Browsing Category
অসম
তেজপুৰত “চিন্তামঞ্চ”ৰ কাব্যিক অনুষ্ঠানত আৰধনা কটকীৰ “অনাবৃত আকাশৰ ৰামধেনু” শীৰ্ষক কাব্য সংকলন উন্মোচন
আন শিল্পৰ দৰে কবিতায়ো মানুহক ভিতৰৰ পৰা সলনি কৰিব পাৰে - ড° ভূপেন শইকীয়াঃ কবিতাৰ শাৰীৰ মাজৰ নিৰৱতাখিনি সংস্কৃতিৰ ঘৰ হিচাপে অনুধাৱন কৰি যাব লাগিব - ভৱেশ মিশ্ৰঃ কবি সামাজিক ভাবে দায়ৱদ্ধ হ'ব লাগিব - ৰাজু বৰুৱাশতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩০ অক্টোবৰঃ কবিতাৰ মোহময়ী জগতখনত বিচৰণ কৰিবলৈ হ'লে কেৱল চকু, কাণ আৰু লিখাৰ শক্তি থাকিলেই নহ'ব এটি গভীৰ অন্তৰ্দৃষ্টিৰো প্ৰয়োজন।কবিতা সদায় সমাজ পৰিৱৰ্তনৰ আহিলা হিচাপে ব্যৱহৃত হৈ আহিছে।কবিতা হ'ল এক ভাষা শিল্প। কবিতাৰ ভাষাৰ অন্য এক জীৱন আছে বুলি আজি তেজপুৰত মন্তব্য কৰে বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ…
১৬, ১৭ ডিচেম্বৰত বিহগুৰিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষৰ সামৰণি অনুষ্ঠান
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৩০ অক্টোবৰ: কুৰি শতিকাৰ প্ৰথম দুটা দশকত অসমৰ জাতীয় জীৱনলৈ ইতিবাচক জোৱাৰ আনোতা, অসমৰ সামাজিক ৰাজনৈতিক জীৱনৰ বৰনাওখনৰ কাণ্ডাৰী তথা বিহগুৰিৰ গৌৰৱ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষৰ সামৰণি অনুষ্ঠান অহা ১৬ আৰু ১৭ ডিচেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বিহগুৰিত। যোৱা ২০ জুলাইত তেখেতৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি শতবৰ্ষৰ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠান অনুস্থিত হোৱাৰ পাছত অহা ১৬ আৰু ১৭ ডিচেম্বৰত বিহগুৰিৰ কৰ্মবীৰ চন্দ্ৰনাথ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ'ব মৃত্যু শতবৰ্ষৰ মূল কাৰ্যসূচী।…
লখিমপুৰ লীলাবাৰী বিমান বন্দৰৰ পৰা প্ৰথম উৰিল “এলায়েন্স এয়াৰ”ৰ বিমান
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৩০ অক্টোবৰ ; আজিৰে পৰা লখিমপুৰৰ লীলাবাৰী বিমানকোঠৰ পৰা চলিছে এলায়েন্স এয়াৰৰ বিমান সেৱা । উত্তৰ পূবৰ আকাশত সেয়ে একেদিনাই উৰিব ৫ খনকৈ এলায়েন্স এয়াৰৰ বিমান। উড়ান আঁচনিৰ অন্তৰ্গত লীলাবাৰী, জিৰ', শ্বিলং, ইম্ফল আৰু আইজল এই বিমানকোঠ কেইটাৰ পৰা চলাচল কৰিব এই বিমান। আজি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ৰাজ্যমন্ত্ৰী জি কে সিঙৰ সৈতে নতুন দিল্লীৰ পৰা ভাৰ্চুৱেলী লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰৰ পৰা শ্বিলং আৰু জিৰ' লৈ এই বিমান সেৱা শুভাৰম্ভ কৰে । লীলাবাৰীৰ পৰা সপ্তাহত চাৰিটা দিন শ্বিলং…
