Browsing Category
অসম
তিনিচুকীয়াৰ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে হিতাধিকাৰীৰ ধন আত্মসাতৰ অভিযোগ : গোচৰ ৰুজু
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ নৱেম্বৰ : স্থানীয় বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্রী সঞ্জয় কিষাণৰ অকৰ্মণ্যতাৰ বাবে এচাম ধুৰন্ধৰ জনপ্ৰতিনিধিয়ে তিনিচুকীয়া সমষ্টিৰ গৰিষ্ঠসংখ্যক গাঁও পঞ্চায়তত দুৰ্নীতিৰ পোহাৰ মেলিবলৈ সক্ষম হৈছে ৷ অতি শেহতীয়াকৈ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে ৰংপুৰীয়া গাঁও পঞ্চায়তৰ খোদ সভাপতিজনৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি ৰংপুৰীয়া গাঁও পঞ্চায়তৰ সভাপতি দয়াশংকৰ যাদৱে বাগিচা অঞ্চলৰ সহজ, সৰল শ্ৰমিক ৰাইজক আভুৱা ভাৰি চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰি আহিছে ৷ পঞ্চায়তৰ সভাপতি দয়াশংকৰৰ বিৰুদ্ধে উঠিছে তিনিচুকীয়াৰ শিউপুৰ…
জামুগুৰিহাটৰ ৰাসত ৰাধাৰ চৰিত্ৰত অভিনয় জনপ্ৰিয় অভিনেত্ৰী মেঘৰঞ্জনী মেধিৰ
জামুগুৰিহাট, ৯ নৱেম্বৰঃ কৃষ্টি-সংস্কৃতিৰ সাৰুৱা ভূমি তথা নামঘৰ নগৰী খ্যাত জামুগুৰিহাটত এতিয়া ৰাস মহোৎসৱত লোকাৰণ্য পৰিবেশ । চন্দ্ৰমাৰ পোহৰ ৰং বিৰঙৰ লাইটৰ সমাহাৰে সাইলাখ বৃন্দাবন সদৃশ পৰিবেশৰ মাজত অনুষ্ঠিত হৈছে ইখনৰ পিছত সিখন ৰাস মহোৎসৱ । ঐতিহ্যমণ্ডিত বাসুদেৱ থানত ৬ আৰু ৭ নৱেম্বৰত ৰাস মহোৎসৱ অনুষ্ঠিত হোৱাৰ পাছত কালি অনুষ্ঠিত হ'ল শ্ৰী শ্ৰী নৰোৱা থানৰ ৰাস মহোৎসৱ । নৰোৱা থানৰ ৰাস মহোৎসৱত ৰাধাৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় অভিনেত্ৰী তথা নৃত্যপটিয়সী মেঘৰঞ্জনী মেধিয়ে কালি হাজাৰ হাজাৰ ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে । ৰাস মহোৎসৱস্থলিত…
নদুৱাৰৰ জয়সিদ্ধিত মাত্ৰ ২০০ টকাৰ বাবেই মহিলাৰ ৰহস্যজনক মৃত্যু
জামুগুৰিহাট, ৯ নৱেম্বৰঃ নদুৱাৰৰ জয়সিদ্ধিৰ গনেশপুৰৰ এগৰাকী ২২ বছৰীয়া মহিলাই আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে ৷ জয়সিদ্ধিৰ নিৱাসী দিব্যজ্যোতি নাথে পত্নী মিতালী দেৱীক উপাৰ্জন কৰি অনা ১৭০০ টকাৰ পৰা ৫০০ টকা জমা দিছিল ৷ দিব্যই মটৰচাইকেল চাৰ্ভিছিংত গৈছিল আৰু সমস্ত ধন খৰচ কৰিছিল ৷ ঘৰৰ ওচৰৰে মৃতকৰ নিয়ামুহি সুধিবলৈ বুলি পিতৃক টকাৰ প্ৰয়োজন হোৱাত স্বামী দিব্যই পত্নীক দি যোৱা ৫০০ টকাৰে ২০০ টকা দিবলৈ কৈছিল ৷ পত্নীয়ে টকাটো দিবলৈ অমান্তি হৈছিল আৰু কাজিয়াৰ সূত্ৰপাত আৰম্ভ হৈছিল ৷ এই ২০০ টকাই কাল হ’ল নেকি? চাৰ্ভিচিংৰ পৰা…
