Browsing Category
অসম
সমন্বয়ৰ বাৰ্তা বিলাই জামুগুৰিহাটৰ হাটিঙা বিজয়পথাৰ সাৰ্বজনীন ৰাস মহোৎসৱৰ সামৰণি
জামুগুৰিহাট : ১৮ নবেম্বৰঃ ৰং বিৰঙৰ আলোকসজ্জাৰ সমাহাৰৰে সাইলাখ বৃন্দাবন সদৃশ পৰিবেশৰ মাজত কালি নিশা সামৰণি পৰিল শোণিতপুৰ জিলাৰ নামঘৰনগৰী জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ ৪৯ তম হাটিঙা বিজয়পথাৰ সাৰ্ব্বজনীন ৰাস মহোৎসৱৰ। উক্ত ৰাস মহোৎসৱৰ মহাৰাসৰ শুভ উদ্বোধন কৰে মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালে । বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বসতিস্থল হাটিঙা বিজয়পথাৰৰ প্ৰাঙ্গনত অহা বছৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিব। এই সাৰ্বজনীন ৰাস মহোৎসৱৰ মহাৰাসত হাজাৰ হাজাৰ লোকৰ উপস্থিতি দেখিবলৈ পোৱা গ'ল। এই ৰাস মহোৎসৱৰ বৈশিষ্ট্য হ'ল যে - বিভিন্ন চৰিত্ৰত অসমীয়া,…
উখল মাখল পৰিৱেশত কাইলৈৰ পৰা লখিমপুৰত আছুৰ সাধাৰণ সভা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ নৱেম্বৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰনাথ শৰ্মাৰ দৰে মুষ্টিমেয় জাতীয়তাবাদী আৰু স্বাভিমানী ব্যক্তিৰ প্ৰত্যক্ষ নেতৃত্বত গুৱাহাটীৰ ঐতিহাসিক লতাশিল খেলপথাৰত জন্ম হৈছিল অসমৰ প্ৰথমটো ছাত্ৰ সংগঠন ‘অসম ছাত্ৰ সন্মিলন’। সেয়া আছিল ২৫ ডিচেম্বৰ, ১৯১৬ চন। সময়ৰ আৱহমান গতিত ‘অসম ছাত্ৰ সন্মিলন’ খণ্ডিত হল, ৰূপ সলালে, নতুন নামো ললে বিভিন্ন সময়ত। কিন্ত অসমত ছাত্ৰ শক্তিৰ সংগঠিত সংগ্ৰামৰ ধাৰা চলিয়েই থাকিল। যোৱা শতিকাৰ পঞ্চম দশকৰ শেষভাগৰ পৰাই সমগ্ৰ অসমকে সামৰি এটি অৰাজনৈতিক, ধৰ্মনিৰপেক্ষ, জাতীয়তাবাদী চৰিত্ৰৰ…
দেশৰ গৰিষ্ঠসংখ্যক বিশ্ববিদ্যালয়ৰ অধ্যাপক-প্ৰতিনিধিৰ অংশগ্ৰহণেৰে দৰং মহাবিদ্যালয়ত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৭ নৱেম্বৰ : ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ দ্বাৰা মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান মূল্যায়ন কোষ (IQAC) আৰু অসম প্ৰাণীবিজ্ঞান সমিতিৰ সহযোগত অহা ১৮ আৰু ১৯ নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে 'Recent Advances in Biological Sciences: Biodiversity and Human Welfare' শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ আৰু বিজ্ঞান আৰু অভিযান্ত্ৰিক পৰিষদৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হ'বলগীয়া আলোচনাচক্ৰখনত দেশৰ বিভিন্ন অগ্ৰণী শিক্ষানুষ্ঠান যেনে…
