Browsing Category
অসম
লখিমপুৰত বৃহৎ বনাঞ্চল ধবংসৰে ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ পদক্ষেপ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৪ নৱেম্বৰঃ লখিমপুৰত পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ নামত বন বিভাগৰ বনাঞ্চলৰ প্ৰকাণ্ড প্ৰকাণ্ড গছ-গছনি ধবংস কৰা কাৰ্যই স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷ উল্লেখ্য যে কালি প্ৰশাসনৰ নিৰ্দেশত উত্তৰ লখিমপুৰ পৌৰসভাই জাপিসজীয়াৰ দেবেৰা-মিৰিটুপত জেচিবি লগাই বন বিভাগৰ বনাঞ্চলৰ কেইবাবিঘা মাটিত পুৰঠ হোৱা বৃহৎ বৃহৎ আকাৰৰ গছ গছনি কাটি সেই স্থানত পৌৰসভাই ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰাক লৈ আজি মিৰিটুপত স্থানীয় ৰাইজে প্ৰতিবাদ জনায়৷ উল্লিখিত ভূমিত লখিমপুৰ বন বিভাগে বহুদিনৰ পূৰ্বে…
বিশিষ্ট সাহিত্যিক-চিন্তাবিদ অধ্যাপক ড॰ নগেন শইকীয়ালৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ বিশেষ সম্বৰ্ধনা
তেজপুৰ, ৪ নৱেম্বৰঃ ‘‘বিগত প্ৰায় সাতটা দশক ধৰি অসমীয়া ভাষা-সাহিত্যৰ সাৰস্বত সাধনা, একাগ্ৰ অনুশীলনেৰে আধুনিক অসমীয়া সাহিত্যক আপুনি যি সৌষ্ঠৱ আৰু সমৃদ্ধি প্ৰদান কৰিছে, সেয়া অসমীয়া ভাষা-সাহিত্যৰ বলয়ত এক নজহা-নপমা ঐতিহ্যৰ নামান্তৰ হৈ ৰ’ব৷ অসমৰ বিদ্যায়তনিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদান আৰু সাংগঠনিক দক্ষতাৰে অসমীয়া জাতীয় জীৱনক আপুনি প্ৰদান কৰি অহা বলিষ্ঠ নেতৃত্বই অসমীয়া জাতিক সমৃদ্ধ কৰিছে৷ এই মুহূৰ্তত আপোনাক সন্মান যাঁচিবলৈ পাই আমি তেজপুৰ বিশ্ববিদ্যালয় পৰিয়াল বাধিত আৰু অনুগৃহীত৷’’---- বিশিষ্ট সাহিত্যিক-চিন্তাবিদ-শিক্ষাবিদ অধ্যাপক ড॰…
উৎকোচঃ লখিমপুৰ জল সম্পদ বিভাগৰ দুই কৰ্মচাৰীক গ্ৰেপ্তাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৪ নৱেম্বৰ ; লখিমপুৰ জল সম্পদ বিভাগৰ অধীক্ষক অভিযন্তা কাৰ্যালয়ৰ দুজন কর্মচাৰীক আজি উৎকোচ লোৱাৰ অভিযোগত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে । দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰা কর্মচাৰী দুজন হৈছে উচ্চ বৰ্গৰ সহায়ক তৰুণ চন্দ্ৰ মৰাং আৰু নিম্ন বৰ্গৰ সহায়ক সমৰ জ্যোতি শইকীয়া ।
