Browsing Category
অসম
শ্বাৱাৰিং হ’প’ৰ প্ৰশংসনীয় পদক্ষেপ
যোৰহাট, ২৯ অক্টোবৰঃ মানুহৰ মানসিক স্বাস্থ্যৰ প্ৰতি সজাগতা অনাৰ এক মহান উদ্দেশ্যৰে ২০২০ চনত গঢ় লৈ উঠা ‘শ্বাৱাৰিং হ’প’ শীৰ্ষক স্বেচ্চাসেৱী অনুষ্ঠানটোৱে বিগত সময়ছোৱাত কিছু প্ৰশংসনীয় কাম কৰি আহিছে৷ চলিত মাহটোত সদস্য-সদস্যাসকলে যোৰহাটত জীৱনৰ মৌলিক প্ৰয়োজনখিনিও পূৰণ কৰিব নোৱাৰা একাংশ লোকক খাদ্যৰ টোপোলা আৰু বস্ত্ৰ প্ৰদান কৰে৷ উল্লেখ্য যে বৰ্তমানৰ সমস্যাবহুল জীৱন-যাত্ৰাত মানুহ সহজেই হতাশা আদি বিভিন্ন মানসিক ৰোগত আক্ৰান্ত হ’ব লগীয়া হৈছে৷ শ্বাৱাৰিং হ’পে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক মাধ্যম যোগে বিভিন্ন ধৰণৰ মানসিক স্বাস্থ্য…
অসমৰ সাম্প্ৰতিক ধৰ্মীয় অসহিষ্ণুতাত ক্ষোভ প্ৰকাশ দেৱালয় সংঘ সহ তিনি সংগঠনৰ
শতাব্দ প্ৰতিনিধি,তেজপুৰ, ২৯ অক্টোবৰঃ অসমত আজি কিছুদিনৰ পৰা আৰম্ভ হোৱা ধৰ্মীয় অসহিষ্ণুতা আৰু এটা পন্থাই অন্য পন্থাক হেয় প্ৰতিপন্ন কৰিব বিচৰা কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম দেৱালয় সংঘৰ লগতে মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘ আৰু অসম বৈদিক ধৰ্ম আৰু সত্ৰ মহাসভাই। এক যৌথ বিবৃতিত সদৌ অসম দেৱালয় সংঘৰ সভাপতি সুৰেশ চন্দ্ৰ ভট্টাচাৰ্য, সম্পাদক প্ৰধান কৈলাস শৰ্মা, মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ কেন্দ্ৰীয় সংঘাধিকাৰ প্ৰণৱ কুমাৰ শৰ্মা, সংঘাধিকৰ্তা হৰ্ষবৰ্দ্ধন কাশ্যপ আৰু অসম বৈদিক ধৰ্ম আৰু সত্ৰ মহাসভাৰ সম্পাদক তীৰ্থৰঞ্জন গোস্বামীয়ে…
তিনিচুকীয়াৰ বাৰেকুৰিত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজিত হলৌ দিৱসৰ সামৰণি
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ অক্টোবৰ : সুদীৰ্ঘ সময় ধৰি তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলত মুক্তভাৱে বিচৰণ কৰি অহা দুষ্প্ৰাপ্য হলৌৰ বাবে বাৰেকুৰি অঞ্চলটো আজি পৰ্যটন ক্ষেত্ৰত এক পৰিচিত নাম ৷ হলৌৰ সৈতে বাৰেকুৰি অঞ্চলবাসীৰ গঢ়ি উঠা আত্মিক সম্পৰ্কই অন্য এক বৈশিষ্ট্য বহন কৰি আহিছে ৷ প্ৰতিবছৰৰ দৰে এইবাৰো বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতি আৰু তিনিচুকীয়া মহাবিদ্যালয়ৰ যৌথ উদ্যোগত তথা অসম চৰকাৰৰ পৰ্যটন বিভাগৰ তত্বাৱধান আৰু অইল ইণ্ডিয়া লিমিটেডৰ সৌজন্যত অসম মৰাণ সভা, তৰাজান ডেংকা শাখা সমিতি, তৰাজান ডেংকা সন্মিলিত যুৱ সংঘৰ লগতে বাৰেকুৰিবাসীৰ…
