Browsing Category

অসম

‘জাতীয় শিক্ষা নীতি ২০২০’ বাতিলৰ দাবীত লখিমপুৰত এ আই ডি এছ অ’ৰ উত্তাল প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ৫ নৱেম্বৰঃ জাতীয় শিক্ষা নীতি ২০২০ বাতিল কৰা আৰু ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষাৰ দাবীত এ আই ডি এছ অ’ আৰু মহিলা সাংস্কৃতিক সংগঠনৰ লখিমপুৰ জিলা সমিতিয়ে আজি লখিমপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উত্তৰ লখিমপুৰ সাহিত্য সভা ভৱনত শিক্ষা অভিবৰ্তন অনুষ্ঠিত কৰে৷ এ আই ডি এছ অ’ৰ লখিমপুৰৰ জিলা সভাপতি জোনমণি মিৰি আৰু অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠনৰ আহ্বায়ক জ্যোতিকা দলেৰ উপস্থিতিত অনুষ্ঠিত অভিবৰ্তনত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে এ আই ডি এছ অ’ৰ ৰাজ্যিক সভাপতি প্ৰজ্বোল দেৱে৷ দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ…

তেজপুৰৰ মাজগাঁৱত দিনতে লুটিছে দুই চোৰে

শতাব্দ প্ৰতিনিধি, তেজপুৰ,৪ নৱেম্বৰ: তেজপুৰৰ মাজগাঁও অঞ্চলত দুই গভাইত চোৰকলৈ স্হানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখযোগ্য যে স্হানীয় মহাভৈৰৱ আৰক্ষী চকী অন্তৰ্গত নৱপুৰ, ৰত্নপুৰ, খৰাআটিকে ধৰি বিভিন্ন অঞ্চলত দিন দুপৰতে লুটপাত চলোৱা এই দুই চোৰে আনকি ইয়াৰ পূৰ্বে দিনতে লোহাৰ গ্ৰীল পৰ্যন্ত চুৰি কৰি নিছে৷ ইৰিক্সাত অহা এই চোৰে মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিয়া,মানুহ নথকাৰ সুযোগত ঘৰুৱা মূল্যৱান সম্পত্তি তথা চাইকেলকে ধৰি বিভিন্ন সামগ্ৰী চুৰি কৰি নিছে৷ মাজগাঁৱৰ ৰত্নপুৰ নিবাসী বসন্ত ভট্টাচাৰ্যৰ বাসগৃহৰ পৰা দিন দুপৰতে গৃহস্থ…

লখিমপুৰৰ চিয়াজুলিত ৰে’লৰ খুন্দাত দুই ভাতৃ নিহত

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৪ নৱেম্বৰঃ লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত চিয়াজুলিত আজি বিয়লি ৰে’লৰ খুন্দাত দুজন লোকৰ মৃত্যু ঘটে৷ ঘটনাৰ বিৱৰণী মতে আজি চিয়াজুলিৰ ষ্টেচন তিনিআলিত লীলাবাৰীৰ পৰা ৰঙিয়া মুৰ্কংচেলেক যাত্ৰীবাহী ৰেল গাড়ীখনৰ পৰা নামি গৃহাভিমুখে ৰেলপথেৰে গৈ থকা অৱস্থাত চিলাপথাৰৰ পৰা লখিমপুৰ অভিমুখে আহি থকা ৰেলৰ এটা ইঞ্জিনে দুয়োকে খুন্দা মৰাত থিতাতে দুয়োজনৰ মৃত্যু হয়৷ মৃত লোক দুজন হৈছে চিয়াজুলি গাঁও পঞ্চায়তৰ অন্তৰ্গত দীৰ্ঘা ডুম্বাবস্তিৰ মতিদাস চুৰিন আৰু জোৰা চুৰিন৷ বৰ্ষীয়ান দুই ভাতৃৰ অকাল বিয়োগত অঞ্চলটোতে শোকৰ ছাঁ…

