Browsing Category
অসম
নাট্যভূষণ অৰ্পণ বেজবৰুৱা গুৰুতৰ ভাবে অসুস্থ: চিকিৎসাধীন
শতাব্দ প্ৰতিনিধি ,তেজপুৰ,১নৱেম্বৰ: এক সংগ্ৰামী সত্বা হিচাপে পৰিচিত তেজপুৰ নিবাসী নাট্যভূষণ অৰ্পণ বেজবৰুৱা(৬৫)গুৰুতৰ ভাবে অসুস্থ হৈ সম্প্ৰতি তেজপুৰৰ ই এম এম নামৰ ব্যক্তিগত চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে৷কালিৰে পৰা শাৰিৰীক অৱস্থাৰ অৱনতি ঘটাত তেওঁক প্ৰথমে তেজপুৰৰ ব্যাপ্টিষ্ট মিছন হাস্পতালত চিকিৎসকে পৰীক্ষা কৰে যদিও আজি পুৱা তেওঁক ব্যক্তিগত চিকিৎসালয়খনত ভৰ্তি কৰোৱা হয়৷ একাধিক বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত নাট্য শিক্ষা আৰু নাট্য তত্ব নামৰ গ্ৰন্হৰ ৰচক বেজবৰুৱা এগৰাকী প্ৰচুৰ অধ্যয়ন পিপাসু ব্যক্তি হোৱাৰ উপৰি জাতীয় চেতনাৰ…
কমৰেড শিৱদাস ঘোষৰ জন্ম শতবাৰ্ষিকীৰ কাৰ্যসূচী : তেজপুৰত গণ সমাৱেশ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১নৱেম্বৰ: আজি তেজপুৰৰ তৰুণ অসম সংঘত এছ ইউ চি আই(কমিউনিষ্ট) দলৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত মাৰ্ক্সবাদী চিন্তানায়ক, দাৰ্শনিক, সৰ্বহাৰাৰ নেতা কমৰেড শিবদাস ঘোষৰ জন্ম শতবাৰ্ষিকী পালনৰ বছৰ জোৰা কাৰ্যসূচীৰ অংশ হিচাপে এখন সমাৱেশ অনুষ্ঠিত হয়। সমাৱেশত মুখ্য বক্তা হিচাবে উপস্থিত থাকে দলৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক তথা কেন্দ্ৰীয় কমিটিৰ সদস্য অধ্যাপিকা চন্দ্ৰলেখা দাস। আৰম্ভণিতে দিনৰ ১২ বজাত এক শোভাযাত্ৰাই চহৰৰ নানা পথ পৰিক্ৰমা কৰি সমাৱেশ থলীত সমবেত হয়।তাৰপিছত দলৰ শোণিতপুৰ জিলা কমিটিৰ সম্পাদক অজয় আচাৰ্য্যৰ…
তেজপুৰৰ হৰ্জ্জৰ পুখুৰীৰ পাৰত আঢ়ৈশ শিল্পীৰ অভিনয়ৰে প্ৰাণ পাব “লাচিত – বুৰঞ্জী লিখা তৰোৱাল”
শব্দ - পোহৰৰ মায়াজালত ঐতিহাসিক হজৰা পুখুৰী পাৰত বিশেষ শৈলীৰে মুক্তাংগণত "লাচিত - বুৰঞ্জী লিখা তৰোৱাল"
আতন বুঢ়াগোহাঁইৰ চৰিত্ৰত অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়া -জীৱন্ত হাতীত উঠি প্ৰতাপ সিংহৰ চৰিত্ৰ ৰূপায়ণ কৰিব বিধায়ক পদ্ম হাজৰিকাই
চক্ৰধ্বজ সিংহৰ ৰূপত কলাগুৰুৰ পুত্ৰ পৃথ্বিৰাজ ৰাভা
তেজপুৰৰ ঐতিহাসিক "পকী "ৰ চোতালত বিদ্বৎ সমাজৰ উপস্থিতিত সম্পন্ন হ'ল নাটমেলা
সাম্প্ৰতিক সময়ত উছৰ্গিত মনোভাৱেৰে জাতিক জগাবৰ কাৰণে প্ৰয়োজন হৈছে লাচিতৰ আদৰ্শ - প্ৰাঞ্জল শইকীয়া
নতুন প্ৰজন্মই জাতিটোক, অসমখনক ৰক্ষা কৰিবলৈ…
তেজপুৰ মাজগাওঁ প্ৰশিক্ষণ কেন্দ্ৰত কৃষকৰ মাজত উন্নত জাতৰ বীজ বিতৰণ
