Browsing Category
অসম
বজাৰলৈ আহিছে পদুমনি নামৰ সুগন্ধি চিৰা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ নৱেম্বৰঃ লখিমপুৰৰ কৃষি বিজ্ঞান কেন্দ্ৰটোৱে সাম্প্ৰতিক সময়ত ন ন উৎপাদনেৰে কৃষকৰ কাষ চপা পৰিলক্ষিত হৈছে৷ লখিমপুৰৰ গৰুমূৰীয়াস্থ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ চৌহদত থকা এই কৃষি বিজ্ঞান কেন্দ্ৰটোৱে এতিয়া বিভিন্ন উন্নত জাতৰ কৃষি সামগ্ৰী উৎপাদন আৰম্ভ কৰিেছ ৷ কেন্দ্ৰটোত এতিয়া পদুমনি নামৰ এবিধ উন্নত জাতৰ ধান উৎপাদন কৰাৰ পিছত এই ধানৰ পৰা তৈয়াৰ কৰা সুগন্ধিযুক্ত চিৰাই সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ পদুমনি ধানৰ পৰা তৈয়াৰ কৰা চিৰাৰ বিশেষত্ব হৈছে যে এই চিৰাবিধ অতি জুতিলগা আৰু সুগন্ধিযুক্ত ৷ দেখাতো অতি মনোমোহা এই…
তিনিচুকীয়া ষ্টেচনত সন্দেহজনক হেৰ’ইনসহ ধৃত যুৱক-যুৱতী
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ নৱেম্বৰঃ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত থকা অভিযানৰ অন্তৰ্গত শুকুৰবাৰে নিশা নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত অভিযান চলাই তিনিচুকীয়া আৰক্ষীয়ে নিউ তিনিচুকীয়া ৰেলৱে ষ্টেচনৰ পৰা সন্দেহজনক হেৰ’ইনসহ এহাল যুৱক-যুৱতীক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত যুৱক-যুৱতীহাল ক্ৰমে প্ৰণৱ দৰ্জী (২৩) আৰু প্ৰিয়ংকা শইকীয়া (১৮) বুলি প্ৰকাশ ৷ জানিব পৰা মতে প্ৰণৱ দৰ্জীৰ ঘৰ শদিয়া আৰক্ষী থানাৰ অন্তৰ্গত মিলন নগৰত ৷ আনহাতে প্ৰিয়ংকা শইকীয়া বৰ্তমানৰ ঠিকনা দুলীয়াজানৰ কমলাবাৰী পথৰ ১৬ নং তিনিআলি যদিও তেওঁৰ স্থায়ী ঠিকনা হৈছে নাহৰকটীয়াৰ চাঁচনীৰ…
তেজপুৰত প্ৰবীন অভিনেত্ৰী-নৃত্যশিল্পী কৃষ্ণাদাস নাথৰ মূল্যবান গ্ৰন্থ ‘প্ৰতিধ্বনি শুনো মই……সান্নিধ্যৰ সুবাসিত সোঁৱৰণ’ উন্মোচন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৩ নবেম্বৰঃ অসম আৰু অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী, সুধাকণ্ঠ, ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাৰ লগতে অসমৰ জাতীয় জীৱনৰ প্ৰাতঃস্মৰণীয় পুৰোধা শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূর্য ফণী শৰ্ম্মাকে ধৰি অসমৰ শিল্প-কলা ক্ষেত্ৰখনৰ বহু প্ৰখ্যাত শিল্পীৰ লগতে দেশৰ ছবিজগতৰ বহুকেইগৰাকী বিশিষ্ট পৰিচালক আৰু অভিনেতাৰ সান্নিধ্যৰ স্মৃতি সংপৃক্ত অসমীয়া সংস্কৃতিৰ ইতিহাসৰ এচোৱা প্ৰতিফলিত হ’ব পৰাকৈ প্ৰবীণ অভিনেত্ৰী তথা নৃত্য শিল্পী কৃষ্ণা দাস নাথে ৰচনা কৰা ‘প্ৰতিধ্বনি শুনো মই-সান্নিধ্যৰ সুবাসিত সোঁৱৰণ’ শীৰ্ষক গ্ৰন্থখন আজি সন্ধিয়া…