আনুষ্ঠানিক উদ্বোধনৰ পূৰ্বেই কলীয়াভোমোৰাৰ কাষৰ দ্বিতীয়খন দলঙৰে চলাচল আৰম্ভ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৮ অক্টোবৰঃ আনুষ্ঠানিক উদ্বোধনৰ পূৰ্বেই পহিলা নৱেম্বৰৰ পৰা তেজপুৰ-নগাঁও সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ কলীয়াভোমোৰাৰ কাষৰ দ্বিতীয়খন দলঙৰে যাতায়াত আৰম্ভ হ’ব৷ আনহাতে সেই দিনাৰ পৰাই ১৯৮৭ত মুকলি কৰা কলীয়া ভোমোৰা দলংখনৰে সকলো যাতায়ত বন্ধ হ’ব৷ আজি তেজপুৰস্হিত উপায়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত বিয়লি ৪-৩০বজাত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰি কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই৷ উল্লেখযোগ্য যে, চাৰিলেনযুক্ত পথৰ প্ৰকল্পৰ অধীনত তেজপুৰ-নগাঁও সংযোগী স্হানত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে দ্বিতীয়খন দলং৷আনহাতে যোৱা…
নিপন গোস্বামীয়ে জীৱনৰ আদিপাঠ গ্ৰহণ কৰা তেজপুৰৰ কলিবাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৮ অক্টোবৰঃ অসমীয়া চলচ্চিত্ৰ জগতৰ অবিসম্বাদী অভিনেতা নিপন গোস্বামীয়ে জীৱনৰ আদিপাঠ গ্ৰহণ কৰা, পুৰোধা শিল্পী গৰাকীৰ বাসগৃহৰ কাষৰে কলিবাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষক - শিক্ষাৰ্থীয়ে আজি বিদ্যালয়খনতে একালৰ প্ৰাক্তন ছাত্ৰ গৰাকীক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে স্মৰণ কৰে। একালৰ ছাত্ৰ গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত উপস্থিত হৈ বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰধান শিক্ষয়িত্ৰী মামণি বৰুৱা সমন্বিতে ছয়গৰাকীকৈ শিক্ষক - শিক্ষয়িত্ৰী আৰু ৯৩ গৰাকী শিক্ষাৰ্থীৰ লগতে স্থানীয়…
তিনিচুকীয়াত নিপন গোস্বামী, নীলপৱন বৰুৱালৈ শ্ৰদ্ধাঞ্জলি
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৮ অক্টোবৰ : তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা তিনিচুকীয়াৰ অন্যান্য সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ সহযোগত আজি সন্ধিয়া চিৰসেউজ অভিনেতা নিপন গোস্বামী আৰু প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱালৈ একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে এক কাৰ্য্যসূচী গ্ৰহণ কৰা হয়৷ চহৰখনৰ মাজমজিয়াৰ থানা চাৰিআলিস্থ ড° ভূপেন হাজৰিকা প্ৰতিমূৰ্তিস্থলীত আয়োজিত এই অনুষ্ঠানৰ আঁত ধৰে তিনিচুুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নয়নজ্যোতি বেজবৰুৱাই ৷ কাৰ্য্যসূচীত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদিপ বৰপাত্ৰ,…
টেমচুলা আওৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত
উত্তৰ লখিমপুৰঃ ২৮ অক্টোবৰঃ বিশিষ্ট লেখিকা, কবি তথা উ.পূ. পাৰ্বত্য বিশ্ব বিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক পদ্মশ্ৰী ড° টেমচুলা আওক আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ তৰফৰ পৰা স্মৰণ কৰা হয়। সেই অনুষ্ঠানৰ বাবে ইংৰাজী বিভাগৰ সৌজন্যত মহাবিদ্যালয়খনত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। স্মৃতিচাৰণ সভাখনিত সভাপতিত্ব কৰে ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক আৰু বিশিষ্ট স্তম্ভলেখক ছাজ্জাদ হুছেইনে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ইংৰাজী ভাষাৰ সহকাৰী অধ্যাপক ড° সত্যনাথ পেগুৱে। সভাত ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা ড° হৰিণী পাটোৱাৰী দাসে…