তিনিচুকীয়াত মাইক্ৰ’ফাইনেন্স উদ্গনি আৰু সকাহ আঁচনিৰ অধীনত চেক বিতৰণ মন্ত্ৰী ৰঞ্জিত দাসৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ অক্টোবৰ : তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত আজি অসম মাইক্ৰ'ফাইনেন্স উদ্গনি আৰু সকাহ আঁচনিৰ অন্তৰ্গত জিলাখনৰ নিৰ্বাচিত হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে দ্বিতীয় পৰ্যায়ৰ চেক বিতৰণ কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী তথা তিনিচুকীয়াৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷ এহেজাৰ গৰাকী মহিলা হিতাধিকাৰীক ২০ হাজাৰ টকাকৈ চেক বিতৰণ কৰা হয় । মাইক্ৰ'ফাইনেন্সৰ চেক বিতৰণ কৰি মন্ত্ৰী দাসে নিজৰ ভাষণত কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন…
শতজান সংৰক্ষণৰ বাবে বিহংগ বন্ধুৰ আবেদন
উত্তৰ লখিমপুৰ, ২৯ অক্টোবৰঃ প্ৰকৃতি সংগঠন বিহংগ বন্ধুৰ তৰফৰ পৰা আজি যুগল বৰা আৰু আক্ৰামূল ইছলামে লখিমপুৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে জিলা বন বিষয়াক শতজান পক্ষী উদ্যান সংৰক্ষণৰ বাবে এক আবেদন প্ৰদান কৰে। তাৰ লগতে কমলাবাৰী পথ বহলোৱাৰ বাবে যি সমূহ গছ কটাৰ বাবে চিন দিয়া হৈছে সেইসমূহৰ চৰাইৰ বাঁহ থকা গছবোৰক সুৰক্ষা দিয়াৰ বিষয়েও মৌখিক ভাবে আলোচনা কৰে ।
গুণাকৰ দেৱগোস্বামীক “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা” প্ৰদান
সোঁৱৰণী গ্ৰন্থ - "সব্যসাচী" উন্মোচন
অকতোভয় মানবীয় প্ৰমূল্যবোধৰ চানেকি হেমন্ত কুমাৰ বৰুৱাক চিৰস্মৰণীয় কৰি ৰখাৰ পদক্ষেপ প্ৰশংসনীয় - গুণাকৰ দেৱগোস্বামী
হেমন্ত কুমাৰ বৰুৱা তেজপুৰৰে নহয় ৰাজ্যখনৰে সম্পদ আছিল - পল্লৱ লোচন দাস
হেমন্ত কুমাৰ বৰুৱাৰ বহুমুখী প্ৰতিভাক কালে কেতিয়াও নি:শেষ কৰিব নোৱাৰে - পৃথ্বিৰাজ ৰাভাশতাব্দ প্ৰতিনিধি, তেজপুৰ , ২৯ অক্টোবৰ: মানুহক ভাল পোৱা, সমাজক ভাল পোৱা, জীৱনমুখী এগৰাকী কীৰ্তিমান ব্যক্তিক মৃত্যুৰ পিচত বৰ্ণাঢ্য ৰূপত স্মৰণ কৰাৰ পৰম্পৰা তেজপুৰৰ দৰে সুসংস্কৃতিবান মানুহৰ বাবেহে সম্ভব.। তেজপুৰ কেৱল…
শ্বাৱাৰিং হ’প’ৰ প্ৰশংসনীয় পদক্ষেপ
যোৰহাট, ২৯ অক্টোবৰঃ মানুহৰ মানসিক স্বাস্থ্যৰ প্ৰতি সজাগতা অনাৰ এক মহান উদ্দেশ্যৰে ২০২০ চনত গঢ় লৈ উঠা ‘শ্বাৱাৰিং হ’প’ শীৰ্ষক স্বেচ্চাসেৱী অনুষ্ঠানটোৱে বিগত সময়ছোৱাত কিছু প্ৰশংসনীয় কাম কৰি আহিছে৷ চলিত মাহটোত সদস্য-সদস্যাসকলে যোৰহাটত জীৱনৰ মৌলিক প্ৰয়োজনখিনিও পূৰণ কৰিব নোৱাৰা একাংশ লোকক খাদ্যৰ টোপোলা আৰু বস্ত্ৰ প্ৰদান কৰে৷ উল্লেখ্য যে বৰ্তমানৰ সমস্যাবহুল জীৱন-যাত্ৰাত মানুহ সহজেই হতাশা আদি বিভিন্ন মানসিক ৰোগত আক্ৰান্ত হ’ব লগীয়া হৈছে৷ শ্বাৱাৰিং হ’পে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক মাধ্যম যোগে বিভিন্ন ধৰণৰ মানসিক স্বাস্থ্য…
