Browsing Category
অসম
লখিমপুৰত দুদিনীয়াকৈ লাচিত দিৱস
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ নৱেম্বৰঃ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী লাচিত দিৱসটি এইবাৰ লখিমপুৰৰ ত্যাগক্ষেত্ৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত কৰা হৈছে৷ হিন্দু যুৱ ছাত্ৰ পৰিষদ, লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু লখিমপুৰবাসী ৰাইজৰ সহযোগত ২৩-২৪ নৱেম্বৰত অনুষ্ঠিত কৰা এই কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি মাধৱ হাজৰিকা আৰু প্ৰধান সম্পাদক ড॰ ৰমেশ কুমাৰ কাকতিয়ে৷ দুয়োদিনাৰ কাৰ্যসূচীত বীৰজনাক বিশেষ ভাৱে সোঁৱৰণ কৰা হ’ব৷ তদুপলক্ষে হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে…
মহাবীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী উদযাপন উপলক্ষে ভট্টদেৱ বিশ্ববিদ্যালয়ত মনোজ্ঞ বক্তৃতানুষ্ঠান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ নৱেম্বৰঃ মহাবীৰৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপনৰ অংশ হিচাপে আজি ২২ নৱেম্বৰত পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ উদ্যোগত আৰু বজালী জিলা প্ৰশাসনৰ সহযোগত "লাচিত বৰফুকনৰ জীৱন আৰু কৃতিত্ব" বিষয়ক এটি বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ২ নং ডিজিটেল প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা এই বক্তৃতা অনুষ্ঠানত খ্যাতনামা ইতিহাসবিদ, চিন্তাবিদ আৰু নিৱন্ধকাৰ অধ্যাপক সুনীল পৱন বৰুৱাই মুখ্য বক্তৃতা প্ৰদান কৰে। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড° সুভাষ চন্দ্ৰ দাসে…
কৰ্ম আৰু সততাৰ প্ৰতীক,তেজপুৰৰ সমাজকৰ্মী ৰবীন্দ্ৰ চন্দ্ৰ দে’ৰ বিয়োগ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২১নৱেম্বৰঃ তেজপুৰৰ এজন প্ৰায় ৯৭বছৰীয়া সমাজ হিতৈষি ব্যক্তি ৰবীন্দ্ৰ চন্দ্ৰ দে’ৰ আজি পুৱা প্ৰায় পাঁচবজাত তেজপুৰৰ নিকামূল স্হিত বাসগৃহত বাৰ্দ্ধক্যজনিত কাৰণত বিয়োগ ঘটিছে৷এজন নিস্বাৰ্থ সমাজ কৰ্মী হিচাপে সৰ্বজন শ্ৰদ্ধেয় এইজন ব্যক্তিৰ বিয়োগে ৰাইজক মৰ্মাহত কৰিে৷উল্লেখযোগ্য যে, ৰাজ্যখনৰ জাতিগঠন প্ৰক্ৰিয়াৰ এক অনন্য নিদৰ্শন এইজন ব্যক্তি এসময়ত শাক্ত ধৰ্মত বিশ্বাসী আছিল যদিও তেজপুৰৰ শ্ৰী শ্ৰী নিকামূল সত্ৰৰ সত্ৰাধিকাৰ তথা স্বাধীনতা সংগ্ৰামী প্ৰয়াত গহণ চন্দ্ৰ গোস্বামীৰ সান্নিধ্য লাভৰ পাছত তেওঁ মহাপুৰুষ শ্ৰীমন্ত…
কন্ঠশিল্পী বিপুল বাহাদুৰ আৰু নাই
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২১ নবেম্বৰঃ ষাঠিৰ দশকৰ তেজপুৰৰ এগৰাকী প্ৰখ্যাত সংগীত শিল্পী, সুৰকাৰ তথা প্ৰসিদ্ধ কন্ঠ শিল্পী বিপুল বাহাদুৰ আৰু নাই। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, ৰুদ্ৰ বৰুৱা, মুকুল বৰুৱা আৰু তেজপুৰৰ প্ৰসিদ্ধ সংগীত শিল্পী অজিত সিংহৰ সৈতে সুকীয়া শৈলীৰে সংগীতত অংশ কৰাই নহয় হাৰমনিয়ামত যাদুকৰী হাতেৰে সমগ্ৰ ৰাজ্যবাসীৰ মাজতে দক্ষ সংগীত শিল্পী হিচাপে পৰিগণিত শিল্পী গৰাকী আজি পুৱতি নিশা পৰলোকপ্ৰাপ্তি ঘটা সংবাদৰ পিছতে সমগ্ৰ ৰাজ্যখনত সংগীত ক্ষেত্ৰখন ম্ৰীয়মান হৈ পৰিছে। তেজপুৰৰ কলিবাৰীত জন্ম গ্ৰহণ কৰা জনপ্ৰিয় সংগীত…
তিনিচুকীয়াত বীৰ লাচিতৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অসমী মেলা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২১ নৱেম্বৰঃ তিনিচুকীয়া জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ উদ্যোগত ৪০০ সংখ্যক বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে চহৰখনৰ মাজমজিয়াৰ থানা চাৰিআলিস্থিত ডাকবাংলো প্ৰাংগণত আজিৰ পৰা ২৪ নৱেম্বৰলৈকে অসমী মেলাৰ আয়োজন কৰা হৈছে ৷ আজি তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰে উক্ত মেলাৰ উদ্বোধন কৰে ৷ কাৰ্য্যসূচীত জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী, জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ, জিলা পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ কৈৰী, সহকাৰী আয়ুক্ত নিলাক্ষী ভূঞা, ৰাজহ চক্ৰ বিষয়া সংলগ্ন ডিম্পী…
লখিমপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২১ নৱেম্বৰঃ অসমত চৰকাৰী মাধ্যম অসমীয়া মাধ্যম, বড়ো মাধ্যম বা অন্যান্য মাতৃভাষাৰ জয়যাত্ৰা অব্যাহত থাকিব লাগিব৷ এইখন অসমত চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান আৰু মাতৃভাষাৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা অব্যাহত থাকে তাৰ বাবে চৰকাৰে কাৰ্যকৰী ব্যৱস্থা ল’ব লাগিব আৰু প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয়ৰ স্তৰলৈ কাৰিকৰি, অ-কাৰিকৰি সকলো স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সমস্যা সমাধানৰ ব্যৱস্থা চৰকাৰে কৰিব লাগিব৷ আজি লখিমপুৰত সামৰণি পৰা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সভাৰ প্ৰতিনিধি সভাত এনে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ…
তেজপুৰত শোণিতপুৰ জিলা টাগ অৱ ৱাৰ প্ৰতিযোগিতা সম্পন্ন
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২১নৱেম্বৰঃ তেজপুৰৰ নপামস্থিত এছ এম বি ব্যায়ামাগাৰৰ উদ্যোগত আৰু শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ তত্বাৱধানত স্হানীয় জাৰণি প্ৰাথমিক বিদ্যালয়ত "৩৯সংখ্যক শোণিতপুৰ জিলা টাগ অৱ ৱাৰ প্ৰতিযোগিতা-২০২২" অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাত শোণিতপুৰ জিলাৰ অনুমোদিত সন্থাৰ মুঠ ১৫ টা বিভিন্ন দলে অংশ গ্ৰহণ কৰে। পুৰুষৰ শ্ৰেষ্ঠ দলৰ সন্মান "বলিন বৰা সোঁৱৰণী" বঁটা লাভ কৰে এছ এম বি ব্যায়ামাগাৰ নপামে আৰু দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে ৰঙাপৰা চাই পাৱাৰ ফিটনেছ দলে। আনহাতে মহিলাৰ শ্ৰেষ্ঠ দল "হিৰণময়ী দাস সোঁৱৰণি" বঁটা লাভ কৰে…
লখিমপুৰ জিলা সাহিত্য সভাত অথন্তৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২০ নৱেম্বৰ: লক্ষীমপুৰ জিলা সাহিত্য সভাৰ ২০২৩-২০২৫ বৰ্ষৰ কাৰ্যকৰী সমিতিৰ সভাপতি, উপ-সভাপতি আৰু সম্পাদক পদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থী সকলে দাখিল কৰা মনোনয়ন পত্ৰ সমূহ আজি লক্ষীমপুৰ জিলা সাহিত্য সভাৰ কাৰ্যালয় লক্ষীবিলাস শইকীয়া ভৱনত পৰীক্ষা কৰা হয়। উল্লেখযোগ্য যে এইবাৰ লক্ষীমপুৰ জিলা সাহিত্য সভাৰ নিৰ্বাচনৰ বাবে সভাপতি, উপ-সভাপতি আৰু সম্পাদকৰ মুঠ ৩ টা পদৰ বাবে মুঠ ৬ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে যদিও নিৰ্বাচনী সমিতিয়ে আজি মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰাৰ অন্তত কেৱল এগৰাকী উপ-সভাপতি…
লখিমপুৰত আছুৰ সাধাৰণ সভাত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ অংগীকাৰ– এইখন অসম আমাৰ, আমাৰ হৈয়ে থাকিব লাগিব
বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত ৩১ জিলাৰ ৬ সহস্ৰাধিক প্ৰতিনিধিৰ অংশগ্ৰহণশতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২০ নৱেম্বৰঃ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীক সামৰি ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক বিষয়টোৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়ৰ সকলো কাৰিকৰী আৰু অকাৰিকৰী সকলোতে শৈক্ষিক সমস্যা আছে৷ গতিকে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সমস্যাক প্ৰাধান্য দি এই সমস্যাবোৰ সমাধানৰ বাবে বাট উলিয়াবৰ বাবে মুখ্যত ইয়াত আলোচনা হ’ব ৷ এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ৷ উল্লেখ্য যে ১৯…
তেজপুৰৰ ঐতিহাসিক হজৰাপুখুৰীৰ পাৰত দহ সহস্ৰাধিক ৰাইজে উপভোগ কৰিলে মহাবীৰ লাচিত বৰফুকনৰ বীৰ গাঁথা
শব্দ-পোহৰৰ মায়াজালত দুইশতাধিক শিল্পীয়ে মঞ্চৰ পৰিৱৰ্তে মুক্তাংগণত সৃষ্টি কৰিলে ইতিহাস
তিনিবাৰকৈ মিষ্টাৰ ইণ্ডিয়াৰ খিতাপ অৰ্জন কৰা বিজিৎ গগৈয়ে শৰীৰ কলাৰ পৰিৱৰ্তে অৱতীৰ্ণ হ'ল লাচিতৰ চৰিত্ৰত
প্ৰাঞ্জল শইকীয়া, পদ্ম হাজৰিকা, পৃথ্বিৰাজ ৰাভা, চুকাফাৰূপী শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ পৰা আঙুৰলতা ডেকালৈ দুশ শিল্পীয়ে সূচনা কৰিলে অনন্য পৰিৱেশৰতেজপুৰৰ পৰা মনোজ কুমাৰ শইকীয়াই, ২০ নবেম্বৰঃ "ইতিহাসৰ বৰ ভেটি প্ৰগতিৰ সত্য" - ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই উক্তিকে প্ৰতিফলিত কৰি কালি সন্ধিয়া আধুনিক প্ৰযুক্তি তথা কলা কৌশলৰ…