তেজপুৰৰ পদুমপুখুৰীৰ দলঙৰ পৰা পানীলৈ জাঁপ মহিলাৰঃ কথমপি প্ৰাণ ৰক্ষা
শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২৮অক্টোবৰ: তেজপুৰ চহৰত থকা ঐতিহ্যমণ্ডিত পদুমপুখু্ৰীৰ মাজত থকা তথা দৰ্শনাৰ্থী ফুৰিব পৰা দলংখনৰ মাজৰ পৰা আজি এগৰাকী মহিলাই পুখুৰীটোৰ পানীত জাঁপ দিয়ে৷ অৱশ্যে প্ৰত্যক্ষদৰ্শীৰ বাবে মহিলাগৰাকীৰ প্ৰাণ কোনোমতে ৰক্ষা পৰে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি তেজপুৰৰ নেপালীপট্টিৰ বাসিন্দা মহিলাগৰাকী কিছু মানসিক উদ্বিগ্নতাত ভূগি আছে৷ ইতিমধ্যে স্বামীৰ পৰা পৃথকে থকা মহিলাগৰাকীৰ বিবাহ বিচ্ছেদৰ গোচৰ আদালতত চলি থকা বুলি উল্লেখ কৰি মহিলাগৰাকীয়ে ঘৰুৱা অশান্তিৰ বাবেই তেনে পন্থা লোৱা বুলি সন্দেহ ব্যক্ত কৰে৷ উল্লেখযোগ্য যে,আজি…
নীলপৱন বৰুৱাৰ বিয়োগত তেজপুৰ আৰ্টিষ্টছ ফ’ৰামৰ শোক প্ৰকাশ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৮অক্টোবৰ: অসমৰ স্বনামধন্য চিত্ৰশিল্পী তথা অদম্য প্ৰেমিক নীলপৱন বৰুৱাৰ মহাপ্ৰয়াণত তেজপুৰ আৰ্টিষ্টছ্ ফ'ৰামৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে৷তেজপুৰ আৰ্টিষ্টছ ফ’ৰামৰ সভাপতি হৰিনাৰায়ণ দাসে গভীৰ শোক প্ৰকাশ কৰি কয় যে,দূৰন্ত প্ৰেমিক মানুহজন এগৰাকী দূৰন্ত প্ৰতিভাৰ আকৰ আছিল৷প্ৰয়াত শিল্পীজন অতি সৰলমনৰ আছিল বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে,জ্যেষ্ঠ আৰু নবীন সকলৰ প্ৰতি সদায়েই সুপৰামৰ্শ আগবঢ়োৱা অতি সংবেদনশীল শিল্পীজনৰ সমগ্ৰ জীৱন এক ব্যতিক্ৰম আছিল আৰু এনে ব্যতিক্ৰম কেৱল অতিমানৱৰ বাবেহে সম্ভৱ৷ অনুজ শিল্পীসকলক…
তেজপুৰত অহা ১২ নবেম্বৰত ৰাষ্ট্ৰীয় লোক আদালত
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ২৮ অক্টোবৰঃ ৰাষ্ট্ৰীয় লোক আদালতৰ লগত সঙ্গতি ৰাখি শোণিতপুৰ জিলা আইনসেৱা প্ৰাধিকৰণৰ সৌজন্যত অহা ১২ নবেম্বৰত শোণিতপুৰ জিলা আদালত প্ৰাঙ্গনত মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ,যান-বাহন তথা আবকাৰী গোচৰ, ফৌজদাৰী গোচৰ (Compoundable) আৰু Pre-litigation cases যেনে- বাকীজাই গোচৰ, ভূমি অধিগ্ৰহণ গোচৰ, ১০৭ ধাৰা গোচৰ, বেংক ঋণ গোচৰ, বি এচ এন এল, বিদ্যুত বিলৰ গোচৰ, শ্ৰমিক সৰ্ম্পকীয় গোচৰ ইত্যাদি গোচৰসমূহ নিষ্পত্তি কৰা হ’ব৷ উক্ত গোচৰসমূহৰ লগত জড়িত ব্যক্তিসকলে তেওঁলোকৰ নিজৰ মাজত আগতীয়াকৈ আলোচনাত বহি গোচৰ নিষ্পত্তিৰ…
