Browsing Category
অসম
শোণিতপুৰত ২০২২-২৩ বৰ্ষত কৃষকৰ পৰা ৩৮,৩০০ মেট্ৰিক টন ধান ক্ৰয়ৰ কৰিব চৰকাৰে
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২নবেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ অধীনত অসম চৰকাৰে বিগত বৰ্ষৰ দৰে এই বছৰো কৃষকৰ উৎপাদিত ধান উচিত মূল্যত ক্ৰয়ৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে । এই মাৰ্গ দৰ্শনেৰে ৰাজ্যত প্ৰথমবাৰৰ বাবে শোণিতপুৰ জিলা কৃষি বিভাগ, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ যৌথ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসন, APART, FCI আৰু AFCSCL সহযোগত তেজপুৰ মাজগাওঁ প্ৰশিক্ষণ কেন্দ্ৰত দিনজোৰা কৰ্মশালাৰ আয়োজন কৰা হয়। কেন্দ্ৰীয় চৰকাৰে ২০২২-২৩ বৰ্ষৰ বাবে ঘোষণা কৰা ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইন্টলত ২০৪০ টকা দৰত অসমৰ…
তিনিচুকীয়া পলিটেকনিকৰ পৰা লক্ষাধিক টকাৰ সামগ্রী চুৰি : ধৃত ২ কিশোৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২ নৱেম্বৰ : তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ শুকানপখুৰী এলেকাত নতুনকৈ স্থাপিত পলিটেকনিক শিক্ষানুষ্ঠানৰ পৰা লক্ষাধিক টকাৰ সামগ্রী চুৰি সন্দৰ্ভত মাকুম আৰক্ষীয়ে দুই কিশোৰক আটক কৰিছে ৷ জানিব পৰা মতে ৩০ অক্টোবৰৰ নিশা পলিটেকনিক শিক্ষানুষ্ঠানখনৰ পৰা ছাত্ৰ-ছাত্ৰীৰ প্ৰশিক্ষণত ব্যৱহৃত লক্ষাধিক টকাৰ সামগ্ৰী চুৰি হৈছিল ৷ এই সন্দৰ্ভত পলিটেকনিকখনৰ অধ্যক্ষৰ অভিযোগৰ ভিত্তিত মাকুম আৰক্ষীয়ে এক অভিযান চলাই শুকানপুখুৰীৰ জংঘল লাইনৰ পৰা চুৰি কাৰ্য্যৰ লগত জড়িত থকাৰ অভিযোগত দুই কিশোৰক আটক কৰে ৷ আটকাধীন কিশোৰদ্বয়ক মাকুম আৰক্ষীয়ে…
ভূৱা তথ্যৰে নিযুক্তি: তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত পাঁচ লেবৰেটৰী টেকনিচিয়ানক নিলম্বন
শতাব্দ প্ৰতিনিধি,তেজপুৰ, ২ নৱেম্বৰঃ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভুৱা তথ্যৰে নিযুক্তি লাভ কৰা পাঁচজন লেবৰেটৰী টেকনিচিয়ানক নিলম্বন কৰা হৈছে৷তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ চিকিৎসক কৰুণা হাজৰিকাই আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ,২০১৫ত মকৰল হোৱা নিযুক্তিত এই পাঁচজনৰ তথ্যৰ বিসংগতি পোহৰলৈ অহিছিল আৰু নিযুক্তিত বঞ্চিত একাংশ প্ৰাৰ্থীয়ে বিষয়টো সন্দৰ্ভত আদালতৰ কাষ চাপিছিল৷ শেহতীয়া কৈ আদালতে সমগ্ৰ বিষয়টোৰ ৰায়দান কৰে আৰু আদালতৰ ৰায়ৰ ভিত্তিত তেজপুৰ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই পাঁচজনক নিলম্বন কৰে।নিলম্বিত…
তেজপুৰত “কামৰূপীয় সনাতন ধৰ্ম মণ্ডলী” ১০৮ সংখ্যক প্ৰতিষ্ঠা দিৱস