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১ নবেম্বৰঃ শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত তেজপুৰ মাজগাওঁ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্রীয় খাদ্য সুৰক্ষা অভিযান চমুকৈ NFSM আৰু ৰাষ্ট্রীয় কৃষি বিকাশ যোজনা ( RKVY) আঁচনিৰ অধীনত তেজপুৰ আৰু ৰঙাপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় ১৫০ গৰাকী কৃষকৰ মাজত উন্নত জাতৰ সৰিয়হ, গোমধান আৰু পিঁয়াজৰ বীজৰ লগতে উদ্যান শস্য আচঁনিৰ অধীনত উন্নত জাতৰ আমৰ পুলি বিতৰণ কৰিলে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু জিলা কৃষি বিষয়া পংকজ শইকীয়াই। অনুষ্ঠানতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত কৃষকসকলক সৰিয়হ,…
দুই নৱেম্বৰঃ ৭৯সংখ্যক ওপজাদিনতো নাট উপহাৰ ঐশ্বৰ্য কাকতিৰ
তেজপুৰৰ পৰা মনোজ কুমাৰ শইকীয়া, ১নৱেম্বৰ:
তেজপুৰ তথা ৰাজ্যখনৰ এগৰাকী প্ৰবীন অভিনেতা,পৰিচালক তথা নাট্যকাৰ ঐশ্বৰ্য কাকতিয়ে দুই নৱেম্বৰত সম্পূৰ্ণ কৰিব জীৱনৰ ৭৯টা বছৰ৷১৯৪৩ৰ দুই নৱেম্বৰত পিতৃৰ কৰ্মস্থলী তিনিচুকীয়াৰ ৰাজআলি চাহ বাগিচাত জন্ম গ্ৰহণ কৰিছিল য’দিও শৈশৱতে তেওঁক তেজপুৰৰ খুড়াকৰ ঘৰলৈ পঠিওৱা হৈছিল পঢ়াৰ বাবে৷প্ৰায়াত তাৰানাথ কাকতি আৰু প্ৰয়াত মোহিনী কাকতিৰ পুত্ৰ ঐশ্বৰ্য কাকতিয়ে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিকৰ পাছত দৰং মহাবিদ্যালয়ত বিজ্ঞান শাখাত অধ্যয়ন কৰি স্নাতক ডিগ্ৰী অৰ্জন কৰে৷তেজপুৰৰ সাংস্কৃতিক ক্ষেত্ৰখনৰে শৈশৱৰে পৰাই জড়িত হৈ…
লখিমপুৰত চৰকাৰে ভূমি দানেৰে সংস্থাপিত কৰা ১৫৩টা পৰিয়ালৰ হাহাকাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩১ অক্টোবৰঃ সোৱণশিৰিৰ গৰাখহনীয়াত ঘৰ-মাটি হেৰুওৱা লখিমপুৰৰ ডেৰ শতাধিক পৰিয়ালৰ আজিও বিলাই বিপত্তি ওৰ নপৰিল৷ ২০০৩ চনৰ পৰা সোৱণশিৰি নদীৰ ভীমপৰা মথাউৰিত ১২ বছৰ ধৰি আশ্ৰয় গ্ৰহণ কৰাৰ পিছত বহু যুঁজ বাগৰৰ অন্তত লখিমপুৰ জিলা প্ৰশাসনে যোৱা ২০১৯ বৰ্ষত লখিমপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কাছডুবাত এই পৰিয়ালসমূহক সংস্থাপিত কৰে৷ গাইপতি ডেৰ কঠাকৈ ভূমি দানেৰে পৰিয়ালসমূহক কাছডুবাৰ পিতনি সদৃশ জলাশয়ত সংস্থাপিত কৰে যদিও এই পৰিয়ালসমূহৰ দুখ যাতনা আজিও আঁতৰ নহ’ল৷ ১৫৩টা পৰিয়ালে বসবাস কৰা এই গাঁওখনক ১নং হিন্দু গাঁও নামেৰে…
সাৱধান ! লখিমপুৰৰ এক্সিছ বেংকত গ্ৰাহকৰ অজ্ঞাতে ধন হৰলুকি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩১ অক্টোবৰঃ সাৱধান! বেংকতো সুৰক্ষিত নহয় আপোনাৰ জমা ধন৷ লখিমপুৰৰ এক্সিছ বেংকত সংঘটিত হোৱা এনে এক ঘটনাই এই কথা পোহৰলৈ আনিছে৷ লখিমপুৰৰ খেলমাটিস্থ এক্সিছ বেংকৰ পৰা এগৰাকী গ্ৰাহকৰ ধন তেওঁৰ একাউণ্টৰ পৰা হৰলুকি হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে৷ প্ৰাপ্ত খবৰ অনুসৰি লখিমপুৰৰ এক্সিছ বেংকত কাবেৰী গগৈ বৰুৱা নামৰ এগৰাকী মহিলাই কিছুদিনৰ পূৰ্বে এটা একাউণ্ট খোলে৷ পৰৱৰ্তী সময়ত বেংকটোৰ এজন কৰ্মচাৰী প্ৰাণজিৎ বৰাই মহিলাগৰাকীক ক্ৰেডিট কাৰ্ড ঘৰত গৈ দি আহে৷ তাৎপৰ্যপূৰ্ণ কথা যে মহিলাগৰাকীক একাউণ্ট খোলাৰ সময়ত নিপু মিলি নামৰ…
