Browsing Category

অসম

কহুঁৱা-বিৰিণাই ছানি ধৰিছে বিধায়ক মানৱ ডেকাৰ সপোনৰ আঁচনিত

১৪ লাখ টকা ওলাই যোৱাৰ পিছতো ৰাজগড় বঙালীত নাই গছপুলি শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৯ নৱেম্বৰঃ অসম-অৰুণাচল সীমান্তৱৰ্তী কাকৈৰ ৰাজগড় বঙালীত যোৱা ২৭-০৭-২০২১ তাৰিখে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই এখন বৃক্ষ ৰোপণ আঁচনি শুভ উদ্বোধন কৰিছিল৷ লখিমপুৰ উন্নয়ন খণ্ডৰ জৰিয়তে ৰূপায়ণ কৰিবলৈ লোৱা এই ‘ব্লক প্লেণ্টেচন উইথ বাউণ্ডেৰী ফেন্সিং এণ্ড ৱাটাৰ কনজাৰভেচন এচ ৰাজগড় বঙালী’ নামৰ আঁচনিখন এতিয়া একপ্ৰকাৰে প্ৰহসনত পৰিণত হৈছে৷ সেইদিনা বিধায়কজনে এই আঁচনিখনৰ কামৰ শুভাৰম্ভ কৰি এই আঁচনিখন তেওঁৰ সপোনৰ আঁচনি হ’ব বুলি উল্লেখ কৰিছিল৷ পৰিতাপৰ কথা যে এই আঁচনিখনত…

 তিনিচুকীয়াত বীৰ ৰাঘৱ মৰাণ দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ নৱেম্বৰ : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৃষ্ঠপোষকতাত আৰু অসম মৰাণ সভাৰ উদ্যোগত তথা সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ সাহিত্য সভা, সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰ আৰু মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে তিনিচুকীয়াৰ বৰদলৈ নগৰস্থিত উন্নয়ন প্ৰাধিকৰণ সাংস্কৃতিক কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় ২৮৭ সংখ্যক বীৰ ৰাঘৱ মৰাণ দিৱস ৷ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰে অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়াই ৷ স্মৃতি তৰ্পণ কৰে অসম মৰাণ সভাৰ সম্পাদক…

তিনিচুকীয়াত অগ্নিকাণ্ড

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ নৱেম্বৰ : তিনিচুকীয়া চহৰৰ হিজুগুৰী অঞ্চলত আজি পুৱা সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ ভস্মীভূত হয় ৷ জানিব পৰা মতে হিজুগুৰীস্থ ’আকবৰ দৰবাৰ’ নামৰ হোটেলখনৰ পাছফালে থকা কেইবাটাও ঘৰ আজিৰ অগ্নিকাণ্ডত জাহ যায় ৷ উক্ত ঘৰ সমূহত হোটেলখনৰ কেইবাজনো কৰ্মচাৰীয়ে বাস কৰিছিল ৷ অগ্নিকাণ্ড কিদৰে সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ টিনৰ চালিৰ ঘৰবোৰ তৰ্জাবেৰৰ হোৱা বাবে জুইৰ লেলিহান শিখাই মূহূৰ্ততে এইসমূহ আগুৰি ধৰে ৷ ইয়াৰোপৰি এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰিত হোৱাৰ ফলত জুইৰ তীব্ৰতা বৃদ্ধি পায় ৷…

তিনিচুকীয়া পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডত পেলাই দিয়া শ শ বস্তা পঁচা চাউল ৰহস্যৰ মেৰপাকত

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ নৱেম্বৰ : খাদ্য সামগ্ৰীৰ অভাৱনীয় মুল্যবৃদ্ধিয়ে সৰ্বস্তৰৰ লোকক জুৰুলা কৰাৰ লগতে ইয়াৰ প্ৰতিবাদত ৰাইজ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হোৱাৰ সময়তে তিনিচুকীয়াত পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডত  শ শ বস্তা পঁচা চাউল পেলাই দিয়াক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে তিনিচুকীয়াৰ পৰা দুলীয়াজান অভিমুখী পথৰ টিংৰাই নৈৰ কাষত শুকুৰবাৰে নিশা পেলাই দিয়া এই চাউলখিনিৰ গৰাকী কোন সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ কালি নিশা দুখন ট্ৰাকে ডাম্পিং গ্ৰাউণ্ডত চাউল পেলাই যোৱাৰ পাছত পুনৰ এখন ট্ৰাক দেখি স্থানীয় লোকে…