পূৰ্বজ সকলৰ নিষ্ঠা - একাগ্ৰতাৰে বৰ্তমান প্ৰজন্মক অগ্ৰসৰ হ'বলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বীৰেন দাসৰ
জিলা উন্নয়ন আয়ুক্ত উৎপল বৰাই উদ্বোধন কৰিলে চৰকাৰৰ "দৰ্শন আঁচনি" ৰ নৱনিৰ্মিত "যাত্ৰী নিবাস"
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২ নবেম্বৰঃ তেজপুৰ চহৰৰ সামাজিক - সাংস্কৃতিক - আধ্যাত্মিক তথা ধৰ্মীয় অনুষ্ঠান "কামৰূপীয় সনাতন ধৰ্ম মণ্ডলী" ৰ ১০৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আজিৰ দিনটোত পুৱাৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মুখৰিত হৈ পৰিল ধৰ্মমণ্ডলী প্ৰাংগণ। পুৱা সভাপতি শ্ৰীমন্ত ডেকাৰ দ্বাৰা পতাকা উত্তোলন, সাধাৰণ সম্পাদক শ্যাম বৰুৱাৰ…
লখিমপুৰৰ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন
অৰুণাচলী বাহনৰ খুন্দাত বাইক আৰোহীৰ থিতাতে মৃত্যু
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ নৱেম্বৰঃ লখিমপুৰৰ নিৰ্মীয়মান বাইপাছত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ এই দুৰ্ঘটনাত এখন অৰুণাচলী তীব্ৰ বেগী বাহনৰ খুন্দাত এজন যুৱকৰ থিতাতে মৃত্যু হোৱাত এনে পৰিস্থিতি উদ্ভৱ হোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়৷ ঘটনাৰ বিৱৰণীত প্ৰকাশ যে আজি পুৱা প্ৰায় ৮.৩০ বজাত লখিমপুৰৰ নিৰ্মীয়মান বাইপাছৰ চাবতিৰ বৃন্দাবন ৰেষ্টুৰেণ্টৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গণেশ মন্দিৰ সমীপৰ পৰা ধেমাজি…
মানস প্ৰতিম দত্তৰ পৰিৱেশ বিষয়ক গ্ৰন্থ ‘সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি’ উন্মোচন
ঢকুৱাখনা, ১ নৱেম্বৰঃ প্ৰকৃতিয়ে আমাক জীয়াই থকাৰ সকলো উপাদান আৰু সম্পদেই যোগান ধৰে। কিন্তু যেতিয়াই এই উপাদানসমূহ লগাতকৈ অধিক ব্যৱহাৰ কৰি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিম তেতিয়াই প্ৰকৃতিলৈ ভাবুকি নামি আহিব। প্ৰকৃতিলৈ ভাবুকি অহা মানে মানুহৰ ভৱিষ্যতলৈ ভাবুকি অহা। মানুহৰ অবিহনে প্ৰকৃতিৰ বিশেষ কোনো অসুবিধা নহয় যদিও প্ৰকৃতিৰ অবিহনে মানুহ অস্তিত্বহীন। --এই মন্তব্য সুৰজিত বৰাৰ৷
ঢকুৱাখনাত আজি যুৱ-লেখক, অসম বিজ্ঞান লেখক সংস্থাৰ সাধাৰণ সম্পাদক মানস প্ৰতিম দত্তৰ পৰিৱেশ বিষয়ক গ্ৰন্থ 'সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি'…
নাট্যভূষণ অৰ্পণ বেজবৰুৱা গুৰুতৰ ভাবে অসুস্থ: চিকিৎসাধীন
শতাব্দ প্ৰতিনিধি ,তেজপুৰ,১নৱেম্বৰ: এক সংগ্ৰামী সত্বা হিচাপে পৰিচিত তেজপুৰ নিবাসী নাট্যভূষণ অৰ্পণ বেজবৰুৱা(৬৫)গুৰুতৰ ভাবে অসুস্থ হৈ সম্প্ৰতি তেজপুৰৰ ই এম এম নামৰ ব্যক্তিগত চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে৷কালিৰে পৰা শাৰিৰীক অৱস্থাৰ অৱনতি ঘটাত তেওঁক প্ৰথমে তেজপুৰৰ ব্যাপ্টিষ্ট মিছন হাস্পতালত চিকিৎসকে পৰীক্ষা কৰে যদিও আজি পুৱা তেওঁক ব্যক্তিগত চিকিৎসালয়খনত ভৰ্তি কৰোৱা হয়৷ একাধিক বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত নাট্য শিক্ষা আৰু নাট্য তত্ব নামৰ গ্ৰন্হৰ ৰচক বেজবৰুৱা এগৰাকী প্ৰচুৰ অধ্যয়ন পিপাসু ব্যক্তি হোৱাৰ উপৰি জাতীয় চেতনাৰ…
