Browsing Category

অসম

লখিমপুৰৰ তেল ডিপোত ভেজাল পেট্ৰল বিক্ৰীঃ নিশা উত্তপ্ত পৰিস্থিতি

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩ নৱেম্বৰঃ বুধাবাৰে নিশা লখিমপুৰৰ এটা পেট্ৰল ডিপোত ভেজাল পেট্ৰল বিক্ৰী কৰাক কেন্দ্ৰ কৰি ডিপোটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পিছত ডিপোটোত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বিভাগীয় কতৃৰ্পক্ষই বিক্ৰী বন্ধ কৰে৷ ঘটনাৰ বিৱৰণীত প্ৰকাশ যে যোৱা নিশা  উত্তৰ লখিমপুৰ নগৰৰ মাজ মজিয়াত থকা আৰ আৰ পেট্ৰল ডিপো ত সাংবাদিক, আৰক্ষী আদিৰ লগতে একাংশ গ্ৰাহকে নিজৰ বাহনত পেট্ৰল ভৰোৱাৰ পিছত এনে বাহনসমূহ তেল ডিপোটোৰ পৰা ওলাই যোৱাৰ পিছতে নগৰৰ বিভিন্ন পথত বিকল হৈ পৰাত গ্ৰাহক সকলৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷…

খানাপাৰা গেছ টেংকাৰ বিস্ফোৰণত নিহতৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি

খানাপাৰা, ২ নৱেম্বৰ : ১৯৯৮ চনৰ ১ নৱেম্বৰত খানাপাৰাত হোৱা ভয়াৱহ গেছ টেংকাৰ বিস্ফোৰণ ঘটনাৰ ২৫ সংখ্যক বৰ্ষত ভৰি দিছে । এই ঘটনাৰ পটভূমিত জন্ম লাভ কৰা এক সামাজিক-সাংস্কৃতিক সংগঠন 'সুৰক্ষা'ৰ উদ্যোগত কালি এই দিৱস পালন কৰা হয় । এই উপলক্ষে পুৱা গেছ টেংকাৰ বিস্ফোৰণত নিহতসকলৰ স্মৃতিত নিৰ্মিত স্মৃতি সৌধত 'সুৰক্ষা'ৰ ভাৰপ্ৰাপ্ত সভাপতি ড: মিনেশ্বৰ হাজৰিকা, সাধাৰণ সম্পাদক বিমান চন্দ্ৰ হাজৰিকা, ৪৬ নং ৱাৰ্ডৰ কাউঞ্চিলৰ আশিস ভঁৰালী, এই গেছ টেংকাৰ বিস্ফোৰণ ঘটনাত সবাতোকৈ বেছি আঘাতপ্ৰাপ্ত বিমান বৰকাকতি আৰু ঘটনাত নিহতসকলৰ ভিতৰৰ এগৰাকী নিকটাত্মীয়…

 পশ্চিমবংগৰ ডুৱাৰ্ছলৈ ৰোমাঞ্চকৰ পথ যাত্ৰা ( দ্বিতীয় খন্ড)

অৰিন্দম তালুকদাৰ পথৰ কিনাৰত নেপালী দম্পতীৰ হাতৰ ৰুটী ভাজি এইদৰে কালিম্পঙত দুটা স্মৰণীয় দিন কটাই আমি এইবাৰ শিলিগুৰি অভিমুখে ৰাওনা হ'লো। দাৰ্জিলিং - গেংটকলৈ গ'লে আমি সদায় বাটৰ কাষৰ নেপালী হোটেলবোৰত আহাৰ খাও। সাধাৰণতে ৰুটী- তৰকাৰী, ঘুগুনী, মেগী, কণী আৰু মম তেওঁলোকে বৰ সোৱাদ লগাকৈ কৰে। সেইদিনাও চেভকৰ এহাল নেপালী দম্পতীৰ হোটেলত সোমাই শুকান ৰুটী আৰু আলু ভাজিৰ অৰ্ডাৰ দিলো। ৰাতিপুৱা সময়, স্বামীৰ কামলৈ যাবৰ হৈছে। দৌৰাদৌৰি যদিও তেওঁ পত্নীক সহায় কৰি দিছে,ধুমধামকৈ ৰুটী বেলিছে। পত্নীয়ে তাৱাত আমাৰ বাবে সেই ৰুটী সেকিছে। তেওঁ…