আজি আৰু কাইলৈ তেজপুৰত ইতিহাস সৃষ্টি কৰি প্ৰদৰ্শিত হ’ব ‘লাচিত-বুৰঞ্জী লিখা তৰোৱাল’

শব্দ-পোহৰৰ মায়াজালত মুক্তাংগণত ঘোঁৰাত উঠি লাচিত মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈঃ হাতীত উঠি প্ৰতাপ সিংহৰ চৰিত্ৰত বিধায়ক পদ্ম হাজৰিকাঃ চক্ৰধ্বজ সিংহৰ ৰূপত কলাগুৰুৰ পুত্ৰ পৃথ্বিৰাজ ৰাভাঃ আতন বুঢ়াগোহাঁইৰ চৰিত্ৰত জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়া শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ নবেম্বৰ: নিশাটোৰ ভিতৰতে গড় সাজি দুৰ্জেয় মোগল বাহিনীক পৰাভূত কৰাৰ দৰেই জাতীয় বীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে তেজপুৰৰ ঐতিহাসিক হজৰাপুখুৰী পাৰত দিনে নিশাই দুই শতাধিক কুশীলৱ এতিয়া ব্যস্ত বুৰঞ্জীখ্যাত শৰাইঘাট যুদ্ধৰ ৰূপ দিয়াৰ প্ৰয়াসত৷ কিয়নো বৃহত্তৰ…

ঊষা মংগেশকাৰলৈ ড॰ ভূপেন হাজৰিকাৰ সমন্বয় বঁটা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১৯ নৱেম্বৰ : ভাৰতৰ প্ৰখ্যাত গায়িকা ঊষা মংগেশকাৰলৈ এইবাৰ আগবঢ়োৱা হৈছে অসম সাহিত্য সভাৰ ড॰ ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা-২০২২৷ এই বঁটাৰ লগত আছে পাঁচ লাখ টকা, স্মাৰক, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা৷ অহা ২২ নৱেম্বৰৰ বিয়লি ৪ বজাৰ পৰা গুৱাহাটীৰ নেডফি হাউছ প্ৰেক্ষাগৃহত সাহিত্য সভাৰ সভাপতি ড॰ কুলধৰ শইকীয়া পৌৰোহিত্যত অনুষ্ঠিত হ’ব লগা এক আড়ম্বপূৰ্ণ অনুষ্ঠানত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে এই বঁটা প্ৰদান কৰিব ৷ আজি অসম সাহিত্য সভাৰ গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণি…

লখিমপুৰত আছুৰ সাধাৰণ সভা আৰম্ভ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ নৱেম্বৰঃ অসম আৰু অসমীয়াৰ অস্তিত্ব আৰু খিলঞ্জীয়াৰ প্ৰভূত্ব অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত তথা ছাত্ৰ শক্তিৰ সংগঠিত সংগ্ৰামৰ ধাৰা অব্যাহত ৰাখি আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ লখিমপুৰত আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থা সাধাৰণ সভা। অসমৰ প্ৰায় প্ৰতিখন জিলাৰ পৰা ছাত্ৰ সন্থাৰ কৰ্মী, অতিথি আৰু শুভাকাংক্ষী গাড়ীয়ে গাড়ীয়ে আহি লখিমপুৰত উপস্থিতি হৈছে। অভ্যৰ্থনা সমিতি আৰু উপ সমিতি সমূহে ছাত্ৰ প্ৰতিনিধিসকলৰ যাৱতীয় ব্যৱস্থাপনা সম্পূৰ্ণ কৰিছে। প্ৰায় ৪ হাজাৰ লোকে একেলগে আহাৰ গ্ৰহণ কৰিব পৰাকৈ নিৰ্মাণ কৰা বিশাল…