তেজপুৰত বিজেপি দলত যোগদান সহস্ৰাধিক কংগ্ৰেছ আৰু অগপ কৰ্মী সমৰ্থকৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ,১৩ নৱেম্বৰঃ শোণিতপুৰ জিলা যুৱ কংগ্ৰেছৰ সুমন্ত বড়ো, সাধাৰণ সম্পাদক অসীম শইকীয়া, এন এছ ইউ আইৰ জিলা সম্পাহক ৰাকেশ মণি দাস আৰু জিলা যুৱ কংগ্ৰেছৰ সম্পাদক চাম্পি কলিতাকে ধৰি সহস্ৰাধিক লোকে আজি তেজপুৰত বিজেপি দলত যোগদান কৰে৷ একেদৰেই অগপৰো বৃহৎ সংখ্যক কৰ্মী তথা সমৰ্থকে বিজেপিত যোগদান কৰে৷ উল্লেখযোগ্য যে, বিজেপি দলৰ শোণিতপুৰ জিলা যুৱ মৰ্চাৰ উদ্যোগত আজি তেজপুৰৰ হেমবৰুৱা ভৱনত অনুষ্ঠিত হয় বিজেপিত যোগদানৰ কাৰ্যসূচী৷ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেজপুৰৰ বিজেপি সাংসদ পল্লৱ লোচন দাসে লগতে কয়, প্ৰতিটো…
তিনিচুকীয়াৰ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে হিতাধিকাৰীৰ ধন আত্মসাতৰ অভিযোগ : গোচৰ ৰুজু
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ নৱেম্বৰ : স্থানীয় বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্রী সঞ্জয় কিষাণৰ অকৰ্মণ্যতাৰ বাবে এচাম ধুৰন্ধৰ জনপ্ৰতিনিধিয়ে তিনিচুকীয়া সমষ্টিৰ গৰিষ্ঠসংখ্যক গাঁও পঞ্চায়তত দুৰ্নীতিৰ পোহাৰ মেলিবলৈ সক্ষম হৈছে ৷ অতি শেহতীয়াকৈ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে ৰংপুৰীয়া গাঁও পঞ্চায়তৰ খোদ সভাপতিজনৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি ৰংপুৰীয়া গাঁও পঞ্চায়তৰ সভাপতি দয়াশংকৰ যাদৱে বাগিচা অঞ্চলৰ সহজ, সৰল শ্ৰমিক ৰাইজক আভুৱা ভাৰি চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰি আহিছে ৷ পঞ্চায়তৰ সভাপতি দয়াশংকৰৰ বিৰুদ্ধে উঠিছে তিনিচুকীয়াৰ শিউপুৰ…
জামুগুৰিহাটৰ ৰাসত ৰাধাৰ চৰিত্ৰত অভিনয় জনপ্ৰিয় অভিনেত্ৰী মেঘৰঞ্জনী মেধিৰ
জামুগুৰিহাট, ৯ নৱেম্বৰঃ কৃষ্টি-সংস্কৃতিৰ সাৰুৱা ভূমি তথা নামঘৰ নগৰী খ্যাত জামুগুৰিহাটত এতিয়া ৰাস মহোৎসৱত লোকাৰণ্য পৰিবেশ । চন্দ্ৰমাৰ পোহৰ ৰং বিৰঙৰ লাইটৰ সমাহাৰে সাইলাখ বৃন্দাবন সদৃশ পৰিবেশৰ মাজত অনুষ্ঠিত হৈছে ইখনৰ পিছত সিখন ৰাস মহোৎসৱ । ঐতিহ্যমণ্ডিত বাসুদেৱ থানত ৬ আৰু ৭ নৱেম্বৰত ৰাস মহোৎসৱ অনুষ্ঠিত হোৱাৰ পাছত কালি অনুষ্ঠিত হ'ল শ্ৰী শ্ৰী নৰোৱা থানৰ ৰাস মহোৎসৱ । নৰোৱা থানৰ ৰাস মহোৎসৱত ৰাধাৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় অভিনেত্ৰী তথা নৃত্যপটিয়সী মেঘৰঞ্জনী মেধিয়ে কালি হাজাৰ হাজাৰ ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে । ৰাস মহোৎসৱস্থলিত…
নদুৱাৰৰ জয়সিদ্ধিত মাত্ৰ ২০০ টকাৰ বাবেই মহিলাৰ ৰহস্যজনক মৃত্যু
জামুগুৰিহাট, ৯ নৱেম্বৰঃ নদুৱাৰৰ জয়সিদ্ধিৰ গনেশপুৰৰ এগৰাকী ২২ বছৰীয়া মহিলাই আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে ৷ জয়সিদ্ধিৰ নিৱাসী দিব্যজ্যোতি নাথে পত্নী মিতালী দেৱীক উপাৰ্জন কৰি অনা ১৭০০ টকাৰ পৰা ৫০০ টকা জমা দিছিল ৷ দিব্যই মটৰচাইকেল চাৰ্ভিছিংত গৈছিল আৰু সমস্ত ধন খৰচ কৰিছিল ৷ ঘৰৰ ওচৰৰে মৃতকৰ নিয়ামুহি সুধিবলৈ বুলি পিতৃক টকাৰ প্ৰয়োজন হোৱাত স্বামী দিব্যই পত্নীক দি যোৱা ৫০০ টকাৰে ২০০ টকা দিবলৈ কৈছিল ৷ পত্নীয়ে টকাটো দিবলৈ অমান্তি হৈছিল আৰু কাজিয়াৰ সূত্ৰপাত আৰম্ভ হৈছিল ৷ এই ২০০ টকাই কাল হ’ল নেকি? চাৰ্ভিচিংৰ পৰা…