চৰকাৰী ভূমি বেদখল কৰি বিজেপিয়ে মাকুম মণ্ডলৰ কাৰ্য্যালয় স্থাপনৰ গুৰুতৰ অভিযোগ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ নৱেম্বৰ : চৰকাৰী ভূমি বেদখল কৰি বিজেপি দলে মাকুম মণ্ডলৰ কাৰ্য্যালয় স্থাপন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ আজি এক বিবৃতিত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি মৌচুম বৰুৱাই কয় যে তিনিচুকীয়া জিলা প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই সকলো ভূমি আইন উলংঘা কৰি বিজেপি দলে চৰকাৰী ভূমি বেদখল কৰি মাকুম মণ্ডল সমিতিৰ কাৰ্য্যালয়টো মাকুমৰ তৰুণ নগৰস্থিত সৎসঙ্গ বিহাৰলৈ যোৱা পথত নিৰ্মাণ কৰিছে ৷ উল্লেখ্য, চৰকাৰী ভূমি বেদখল কৰি নিৰ্মাণৰ অভিযোগ উঠা মাকুম মণ্ডল সমিতিৰ কাৰ্য্যালয়টো আজি বিজেপি দলৰ নেতা, পালিনেতাৰ উপস্থিতিত…
পানীন্দ্ৰনাথ গগৈ ৰচনাৱলী উন্মোচন
পানীন্দ্ৰনাথ গগৈ ৰচনাৱলী উন্মোচশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ নৱেম্বৰঃ ‘ঊনবিংশ শতিকাৰ সংকটকালত অসমীয়া ভাষা-সাহিত্যৰ হৈ যুঁজ দিয়া অন্যতম যোদ্ধা আছিল পানীন্দ্ৰনাথ গগৈ৷ যাৰ অৱদান অবিহনে অসমীয়াৰ ভাষিক জাতীয়তাৰ প্ৰতিষ্ঠা অত্যন্ত জটিল হ’লহেঁতেন৷’– এই মন্তব্য বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ড॰ হেমন্ত কুমাৰ বৰুৱাৰ৷ আজি লখিমপুৰত পানীন্দ্ৰনাথ গগৈ ৰচনাৱলী উন্মোচন কৰি তেওঁ এইদৰে কয়৷ তেওঁ লগতে কয় যে, পানীন্দ্ৰনাথ গগৈৰ বিষয়ে যিদৰে চৰ্চা হ’ব লাগে তেনেদৰে হোৱা নাই৷ নতুন প্ৰজন্মক তেওঁৰ অৱদানৰ বিষয়ে জনোৱাটো জ্যেষ্ঠসকলৰ…
তেজপুৰৰ ভোমোৰাগুৰিত বীৰ সেনাপতি কলীয়াভোমোৰাৰ আৱক্ষ মূৰ্ত্তি আৰু উদ্যান নিৰ্মাণৰ আহ্বান
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৭অক্টোবৰ: তেজপুৰ নগাঁও সংযোগী তথা ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলং আনুষ্ঠানিক ভাবে উদ্বোধন কৰাৰ বাবে সৰ্বসাধাৰণে অপেক্ষা কৰাৰ সময়তে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে এখন উদ্যানৰ লগতে আহোম ৰাজত্ব কালৰ বীৰ সেনাপতি কলীয়া ভোমোৰাৰ এক আৱক্ষ মূৰ্ত্তি স্হাপনৰ আহ্বান জনাইছে তাই আহোম সাংস্কৃতিক বিকাশ সমিতিয়ে৷সমিতিৰ সভাপতি ভূৱন চন্দ্ৰ গগৈ আৰু সম্পাদক বলীন গগৈ স্বাক্ষৰিত এখন পত্ৰৰে শোণিতপুৰৰ উপায়ুক্তক এই আহ্বান জনাই লগতে কোৱা হৈছে যে,ইয়াত থকা তথা ১৯৮৭ত মুকলি কৰা প্ৰথমখন দলঙৰ নাম কলীয়া ভোমোৰা দলং ৰখাত ৰাইজে সন্তুষ্টি প্ৰকাশ…
তিনিচুকীয়াৰ ৬ টা বাতৰি