তেজপুৰত শোকাবহ দুৰ্ঘটনাত নিহত শিশু ছাত্ৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৩নৱেম্বৰ: আজি দিনৰ প্ৰায় তিনিবজাত তেজপুৰৰ বিন্দুকুৰি সাপ্তাহিক বজাৰৰ সমীপতে সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত ৰাজেন ওৰাং নামৰ এটি সাত বছৰীয়া শিশু নিহত হয়৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,মোৱামাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ৰাজেনে বিদ্যালয়ৰ ছুটীৰ পাছত আছাৰৰ পেকেট এটা ক্ৰয় কৰিবলৈ অহাৰ সময়তে বিন্দুকুৰিৰ পৰা মোৱামাৰী অভিমুখে অহা এএছ ১২বিচি ৬৮৪২নম্বৰৰ পিক আপ ট্ৰাকখনে দোকানখনৰ সন্মুখতে শিশু ছাত্ৰজনক মহতিয়াই নিয়াৰ উপৰি বছিৰ উদ্দিনৰ দোকানখনো খুন্দিয়াই বিধ্বস্ত কৰে৷ মোৱামাৰীৰ প্ৰয়াত চমা ওৰাঙৰ পুত্ৰ ৰাজেনৰ…
ঐশ্বৰ্য্য কাকতিয়ে ৭৯ সংখ্যক ওপজা দিনত উপহাৰ দিলে মননশীল নাটক “ছহাত মাথোঁ”
তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰুচিশীল দৰ্শক আৰু তেজপুৰৰ বিদ্বৎ সমাজে উপভোগ কৰিলে তেজপুৰীয়া শিল্পীৰ সাৱলীল অভিনয়
নাটকে মোক জীৱন দিলে আৰু মই নাটকক জীৱন দিলোঁ - - ঐশ্বৰ্য্য কাকতি
ঐশ্বৰ্য্য কাকতিৰ নাটকৰ এক বিশেষ দৰ্শন আছে - থানেশ্বৰ মালাকাৰ
সামাজিক দায়বদ্ধতাৰে নাটক লিখি আহিছে ঐশ্বৰ্য্য কাকতিয়ে - পূৰ্ণেশ্বৰ নাথ
বেহাৰবাৰী আউট পোষ্টৰ মোহনখ্যাত দ্বীপজ্যোতি কেওঁটক অভিনন্দনতেজপুৰৰ পৰা মনোজ কুমাৰ শইকীয়া , ৩ নবেম্বৰঃ বিশিষ্ট নাট্যকাৰ - পৰিচালক, প্ৰাবন্ধিক, ঔপন্যাসিক তথা নটসূৰ্য্য ফণী শৰ্মা বঁটা…
৬ নৱেম্বৰত ৰাছিয়াৰ পৰা আহি তিনিচুকীয়াত ভাষণ দিব ব্ৰহ্মকুমাৰী বি কে সন্তোষে
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩ নৱেম্বৰ : বিশ্বৰ ১৪৬ খন দেশত বিয়পি থকা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গ কেন্দ্ৰৰ মুখ্য সঞ্চালিকা বি কে সন্তোষে অহা ৬ নৱেম্বৰত ব্ৰহ্মকুমাৰীৰ তিনিচুকীয়াৰ ৰংপুৰীয়াস্থ ব্ৰহ্মপুত্ৰ পীচ্ ভেলিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰিব ৷ ৰাছিয়ান ভাষাত দখল থকা বি কে সন্তোষে ১৯৯০ চনত ৰাছিয়াত উপস্থিত হৈ আন্তঃৰাষ্ট্ৰীয় সংস্থা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ জৰিয়তে ৰাছিয়াৰ স্থানীয় লোকৰ সৈতে ভাৱ বিনিময় কৰি আধ্যাত্মিক জ্ঞানৰ জৰিয়তে মানুহৰ মনৰ অশান্তি দূৰ কৰি কেনেদৰে এক সুস্থ, সৱল আৰু…
লখিমপুৰৰ তেল ডিপোত ভেজাল পেট্ৰল বিক্ৰীঃ নিশা উত্তপ্ত পৰিস্থিতি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩ নৱেম্বৰঃ বুধাবাৰে নিশা লখিমপুৰৰ এটা পেট্ৰল ডিপোত ভেজাল পেট্ৰল বিক্ৰী কৰাক কেন্দ্ৰ কৰি ডিপোটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পিছত ডিপোটোত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বিভাগীয় কতৃৰ্পক্ষই বিক্ৰী বন্ধ কৰে৷ ঘটনাৰ বিৱৰণীত প্ৰকাশ যে যোৱা নিশা উত্তৰ লখিমপুৰ নগৰৰ মাজ মজিয়াত থকা আৰ আৰ পেট্ৰল ডিপো ত সাংবাদিক, আৰক্ষী আদিৰ লগতে একাংশ গ্ৰাহকে নিজৰ বাহনত পেট্ৰল ভৰোৱাৰ পিছত এনে বাহনসমূহ তেল ডিপোটোৰ পৰা ওলাই যোৱাৰ পিছতে নগৰৰ বিভিন্ন পথত বিকল হৈ পৰাত গ্ৰাহক সকলৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷…
