Browsing Category
অসম
তেজপুৰত নিপন গোস্বামী আৰু নীলপৱন বৰুৱা বিশেষ শ্ৰদ্ধাঞ্জলি
শতাব্দ প্ৰতিনিধি তেজপুৰ , ৩১ অক্টোবৰ : অসমৰ মঞ্চ আৰু বোলছবি জগতৰ অপ্ৰতিদ্বন্দ্বী মহানায়ক তথা তেজপুৰৰ সুযোগ্য সন্তান সদ্যপ্ৰয়াত নিপন গোস্বামী আৰু ৰংতুলিকাৰ মহীৰূহ, অতুলনীয় ত্যাগ আৰু প্ৰেমৰ অনন্য প্ৰতিভূস্বৰূপ প্ৰথিতযশা চিত্ৰ শিল্পী নীলপৱন বৰুৱাদেৱৰ মহাপ্ৰয়াণত তেজপুৰ আৰ্টিষ্টছ্ ফ'ৰামৰ উদ্যোগত তেজপুৰ সাহিত্য সভা ভৱনত কালি সন্ধিয়া এক গুৰুগম্ভীৰ পৰিৱেশত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হয়। তেজপুৰ আৰ্টিষ্টছ্ ফ'ৰামৰ সম্পাদক মুকুট মহন্তই আঁত ধৰা অনুষ্ঠানত তেজপুৰ সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া আৰু…
জি.এ.ই.এফ.ৰ উদ্যোগত ‘অসমত যুৱ উদ্যোগীকৰণ – সফলতা আৰু প্ৰত্যাহ্বান’ ৰ্শীষক ৱেবিনাৰ
গুৱাহাটী, ৩১ অক্টোবৰঃ গোলকীয় অসমীয়া উদ্যমিতা মঞ্চ (GAEF, http://www.gaefnortheast.org )ৰ উদ্যোগত ৩০অক্টোবৰ “অসমত যুৱ উদ্যোগীকৰণ – সফলতা আৰু প্ৰত্যাহ্বান(Youth Entrepreneurship in Assam – Successes and Challenges)” ৰ্শীষক এখন ৱেবিনাৰ অনুষ্ঠিত হয় । জি.এ.ই.এফ. আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাধাৰণ সম্পাদক অঞ্জনা বৰদলৈয়ে আঁত ধৰা ৱেবিনাৰখনত সমল ব্যক্তি আছিল- নৰ্থ ইষ্ট এগ্ৰ'প্ৰডাক্টচ্ এণ্ড চাৰ্ভিচেজ্ (বাহুবলী কণী আৰু সাঁজ)ৰ স্বত্বাধিকাৰী আকাশ জ্যোতি গগৈ আৰু বেচপক: ইণ্টেৰিয়ৰ ডিজাইনাৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক কৰিশ্মা কাকতি। এই দুইগৰাকী যুৱ…
তেজপুৰৰ বিষ্ণুজ্যোতি সোঁৱৰণী ফুটবলৰ খিতাপ অৰ্জন নগাঁৱৰ সঞ্জীৱন সমাজৰ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৩০অক্টোবৰ: তেজপুৰৰ চামধৰা চিনিয়ৰ মাদ্ৰাছা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৩৫সংখ্যক জ্যোতিবিষ্ণু ফুটবল প্ৰতিযোগিতাখনৰ তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ চূড়ান্ত খেলখনত ট্ৰাইবেকাৰ পদ্ধতিৰ সহায়ত সঞ্জীৱনে কেৰালাৰ লুক্কা চকাৰ এফ চিক ৪-৩গলৰ ব্যৱধানত পৰাভূত কৰি চূড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়৷ চাৰি সহস্ৰাধিক দৰ্শকৰ তুমুল উৎসাহৰ মাজত দুয়োটা দলেই পৰস্পৰৰ বিৰুদ্ধে বহুকেইটা সুযোগ সৃষ্টি কৰিছিল যদিও এটাও সুযোগ গললৈ পৰিণত কৰিব নোৱাৰিলে৷ দুয়োটা দলে নিৰ্দ্ধাৰিত সময়ত খেলখন গল শূন্য ভাবে সমাপ্ত হোৱাত ট্ৰাইবেকাৰৰ সহায় লোৱা হয়৷…
”ছেমখৰ” চিনেমাৰ বিৰুদ্ধে জাগিছে ডিমাছা