 ‘ৰজনী মাষ্টৰ’ আৰু নাইঃ গণশিল্পী ভোলা কটকীৰ পৰলোকপ্ৰাপ্তি

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৪ নৱেম্বৰঃ অসমৰ মঞ্চ আৰু চলচিত্ৰ জগতৰ প্ৰবীণ অভিনেতা, নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক, গণ শিল্পী ভোলা কটকী আৰু নাই৷ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পিছত শেহতীয়াকৈ  গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ থকা অৱস্থাতে আজি বিয়লি ২.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰাত সমগ্ৰ ৰাজ্যখনতে শোকৰ ছাঁ পৰিছে৷  উল্লেখ্য যে,  ১৯৩৫ চনৰ ২০ জানুৱাৰীত জামুগুৰিহাটৰ শলগুৰী সংগীয়া মাজৰ চুকত জন্মগ্ৰহণ কৰা ভোলা কটকীয়ে ১৯৪০ চনত গেৰেকী প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰিছিল৷…

লখিমপুৰত বৃহৎ বনাঞ্চল ধবংসৰে ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ পদক্ষেপ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৪ নৱেম্বৰঃ লখিমপুৰত পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ নামত বন বিভাগৰ বনাঞ্চলৰ প্ৰকাণ্ড প্ৰকাণ্ড গছ-গছনি ধবংস কৰা কাৰ্যই স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷ উল্লেখ্য যে কালি প্ৰশাসনৰ নিৰ্দেশত উত্তৰ লখিমপুৰ পৌৰসভাই জাপিসজীয়াৰ দেবেৰা-মিৰিটুপত জেচিবি লগাই বন বিভাগৰ বনাঞ্চলৰ কেইবাবিঘা মাটিত পুৰঠ হোৱা বৃহৎ বৃহৎ আকাৰৰ গছ গছনি কাটি সেই স্থানত পৌৰসভাই ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰাক লৈ আজি মিৰিটুপত স্থানীয় ৰাইজে প্ৰতিবাদ জনায়৷ উল্লিখিত ভূমিত লখিমপুৰ বন বিভাগে বহুদিনৰ পূৰ্বে…

বিশিষ্ট সাহিত্যিক-চিন্তাবিদ অধ্যাপক ড॰ নগেন শইকীয়ালৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ বিশেষ সম্বৰ্ধনা

তেজপুৰ, ৪ নৱেম্বৰঃ ‘‘বিগত প্ৰায় সাতটা দশক ধৰি অসমীয়া ভাষা-সাহিত্যৰ সাৰস্বত সাধনা, একাগ্ৰ অনুশীলনেৰে আধুনিক অসমীয়া সাহিত্যক আপুনি যি সৌষ্ঠৱ আৰু সমৃদ্ধি প্ৰদান কৰিছে, সেয়া অসমীয়া ভাষা-সাহিত্যৰ বলয়ত এক নজহা-নপমা ঐতিহ্যৰ নামান্তৰ হৈ ৰ’ব৷ অসমৰ বিদ্যায়তনিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদান আৰু সাংগঠনিক দক্ষতাৰে অসমীয়া জাতীয় জীৱনক আপুনি প্ৰদান কৰি অহা বলিষ্ঠ নেতৃত্বই অসমীয়া জাতিক সমৃদ্ধ কৰিছে৷ এই মুহূৰ্তত আপোনাক সন্মান যাঁচিবলৈ পাই আমি তেজপুৰ বিশ্ববিদ্যালয় পৰিয়াল বাধিত আৰু অনুগৃহীত৷’’---- বিশিষ্ট সাহিত্যিক-চিন্তাবিদ-শিক্ষাবিদ অধ্যাপক ড॰…

উৎকোচঃ লখিমপুৰ জল সম্পদ বিভাগৰ দুই কৰ্মচাৰীক গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৪ নৱেম্বৰ ; লখিমপুৰ জল সম্পদ বিভাগৰ অধীক্ষক অভিযন্তা কাৰ্যালয়ৰ দুজন কর্মচাৰীক আজি উৎকোচ লোৱাৰ অভিযোগত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে । দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰা কর্মচাৰী দুজন হৈছে উচ্চ বৰ্গৰ সহায়ক তৰুণ চন্দ্ৰ মৰাং আৰু নিম্ন বৰ্গৰ সহায়ক সমৰ জ্যোতি শইকীয়া ।