খানাপাৰা গেছ টেংকাৰ বিস্ফোৰণত নিহতৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি
খানাপাৰা, ২ নৱেম্বৰ : ১৯৯৮ চনৰ ১ নৱেম্বৰত খানাপাৰাত হোৱা ভয়াৱহ গেছ টেংকাৰ বিস্ফোৰণ ঘটনাৰ ২৫ সংখ্যক বৰ্ষত ভৰি দিছে । এই ঘটনাৰ পটভূমিত জন্ম লাভ কৰা এক সামাজিক-সাংস্কৃতিক সংগঠন 'সুৰক্ষা'ৰ উদ্যোগত কালি এই দিৱস পালন কৰা হয় । এই উপলক্ষে পুৱা গেছ টেংকাৰ বিস্ফোৰণত নিহতসকলৰ স্মৃতিত নিৰ্মিত স্মৃতি সৌধত 'সুৰক্ষা'ৰ ভাৰপ্ৰাপ্ত সভাপতি ড: মিনেশ্বৰ হাজৰিকা, সাধাৰণ সম্পাদক বিমান চন্দ্ৰ হাজৰিকা, ৪৬ নং ৱাৰ্ডৰ কাউঞ্চিলৰ আশিস ভঁৰালী, এই গেছ টেংকাৰ বিস্ফোৰণ ঘটনাত সবাতোকৈ বেছি আঘাতপ্ৰাপ্ত বিমান বৰকাকতি আৰু ঘটনাত নিহতসকলৰ ভিতৰৰ এগৰাকী নিকটাত্মীয়…
পশ্চিমবংগৰ ডুৱাৰ্ছলৈ ৰোমাঞ্চকৰ পথ যাত্ৰা ( দ্বিতীয় খন্ড)
অৰিন্দম তালুকদাৰ
পথৰ কিনাৰত নেপালী দম্পতীৰ হাতৰ ৰুটী ভাজি
এইদৰে কালিম্পঙত দুটা স্মৰণীয় দিন কটাই আমি এইবাৰ শিলিগুৰি অভিমুখে ৰাওনা হ'লো। দাৰ্জিলিং - গেংটকলৈ গ'লে আমি সদায় বাটৰ কাষৰ নেপালী হোটেলবোৰত আহাৰ খাও। সাধাৰণতে ৰুটী- তৰকাৰী, ঘুগুনী, মেগী, কণী আৰু মম তেওঁলোকে বৰ সোৱাদ লগাকৈ কৰে। সেইদিনাও চেভকৰ এহাল নেপালী দম্পতীৰ হোটেলত সোমাই শুকান ৰুটী আৰু আলু ভাজিৰ অৰ্ডাৰ দিলো। ৰাতিপুৱা সময়, স্বামীৰ কামলৈ যাবৰ হৈছে। দৌৰাদৌৰি যদিও তেওঁ পত্নীক সহায় কৰি দিছে,ধুমধামকৈ ৰুটী বেলিছে। পত্নীয়ে তাৱাত আমাৰ বাবে সেই ৰুটী সেকিছে। তেওঁ…
ইটাখোলাত কিশোৰী নিৰুদ্দেশ
জামুগুৰিহাট : ২ নৱেম্বৰঃ জামুগুৰিহাটৰ নিকটৱৰ্ত্তী ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত হাটিঙা বাগানৰ মন্ত্ৰা কুমাৰ নামৰ নবছৰীয়া এগৰাকী কিশোৰী যোৱা চাৰিদিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চ্যলৰ সৃষ্টি কৰিছে । যোৱা শনিবাৰে বিয়লিৰ ভাগত ঘৰৰ পৰা ওচৰৰ চুবুৰিলৈ ওলাই যোৱাৰ পাছৰ পৰা নিৰুদ্দেশ হৈ আছে কিশোৰী গৰাকী । কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰিছে যদিও কিশোৰী গৰাকীৰ সম্ভেদ উলিয়াব নোৱাৰি এতিয়া চিন্তিত হৈ পৰিছে । কিশোৰী গৰাকীৰ পিতৃয়ে ইতিমধ্যে এই সন্দৰ্ভত ইটাখোলা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ।কোনো লোকে কিশোৰী গৰাকীৰ…
