Browsing Category
অসম
লখিমপুৰত আছুৰ সাধাৰণ সভা আৰম্ভ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ নৱেম্বৰঃ অসম আৰু অসমীয়াৰ অস্তিত্ব আৰু খিলঞ্জীয়াৰ প্ৰভূত্ব অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত তথা ছাত্ৰ শক্তিৰ সংগঠিত সংগ্ৰামৰ ধাৰা অব্যাহত ৰাখি আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ লখিমপুৰত আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থা সাধাৰণ সভা। অসমৰ প্ৰায় প্ৰতিখন জিলাৰ পৰা ছাত্ৰ সন্থাৰ কৰ্মী, অতিথি আৰু শুভাকাংক্ষী গাড়ীয়ে গাড়ীয়ে আহি লখিমপুৰত উপস্থিতি হৈছে। অভ্যৰ্থনা সমিতি আৰু উপ সমিতি সমূহে ছাত্ৰ প্ৰতিনিধিসকলৰ যাৱতীয় ব্যৱস্থাপনা সম্পূৰ্ণ কৰিছে। প্ৰায় ৪ হাজাৰ লোকে একেলগে আহাৰ গ্ৰহণ কৰিব পৰাকৈ নিৰ্মাণ কৰা বিশাল…
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসম কন্যা উপাসনা বৰুৱা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৯ নৱেম্বৰঃ এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আৱিষ্কাৰ আৰু উদ্ভাৱনী প্ৰতিযোগিতাত দুটাকৈ ছিলভাৰ এৱাৰ্ড আৰু IBS GLOBAL SPECIAL AWARD পাই জিলিকি উঠিল অসম কন্যা উপাসনা বৰুৱা। ১৫-১৯ নবেম্বৰলৈ গোৱাৰ মাৰগাঁৱৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হোৱা India International Innovation and Invention Expo INEX 2022 প্ৰতিযোগিতাত উপাসনাই ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি দুটাকৈ উদ্ভাৱন উপস্থাপন কৰিছিল। ৰাছিয়া, পোলেণ্ড, ইৰাণ, থাইলেণ্ড আদি দেশবোৰৰ প্ৰতিযোগীয়ে ভাগ লোৱা এই প্ৰতিযোগিতাত উপাসনাই "Molasses from Bhim banana" আৰু Food product from…
লখিমপুৰৰ একেখন গাঁৱৰ ১৩ মহিলা, অৱসৰপ্ৰাপ্ত গাঁওবুঢ়াসহ ২৩ জনক জেললৈ প্ৰেৰণ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৮ নৱেম্বৰঃ লখিমপুৰৰ একেখন গাঁৱৰ ২৩ জন লোকক একেদিনাই আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰাৰ পিছত এতিয়া গাঁওখনৰ চৌদিশে কান্দোনৰ ৰোল উঠিছে৷ এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ পানীগাঁও থানাৰ অন্তৰ্গত ন-আলি কৈৱৰ্ত্ত গাঁৱত৷ উল্লেখ্য ২০১৮ চনৰ এক ঘটনাৰ আলমত এইসকল লোকক ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে জেললৈ প্ৰেৰণ কৰাত গাঁওখনৰ সৰ্বত্ৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি ২০১৮ চনৰ অক্টোবৰ মাহত বেপাই দাস নামৰ এজন লোকে ন-আলি কৈৱৰ্ত্ত গাঁৱত নিজ গৃহত চিপ লৈ আত্মহত্যা কৰে৷ এই ঘটনাৰ পিছতে বেপাই দাসৰ পৰিয়ালৰ অভিযোগ…