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসম কন্যা উপাসনা বৰুৱা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৯ নৱেম্বৰঃ এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আৱিষ্কাৰ আৰু উদ্ভাৱনী প্ৰতিযোগিতাত দুটাকৈ ছিলভাৰ এৱাৰ্ড আৰু IBS GLOBAL SPECIAL AWARD পাই জিলিকি উঠিল অসম কন্যা উপাসনা বৰুৱা। ১৫-১৯ নবেম্বৰলৈ গোৱাৰ মাৰগাঁৱৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হোৱা India International Innovation and Invention Expo INEX 2022 প্ৰতিযোগিতাত উপাসনাই ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি দুটাকৈ উদ্ভাৱন উপস্থাপন কৰিছিল। ৰাছিয়া, পোলেণ্ড, ইৰাণ, থাইলেণ্ড আদি দেশবোৰৰ প্ৰতিযোগীয়ে ভাগ লোৱা এই প্ৰতিযোগিতাত উপাসনাই "Molasses from Bhim banana" আৰু Food product from…

লখিমপুৰৰ একেখন গাঁৱৰ ১৩ মহিলা, অৱসৰপ্ৰাপ্ত গাঁওবুঢ়াসহ ২৩ জনক জেললৈ প্ৰেৰণ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৮ নৱেম্বৰঃ লখিমপুৰৰ একেখন গাঁৱৰ ২৩ জন লোকক একেদিনাই আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰাৰ পিছত এতিয়া গাঁওখনৰ চৌদিশে কান্দোনৰ ৰোল উঠিছে৷ এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ পানীগাঁও থানাৰ অন্তৰ্গত ন-আলি কৈৱৰ্ত্ত গাঁৱত৷ উল্লেখ্য ২০১৮ চনৰ এক ঘটনাৰ আলমত এইসকল লোকক ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে জেললৈ প্ৰেৰণ কৰাত গাঁওখনৰ সৰ্বত্ৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি ২০১৮ চনৰ অক্টোবৰ মাহত বেপাই দাস নামৰ এজন লোকে ন-আলি কৈৱৰ্ত্ত গাঁৱত নিজ গৃহত চিপ লৈ আত্মহত্যা কৰে৷ এই ঘটনাৰ পিছতে বেপাই দাসৰ পৰিয়ালৰ অভিযোগ…

অসম বার্তাজীৱী সংঘৰ ৪৯সংখ্যক প্রতিষ্ঠা দিৱস পালন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ নৱেম্বৰঃ সাংবাদিক আৰু সংবাদকর্মীৰ ন্যায় আৰু অধিকাৰৰ সংগ্ৰাম তীব্ৰতৰ কৰা, সাংবাদিক পৰিয়াল কল্যাণ আঁচনিৰ অধীনত পৰিয়াল বাচনিৰ চৰকাৰী অধিসূচনা শীঘ্ৰে জাৰি কৰা, সাংবাদিকৰ জীৱন বীমা শীঘ্ৰে কাৰ্যকৰী কৰা আৰু সাংবাদিক পেঞ্চনাৰৰ সংখ্যা বৃদ্ধি কৰা আদি চাৰিটা প্ৰস্তাব আজি অসম বার্তাজীৱী সংঘৰ ৪৯ সংখ্যক প্রতিষ্ঠা দিৱসত গ্ৰহণ কৰা হয়। গুৱাহাটী প্রেছ ক্লাবত দিনজোৰা কার্যসূচীৰে পালন কৰা দিৱস উপলক্ষে পুৱা ৯ বজাত সংঘৰ সভাপতি টুটুমণি ফুকনে পতাকা উত্তোলনেৰে কার্যসূচীৰ শুভাৰম্ভণি কৰে ৷ ৯.১৫ বজাত সংঘৰ সম্পাদক মুকুটৰাজ…