Browsing Category
অসম
তিনিচুকীয়াৰ ৬ টা বাতৰি
বাগিছা অঞ্চলত সুৰাৰ দোকান খুলিবলৈ দিয়া নহ'বঃ আটলুৰ কাৰ্য্যনিৰ্বাহক সভাত প্ৰস্তাৱশতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৭ নৱেম্বৰ : অসম চৰকাৰে ৰাজহৰ ঘাটি পূৰাবৰ বাবে ৰাজ্যৰ চুকে কোণে শ শ সুৰাৰ বিপনী স্থাপন কৰিবলৈ লোৱাৰ সময়তে বাগিছা অঞ্চলত মদৰ দোকান স্থাপনৰ পৰা বিৰত থাকিবলৈ চৰকাৰক সকীয়নি দিছে অসম টি লেবাৰ ইউনিয়নে (আটলু) ৷ দেওবাৰে তিনিচুকীয়াত অনুষ্ঠিত আটলুৰ এখন কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাত এই সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আটলুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ইজৰাইল নন্দই এক বিবৃতিত কয় যে সভাই চাহ বাগিছা অধ্যুষিত…
তেজপুৰত ডাম্পাৰৰ খুন্দাত শিশু নিহত
শতাব্দ প্ৰতিনিধি তেজপুৰ,৭নবেম্বৰঃ তেজপুৰৰ পুৰণি আলিমূৰ অঞ্চলত আজি পুৱা সংঘটিত এক শোকাবহ দুৰ্ঘটনাত অনুশ্ৰী পাল নামৰ এটি পাঁচ বছৰীয়া কন্যা শিশু নিহত হয়৷ উল্লেখযোগ্য যে,আত্মীয়ৰ পৰিয়ালৰ স’তে ঘৰত ফুৰিবলৈ অহা শিশুটিয়ে আজি মাক আৰু আইতাকৰ স’তে তেজপুৰ চহৰলৈ বুলি ওলাই অহাৰ সময়তে স্হানীয় বৰঘাট আৰক্ষী চকীৰ সমীপত এএছ১২এচি ৪৯১৮ নম্বৰৰ এখন বালি কঢ়িয়াই অনা দ্ৰুতবেগী ডাম্পাৰে শিশুটিক মহতীয়াই নিয়ে৷ঘটনা স্হলীতে শিশু অনুশ্ৰী নিহত হয়৷উল্লেখযোগ্য যে,চাৰিশৰীয়া পথ নিৰ্মাণত ব্যৱহাৰ হোৱা ডাম্পাৰ ট্ৰাকৰ অতপালি এই বৃহত্তৰ অঞ্চলত পূৰ্বৰে পৰাই অব্যাহত…
লখিমপুৰত কেৰাটে প্ৰশিক্ষাৰ্থীক বেল্ট প্ৰদান
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৭ নৱেম্বৰঃ উত্তৰ লখিমপুৰ নগৰৰ কে বি ৰোডত শনিবাৰে সন্ধিয়া ৱাডু কাই কেৰাটেৰ এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়৷ অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণৰ লগত সংগতি ৰাখি চাৰিজন প্ৰশিক্ষাৰ্থীক ব্লেক বেল্ট প্ৰদান কৰা হয়৷ সদৌ অসম ৱাডুকাই কেৰাটেৰ মুখ্য প্ৰশিক্ষক বাবলা জামাল আৰু আবুল হুছেইনৰ তত্ত্বাৱধানত কেৰাটে প্ৰশিক্ষণ আৰু বেল্ট গ্ৰেডিং কাৰ্যসূচী সম্পন্ন হয়৷ উক্ত কাৰ্যসূচীত ইছফাকুৰ ৰহমান, অৰূপজ্যোতি চেতিয়া আৰু ফাৰহানা চুলতানাই ব্লেক বেল্ট লাভ কৰে৷
তেজপুৰত “কৃষ্ণ অমৃত কথা” ই মুগ্ধ কৰিলে কেবাশ দৰ্শকক
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৭ নবেম্বৰঃ বৈষ্ণৱ সংস্কৃতিৰ অন্যতম নিদৰ্শন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ৰাস ভাওনাৰ বাবে আজিৰে পৰা বিভিন্ন ৰাস মহোৎসৱ উদযাপন সমিতিয়ে বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈছে। শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰাৰ এনে আয়োজনৰ মাজতে কালি নিশাই তেজপুৰ চহৰৰ "ভূপেন হাজৰিকা কলাভূমি"ত এই ৰাসোৎসৱৰ লগত সংগতি ৰাখি মিলনপুৰৰ সংগীত শিক্ষাৰ অনুষ্ঠান "মাধৱদেৱ কলা নিকেতন" এ নিবেদন কৰা "কৃষ্ণ অমৃত কথা" শীৰ্ষক গীতি নৃত্য নাটিকাই মুগ্ধ কৰিলে ৰাইজক ।আকৰ্ষণীয় দৃশ্য সজ্জা, নানা ৰঙী আলোক সম্পাত আৰু মনোমোহা সুৰ - সংগীতৰ মাজত ভূপেন হাজৰিকা…
বন অধিকাৰ আইন, ২০০৬ অনুসৰি ঢেকিয়াজুলিৰ ১৩০১টা খিলঞ্জীয়া জনজাতীয় পৰিয়াললৈ ভূমি পট্টা বিতৰণ
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৫ নৱেম্বৰঃ ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি বন অধিকাৰ আইন, ২০০৬ অনুসৰি শোণিতপুৰ জিলাৰ ১৩০১ টা খিলঞ্জীয়া পৰিয়াললৈ ভূমিৰ প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷ ৰাজ্য চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম তথা বড়োলেণ্ড কল্যাণ বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম আৰু বিটিআৰ-প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত আজিৰ অনুষ্ঠানত ১৩ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে পট্টা বিতৰণৰ জৰিয়তে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ ঢেকিয়াজুলি সমষ্টিৰ চুদেমজুলি…