অসম বার্তাজীৱী সংঘৰ ৪৯সংখ্যক প্রতিষ্ঠা দিৱস পালন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ নৱেম্বৰঃ সাংবাদিক আৰু সংবাদকর্মীৰ ন্যায় আৰু অধিকাৰৰ সংগ্ৰাম তীব্ৰতৰ কৰা, সাংবাদিক পৰিয়াল কল্যাণ আঁচনিৰ অধীনত পৰিয়াল বাচনিৰ চৰকাৰী অধিসূচনা শীঘ্ৰে জাৰি কৰা, সাংবাদিকৰ জীৱন বীমা শীঘ্ৰে কাৰ্যকৰী কৰা আৰু সাংবাদিক পেঞ্চনাৰৰ সংখ্যা বৃদ্ধি কৰা আদি চাৰিটা প্ৰস্তাব আজি অসম বার্তাজীৱী সংঘৰ ৪৯ সংখ্যক প্রতিষ্ঠা দিৱসত গ্ৰহণ কৰা হয়। গুৱাহাটী প্রেছ ক্লাবত দিনজোৰা কার্যসূচীৰে পালন কৰা দিৱস উপলক্ষে পুৱা ৯ বজাত সংঘৰ সভাপতি টুটুমণি ফুকনে পতাকা উত্তোলনেৰে কার্যসূচীৰ শুভাৰম্ভণি কৰে ৷ ৯.১৫ বজাত সংঘৰ সম্পাদক মুকুটৰাজ…
সমন্বয়ৰ বাৰ্তা বিলাই জামুগুৰিহাটৰ হাটিঙা বিজয়পথাৰ সাৰ্বজনীন ৰাস মহোৎসৱৰ সামৰণি
জামুগুৰিহাট : ১৮ নবেম্বৰঃ ৰং বিৰঙৰ আলোকসজ্জাৰ সমাহাৰৰে সাইলাখ বৃন্দাবন সদৃশ পৰিবেশৰ মাজত কালি নিশা সামৰণি পৰিল শোণিতপুৰ জিলাৰ নামঘৰনগৰী জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ ৪৯ তম হাটিঙা বিজয়পথাৰ সাৰ্ব্বজনীন ৰাস মহোৎসৱৰ। উক্ত ৰাস মহোৎসৱৰ মহাৰাসৰ শুভ উদ্বোধন কৰে মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালে । বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বসতিস্থল হাটিঙা বিজয়পথাৰৰ প্ৰাঙ্গনত অহা বছৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিব। এই সাৰ্বজনীন ৰাস মহোৎসৱৰ মহাৰাসত হাজাৰ হাজাৰ লোকৰ উপস্থিতি দেখিবলৈ পোৱা গ'ল। এই ৰাস মহোৎসৱৰ বৈশিষ্ট্য হ'ল যে - বিভিন্ন চৰিত্ৰত অসমীয়া,…
উখল মাখল পৰিৱেশত কাইলৈৰ পৰা লখিমপুৰত আছুৰ সাধাৰণ সভা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ নৱেম্বৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰনাথ শৰ্মাৰ দৰে মুষ্টিমেয় জাতীয়তাবাদী আৰু স্বাভিমানী ব্যক্তিৰ প্ৰত্যক্ষ নেতৃত্বত গুৱাহাটীৰ ঐতিহাসিক লতাশিল খেলপথাৰত জন্ম হৈছিল অসমৰ প্ৰথমটো ছাত্ৰ সংগঠন ‘অসম ছাত্ৰ সন্মিলন’। সেয়া আছিল ২৫ ডিচেম্বৰ, ১৯১৬ চন। সময়ৰ আৱহমান গতিত ‘অসম ছাত্ৰ সন্মিলন’ খণ্ডিত হল, ৰূপ সলালে, নতুন নামো ললে বিভিন্ন সময়ত। কিন্ত অসমত ছাত্ৰ শক্তিৰ সংগঠিত সংগ্ৰামৰ ধাৰা চলিয়েই থাকিল। যোৱা শতিকাৰ পঞ্চম দশকৰ শেষভাগৰ পৰাই সমগ্ৰ অসমকে সামৰি এটি অৰাজনৈতিক, ধৰ্মনিৰপেক্ষ, জাতীয়তাবাদী চৰিত্ৰৰ…
দেশৰ গৰিষ্ঠসংখ্যক বিশ্ববিদ্যালয়ৰ অধ্যাপক-প্ৰতিনিধিৰ অংশগ্ৰহণেৰে দৰং মহাবিদ্যালয়ত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৭ নৱেম্বৰ : ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ দ্বাৰা মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান মূল্যায়ন কোষ (IQAC) আৰু অসম প্ৰাণীবিজ্ঞান সমিতিৰ সহযোগত অহা ১৮ আৰু ১৯ নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে 'Recent Advances in Biological Sciences: Biodiversity and Human Welfare' শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ আৰু বিজ্ঞান আৰু অভিযান্ত্ৰিক পৰিষদৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হ'বলগীয়া আলোচনাচক্ৰখনত দেশৰ বিভিন্ন অগ্ৰণী শিক্ষানুষ্ঠান যেনে…