তেজপুৰত শোকাবহ দুৰ্ঘটনাত নিহত শিশু ছাত্ৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,৩নৱেম্বৰ: আজি দিনৰ প্ৰায় তিনিবজাত তেজপুৰৰ বিন্দুকুৰি সাপ্তাহিক বজাৰৰ সমীপতে সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত ৰাজেন ওৰাং নামৰ এটি সাত বছৰীয়া শিশু নিহত হয়৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,মোৱামাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ৰাজেনে বিদ্যালয়ৰ ছুটীৰ পাছত আছাৰৰ পেকেট এটা ক্ৰয় কৰিবলৈ অহাৰ সময়তে বিন্দুকুৰিৰ পৰা মোৱামাৰী অভিমুখে অহা এএছ ১২বিচি ৬৮৪২নম্বৰৰ পিক আপ ট্ৰাকখনে দোকানখনৰ সন্মুখতে শিশু ছাত্ৰজনক মহতিয়াই নিয়াৰ উপৰি বছিৰ উদ্দিনৰ দোকানখনো খুন্দিয়াই বিধ্বস্ত কৰে৷ মোৱামাৰীৰ প্ৰয়াত চমা ওৰাঙৰ পুত্ৰ ৰাজেনৰ…

ঐশ্বৰ্য্য কাকতিয়ে ৭৯ সংখ্যক ওপজা দিনত উপহাৰ দিলে মননশীল নাটক “ছহাত মাথোঁ”

তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰুচিশীল দৰ্শক আৰু তেজপুৰৰ বিদ্বৎ সমাজে উপভোগ কৰিলে তেজপুৰীয়া শিল্পীৰ সাৱলীল অভিনয় নাটকে মোক জীৱন দিলে আৰু মই নাটকক জীৱন দিলোঁ - - ঐশ্বৰ্য্য কাকতি ঐশ্বৰ্য্য কাকতিৰ নাটকৰ এক বিশেষ দৰ্শন আছে - থানেশ্বৰ মালাকাৰ সামাজিক দায়বদ্ধতাৰে নাটক লিখি আহিছে ঐশ্বৰ্য্য কাকতিয়ে -  পূৰ্ণেশ্বৰ নাথ বেহাৰবাৰী আউট পোষ্টৰ মোহনখ্যাত দ্বীপজ্যোতি কেওঁটক অভিনন্দনতেজপুৰৰ পৰা মনোজ কুমাৰ শইকীয়া , ৩ নবেম্বৰঃ বিশিষ্ট নাট্যকাৰ - পৰিচালক, প্ৰাবন্ধিক, ঔপন্যাসিক তথা নটসূৰ্য্য ফণী শৰ্মা বঁটা…

৬ নৱেম্বৰত ৰাছিয়াৰ পৰা আহি তিনিচুকীয়াত ভাষণ দিব  ব্ৰহ্মকুমাৰী বি কে সন্তোষে  

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩ নৱেম্বৰ : বিশ্বৰ ১৪৬ খন দেশত বিয়পি থকা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গ কেন্দ্ৰৰ মুখ্য সঞ্চালিকা বি কে সন্তোষে অহা ৬ নৱেম্বৰত ব্ৰহ্মকুমাৰীৰ তিনিচুকীয়াৰ ৰংপুৰীয়াস্থ ব্ৰহ্মপুত্ৰ পীচ্‌ ভেলিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰিব ৷ ৰাছিয়ান ভাষাত দখল থকা বি কে সন্তোষে ১৯৯০ চনত ৰাছিয়াত উপস্থিত হৈ আন্তঃৰাষ্ট্ৰীয় সংস্থা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ জৰিয়তে ৰাছিয়াৰ স্থানীয় লোকৰ সৈতে ভাৱ বিনিময় কৰি আধ্যাত্মিক জ্ঞানৰ জৰিয়তে মানুহৰ মনৰ অশান্তি দূৰ কৰি কেনেদৰে এক সুস্থ, সৱল আৰু…