ইটাখোলাত কিশোৰী নিৰুদ্দেশ 

জামুগুৰিহাট  : ২ নৱেম্বৰঃ  জামুগুৰিহাটৰ নিকটৱৰ্ত্তী ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত হাটিঙা বাগানৰ মন্ত্ৰা কুমাৰ নামৰ নবছৰীয়া এগৰাকী কিশোৰী যোৱা চাৰিদিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চ্যলৰ সৃষ্টি কৰিছে । যোৱা শনিবাৰে বিয়লিৰ ভাগত ঘৰৰ পৰা ওচৰৰ চুবুৰিলৈ ওলাই যোৱাৰ পাছৰ পৰা নিৰুদ্দেশ হৈ আছে কিশোৰী গৰাকী । কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰিছে যদিও কিশোৰী গৰাকীৰ সম্ভেদ উলিয়াব নোৱাৰি এতিয়া চিন্তিত হৈ পৰিছে । কিশোৰী গৰাকীৰ পিতৃয়ে ইতিমধ্যে এই সন্দৰ্ভত ইটাখোলা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ।কোনো লোকে কিশোৰী গৰাকীৰ…

শোণিতপুৰত ২০২২-২৩ বৰ্ষত কৃষকৰ পৰা ৩৮,৩০০ মেট্ৰিক টন ধান ক্ৰয়ৰ কৰিব চৰকাৰে

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২নবেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ অধীনত অসম চৰকাৰে বিগত বৰ্ষৰ দৰে এই বছৰো কৃষকৰ উৎপাদিত ধান উচিত মূল্যত ক্ৰয়ৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে । এই মাৰ্গ দৰ্শনেৰে ৰাজ্যত প্ৰথমবাৰৰ বাবে শোণিতপুৰ জিলা কৃষি বিভাগ, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ যৌথ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসন, APART, FCI আৰু AFCSCL সহযোগত তেজপুৰ মাজগাওঁ প্ৰশিক্ষণ কেন্দ্ৰত দিনজোৰা কৰ্মশালাৰ আয়োজন কৰা হয়। কেন্দ্ৰীয় চৰকাৰে ২০২২-২৩ বৰ্ষৰ বাবে ঘোষণা কৰা ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইন্টলত ২০৪০ টকা দৰত অসমৰ…

তিনিচুকীয়া পলিটেকনিকৰ পৰা লক্ষাধিক টকাৰ সামগ্রী চুৰি : ধৃত ২ কিশোৰ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২ নৱেম্বৰ : তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ শুকানপখুৰী এলেকাত নতুনকৈ স্থাপিত পলিটেকনিক শিক্ষানুষ্ঠানৰ পৰা লক্ষাধিক টকাৰ সামগ্রী চুৰি সন্দৰ্ভত মাকুম আৰক্ষীয়ে দুই কিশোৰক আটক কৰিছে ৷ জানিব পৰা মতে ৩০ অক্টোবৰৰ নিশা পলিটেকনিক শিক্ষানুষ্ঠানখনৰ পৰা ছাত্ৰ-ছাত্ৰীৰ প্ৰশিক্ষণত ব্যৱহৃত লক্ষাধিক টকাৰ সামগ্ৰী চুৰি হৈছিল ৷ এই সন্দৰ্ভত পলিটেকনিকখনৰ অধ্যক্ষৰ অভিযোগৰ ভিত্তিত মাকুম আৰক্ষীয়ে এক অভিযান চলাই শুকানপুখুৰীৰ জংঘল লাইনৰ পৰা চুৰি কাৰ্য্যৰ লগত জড়িত থকাৰ অভিযোগত দুই কিশোৰক আটক কৰে ৷ আটকাধীন কিশোৰদ্বয়ক মাকুম আৰক্ষীয়ে…

ভূৱা তথ্যৰে নিযুক্তি: তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত পাঁচ লেবৰেটৰী টেকনিচিয়ানক নিলম্বন