তিনিচুকীয়াৰ জিলা পুথিভঁৰালৰ গ্ৰন্থগাৰিকৰ ঘৰৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৭ নৱেম্বৰ : তিনিচুকীয়া জিলা পুথিভঁৰালৰ গ্ৰন্থগাৰিক লাভলী দলেৰ ঘৰৰ পৰা আজি জিলা প্ৰশাসন, চাইল্ড লাইন, আৰক্ষী আৰু শ্ৰম বিভাগৰ অভিযানকাৰী দলে এটি শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে কণ্যা শিশুটি দীৰ্ঘদিনৰ পৰা গ্ৰন্থগাৰিক দলেৰ ঘৰত বনকৰা শ্ৰমিকৰূপে নিয়োজিত হৈ আছিল ৷ উদ্ধাৰ হোৱা শিশু শ্ৰমিকটিয়ে গ্ৰন্থগাৰিক দলেৰ স্বামী হৰেন পেগুৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ ঘটনা সন্দৰ্ভত তিনিচুকীয়াৰ অতিৰিক্ত উপায়ুক্ত চৰফৰাজ হকে সংবাদ মাধ্যমৰ আগত কয় যে আজি দিনৰ প্ৰায় ১ মান বজাত অসম ৰাজ্যিক শিশু…
তেজপুৰ সাহিত্য চ’ৰাৰ সদৌ অসম আৰু জিলা ভিত্তিত সাহিত্য প্রতিযোগিতাৰ আয়োজন
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৭ নবেম্বৰঃ তেজপুৰৰ অন্যতম অগ্ৰণী সাহিত্যানুষ্ঠান তেজপুৰ সাহিত্য চ’ৰাই বিগত বৰ্ষবোৰৰ দৰে এইবেলিও ২০২২-২৩ বৰ্ষৰ সদৌ অসম আৰু জিলা ভিত্তিত এলানি সাহিত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছে ৷ এই সন্দৰ্ভত সাহিত্য চ’ৰাৰ তৰফৰ পৰা জানিবলৈ দিয়া সদৌ অসম ভিত্তিত আয়োজন কৰা সাহিত্য প্ৰতিযোগিতা সমূহ এনেধৰণৰ - ‘কনক চন্দ্ৰ চৌধুৰী সোঁৱৰণী গল্প প্রতিযোগিতা’ (উচ্চ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ অধ্যয়নৰত), ‘শুৱলা চৌধুৰী সোঁৱৰণী কবিতা প্ৰতিযোগিতা’ (উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ অধ্যয়নৰত), ১৫০০ শব্দৰ ভিতৰত ‘ভাৰতীয় মহাকাশ অভিযানৰ…
নাওবৈচাত পথ দুৰ্ঘটনাত ছাত্ৰ নেতা নিহত
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ নৱেম্বৰঃ লখিমপুৰ জিলাৰ নাওবৈচাত যোৱা নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত সদৌ অসম ছাত্ৰ সন্থাৰ নাওবৈচা আঞ্চলিকৰ সাধাৰণ সম্পাদক অনন্ত বৰা নিহত হয়৷ উল্লেখ্য যে অহা ১৯, ২০ আৰু ২১ নৱেম্বৰত সদৌ অসম ছাত্ৰ সন্থাৰ লখিমপুৰত অনুষ্ঠিত হ’ব লগা সাধাৰণ অধিবেশনৰ কাম কাজত ব্যস্ত হৈ নিশা লখিমপুৰৰ পৰা নাওবৈচাৰ গৃহাভিমুখে মটৰ চাইকেলেৰে গৈ থকা পথত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দহ মাইলত এখন অচিনাক্ত বাহনে ছাত্ৰ নেতাজনক খুন্দিয়াই গুৰুতৰ ভাৱে আহত কৰে৷ পিছত স্থানীয় লোকৰ লগতে নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাৰ…