কমৰেড শিৱদাস ঘোষৰ জন্ম শতবাৰ্ষিকীৰ কাৰ্যসূচী : তেজপুৰত গণ সমাৱেশ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১নৱেম্বৰ: আজি তেজপুৰৰ তৰুণ অসম সংঘত এছ ইউ চি আই(কমিউনিষ্ট) দলৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত মাৰ্ক্সবাদী চিন্তানায়ক, দাৰ্শনিক, সৰ্বহাৰাৰ নেতা কমৰেড শিবদাস ঘোষৰ জন্ম শতবাৰ্ষিকী পালনৰ বছৰ জোৰা কাৰ্যসূচীৰ অংশ হিচাপে এখন সমাৱেশ অনুষ্ঠিত হয়। সমাৱেশত মুখ্য বক্তা হিচাবে উপস্থিত থাকে দলৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক তথা কেন্দ্ৰীয় কমিটিৰ সদস্য অধ্যাপিকা চন্দ্ৰলেখা দাস। আৰম্ভণিতে দিনৰ ১২ বজাত এক শোভাযাত্ৰাই চহৰৰ নানা পথ পৰিক্ৰমা কৰি সমাৱেশ থলীত সমবেত হয়।তাৰপিছত দলৰ শোণিতপুৰ জিলা কমিটিৰ সম্পাদক অজয় আচাৰ্য্যৰ…
তেজপুৰৰ হৰ্জ্জৰ পুখুৰীৰ পাৰত আঢ়ৈশ শিল্পীৰ অভিনয়ৰে প্ৰাণ পাব “লাচিত – বুৰঞ্জী লিখা তৰোৱাল”
শব্দ - পোহৰৰ মায়াজালত ঐতিহাসিক হজৰা পুখুৰী পাৰত বিশেষ শৈলীৰে মুক্তাংগণত "লাচিত - বুৰঞ্জী লিখা তৰোৱাল"
আতন বুঢ়াগোহাঁইৰ চৰিত্ৰত অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়া -জীৱন্ত হাতীত উঠি প্ৰতাপ সিংহৰ চৰিত্ৰ ৰূপায়ণ কৰিব বিধায়ক পদ্ম হাজৰিকাই
চক্ৰধ্বজ সিংহৰ ৰূপত কলাগুৰুৰ পুত্ৰ পৃথ্বিৰাজ ৰাভা
তেজপুৰৰ ঐতিহাসিক "পকী "ৰ চোতালত বিদ্বৎ সমাজৰ উপস্থিতিত সম্পন্ন হ'ল নাটমেলা
সাম্প্ৰতিক সময়ত উছৰ্গিত মনোভাৱেৰে জাতিক জগাবৰ কাৰণে প্ৰয়োজন হৈছে লাচিতৰ আদৰ্শ - প্ৰাঞ্জল শইকীয়া
নতুন প্ৰজন্মই জাতিটোক, অসমখনক ৰক্ষা কৰিবলৈ…
তেজপুৰ মাজগাওঁ প্ৰশিক্ষণ কেন্দ্ৰত কৃষকৰ মাজত উন্নত জাতৰ বীজ বিতৰণ
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১ নবেম্বৰঃ শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত তেজপুৰ মাজগাওঁ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্রীয় খাদ্য সুৰক্ষা অভিযান চমুকৈ NFSM আৰু ৰাষ্ট্রীয় কৃষি বিকাশ যোজনা ( RKVY) আঁচনিৰ অধীনত তেজপুৰ আৰু ৰঙাপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় ১৫০ গৰাকী কৃষকৰ মাজত উন্নত জাতৰ সৰিয়হ, গোমধান আৰু পিঁয়াজৰ বীজৰ লগতে উদ্যান শস্য আচঁনিৰ অধীনত উন্নত জাতৰ আমৰ পুলি বিতৰণ কৰিলে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু জিলা কৃষি বিষয়া পংকজ শইকীয়াই। অনুষ্ঠানতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত কৃষকসকলক সৰিয়হ,…