বিশ্ব বৰেণ্য শিল্পী, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ একাদশ মৃত্যুবাৰ্ষিকী
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৫ নৱেম্বৰঃ বিশ্ব বৰেণ্য শিল্পী, সুধাকণ্ঠ, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ একাদশ মৃত্যুবাৰ্ষিকীৰ আজিৰ দিনটোত পুৱাৰে পৰা শিল্পীগৰাকীৰ সাধনাৰ স্হলী ঊষা নগৰী তেজপুৰৰ বিভিন্ন অনুষ্ঠানে গীতে মাতে সাংগীতিক আৰু সুৰীয়া ভাবে স্মৰণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পুৱাই তেজপুৰ সাহিত্য সভা ভৱনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়াই। ইয়াৰ পিছতেই তেজপুৰ সাহিত্য সভাৰ সম্পাদক দেৱব্ৰত শৰ্মা আৰু…
লক্ষ্য নিৰ্ধাৰণৰ বাবে কেৰিয়াৰ সজাগতা শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন
শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ৫ নৱেম্বৰঃ অসম ডন বস্ক’বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ উদ্যোগত “লক্ষ্য নিৰ্ধাৰণৰ বাবে কেৰিয়াৰ সজাগতা (Career awareness for goal setting)” শীৰ্ষক এখন আলোচনা চক্ৰ আজি অনুষ্ঠিত হয়। আলোচনা চক্ৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী তথা ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁই। তেওঁ লক্ষ্য নিৰ্ধাৰণৰ বাবে সঠিক কেৰিয়াৰ পথ কেনেকৈ বাছি ল’ব লাগে সেই বিষয়ে আলোচনা কৰে ৷ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা…
সুধাকন্ঠৰ মৃত্যু তিথিত কবিতা গীতে মাতে মুখৰিত হল জ্যোতি ভাৰতী পকী
শতাব্দ প্ৰতিনিধি, তেজপুৰ ৫ নবেম্বৰঃ সংগীত সূৰ্য বিশ্বশিল্পী ডঃ ভূপেন হাজৰিকাৰ ১১সংখ্যক মৃত্যুবাৰ্ষিকীৰ সুধাকণ্ঠ দিৱসটি শোণিতপুৰ জিলা কবি সন্মিলনৰ উদ্যোগত তেজপুৰ জ্যোতি ভাৰতী (পকী)ৰ সভাগৃহত স্মৃতিচাৰণ সভাৰ সৈতে সংগতি ৰাখি কবিতা আৰু গীতৰ বৰ্ণিল আবেলি শীৰ্ষক অনুস্থানেৰে উদযাপন কৰা হয়। দুপৰীয়া ১বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটি বন্তিপ্ৰজ্বলনেৰে শুভাৰম্ভ কৰে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰিঞ্জুমণি নেওগ বৰাই। তেজপুৰ, বালিপাৰা, ৰঙাপাৰ আদি বিভিন্ন ঠাইৰ কবি, শিল্পী আৰু…
তেজপুৰত কিশোৰী ধৰ্ষণঃ অভিযুক্তক গ্ৰেপ্তাৰ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৫নৱেম্বৰঃ তেজপুৰ আৰক্ষীয়ে আজি গেৰেকী অঞ্চলৰ পৰা সঞ্জীৱ সিং নামৰ এক জঘন্য ধৰ্ষণ কাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এগৰাকী নাবালিকাক ধৰ্ষণ কৰা বুলি অভিযুক্তৰ বিৰুদ্ধে তেজপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল পৰিছিল পীড়িত নাবালিকাৰ আত্মীয়ই৷ তেজপুৰ সদৰ আৰক্ষী থানা অন্তৰ্গত এক অঞ্চলৰ ১৩বছৰীয়া কিশোৰীগৰাকী এই বৰ্বৰোচিত কাণ্ডৰ বলি হোৱাৰ বিষয়ে আত্মীয়ক জনোৱাৰ পাছতেই পৰিয়ালটোৱে তেজপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰু আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে৷…
১৮ ডিচেম্বৰত নলবাৰীত অসম সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ নৱেম্বৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰ তথা বৰখামটি পথাৰত এইবাৰ অহা ৩১ জানুৱাৰীৰ পৰা অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনখন অনুষ্ঠিত হ’ব৷ তদুপলক্ষে অধিৱেশনৰ কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান তথা বুজ লোৱাৰ উদ্দেশ্যে আজি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ এটা দলে নাৰায়ণপুৰত উপস্থিত হৈ অধিৱেশনৰ কাম-কাজৰ বুজ লয়৷ অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ নেতৃত্বত অহা দলটোৱে দুপৰীয়া আদৰণি সমিতিৰ কাৰ্যালয় তথা নাৰায়ণপুৰ ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত উপস্থিত হৈ আদৰণি সমিতিৰে এক গুৰুত্বপূৰ্ণ…
