Browsing Category
অসম
দুই নৱেম্বৰঃ ৭৯সংখ্যক ওপজাদিনতো নাট উপহাৰ ঐশ্বৰ্য কাকতিৰ
তেজপুৰৰ পৰা মনোজ কুমাৰ শইকীয়া, ১নৱেম্বৰ:
তেজপুৰ তথা ৰাজ্যখনৰ এগৰাকী প্ৰবীন অভিনেতা,পৰিচালক তথা নাট্যকাৰ ঐশ্বৰ্য কাকতিয়ে দুই নৱেম্বৰত সম্পূৰ্ণ কৰিব জীৱনৰ ৭৯টা বছৰ৷১৯৪৩ৰ দুই নৱেম্বৰত পিতৃৰ কৰ্মস্থলী তিনিচুকীয়াৰ ৰাজআলি চাহ বাগিচাত জন্ম গ্ৰহণ কৰিছিল য’দিও শৈশৱতে তেওঁক তেজপুৰৰ খুড়াকৰ ঘৰলৈ পঠিওৱা হৈছিল পঢ়াৰ বাবে৷প্ৰায়াত তাৰানাথ কাকতি আৰু প্ৰয়াত মোহিনী কাকতিৰ পুত্ৰ ঐশ্বৰ্য কাকতিয়ে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিকৰ পাছত দৰং মহাবিদ্যালয়ত বিজ্ঞান শাখাত অধ্যয়ন কৰি স্নাতক ডিগ্ৰী অৰ্জন কৰে৷তেজপুৰৰ সাংস্কৃতিক ক্ষেত্ৰখনৰে শৈশৱৰে পৰাই জড়িত হৈ…
লখিমপুৰত চৰকাৰে ভূমি দানেৰে সংস্থাপিত কৰা ১৫৩টা পৰিয়ালৰ হাহাকাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩১ অক্টোবৰঃ সোৱণশিৰিৰ গৰাখহনীয়াত ঘৰ-মাটি হেৰুওৱা লখিমপুৰৰ ডেৰ শতাধিক পৰিয়ালৰ আজিও বিলাই বিপত্তি ওৰ নপৰিল৷ ২০০৩ চনৰ পৰা সোৱণশিৰি নদীৰ ভীমপৰা মথাউৰিত ১২ বছৰ ধৰি আশ্ৰয় গ্ৰহণ কৰাৰ পিছত বহু যুঁজ বাগৰৰ অন্তত লখিমপুৰ জিলা প্ৰশাসনে যোৱা ২০১৯ বৰ্ষত লখিমপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কাছডুবাত এই পৰিয়ালসমূহক সংস্থাপিত কৰে৷ গাইপতি ডেৰ কঠাকৈ ভূমি দানেৰে পৰিয়ালসমূহক কাছডুবাৰ পিতনি সদৃশ জলাশয়ত সংস্থাপিত কৰে যদিও এই পৰিয়ালসমূহৰ দুখ যাতনা আজিও আঁতৰ নহ’ল৷ ১৫৩টা পৰিয়ালে বসবাস কৰা এই গাঁওখনক ১নং হিন্দু গাঁও নামেৰে…
সাৱধান ! লখিমপুৰৰ এক্সিছ বেংকত গ্ৰাহকৰ অজ্ঞাতে ধন হৰলুকি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩১ অক্টোবৰঃ সাৱধান! বেংকতো সুৰক্ষিত নহয় আপোনাৰ জমা ধন৷ লখিমপুৰৰ এক্সিছ বেংকত সংঘটিত হোৱা এনে এক ঘটনাই এই কথা পোহৰলৈ আনিছে৷ লখিমপুৰৰ খেলমাটিস্থ এক্সিছ বেংকৰ পৰা এগৰাকী গ্ৰাহকৰ ধন তেওঁৰ একাউণ্টৰ পৰা হৰলুকি হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে৷ প্ৰাপ্ত খবৰ অনুসৰি লখিমপুৰৰ এক্সিছ বেংকত কাবেৰী গগৈ বৰুৱা নামৰ এগৰাকী মহিলাই কিছুদিনৰ পূৰ্বে এটা একাউণ্ট খোলে৷ পৰৱৰ্তী সময়ত বেংকটোৰ এজন কৰ্মচাৰী প্ৰাণজিৎ বৰাই মহিলাগৰাকীক ক্ৰেডিট কাৰ্ড ঘৰত গৈ দি আহে৷ তাৎপৰ্যপূৰ্ণ কথা যে মহিলাগৰাকীক একাউণ্ট খোলাৰ সময়ত নিপু মিলি নামৰ…
এম্বুলেন্সত ৰোগীৰ সলনি পানীৰ পাইপঃ ধেমাজিত সংঘটিত আজৱ কাণ্ড
