Browsing Category

অসম

বন অধিকাৰ আইন, ২০০৬ অনুসৰি ঢেকিয়াজুলিৰ ১৩০১টা খিলঞ্জীয়া জনজাতীয় পৰিয়াললৈ ভূমি পট্টা বিতৰণ

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৫ নৱেম্বৰঃ ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি বন অধিকাৰ আইন, ২০০৬ অনুসৰি শোণিতপুৰ জিলাৰ ১৩০১ টা খিলঞ্জীয়া পৰিয়াললৈ ভূমিৰ প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷ ৰাজ্য চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম তথা বড়োলেণ্ড কল্যাণ বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম আৰু বিটিআৰ-প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত আজিৰ অনুষ্ঠানত ১৩ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে পট্টা বিতৰণৰ জৰিয়তে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ ঢেকিয়াজুলি সমষ্টিৰ চুদেমজুলি…

বিশ্ব বৰেণ্য শিল্পী, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ একাদশ মৃত্যুবাৰ্ষিকী

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৫ নৱেম্বৰঃ বিশ্ব বৰেণ্য শিল্পী, সুধাকণ্ঠ, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ একাদশ মৃত্যুবাৰ্ষিকীৰ আজিৰ দিনটোত পুৱাৰে পৰা শিল্পীগৰাকীৰ সাধনাৰ স্হলী ঊষা নগৰী তেজপুৰৰ বিভিন্ন অনুষ্ঠানে গীতে মাতে সাংগীতিক আৰু সুৰীয়া ভাবে  স্মৰণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পুৱাই তেজপুৰ সাহিত্য সভা ভৱনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়াই। ইয়াৰ পিছতেই তেজপুৰ সাহিত্য সভাৰ সম্পাদক দেৱব্ৰত শৰ্মা আৰু…

লক্ষ্য নিৰ্ধাৰণৰ বাবে কেৰিয়াৰ সজাগতা শীৰ্ষক  আলোচনা চক্ৰ সম্পন্ন

শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ৫ নৱেম্বৰঃ অসম ডন বস্ক’বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ উদ্যোগত “লক্ষ্য নিৰ্ধাৰণৰ বাবে কেৰিয়াৰ সজাগতা (Career awareness for goal setting)” শীৰ্ষক এখন আলোচনা চক্ৰ আজি অনুষ্ঠিত হয়। আলোচনা চক্ৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী তথা ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁই। তেওঁ লক্ষ্য নিৰ্ধাৰণৰ বাবে সঠিক কেৰিয়াৰ পথ কেনেকৈ বাছি  ল’ব লাগে সেই বিষয়ে আলোচনা কৰে ৷ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা…

সুধাকন্ঠৰ মৃত্যু তিথিত কবিতা গীতে মাতে মুখৰিত হল জ্যোতি ভাৰতী পকী

শতাব্দ প্ৰতিনিধি, তেজপুৰ ৫ নবেম্বৰঃ  সংগীত সূৰ্য বিশ্বশিল্পী ডঃ ভূপেন হাজৰিকাৰ ১১সংখ্যক মৃত্যুবাৰ্ষিকীৰ সুধাকণ্ঠ দিৱসটি শোণিতপুৰ জিলা কবি সন্মিলনৰ উদ্যোগত তেজপুৰ জ্যোতি ভাৰতী (পকী)ৰ সভাগৃহত স্মৃতিচাৰণ সভাৰ সৈতে সংগতি ৰাখি কবিতা আৰু গীতৰ বৰ্ণিল আবেলি শীৰ্ষক অনুস্থানেৰে উদযাপন কৰা হয়। দুপৰীয়া ১বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটি বন্তিপ্ৰজ্বলনেৰে শুভাৰম্ভ কৰে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰিঞ্জুমণি নেওগ বৰাই। তেজপুৰ, বালিপাৰা, ৰঙাপাৰ আদি বিভিন্ন ঠাইৰ কবি, শিল্পী আৰু…

তেজপুৰত কিশোৰী ধৰ্ষণঃ অভিযুক্তক গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৫নৱেম্বৰঃ তেজপুৰ আৰক্ষীয়ে আজি গেৰেকী অঞ্চলৰ পৰা সঞ্জীৱ সিং নামৰ এক জঘন্য ধৰ্ষণ কাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এগৰাকী নাবালিকাক ধৰ্ষণ কৰা বুলি অভিযুক্তৰ বিৰুদ্ধে তেজপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল পৰিছিল পীড়িত নাবালিকাৰ আত্মীয়ই৷ তেজপুৰ সদৰ আৰক্ষী থানা অন্তৰ্গত এক অঞ্চলৰ ১৩বছৰীয়া কিশোৰীগৰাকী এই বৰ্বৰোচিত কাণ্ডৰ বলি হোৱাৰ বিষয়ে আত্মীয়ক জনোৱাৰ পাছতেই পৰিয়ালটোৱে তেজপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰু আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে৷…

