৱনীয় মুল্যবৃদ্ধিয়ে সৰ্বস্তৰৰ লোকক জুৰুলা কৰাৰ লগতে ইয়াৰ প্ৰতিবাদত ৰাইজ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হোৱাৰ সময়তে তিনিচুকীয়াত পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডত শ শ বস্তা পঁচা চাউল পেলাই দিয়াক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে তিনিচুকীয়াৰ পৰা দুলীয়াজান অভিমুখী পথৰ টিংৰাই নৈৰ কাষত শুকুৰবাৰে নিশা পেলাই দিয়া এই চাউলখিনিৰ গৰাকী কোন সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ কালি নিশা দুখন ট্ৰাকে ডাম্পিং গ্ৰাউণ্ডত চাউল পেলাই যোৱাৰ পাছত পুনৰ এখন ট্ৰাক দেখি স্থানীয় লোকে…
আজি আৰু কাইলৈ তেজপুৰত ইতিহাস সৃষ্টি কৰি প্ৰদৰ্শিত হ’ব ‘লাচিত-বুৰঞ্জী লিখা তৰোৱাল’
শব্দ-পোহৰৰ মায়াজালত মুক্তাংগণত ঘোঁৰাত উঠি লাচিত মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈঃ হাতীত উঠি প্ৰতাপ সিংহৰ চৰিত্ৰত বিধায়ক পদ্ম হাজৰিকাঃ চক্ৰধ্বজ সিংহৰ ৰূপত কলাগুৰুৰ পুত্ৰ পৃথ্বিৰাজ ৰাভাঃ আতন বুঢ়াগোহাঁইৰ চৰিত্ৰত জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়া
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ নবেম্বৰ: নিশাটোৰ ভিতৰতে গড় সাজি দুৰ্জেয় মোগল বাহিনীক পৰাভূত কৰাৰ দৰেই জাতীয় বীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে তেজপুৰৰ ঐতিহাসিক হজৰাপুখুৰী পাৰত দিনে নিশাই দুই শতাধিক কুশীলৱ এতিয়া ব্যস্ত বুৰঞ্জীখ্যাত শৰাইঘাট যুদ্ধৰ ৰূপ দিয়াৰ প্ৰয়াসত৷ কিয়নো বৃহত্তৰ…
ঊষা মংগেশকাৰলৈ ড॰ ভূপেন হাজৰিকাৰ সমন্বয় বঁটা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১৯ নৱেম্বৰ : ভাৰতৰ প্ৰখ্যাত গায়িকা ঊষা মংগেশকাৰলৈ এইবাৰ আগবঢ়োৱা হৈছে অসম সাহিত্য সভাৰ ড॰ ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা-২০২২৷ এই বঁটাৰ লগত আছে পাঁচ লাখ টকা, স্মাৰক, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা৷ অহা ২২ নৱেম্বৰৰ বিয়লি ৪ বজাৰ পৰা গুৱাহাটীৰ নেডফি হাউছ প্ৰেক্ষাগৃহত সাহিত্য সভাৰ সভাপতি ড॰ কুলধৰ শইকীয়া পৌৰোহিত্যত অনুষ্ঠিত হ’ব লগা এক আড়ম্বপূৰ্ণ অনুষ্ঠানত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে এই বঁটা প্ৰদান কৰিব ৷ আজি অসম সাহিত্য সভাৰ গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণি…