শতাব্দ প্ৰতিনিধি, ধেমাজি, ৩১ অক্টোবৰ : আপুনি নিশ্চয়কৈ জানে যে এম্বুলেন্স মানেই ৰোগী কঢ়িওৱা বাহন ৷ কিন্তু এয়া কি ? ৰোগীৰ পৰিৱৰ্তে সামগ্ৰী কঢ়িয়াই মালবাহী বাহনলৈ পৰিণত কৰা হ’ল এখন এম্বুলেন্স ৷ এই কাণ্ড ধেমাজিৰ ৷ ধেমাজি অসামৰিক চিকিৎসালয়ৰ অধীক্ষকে এম্বুলেন্সত ৰোগীৰ সলনি কঢ়িয়াবলৈ দিলে দোকানৰ সামগ্ৰী ৷ নাশ্ৰুত- নাভূত কাণ্ডৰে মাহেকে-পষেকে বাতৰিৰ শিৰোনাম দখল কৰি বিতৰ্কৰ আৱৰ্তত সোমাই থকা ধেমাজি অসামৰিক চিকিৎসালয়ৰ অধীক্ষকৰ এক কাণ্ডই ধেমাজিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ৰোগী কঢ়িয়াবলৈ পৰ্যাপ্ত সুবিধা নথকা ধেমাজি অসামৰিক চিকিৎসালয়ৰ…
শোণিতপুৰত একতাৰ দৌৰৰ ফ্লেগ অফ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,৩১অক্টোবৰ : আজি "ৰাষ্ট্ৰীয় একতা দিৱস" উপলক্ষে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত ভোমোৰাগুৰিৰ নৱনিৰ্মিত দলংত একতাৰ দৌৰ আয়োজন কৰা হয়। এই একতাৰ দৌৰ আনুষ্ঠানিকভাৱে মুকলি কৰে ভাৰত চৰকাৰৰ আইন আৰু ন্যায় দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে । উল্লেখযোগ্য যে, আজি তেজপুৰ দিশৰ পৰা আৰম্ভ কৰা এই একতাৰ দৌৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ লগত তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ, নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, শোণিতপুৰৰ জিলা ক্ৰীড়া বিষয়া খনীন্দ্ৰ মুদৈ, সশস্ত্ৰ সীমা বল,অসম…
তিনিচুকীয়াত দশমবাৰৰ বাবে মণিকাঞ্চনৰ ভাওনা সমাৰোহ : আয়োজন গ্ৰন্থমেলা, আলোচনাসত্ৰৰো
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩১ অক্টোবৰ : তিনিচুকীয়াৰ অগ্ৰণী সামাজিক, সাংস্কৃতিক অনুষ্ঠান 'মণিকাঞ্চন সাংস্কৃতিক মঞ্চ'ৰ উদ্যোগত এইবাৰ সদৌ অসম ভিত্তিত দশম বার্ষিক আমন্ত্রণমূলক ভাওনা সমাৰোহ ৩ ডিচেম্বৰৰ পৰা বিস্তৃত কাৰ্য্যসূচীৰে ৯ দিনীয়াকৈ আয়োজন কৰা হৈছে ৷ সমাৰোহখন সুকলমে সম্পন্ন কৰিবলৈ ইতিমধ্যে পুলক চেতিয়াক সভাপতি আৰু জ্যোতি প্ৰসাদ দাসক সম্পাদক হিচাবে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে ৷ উল্লেখ্য যে এইবাৰ ভাওনা সমাৰোহৰ লগত সংগতি ৰাখি এখন গ্রন্থমেলা আৰু থলুৱা সামগ্রী বিপণন মেলাৰো আয়োজন কৰা হৈছে ৷ গ্রন্থমেলাত ৰাজ্যৰ…
তেজপুৰত নিপন গোস্বামী আৰু নীলপৱন বৰুৱা বিশেষ শ্ৰদ্ধাঞ্জলি
শতাব্দ প্ৰতিনিধি তেজপুৰ , ৩১ অক্টোবৰ : অসমৰ মঞ্চ আৰু বোলছবি জগতৰ অপ্ৰতিদ্বন্দ্বী মহানায়ক তথা তেজপুৰৰ সুযোগ্য সন্তান সদ্যপ্ৰয়াত নিপন গোস্বামী আৰু ৰংতুলিকাৰ মহীৰূহ, অতুলনীয় ত্যাগ আৰু প্ৰেমৰ অনন্য প্ৰতিভূস্বৰূপ প্ৰথিতযশা চিত্ৰ শিল্পী নীলপৱন বৰুৱাদেৱৰ মহাপ্ৰয়াণত তেজপুৰ আৰ্টিষ্টছ্ ফ'ৰামৰ উদ্যোগত তেজপুৰ সাহিত্য সভা ভৱনত কালি সন্ধিয়া এক গুৰুগম্ভীৰ পৰিৱেশত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হয়। তেজপুৰ আৰ্টিষ্টছ্ ফ'ৰামৰ সম্পাদক মুকুট মহন্তই আঁত ধৰা অনুষ্ঠানত তেজপুৰ সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া আৰু…