১৮ ডিচেম্বৰত নলবাৰীত অসম সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ৫ নৱেম্বৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰ তথা বৰখামটি পথাৰত এইবাৰ অহা ৩১ জানুৱাৰীৰ পৰা অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনখন অনুষ্ঠিত হ’ব৷ তদুপলক্ষে অধিৱেশনৰ কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান তথা বুজ লোৱাৰ উদ্দেশ্যে আজি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ এটা দলে নাৰায়ণপুৰত উপস্থিত হৈ অধিৱেশনৰ কাম-কাজৰ বুজ লয়৷ অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ নেতৃত্বত অহা দলটোৱে দুপৰীয়া আদৰণি সমিতিৰ কাৰ্যালয় তথা নাৰায়ণপুৰ ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত উপস্থিত হৈ আদৰণি সমিতিৰে এক গুৰুত্বপূৰ্ণ…

‘জাতীয় শিক্ষা নীতি ২০২০’ বাতিলৰ দাবীত লখিমপুৰত এ আই ডি এছ অ’ৰ উত্তাল প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ৫ নৱেম্বৰঃ জাতীয় শিক্ষা নীতি ২০২০ বাতিল কৰা আৰু ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষাৰ দাবীত এ আই ডি এছ অ’ আৰু মহিলা সাংস্কৃতিক সংগঠনৰ লখিমপুৰ জিলা সমিতিয়ে আজি লখিমপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উত্তৰ লখিমপুৰ সাহিত্য সভা ভৱনত শিক্ষা অভিবৰ্তন অনুষ্ঠিত কৰে৷ এ আই ডি এছ অ’ৰ লখিমপুৰৰ জিলা সভাপতি জোনমণি মিৰি আৰু অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠনৰ আহ্বায়ক জ্যোতিকা দলেৰ উপস্থিতিত অনুষ্ঠিত অভিবৰ্তনত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে এ আই ডি এছ অ’ৰ ৰাজ্যিক সভাপতি প্ৰজ্বোল দেৱে৷ দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ…

তেজপুৰৰ মাজগাঁৱত দিনতে লুটিছে দুই চোৰে

শতাব্দ প্ৰতিনিধি, তেজপুৰ,৪ নৱেম্বৰ: তেজপুৰৰ মাজগাঁও অঞ্চলত দুই গভাইত চোৰকলৈ স্হানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখযোগ্য যে স্হানীয় মহাভৈৰৱ আৰক্ষী চকী অন্তৰ্গত নৱপুৰ, ৰত্নপুৰ, খৰাআটিকে ধৰি বিভিন্ন অঞ্চলত দিন দুপৰতে লুটপাত চলোৱা এই দুই চোৰে আনকি ইয়াৰ পূৰ্বে দিনতে লোহাৰ গ্ৰীল পৰ্যন্ত চুৰি কৰি নিছে৷ ইৰিক্সাত অহা এই চোৰে মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিয়া,মানুহ নথকাৰ সুযোগত ঘৰুৱা মূল্যৱান সম্পত্তি তথা চাইকেলকে ধৰি বিভিন্ন সামগ্ৰী চুৰি কৰি নিছে৷ মাজগাঁৱৰ ৰত্নপুৰ নিবাসী বসন্ত ভট্টাচাৰ্যৰ বাসগৃহৰ পৰা দিন দুপৰতে গৃহস্থ…

লখিমপুৰৰ চিয়াজুলিত ৰে’লৰ খুন্দাত দুই ভাতৃ নিহত

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৪ নৱেম্বৰঃ লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত চিয়াজুলিত আজি বিয়লি ৰে’লৰ খুন্দাত দুজন লোকৰ মৃত্যু ঘটে৷ ঘটনাৰ বিৱৰণী মতে আজি চিয়াজুলিৰ ষ্টেচন তিনিআলিত লীলাবাৰীৰ পৰা ৰঙিয়া মুৰ্কংচেলেক যাত্ৰীবাহী ৰেল গাড়ীখনৰ পৰা নামি গৃহাভিমুখে ৰেলপথেৰে গৈ থকা অৱস্থাত চিলাপথাৰৰ পৰা লখিমপুৰ অভিমুখে আহি থকা ৰেলৰ এটা ইঞ্জিনে দুয়োকে খুন্দা মৰাত থিতাতে দুয়োজনৰ মৃত্যু হয়৷ মৃত লোক দুজন হৈছে চিয়াজুলি গাঁও পঞ্চায়তৰ অন্তৰ্গত দীৰ্ঘা ডুম্বাবস্তিৰ মতিদাস চুৰিন আৰু জোৰা চুৰিন৷ বৰ্ষীয়ান দুই ভাতৃৰ অকাল বিয়োগত অঞ্চলটোতে শোকৰ ছাঁ…

 ‘ৰজনী মাষ্টৰ’ আৰু নাইঃ গণশিল্পী ভোলা কটকীৰ পৰলোকপ্ৰাপ্তি

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৪ নৱেম্বৰঃ অসমৰ মঞ্চ আৰু চলচিত্ৰ জগতৰ প্ৰবীণ অভিনেতা, নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক, গণ শিল্পী ভোলা কটকী আৰু নাই৷ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পিছত শেহতীয়াকৈ  গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ থকা অৱস্থাতে আজি বিয়লি ২.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰাত সমগ্ৰ ৰাজ্যখনতে শোকৰ ছাঁ পৰিছে৷  উল্লেখ্য যে,  ১৯৩৫ চনৰ ২০ জানুৱাৰীত জামুগুৰিহাটৰ শলগুৰী সংগীয়া মাজৰ চুকত জন্মগ্ৰহণ কৰা ভোলা কটকীয়ে ১৯৪০ চনত গেৰেকী প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰিছিল৷…