তিনিচুকীয়াৰ জিলা পুথিভঁৰালৰ গ্ৰন্থগাৰিকৰ ঘৰৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৭ নৱেম্বৰ : তিনিচুকীয়া জিলা পুথিভঁৰালৰ গ্ৰন্থগাৰিক লাভলী দলেৰ ঘৰৰ পৰা আজি জিলা প্ৰশাসন, চাইল্ড লাইন, আৰক্ষী আৰু শ্ৰম বিভাগৰ অভিযানকাৰী দলে এটি শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে কণ্যা শিশুটি দীৰ্ঘদিনৰ পৰা গ্ৰন্থগাৰিক দলেৰ ঘৰত বনকৰা শ্ৰমিকৰূপে নিয়োজিত হৈ আছিল ৷ উদ্ধাৰ হোৱা শিশু শ্ৰমিকটিয়ে গ্ৰন্থগাৰিক দলেৰ স্বামী হৰেন পেগুৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ ঘটনা সন্দৰ্ভত তিনিচুকীয়াৰ অতিৰিক্ত উপায়ুক্ত চৰফৰাজ হকে সংবাদ মাধ্যমৰ আগত কয় যে আজি দিনৰ প্ৰায় ১ মান বজাত অসম ৰাজ্যিক শিশু…
তেজপুৰ সাহিত্য চ’ৰাৰ সদৌ অসম আৰু জিলা ভিত্তিত সাহিত্য প্রতিযোগিতাৰ আয়োজন
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৭ নবেম্বৰঃ তেজপুৰৰ অন্যতম অগ্ৰণী সাহিত্যানুষ্ঠান তেজপুৰ সাহিত্য চ’ৰাই বিগত বৰ্ষবোৰৰ দৰে এইবেলিও ২০২২-২৩ বৰ্ষৰ সদৌ অসম আৰু জিলা ভিত্তিত এলানি সাহিত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছে ৷ এই সন্দৰ্ভত সাহিত্য চ’ৰাৰ তৰফৰ পৰা জানিবলৈ দিয়া সদৌ অসম ভিত্তিত আয়োজন কৰা সাহিত্য প্ৰতিযোগিতা সমূহ এনেধৰণৰ - ‘কনক চন্দ্ৰ চৌধুৰী সোঁৱৰণী গল্প প্রতিযোগিতা’ (উচ্চ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ অধ্যয়নৰত), ‘শুৱলা চৌধুৰী সোঁৱৰণী কবিতা প্ৰতিযোগিতা’ (উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ অধ্যয়নৰত), ১৫০০ শব্দৰ ভিতৰত ‘ভাৰতীয় মহাকাশ অভিযানৰ…
নাওবৈচাত পথ দুৰ্ঘটনাত ছাত্ৰ নেতা নিহত
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ নৱেম্বৰঃ লখিমপুৰ জিলাৰ নাওবৈচাত যোৱা নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত সদৌ অসম ছাত্ৰ সন্থাৰ নাওবৈচা আঞ্চলিকৰ সাধাৰণ সম্পাদক অনন্ত বৰা নিহত হয়৷ উল্লেখ্য যে অহা ১৯, ২০ আৰু ২১ নৱেম্বৰত সদৌ অসম ছাত্ৰ সন্থাৰ লখিমপুৰত অনুষ্ঠিত হ’ব লগা সাধাৰণ অধিবেশনৰ কাম কাজত ব্যস্ত হৈ নিশা লখিমপুৰৰ পৰা নাওবৈচাৰ গৃহাভিমুখে মটৰ চাইকেলেৰে গৈ থকা পথত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দহ মাইলত এখন অচিনাক্ত বাহনে ছাত্ৰ নেতাজনক খুন্দিয়াই গুৰুতৰ ভাৱে আহত কৰে৷ পিছত স্থানীয় লোকৰ লগতে নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাৰ…
বজাৰলৈ আহিছে পদুমনি নামৰ সুগন্ধি চিৰা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ নৱেম্বৰঃ লখিমপুৰৰ কৃষি বিজ্ঞান কেন্দ্ৰটোৱে সাম্প্ৰতিক সময়ত ন ন উৎপাদনেৰে কৃষকৰ কাষ চপা পৰিলক্ষিত হৈছে৷ লখিমপুৰৰ গৰুমূৰীয়াস্থ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ চৌহদত থকা এই কৃষি বিজ্ঞান কেন্দ্ৰটোৱে এতিয়া বিভিন্ন উন্নত জাতৰ কৃষি সামগ্ৰী উৎপাদন আৰম্ভ কৰিেছ ৷ কেন্দ্ৰটোত এতিয়া পদুমনি নামৰ এবিধ উন্নত জাতৰ ধান উৎপাদন কৰাৰ পিছত এই ধানৰ পৰা তৈয়াৰ কৰা সুগন্ধিযুক্ত চিৰাই সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ পদুমনি ধানৰ পৰা তৈয়াৰ কৰা চিৰাৰ বিশেষত্ব হৈছে যে এই চিৰাবিধ অতি জুতিলগা আৰু সুগন্ধিযুক্ত ৷ দেখাতো অতি মনোমোহা এই…