জি.এ.ই.এফ.ৰ উদ্যোগত ‘অসমত যুৱ উদ্যোগীকৰণ – সফলতা আৰু প্ৰত্যাহ্বান’ ৰ্শীষক ৱেবিনাৰ
গুৱাহাটী, ৩১ অক্টোবৰঃ গোলকীয় অসমীয়া উদ্যমিতা মঞ্চ (GAEF, http://www.gaefnortheast.org )ৰ উদ্যোগত ৩০অক্টোবৰ “অসমত যুৱ উদ্যোগীকৰণ – সফলতা আৰু প্ৰত্যাহ্বান(Youth Entrepreneurship in Assam – Successes and Challenges)” ৰ্শীষক এখন ৱেবিনাৰ অনুষ্ঠিত হয় । জি.এ.ই.এফ. আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাধাৰণ সম্পাদক অঞ্জনা বৰদলৈয়ে আঁত ধৰা ৱেবিনাৰখনত সমল ব্যক্তি আছিল- নৰ্থ ইষ্ট এগ্ৰ'প্ৰডাক্টচ্ এণ্ড চাৰ্ভিচেজ্ (বাহুবলী কণী আৰু সাঁজ)ৰ স্বত্বাধিকাৰী আকাশ জ্যোতি গগৈ আৰু বেচপক: ইণ্টেৰিয়ৰ ডিজাইনাৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক কৰিশ্মা কাকতি। এই দুইগৰাকী যুৱ…
তেজপুৰৰ বিষ্ণুজ্যোতি সোঁৱৰণী ফুটবলৰ খিতাপ অৰ্জন নগাঁৱৰ সঞ্জীৱন সমাজৰ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৩০অক্টোবৰ: তেজপুৰৰ চামধৰা চিনিয়ৰ মাদ্ৰাছা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৩৫সংখ্যক জ্যোতিবিষ্ণু ফুটবল প্ৰতিযোগিতাখনৰ তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ চূড়ান্ত খেলখনত ট্ৰাইবেকাৰ পদ্ধতিৰ সহায়ত সঞ্জীৱনে কেৰালাৰ লুক্কা চকাৰ এফ চিক ৪-৩গলৰ ব্যৱধানত পৰাভূত কৰি চূড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়৷ চাৰি সহস্ৰাধিক দৰ্শকৰ তুমুল উৎসাহৰ মাজত দুয়োটা দলেই পৰস্পৰৰ বিৰুদ্ধে বহুকেইটা সুযোগ সৃষ্টি কৰিছিল যদিও এটাও সুযোগ গললৈ পৰিণত কৰিব নোৱাৰিলে৷ দুয়োটা দলে নিৰ্দ্ধাৰিত সময়ত খেলখন গল শূন্য ভাবে সমাপ্ত হোৱাত ট্ৰাইবেকাৰৰ সহায় লোৱা হয়৷…
”ছেমখৰ” চিনেমাৰ বিৰুদ্ধে জাগিছে ডিমাছা
ডিফু,৩০ অক্টোবৰঃ অসম সাহিত্য সভাৰ, জয়ন্ত কুমাৰ- লখিমী বৰুৱা সদনত আজি ডিমাছা অধিকাৰ সুৰক্ষা কাৰ্য্যকৰী সমিতিয়ে ছেমখৰ চিনেমাখনৰ বিৰুদ্ধে এখনি অভিৱৰ্তন আয়োজন কৰে। উক্ত সভাখন সভাপতিত্ব কৰে বিশিষ্ট ডিমাচা শিল্পী পতমা বাঠাৰিয়ে (chief convenor, Dimasa Rights Protection Action Committee) আৰু আঁত ধৰে যুৱ নেতা প্ৰনব দলেই। ছেমখৰ চিনেমাখনত ডিমাচাসকলৰ সংস্কৃতিক ভুলকৈ উপস্থাপন কৰাৰ বিৰুদ্ধে এটি শক্তিশালী প্ৰতিক্ৰিয়া আৰু আন্দোলন গঢ়লৈ উঠিছে আৰু বৃহত্তৰ ডিমাচা জনগণৰ দাবীক অসম চৰকাৰে উদ্দেশ্যপ্ৰণোদিত ভাৱে মান্যতা নিদিয়াৰ গুৰুতৰ অভিযোগ…