অসমৰ সাম্প্ৰতিক ধৰ্মীয় অসহিষ্ণুতাত ক্ষোভ প্ৰকাশ দেৱালয় সংঘ সহ তিনি সংগঠনৰ
শতাব্দ প্ৰতিনিধি,তেজপুৰ, ২৯ অক্টোবৰঃ অসমত আজি কিছুদিনৰ পৰা আৰম্ভ হোৱা ধৰ্মীয় অসহিষ্ণুতা আৰু এটা পন্থাই অন্য পন্থাক হেয় প্ৰতিপন্ন কৰিব বিচৰা কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম দেৱালয় সংঘৰ লগতে মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘ আৰু অসম বৈদিক ধৰ্ম আৰু সত্ৰ মহাসভাই। এক যৌথ বিবৃতিত সদৌ অসম দেৱালয় সংঘৰ সভাপতি সুৰেশ চন্দ্ৰ ভট্টাচাৰ্য, সম্পাদক প্ৰধান কৈলাস শৰ্মা, মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ কেন্দ্ৰীয় সংঘাধিকাৰ প্ৰণৱ কুমাৰ শৰ্মা, সংঘাধিকৰ্তা হৰ্ষবৰ্দ্ধন কাশ্যপ আৰু অসম বৈদিক ধৰ্ম আৰু সত্ৰ মহাসভাৰ সম্পাদক তীৰ্থৰঞ্জন গোস্বামীয়ে…
তিনিচুকীয়াৰ বাৰেকুৰিত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজিত হলৌ দিৱসৰ সামৰণি
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ অক্টোবৰ : সুদীৰ্ঘ সময় ধৰি তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলত মুক্তভাৱে বিচৰণ কৰি অহা দুষ্প্ৰাপ্য হলৌৰ বাবে বাৰেকুৰি অঞ্চলটো আজি পৰ্যটন ক্ষেত্ৰত এক পৰিচিত নাম ৷ হলৌৰ সৈতে বাৰেকুৰি অঞ্চলবাসীৰ গঢ়ি উঠা আত্মিক সম্পৰ্কই অন্য এক বৈশিষ্ট্য বহন কৰি আহিছে ৷ প্ৰতিবছৰৰ দৰে এইবাৰো বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতি আৰু তিনিচুকীয়া মহাবিদ্যালয়ৰ যৌথ উদ্যোগত তথা অসম চৰকাৰৰ পৰ্যটন বিভাগৰ তত্বাৱধান আৰু অইল ইণ্ডিয়া লিমিটেডৰ সৌজন্যত অসম মৰাণ সভা, তৰাজান ডেংকা শাখা সমিতি, তৰাজান ডেংকা সন্মিলিত যুৱ সংঘৰ লগতে বাৰেকুৰিবাসীৰ…
আনুষ্ঠানিক উদ্বোধনৰ পূৰ্বেই কলীয়াভোমোৰাৰ কাষৰ দ্বিতীয়খন দলঙৰে চলাচল আৰম্ভ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৮ অক্টোবৰঃ আনুষ্ঠানিক উদ্বোধনৰ পূৰ্বেই পহিলা নৱেম্বৰৰ পৰা তেজপুৰ-নগাঁও সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ কলীয়াভোমোৰাৰ কাষৰ দ্বিতীয়খন দলঙৰে যাতায়াত আৰম্ভ হ’ব৷ আনহাতে সেই দিনাৰ পৰাই ১৯৮৭ত মুকলি কৰা কলীয়া ভোমোৰা দলংখনৰে সকলো যাতায়ত বন্ধ হ’ব৷ আজি তেজপুৰস্হিত উপায়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত বিয়লি ৪-৩০বজাত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰি কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই৷ উল্লেখযোগ্য যে, চাৰিলেনযুক্ত পথৰ প্ৰকল্পৰ অধীনত তেজপুৰ-নগাঁও সংযোগী স্হানত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে দ্বিতীয়খন দলং৷আনহাতে যোৱা…