তিনিচুকীয়া ষ্টেচনত সন্দেহজনক হেৰ’ইনসহ ধৃত যুৱক-যুৱতী
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ নৱেম্বৰঃ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত থকা অভিযানৰ অন্তৰ্গত শুকুৰবাৰে নিশা নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত অভিযান চলাই তিনিচুকীয়া আৰক্ষীয়ে নিউ তিনিচুকীয়া ৰেলৱে ষ্টেচনৰ পৰা সন্দেহজনক হেৰ’ইনসহ এহাল যুৱক-যুৱতীক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত যুৱক-যুৱতীহাল ক্ৰমে প্ৰণৱ দৰ্জী (২৩) আৰু প্ৰিয়ংকা শইকীয়া (১৮) বুলি প্ৰকাশ ৷ জানিব পৰা মতে প্ৰণৱ দৰ্জীৰ ঘৰ শদিয়া আৰক্ষী থানাৰ অন্তৰ্গত মিলন নগৰত ৷ আনহাতে প্ৰিয়ংকা শইকীয়া বৰ্তমানৰ ঠিকনা দুলীয়াজানৰ কমলাবাৰী পথৰ ১৬ নং তিনিআলি যদিও তেওঁৰ স্থায়ী ঠিকনা হৈছে নাহৰকটীয়াৰ চাঁচনীৰ…
তেজপুৰত প্ৰবীন অভিনেত্ৰী-নৃত্যশিল্পী কৃষ্ণাদাস নাথৰ মূল্যবান গ্ৰন্থ ‘প্ৰতিধ্বনি শুনো মই……সান্নিধ্যৰ সুবাসিত সোঁৱৰণ’ উন্মোচন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৩ নবেম্বৰঃ অসম আৰু অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী, সুধাকণ্ঠ, ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাৰ লগতে অসমৰ জাতীয় জীৱনৰ প্ৰাতঃস্মৰণীয় পুৰোধা শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূর্য ফণী শৰ্ম্মাকে ধৰি অসমৰ শিল্প-কলা ক্ষেত্ৰখনৰ বহু প্ৰখ্যাত শিল্পীৰ লগতে দেশৰ ছবিজগতৰ বহুকেইগৰাকী বিশিষ্ট পৰিচালক আৰু অভিনেতাৰ সান্নিধ্যৰ স্মৃতি সংপৃক্ত অসমীয়া সংস্কৃতিৰ ইতিহাসৰ এচোৱা প্ৰতিফলিত হ’ব পৰাকৈ প্ৰবীণ অভিনেত্ৰী তথা নৃত্য শিল্পী কৃষ্ণা দাস নাথে ৰচনা কৰা ‘প্ৰতিধ্বনি শুনো মই-সান্নিধ্যৰ সুবাসিত সোঁৱৰণ’ শীৰ্ষক গ্ৰন্থখন আজি সন্ধিয়া…
তেজপুৰত বিজেপি দলত যোগদান সহস্ৰাধিক কংগ্ৰেছ আৰু অগপ কৰ্মী সমৰ্থকৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ,১৩ নৱেম্বৰঃ শোণিতপুৰ জিলা যুৱ কংগ্ৰেছৰ সুমন্ত বড়ো, সাধাৰণ সম্পাদক অসীম শইকীয়া, এন এছ ইউ আইৰ জিলা সম্পাহক ৰাকেশ মণি দাস আৰু জিলা যুৱ কংগ্ৰেছৰ সম্পাদক চাম্পি কলিতাকে ধৰি সহস্ৰাধিক লোকে আজি তেজপুৰত বিজেপি দলত যোগদান কৰে৷ একেদৰেই অগপৰো বৃহৎ সংখ্যক কৰ্মী তথা সমৰ্থকে বিজেপিত যোগদান কৰে৷ উল্লেখযোগ্য যে, বিজেপি দলৰ শোণিতপুৰ জিলা যুৱ মৰ্চাৰ উদ্যোগত আজি তেজপুৰৰ হেমবৰুৱা ভৱনত অনুষ্ঠিত হয় বিজেপিত যোগদানৰ কাৰ্যসূচী৷ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেজপুৰৰ বিজেপি সাংসদ পল্লৱ লোচন দাসে লগতে কয়, প্ৰতিটো…