বাগিছা অঞ্চলত সুৰাৰ দোকান খুলিবলৈ দিয়া নহ'বঃ আটলুৰ কাৰ্য্যনিৰ্বাহক সভাত প্ৰস্তাৱশতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৭ নৱেম্বৰ : অসম চৰকাৰে ৰাজহৰ ঘাটি পূৰাবৰ বাবে ৰাজ্যৰ চুকে কোণে শ শ সুৰাৰ বিপনী স্থাপন কৰিবলৈ লোৱাৰ সময়তে বাগিছা অঞ্চলত মদৰ দোকান স্থাপনৰ পৰা বিৰত থাকিবলৈ চৰকাৰক সকীয়নি দিছে অসম টি লেবাৰ ইউনিয়নে (আটলু) ৷ দেওবাৰে তিনিচুকীয়াত অনুষ্ঠিত আটলুৰ এখন কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাত এই সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আটলুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ইজৰাইল নন্দই এক বিবৃতিত কয় যে সভাই চাহ বাগিছা অধ্যুষিত…
তেজপুৰত ডাম্পাৰৰ খুন্দাত শিশু নিহত
শতাব্দ প্ৰতিনিধি তেজপুৰ,৭নবেম্বৰঃ তেজপুৰৰ পুৰণি আলিমূৰ অঞ্চলত আজি পুৱা সংঘটিত এক শোকাবহ দুৰ্ঘটনাত অনুশ্ৰী পাল নামৰ এটি পাঁচ বছৰীয়া কন্যা শিশু নিহত হয়৷ উল্লেখযোগ্য যে,আত্মীয়ৰ পৰিয়ালৰ স’তে ঘৰত ফুৰিবলৈ অহা শিশুটিয়ে আজি মাক আৰু আইতাকৰ স’তে তেজপুৰ চহৰলৈ বুলি ওলাই অহাৰ সময়তে স্হানীয় বৰঘাট আৰক্ষী চকীৰ সমীপত এএছ১২এচি ৪৯১৮ নম্বৰৰ এখন বালি কঢ়িয়াই অনা দ্ৰুতবেগী ডাম্পাৰে শিশুটিক মহতীয়াই নিয়ে৷ঘটনা স্হলীতে শিশু অনুশ্ৰী নিহত হয়৷উল্লেখযোগ্য যে,চাৰিশৰীয়া পথ নিৰ্মাণত ব্যৱহাৰ হোৱা ডাম্পাৰ ট্ৰাকৰ অতপালি এই বৃহত্তৰ অঞ্চলত পূৰ্বৰে পৰাই অব্যাহত…
লখিমপুৰত কেৰাটে প্ৰশিক্ষাৰ্থীক বেল্ট প্ৰদান
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৭ নৱেম্বৰঃ উত্তৰ লখিমপুৰ নগৰৰ কে বি ৰোডত শনিবাৰে সন্ধিয়া ৱাডু কাই কেৰাটেৰ এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়৷ অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণৰ লগত সংগতি ৰাখি চাৰিজন প্ৰশিক্ষাৰ্থীক ব্লেক বেল্ট প্ৰদান কৰা হয়৷ সদৌ অসম ৱাডুকাই কেৰাটেৰ মুখ্য প্ৰশিক্ষক বাবলা জামাল আৰু আবুল হুছেইনৰ তত্ত্বাৱধানত কেৰাটে প্ৰশিক্ষণ আৰু বেল্ট গ্ৰেডিং কাৰ্যসূচী সম্পন্ন হয়৷ উক্ত কাৰ্যসূচীত ইছফাকুৰ ৰহমান, অৰূপজ্যোতি চেতিয়া আৰু ফাৰহানা চুলতানাই ব্লেক বেল্ট লাভ কৰে৷
তেজপুৰত “কৃষ্ণ অমৃত কথা” ই মুগ্ধ কৰিলে কেবাশ দৰ্শকক
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৭ নবেম্বৰঃ বৈষ্ণৱ সংস্কৃতিৰ অন্যতম নিদৰ্শন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ৰাস ভাওনাৰ বাবে আজিৰে পৰা বিভিন্ন ৰাস মহোৎসৱ উদযাপন সমিতিয়ে বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈছে। শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰাৰ এনে আয়োজনৰ মাজতে কালি নিশাই তেজপুৰ চহৰৰ "ভূপেন হাজৰিকা কলাভূমি"ত এই ৰাসোৎসৱৰ লগত সংগতি ৰাখি মিলনপুৰৰ সংগীত শিক্ষাৰ অনুষ্ঠান "মাধৱদেৱ কলা নিকেতন" এ নিবেদন কৰা "কৃষ্ণ অমৃত কথা" শীৰ্ষক গীতি নৃত্য নাটিকাই মুগ্ধ কৰিলে ৰাইজক ।আকৰ্ষণীয় দৃশ্য সজ্জা, নানা ৰঙী আলোক সম্পাত আৰু মনোমোহা সুৰ - সংগীতৰ মাজত ভূপেন হাজৰিকা…