ডিফু,৩০ অক্টোবৰঃ অসম সাহিত্য সভাৰ, জয়ন্ত কুমাৰ- লখিমী বৰুৱা সদনত আজি ডিমাছা অধিকাৰ সুৰক্ষা কাৰ্য্যকৰী সমিতিয়ে ছেমখৰ চিনেমাখনৰ বিৰুদ্ধে এখনি অভিৱৰ্তন আয়োজন কৰে। উক্ত সভাখন সভাপতিত্ব কৰে বিশিষ্ট ডিমাচা শিল্পী পতমা বাঠাৰিয়ে (chief convenor, Dimasa Rights Protection Action Committee) আৰু আঁত ধৰে যুৱ নেতা প্ৰনব দলেই। ছেমখৰ চিনেমাখনত ডিমাচাসকলৰ সংস্কৃতিক ভুলকৈ উপস্থাপন কৰাৰ বিৰুদ্ধে এটি শক্তিশালী প্ৰতিক্ৰিয়া আৰু আন্দোলন গঢ়লৈ উঠিছে আৰু বৃহত্তৰ ডিমাচা জনগণৰ দাবীক অসম চৰকাৰে উদ্দেশ্যপ্ৰণোদিত ভাৱে মান্যতা নিদিয়াৰ গুৰুতৰ অভিযোগ…
তেজপুৰত “চিন্তামঞ্চ”ৰ কাব্যিক অনুষ্ঠানত আৰধনা কটকীৰ “অনাবৃত আকাশৰ ৰামধেনু” শীৰ্ষক কাব্য সংকলন উন্মোচন
আন শিল্পৰ দৰে কবিতায়ো মানুহক ভিতৰৰ পৰা সলনি কৰিব পাৰে - ড° ভূপেন শইকীয়াঃ কবিতাৰ শাৰীৰ মাজৰ নিৰৱতাখিনি সংস্কৃতিৰ ঘৰ হিচাপে অনুধাৱন কৰি যাব লাগিব - ভৱেশ মিশ্ৰঃ কবি সামাজিক ভাবে দায়ৱদ্ধ হ'ব লাগিব - ৰাজু বৰুৱাশতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩০ অক্টোবৰঃ কবিতাৰ মোহময়ী জগতখনত বিচৰণ কৰিবলৈ হ'লে কেৱল চকু, কাণ আৰু লিখাৰ শক্তি থাকিলেই নহ'ব এটি গভীৰ অন্তৰ্দৃষ্টিৰো প্ৰয়োজন।কবিতা সদায় সমাজ পৰিৱৰ্তনৰ আহিলা হিচাপে ব্যৱহৃত হৈ আহিছে।কবিতা হ'ল এক ভাষা শিল্প। কবিতাৰ ভাষাৰ অন্য এক জীৱন আছে বুলি আজি তেজপুৰত মন্তব্য কৰে বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ…
১৬, ১৭ ডিচেম্বৰত বিহগুৰিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষৰ সামৰণি অনুষ্ঠান
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৩০ অক্টোবৰ: কুৰি শতিকাৰ প্ৰথম দুটা দশকত অসমৰ জাতীয় জীৱনলৈ ইতিবাচক জোৱাৰ আনোতা, অসমৰ সামাজিক ৰাজনৈতিক জীৱনৰ বৰনাওখনৰ কাণ্ডাৰী তথা বিহগুৰিৰ গৌৰৱ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষৰ সামৰণি অনুষ্ঠান অহা ১৬ আৰু ১৭ ডিচেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বিহগুৰিত। যোৱা ২০ জুলাইত তেখেতৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি শতবৰ্ষৰ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠান অনুস্থিত হোৱাৰ পাছত অহা ১৬ আৰু ১৭ ডিচেম্বৰত বিহগুৰিৰ কৰ্মবীৰ চন্দ্ৰনাথ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ'ব মৃত্যু শতবৰ্ষৰ মূল কাৰ্যসূচী।…
লখিমপুৰ লীলাবাৰী বিমান বন্দৰৰ পৰা প্ৰথম উৰিল “এলায়েন্স এয়াৰ”ৰ বিমান