চৰকাৰী ভূমি বেদখল কৰি বিজেপিয়ে মাকুম মণ্ডলৰ কাৰ্য্যালয় স্থাপনৰ গুৰুতৰ অভিযোগ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ নৱেম্বৰ : চৰকাৰী ভূমি বেদখল কৰি বিজেপি দলে মাকুম মণ্ডলৰ কাৰ্য্যালয় স্থাপন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ আজি এক বিবৃতিত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি মৌচুম বৰুৱাই কয় যে তিনিচুকীয়া জিলা প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই সকলো ভূমি আইন উলংঘা কৰি বিজেপি দলে চৰকাৰী ভূমি বেদখল কৰি মাকুম মণ্ডল সমিতিৰ কাৰ্য্যালয়টো মাকুমৰ তৰুণ নগৰস্থিত সৎসঙ্গ বিহাৰলৈ যোৱা পথত নিৰ্মাণ কৰিছে ৷ উল্লেখ্য, চৰকাৰী ভূমি বেদখল কৰি নিৰ্মাণৰ অভিযোগ উঠা মাকুম মণ্ডল সমিতিৰ কাৰ্য্যালয়টো আজি বিজেপি দলৰ নেতা, পালিনেতাৰ উপস্থিতিত…
পানীন্দ্ৰনাথ গগৈ ৰচনাৱলী উন্মোচন
পানীন্দ্ৰনাথ গগৈ ৰচনাৱলী উন্মোচশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ নৱেম্বৰঃ ‘ঊনবিংশ শতিকাৰ সংকটকালত অসমীয়া ভাষা-সাহিত্যৰ হৈ যুঁজ দিয়া অন্যতম যোদ্ধা আছিল পানীন্দ্ৰনাথ গগৈ৷ যাৰ অৱদান অবিহনে অসমীয়াৰ ভাষিক জাতীয়তাৰ প্ৰতিষ্ঠা অত্যন্ত জটিল হ’লহেঁতেন৷’– এই মন্তব্য বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ড॰ হেমন্ত কুমাৰ বৰুৱাৰ৷ আজি লখিমপুৰত পানীন্দ্ৰনাথ গগৈ ৰচনাৱলী উন্মোচন কৰি তেওঁ এইদৰে কয়৷ তেওঁ লগতে কয় যে, পানীন্দ্ৰনাথ গগৈৰ বিষয়ে যিদৰে চৰ্চা হ’ব লাগে তেনেদৰে হোৱা নাই৷ নতুন প্ৰজন্মক তেওঁৰ অৱদানৰ বিষয়ে জনোৱাটো জ্যেষ্ঠসকলৰ…
তেজপুৰৰ ভোমোৰাগুৰিত বীৰ সেনাপতি কলীয়াভোমোৰাৰ আৱক্ষ মূৰ্ত্তি আৰু উদ্যান নিৰ্মাণৰ আহ্বান
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৭অক্টোবৰ: তেজপুৰ নগাঁও সংযোগী তথা ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলং আনুষ্ঠানিক ভাবে উদ্বোধন কৰাৰ বাবে সৰ্বসাধাৰণে অপেক্ষা কৰাৰ সময়তে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে এখন উদ্যানৰ লগতে আহোম ৰাজত্ব কালৰ বীৰ সেনাপতি কলীয়া ভোমোৰাৰ এক আৱক্ষ মূৰ্ত্তি স্হাপনৰ আহ্বান জনাইছে তাই আহোম সাংস্কৃতিক বিকাশ সমিতিয়ে৷সমিতিৰ সভাপতি ভূৱন চন্দ্ৰ গগৈ আৰু সম্পাদক বলীন গগৈ স্বাক্ষৰিত এখন পত্ৰৰে শোণিতপুৰৰ উপায়ুক্তক এই আহ্বান জনাই লগতে কোৱা হৈছে যে,ইয়াত থকা তথা ১৯৮৭ত মুকলি কৰা প্ৰথমখন দলঙৰ নাম কলীয়া ভোমোৰা দলং ৰখাত ৰাইজে সন্তুষ্টি প্ৰকাশ…