এম্বুলেন্সত ৰোগীৰ সলনি পানীৰ পাইপঃ ধেমাজিত সংঘটিত আজৱ কাণ্ড
শতাব্দ প্ৰতিনিধি, ধেমাজি, ৩১ অক্টোবৰ : আপুনি নিশ্চয়কৈ জানে যে এম্বুলেন্স মানেই ৰোগী কঢ়িওৱা বাহন ৷ কিন্তু এয়া কি ? ৰোগীৰ পৰিৱৰ্তে সামগ্ৰী কঢ়িয়াই মালবাহী বাহনলৈ পৰিণত কৰা হ’ল এখন এম্বুলেন্স ৷ এই কাণ্ড ধেমাজিৰ ৷ ধেমাজি অসামৰিক চিকিৎসালয়ৰ অধীক্ষকে এম্বুলেন্সত ৰোগীৰ সলনি কঢ়িয়াবলৈ দিলে দোকানৰ সামগ্ৰী ৷ নাশ্ৰুত- নাভূত কাণ্ডৰে মাহেকে-পষেকে বাতৰিৰ শিৰোনাম দখল কৰি বিতৰ্কৰ আৱৰ্তত সোমাই থকা ধেমাজি অসামৰিক চিকিৎসালয়ৰ অধীক্ষকৰ এক কাণ্ডই ধেমাজিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ৰোগী কঢ়িয়াবলৈ পৰ্যাপ্ত সুবিধা নথকা ধেমাজি অসামৰিক চিকিৎসালয়ৰ…
শোণিতপুৰত একতাৰ দৌৰৰ ফ্লেগ অফ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,৩১অক্টোবৰ : আজি "ৰাষ্ট্ৰীয় একতা দিৱস" উপলক্ষে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত ভোমোৰাগুৰিৰ নৱনিৰ্মিত দলংত একতাৰ দৌৰ আয়োজন কৰা হয়। এই একতাৰ দৌৰ আনুষ্ঠানিকভাৱে মুকলি কৰে ভাৰত চৰকাৰৰ আইন আৰু ন্যায় দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে । উল্লেখযোগ্য যে, আজি তেজপুৰ দিশৰ পৰা আৰম্ভ কৰা এই একতাৰ দৌৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ লগত তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ, নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, শোণিতপুৰৰ জিলা ক্ৰীড়া বিষয়া খনীন্দ্ৰ মুদৈ, সশস্ত্ৰ সীমা বল,অসম…
তিনিচুকীয়াত দশমবাৰৰ বাবে মণিকাঞ্চনৰ ভাওনা সমাৰোহ : আয়োজন গ্ৰন্থমেলা, আলোচনাসত্ৰৰো
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩১ অক্টোবৰ : তিনিচুকীয়াৰ অগ্ৰণী সামাজিক, সাংস্কৃতিক অনুষ্ঠান 'মণিকাঞ্চন সাংস্কৃতিক মঞ্চ'ৰ উদ্যোগত এইবাৰ সদৌ অসম ভিত্তিত দশম বার্ষিক আমন্ত্রণমূলক ভাওনা সমাৰোহ ৩ ডিচেম্বৰৰ পৰা বিস্তৃত কাৰ্য্যসূচীৰে ৯ দিনীয়াকৈ আয়োজন কৰা হৈছে ৷ সমাৰোহখন সুকলমে সম্পন্ন কৰিবলৈ ইতিমধ্যে পুলক চেতিয়াক সভাপতি আৰু জ্যোতি প্ৰসাদ দাসক সম্পাদক হিচাবে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে ৷ উল্লেখ্য যে এইবাৰ ভাওনা সমাৰোহৰ লগত সংগতি ৰাখি এখন গ্রন্থমেলা আৰু থলুৱা সামগ্রী বিপণন মেলাৰো আয়োজন কৰা হৈছে ৷ গ্রন্থমেলাত ৰাজ্যৰ…