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৩০ অক্টোবৰ ; আজিৰে পৰা লখিমপুৰৰ লীলাবাৰী বিমানকোঠৰ পৰা চলিছে এলায়েন্স এয়াৰৰ বিমান সেৱা । উত্তৰ পূবৰ আকাশত সেয়ে একেদিনাই উৰিব ৫ খনকৈ এলায়েন্স এয়াৰৰ বিমান। উড়ান আঁচনিৰ অন্তৰ্গত লীলাবাৰী, জিৰ', শ্বিলং, ইম্ফল আৰু আইজল এই বিমানকোঠ কেইটাৰ পৰা চলাচল কৰিব এই বিমান। আজি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ৰাজ্যমন্ত্ৰী জি কে সিঙৰ সৈতে নতুন দিল্লীৰ পৰা ভাৰ্চুৱেলী লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰৰ পৰা শ্বিলং আৰু জিৰ' লৈ এই বিমান সেৱা শুভাৰম্ভ কৰে । লীলাবাৰীৰ পৰা সপ্তাহত চাৰিটা দিন শ্বিলং…
তিনিচুকীয়াত মাইক্ৰ’ফাইনেন্স উদ্গনি আৰু সকাহ আঁচনিৰ অধীনত চেক বিতৰণ মন্ত্ৰী ৰঞ্জিত দাসৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ অক্টোবৰ : তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত আজি অসম মাইক্ৰ'ফাইনেন্স উদ্গনি আৰু সকাহ আঁচনিৰ অন্তৰ্গত জিলাখনৰ নিৰ্বাচিত হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে দ্বিতীয় পৰ্যায়ৰ চেক বিতৰণ কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী তথা তিনিচুকীয়াৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷ এহেজাৰ গৰাকী মহিলা হিতাধিকাৰীক ২০ হাজাৰ টকাকৈ চেক বিতৰণ কৰা হয় । মাইক্ৰ'ফাইনেন্সৰ চেক বিতৰণ কৰি মন্ত্ৰী দাসে নিজৰ ভাষণত কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন…
শতজান সংৰক্ষণৰ বাবে বিহংগ বন্ধুৰ আবেদন
উত্তৰ লখিমপুৰ, ২৯ অক্টোবৰঃ প্ৰকৃতি সংগঠন বিহংগ বন্ধুৰ তৰফৰ পৰা আজি যুগল বৰা আৰু আক্ৰামূল ইছলামে লখিমপুৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে জিলা বন বিষয়াক শতজান পক্ষী উদ্যান সংৰক্ষণৰ বাবে এক আবেদন প্ৰদান কৰে। তাৰ লগতে কমলাবাৰী পথ বহলোৱাৰ বাবে যি সমূহ গছ কটাৰ বাবে চিন দিয়া হৈছে সেইসমূহৰ চৰাইৰ বাঁহ থকা গছবোৰক সুৰক্ষা দিয়াৰ বিষয়েও মৌখিক ভাবে আলোচনা কৰে ।
গুণাকৰ দেৱগোস্বামীক “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা” প্ৰদান
সোঁৱৰণী গ্ৰন্থ - "সব্যসাচী" উন্মোচন
অকতোভয় মানবীয় প্ৰমূল্যবোধৰ চানেকি হেমন্ত কুমাৰ বৰুৱাক চিৰস্মৰণীয় কৰি ৰখাৰ পদক্ষেপ প্ৰশংসনীয় - গুণাকৰ দেৱগোস্বামী
হেমন্ত কুমাৰ বৰুৱা তেজপুৰৰে নহয় ৰাজ্যখনৰে সম্পদ আছিল - পল্লৱ লোচন দাস
হেমন্ত কুমাৰ বৰুৱাৰ বহুমুখী প্ৰতিভাক কালে কেতিয়াও নি:শেষ কৰিব নোৱাৰে - পৃথ্বিৰাজ ৰাভাশতাব্দ প্ৰতিনিধি, তেজপুৰ , ২৯ অক্টোবৰ: মানুহক ভাল পোৱা, সমাজক ভাল পোৱা, জীৱনমুখী এগৰাকী কীৰ্তিমান ব্যক্তিক মৃত্যুৰ পিচত বৰ্ণাঢ্য ৰূপত স্মৰণ কৰাৰ পৰম্পৰা তেজপুৰৰ দৰে সুসংস্কৃতিবান মানুহৰ বাবেহে সম্ভব.। তেজপুৰ কেৱল…