শতাব্দ প্ৰতিনিধি,তেজপুৰ, ২ নৱেম্বৰঃ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভুৱা তথ্যৰে নিযুক্তি লাভ কৰা পাঁচজন লেবৰেটৰী টেকনিচিয়ানক নিলম্বন কৰা হৈছে৷তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ চিকিৎসক কৰুণা হাজৰিকাই আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ,২০১৫ত মকৰল হোৱা নিযুক্তিত এই পাঁচজনৰ তথ্যৰ বিসংগতি পোহৰলৈ অহিছিল আৰু নিযুক্তিত বঞ্চিত একাংশ প্ৰাৰ্থীয়ে বিষয়টো সন্দৰ্ভত আদালতৰ কাষ চাপিছিল৷ শেহতীয়া কৈ আদালতে সমগ্ৰ বিষয়টোৰ ৰায়দান কৰে আৰু আদালতৰ ৰায়ৰ ভিত্তিত তেজপুৰ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই পাঁচজনক নিলম্বন কৰে।নিলম্বিত…

তেজপুৰত “কামৰূপীয় সনাতন ধৰ্ম মণ্ডলী” ১০৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

পূৰ্বজ সকলৰ নিষ্ঠা - একাগ্ৰতাৰে বৰ্তমান প্ৰজন্মক অগ্ৰসৰ হ'বলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বীৰেন দাসৰ জিলা উন্নয়ন আয়ুক্ত উৎপল বৰাই উদ্বোধন কৰিলে চৰকাৰৰ "দৰ্শন আঁচনি" ৰ নৱনিৰ্মিত "যাত্ৰী নিবাস" শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২ নবেম্বৰঃ তেজপুৰ চহৰৰ সামাজিক - সাংস্কৃতিক - আধ্যাত্মিক তথা ধৰ্মীয় অনুষ্ঠান "কামৰূপীয় সনাতন ধৰ্ম মণ্ডলী" ৰ ১০৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আজিৰ দিনটোত পুৱাৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মুখৰিত হৈ পৰিল ধৰ্মমণ্ডলী প্ৰাংগণ। পুৱা সভাপতি শ্ৰীমন্ত ডেকাৰ দ্বাৰা পতাকা উত্তোলন, সাধাৰণ সম্পাদক শ্যাম বৰুৱাৰ…

লখিমপুৰৰ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন

অৰুণাচলী বাহনৰ খুন্দাত বাইক আৰোহীৰ থিতাতে মৃত্যু শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ নৱেম্বৰঃ লখিমপুৰৰ নিৰ্মীয়মান বাইপাছত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ এই দুৰ্ঘটনাত এখন অৰুণাচলী তীব্ৰ বেগী বাহনৰ খুন্দাত এজন যুৱকৰ থিতাতে মৃত্যু হোৱাত এনে পৰিস্থিতি উদ্ভৱ হোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়৷ ঘটনাৰ বিৱৰণীত প্ৰকাশ যে আজি পুৱা প্ৰায় ৮.৩০ বজাত লখিমপুৰৰ নিৰ্মীয়মান বাইপাছৰ চাবতিৰ বৃন্দাবন ৰেষ্টুৰেণ্টৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গণেশ মন্দিৰ সমীপৰ পৰা ধেমাজি…

মানস প্ৰতিম দত্তৰ পৰিৱেশ বিষয়ক গ্ৰন্থ ‘সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি’ উন্মোচন

ঢকুৱাখনা, ১ নৱেম্বৰঃ প্ৰকৃতিয়ে আমাক জীয়াই থকাৰ সকলো উপাদান আৰু সম্পদেই যোগান ধৰে। কিন্তু যেতিয়াই এই উপাদানসমূহ লগাতকৈ অধিক ব্যৱহাৰ কৰি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিম তেতিয়াই প্ৰকৃতিলৈ ভাবুকি নামি আহিব। প্ৰকৃতিলৈ ভাবুকি অহা মানে মানুহৰ ভৱিষ্যতলৈ ভাবুকি অহা। মানুহৰ অবিহনে প্ৰকৃতিৰ বিশেষ কোনো অসুবিধা নহয় যদিও প্ৰকৃতিৰ অবিহনে মানুহ অস্তিত্বহীন। --এই মন্তব্য সুৰজিত বৰাৰ৷ ঢকুৱাখনাত আজি যুৱ-লেখক, অসম বিজ্ঞান লেখক সংস্থাৰ সাধাৰণ সম্পাদক মানস প্ৰতিম দত্তৰ পৰিৱেশ বিষয়ক গ্ৰন্থ 'সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি'…